ড° নিৰোদ কুমাৰ বৰুৱাৰ সৈতে সাক্ষাৎকাৰ

সাহিত্য ডট অৰ্গৰ জুন ২০১৫ সংখ্যাৰ সাক্ষাৎকাৰ শিতানৰ বাবে আমি লগ কৰিছিলোঁ সুদীৰ্ঘ দিন বিদেশত থাকিও অসমৰ বিষয়ত সদায় সচেতন  ড° নিৰোদ কুমাৰ বৰুৱাক। বিগত শতিকাৰ তথা গোপীনাথ বৰদলৈৰ সময়ৰ অসমৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত তেখেত এজন লেখত ল’বলগীয়া ব্যক্তি। অসমৰ বৰ্তমান ৰাইজে তেখেতৰ বিষয়ে বৰ বেচি নাজানে যদিও এসময়ত তেখেতে নিয়মীয়াকৈ প্ৰান্তিক আলোচনীত লিখিছিল। ১৯৩৬ চনত অসমৰ নগাঁৱত জন্মগ্ৰহণ কৰা বৰুৱাই কটন কলেজ আৰু বেনাৰস হিন্দু বিশ্ব বিদ্যালয়ত অধ্যয়ন কৰিছিল। তাৰ পিছত তেখেতে ‘লণ্ডন’ আৰু ‘বন’ বিশ্ববিদ্যালয়ৰ পৰা দুবাৰকৈ পি. এইচ. ডি. সম্পূৰ্ণ কৰি জাৰ্মানীত নিগাজীকৈ বাস কৰিবলৈ লয়। তেখেতে বহু গৱেষণা কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ ওপৰত Gopinath Bardoloi, ‘The Assam Problem’ and Nehru’s Centre বুলি গ্ৰন্থখনি লিখি উলিয়াই। তেখেতৰ আন গ্ৰন্থ হ’ল Chatto, the life and times of an Indian anti-imperialist in Europe আৰু India and the Official Germany, 1886-1914.
তেখেতৰ সৈতে হোৱা আলোচনা সম্পাদিত ৰূপত পাঠক সকললৈ আগবঢ়োৱা হ’ল।

nb1

সাহিত্য ডট্ অৰ্গ: নমস্কাৰ গ্ৰহণ কৰিব। সাক্ষাৎকাৰ গ্ৰহণৰ সুবিধা দিয়াৰ বাবে ‘অসমীয়াত কথা বতৰা’ আৰু ‘সাহিত্য ডট্ অৰ্গ’ৰ তৰফৰ পৰা আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া আমি আপোনাৰ পৰা জানিব খোজোঁ সুদীৰ্ঘকাল অসমৰ বাহিৰত থকাৰ পিছতো কিহৰ তাড়নাত আপুনি আজিও অসমৰ কথা ভাবে, অসমৰ কথা পঢ়ে আৰু অসমৰ বিষয়ে তথ্যসংগ্ৰহ কৰি আজিও টোকা লিখি ৰাখে?
নিৰোদ বৰুৱা: ইয়াৰ অন্তৰালত কোনো মহৎ উদ্দেশ্য নাই। মই বুৰঞ্জী বিষয়ত এম. এ. পাছ কৰিছিলোঁ। তাৰ পিছত পি. এইচ্. ডি. গৱেষণাৰ কাৰণে মোক এটা বিষয়ৰ প্ৰয়োজন হৈছিল। সেই সময়ত মই মোৰ দেউতাৰ বন্ধু সূৰ্য্য কুমাৰ ভূঞাৰ ওচৰলৈ গ’লোঁ। তেওঁ মোক বিষয় হিচাপে বাচি দিলে ‘ডেভিদ স্কট’। গতিকে অসমৰ বিষয়ে চৰ্চা কৰোঁতে মই এজন বুৰঞ্জীবিদ হিচাপেই থাকি গ’লোঁ আৰু অসমেই মোৰ মূল গৱেষণা ভূমি হৈ পৰিল। অসমৰ অন্যান্য বুৰঞ্জীবিদসকলৰ লগত মোৰ এইখিনিতেই পাৰ্থক্য যে তেওঁলোকে অসম সম্পৰ্কেই গৱেষণা বা লিখা-ব্যাখ্যা কৰি আছে আৰু মই অসম গৱেষণাতে ৰৈ থকা নাই। ডেভিদ স্কটৰ তথ্য বিচাৰি মই বিলাতলৈ গ’লোঁ কিয়নো সেই বিষয়ক প্ৰায়বোৰ তথ্য তাতহে সংৰক্ষিত হৈ আছিল। তাৰ পিছত মই বন)Bonn) বিশ্ববিদ্যালয়ৰ পৰা ‘ভাৰত-জাৰ্মান সম্পৰ্ক’ৰ ওপৰত দ্বিতীয়টো পি. . এইচ্. ডি কৰিলোঁ আৰু এই সংক্ৰান্তত বিভিন্ন দেশৰ মহাফেজখানাৰ পৰা তথ্য সংগ্ৰহ কৰিলোঁ। ডেভিদ স্কটৰ পিছত মোৰ হয়তো অসমতে আৰু বহুত কৰিব লগীয়া আছিল; কিন্তু মোৰ জীৱনসংগীৰ লগত কৰ্মসূত্ৰে জাৰ্মানীতে থাকিলোঁ। মই চিন্তা কৰিবলৈ ধৰিলোঁ জাৰ্মানীতে থাকি মই কিহৰ ওপৰত গৱেষণা কৰিব পাৰোঁ।

