Niftyৰ বাহুবলী ১৫ টা ষ্ট’ক ( Stock/ Share ) – ভাস্কৰজ্যোতি গৌৰাত্ৰ

১৯৯৫ চনৰ নৱেম্বৰ মাহত Niftyৰ সূচাংক আছিল মাত্ৰ ১০০০ আৰু এই সপ্তাহত Niftyৰ সূচাংকই ১০,০০০ ৰ সীমা অতিক্ৰম কৰিলে৷ Niftyৰ এই জয়যাত্ৰাত আৰম্ভণিৰ পৰাই বিশেষ ১৫ টা ষ্ট’কে সফল অংশীদাৰ ৰূপে প্ৰতিপন্ন কৰিলে৷ কোম্পানীবোৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি Nifty-50 ত ষ্ট’কবোৰ সালসলনি হৈ থাকে, ভালবোৰ বৰ্তি থাকে আৰু পাৰদৰ্শিতা নথকাবোৰ বাহিৰ হয়৷ এক কথাত, Nifty-50 হ’ল শ্ৰেষ্ঠতম ৫০ টা ষ্ট’ক, য’ত মুঠ ১২ টা খণ্ডৰ শ্ৰেষ্ঠতম কোম্পানীবোৰ আছে৷ যিকোনো এটা ষ্ট’ক সুদীৰ্ঘ ২২ বছৰ ধৰি Nifty-50ত টিকি থকা সহজ কথা নহয়৷
Niftyৰ এই ১৫ টা বাহুবলী ষ্ট’ক হ’ল ACC, Ambuja Cements, Bajaj Auto, HDFC Bank, Hindalco Industries, HUL, HDFC, ICICI Bank, ITC, L&T, RIL, SBI, Tata Motors, Tata Power আৰু Tata Steel৷
এই ষ্ট’ককেইটাই সময়ৰ পৰীক্ষাত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিছে আৰু দালাল ষ্ট্ৰীটৰ শ্ৰেষ্ঠ ষ্ট’ক হিচাপে স্থান অটুট ৰাখিছে৷ এইকেইটা ষ্ট’ক যিকোনো বিনিয়োগকাৰীয়েই কিনা উচিত৷ যদিহে বৰ্তমান আপোনাৰ বয়স ৩০ৰ ওচৰৰ আৰু আপুনি অৱসৰৰ পিছত শংকামুক্ত জীৱনৰ কথা চিন্তা কৰিছে, তেন্তে এই ১৫ টা ষ্ট’ক আপোনাৰ বাবে একেবাৰেই সঠিক নিৰ্বাচন৷ এবাৰ কিনক আৰু অৱসৰৰ সময়লৈকে পাহৰি থাকক৷ যদিহে আপুনি দীৰ্ঘকালৰ বাবে (ধৰক ১৫-২০ বছৰ) বিনিয়োগ কৰিব বিচাৰে তেন্তে, আপোনাৰ পৰ্টফ’লিঅ’ত SBI, ICICI Bank, ITC, L&T, Reliance Industries, Tata Motors, Tata Steel আৰু HULৰ ষ্ট’ক থকাই উচিত, কাৰণ এই ষ্ট’ক কেইটা মৌলিকভাৱে যথেষ্ট শক্তিশালী আৰু ইহঁতৰ পৰিচালন ব্যৱস্থাপনা অতি উত্তম পৰ্যায়ৰ৷
বিগত ২১ বছৰত Niftyৰ সূচাংকই বিনিয়োগকাৰীক ১০ গুণতকৈও অধিক লাভ দিছে৷ বিশেষকৈ এই ১৫ টা ষ্ট’কে ২০০৮ ৰ অৰ্থনৈতিক সংকটৰ সময়তো ইহঁতৰ উৎকৃষ্ট পৰিচালন দক্ষতাৰ বাবে প্ৰতিকূলতাক নেওচি বিনিয়োগকাৰীৰ বিশ্বাস আদায় কৰিবলৈ সমৰ্থ হৈছে৷ বৰ্তমান বজাৰৰ উৰ্ধগামী অৱস্থাত ইয়াৰ কেইটামান ষ্ট’কে ইয়াৰ শীৰ্ষতম অৱস্থাত উপনীত হৈছে৷
এই কেইটা ষ্ট’ক আপোনাৰ পৰ্টফ’লিঅ’ত এই কাৰণেই থকা উচিত যে বজাৰ নমাৰ সময়তো এইকেইটা ষ্ট’কে আপোনাৰ মূলধন সুৰক্ষিত কৰি ৰাখিব৷ অতীতৰ তথ্যৰ পৰা দেখা গৈছে, বজাৰ নমাৰ সময়তো এই ষ্ট’ককেইটাৰ নিম্নগামী হোৱাৰ প্ৰৱণতা কম আৰু বিনিয়োগকাৰীক লোকচানৰ পৰা ৰক্ষা কৰে৷
যদিহে আপুনি দীৰ্ঘম্যাদী বিনিয়োগ কৰিব বিচাৰে, তেন্তে আপোনাৰ পৰ্টফ’লিঅ’ত উৎকৃষ্ট মানসম্পন্ন ষ্ট’ক থকা প্ৰয়োজন, ভৱিষ্যতে যিবোৰ ব্যৱসায়ৰ বৃদ্ধি আৰু প্ৰসাৰ ঘটাৰ সম্ভাৱনা অধিক৷
উপৰোক্ত ষ্ট’কসমূহ পোনপটীয়াভাৱে ভাৰতৰ অৰ্থনীতিৰ লগত জড়িত৷ বিশেষজ্ঞসকলৰ মতে এই ষ্ট’কসমূহে মুদ্ৰাস্ফীতিৰ লগত সংগতি ৰাখি বিনিয়োগকাৰীক বছৰৰ পিছত বছৰ ধৰি অধিক লাভ দিব৷ এই কোম্পানীবোৰৰ ব্যৱসায়ৰ মাত্ৰা আৰু আৰ্হিৰ বাবেই ইহঁতক দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে নিৰ্বাচন কৰা হৈছে৷ বিশাল জনতাৰ মৌলিক প্ৰয়োজনসমূহ পূৰোৱাৰ ক্ষেত্ৰত
এই কোম্পানীবোৰে মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে৷ মানুহৰ মৌলিক প্ৰয়োজনবোৰ কেতিয়াও সলনি নহয়৷ সেইবাবেই বৰ্তমান সময়তো এই কোম্পানীৰ ষ্ট’ক সমূহত বিনিয়োগৰ বাবে উপযুক্ত৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!