নিকোলাছ ৰ’ৰিকৰ এখনি ছবি আৰু দেৱকান্ত বৰুৱাৰ কবিতাৰ “কিন্তু দুৱাৰ মুকলি ক’ত” সন্দৰ্ভত (আবিদ আজাদ)

(প্ৰসঙ্গ: হোমেন বৰগোহাঞিৰ “কিন্তু দুৱাৰ মুকলি ক’ত?” আমাৰ অসম; ৮ জুন ২০১৪)

ভ্ৰমিলোঁ বহুত বাট।
কিন্তু দুৱাৰ মুকলি ক’ত?
বন্ধ দেখোঁ সকলো দুৱাৰ।
দুৱাৰ মুকলি মাথোঁ অচল ছবিৰ
কিতাপ দ’মত থকা নিকোলাছ ৰ’ৰিকৰ
এখনি ছবি।

কবি দেৱকান্ত বৰুৱাই তেওঁৰ কবিতা “আমি দুৱাৰ মুকলি কৰোঁ”ত ‘নিকোলাছ ৰ’ৰিকৰ এখনি ছবি’ বুলি উল্লেখ কৰি ৰ’ৰিকৰ বিখ্যাত “And we are opening the Gates” শীৰ্ষক ছবিখনৰ কথাকে ইয়াত বুজাব বিচাৰিছে বুলি ধাৰণা হয়। কবিতাটিত ‘কিন্তু দুৱাৰ মুকলি ক’ত?’ বুলি কৰা প্ৰশ্ন আৰু ছবিখনৰ শিৰোনাম “আৰু আমি দুৱাৰখন খুলি আছোঁ”ৰ মাজত আক্ষৰিক দিখতো সম্পৰ্ক দেখা যায়। ৰ’ৰিকৰ মন-মুগ্ধকাৰী অসংখ্য চিত্তকৰ্ষক ছবি থকা সত্বেও দেৱকান্ত বৰুৱাৰ দৰে দাৰ্শনিক কবি এজনে এই বিশেষ ছবিখনত এনেকুৱা কি আৱিস্কাৰ কৰিছিল যে তাত তেওঁ বিচাৰি পাইছিল জীৱনৰ মুক্তিদায়িনী শক্তি!

নিকোলাছ ৰ’ৰিকে এই ছৱিখন আঁকিছিল আমেৰিকাত থকা সময়ছোৱাত (১৯২০-১৯২৩)। সুখ-স্বাচ্ছন্দ্য আৰু সমৃদ্ধিৰে ভৰপূৰ আমেৰিকাৰ এই সময়ছোৱাক কোৱা হয় ‘গৰ্জনময় বিশৰ দশক’ (Roaring Twenties) বা জেজ যুগ (Jazz Age) । তেতিয়া চৰম ভোগবাদ আৰু বস্তুবাদে আমেৰিকাবাসীক আচ্ছন্ন কৰি ৰাখিছিল। অৱধাৰিতভাৱে, সমান্তৰালকৈ নিৰাশাবাদ, নাস্তিকতাবাদ, হতাশা আৰু এক ৰসহীন গহীন পৰিবেশে চাৰিওফালে চানি ধৰিব আৰম্ভ কৰিছিল। আমেৰিকাৰ এজন অন্যতম শ্ৰেষ্ঠ লিখক এফ, স্কট ফ্ৰিত্জগেৰাল্ডৰ মতে সেয়া আমেৰিকাৰ এনেকুৱা এক সময় য’ত “all Gods dead, all wars fought, all faiths in man shaken.” তেনেকুৱা এক সময়তে আমেৰিকাত আগমন হৈছিল শিল্পৰ আজন্ম পূজাৰী নিকোলাছ ৰ’ৰিকৰ। তেওঁ আছিল একেধাৰে এজন লিখক, ভ্ৰমণকাৰী, অন্বেষক, দাৰ্শনিক, চিত্ৰশিল্পী আৰু সংস্কাৰক। আন মানুহে য’ত একো দেখা নাছিল তাত তেওঁ বিচাৰি পাইছিল সৌন্দৰ্যৰ ৰূপ-লাৱণ্য। তেওঁৰ কামেই আছিল হতাশা আৰু নিৰাশাৰ মাজত জীৱনী শক্তিৰ সন্ধান কৰি ফুৰা আৰু শিল্পৰ দ্বাৰা মুক্তিৰ বাট মুকলি কৰি দিয়া।