সাহিত্য ডট্ অৰ্গ: অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহৰ মাজত উমি উমি জ্বলি থকা বিচ্ছিন্নতাবাদী মনোভাৱৰ কাৰণ কি বুলি ভাবে?
নিৰোদ বৰুৱা: আচলতে উমি উমি নহয়, জুইকুৰা ভালকৈয়ে জ্বলিছে। মই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাতে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ দ্বিতীয় পুত্ৰৰ লগত বন্ধুত্ব হৈছিল। মই লণ্ডনৰ পৰা ঘূৰি অহাৰ পিছৰ তেওঁলোকৰ ঘৰলৈ যাওঁতে তেখেতৰ নথি-পত্ৰবোৰ বহা কোঠাৰ মজিয়াত বিস্তৃত হৈ আছিল। তেওঁ মোক ক’লে যে তেওঁ পিতৃদেৱতাৰ নথি-পত্ৰসমূহ ঠানঠিত লগাব খুজিছে। তেতিয়াই মই বৰদলৈদেৱৰ জীৱনী লেখাৰ ইচ্ছা প্ৰকাশ কৰাত তেওঁ সাদৰৰে সন্মতি জনালে। সেই সময়ত মই বহু কষ্টৰে কিছু তথ্য-পাতি দিল্লীত ফটোষ্টেট কৰাই লৈ আনিলোঁ। যেতিয়া মই অধ্যয়ন কৰিলোঁ তেতিয়া গম পালোঁ যে বৰদলৈদেৱৰ দৰে মানুহ অতি বিৰল। একে উশাহতে যদি কাৰোবাক গান্ধীবাদী আৰু আধুনিক বুলি ক’ব লগা হয় সেইজন হৈছে গোপীনাথ বৰদলৈ। তেওঁ অসমৰ ভৱিষ্যত চিন্তা কৰি তেতিয়াই সমস্যা সমাধানৰ উপায় চিন্তা কৰিছিল। ১৯৩৫ চনত অসমত প্ৰাদেশিক স্বায়ত্ব শাসন আইন ভাৰত চৰকাৰে আনোতেই তেখেতে লিখিছিল যে এইটো অতি সুখৰ কথা, কিন্তু কেন্দ্ৰৰ আক্ৰোশ নোহোৱাকে নাথাকিব আৰু সেই আক্ৰোশৰ পৰা মুক্ত হৈ থাকিবলৈ হ’লে অসম সদ্য সচেতন হৈ থাকিব লাগিব। মোক এই কথাখিনি অসমৰ এসময়ৰ ৰাজনীতিবিদ কমিউনিষ্ট গৌৰীশংকৰ ভট্টাচাৰ্য্যই দেখুৱাইছিল। বৰদলৈদেৱে বুজিছিল যে আমি অসমীয়া জাতি গঢ়িব লাগিব। বড়োসকল সেই সময়ত যথেষ্ট প্ৰগতিশীল আৰু শান্ত প্ৰকৃতিৰ আছিল। এতিয়া তেওঁলোক আক্ৰমণাত্মক আৰু অসহিষ্ণু হৈ পৰিছে। বৰদলৈদেৱে বুজিছিল যে তেওঁলোকৰ একাগ্ৰতা আছে। যি এটা ডাঙৰ শক্তি। তেতিয়াই তেওঁ ‘বেল্ট এণ্ড ব্লক’ চিষ্টেমৰ গঠন কৰিছিল যাতে বড়োসকল নিজৰ অঞ্চলত সুৰক্ষিত হৈ থাকিব পাৰে। ইয়াৰ লক্ষ্য আছিল যে তেওঁলোক নিজৰ বসতিস্থানত সুৰক্ষিত হ’ব আৰু তাৰ খালী ঠাইসমূহ তেওঁলোকৰ বাবেই সঞ্চিত হৈ থাকিব। সেই সময়ত বড়োসকলৰ মাজত অ-বড়ো সকলো আছিল। বৰদলৈদেৱে বড়োকে ধৰি অসমৰ সমগ্ৰ গাওঁ অঞ্চলৰ কাৰণে গান্ধী আদৰ্শৰ পঞ্চায়তীৰাজ স্থাপন কৰি গাঁৱলৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু গণতন্ত্ৰ প্ৰসাৰৰ চিন্তা কৰিছিল। তুমি যদি চোৱা গান্ধীবাদ হৈছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু গাঁওসমূহৰ উন্নতি। বৰদলৈদেৱে বোৰ কথা তেতিয়াই চিন্তা কৰিছিল। কিন্তু পিছত বিমলা প্ৰসাদ চলিহা বা দেৱকান্ত বৰুৱাহঁতে জধেমধে বংগদেশৰ বহিৰাগতক জনজাতি অঞ্চলত বহুৱাই অসমলৈ যাউতিযুগীয়া বিপদ চপালে।
মই ভাবোঁ যে গান্ধী আদৰ্শৰে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰি আৰু অবৈধ প্ৰব্ৰজনক বাধা দি পুনৰ শান্তি শৃংখলা আৰু সমন্বয় ঘূৰাই আনিব পৰা যাব।

