শিশু গীত, নিচুকনি গীতৰ অন্য এখন পৃথিৱী -হিমজ্যোতি তালুকদাৰ

শিশু গীত, নিচুকনি গীতৰ অন্য এখন পৃথিৱী

-হিমজ্যোতি তালুকদাৰ

এতিয়াও মনত আছে, ঘৰৰ ডাঙৰৰ পৰা গালি খোৱৰ পাছত যদি মন বেয়া কৰি থাকোঁ সন্ধিয়া আমাৰ ঘৰৰ সন্মুখত থকা চোতালখনত বহি ওমলাবলৈ আইতাই মোৰ বাবে নিচুকনি গীত গাইছিল। আইতাই সম্পূৰ্ণ নামনি অসমৰ থলুৱা সুৰত প্ৰায়েই এটি গীত গাইছিল- “কান কাটা মলুৱা, দুই কানে দিম দলুৱা” (শব্দ বোৰ দুই এটা অলপ খেলিমেলি হ’ব পাৰে)। তেতিয়া হয়তো বয়সো সৰু আছিল, সেইকাৰণে তাৰ অৰ্থ সোধা নহ’ল। তথাপিও বুৰ গৈছিলোঁ আইতাৰ মিঠা সুৰৰ মায়াজালত। আব্দাৰ কৰোঁ আৰু এটা গোৱানা বুলি। হয়তো নিচুকনি গীত ইয়াকে কয়। সৰু সৰু কোমল মনবোৰত এখন আচৰিত পৃথিৱীৰ সৃষ্টি কৰে যি, যিখন পৃথিৱীত আমি কথা পাতিছিলোঁ আৰু উমলি-জামলি ফুৰিছিলোঁ জোন, তৰা, আকাশ, বতাহ, পখিলা, চৰাইৰ সৈতে। অসমীয়া সমাজ জীৱনতো নিচুকনি গীতৰ এক বিশেষ স্থান আছে। নিচুকনি গীতৰ মূল বৈশিষ্টই হ’ল কল্পনাপ্ৰৱন শিশুসকলক এখন কাল্পনিক পৃথিৱীৰ লগত চিনাকি কৰাই দিয়া। বাস্তৱ-অবাস্তৱ আদি শব্দবোৰ শিশু মনে ঢুকি নাপায়। শিশু মনত জোনবাই এটা উপগ্ৰহ নহয়, শিশুৰ মনত জোনবাইৰ এটায়েই পৰিচয়- “জোনবায়ে মোনা চিলাবলৈ বেজী দিয়ে”। প্ৰচলিত অসমীয়া নিচুকনি গীতসমূহৰ ভিতৰত “অ ফুল অ ফুল নুফুল কিয়”,”শিয়ালী এ নাহিবি ৰাতি, তোৰে কান কাটি লগামে বাটি”,”আমাৰে মইনা শুব এ” আদি বহুল প্ৰচাৰিত নিচুকনি গীত। এই থলুৱা নিচুকনি গীতসমূহ পাছলৈ ওলায় আহে গীতৰ ৰূপত।

নিচুকনি গীতসমুহৰ দৰেই অসমীয়া সংগীতজগতত শিশু গীতসমূহেও এক মুখ্য ভূমিকা গ্ৰহণ কৰিছিল, কিন্তু প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত বহুতো গীত হয়তো হেৰাই গ’ল। অসমীয়া সঙ্গীত জগতৰ স্বনামধন্য সংগীত শিল্পী সকলৰ হাতত শিশু গীতসমূহে যেন প্ৰাণ পাই উঠিছিল। ড: ভূপেন হাজৰিকাৰ ‘ৰং কিনিবা কোনে, খগেন মহন্তৰ ‘বাঁহৰ মুঢ়া বগৰীৰ গুড়া’, ‘এখন দেশত এক ৰজা আছিল,  মিত্ৰদেৱ মহন্তৰ ‘অ’ কুলি অ’ কুলি কু কু কু বুলি আকৌ এবাৰ মাত’ , লক্ষ্যহীৰা দাসৰ ‘ ডালিম অই ডালিম আমালৈ আনিছা কি’, ‘অ’ ফুল অ’ ফুল নুফুল কিয়’ পাৰ্বতী প্ৰসাদ বৰুৱাৰ ‘অ’ চিত পখিলি কচোন ক’ত পায় সৰু পাখি দুখিলি’, ৰুদ্ৰ বৰুৱাৰ ‘অ’ তুলতুল, অ’  বুলবুল’, পৰাগধৰ চলিহাৰ ‘আমি পোহৰ বিচাৰি যাওঁ, কমলানন্দ ভট্টাচাৰ্যৰ ‘কিয় ৰৈ ৰৈ কেতেকী বিনাৱ’, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘আগবাৰীত ফুলিলে সোনে মোৰ চম্পা’,  ‘বনৰীয়া আমি বনৰ চৰাই’,  বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘উৰাজাহাজৰ দুখন পাখি’ আদি প্ৰতিটো গীতেই শিশুক লৈ যায় এখন অন্য পৃথিৱীলৈ। প্ৰতিটো গীতেই সহজ সৰল শিশু মনক প্ৰদান কৰে এক অনাবিল আনন্দ।