নিকোলাছৰ জীৱন-দৰ্শন নুবুজাকৈ আমি তেওঁৰ চিত্ৰকলাৰ প্ৰকৃত ৰস হয়তো পান কৰিব নোৱাৰিম। তেওঁ আছিল আক্ষৰিক অৰ্থতে এজন বিশুদ্ধ বিশ্ব নাগৰিক। কলা-সংস্কৃতিৰে সমৃদ্ধ ঐতিহাসিক চহৰ ছেন্ট পিটাৰ্ছবাৰ্গত জন্ম হোৱা ৰ’ৰিকে জ্ঞান আৰু শিল্পৰ প্ৰতি থকা তাড়নাত ভ্ৰমণ কৰি ফুৰিছিল বিশ্বৰ অনেক দেশ। সৰুৰে পৰা ভাস্কৰ্যশিল্প, চিত্ৰকলা, ধৰ্ম, দৰ্শ্ন আদিৰ প্ৰতি তেওঁৰ আছিল অগাধ টান। ইউৰোপত সিঁচৰতি হৈ থকা ঐশ্বৰ্যশীল শিল্পকলা আৰু ভাস্কৰ্যবোৰ অধ্যয়ন কৰিবলৈ ডেকা বয়সতে তেওঁ ভ্ৰমণ কৰিছিল পেৰিছ, বাৰ্লিন আদিৰ দৰে শিল্পৰে সমৃদ্ধ প্ৰসিদ্ধ চহৰবোৰ। তাৰোপৰি তেতিয়াৰ অবিভক্ত সমগ্ৰ ৰাছিয়াৰ মুঠ চল্লিছখন চহৰত শতিকাজুৰি পৰিত্যক্ত হৈ থকা অনেক প্ৰাচীণ কীৰ্তিস্তম্ভ, গীৰ্জা, দুৰ্গ, দেৱাল, স্থাপত্য আদি চলাথ কৰি আৰু সেইবোৰত খোদিত বিৰাট অৰ্থবোৰ বিচাৰি তেওঁ সমগ্ৰ বিশ্ববাসীক মানৱ সভ্যতাৰ এক নতুন পথ প্ৰদৰ্শন কৰিছিল। তেওঁ দাবী জনাইছিল যে শিল্প-ভাস্কৰ্য, প্ৰাচীন কীৰ্তিস্তম্ভ, স্থাপত্য আদি কেৱল কোনো এখন দেশৰ একচেটীয়া সম্পত্তি নহয়; সেইবোৰ সমগ্ৰ মানব জাতিৰে সম্পদ। তাক ৰক্ষা কৰাটো সমগ্ৰ মানৱজাতিৰে দায়িত্ব। প্ৰথম বিশ্বযুদ্ধৰ কাল চোৱাত অবিভক্ত ৰাছিয়াৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰাচীন শিল্প-ভাস্কৰ্যবোৰৰ সীমাহীন ক্ষয়-ক্ষতিবোৰ দেখি তেওঁৰ হৃদয় হাঁহাকাৰ কৰি উঠিছিল। বিশ্বদৰবাৰত তেওঁ দৃঢ় যুক্তি আগবঢ়াইছিল যে যুদ্ধৰ সময়ত চিকিৎসালয়ৰ দৰে জীৱন বচোৱা প্ৰতিষ্ঠানবোৰক যিদৰে ৰক্ষা কৰা হয় তেনেদৰে মানৱ সভ্যতাৰ সাক্ষী বহনকাৰী কীৰ্তিস্তম্ভবোৰকো ৰক্ষা কৰা হওঁক। শিল্প ৰক্ষাৰ স্বাৰ্থত এনেধৰণৰ অভূতপূৰ্ব চিন্তা-চৰ্চা কৰি তাক বিশ্বস্তৰত দাবী জনোৱা ইতিহাসৰ তেঁৱে প্ৰথমজন ব্যক্তি। কিন্তু সেই সময়ত দেশ সমূহ সদ্য সমাপ্ত বিশ্বযুদ্ধ আৰু তাৰ ফলত সৃষ্টি হোৱা অভাৱনীয় দুৰ্দশাৰ পৰা উদ্ধাৰ পাবলৈ ইমানেই ব্যস্ত হৈ পৰিছিল যে শিল্প, মূৰ্তি, চিত্ৰ, কীৰ্তিচিহ্ন, ভাস্কৰ্য আদিৰ দৰে বিমূৰ্ত আৰু ‘কম দৰকাৰী’ বুলি বিবেচিত বস্তুবোৰৰ সংৰক্ষণৰ প্ৰতি গুৰুত্ব দিয়াত কোনেও অগ্ৰাধিকাৰ দিব পৰা নাছিল।