সাহিত্য ডট্ অৰ্গ: গতিকে আপুনি ক’ব খোজে যে কেন্দ্ৰীভূত শাসন ব্যৱস্থাত জনগোষ্ঠী marginalized হৈ পৰিল আৰু তেওঁলোকৰ সংঘাত বৃদ্ধি পালে।
নিৰোদ বৰুৱা: অকল কেন্দ্ৰীভূত শাসন ব্যৱস্থাই নহয় অবৈধ বিদেশী প্ৰব্ৰজনে সকলো তল ওপৰ কৰি দিলে। ক্ষমতাবোৰ সদায় চহৰত দুৰ্নীতি পৰায়ণ লোকৰ মাজতেই থাকিল। নেতা বা নেতৃস্থানীয় মানুহখিনিয়ে তেওঁলোকক হেয় জ্ঞান কৰাৰ ফলত তেওঁলোকে অৱজ্ঞা কৰা যেন অনুভৱ কৰিলে। ইয়াৰ ফলতেই সংঘাত বাঢ়ি গ’ল।

সাহিত্য ডট্ অৰ্গ: গতিকে আমি ক’ব পাৰোঁ যে কেন্দ্ৰীভূত শাসন আৰু শাসক শ্ৰেণীয়ে চপাই অনা অবৈধ প্ৰব্ৰজনেই অসমৰ জনগোষ্ঠীয় সংঘাতৰ কাৰণ।
নিৰোদ বৰুৱা: আমি এনেই দুখীয়া। ধন আৰু চাকৰিৰ কাৰণে আমাৰ উদ্যোগ নাই। গতিকে আমি আমাৰ কোনো সম্পদ গঢ়ি তুলিব পৰা নাই। সন্ত্ৰাসবাদে আমাক একো দিয়া নাই। তাতে কেন্দ্ৰৰ উন্নয়নৰ ধন আমাৰ গাঁওসমূহলৈ গৈ নাপায়। বহুবোৰ দূৰৰ গাঁৱত এতিয়াও একো উন্নয়ন হোৱা নাই। বাট-পথ নাই, বিদ্যুত নাই। এই অঞ্চলবোৰত সন্ত্ৰাসবাদীয়ে খোপনি পুতিছে।

