নিৰামিষভোজীৰ সপক্ষে – দেবাঞ্জন বৰঠাকুৰ

বিষয়টো বিতৰ্কিত নহয়নে? শিৰোনাম দেখি বহুতেই ভাবিব, এইজন ওলাইছে নিৰামিষভোজীৰ সপক্ষে জ্ঞান দিবলৈ৷ কথাতো তেনেকুৱা চাগৈ নহয়৷ প্ৰ্শ্নটো হৈছে- আমিষ আহাৰ কেৱল মুখৰ তৃপ্তি নে? আৰু যদি আমি মানুহবোৰ অনুগৃহীত মাংসাহাৰী নহয় তেনে জীৱ জন্তুৰ হত্যা উচিত নে? প্ৰশ্নটো এটা অংক সমাধান কৰাৰ নিচিনাকৈ বেলেগ বেলেগ ধৰণেৰে কাষ চাপিব পাৰি৷ প্ৰথমটো হ’ব খাদ্য বিজ্ঞানৰ ফালৰ পৰা৷ আমেৰিকাৰ American Dietetic, Association, ৰ গৱেষণাই কয়, “If well-planned and fortified to balance their deficiencies, vegetarian and vegan diets can become nutritionally adequate and can be appropriate for all stages of the life cycle, including during pregnancy, lactation, infancy, childhood, and adolescence.৷” গৱেষণাৰ মতে নিৰামিষ আহাৰ যদি সুচিন্তিত আৰু সুষম হয় তেনে ই সঠিক পৰিপুষ্টিৰ বাবে যথেষ্ট৷ খাদ্য বিজ্ঞানৰ ফালৰ পৰা বাৰু উত্তৰ এটা পোৱা গ’ল, এতিয়া ইয়াৰ বিপক্ষেও হয়তো কোনোবাই আন গৱেষণা পত্ৰ দেখাব পাৰে, য’ত অপ্ৰতুল, অযোগ্য বুলি নিৰামিষ আহাৰক তাচ্ছিল্য কৰা হ’ব৷ তেতিয়া এটা প্ৰশ্ন উঠিব, ছাৰ আইজাক নিউটন,লিয়নাৰ্ড’ ডা ভিনচি,ৰামানুজন,নিক’লা টেছলা,এডিচনে কি নিৰামিষ ভোজী হৈ অপৰিপুষ্টিত ভুগিছিল নিকি, ভিটামিনৰ অভাৱত ! ই তেওঁলোকৰ বিজ্ঞানীক গৱেষণাত প্ৰভাৱ পেলোৱা নাছিল নে? ইয়াৰ উত্তৰ কোনেও নিশ্চয় কৈ আজিলৈকে দিয়া নাই৷ এতিয়া চাগৈ, কোনোবাই প্ৰশ্ন কৰিব, ঠিক আছে, বুদ্ধিমান বিজ্ঞানী হ’ব লৈ আমিষহাৰী হোৱাৰ কোনো প্ৰয়োজন নাই, কিন্তু আমিষ আহাৰ খালেই বা কি যায়? প্ৰ্শ্নটো মইও বহুত ভাবিছোঁ আগতেও এতিয়াও৷ গীতাৰ ১৭ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ শ্লোকত কৈছে, “आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः৷ रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः৷৷17.8৷৷” অৰ্থাৎ যি খাদ্যই শক্তি,সুষ্ঠ শৰীৰ আৰু মানসিক প্ৰশান্তি দিয়ে,তেনে খাদ্য সাত্বিক মানুহৰ প্ৰিয়৷ নিশ্চয় কৈ আমিষ আহাৰক তামসিক খাদ্যৰ ভিতৰত ধৰা হয়, যি অজ্ঞানতা, দুখ, কষ্টৰ পৰিচায়ক বুলি ধৰা হয়৷ শাস্ত্ৰৰ কথা ক’লে বহুতে, নিৰপেক্ষ তাৰ উপৰত প্ৰশ্ন তুলিব পাৰে, সেয়ে শাস্ত্ৰ এৰি বিজ্ঞানৰ কাষলৈ যোৱা ভাল৷ চালম’নেলা বেক্টেৰিয়াৰ পৰা টাইফয়ড হয়, আৰু এই চালম’নেলা আমি খোৱা কুকুৰাৰ কণীটোতে থাকে৷ গৰুৰ মাংসৰ পৰা Mad Cow বেমাৰ হ’ব পাৰে, আৰু আজিকালিৰ ইষ্ট্ৰজেন হৰমন দিয়া কুকুৰা বোৰ খোৱাৰ পৰা কি কি বেমাৰ হ’ব পাৰে, এবাৰ গু’গল চালেই জানিব পৰা যাব৷ ইমানখিনি ঠিকে আছে, তাৰ পাচতো কোনোবাই ক’ব পাৰে, আমিষ খোৱাতো মোৰ অধিকাৰ৷ তেতিয়া হয়তো, অলপ মনোবিজ্ঞান,অলপ দৰ্শন আৰু নৈতিকতাৰ কথা আহিব পাৰে৷ এখন কিতাপ পঢ়ি চালে এই খাদ্যৰ মনোবিজ্ঞানৰ কথাতো বুজাত সুবিধা হ’ব৷ কিতাপ খন হৈছে- ‘Why We Love Dogs, Eat Pigs and Wear Cows: An Introduction to Carnism৷’ আমাৰ চিনাকি চেলিম আলি চাৰৰও এখন কিতাপ আছে, Meat: The opium of the 21st Century, সেইখন পঢ়ি চালেও কিছু কথা জানিব পাৰিব৷ আৰু বহুত কথা আছে যেনে Meat Paradox আদি৷ এই যে বিবেক বুলি কিবা এটা আছে, সি কয়-  কেফচি-ত বাৰু গ’লা, কিন্তু তোমাৰ এসাঁজ আহাৰৰ জুতিৰ বাবেই যে, সেই জন্তু বা চৰাইটোৰ অনুমতি অবিহনে হত্যা কৰা হ’ল, ইয়াতেই বিবেকৰ দংশন ৰ কথাতো আহে, কাৰণ আমি মানুহ৷ লিখিবলৈ বহুত আছে, বিবেকৰ শক্তি নিশ্চয় মুখৰ জুতিত কৈ বেছি৷ শেষত হোমেন বৰগোহাঞিয়ে নিজে লিখা প্ৰবন্ধৰ এচোৱা তুলি দিলো৷ “পানীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ যিবোৰ উপায়ৰ কথা চিন্তা কৰি থকা হৈছে সেইবোৰৰ ভিতৰত এটা হ’ল মানুহে মাংস খোৱাৰ অভ্যাস ত্যাগ কৰা বা বছৰত মাত্ৰ কেইটামান দিন নামমাত্ৰ মাংস খোৱা৷ মাংসৰ দাম ইতিমধ্যেই ইমান আকাশ-লংঘী হৈছে যে দৰিদ্ৰ বা নিম্ন মধ্যবিত্ত মানুহ দূৰৰ কথা-মধ্যবিত্ত শ্ৰেণীৰ মানুহেও আগৰ নিচিনাকৈ মাংস খাই থকাৰ কথা কল্পনা কৰিব নোৱাৰা হৈছে৷ সি যি কি নহওক, মাংসৰ লগত পানীৰ সমস্যাৰ সম্পৰ্ক কি? সম্পৰ্ক হ’ল এইটোয়েই যে “মাত্ৰ এক কিল’গ্ৰাম মাংস উৎপাদন কৰিবলৈ সাত কিল’গ্ৰাম পশু খাদ্যৰ প্ৰয়োজন হয়, আৰু এই সাত কিল’গ্ৰাম পশু খাদ্য উৎপাদন কৰিবলৈ সাত হাজাৰ লিটাৰ পানী ব্যৱহাৰ কৰিব লগা হয়” তেওঁ আকৌ লিখিছে, “বো
ধ হয় এইবোৰ চিন্তা কৰিয়েই ষ্টিফেন হকিঙৰ প্ৰশ্নৰ উত্তৰত এজন মানুহে কৈছে যে মানৱ জাতিক ৰক্ষা কৰাৰ এটা উপায় হ’ল মাংস ত্যাগ কৰি ফল-মূল আৰু শাক-পাচলি বেছিকৈ খোৱা৷” হোমেন বৰগোহাঞিৰ “মই যেতিয়া ক্লান্ত হ’ও” কিতাপ খনৰ প্ৰবন্ধটি পঢ়ি হয়তো মনৰ এচুকত লুকাই থকা জীৱ জন্তুৰ প্ৰতি প্ৰাপ্য সন্মান দিয়াৰ যুক্তি ডাঙি ধৰিব বিচৰা বিবেক নামৰ সত্তা তোয়ে এই কথাখিনি লিখিবলৈ প্ৰলুব্ধ কৰিলে কাৰণ সমাজ পাতি থাকিলেও, আমিও মেমেলিয়া শ্ৰেণীৰ আৰু হমিনয়ড পৰিয়ালৰ অন্তৰ্ভুক্ত একো একোটি জীৱ মাথো৷ আমাৰ দৰে জন্তুবোৰৰো অধিকাৰ আছে আৰু আমি সিহঁতৰ এই অধিকাৰ খৰ্ব কৰাৰ নৈতিক অধিকাৰ আমাৰ নাই৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments