নৈৰ সমান ব’ব কোন (ড৹ লোচন শইকীয়া)

পানীয়েই প্ৰাণ

পানীয়েই প্ৰাণ । সাগৰখণ্ডলৈ মন কৰক । চাৰিওপিনে পানীয়েই পানী । পোনে-পোনে পিয়াহ গুচাবলৈ তাৰ এক বিন্দু পানীও কামত নাহে । নিমখীয়া পানী খাব পাৰি জানো ! সকলো থাকিব আৰু পানী নাথাকিব । চিন্তা কৰকচোন কি হ’ব ! য’তেই নহওক, পানী নহ’লে জীৱৰ কি বিলাই হ’ব ভাবিবলৈও ভয় ।

এটা সপোন

স্বাধীন ভাৰতবৰ্ষৰ এইটো বহুদিনৰ সপোন । প্ৰতিজন খেতিয়কৰ মাটিত খেতিৰ বাবে প্ৰতি টোপাল পানী উপলব্ধ হওক । এতিয়া ভাৰতৰ ১৩১কোটিৰো অধিক জনসংখ্যা । বাঢ়ি অহা জনসংখ্যাৰ খাদ্যৰ চাহিদা পূৰণ কৰিবলৈ মাটি নাবাঢ়ে । একেখিনি মাটিৰ পৰাই আহৰণ হ’ব লাগিব আৰু অধিক খাদ্য । সুষম খাদ্য । অকল মাত্ৰ ধান, মাহ, ঘেঁহুৱেই নহয় । শাক-পাচলি, ফল জাতীয় উদ্যান শস্যৰ প্ৰয়োজনো সমানে । খেতিৰ বাবে পানী লাগিবই লাগিব । সকলোকে খুৱাবলৈ ৰাজ্য, দেশ উভয়ে অকল মাত্ৰ বৰষুণ নিৰ্ভৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিব নোৱাৰে । উৎপাদন বৃদ্ধিৰ কোনো চমু পথ নাই । ভাৰতৰ মুঠ খেতি কৰা মাটিকালি (৯২৭৫ মিলিয়ন হেক্টৰ)ৰ সামান্য পৰিমাণ মাটি উদ্যান শস্যই (২.৯শতাংশ) আৰু তাৰে ৬৭শতাংশ শাক-পাচলিয়ে আগুৰি আছে । বৰ্ত্তমান প্ৰতি হেক্টৰ মাটিত শাক-পাচলি ৰাষ্ট্ৰীয় উৎপাদিকা মাত্ৰা ১৭.৫৪টন । সমগ্ৰ অসমৰ কথা ক’বলৈ গ’লে ছবিখন ধূসৰ । প্ৰায় ১১.১২টন । প্ৰয়োজন ২৮টনৰ ওপৰত । ক’ৰ পৰা আহিব ? ইয়াৰ কাৰণেতো শীতকালীন শাক-পাচলিৰ খেতিৰ বাবে প্ৰাথমিক প্ৰয়োজন হিচাবে পৰ্যাপ্ত পানীখিনিয়েই নাই । শুনিবলৈও ভাল নলগা এই তিতা, কেঁহা, জ্বলা নিষ্ঠুৰ সত্যক আমি স্বীকাৰ নকৰোঁ বুলিলেও কৰিবই লাগিব । হওঁতে, প্ৰকৃতিয়ে অসমক পানী নিদিয়াকৈও থকা নাই । বৰ্তমানৰ পীড়াদায়ক এই সমস্যাৰ পৰা উন্নত ভৱিষ্যতত পৰিণত কৰিবলৈ প্ৰকৃতিয়ে উদাৰ ভাৱে দিয়া পানীখিনি সময়ত হিচাবত পোৱাৰ ব্যৱস্থা আমিয়ে কৰিব লাগিব ।

নদী-মাতৃক ৰাজ্য

নদী-মাতৃক ৰাজ্যখনৰ মহাবাহু ব্ৰহ্মপুত্ৰই নিজৰ লগতে ব্ৰহ্মপুত্ৰমূখী উত্তৰবাহিনী, দক্ষিণবাহিনী নৈবোৰ লৈ নিঃশব্দে, নিৰলে অহৰহ বৈ আছে । নৈপৰীয়া মানুহৰ নৈৰ প্ৰতি আৱেগ আন মানুহতকৈ পৃথক ।

আটাইকেউখন নৈ আৰু অন্য উপনৈবোৰে বাৰিষা সৃষ্টি কৰা বানপানীয়ে জুৰুলা কৰা বাতৰিৰ শিৰোনাম কঢ়িওৱা অসমৰ প্ৰাকৃতিক সত্য আৰু এটা আছে । দক্ষিণ-পশ্চিম মৌচুমী বতাহ বীৰদৰ্পে আহাৰ মাহত অসম তথা ভাৰতত প্ৰৱেশ কৰি আহিনত ঘূৰি যোৱাৰ পিচত একেখন অসমত খৰাং পৰিবেশ বিৰাজ কৰে । আলি-পদূলিৰ মাটি  ধূলিলৈ পৰিবৰ্তন হয় । শৰত ঋতুৰ বোকোচাত হেমন্ত আহে । কেঁচা ঘাঁম মাটিত পেলাই ভূমিক কৰ্ষণ কৰা খেতিয়কৰ কপালৰ ৰেখা আৰু কোঁচ খায় । পথাৰ শুকাই চিৰাল ফটা দিয়ে ।

ৰবি শস্যৰ খেতিৰ বতৰ পৰে । এইবেলি বা কিমান পাম ? কপাল কোঁচাই নেদেখাজনলৈ দুহাত তুলি পথাৰত নাঙল নমায় । হে প্ৰভু পানী টুপিৰ ব্যৱস্থা কিবা এটা কৰিবা আৰু । যেন সদায়েই আহাৰৰ সাত লাগিব । ওপৰৰ পৰা ধাৰাসাৰে নামিব জীৱনদায়িনী মৌচুমী বায়ুৰ প্ৰভাৱত টোপাল টোপাল বৰষুণ । শাওনৰ শেতেলীত শালি খেতি কৰি আঘোনত সোণগুটি চপাব । তাৰ পিচত ? তাৰ পিচত আৰু কিটো আছে ? হেমন্ত-শীতত বৰষুণ নহয় আক’ । হাত সাবটি বহি থকা ইয়াকে কয় । একেখন যোৰহাটতে এদিন মন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাই ডাঙৰীয়ায়ে এখন নৈ বোৱাই আনিছিল । ভোগ দি পূজা কৰিছিল বাবে নাম থলে ভোগদৈ । ৰাইজে নখ জোকাৰিলে নৈ বয় । বৈ আছে ।

ভোগদৈৰ ইতিহাস

পাঠক জানিব বিচাৰেনে এইখন নৈৰ আৰম্ভণি কত ? কোনফালেদি বৈ আহিছে ? কি কি ভূমিখণ্ডক চুই আহিছে ? ইতিহাসৰ পৃষ্ঠাত ভোগদৈৰ চৰিত্ৰ কি ? ভোগদৈয়ে কি দিছে আৰু কি দিব পাৰে ? পূৰ্ণানন্দ বুঢ়াগোঁহাই ডাঙৰীয়াই এটা অসম্ভৱ কামক সম্ভৱ কৰি প্ৰজাৰ হিত সাধিছিল ।
মানুহৰ ইতিহাসে ইতিহাসক প্ৰায়ে দোহাৰে । আমিও ইচ্ছা কৰিলে অকল ভোগদৈ কিয় অন্য নৈবোৰো ভালদৰে অধ্যয়ন কৰি মানুহৰ, জগতৰ উপকাৰ সাধিবলৈ পৰিবৰ্তিত ৰূপ দিব পাৰোঁ ।
আহক ভোগদৈৰ ইতিহাসলৈ ঘূৰি যাওঁ, ইয়ে আমাক এটা পথ দেখুৱাব । আমাৰ ভৱিষ্যতৰ সমাজক সচল কিবা এটা দিয়াৰ ক্ষুদ্ৰ প্ৰয়াস কৰাৰ আৱেশত ভোগ কৰিবলৈ সুবিধা কৰি দিয়া ভোগদৈক জানি লওঁ । যাতে এইটো উছাহতে যোৰহাটত প্ৰয়োগ কৰিবলৈ লোৱা এক ৰাষ্ট্ৰীয় পৰিকল্পিত নীৰযোগান আঁচনি(প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনা)ৰ জৰিয়তে প্ৰতিজন খেতিয়কৰ পথাৰলৈ পানী সৰবৰাহ কৰিব পাৰোঁ । যোৰহাট জিলাৰ জিলাধিকাৰীৰ পৰিচালনাত এই অভাজনো সোমাই পৰিছোঁ; যাতে খেতিয়কৰ কাৰণে কিবা এটা কৰিব পাৰোঁ, য’ত ভূমি সংৰক্ষণ বিভাগ, কৃষি বিভাগ, জলসিঞ্চন বিভাগ আৰু কৃষি বিশ্ববিদ্যালয় পঞ্চায়তী ৰাজ ব্যৱহাৰে একেলগ হৈ কাম কৰিব লাগিব ।

ভোগদৈ এখন সৰু নৈ । হ’লেও গোটেই বছৰ পানী বয় । অসমৰ দক্ষিণ সীমাত অৱস্থিত নগাপাহাৰৰ পৰা নামি অহা উত্তৰমুখী ভোগদৈৰ পথ মাটিৰ গুণাগুণ, ঢাল এইবোৰ কাৰণত যোৱা দুটা শতকত বহুত পৰিৱৰ্তিত হৈছে । ইতিহাসজনিত কিছুমান অন্য কাৰকো নৈৰ খনৰ পৰিৱৰ্তনৰ লগত সম্পৰ্ক আছে । ইতিহাসে কয়, এইখন নৈক আগেয়ে দিচৈ বুলি অভিহিত কৰিছিল । অসমীয়াৰ বাপতিসাহোন বিহুনামত উল্লেখিত ই এক বহু পুৰণি নৈ । আহোম ৰাজৰ শেষ ৰাজধানী দিচৈনগৰ গুচি মাছৰ হাট আৰু চকী হাটক প্ৰতিনিধিত্ব কৰি যোৰহাট হোৱা যোৰহাটৰ প্ৰতিজন বাসীয়ে জানে ৰজাবাহৰ কাষেৰে খাল খান্দি বোৱাই নিয়া ভোগদৈ নৈ মালৌ পথাৰৰ মাজেদি বৈছে ।

ইতিহাস সাক্ষী এসময়ত ভোগদৈ ব্ৰহ্মপুত্ৰৰ উপনৈ আছিল । পৰিস্থিতিয়ে ৰূপ সলাই ব্ৰহ্মপুত্ৰৰ লগত ইয়াৰ সম্পৰ্ক ছিন্ন কৰিলে । স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্ব কালত (১৭৬৯-১৮১০)ত প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাই ডাঙৰীয়াই বিভিন্ন জনগোষ্ঠীৰ (মোৱামৰীয়া, কছাৰী, মৰান আৰু চিংফৌ) দ্বাৰা সৃষ্টিত মোৱামৰীয়া বিদ্ৰোহৰ ফলত সৃষ্টি হোৱা অহেতুক সংঘাত নোহোৱা কৰিবলৈ দিচৈ নৈক কলিয়নী নৈৰ সৈতে সংযোগ কৰি, ইংৰাজী ১৭৯৫ চনত এটা বৃহৎ খাল খন্দোৱাইছিল । সেই খালটোৱেই ভোগদৈ যিখন ৰংপুৰৰ পৰা আহিলে বৰ আলিয়েদি (এ.টি ৰোড)  পাৰহৈ ৰংপুৰৰ পৰা ৰাজধানী তুলি আনি নতুনকৈ পতা দিচৈনগৰ পোৱাইছিল । সেই দিচৈনগৰেই আজিৰ যোৰহাট ।

অসমত বাৰিষাৰ বানপানীৰ লিখিত প্ৰমাণ ১৩শ শতিকাৰ পৰাহে আছে । ইতিহাসে কয়, ১৮৯৭ চনৰ ৮.৭ ৰিখটাৰ স্কেলত অহা ভূমিকম্পত অসমত ভালেমান ভূখণ্ডৰ পৰিবৰ্তন ঘটিল । ১৯১৭ চনত চলোৱা এটা সমীক্ষাত ওলাই পৰে যে ভোগদৈ নৈৰো প্ৰবাহমান সলনি হৈছে । ভোগদৈ নৈৰ নামনি অংশ এক বৃহৎ জলাহখণ্ডলৈ পৰিবৰ্তিত হৈ ভোগদৈয়ে তেতিয়াও ব্ৰহ্মপুত্ৰৰ মোহনাৰ লগত সংযোগ ৰক্ষা কৰি আছিল । কিন্তু ১৯৫০ চনৰ ১৫ আগষ্টত অহা ৮.৭ স্কেলৰ ভূমিকম্পৰ পিচৰ পৰা বানপানীয়ে বিভীষিকাৰ ৰূপ ধাৰণ কৰিলে । পূব ককিলামূখৰ কিলাকূটি মথাউৰি ব্ৰহ্মপুত্ৰৰ বানত উটি গ’ল । ফলত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে ভোগদৈৰ নামনি অংশত বিশাল ভূমিখণ্ড বিলৰূপী জলাহখণ্ডলৈ পৰিবৰ্তন হ’ল । এই বিলবোৰৰ নামবোৰ ঔনাবিল, শলকুৰা বিল, ঘটা বিল, ন-লখাই বিল আৰু অনেক । এটা সময়ত ব্ৰহ্মপুত্ৰৰ বাৰিষাৰ পানীয়ে আটাই কেউখন বিল একাকাৰ কৰি পেলালে । তৎসত্ত্বেও ভোগদৈৰ পানী এই বিলবিলাকৰ জৰিয়তেই ব্ৰহ্মপুত্ৰলৈ বৈ থাকিল । সময়ৰ কুটিল প্ৰবাহত এটা সময়ত ব্ৰহ্মপুত্ৰৰ তলী ওপৰলৈ উঠি পানীৰ লগত অহা মাটি, শিল, বালি, বোকা সকলো মিলি ব্ৰহ্মপুত্ৰৰ বক্ষ বাম হৈ পৰিল । ফলশ্ৰুতি বাৰিষাৰ বানপানী ।

ভোগদৈৰ পৰিবৰ্তিত ৰূপৰ প্ৰভাৱ

বানপানীৰ বিভীষিকাৰ ওচৰত হাৰ মানি সমগ্ৰ অসমত মথাউৰিৰ প্ৰয়োজনবোধ কৰি বনোৱা বহুত মথাউৰিৰে অন্যতম এক মথাউৰিও ১৯৫৬ চনত ভোগদৈক মাজত ৰাখি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত সজা হ’ল । এই মথাউৰিটোৱে আটাইকেউখন বিলক ভোগদৈৰ পৰা বিছিন্ন কৰি দিলে । বিছিন্ন ভোগদৈৰ নামনি অংশ মথাউৰিৰ সিপাৰে এতিয়াৰ পশ্চিম যোৰহাট পৰা ১২ কিলোমিটাৰ নিলগত ওপৰ-গৰুমৰা আৰু বাঁহফলা গাঁৱৰ কাষত পৰে । এইখিনি ভোগদৈক মানুহে মৰা দিচৈ বুলি কয় । একেখন মৰা দিচৈৰ এটা অংশ গোলাঘাট জিলাৰ বাদুলীপাৰৰ উত্তৰ-পশ্চিম অংশত দেখা যায় ।

ইফালে ভোগদৈ নৈ বৈ আছে । নাগাপাহাৰৰ পৰা লগত কঢ়িয়াই অনা মাটি, বালি, বোকা দি পলস ৰূপত মথাউৰিৰ ভিতৰফালে শেষৰ অংশৰ খলিহামাৰী বিলত থাপি থাপি নিজেও মৃত্যুৰ ফালে গতি কৰি আছে । এসময়ত মাছৰ ভোগালী ঠাইখিনি, সময়ৰ সোঁতত বিল ৰূপৰ পৰা লাহে লাহে ধাননি পথাৰলৈ পৰিবৰ্তিত ৰূপ পাবলৈ আৰম্ভ কৰিলে । এইখন খলিহামাৰী বিল এতিয়াৰ পৰা সাতোটা দশক আগতে ৮ৰ পৰা ১০.৫মিটাৰ দ আছিল । ঠায়ে ঠায়ে পূৰ্ণ ৰূপত বাঁহ বাৰীয়েই পতা হৈ গ’ল । মানুহৰ বসতিও দেখা গ’ল । এই খলিহামাৰী বিলখন যোৰহাটৰ উত্তৰ-পশ্চিম কোণত অৱস্থিত । খলিহামাৰী বিল খন পশ্চিম দিশত কাকডোঙা নৈৰ লগত লগ খাই আছে । বাৰিষাৰ উপৰুৱা পানী খলিহামাৰী বিলৰ পৰা কাকডোঙালৈ যায় । ভোগদৈ ব্ৰহ্মপুত্ৰৰ পৰা এৰা খাই ভোগদৈ কাকডোঙা দুয়োখন এক হৈ গেলাবিলত পৰিছেগৈ । কাকডোঙাও এসময়ত ব্ৰহ্মপুত্ৰত পৰিছিল যদিও ব্ৰহ্মপুত্ৰই কিয় এৰি দিয়ে তাৰ কাৰণ জনা নাযায় । গেলাবিলৰ এই অংশটো ব্ৰহ্মপুত্ৰৰ নামনিলৈ পূবৰ পৰা পশ্চিমলৈ নেঘেৰিটিং, দেৰগাঁও, বাদুলীপাৰচ হৈ কুৰুৱাবাহী ৰঙাগৰাৰ ওচৰত আৰু তাতেই গেলাবিলৰ ভটিয়নী সোঁত ধনশিৰীত পৰিছেগৈ । তাৰ পৰা ধনশিৰীমুখলৈ আঢ়ৈ কিলোমিটাৰ । এসময়ত গেলাবিলো ব্ৰহ্মপুত্ৰৰ উপনৈ আছিল । পিচত গেলাবিলক ব্ৰহ্মপুত্ৰই এৰি দিয়াৰ অনেক সময়ৰ পিচত পুনৰ অলপ নামনিত ধনশিৰীৰ জৰিয়তেহে ব্ৰহ্মপুত্ৰত মিলিছেগৈ । উজনিৰ গেলাবিলৰ মোহনা ব্ৰহ্মপুত্ৰই কিয় এৰিলে এই ক্ষেত্ৰত ইতিহাস নিমাত । ইমানেই ধাৰণা কৰিব পাৰি যে ককিলামূখ আৰু নিমাতী ঘাটৰ আশে-পাশে উজনী গেলাবিলৰ মুখখন আছিল ।
পাঠকে ভাবিছে চাগে খেতিৰ পানী ক’ত ? বানপানী ক’ত ? নৈৰ গতি আৰু এইবোৰ কথাৰ প্ৰাসংগিকতা ক’ত ?

ভোগদৈৰ অববাহিকা অঞ্চল

এতিয়া আহোঁ অববাহিকাতাৰ প্ৰাসংগিকতালৈ । ভূমি গঠনত বিভিন্ন নৈৰ দ্বাৰা সৃষ্টিত অববাহিকা খণ্ডৰ অশেষ গুৰুত্ব আছে । নৈৰ অববাহিতাৰ লগত অসম নাগালেণ্ডৰ পাহাৰ খণ্ডৰ ভূমিকাও সদায় থাকিব । যিদৰে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ অববাহিকা অঞ্চল নিৰ্মাণত নৈ আৰু ভূমিখণ্ডৰ অপৰিসীম গুৰুত্ব । ভোগদৈৰ ভৌগোলিক অৱস্থিতি সুক্ষ্মভাৱে লক্ষ্য কৰিলে ওলাই পৰে যে ইয়াৰ দক্ষিণে বান পীড়িত সমতল ভূমি আৰু উত্তৰ-পূবে নাগা-পাটকাই পাহাৰ । অৰ্থাত মৌচুমী বায়ু-বৰষুণৰ দ্বাৰা প্ৰভাৱিত বাম-দ দুয়োটা পৰিস্থিতিৰ মুখামুখি হোৱা এক বিৰল ভৌগোলিক স্পৰ্শকাতৰ স্থিতি । নাগাপাহাৰৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ১৪০০ মিটাৰৰ তলত । অসমৰ ভূমিখণ্ড সমতল আৰু নাগাপাহাৰতকৈ বহুত তলত । যোৰহাটৰ উচ্চতা সাগৰপৃষ্টৰ পৰা ৯৬.৬ মিটাৰৰ পৰা ১১৬.০ মিটাৰ ওপৰত ।

পাহাৰত ঘটা যিকোনো ভূমি-পৰিবেশ তন্ত্ৰৰ পৰিবৰ্তনৰ লগত ভৈয়ামতো সমানুপাতিক পৰিবৰ্তন ঘটে । এই কাৰণটোৰ বাবেই ভোগদৈৰ আৰম্ভণিৰ পৰা মুখলৈ মুঠ ১৬২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা হিচাব লাগে । ইয়াৰে ১০০কিলোমিটাৰ পাহাৰৰ মাজেদি গতি কৰি বাকীখিনি ভৈয়ামত ৬২.৫ কিলোমিটাৰ প্ৰবাহিত । যোৰহাটৰ ৯৪৫.৮৮ বৰ্গকিলোমিটাৰ মাটিকালিৰ পানী নিষ্কাষণ কৰা পানীখিনি ভোগদৈয়ে নি কাকডোঙাত এৰেগৈ । ভোগদৈ অববাহিকাই জাজীক পূবত ৰাখি পশ্চিমত কাকডোঙাক লৈ ভৌগোলিক অৱস্থিতি হ’ল ২৬°১৭΄৭΄΄ আৰু ২৬°৪৯΄২২΄΄ উত্তৰ অক্ষাংশ আৰু ৯৪°১΄৩০΄ ৰ পৰা ৯৪°২৯΄২΄΄ পূব অক্ষাংশত । ৯৪৫.৮৮ বৰ্গকিলোমিটাৰ ভূমি খণ্ডৰ ৫৩৭.৬০ বৰ্গকিলোমিটাৰ ভূমি অসম নাগাপাহাৰৰ নামনি অংশত অৱস্থিত । বাকীখিনি মাটি (৪৩.২২শতাংশ)সমতল অববাহিকাত পৰে ।

এই অববাহিকা ভূমি অংশৰ আকৃতি লক্ষ্য কৰিবলগীয়া । মাজৰ অংশ চেপা খাই পূব দিশলৈ ইংৰাজী V আখৰটোৰ দৰে ৰূপ লৈছে । নৈৰ এই অববাহিকাটোৰ প্ৰস্থ দুয়োপাৰে চাৰি কিলোমিটাৰকৈ অধিক নহয় । প্ৰস্থ ক্ৰমান্বয়ে উত্তৰৰ ফালে বাঢ়ি গৈছে । লগতে ভূমিৰ ঢাল পশ্চিমমূৱা হোৱাৰ বাবে যোৰহাটৰ দক্ষিণ-পশ্চিমৰ অন্য জান-জুৰিকো কাকডোঙাত মিলাবলৈ পশ্চিমমূৱাকৈ ব’বলৈ বাধ্য কৰিছে । এইটো কাৰণতে ভোগদৈৰ পানীক কাকডোঙাৰ বিপৰীতে পূবমূৱা কৰিছে । অন্যফালে পূবদিশত থকা জাজী নৈৰ অববাহিকা ভূমিখণ্ড ভোগদৈ অববাহিকা খণ্ডৰ ফালে সোমাই অহাত ভোগদৈ অববাহিকাৰ মাজ অংশই ক্ষীণ ৰূপ পাইছে । তাৰ পিচতেই ক্ৰমান্বয়ে বহল হৈ চাৰি কিলোমিটাৰ মানতে শেষ হৈছে ।

ভোগদৈৰ প্ৰকৃত উত্স

আহক এতিয়া বৰষুণৰ পানীৰে সৃষ্টি হোৱা ভোগদৈৰ আগ অংশ নাগাপাহাৰৰ মোককচাঙৰ ওচৰলৈ যাওঁ । ইয়াৰ আৰম্ভণি প্ৰায় ১৪০০ মিটাৰ সাগৰ পৃষ্ঠৰ উচ্চতাত । ভৌগোলিক স্থিতি ৯৪°২৭΄২৩˝ পূব অক্ষাংশৰ পৰা ২৬°২৯΄৬৮˝ উত্তৰ অক্ষাংশত । উত্সতে নৈখনৰ নাম চুজেনয়ং নালা । চুজেনয়ং নালা প্ৰথম চাৰে তিনি কিলোমিটাৰ উত্তৰৰ পৰা দক্ষিণমূৱাকৈ থিয় হেলনীয়া পাহাৰৰ মাজেদি বৈ আহিছে । তাৰ পিচতে দুটা পাহাৰৰ সমান্তৰাল দাঁতিৰ মাজত ২০০মিটাৰৰ পৰা ৩০০ মিটাৰ সাগৰপৃষ্ঠ ওপৰত এখন সমতল ভূমি তৈয়াৰ কৰিছে আৰু চুজেনয়ংৰ ২৫.৫ কিলোমিটাৰ ধাৰা উত্তৰ-পূবমূৱা অৱস্থানৰ পৰা দক্ষিণ-পশ্চিমমূৱা হৈ বৈছে । ইয়াৰ পিচতে ২০০মিটাৰ তললৈ হঠাৎ চুলিত মৰা ক্লীপৰ দৰে পাক লৈ পুণৰ দক্ষিণ-পশ্চিম দিশ এৰি উত্তৰ-পূবমূৱা হৈ ব’বলৈ ধৰিছে । এই পাকটোৱেই অসম নাগাপাহাৰৰ আন্তঃৰাজ্যসীমা বিভাজিত কৰিছে ।

ভোগদৈ অববাহিকা

নাগা পাহাৰত ভোগদৈ উত্সৰ পৰা বৈ আহোঁতে দুয়োপাৰৰ অসংখ্য পাহাৰীয়া নিজৰা লগ হৈ ভোগদৈক সম্পূৰ্ণ এক বেলেগ ৰূপ দিছে । এই পাহাৰী নিজৰাবোৰৰ বাওঁফালৰ পাৰৰ কেইটামান নাম দিছোঁ জানিবৰ বাবে – চিটিট নালা, টিপু আয়ং, লংনাক নালা, ইঙচু নালা, যুচেমচা নালা, আউতযু নালা, জংচেন নালা, টেচাহবা নালা, বৰকচু নালা, থিচু নালা, কিকেনচিভেন নালা, কিকানচু নালা, আটেমটমচু নালা, ইনসিতা নালা, পিফি নালা, জপু ঘকি, পুকালু ঘকি, এজেখেকি ঘকি, আলুলিপা ঘকি, লংবা নালা, পংখং নালা, কুংখুং নালা, লিটুমচুং নালা, ৱাকলাক নালা, কুৰাল নালা, ৱাটিচাং নালা, আমংঘেন নালা ইত্যাদি আৰু অনেক । সোঁফালৰ পাৰৰ কিছুমান নাম-চিয়ং নালা, চুমেৰেন নালা, চুৰুং ৰুং, চাম্পি নালা, লাম্পি নালা, আবাকি ঘকি, মেটচুটচুং নালা, আজুফাবা ঘকি, যুনাচি ঘকি, আলুপাকিযি ঘকি, আকুলা ঘকি, মংগত চু, আইলাং নালা, নানাকা চু, চচচাপা চু, টিখাং চু, চাংচেং চু ইত্যাদি অনেক । ইয়াৰে কিছুমান বৰ্ষাসিক্ত, কিছুমান গোটেই বছৰ বয় । নাগাপাহাৰৰ সীমাৰ ভিতৰত ভোগদৈৰ নাম বিভিন্ন অংশত বিভিন্ন নামেৰে জনা যায় । ভোগদৈ নাগা পাহাৰৰ গোটেই দৈৰ্ঘ্য অংশত বিক্ষিপ্ত ভাবে সিচঁৰিত হৈ থকা মানুহৰ পাতলীয়া বসতিৰ মাজেৰে বৈ আহিছে । কোনো অংশ ঘন হাবিৰে ভৰা । কোনো অংশ মানুহৰ অত্যাচাৰৰ বলি হৈছে ।

ভোগদৈ অসমত সোমোৱা অংশ নাগাজাঙ্কাৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ১৪০ মিটাৰ । মৰিয়নিৰ পৰা ৬ কিলোমিটাৰ দক্ষিণলৈ । নাগাজাঙ্কা নামেৰে প্ৰবাহিত পাহাৰীয়া জুৰি এটাও ভোগদৈত পৰিছেহি । নাগাজাঙ্কা পাইয়ে ভোগদৈয়ে উত্তৰমূৱা যাত্ৰা আৰম্ভ কৰি বহু গাঁও চুই যোৰহাট পাইছেহি । সমতল ভূমিত সোঁহাতে মাত্ৰ দুটা জান আহি ভোগদৈত মিলিত হৈছে । কলিয়নী জান আৰু চেনী জান বা ৰঙা জান । ভোগদৈৰ পূব পাৰৰ ভূমি সমানে বহল নহয় । ঠায়ে ঠায়ে চাৰি কিলোমিটাৰ । নহ’লে তাতোতকৈ কম । পশ্চিম পাৰৰ ভূমি খণ্ড পূবখণ্ডতকৈ বহল । ভোগদৈৰ পশ্চিম পাৰত সমান্তৰালকৈ ধলা জান বৈ ভোগদৈতে মিলিছে । সৰু চৈকতা জান আৰু বৰচৈকতা জান নামৰ দুটি বৈ গৈ এঠাইত মিলি ধলা জান নাম লৈ ভোগদৈত পৰিছে । ধলা জান উত্তৰমূখী হৈ বৈ বৰ ধলী নাম পাইছে । বৰ ধলীৰ লগতে সৰু ধলীয়েও কাষেৰে বৈ থাকি সৰু সৰু জুৰিবোৰৰ পানী গোটাই নি ভোগদৈত পেলাইছেগৈ । অন্য জানবোৰ – তৰা জান (একেখন জান নামনিলৈ সৰু চৰাই জান), ৰৰৈয়া জান, ভোগদৈৰ বাওঁহাতে টোকোলাই জান ভোগদৈত গৈ পৰা উল্লেখ কৰিবলগীয়া জান । সমতল ভূমিত সকলো জান-জুৰি দক্ষিণ-পূবমূৱা হৈ উত্তৰ-পশ্চিমমূৱা হৈ বৈছে । এইবোৰে এটাই ইংগিত দিয়ে ভোগদৈ অববাহিকাৰ সমতল অংশৰ ঢাল উত্তৰ-পশ্চিমমূৱা ।

নীৰ প্ৰবাহ

মানব ইতিহাসত কৃষিৰ বিকাশৰ লগতে দৈনন্দিন প্ৰয়োজনৰ বাবে পানী গোটোৱা কথাটো একো নতুন নহয় । প্ৰকৃতিৰ ওচৰত মানুহে হাৰ মানিব নুখুজে । বিভিন্ন সময়ত বিভিন্ন পৰিবেশত বিভিন্ন উপায়েৰে মানুহে পানী গোটোৱা কামটোও কৰি আহিছে । অসমত বৰষুণেই ইমান বেছি হয় যে আমি পানীৰ কাৰণে হাহাকাৰ কৰিছোঁ শুনিলে বৰষুণ কম হোৱা ঠাইৰ মানুহে কিবা এটা ক’বলৈও ভাষা বিচাৰি নাপায় ।

অসমৰ মুঠ গঢ় বৰষুণৰ পৰিমাণটো উলিয়াবলৈ অসমৰ মাটিকালিক ২০০ চেন্টিমিটাৰেৰে পূৰণ কৰি দিলেই ওলাই পৰে । হওঁতে বৰষুণ বাৰিষাহে হয় । ইয়াৰে সৰহখিনি পানী নৈবোৰে দি ওলাই যায় । এটা অংশ মাটিৰ তললৈ যায় । বাৰিষা পানী যোগানৰ ব্যৱস্থাটোক লৈ যদিও এতিয়াও মূৰ ঘমোৱা নাই সেইটো দিনো দূৰ নহয়, যেতিয়া শালি খেতিৰ কাৰণে পানী লাগে বুলি খেতিয়ক ৰাজপথলৈ ওলাই আহিব । বতৰ সলনি হোৱা কাৰকবোৰে বৰষুণৰো গতি বিধিত বিধি পথালি দিছে ।

এইখিনিতে এটা তুলনামূলক আভাসৰ কাৰণে ভাৰতত বৰ্তমান চলি থকা নদী বান্ধৰ কথা কওঁ । পাঠক, মন কৰিব এই আলোচনাটোত বৰ্ত্তমানৰ বিতৰ্কিত নামনি সোৱনশিৰী প্ৰকল্পৰ লগত সমূলি সম্বন্ধ নাই । ২০০০ চনলৈকে ভাৰতৰ বিভিন্ন নদীত সজা নদী বান্ধ প্ৰকল্পৰ সংখ্যা ৪০০০ ওপৰলৈ উঠিছে । এই বান্ধবোৰৰ কিছু সংখ্যক বানপানীৰ পৰা বাচি থাকিবলৈ সজা, কিছুমান পানী যোগানৰ বাবে, কিছু জলবিদ্যুৎ প্ৰকল্প আৰু ৯৬শতাংশই জলসিঞ্চন পৰিযোজনা । আমেৰিকা, চীনদেশৰ পিচতেই ভাৰতৰ স্থান বান্ধৰ ক্ষেত্ৰত তৃতীয় । অসমৰ ক্ষেত্ৰত আটাইবোৰ বানপানীৰ পৰা সকাহ পাবলৈ নৈৰ দুয়ো পাৰে বন্ধোৱা বান্ধ ।

কিঞ্চিত উপায়

এতিয়া আহোঁ পানী কেনেকৈ চপাম ?

ডাঙৰ পুখুৰী খান্দি বৰষুণৰ পানী সংৰক্ষণ কৰি পানী,বৰষুণ নোহোৱা সময়ত ব্যৱহাৰ কৰা পদ্ধতি পুৰণি যদিও এতিয়াও সঠিক প্ৰথা ।

ঘৰৰ চালৰ পৰাও বৰষুণৰ পানী সংগ্ৰহ কৰিব পাৰি ।প্ৰয়োজন সংগ্ৰহ কৰা চৌবাচ্চা বা মাটিৰ তলত বৃহদাকাৰ পানী টেঙ্ক আদি উলিয়াই নিবলৈ পাম্প বা অন্য চলিত ব্যৱস্থা ।

আহোম ৰজাৰ দিনত যিমানবোৰ সাগৰ সদৃশ পুখুৰী খন্দোৱা হ’ল সেইবোৰ প্ৰাকৃতিক একুইফায়াৰৰ লগত সংযোজিত হোৱা বাবে পানী নুশুকায় । শিৱসাগৰ পুখুৰীটো পাৰ বান্ধি খন্দোৱা পুখুৰী বুলিলে বিশ্বাসেই নহয় । এইটো পুখুৰীৰ পানীৰে সমগ্ৰ শিৱসাগৰ চহৰখনৰ লৌহমুক্ত পানী যোগান ধৰে । কোনোকালে নুশুকোৱা, নজহা, নপমা এইটো পুখুৰীৰ নিচিনা আৰু অনেক পুখুৰী এইখন অসমতে অলেখ আছে । আমি বাৰু খবৰ ৰাখিছোঁনে ?

বৈ যোৱা নৈক ভেটা মাৰি বৰষুণৰ পানী উপলব্ধ কৰি খেতিপথাৰলৈ বোৱাই নি বেছিদিনলৈ খেতি কৰিব পাৰি । খোৱা পানীৰ কথাটো সুকীয়া । খেতিৰ প্ৰসঙ্গ আহিলে পানীৰ প্ৰয়োজনৰ পৰিমাণ বৃদ্ধি পায় । প্ৰতিজন খেতিয়কৰ পথাৰ পোৱাবলৈ পানীক পথ লাগিব ।

অসম চৰকাৰৰ Water Resource Department এটা বিভাগীয় তথ্য মতে ওপৰসীমা, নিম্ন সীমা আৰু গঢ় মাত্ৰা হিচাবত ভোগদৈয়ে নিষ্কাষিত কৰা পানীৰ পৰিমাণ ৪১০, ০.১ আৰু ৭৫ ঘনমিটাৰ প্ৰতি চেকেণ্ডত । আমি বাৰু ভোগদৈক ভেটাৰ কথা ভাবিব পাৰোঁ নেকি ? আগতেই ভোগদৈৰ অসমৰ সীমাত সাগৰ পৃষ্ঠৰ উচ্চতাৰ বিষয়ে কৈ অহা হৈছে । উক্ত ৬২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ বেলেগ বেলেগ স্থানত বেলেগ বেলেগ স্তৰত পথালি বান্ধ সাজি ভোগদৈৰ পানী অহৰহ বৈ থকাৰ ব্যৱস্থা কৰি, লগতে প্ৰাকৃতিক ঢালক ব্যৱহাৰ কৰি চেনেল খান্দি স্লুইচ গেটৰ সহায়ত নিয়ন্ত্ৰণ কৰি ভোগদৈ অববাহিকাত পানী যোগান সম্পূৰ্ণ কৰিব পৰা যাব । প্ৰয়োজনবোধে নৈৰ পানী উত্তোলন কৰি হ’লেও চেনেলেৰে পানী বোৱাই নিয়াৰ প্ৰয়াস কৰিব লাগিব । নিঃসন্দেহে এইবোৰ বিনামূলীয়া হ’ব নোৱাৰিব । পানী ভাগ বটোৱাৰা, ব্যৱহাৰৰ সময়, পথাৰৰ স্থান এইবোৰ স্থানীয় গাঁও পঞ্চায়তৰ জৰিয়তে ঠিক কৰি দিয়া হ’ব যাতে কোনো বঞ্চিত নহয় । ঠিক একে দৰে ভোগদৈৰ উপনৈ কেইখনৰো ব্যৱস্থা কৰিব নোৱাৰা কোনো কাৰণ নাই । অসমৰ সৰহ সংখ্যক জিলাকে নৈৰ সীমাৰে ভাগ কৰা আছে । তেনে ক্ষেত্ৰত আন্তঃজিলা সহযোগিতাৰে আগবাঢ়িলেই উভয় ৰাজ্যৰ খেতিয়ক লাভান্বিত হ’ব ।

ঠাই বিশেষে ধৰি লওক তিতাবৰ মহকুমাৰ খেতি-পথাৰবোৰ নাগাপাহাৰৰ শিলৰ গাঁথনিৰ ওপৰত স্থিত । নৈৰ পানীৰ উত্সও কম । ইয়াৰ ভালেমান ঠাইত বৰষুণৰ পানী গোটোৱাৰ স্থিতি আহিব । এই গোটেই কামখিনিৰ বাবে আমাৰ সহযোগী বিভাগৰ চৰকাৰী কমৰ্চাৰী প্ৰতিটো উন্নয়ন খণ্ডৰ গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰতিজন খেতিয়কৰ ওচৰলৈ যাব । প্ৰস্তুত কৰি তোলা আঁচনিক প্ৰতিখন পঞ্চায়তে অনুমোদন নজনোৱা আঁচনি আমি চৰকাৰক জমা দিবই নোৱাৰিম । আমাৰ লক্ষ্য এটাই খেতিৰ কাৰণে পানী পূৰ্ণমাত্ৰাই উপলব্ধ হওক । বিজ্ঞান সন্মত প্ৰয়োজনীয় চেনেল খান্দি নিয়া বা বৰষুণৰ পানী গোটোৱা স্থান বা পুখুৰী ইত্যাদিৰ বাবে মাটিৰ উপযুক্ত ক্ষতিপূৰণ কেন্দ্ৰীয় চৰকাৰৰ পূঁজিৰ পৰাই দিয়া হ’ব । এই আঁচনিখনৰ এইটোৱেই বিশেষত্ব, অৰ্থাৎ ওপৰৰ পৰা জাপি দিয়া অনুদানেৰে নহয়, বৰং নিজে নিজৰ প্ৰয়োজন দেখুৱাই পূঁজিৰ আঁচনি প্ৰস্তুত কৰি সেই আঁচনিৰ অনুমোদন লভি নিজেও লাভবান হওঁ, ৰাজ্য ও দেশকো প্ৰগতিৰ পথত আগুৱাই নিওঁ । এইয়া আমাৰ পণ । কৰিহে এৰিম । কৰিহে এৰিম ।

নিঃসন্দেহে ই এক প্ৰত্যাহ্বান । আহক, যোৰহাটৰ প্ৰতিজন খেতিয়ক আমাৰ সহযোগী হওক । আপোনালোকক সহায় কৰাৰ সুবিধা দিয়ক ।

যোৰহাটখন থোৰতে-

১) মহকুমাঃ যোৰহাট (সদৰ), তিতাবৰ আৰু মাজুলী

২) বিধান সভা সমষ্টিঃ যোৰহাট, তিতাবৰ, মৰিয়নি, টিয়ক, দেৰগাঁও আৰু মাজুলী
৩) জনবসতিৰ ঘনত্বঃ ৩৮৩ জন প্ৰতি বৰ্গ কিলোমিটাৰত(২০১১ পিয়ল)
৪) ৰাজহ চক্ৰঃ পূব যোৰহাট, পশ্চিম যোৰহাট, তিতাবৰ, টিয়ক, মৰিয়নি আৰু মাজুলী
৫) উন্নয়ন খণ্ডঃ যোৰহাট উন্নয়ন খণ্ড (বাঘচোং), উত্তৰ-পশ্চিম উন্নয়ন খণ্ড (ঢেকৰগড়া ), পূব যোৰহাট উন্নয়ন খণ্ড (চেলেংহাট), তিতাবৰ উন্নয়ন খণ্ড, কলিয়াপানী উন্নয়ন খণ্ড, কেন্দীয় যোৰহাট উন্নয়ন খণ্ড (চিপাহীখোলা), মাজুলী উন্নয়ন খণ্ড আৰু উজনী মাজুলী উন্নয়ন খণ্ড
৬) মুঠ গাঁও পঞ্চায়তঃ ১১১
৭) মুঠ গাঁওঃ ৪৫৮

(সহায় লৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!