সাহিত্য ডট্ অৰ্গ: যি সময়ত ইউৰোপৰ বিভিন্ন দেশে একগোট হোৱাৰ পথত আগবাঢ়িছে সেই একে সময়তে আমাৰ জনগোষ্ঠীসমূহ বিচ্ছিন্নতাবাদৰ দিশে আগবাঢ়িছে । ইয়াৰ কাৰণ কি বুলি ভাবে?
নিৰোদ বৰুৱা: কাৰণটো মই ইতিমধ্যে ক’লোৱেই। এই যি ইউনিয়ন হৈছে, ই হৈছে শক্তিশালী দেশ বিলাকৰ মাজত। প্ৰথমে পশ্চিমৰ ইউৰোপৰ উন্নত দেশবিলাক আহিল। পিছত আহিল পুৰণি ছোভিয়েট ইউনিয়নৰ লগত লগ হৈ থকা প’লেণ্ড আদি। কিন্তু আমি হ’লো অনুন্নত। আমাৰ কোনো উদ্যোগ নাই। আমাৰ তাত কোনো ডাঙৰ উদ্যোগ স্থাপন কৰা হোৱা নাই। তাৰ কাৰণে আমি ওচৰ-চুবুৰীয়া দেশবোৰৰ লগত বন্ধুত্ব কৰিব লাগিব। আমাৰ প্ৰতিটো অংশ সবল বা কিছু উন্নত নহ’লে বিভাজন আহিবই। আমাৰ অসমতে এতিয়া এনে লাগে যেন গুৱাহাটীত বাইক চলাই ষ্টান্টমেন হৈ ফুৰাৰ বাদে আন কাম নাই। যেতিয়া গাঁওসমূহৰ মানুহে এইবোৰ দেখে তেতিয়া এক বিভেদ দেখাদেখিকৈ চকুত পৰিব। প্ৰতিখন ঠাই উন্নত হোৱাৰ কাৰণে আৰু মানুহবোৰ স্বাৱলম্বী হোৱাৰ কাৰণে চৰকাৰে যত্ন কৰিব লাগিব।

সাহিত্য ডট্ অৰ্গ: উত্তৰ-পূৱ ভাৰতৰ নৃতাত্বিক জটিলতা আৰু জনগোষ্ঠীয় সংঘাতৰ লগত পৃথিৱীৰ আন কোনো ঠাইৰ তুলনা কৰিব পাৰি নেকি?
নিৰোদ বৰুৱা: যদিও ছোভিয়েট সাম্ৰাজ্যৰ পতনৰ লগে লগে পূব ইউৰোপৰ কিছু দেশৰ জনগোষ্ঠীয়ে নিজা নিজা হোমলেণ্ড স্থাপন কৰিলে আমাৰ সমস্যাটো তাতকৈ বলেগ; গতিকে মই দেখাত তুলনা কৰিব নোৱাৰি কাৰণ ভাষা, কৃষ্টি, সমন্বয়ৰ ফালৰ পৰা আমি বেলেগ নহয়।

সাহিত্য ডট্ অৰ্গ: অসম আন্দোলনে অসমক বহু বছৰ পিছুৱাই লৈ যোৱা বুলি অভিযোগ উঠে। এই বিষয়ত আপুনি কি ক’ব খোজে?
নিৰোদ বৰুৱা: এই কথাষাৰ মূলতে অসম আন্দোলনক মানিব নোখোজা লোকসকলে ক’ব খোজে। যেনে হোমেন বৰগোহাঞি। কিন্তু মই অসম আন্দোলনক কেন্দ্ৰৰ প্ৰভুত্বৰ প্ৰতি অসমৰ সজাগ জাগৰণ বুলি লৈ আনন্দ উপভোগ কৰিছিলোঁ। সেই সময়ত অসমত আন্দোলন এটাৰ প্ৰয়োজন হৈছিল। কিন্তু সেইটোৰ দায়িত্ব কেইজনমান ছাত্ৰৰ ওপৰত সম্পূৰ্ণৰূপে এৰি দিয়া হ’ল। আন্দোলনটো আৰম্ভ হৈছিল অহিংস আন্দোলন হিচাপে কিন্তু পিছলৈ ই গান্ধীৰ সত্যাগ্ৰহৰ পৰা আঁতৰি আহিল। আন্দোলন ছয় বছৰলৈ চলি থাকিল। আন্দোলনৰ নেতৃত্ব লক্ষ্যভ্ৰষ্ট হ’ল আৰু ই প্ৰয়োজনতকৈ অধিক দীঘলীয়া হৈ পৰিল।

সাহিত্য ডট্ অৰ্গ: গতিকে আমি আন্দোলনটোৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিব নোৱাৰোঁ। কিন্তু সেই সময়ত বহু হাজাৰ জন শিক্ষা-দীক্ষাই হওক বা অন্য কৰ্মক্ষেত্ৰৰ পৰা আঁতৰি থকাৰ ফলতেই হওক আমাৰ কিছু ক্ষতি হ’ল।
নিৰোদ বৰুৱা: হয়, আমি প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰোঁ। আমাৰ ক্ষতি হৈছে। ইয়াৰ বাবে নেতাসকলেই দায়ী।

সাহিত্য ডট্ অৰ্গ: বৰ্তমান অসমত বাংলাদেশী অনুপ্ৰৱেশ, বিদেশী সমস্যাৰ আজি পৰ্য্যন্ত সমাধান নোহোৱাৰ বাবে গোপীনাথ বৰদলৈৰ পৰা তৰুণ গগৈলৈকে কোনখন চৰকাৰক বেছি দোষাৰোপ কৰিব পাৰি?
নিৰোদ বৰুৱা: গোপীনাথ বৰদলৈক তুমি মুঠেই দোষ দিব নোৱাৰা। তেখেতে অকলেই অসমক পাকিস্তানৰ লগত সংলগ্ন কৰাৰ বিৰুদ্ধে যুঁজ দিছিল।

সাহিত্য ডট্ অৰ্গ: থিকেই; এতিয়া আমি প্ৰফুল্ল কুমাৰ মহন্ত আৰু তৰুণ গগৈৰ বিষয়ে কি ক’ম?
নিৰোদ বৰুৱা: প্ৰফুল্ল কুমাৰ মহন্তই সকলোখিনি সুবিধা পাইছিল। But he could not do anything. তেওঁ ছয়বছৰ অসমৰ ছাত্ৰ-ছাত্ৰীৰ সময় নষ্ট কৰাৰ পিছতো একো কৰিব নোৱাৰাৰ বাবে তেওঁক কেতিয়াও ক্ষমা কৰিব নোৱাৰি। তেওঁ শাস্তিৰ যোগ্য। আৰু কংগ্ৰেছৰ কেইজন স্বীকৃত ভাবেই হাই কামাণ্ডৰ আঠুৱাৰ তলৰ ম’হ হৈ থাকিবলৈ ভাল পায়।। তেওঁলোকৰ বিষয়ে ক’বলগা একোৱেই নাই।

সাহিত্য ডট্ অৰ্গ: গোপীনাথ বৰদলৈৰ দিনৰ কংগ্ৰেছী ৰাজনীতি, হিতেশ্বৰ শইকীয়াৰ দিনৰ ৰাজনীতি আৰু তৰুণ গগৈৰ দিনৰ ৰাজনীতিৰ মাজত কি সাদৃশ্য বা বৈসাদৃশ্য লক্ষ্য কৰে?
নিৰোদ বৰুৱা: একেবাৰে সুমেৰু আৰু কুমেৰু। গোপীনাথ বৰদলৈৰ দৰে এজন মহান মানুহৰ লগত এই অসৎ, পাষণ্ড কেইটাৰ কিদৰে তুলনা কৰিবা? গোপীনাথ বৰদলৈৰ পিছত অহা কেইজন হৈছে কেন্দ্ৰৰ বহতীয়া। হিতেশ্বৰ শইকীয়া মোৰ কটনৰ দিনৰ বন্ধু আছিল। কিন্তু তেওঁ আছিল বেয়া অৰ্থত চতুৰ। গোপীনাথ বৰদলৈৰ পিছত তেওঁৰ দৰে অসমৰ কথা চিন্তা কৰা মানুহ আৰু নাই।NB2

সাহিত্য ডট্ অৰ্গ: ভাল মানুহ ৰাজনীতিলৈ নাহে বুলি এটা ধাৰণা আছে। পঢ়া-শুনাত ভাল ল’ৰা-ছোৱালীক ৰাজনীতিলৈ আকৃষ্ট কৰিবলৈ কি কৰা উচিত বুলি আপুনি ভাবে?
নিৰোদ বৰুৱা: কোনে কাক ৰাজনীতিলৈ পঠাব? ই নিজে গঢ় ল’ব লাগিব। যি বোৰ মানুহৰ ৰাজনীতিৰ জ্ঞান আছে বা ৰাইজৰ কাম কৰাৰ অগ্ৰহ আছে তেওঁলোক নিজেই আহিব। তুমি কাকো আনিব নোৱাৰা। কোনোবাই যদি আনক আনিবই পাৰে তেন্তে তেওঁৰ নিজৰ স্থিতি ক’ত? সেইজন মানুহৰ পৰা তুমি আশাও কৰিব নোৱাৰা।

সাহিত্য ডট্ অৰ্গ: আপোনাৰ লগত কথা পাতি গম পালো যে গোপীনাথ বৰদলৈ আপোনাৰ দৃষ্টিত অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী।
নিৰোদ বৰুৱা: তাত কোনো সন্দেহ নাই। এতিয়াও অসমৰ উন্নতি তেওঁৰ চিন্তাধাৰালৈ উভটি যোৱাতে নিৰ্ভৰ কৰিছে। ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু জাতি-জনগোষ্ঠীসমূহৰ সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ সুবিধা দিয়াটো গুৰুত্বপূৰ্ণ।

সাহিত্য ডট্ অৰ্গ: এতিয়া অসমত সঁচা অৰ্থত নেতৃত্ব দিব পৰা নেতাৰ কিয় অভাৱ?
নিৰোদ বৰুৱা: মানুহক আজি জীৱন নিৰ্বাহৰ বাদেই বিলাসিতাৰ কাৰণেও অধিক ধনৰ প্ৰয়োজন হৈছে। সৎ মানুহ ৰাজনীতিলৈ আহিব নোখোজে। ৰাজনীতিত অসৎ পথেৰে সহজে অধিক ধন আৰ্জিব পাৰি। এনে পৰিবেশত নতুনকৈ কোনো ভাল মানুহ আহিব নোখোজে।

সাহিত্য ডট্ অৰ্গ: এতিয়া আমি অলপ ব্যক্তিগত কথা পাতোঁ। জীৱনৰ সৰহ কাল অসমৰ বাহিৰত কটোৱাৰ পিছত আপুনি নিজৰ বিষয়ে কেনেদৰে অনুভৱ কৰে?
নিৰোদ বৰুৱা: মোৰ ধ্যান-ধাৰণাৰ ঠাই হৈছে অসম। প্ৰতিদিনে অন্ততঃ ২০ খানকৈ বাতৰি কাকতৰ পৃষ্ঠাৰ পৰা প্ৰিন্ট কৰোঁ। এইবোৰে মোৰ বহুতো সময় লয়। গতিকে অসমৰ বহু মানুহতকৈ মই অসমৰ খবৰ বেচি ৰাখোঁ।

সাহিত্য ডট্ অৰ্গ: আপুনি যদি নতুনকৈ জীৱনটো আৰম্ভ কৰাৰ সুবিধা পাই, কিদৰে চিন্তা কৰিব?
নিৰোদ বৰুৱা: মোৰ কম্পিউটাৰ বিষয়ৰ জ্ঞান নাই। ব্যৱহাৰিক দিশত মোৰ এতিয়া নতুনকৈ পাৰ্গতালি নাহিব। গতিকে মোৰ প্ৰয়োজনীয় ক্ষেত্ৰত অলপ কম্পিউটাৰ বিষয়ত পাৰ্গত হৈ আহিবলৈ কামনা কৰিম।

সাহিত্য ডট্ অৰ্গ: প্ৰৱাসী অসমীয়া সকলে অসমৰ বিকাশত কি দৰে প্ৰভাৱ পেলাব পাৰে বুলি ভাবে?
নিৰোদ বৰুৱা: অলপ অৰ্থব্যয় কৰিব পৰা সকলে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ শিক্ষাত সহায় কৰিব পাৰিলে ভাল হ’ব।

সাহিত্য ডট্ অৰ্গ: প্ৰৱাসীসকলে নিজৰ সন্তানক অসমৰ শিপাৰ সন্ধান দিয়াটো প্ৰয়োজনীয় বুলি ভাবেনে? নে বৰ্তমানৰ গোলকীয় বিশ্বত ই নিষ্প্ৰয়োজন?
নিৰোদ বৰুৱা: যি সকলে বাহিৰৰ মানুহৰ লগত বিবাহ কৰা নাই তেওঁলোকৰ সন্তানে অসমীয়া শিকেই। কিন্তু যি সকলৰ হৈছে তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰত ভাষাগত প্ৰয়োজন নেদেখোঁ। মোৰ মতে কেৱল ভাষাই প্ৰেম নেদেখুৱাই। মোৰ ছোৱালীৰ অসমত জন্ম নহ’লেও অসম তথা পৰিয়ালৰ মানুহৰ প্ৰতি তান আছে। মানুহে মানুহ হ’বলৈ শিকিলেই বিশ্বত শান্তি আৰু সমন্বয়ৰ ভাব বিয়পিব।

সাহিত্য ডট্ অৰ্গ: আপুনি এতিয়াও ইমান কৰ্মঠ হৈ থকাৰ ৰহস্য কি?
নিৰোদ বৰুৱা: হয়তো মই মোৰ মাৰ ফালৰ পৰা জন্মসূত্ৰে কিছু জিনীয় গুণ লাভ কৰিছোঁ। ইয়াৰ বাদেও মই খেলা-ধূলা কৰোঁ। প্ৰায় টেনিছ খেলোঁ।