ৰ’ৰিকৰ চিন্তা-ধাৰাৰ এটা ডাঙৰ বৈশিষ্ট এয়া যে তেওঁ পশ্চিমৰ জ্ঞান আৰু পূৱৰ প্ৰজ্ঞাৰ হাতত হাত ধৰি জীৱনৰ আৰু বিশ্ব-চৰাচৰৰ অৰ্থ বিচাৰ কৰিছিল। বিজ্ঞান, কলা আৰু ধৰ্মক তেওঁ ভিন ভিন ৰূপত নাচাই একেটা বৃত্তৰ পৰিধিৰ ভিতৰত ৰাখি জ্ঞান আৰু শিল্প চৰ্চা কৰিছিল। বিশ্ব-ব্ৰহ্মাণ্ড সম্পৰ্কীয় ভাৰতীয় আদিহীন-অন্তহীন দৰ্শনৰ প্ৰতি তেওঁৰ আছিল গভীৰ দূৰ্বলতা । লণ্ডনত থকা সময়চোৱাত তেওঁ বৃটিছ বৌদ্ধগুৰু খ্ৰীষ্টমাছ হামফ্ৰী আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দৰে ব্যক্তিত্বৰ সংস্পৰ্শলৈ আহিছিল। ভাৰতীয় দৰ্শনৰ প্ৰতি দুৰ্বাৰ আগ্ৰহ থকা ৰ’ৰিক আৰু ৰবীন্দ্ৰ ঠাকুৰৰ মাজৰ কথোপকথন তেনে পৰিস্থিতিত কিমান উচ্চ-স্তৰলৈ গৈছিল সেয়া অনুমান কৰা দূৰুহ! বেদান্ত আৰু বৌদ্ধ দৰ্শনৰ প্ৰতি তেওঁ ইমানেই আকৰ্ষিত হৈছিল যে প্ৰায় পাঁচ বছৰ কাল (১৯২৩-২৮) তেওঁ নিজৰ পত্নী, পুত্ৰ আৰু অন্যান্য সংগীৰ সৈতে প্ৰাশ্চ্য সভ্যতা, সংস্কৃতি আৰু দৰ্শন অধ্যয়নৰ উদ্দেশ্যে ভ্ৰমন কৰিছিল কেৰেলাৰ পৰা আৰম্ভ কৰি চিকিম, পাঞ্জাৱ, কাশ্মীৰ, লাদাখ, কাৰাকোৰম পৰ্বতমালা, ঝিনজিয়াং প্ৰদেশ, আল্টাই, মঙ্গোলিয়া, তিব্বত আৰু শেষত হিমাচল প্ৰদেশ। নৈ-নিজৰা, হাবি-জংঘল, পৰ্বত-ভৈয়াম নেওচি দক্ষিণ এছিয়াৰ পৰা মধ্য এছিয়াৰ কেন্দ্ৰ অঞ্চললৈ কৰা পাঁছ বছৰ দীঘলীয়া এই সুদীৰ্ঘ কন্টকময় অভিযান বিশ্বৰ বিখ্যাত অভিযানবোৰৰ এটা। এই অভিযানত ৰ’ৰিকে নিজৰ ভালে কেইজন সংগীক চিৰদিনলৈ হেৰুৱাব লগাও হৈছিল। মানুহৰ অদম্য ইচ্ছাশক্তি অবিহনে এনে যাত্ৰাৰ সফল সমাপ্তি কৰা বৃথা কল্পনা মাথোন। প্ৰাচ্যৰ প্ৰাচুৰ্যেৰে ভৰা সভ্যতা-সংস্কৃতি-দৰ্শনৰ প্ৰতি থকা জিজ্ঞাসাই ৰ’ৰিকৰ এই অভিযানৰ মূল চালিকা শক্তি আছিল যদিও নিযুত নিযুত বছৰ ধৰি পৃথিৱীৰ উত্থান-পতনৰ সাক্ষ্য বহন কৰি অহা স্থিতপ্ৰজ্ঞ পৰ্বতবোৰৰ প্ৰতি থকা তেওঁৰ অকুন্ঠ আসক্তিও এই অভিযানৰ আন এটা প্ৰধান অনুঘটক আছিল। পৰ্বতৰ সৌন্দৰ্যৰ প্ৰতি থকা তেওঁৰ দুৰ্বলতাৰ অজস্ৰ উদাহৰণ আমি দেখিবলৈ পাওঁ তেওঁ অঁকা চিত্ৰবোৰত। এই লেখাৰ বিষয়বস্তু- “And we are opening the Gates” নামৰ চিত্ৰখন তাৰেই এটা উদাহৰণ।

ভাৰতবৰ্ষলৈ অহাৰ পূৰ্বে নিকোলাছ ৰ’ৰিক প্ৰায় তিনিবছৰৰ বাবে আমেৰিকাত আছিল। চিকাগ’ আৰ্ট ইনষ্টিটিউটৰ নিমন্ত্ৰণ ক্ৰমে আমেৰিকালৈ যোৱাৰ তেওঁৰ প্ৰধান উদ্দেশ্য আছিল তাৰে যুৱচামৰ মাজত শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা। আৰু আনটো অন্তৰ্নিহিত উদ্দেশ্য আছিল অদূৰ ভৱিষ্যতে হ’ব লগীয়া দীঘলীয়া ভাৰত আৰু মধ্য-এছিয়া ভ্ৰমণৰ বাবে নিজকে প্ৰস্তুত কৰা। ওপৰত উল্লেখ কৰা হৈছেই যে আমেৰিকাত সেই সময়ত অতি বস্তুবাদ, ব্যক্তিবাদ আৰু ভোগবাদে গা কৰি উঠিছিল। ৰ’ৰিক আমেৰিকাত উপস্থিত হৈয়েই ভোগবাদ-বস্তুবাদে আনি দিয়া খন্তেকীয়া আনন্দৰ ঠাইত শিল্পই দিব পৰা স্থায়ী আনন্দৰ প্ৰচাৰত ক্ষীপ্ৰতাৰে লাগি গ’ল। জন্মস্থান ছেন্ট পিটাৰ্ছবাৰ্গত আহৰণ কৰা আধ্যাত্মিক জ্ঞান আৰু সুদীৰ্ঘ অভিজ্ঞতাৰ লগতে লণ্ডনত থাকোতে অধ্যয়ন কৰা ভাৰতীয় আৰু বৌদ্ধ দৰ্শনৰ আলোক সন্ধানী জ্ঞানে তেওঁক এই নতুন অভিযানত প্ৰচূৰ সহায় কৰিলে। এইটো কথা ঠিক যে, সেই সময়খিনিত আমেৰিকাৰ বেছিভাগ সাধাৰণ ৰাইজ বা যুৱচাম যদিও অতি বস্তুবাদৰ নাগপাশত আবদ্ধ আছিল, একে সময়েতে শিল্প আৰু সাহিত্যৰ ক্ষেত্ৰত একাংশ উচ্চমানৰ লিখক বা শিল্পীৰো সৃষ্টি হৈছিল। আমেৰিকাৰ কিছুমান বিখ্যাত সাহিত্যিকৰ সৃষ্টি এই সময়চোৱাতে হোৱা। বিখ্যাত ‘দ্য গ্ৰেট গেটছ্বাই’ আৰু ‘দ্য কিউৰিয়াছ কেছ অৱ বেঞ্জামিন বাটনৰ’ স্ৰষ্টা এফ, স্কট ফ্ৰিত্‌জগেৰাল্ড সেই সময়ৰ আমেৰিকাৰেই সৃষ্টি।

আমেৰিকাৰ যুৱচামক সাংস্কৃতিক আৰু আত্মিক প্ৰয়োজনৰ প্ৰতি আকৰ্ষিত কৰিবলৈ তেওঁ আশ্ৰয় ল’লে চিত্ৰকলাৰ। তেওঁ এনেকুৱা কিছুমান ছবি আঁকিব ধৰিলে য’ত তুলি ধৰা হ’ল মেচিন আৰু প্ৰযুক্তিৰ শক্তিতকৈ অধিক শক্তিশালী মন আৰু হৃদয়ৰ শক্তিক, যিয়ে জাগ্ৰত কৰে প্ৰেম, চিন্তা, আধ্যাত্মিকতা, সৃষ্টিশীলতাৰ দৰে স্থায়ী মানৱীয় প্ৰমূল্যবোৰক। ৰঙেৰে খেলা কৰা তেওঁৰ চিত্ৰৰ সংকেতবোৰে পৃথিৱী আৰু স্বৰ্গৰ মাজত এখন সাঁকো নিৰ্মাণ কৰিছিল। তেওঁৰ চিত্ৰৰ ৰহস্যঘন ৰূপকবোৰে প্ৰাশ্চ্য আৰু পাশ্চাত্যৰ মাজত থকা বিস্তীৰ্ণ ব্যৱধানক বাৰে বাৰে একাকাৰ কৰি পেলায়। “And we are opening the Gate” নামৰ ছবিখনো হৈছে তেনেকুৱা এক বাৰ্তা বহনকাৰী ছবি যাক চিত্তেৰে উপভোগ কৰিব পাৰিলে জাগতিক ‘পৃথিৱীখনক সম্পূৰ্ণ পৰিহাৰ কৰি চলিব পাৰি’।

“অপেনিংগ দ্য গেট” ছবিখন চালে দেখা যায় যে এখন উচ্চ দৃঢ় দেৱালে পৃথিৱীখনক দুটা পৃথক ভাগত ভাগ কৰিছে। দেৱালখনৰ ছাঁ পৰি তাৰ সম্মুখ ভাগটো হৈ আছে ছাঁয়াময় আৰু তাৰ খোলা গেটখনেৰে দেখা পোৱা আনটো ভাগ হৈ আছে সূৰ্যৰ আলোকত দ্বীপ্তিময়। গেটখনৰ দুয়োকাষত আৰু ওপৰ অংশত অংকিত কৰা আছে কোনোবা খ্ৰীষ্টীয় সন্তৰ প্ৰতিমূৰ্তি। এটা প্ৰকাণ্ড ঘন্টা দেৱালখনৰ একাষে ওপৰত ওলোমি আছে। খোলা গেটখনেৰে দূৰৈত পাহাৰৰ টিলাত দেখা পোৱা যায় এখন সৰু মঠ আৰু তাৰ ওচৰতে এটা ক্ষুদ্ৰ সৰোবৰ। এইবোৰৰ পৰা অনুমান কৰিব পাৰি যে দেৱালৰ পশ্চাত্‌ অংশৰ বিশাল আশ্ৰম বা মন্দিৰ প্ৰাঙ্গণখনে এক সৰগীয় বিশ্বৰ চিত্ৰ দাঙি ধৰিছে। মঠৰ চাৰিওফালে আবৰি থকা সৰু সৰু পাহাৰবোৰ উদিত সুৰ্যৰ কাঁচিয়লি পোহৰত হালধীয়া হৈ জিলিকি আছে। হালধীয়া ৰং হৈছে উৎফুল্লতা আৰু আশাবাদৰ প্ৰতীক। চিত্ৰত ই মানুহৰ জাগ্ৰত মন আৰু ধীশক্তিক সূচাইছে। আনহাতে সূৰ্যৰ বিপৰীত দিশত থকা দেৱালৰ ছাঁত আশ্ৰমৰ সন্মূখভাগ নিষ্প্ৰভ, ধূসৰ হৈ পৰি আছে। ই সূচাইছে হতাশা আৰু নিৰাশাৰে ভৰা পৃথিৱীখনক।

মন কৰিবলগীয়া যে ছবিখনত চিত্ৰকাৰ ৰ’ৰিকে আধ্যাত্মিক জগত আৰু পাৰ্থিৱ জগতক প্ৰকাণ্ড দেৱালখনেৰে দুভাগত পৃথক কৰিছে যদিও খোলা দুৱাৰখনেৰে দুয়োটা জগতক সংযোগো কৰিছে। ছবিখন চাই দৰ্শকৰ মনত বা আশ্ৰমৰ দুৱাৰৰ সন্মুখত উপস্থিত হোৱা কোনোবা পথিকৰ মনত এনেকুৱা ভাব হ’ব যে আশ্ৰমৰ ‘পবিত্ৰ দুৱাৰখন’ অতিক্ৰম কৰিব পাৰিলেই পদাৰ্পণ কৰিব পৰা যাব এখন অনন্য পৱিত্ৰ জগতত। কিন্তু ৰ’ৰিকৰ এই পৱিত্ৰ আধ্যাত্মিক জগতখন কোনো কল্পনালোকৰ নহয়। ই এই পৃথিৱীতে আছে। প্ৰয়োজন কেৱল মনৰ দুৱাৰখন মেলাৰ। চিত্ৰখনত তেওঁ এই আত্মিক জগতখন বিচাৰি পাইছে প্ৰকৃতিৰ নিৰিবিলি সৌন্দৰ্যৰ মাজত। বিশ্ব-সাহিত্যৰ ৰস চলাথ কৰি ফুৰা কবি দেৱকান্ত বৰুৱায়ো ৰ’ৰিকৰ দৰেই “ৱি আৰ অপেনিং দ্য গেটছ্‌”ৰ মুকলি দুৱাৰখনেৰেই বিচাৰি পাইছিল তেওঁ বিচাৰি ফুৰা পৃথিৱীখন।

ৰ’ৰিকৰ এনেধৰণৰ ভাববহুল বিশ্বজনীন ছবিবোৰে চৰম ভোগ-বিলাসত মত্ত আমেৰিকাবাসীৰ মনত ক’ব নোৱাৰাকৈ দস্তক দিছিল। তাৰোপৰি ৰ’ৰিকৰ ছবিবোৰে আমেৰিকাবাসীৰ আগত তেতিয়ালৈ অপৰিচিত ৰাছিয়াৰ এখন অন্য সাংস্কৃতিক-আধ্যাত্মিক ছবিও দাঙি ধৰাত সহায় কৰিছিল। এইদৰে আমেৰিকাত তিনিবছৰকাল থাকি শিল্পৰ প্ৰসাৰ কৰাৰ পাছতেই তেওঁ আৰম্ভ কৰিছিল তেওঁৰ জীৱনৰ বিখ্যাত মধ্য-এছিয়া অভিযানৰ। এই সুদীৰ্ঘ অভিযানত সংগ্ৰহ কৰা প্ৰচুৰ তথ্য, জ্ঞান আৰু অভিজ্ঞতাৰ দীৰ্ঘস্থায়ী গৱেষণা আৰু অধ্যয়নৰ বাবে তেওঁৰ প্ৰয়োজন হৈছিল এখন নিগাজী ঠাইৰ। সেই উদ্দেশ্যে হিমাচল প্ৰদেশৰ কুল্লুৰ ওচৰৰ নাগৰ নামে ঠাইত স্থাপন কৰে উৰুসৱতী হিমালয়ান ৰিছাৰ্চ ইনষ্টিটিউট। তাতেই পৰিয়ালসহ তেওঁলোক থাকিবলৈয়ো লয়। ৰ’ৰিকৰ মৃত্যুৰ পাছত তেওঁৰ পত্নী আৰু পুত্ৰদ্বয়ে প্ৰতিষ্ঠানটো চলাই নিয়ে। হিমাচল প্ৰদেশক তেওঁলোকৰ অধ্যয়ন ক্ষেত্ৰ হিচাপে নিৰ্বাচন কৰাৰ অন্তৰালত থকা উদ্দেশ্য ব্যক্ত কৰি ৰ’ৰিকে লিখিছিল- “বিজ্ঞান আৰু গৱেষণাৰ ঠাই “উৰুসৱতীখন” নিশ্চিতভাৱে পূৰ্বৰ আৰ্যৱৰ্ত সকলৰ বাসস্থান হিমালয়তে সাজিব লাগিব।… এইখনেই সেইখন ঠাই য’ত ঋক বেদৰ মহান বাণী সমূহ নিৰ্গত হৈছিল, য’ত মহাত্মা সকল বিচৰণ কৰি ফুৰিছিল, য’ৰ গহ্বৰ আৰু পৰ্বতৰ শিখৰবোৰত মানৱ জ্ঞানবোৰ পুঞ্জীভুত হৈ আছিল।”

উল্লেখযোগ্য যে ৰাছিয়ান সাংবাদিক ল্যুড্মিলা শ্বেপ’শ্নিক’ভৰ (Lyudmila Shaposhnikov) সৈতে ১৯৭৫ চনৰ ২৬ ছেপ্তম্বৰত হোৱা এটা সাক্ষাত্‌কাৰত ইন্দিৰা গান্ধীয়ে নিকোলাছ ৰ’ৰিকৰ সন্দৰ্ভত এনেদৰে কৈছিল- “ ১৯৪২ চনত মই দেউতাৰ সৈতে থকা সময়ত ৰ’ৰিক পৰিয়ালৰ সৈতে ভালে কেইদিন কটাইছিলোঁ। এটি প্ৰতিভাৱান আৰু চমকপদ পৰিয়ালৰ সৈতে পাৰ কৰা সেয়া এক স্মৰণীয় অভিজ্ঞতা য’ত পৰিয়ালৰ প্ৰতিজন সদস্যই নিজৰ নিজৰ বিষয়ত একোজন অসাধাৰণ ব্যক্তি আছিল। মোৰ মনত পৰে, নিকোলাছ ৰ’ৰিক মানুহজন আছিল এজন প্ৰশস্ত জ্ঞান আৰু জীৱন সম্পৰ্কে বিস্তৰ অভিজ্ঞতা থকা ব্যক্তি, এজন প্ৰাণৱন্ত ব্যক্তি, এজন গভীৰ অন্তৰদৃষ্টি সম্পন্ন ব্যক্তি।

তেওঁৰ পেইন্টিংবোৰ চমকপ্ৰদ আৰু নিগূঢ় অৰ্থবহ। এন. ৰ’ৰিকৰ হাতৰ পৰশত বিশালকায় প্ৰাকৃতিক হিমালয় পৰ্বত ৰহস্যময় হৈ পৰিছিল। মানুহজনৰ চাল-চলন আৰু ব্যৱহাৰ-পাতি চাই এনেকুৱা লাগিছিল যেন তেওঁ নিজেই বিশাল হিমালয়ৰ আত্মাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। তেওঁ বাগাড়ম্বৰপূৰ্ণ নাছিল, কিন্তু তেওঁৰ পৰা উদ্ভুত হোৱা নিৰাবেগ শক্তিয়ে চাৰিওকাষ ভৰাই ৰাখিছিল।

তেওঁৰ প্ৰজ্ঞা আৰু সৃজনশীল প্ৰতিভাৰ বাবে নিকোলাছ ৰ’ৰিকক আমি গভীৰ শ্ৰদ্ধা কৰোঁ। আমি ইয়াক ছোভিয়েট ইউনিয়ন আৰু ভাৰতৰ মাজৰ এক সংযোগ বুলি সমাদৰো কৰোঁ।

দেউতাৰ সৈতে তেওঁৰে হোৱা কথাবাৰ্তাৰ সময়ত মই উপস্থিত নাছিলোঁ। কিন্তু মই জানিছিলোঁ তেওঁলোকে ভাৰত আৰু ছোভিয়েট ৰাছিয়াৰ মাজত পাৰস্পৰিক সহোযোগিতা অধিক বৃদ্ধিৰ ওপৰত ভাৱ আৰু চিন্তা অভিব্যক্ত কৰিছিল। এতিয়া, ভাৰত স্বাধীন হোৱাৰ পাছত, দুয়োদেশে তাৰ বাস্তৱ ৰূপায়ন দেখিবলৈ পাইছে। আৰু আপুনি জানে যে, আজি আমাৰ দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ আৰু পাৰস্পৰিক বুজাবুজিৰ সম্পৰ্ক বিদ্যমান।”

(সংযুক্ত ছবিখন: নিকোলাছ ৰ’ৰিকৰ “And we are opening the Gate”।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক