কবি নীলমণি ফুকন দেৱৰ কবিতাৰ বিষয়ে এক চমু আলোকপাত – (ইন্দ্ৰনীল গায়ন)

(কাব্য সাহিত্য বিশেষ)

কবি নীলমণি ফুকন দেৱৰ কবিতাৰ বিষয়ে এক চমু আলোকপাত
– ইন্দ্ৰনীল গায়ন

কবি নীলমণি ফুকনদেৱে তেওঁৰ স্বনিৰ্বাচিত কাব্যগ্ৰন্থ “কবিতা” (১৯৮০)ৰ কাৰণে ১৯৮১ চনত সাহিত্য অকাডেমী বঁটা অৰ্জন কৰি তেওঁৰ কাব্য প্ৰতিভা সৰ্বভাৰতত প্ৰতিষ্ঠা কৰিলে। তেওঁ এই পুৰষ্কাৰ পোৱাৰ সময়ত মনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল এনেদৰে -“কাব্যৰ সাধাৰণ পঢ়ুৱৈ হিচাপে মোৰ কাব্যৰ সীমাবদ্ধতাৰ প্ৰতি মই সচেতন। খুব বেছি বাতৰি কাকতত মোৰ নামটো প্ৰচাৰ হ’ব। মানুহে জানিব এই নামেৰে এজন লোক আছে।” “কবিতা” তেওঁৰ কবি জীৱনৰ উল্লেখযোগ্য স্বাক্ষৰ। ১৯৭৫ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত ৰচনা কৰা কবিতাসমূহ ইয়াত সন্নিৱিষ্ট হৈ আছে। নীলমণি ফুকনদেৱৰ কবিতাত ব্যৱহাৰ হোৱা উপমা, চিত্ৰকল্প আৰু প্ৰতীকৰ ব্যৱহাৰত কবিগৰাকীৰ গভীৰ অধ্যয়নশীল মনৰ নিদৰ্শন পোৱা যায়।
তেখেতৰ কবিতাৰ কেইটিমান নিদৰ্শন তলত উদ্ধৃত কৰা হ’ল:
 
(১)
“ওখ ওখ এজাৰ গছৰ ছাঁত
মূৰ্ছা গৈ পৰি আছে
মোৰ শৈশৱ”
……..
“মূৰৰ ওপৰৰ সূৰ্য্যলৈ মুখ কৰি
থিয় দি আছে.
এজন নিঃসংগ মানুহ”  (তেজ)
 
(২)
ৰাতিৰ বৃন্দাবনৰ মাজেৰে
গৈ আছোঁ
জোনাকত ছাঁ এটা হৈ তিৰোতা এজনী
মোৰ লগে লগে গৈ আছে
তাই চিঞৰিবলৈ বিচাৰিছে
চিঞৰিব নোৱাৰে
তাই কান্দিবলৈ বিচাৰিছে
তাই তোমালোক প্ৰেমিকবোৰক বিচাৰিছে” (ৰাতিৰ বৃন্দাবনৰ মাজেৰে)
 
(৩)
“শব্দৰ শংখ
সেই ৰহস্য
নিৰ্জন আৰ্তি
সেই ৰহস্য
অহৰহ মই সেই আৱহমান ৰহস্যৰ অনুসন্ধান কৰোঁ” (সেই ৰহস্য নীল ধতুৰা)
 
(৪)
চৰাইৰ গান
তেজৰ টোপাল
প্ৰতিটো ফুল
নীৰৱ চকুলো (আচ্ছাদিত দুখ)
 
(৫)
তেওঁৰ গানৰ প্ৰতিটো জোন আৰু বেলি
প্ৰতিজোপা জোপোহা ৰঙা ফলৰ গছ (এটা নীল উপলব্ধি)
 
কবি নীলমণি ফুকন দেৱৰ কবিতাবোৰৰ আন এটা  বৈশিষ্ট্যপূৰ্ণ দিশ হ’ল গভীৰ পৰ্যবেক্ষণ, সেইবাবে প্ৰায়বোৰ কবিতাতেই প্ৰকৃতিৰ এখন সুন্দৰ ছবি প্ৰতিফলিত হোৱা দেখা যায়, তেওঁ কবিতাৰ মাজেৰে অনুসন্ধান কৰে- জীৱন, যৌৱন, প্ৰেম, আনন্দ, বিশ্বৰ চৰাচৰ ৰহস্য, প্ৰকৃতি, আদিৰ লগতে আৰু বিভিন্ন বিষয় উপস্থাপন কৰে শব্দৰ জৰিয়তে। লগতে তেখেতৰ কবিতাৰ উপমা, চিত্ৰকল্প আৰু প্ৰতীকী ব্যৱহাৰে অসমীয়া কাব্য সাহিত্যত এক সুকীয়া পৰিচয়ৰ লগতে এক নিজা ব্যঞ্জনাৰ সূচনা কৰি আহিছে।
 
তেখেতৰ কবিতা ইতিমধ্যে গুজৰাটী, উড়িয়া, বাংলা, ইংৰাজী, আৰু জাৰ্মান ভাষালৈ অনূদিত হৈছে। কবি নীলমণি ফুকনদেৱে তেওঁৰ “ফুলি থকা সূৰ্য্যমুখী ফুলটোৰ ফালে” গ্ৰন্থৰ বাবে অসম সাহিত্য সভা পুৰস্কাৰ আৰু “কাঁইট” গ্ৰন্থৰ বাবে প্ৰকাশন পৰিষদৰ বঁটা, অসম উপত্যকা সাহিত্য বঁটা আৰু কমল কুমাৰী বঁটাও লাভ কৰিছিল। তেওঁ “সংজ্ঞা” নামৰ এখন আলোচনীও সম্পাদনা কৰিছিল। ১৯৮২ চনত যুগোশ্লেভিয়াৰ ষ্টুটগাত অনু্ষ্ঠিত আন্তৰ্জাতিক কবি সন্মিলনীৰ তেৱেঁই আছিল একমাত্ৰ ভাৰতীয় প্ৰতিনিধি। এই বিষয়ে তেওঁ এক ভ্ৰমণ কাহিনীও প্ৰকাশ কৰিছে। তেওঁৰ গদ্য কবিতাৰদৰেই মননধৰ্মী, স্বচ্ছল আৰু ব্যঞ্জনময়।
 
 
 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 years ago

Comment text..
absolutely he is a great poet