সাহিত্য ডট্ অৰ্গ: এতিয়া আমি কিছুমান সৰু-সুৰা কথালৈ আহোঁ। আপোনাৰ নিজৰ, পৰিয়াল বা শিক্ষা-দীক্ষাৰ বিষয়ে কওকচোন।
নিৰোদ বৰুৱা: মই ভাল ঘৰতে জন্ম লৈছিলোঁ। মোৰ দেউতা আছিল ডা. ললিত চন্দ্ৰ বৰুৱা। তেওঁ চিকিৎসক আৰু নাৰীবাদী আছিল। মোক খেলা-ধূলা কৰিবলৈ সদায় কৈছিল। কিন্তু তেওঁ আছিল নিয়মৰ ক্ষেত্ৰত অত্যন্ত কঠোৰ। মোৰ দেউতা নিজে আধুনিক হৈয়ো বাইদেউক সোনকালে বিয়া দিয়া বাবে মই অকলশৰীয়া হৈ পৰিছিলোঁ।
দেউতাই মোক পঞ্চম শ্ৰেণীতে যোধপুৰত খুৰাৰ তালৈ পঢ়িবলৈ পঠাই দিলে। মই বৰ অকলশৰীয়া আৰু দুখী হৈ পৰিলোঁ। তাৰ পিছত মোক গুৱাহাটীত থকা আনজন খুৰা বিৰিঞ্চি কুমাৰ বৰুৱাৰ ওচৰলৈ পঠাই দিলে। তেতিয়া মই ডন বস্ক’ত ষষ্ঠ শ্ৰেণীত পঢ়িছিলোঁ। কিন্তু এদিন মই কম কৰা মানুহ এজনৰ পৰা আঢ়ৈ টকা ধাৰ কৰি ঘৰলৈ পলাই আহিলোঁ। আনে যি নকওক, মোৰ মামাৰ ছোৱালী এজনীয়ে কৈছিল,”যি কৰিলি ভালেই কৰিলি, ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিলি।” And that was great!
আচলতে মই সৰু কালটো অকলশৰীয়া আছিলোঁ। পিছত বেনাৰসলৈ গৈছিলোঁ আৰু তাত মুকলি অনুভৱ কৰিছিলোঁ।

সাহিত্য ডট্ অৰ্গ: তাত আপুনি কি পঢ়িলে?
নিৰোদ বৰুৱা: বি. এ., এম. এ. আৰু আইন।

সাহিত্য ডট্ অৰ্গ: কিমান দিন আছিল আপুনি?
নিৰোদ বৰুৱা: পাঁচ বছৰ।

সাহিত্য ডট্ অৰ্গ: তাৰ পিছত?
নিৰোদ বৰুৱা: লণ্ডন বিশ্ববিদ্যালয়।

সাহিত্য ডট্ অৰ্গ: আপুনি কেতিয়া লণ্ডনলৈ গ’ল?
নিৰোদ বৰুৱা: ১৯৬১ চনত। দেউতা ১৯৬০ চনত ঢুকায়। কিন্তু তেওঁ মোৰ পঢ়াৰ বাবে সকলো যোগাৰ কৰি থৈ গৈছিল।

সাহিত্য ডট্ অৰ্গ: লণ্ডনৰ পৰা আহি আপুনি দিল্লী পালেহি?
নিৰোদ বৰুৱা: হয়, কিৰোৰিমল কলেজত মই কাম কৰিলোঁ ১৯৬৫-৭০ চনলৈকে। তাত মই Constitutional History of England পঢ়াইছিলোঁ এম. এ. শ্ৰেণীত। তাৰ পিছত মই জাৰ্মানীলৈ আহিলোঁ। প্ৰথম পি. এইচ্. ডি. কৰিছিলোঁ ১৯৬৪ চনত আৰু জাৰ্মানীত দ্বিতীয়টো কৰোঁ ১৯৭৫ চনত বন বিশ্ববিদ্যালয়ত।

সাহিত্য ডট্ অৰ্গ: আপুনি বাৰু বিদেশলৈ আহিম বুলি ভাবিছিলনে?
নিৰোদ বৰুৱা: মই বিচাৰিছিলোঁ। আৰু ইয়াৰ কাৰণে সকলোখিনি দেউতাই থিক কৰি থৈ গৈছিল।

সাহিত্য ডট্ অৰ্গ: আপোনাৰ সফলতাৰ আঁৰত কোনজন ব্যক্তিৰ হাত আছে বুলি আপুনি ক’ব খোজে?
নিৰোদ বৰুৱা: মোৰ দেউতা। দেউতা যি দৰে কঠোৰ আছিল ঠিক সেইদৰে আকৌ liberal আছিল। তেওঁ মোৰ কাৰণে সকলোখিনি কৰি থৈ গৈছিল। মোৰ আৰ্টত ৰাপ থকা কাৰণে তেওঁ আনকি সেই বিষয়তো চিন্তা কৰিছিল।

সাহিত্য ডট্ অৰ্গ: আপোনাৰ জীৱনত সকলোতকৈ অধিক প্ৰভাৱ কোনে পেলাইছে?
নিৰোদ বৰুৱা: মোৰ পত্নী। তেওঁৱেই মোক সকলোতকৈ সুখী কৰিছে। তাৰ বাদে মোৰ বাইদেউক মই বৰ ভাল পাওঁ।

সাহিত্য ডট্ অৰ্গ: কি ঘটনাই আপোনাৰ জীৱনত সকলোতকৈ অধিক প্ৰভাৱ পেলাইছে?
নিৰোদ বৰুৱা: মোৰ পৰিবাৰৰ মৃত্যু।

সাহিত্য ডট্ অৰ্গ: আপোনাৰ কিবা স্মৰণীয় দিন?
নিৰোদ বৰুৱা: নাই, তেনে কোনো বিশেষ দিন নাই।

সাহিত্য ডট্ অৰ্গ: আপুনি যেতিয়া অসমলৈ যায় কেনে অনুভৱ লৈ যায়?
নিৰোদ বৰুৱা: তেনে বিশেষ নাই। যোৱা দুবাৰমান বাদ দি মই আন কাকো লগ কৰিব পৰা নাই। মই খালি আৰ্কাইভতে সোমাই থাকোঁ। সেয়েহে কেৱল পৰিয়ালৰ মানুহকেইজনক লগ কৰাৰ বাদে বেলেগ চিন্তা নাথাকে।

সাহিত্য ডট্ অৰ্গ: আপোনাৰ প্ৰিয় খাদ্য?
নিৰোদ বৰুৱা: যি কোনো ভাল খাদ্যই মোৰ প্ৰিয়।

সাহিত্য ডট্ অৰ্গ: আপোনাৰ প্ৰিয় ৰং?
নিৰোদ বৰুৱা: মই ছবি ভাল পাওঁ। বিশ্বৰ প্ৰখ্যাত চিত্ৰশিল্পীসকলৰ ছবি চাওঁ। সেয়ে সকলো ৰঙেই মই ভাল পাওঁ।

সাহিত্য ডট্ অৰ্গ: আপোনাৰ প্ৰিয় শব্দ?
নিৰোদ বৰুৱা: একে আষাৰতে ক’ব নোৱাৰি। অৱশ্যে দুটা জাৰ্মান শব্দ আছে। এটা হৈছে gemütlichkeit; যাৰ ইংৰাজী অৰ্থ হ’ব cozy কিন্তু সম্পূৰ্ণ নহ’ব। হয়তো শীতৰ দিনত শ্বিলং চহৰত জুই পুৱাই গল্প কৰিলে যেনে লাগিব। আনটো হৈছে waldeinsamkeit । এবাৰ মই ১৯৬২ চনত youth hostel ত থাকোঁতে বন্ধু এজনৰ লগত নিশা জাৰ্মানীৰ ব্লেক ফৰেষ্টৰ মাজেৰে বহু দূৰ খোজ কাঢ়িছিলোঁ। সেই অনুভৱটো কবিৰ ভাষাত ক’বলৈ গ’লে নিৰ্জন অৰণ্যৰ নিসংগতা হ’ব।

সাহিত্য ডট্ অৰ্গ: আপুনি সাগৰ বা পাহাৰ ভাল পাইনে?
নিৰোদ বৰুৱা: মই পাহাৰ ভাল পাওঁ, কিন্তু সাগৰ নহয়। মোক সীমা লাগে। অসীম সাগৰত মই পাৰাপাৰ নোপোৱাৰ দৰে অনুভৱ হয়।

সাহিত্য ডট্ অৰ্গ: নৱ-প্ৰজন্মক লৈ আপুনি আশাবাদী নে?
নিৰোদ বৰুৱা: নিশ্চয়। অসমৰ কথা বৰকৈ ক’ব নোৱাৰিম কিন্তু ইয়াৰ জাৰ্মানীৰ নতুন চামক লৈ মই অতিশয় আশাবাদী।

সাহিত্য ডট্ অৰ্গ: সাহিত্য ডট্ অৰ্গৰ পঢ়ুৱৈ আৰু কৰ্মীসকলক আপুনি কিবা ক’ব খুজিবনে?
নিৰোদ বৰুৱা: মই তেওঁলোকলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

সাহিত্য ডট্ অৰ্গ: ইমানখিনি সময় আপুনি আমাক দিলে। আপোনাৰ পৰা আমি বহু কথা জানিব পাৰিলোঁ। সেয়ে পুনৰ আপোনাক ধন্যবাদ জনালোঁ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ।
নিৰোদ বৰুৱা: ধন্যবাদ

NB4

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক