ন্যায় (সুব্ৰতা গোস্বামী)

আদালতৰপৰা ওলাই পদপথৰ দাঁতিতে মহিলাগৰাকীক পুৰুষজনে (সম্ভৱত তেওঁৰ স্বামী ! ) গালি-শপনি পাৰিবলৈ ধৰিলে।নিৰ্বিকাৰ হৈ চাই ৰৈছে বহুজনে।বহুজনে আকৌ দেখিও নেদেখাৰ ভাও জুৰি আঁতৰি গৈছে।ব্যক্তিগত কন্দলত কোনেনো সোমাব ! মহিলাগৰাকীয়ে কান্দিছে,শোকে-অপমানে একাকাৰ হৈছে।সীমা চেৰাই যোৱাকৈ এইবাৰ পুৰুষজনে মহিলাগৰাকীৰ গাত হাত দি থেলি পঠিয়ালে তেওঁক।পুৰুষজনক বাধা দিবলৈ সাহকণ কোনেও নকৰিলে।কিন্তু এইবোৰ দেখি খঙেতে জ্বলি-পকি এগৰাকী মহিলাই খেদি গৈ পুৰুষজনক এটা চৰ সোধালে।অবাক হৈ সকলোৱে কেৱল চাইছে মানুহগৰাকীলৈ।অৰ্ধ উলংগ,শোতোৰা-শোতৰি দেহৰ চাল।ইচ্ছা গ’লেই যিজনীয়ে হাঁহে,ইচ্ছা গ’লেই কান্দে।তাইৰ ওচৰ নাচাপে কোনেও ভয়তে।কাৰণ,তাই পাগলী।পদপথৰ কিনাৰতে যাৰ বাসস্থান।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!