আস্, নষ্টালজিয়া..! – মামনি দাস

টিনপাতৰ চালত বৰষুণ পৰিলে হোৱা শব্দটোৰ সৈতে কিমান বছৰৰ চিনাকি আছিল বাৰু! পঢ়া টেবুলত বহোঁ যদিও মনোযোগ নাই৷ চিয়াঁহী পেনৰ নিবটো পথালিকৈ হেঁচি চিয়াঁহীৰ দাগ বহুৱাই থাকো বহীৰ শেষ পাত লুটিয়াই৷ কাৰেণ্ট নাথাকে৷ সন্মুখত লেম্পচাকিটো৷ বৰষুণ পৰি থাকে টিনপাতৰ চালত৷ কাণখনত সোপা মাৰি ধৰো জোৰকৈ, লাহে লাহে এৰি দিওঁ৷ “হঅঅঅঅ…..“ ডাঙৰৰ পৰা সৰু হৈ যোৱা এটা শব্দ৷ আকৌ ধৰোঁ, আকৌ এৰি দিও… এইবাৰ অলপ গতিটো বঢ়াই দিওঁ….“হঅঅ“ “হঅঅ“ শব্দ৷ নতুনকৈ কিবা এটা বস্তু যেন আৱিষ্কাৰ কৰিছোঁ৷ নিজৰ মাজতে মছগুল হৈ হৈ মুখত এটা মিচিকীয়া হাঁহি৷ ওচৰত থকা ভাইটিকো দেখুৱাও- “ঐ, এনেকৈ সোপা মাৰি কাণখন এৰি দেচোন, চা কেনে লাগে“ ….সিও মোলৈ চাই একেদৰে কৰে৷ কি মজা! তাৰপিছত দুয়োটাই ফূৰ্তিটো একেলগে পাই খিলখিল হাঁহি৷ হাঃ হাঃ হাঃ হাঃ…… টেবুলত থপৰিয়াই থপৰিয়াই হাঁহোতে গ’ল নহয় লেম্পচাকিটো পৰি৷ মাৰ ৰঙা চকু… দেউতাৰ ধমক… কাৰেণ্ট আহে…জ্বলি উঠে চৌপাশ…যেন এটা নতুন পৰিৱেশ! .. আজিৰ ইনভাৰ্টাৰৰ যুগত যিটো অনুভৱ কৰিব নোৱাৰি৷ “য়ে আহিল আহিল“…. আমাক ভাত খুৱোৱা কাম আৰম্ভ হৈ যায়৷ জানেই, যিমানখিনি নৌটংকী কৰিম, আমাক খুৱাই মাহঁতে নিজেও খাই আজৰি হৈগৈ মানে ভালেখিনি ৰাতি হ’বগৈ৷ আকৌ ভাতৰ পাতত সদায় একেখন নাটক- “না না নাখাওঁ, বেয়া পাওঁ, নাখাওঁ“…..প্ৰথমতে মৰমৰে, অঁকৰামি বেছি হ’লে আগত এডাল এচাৰি লৈ মাৰ ৰঙা চকু, উপায় নাপালে দুই-এচাট….. “ভেএএএ, মোক মাৰিছে, “- চকুপানী মচি মচি কন্দনমুৱা মুখখন ফুলাই উচাৎ মাৰি আনটো ৰুমলৈ দৌৰ৷ ভাতৰ পাতত আধা ভাত থৈ লৰ মাৰিছো৷ মাহঁতক যে কিমান আমনি দিছো- তাৰ কোনো চিন্তা নাই, কোনো দুখ নাই৷ নিজৰ মৰ্জিত খঙ…অভিমান…অকঁৰামি…বদমাছি… শুই যাওঁ পিছলৈ কাৰোবাৰ কান্ধত নিমাখিত মুখ এখন লৈ৷ ৰাতিপুৱা সাৰ পাওঁ বিছনাত৷ সৰু অকণমাণি দেহটোত মাই সাৱট মাৰি ধৰা এখন হাত৷ দিনবোৰ যায়, ৰাতিবোৰ যায়৷ কোনো জঞ্জাল নাই৷ জোনাক নিশা জোনটোক লৈ ক’ত যে কি গুজৱ! দেওবাৰে আটাইবোৰে অকণিৰ মেল শুনিবলৈ ৰাতিপুৱাতে ৰৈ থাকো৷ আঁত ধৰোঁতা বাইদেউজনীৰ মাতটো শুনিয়েই কিবা এটা ভাল লাগি গৈছিল৷ এবাৰ অংশগ্ৰহণ কৰাত তেওঁক লগো পাইছিলো৷ পিছে নিচেই কাষতে পাই ভালকৈ মতাতো দূৰৰে কথা, হেবাঙটো হৈহে গুচি আহিলো৷ তথাপিও কোনো আক্ষেপ নাই৷ দুখ নাই৷ কিবা এটা ভুল কৰিছো, পাহৰিছো৷ কিবা এটা ভাল কৰিছো, কিৰিলিয়াইছো৷ কোনোবাই কিবা ইতিকিং কৰিছে, বক্ৰোক্তি কৰিছে, একো বুজিয়েই পোৱা নাই৷ নিজৰ মৰ্জিত নিজৰ জগতত মছগুল হৈ উটি গৈছো৷ নিজৰ জয়ত নিজেই হাঁহিছো, ওচৰত থকাটোক কৈছো- “চা, চা, মই কি ধুনীয়া বস্তু বনালোঁ…“ কাগজৰ নাও…কাগজৰ ফুল…. লিচুৰ গুটিত ধূপৰ কাঁঠি সুমুৱাই চকৰি….পথাৰে পথাৰে গৈ ফৰ্মূটিয়াইছো মিঠা মিঠা বগৰী..

উফ্, নষ্টালজিয়া! সেয়া শৈশৱ৷ সেয়া কান্দিয়েই ৰণ জিকা দিন, চিঞৰিয়েই ৰজা হোৱাৰ দিন৷ কিৰিলি, যেন চাৰিওফালে কিৰিলি৷ সৰু সৰু খঙবোৰ, দুখবোৰ কৰ্পূৰৰ দৰে উৰি যোৱা দিন৷ এঠাঁ লগা দুখবোৰ বুজিবলৈ তিলমানো ক্ষমতা নথকা দিন আছিল সেয়া৷ আজি শাওণমহীয়া বৰষুণজাকৰ সৈতে কথাবোৰ সৰসৰকৈ নামিছে৷ কথাবোৰ ৰৈ গৈছে৷ কথাবোৰ কবিতা হৈছে, গান হৈছে৷ এনে কোনো কথা নাছিল যে অনুভৱবোৰ সাঁচি থ’ম, কৰ’বাত টুকি ৰাখিম, কাৰোবাক বিলাই দিম, কাৰোবাক শুনোৱাম, কৈ কৈ হাঁহিম, কৈ কৈ কান্দিম! …. বহুত মানুহ দেখিছোঁ যিয়ে কথাবোৰ ধৰি ৰখাৰ বাবে পাত্ৰ বিচাৰি হামৰাও কাঢ়ি ফুৰে, শৈশৱক সাঁচি ৰাখিব নোৱাৰাৰ দুখত চকুপানী মচে, খং-আক্ষেপত টেবুলতেই ঢকা মাৰি কয়- “চাল্লা কি জীৱন পালোঁ, গান এটা শুনিবলৈ, কবিতা এটা পঢ়িবলৈ সময় নাই“….. মই সুখী! পাই পাই কিবা এটা হেৰুওৱাৰ দৰে, হেৰুৱাই হেৰুৱাই কিবা এটা পোৱাৰ আনন্দত মই ভীষণ সুখী! ! কিবা এটা সতেজ আৱিষ্কাৰ কৰাৰ আনন্দত মই আজি আকৌ কিৰিলিয়াইছোঁ৷ এনে লাগিছে, বিষাদৰ ৰাগীৰে মই ভৰুণ প্ৰেমিকা! সেই দিনবোৰৰ সৈতে বিচ্ছেদৰ বিষাদ! কিমান মাতাল আছিলো বাৰু! বুজিছোঁ, উজাগৰী ৰাতিবোৰত শূন্যতাক খেপিয়াম বুলি কৰা মোৰ প্ৰচেষ্টাবোৰ কি মূৰ্খামি আছিল! মাতলামিতেই শূন্যতাক নিজৰ প্ৰেমিক বুলি দাবী কৰা কথাবোৰ কি হাস্যকৰ আছিল! আজি বুজিছোঁ, আমি ভৱাৰ দৰে শূন্য হৈ নাথাকে একো৷ শূন্য আৱিষ্কাৰ কৰা ইমান সহজ নহয়! এৰি থৈ অহা ধূলিয়ৰি বাট এটাৰ এৰি অহা অংশলৈ উভতি চালে আপাত দৃষ্টিত শূন্যতা দেখিলেও প্ৰকৃততে তাত বিচ্ছেদৰ এক ভৰুণ বিষাদ থাকে… আগলৈ চালে পোৱা-নোপোৱাৰ উৎসুকতা, আশংকা ইত্যাদিৰ মিশ্ৰণ এটা দুলি থাকে বুকুত! আমি আগবাঢ়ো….আহি থকা বাটত আমি কেতিয়াবা নিৰ্বিকাৰভাৱে দলি এচটা বুটলোঁ….আকৌ দলিয়াওঁ নৈৰ বুকুলৈ ভাৱলেশহীনভাৱে.. যিদৰে আমাৰ ইচ্ছাৰ বিৰুদ্ধে জীৱনে আমালৈ বিষাদ দলিয়াই… ভৰি পৰে কিবা এটাৰে জীৱন৷ আমিবোৰে বুজাতহে কিছু ভুল কৰো৷
হেৰুৱাই হেৰুৱাই পোৱাৰ আনন্দত মই দিনকদিনে যিমানেই অনভ্যস্ত হৈ পৰিছো, পাই পাই হেৰুওৱাৰ বিষাদত সিমানেই নিখুঁতভাৱে অভ্যস্ত হৈ গৈছোঁ৷ আজি আকৌ এবাৰ বিষাদৰ প্ৰেমিকা বুলি চিঞৰি চিঞৰি দাবী কৰিবৰ মন গৈছে৷
আস্, নষ্টালজিয়া! কি এক এৰাব নোৱাৰা আউল-বাউল নিচা!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments