নিৰ্বাচিত কথা বতৰা

প্ৰশ্ন: সমাজ জীৱনত চছিয়েল নেটৱৰ্কিং চাইট ফেচবুক, হোৱাটচএপ আদিৰ প্ৰভাৱ কেনেধৰণে পৰিছে বুলি আপুনি ভাবে?

উত্তৰ:

মানবেন্দ্ৰ কুমাৰ শৰ্মা: ইয়াৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই বিদ্যমান যদিও মূলত নিৰ্ভৰ কৰে গ্ৰহণ কৰোঁতাৰ মানসিকতাৰ ওপৰত৷

বৰকত কাজি: প্ৰথমাৱস্থাত সকলোৰে বাবে ভালেই ক’ব পাৰি৷ কিছুমানৰ আকৌ অতি ভক্তিত বেয়া হোৱাও দেখা যায়৷ কিছুমানে আকৌ জীৱনৰ বাট বিচাৰি পায়৷ এভাৰেজত ভাল বুলিবই পাৰি৷ কিন্তুু বাৰ্তা প্ৰেৰণত শ্বৰ্ট-কাৰ্ট মাৰাৰ বাবে পিছলৈ সঠিক বানান বিচাৰি পাবলৈ টান হ’ব যেন লাগে৷

অনুপমা বৰগোহাঁই: পৃথিৱীৰ সকলো বস্তুৰে দুটা দিশ থাকে— ভাল আৰু বেয়া! গ্ৰহণ কৰা বা ব্যৱহাৰ কৰাৰ ওপৰতে সকলো নিৰ্ভৰ কৰে৷ চছিয়েল নেটৱৰ্কিং চাইটবোৰ আমি কিমান সচেতনাৰে ব্যৱহাৰ কৰিছোঁ — কিমান সময় ব্যৱহাৰ কৰিছোঁ— তাৰ ওপৰতে বহু কথা নিৰ্ভৰ কৰে৷ বেচি সময় এনেবোৰ মিডিয়াত জড়িত হৈ থাকিলে নিজৰ আত্মীয়, বন্ধু বান্ধৱক দিবলৈ সময় নাথাকিব৷ তেনে হলে মানুহ বাস্তৱ পৃথিৱীত অকলশৰীয়া হৈ পৰিব৷ সৌভাগ্যক্ৰমে নয়ডাত মই জড়িত হৈ থকা সমাজখনত চছিয়েল চাইটবোৰ কেৱল সমজুৱা যোগাযোগ আৰু তথ্য আদি দিবৰ বাবেহে ব্যৱহাৰ কৰা হয়৷ ব্যক্তিগত কথা পতা, ফটো, ভিডিঅ পঠিওৱা আদি কাৎচিতহে হয়৷ গতিকে সমাজ জীৱনত অকলশৰীয়া হৈ পৰিব লগীয়া হোৱা নাই৷ অনস্বীকাৰ্য যে এচাম অপৈণত কিশোৰ কিশোৰী বা যুৱক যুৱতীক এইবোৰ চছিয়েল মিডিয়াৰ অত্যধিক আসক্তিয়ে বহুত অপকাৰ কৰা দেখা গৈছে৷ খেলা ধূলা বা অন্য সৃষ্টিশীল কামত ব্যয় কৰিব পৰা সময়খিনি চছিয়েল চাইটতে ব্যৱহাৰ কৰিলে সকলোৰে নিজৰ প্ৰতিভাৰ সঠিক বিকাশত অন্তৰায় হব৷

উৎপলা কৌৰ: ব্যৱহাৰ কৰিবলৈ জনাৰ ওপৰত কথা৷ মই ফেইচবুকৰ পৰা বহু কথা শিকিছোঁ, বহুত সুৰুচিপুৰ্ণ বন্ধু /বান্ধৱী লগ পাইছোঁ, অ ক বৰ বাবে ১৮ বছৰৰ পাছত নতুনকৈ আঁকবাঁক কৰিবলৈ আৰম্ভ কৰিলোঁ৷ হুৱাটচ এপেও হাজাৰ মাইল দূৰত থকা বহু পুৰণি বন্ধু বান্ধৱীক ওচৰ চপাই আনিছে৷

কঙ্কনা মহন্ত: মোৰ কাৰণে ভাল বুলিয়েই ক’ম..বন্ধুবিহীন জীৱনত এতিয়া বহুতো বন্ধু..নতুন প্ৰজন্মৰ সাংঘাতিক টেলেণ্টেদ ল’ৰা ছোৱালী লগ পাইছোঁ..আৰু বেয়ানো কি হ’ব..একো নাই

প্ৰতিম প্ৰতাপ বৰুৱা: সমাজ জীৱনত এইবোৰ প্ৰযুক্তিৰ যিমানখিনি ধনাত্মক প্ৰভাৱ আছে, ঋণাত্মক প্ৰভাবো আছে৷ ঋণাত্মক প্ৰভাৱৰ পৰিমাণ হয়তো কম৷ কিন্তুু আছে৷ আচলতে এই প্ৰযুক্তিবোৰ কিদৰে ব্যৱহাৰ কৰা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে প্ৰভাৱবোৰ ধনাত্মক হ’বনে ঋণাত্মক হ’ব৷
ঈশান জ্যোতি বৰা: আজিকালি “waste material“ অৰ্থাৎ আৰ্ৱজনাৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰাৰ অভিনৱ পৰম্পৰা এটা আৰম্ভ হৈছে৷ সাধাৰণ মানুহৰ চকুত লেতেৰা, কামত নহা বস্তু যেন লগা আৱৰ্জনাৰ পৰাই এচাম বুধিয়ক, গভীৰ আৰু ইতিবাচক চিন্তাসম্পন্ন মানুহে বিদ্যুৎ শক্তি উৎপাদন কৰি সহস্ৰাধিক ঘৰ পোহৰাব পাৰিছে৷ এইয়া হৈছে ধনাত্মক চিন্তাৰ প্ৰভাৱ৷ যি কোনো বস্তু বা আহিলা বা আধুনিক যুগৰ বিভিন্ন মাধ্যমসমূহে আমাৰ ওপৰত কিদৰে প্ৰভাৱ পেলাব সেইটো নিৰ্ভৰ কৰিব সেই বস্তুটোক আমি কিদৰে ব্যৱহাৰ কৰিছোঁ৷ হোৱাটচ্ আপ আৰু ফে’চবুকৰ ক্ষেত্ৰতো একেটাই কথা ক’ব পাৰি৷

সুব্ৰতা গোস্বামী: সমাজ জীৱনত চ’ছিয়েল নেটৱৰ্কিং চাইট ফেচবুক, হোৱাটচএপ আদিৰ প্ৰভাৱ বৰ্তমান সৰ্ববিদ্যমান৷ ইয়াৰ ব্যৱহাৰ বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে হৈ পৰিছে এক এৰাব নোৱাৰা অংগ স্বৰূপ৷ মানুহ সামাজিক প্ৰাণী৷ মানৱ জীৱনৰ অগ্ৰগতিৰ লগে লগে সামাজিক জীৱন ধাৰণৰ প্ৰণালীও সলনি হৈ আহিছে৷ ম’বাইলৰ এটা বুটাম অথবা লেপটপৰ স্ক্ৰীণৰ মাজতে যেন আবদ্ধ জীৱন৷ এটা ফালৰপৰা চাবলৈ গ’লে চছিয়েল নেটৱৰ্কিং চাইট ফেচবুক, হোৱাটচএপ আদিৰ ব্যৱহাৰে আমাৰ বহু কাম সহজ কৰি তুলিছে অথবা কম সময়তে বেছি কাম কৰিব পৰা কৰি তুলিছে৷ মানুহৰ মাজৰ দূৰত্ববোৰ কমি গৈছে৷ পৃথিৱীখন এটা ক্ষুদ্ৰ গোলকত পৰিণত হৈছে৷ ফেচবুক, হোৱাটচএপেই বৰ্তমান যোগাযোগ ব্যৱস্থাৰ আটাইতকৈ সহজ পদ্ধতি৷ কিন্তুু, এই কমি অহা দূৰত্বই আমাক যান্ত্ৰিক হ’বলৈহে শিকাইছে৷ হয়তো বহু পৰিমাণে স্বাৰ্থপৰো৷ সকলো বস্তুৱে আমি সহজতে পাব পৰা হ’লো হয়, কিন্তুু এই স্বভাৱে যুৱ সমাজখনক বহু পৰিমাণে উশৃংখল হ’বলৈহে প্ৰেৰণা যোগালে৷ ফেচবুক, হোৱাটচএপ আদিৰ জৰিয়তে নানা কুকাৰ্য্যও সংঘটিত হ’বলৈ ধৰিলে৷ দিনে দিনে যেন ছাইবাৰ ক্ৰাইমৰ মাত্ৰাও বাঢ়ি গ’ল৷ আচলতে সকলোবোৰ বস্তুৱে হৈ গ’ল হাতৰ মুঠিতে পোৱা৷ যাৰ ঋণাত্মক দিশে সমাজ জীৱনত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰিব ধৰিলে৷ প্ৰত্যেকটো বস্তুৰে ভাল আৰু বেয়া দুয়োটা দিশেই থাকে৷ নিৰ্ভৰ কৰে মাথোঁ আমি তাক কেনেধৰণে ব্যৱহাৰ কৰোঁ৷ আমি ভালটো গ্ৰহণ কৰিম নে বেয়াটো সেইটোহে গুৰুত্বপূৰ্ণ৷ আমি সকলোৱে চছিয়েল নেটৱৰ্কিং চাইট ফেচবুক, হোৱাটচএপ আদিৰ ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশেই চালি জাৰি চোৱাটো উচিত৷ বেয়াটো পৰিত্যাগ কৰি ভালটো গ্ৰহণ কৰাটো দৰকাৰ৷ ফেচবুক, হোৱাটচএপ আদিৰদ্বাৰা সমাজৰ হিতৰ কাম কৰাৰ লগতে নানা সৃষ্টিশীল কাম কাজ কৰি যোৱাটোয়ে আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ’ব লাগিব৷ নিশ্চয়কৈ তেতিয়া চছিয়েল নেটৱৰ্কিং চাইট ফেচবুক, হোৱাটচএপ আদি হৈ পৰিব আমাৰ বাবে ব্যৱহাৰযোগ্য তথা জ্ঞান অৰ্জনৰ আহিলা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!