শিশু সাহিত্যৰ দৰে অসমীয়া শিশুকেন্দ্ৰিক গীতসমূহো অসমীয়া সংস্কৃতিত এক প্ৰকাৰ এলাগী বুলিয়েই ক’ব পাৰি। যেনেদৰে অসমীয়া শিশু সাহিত্যৰ প্ৰসাৰৰ অভাৱত বৰ্তমান অসমৰ শিশুসকল অসমৰ বাহিৰৰ শিশু সাহিত্য, কমিক্‌ছ, কাৰ্টুন চৰিত্ৰ আদিৰ লগতহে খুউব ভাল সম্পৰ্ক ৰাখে, ঠিক সেইদৰে অসমৰ থলুৱা শিশু গীত-মাতৰ প্ৰসাৰৰ অভাৱৰ বাবেই আমি আশ্ৰয় ল’বলগীয়া হয় পাশ্চাত্য ইংৰাজী শিশু গীত সমূহৰ ওপৰত। সেই তাহানিতে ৰচনা কৰা শিশুগীত সমূহেই এতিয়া আমাৰ শিশু গীতিসাহিত্যৰ পৰিচয়। বৰ্তমানৰ অসমৰ সংগীত জগতখনত শিশু গীতৰ নাই কোনো স্থান, অথবা অদূৰ ভৱিষ্যতেও তেনে কোনো পৰিকল্পনাৰ পোহৰ আমি দেখা পোৱা নাই। হ’লেও সেয়া হ’ব এপাচি শাকত এটা জালুকৰ লেখীয়া যিটো দূৰ্ভাগ্যজনক!
তলত কেইটিমান জনপ্ৰিয় শিশুগীতৰ কথা আগবঢ়োৱা হ’ল :

(পাৰ্বতি প্রসাদ বৰুৱা)

অ’ চিত পখিলি

কচোন ক’ত পাই

সৰু পাখি দুখিলি ?

কোন দূৰ-দূৰণিত

পাৰিজাত ফুলনিত

আঁৰে আৰেঁ উৰি তই

কি ছবি দেখিলি ?

পোহৰৰ গুণ গাই

ফুটুকাৰ মৌ খাই

তোৰ দৰে ঘূৰি ঘূৰি

উৰিবৰ মন যায় ।

ৰ’দালিয়ে বীণ বায়

জিলিয়ে জুৰণি গায়

চেৱে চেৱে  নাচি তই

কি সুৰ শিকিলি ?

 

 

(ৰুদ্র বৰুৱা)

অ’ তুলতুল অ’ বুলবুল

অ’ সেউতী তৰা

লুকা-ভাকু ভাল নালাগে

খেল কইনা দৰা ।

তুলতুল আমাৰ কইনা হওক

বুলবুল হওক দৰা

মই নামতী নাম লগাই দিওঁ

দৰাঘৰীয়াক  যোৰা

অ’ সেউতী ই দৰা মাক

ঘট-টেকেলী ধৰা ।

কোৰোকাৰে দুৰলীতে

চাউল হব বালি

কচু পাতত শলাকানি

সেয়ে হ’ব চাকি

পানী-পচাত পানী তুলিম

দুৰণিৰ ঘাট গড়া ।

পাতাবাহাৰ পাত আনি

বেই খনি ল’ম সাজি

মিছা-মিছি হালধিৰে

দুইকো নোৱাম আমি

তৰাই ল’ব তুলতুলক

সেউতীয়ে বুলবুলক

দাঙি আনি বহুৱাম

বেই তলৰ পৰা ।

 

 

(মিত্রদেৱ মহন্ত)

অ’ কুলি!অ’ কুলি! কুউ-কুউ-কুউ বুলি

আকৌ এবাৰ মাত,কুলি! আকৌ এবাৰ মাত,

নাকত যদি ধৰে লাজে

নাচাওঁ মই পাতৰ মাজে

ঢাকি তই ক’লা গাটি, লৈ কুঁহিপাত ।।

কুলি! লৈ কুঁহিপাত ।

 

কোনে ক’লে বিহুৰ কথা-কোনে দিলে জান,

লৈ আহিছ শিঙৰ পেঁপা, মৌ বৰষা গান,

ওচৰ চাপিল চ’তৰ বিহু

বাৰীত ফুলিল ছিঁৰাল-তিহুঁ

মলিয়ালে বাৰীৰ আম কোমল কোমল কুঁহিপাত ।।

কুলি! কোমল কোমল পাত ।

 

ৰৈ যা কুলি! মোৰে শপত, আৰু দুমাহ মান

নৈয়ে নৈয়ে উঠক নাচি দোকোল-টকা বান;

আম পকক্ যাবি লৈ

কঁঠাল পকক্ যাবি লৈ

কোন মুখে ঘূৰি যাবি লৈ শুদা হাত ।।

কুলি লৈ শুদা হাত ?

কুউ-কুউ-কুউ বুলি আকৌ এবাৰ মাত

 

 

(পৰাগধৰ চলিহা)

পোহৰ বিচাৰি যাওঁ

পোহৰ বিচাৰি যাওঁ

আন্ধাৰৰ কাল যৱনিকা ভেদি

সিপাৰে কি আছে চাওঁ ।।

পোহৰ বিচাৰি যাওঁ ।

দীনতা হীনতা ভুল ভেদ ৰাশি

দুৰতে বিদূৰি

আন্ধাৰ কূপৰ যত কীটৰাজি

সবাকে বিনাশি

নতুন যুগৰ মানুহ আমাৰ

নতুন শকতি

এই ধৰাতেই সজাই তুলিম

সৰগ ফুলনি

গাওঁ সুখগীতি গাওঁ

অচিন বাটৰ বাটৰুৱা আমি

যাওঁ আগবাঢ়ি যাওঁ

ভয় আশংকা নকৰো সমূলি

বিপদ বিঘিনি সকলো নেওচি

যাওঁ আগবাঢ়ি যাওঁ

পোহৰ বিচাৰি যাওঁ ।

দূৰণিত সৌৱা জিলিকিছে চোৱা

ৰিণিকি ৰিণিকি

জয়দেউলৰ জেউতি চৰাই

সোণৰ কলচী

আহা আগবাঢ়ি যাওঁ

আন্ধাৰৰ কাল যৱনিকা ভেদি

সিপাৰে কি আছে চাওঁ

পোহৰ বিচাৰি যাওঁ ।

 

 

(কমলানন্দ ভট্টাচাৰ্য)

কিয় ৰৈ ৰৈ কেতেকী বিনাঅ’

অমাতৰ মাত

তোৰে সমনীয়া লগ চেমনীয়া

আহ উৰণীয়া মেলি দিও হাত

ৰ’দে বৰষুণে দুখ পাবি তাত ।।

 

জোনবাই ধৰি দিম

সখি পাতি ওমলিম

শিতানতে শুব দিম সোণৰ সঁজাত ।

চেনেহৰ চুমা দিম পাখি হেঙুলীয়া গাত ।

 

 

(গগন চন্দ্র অধিকাৰী)

ৰ’দালি এ, ৰ’দ একণ দে,

মেঘবোৰ আঁতৰাই

বেলিটোক উলিয়াই

ৰ’দ একণ দে,

আকাশৰ মেঘ বোৰ, ক’ৰবালে নে ।।

কিন্ কিন্ কিন্ কিন্

বৰষিছে ৰাতি-দিন

কেনেবা লাগিছে মন

হ’ব আৰু দে,

সাৰি-পুচি মেঘ বোৰ ক’ৰবালে নে ।।

আমাৰেনো কেউফালে

চাচোন চা, ছেঃ

বোকাপানী লেটিপেটি

কিযে মহা দুৰ্গতি

ৰ’দালি এ…

 

 

(জ্যোতিপ্রসাদ আগৰৱালা)

আগবাৰীত ফুলিলে

সোণে মোৰ চম্পা

সেউতী মালতী

সোণে মোৰ চম্পা ।

গোন্ধৰ গুটিমালী

ৰঙাকৈ ৰেৱতী

আমোলে মোলে ঐ

সোণে মোৰ চম্পা ।

সোণৰে পখিলা

ৰূপৰে পখিলা

ফুলনি জিলিকি উৰে মোৰ

সোণে মোৰ চম্পা ।

ক’ৰে বনৰীয়া

ফুটুকা ধুনীয়া

চৰায়ে বিনালে

অময়া সুৰৰে

সোণে মোৰ চম্পা

 

 

(বীনা বৰুৱা)

উৰা জাহাজৰ দুখন পাখি

চৰাইবোৰৰ দৰে

মানুহ তুলি পলকতে

আকাশলৈ উৰা মাৰে ।

 

নাওখনি চোন হাঁহৰ দৰে

পানীত ভাহি থাকে,

মানুহ-দুনুহ বয়-বস্তু

পানীৰে কঢ়িয়াই নিয়ে ।

 

মটৰ-গাড়ী চাৰিঠেঙীয়া

গৰু-ছাগলীৰ দৰে,

পেঁ পেঁ কৰি পেঁপা বজাই

মানুহ তুলি ফুৰে ।

 

ৰেল গাড়ী যায় চিৰিৰে বগাই

কেৰেলুৱাৰ দৰে,

দবাৰ পেটত ক’ত যে মানুহ

ভিন্ ভিন্ কাম কৰে

 

 

(জ্যোতিপ্রসাদ আগৰৱালা)

 

বনৰীয়া  আমি বনৰ চৰাই

বনে বনে ফুৰোঁ অনাই বনাই

অনাই বনাই আমি

অনাই বনাই আমি

অনাই বনাই অ’ অনাই বনাই

উ-উ-উ-উ-উ-উ,উ-উ,উ ।

 

ভৈয়ামৰ মইনা তই পোহনীয়া পখী

বনৰীয়া মইনাৰে পতালিহি সখী,

ঘৰৰ কথা আমি বনত পাতিম

বনৰ কথা আমি ঘৰত পাতি

পৰ্বতৰ বননি ফুৰিম বগাই

অনাই বনাই আমি

অনাই বনাই আমি

অনাই বনাই অ’ অনাই বনাই

 

 

(নিৰ্মলপ্রভা বৰদলৈ)

অ’ ফুল অ’ ফুল নুফুল কিয় ?

বগলী এ সবাহলৈ  নগ’লি কিয় ?

অ’মা- দিন-ৰাতি ধৰি গছ বোৰে বাৰু

থিয় হৈ থাকে কিয় ?

নবহে নোশোৱে একোকে নকৰে

কথাকো নাপাতে কিয় ?

 

ফুল বোৰে মাথোঁ মূৰ দুপিয়াই

ঠেঁহ যেন লাগিছে তাক বুজা যায়,

সিহঁতৰ মাকেনো ঠেঁহ নাভাঙেহি কিয় ?

নবহে-নোশোৱে একোকে নকৰে,

কথাকো নাপাতে কিয় ?

 

পেহী অ’ পেহা, আমলখি কেঁহা,

টেকেলীপেটা গোবিন্দাই

জাল বাওঁগৈ আহা বান্ধৈ

জাল বাওঁগৈ আহা

আহা আহা আহাঁ, খেলো আমি আহা

বননিতে বহা,

অ’ খেলো আমি আহা কি ?

অলং দলং পৰিছে, ৰজা-ৰাণী আহিছে

কপৌ কুউ কুউ কুউ

 

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অনুভৱ
5 years ago

সৰুতে পঢ়িছিলো ৷ বৰ ভাল লাগিল

Anonymous
4 years ago

ধন্যবাদ,mp3কেইটা পোৱা হলে আৰু ভাল লাগিল হেতেন।

Anonymous
1 year ago

এই কবিতাবোৰ পঢ়িলে এতিয়াও মনটো লৰালিলৈ উৰা মাৰে |