অভিজ্ঞতাৰ ইটো-সিটো: কুল শইকীয়া

বহুবছৰ আগৰ কথা৷

পুলিচৰ চাকৰিত তেতিয়া মই নতুন, গুৱাহাটীৰ পৰা বহুদূৰৰ জিলা এখনত কৰ্মৰত৷ এদিনাখনৰ কথা৷ চৰকাৰী পুৰণি উইলি জীপ এখনত উঠি মফচল অঞ্চললৈ কৰ্তব্যৰ খাতিৰত গৈ থকাৰ সময়তে হঠাৎ জীপ গাড়ীখন পিছল খালে, পাকঘূৰণি খাই সেইখন ৰাষ্টাৰ লগতে লাগি থকা ৰেলৰ লাইনৰ ওপৰত ওলোটাহৈ পৰিলগৈ৷ মোৰ গাড়ীচালক আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষীজনৰ সৈতে মই ৰেলত আলিত চিটিকি পৰিলো৷

কাৰো বিশেষ একো আঘাত নহ’ল যদিও গম পালো যে মোৰ মূৰৰ এঠাইত ফাটি তেজ ওলাইছে৷ দুপৰীয়াৰ সময় হ’লেও চলি থকা প্ৰচণ্ড বৰষুণৰ বাবে যান-বাহন, মানুহ-দুনুহ দেখা পোৱা নগ’ল৷ সেইমুহূৰ্ততে গৈ থকা পুৰণি গাড়ী এখনে ব্ৰেক মাৰিলে আৰু তাৰে পৰা নামি আহিল একমাত্ৰ ব্যক্তিজন যিয়ে মোক ক’লে, ’চাৰ মোৰ গাড়ীতে বহক, হস্পিটেললৈ লৈ যাওঁ’- আৰু আমি আটাইকেইজনকে গাড়ীত বহুৱাই তেওঁ ওচৰৰ টাউনৰ চিভিল হস্পিটেল পোৱালেহি৷ ডাক্তৰ নাৰ্চক বিচাৰি আনি তেওঁ মোৰ শুশ্ৰুষাত লগালে৷ ইতিমধ্যে পুলিচৰ দুই চাৰিজন অফিচাৰো আহি পালে৷ যিহেতু আঘাত মোৰ গুৰুতৰ নাছিল, বেণ্ডেজ কৰাৰ আধাঘণ্টা পিছত ডাক্তৰে মোক হস্পিটেলৰ পৰা মুকলি কৰি দিলে৷

হস্পিটেল এৰাৰ আগতে মোক দুৰ্ঘটনাস্থলীৰ পৰা লৈ অনা ব্যক্তিজনক কৃতজ্ঞতা প্ৰকাশৰ উদ্দেশ্যে বিচাৰিলো৷ ওচৰৰ চিপাহীজনে ক’লে, ’চাৰ, মানুহজন গ’ল, যাওতে তেওঁ মোক আপোনাৰ ভালকৈ পৰিচৰ্য্যা কৰিবলৈ কৈ গৈছে৷’ চিপাহীজন মোৰ কাষ চাপি আহিল আৰু ফুচফুচাই ক’লে ’চাৰ, যিজন মানুহক যোৱা দুমাহে আপুনি গ্ৰেপ্তাৰৰ বাবে বিচাৰি ফুৰিছে, গাৱেঁ ভূঞে ৰাতি ৰাতি অভিযান চলাইছে, সেইজন দুৰ্দ্ধৰ্ষ ডকাইত দুলেন নেওগ (নাম সলাই দিয়া হৈছে) আছিল এইজন৷ তেওঁক গাৱঁৰ মানুহে ৰবিনহুড বুলিয়েই কয়-৷’

মই মোৰ বেণ্ডেজ লগোৱা মূৰেৰে গাড়ীত বহি দুলেন নেওগ বা ’ৰবিনহুড’ সন্ধানত পুনৰ যাত্ৰা আৰম্ভ কৰিলো৷

(২)
মোৰ ফেচবুক বন্ধুসকলৰ চাগে’ মনত আছে যে মই চৰিত্ৰসমূহৰ প্ৰকৃত নাম সলনি কৰি, কাল আৰু স্থানৰ প্ৰসংগ ননাকৈ মোৰ পুলিচৰ চাকৰিৰ প্ৰথমভাগৰ এটা বাস্তবিক ঘটনা বৰ্ণাই আছিলো য’ত মোক এজন ’দুলেন নেওগ’ নামৰ ব্যক্তিয়ে দুৰ্ঘটনাস্থলীৰ পৰা আনি হস্পিটেলত শুশ্ৰুষাৰ ব্যৱস্থা কৰি দিছিল৷

দুলেন নেওগ, যাক বহুতে ৰবিনহুড বুলি আখ্যা দিছিল আৰু যাক মই পুলিচৰ ৰেকৰ্ড অনুসৰি বিভিন্ন অপৰাধৰ বাবে বিচাৰি ফুৰিছিলো- মোৰ বাবে এক কঠোৰ অভিযানৰ লক্ষ্য হৈপৰিছিল, বাৰে বাৰে নেওগ পুলিচৰ জালৰ পৰা সাৰি গৈছিল৷ এতিয়া মনলৈ আহিছে সেই সময়ৰ এটা ৰাতিৰ কথা-

মই দীৰ্ঘদিনৰ অভিযানৰ পাছত ঘৰলৈ আহিছো, প্ৰায় মাজনিশা মোৰ পৰিচাৰক চেত্ৰী বোলা ডেকা ল’ৰাজনে আহি মোক কৈছে যে কোনোবা এজন ভিজিটৰে মোক এক অত্যন্ত জৰুৰী কামত লগ ধৰিব বিচাৰিছে৷ যোৱা দুঘণ্টা বিজুলী নোহোৱাত চাৰিওফালে এক অন্ধকাৰ পৰিৱেশ, চেত্ৰীয়ে কৈছে, ’এতিয়া আপুনি বাহিৰলৈ নোলোৱাই বোধহয় ভাল হ’ব’- কিন্তু তাৰ কথাই মোক বাৰণ কৰাৰ আগতে তাক লৈ মই ঘৰৰ বাহিৰৰ মুকলি ঠাইখিনিত উপস্থিত হ’লো৷

’চাৰ, এই মাজৰাতি আপোনাক বিৰক্ত কৰাত বেয়া নাপাব-’ আগন্তুকৰ কণ্ঠস্বৰে মোক মনত পেলাই দিলে সেইদিনা মই দুৰ্ঘটনাস্থলীত পৰি থকা সময়ত মাত দিয়া ব্যক্তিজনৰ একেই সুৰৰ কণ্ঠস্বৰলৈ য’ত তেওঁ কৈছিল, ’চাৰ, মোৰ গাড়ীতে বহক, হস্পিটেললৈ আপোনাক লৈ যাওঁ!’ মই গম পালো মোৰ সমুখত এই মুহূৰ্তত ঠিয় হৈ আছে সেই দুলেন নেওগ নামৰ পুলিচ ৰেকৰ্ড অনুসৰি দুৰ্দ্ধৰ্ষ ডকাইতজন (আৰু যাক গাঁৱৰ কিছু মানুহে ৰবিনহুড বুলি ভাবে)৷ চোৰাংচোৱাৰ খবৰমতে নেওগে লগত লৈ ফুৰে এটা ৰিভলভাৰ! আৰু আগতে বহুতে কৈছিল নেওগৰ ক্ৰুৰতাৰ কথা৷

এই মুহূৰ্তত মোৰ সমুখত এজন পুলিচে বিচাৰি ফুৰা সশস্ত্ৰ দুৰ্বৃত্ত আৰু মই শুদাহাতে৷ আগন্তুক মোৰ সমুখলৈ দুখোজ আগবাঢ়ি আহিছে বুলি মই অনুমান কৰিলো, মোৰ পিছফালে আহি ঠিয় হ’ল চেত্ৰী৷ ’তুমি অহাৰ কাৰণ কি? আত্মসমৰ্পণ?’- মোৰ প্ৰশ্নবাণ শেষ হোৱাৰ আগতে আগন্তুকৰ শব্দকেইটা আছিল এনে ধৰণৰ, ’মই হত্যা কৰিব বিচাৰো….’, চেত্ৰীয়ে চিঞৰ মাৰি ঘৰৰ ভিতৰলৈ সোমাই যোৱাৰ ফলত মি নেওগৰ বাক্যষাৰিৰ শেষৰ শব্দটো নুশুনিলো৷ বিজুলী এতিয়াও অহা নাই, চাৰিওফালে অন্ধকাৰ….

(৩)
মোৰ সৈতে মুখামুখিকৈ ঠিয় হৈ থকা মানুহজনক কোনোৱে ৰবিনহুড বুলি আখ্যা দিছিল, খেনোৱে তেওঁৰ নিষ্ঠুৰতাৰ কথা কৈছিল, হত্যা ডকাইতিৰ কথা কৈছিল, খেনোৱে বখানিছিল তেওঁৰ মানৱদৰদী গুণৰ কথা, বিশেষকৈ সাধাৰণ মানুহ আৰু দুৰ্যোগত পৰা তিৰোতাক কৰা সহায়ৰ কথা৷ সেইজন মানুহ এতিয়া (সম্ভৱতঃ) এটা ৰিভলভাৰৰ দৰে মাৰণাস্ত্ৰ লৈ মোৰ সমুখত ঠিয় হৈ আছে৷

ভয়াৰ্ত চেত্ৰী উভতি আহি পুনৰ বাৰাণ্ডাত ঠিয় হৈ আছে বুলি গম পাইছো- মই জানো যে সি যোৱা সন্ধ্যাৰে পৰা বিকল হৈ থকা টেলিফ’নেৰে থানাৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰিলে৷ মই মনে প্ৰাণে বিচাৰিছো সি যেন দৌৰ মাৰি গৈ ৱায়াৰলেছ অপাৰেটৰজনক জগাই দিয়াৰ চেষ্টা কৰে৷ নীৰৱতাৰ মুহূৰ্তই আমাক গিলি পেলাইছে, নীৰৱতা ভংগ কৰিবলৈ আগন্তুকক সুধিছো ’কি নাম?’ তেওঁ কৈছে, ’দুলেন, দুলেন নেওগ-’

কথাষাৰ কোনো জেমচ বণ্ড চিনেমাৰ পৰা উফৰি অহা সংলাপ যেন লাগিল৷ কিন্তু তেওঁ যে কিছুদিন আগতে মোক দুৰ্ঘটনাথলীৰ পৰা আনি হস্পিটেলত শুশ্ৰুষাৰ বাবে থৈ গৈ অদৃশ্য হৈছিল সেই প্ৰসংগ নানিলে৷ নীৰৱতা ভংগ কৰিলে এইবাৰ মোৰ অসম টাইপৰ চৰকাৰী বাসভৱনৰ টিনৰ এটা চুকৰ পৰা উৰি যোৱা বাদুলী এটাৰ ঢপঢপনিয়ে৷ ’চাৰ মই জানো যে আপুনি মোৰ সন্ধানত চৌদিশে অভিযান চলাইছে, কিন্তু ইয়াৰে বহুবোৰ অপৰাধত মোৰ নাম এনেয়ে সুমুওৱা হৈছে৷ মই কাকোৱে মাৰ্ডাৰ কৰা নাই৷’

দূৰৈৰ গাঁৱৰ ঘন বাঁহনিৰ পৰা অহা শিয়ালৰ ক্ষীণ অথচ দীঘল ৰাউচিয়ে তেওঁৰ কথাৰ সোঁত ক্ষন্তেকলৈ বন্ধ কৰিলে৷ মই নেওগক ক’ব খুজিলো যে প্ৰত্যেকজন অপৰাধীয়ে নিজৰ নিৰ্দোষিতাৰ কথা এনেদৰেই শুনায়, কিন্তু মই কিবা কোৱাৰ আগতে নেওগে কৈ উঠিল, ’এইবাৰ কিন্তু মই এক কাম কৰিবলৈ সাজু হৈছো৷ মই পবন গগৈক (নাম সলোৱা হৈছে) এনে এক নিষ্ঠুৰ শিকনি দিম নহ’লে সি নিৰ্মালীৰ সমস্ত পৰিয়ালক হত্যা কৰি পেলাব!’

এই ঘৃণাৰ স্বৰত মই সচকিত হ’লো, আৰু নেওগত মুখৰ পৰা শুনিব খুজিলো কোন নিৰ্মালী (নাম সলোৱা হৈছে)! উত্তৰ এনেদৰে আহিল যে দুটা স্কুলীয়া শিশুৰ বিধবা মাতৃ নিৰ্মালী-! কিন্তু নেওগৰ পৰা মই বিতং জানিব বিচাৰিলো কাহিনীটোৰ আদ্যপান্ত- নিৰ্মালী, পবন আৰু দুলেন নেওগৰ ’অপৰাধই পৰিকল্পনাৰ খচৰা’—-!

(৪)

তৃতীয় খণ্ডত লিখাৰ দৰে মই নিৰ্মালী, পবন গগৈ আৰু দুলেন নেওগৰ ’ৰহস্যজনক অপৰাধীৰ খচৰা’ সম্পৰ্কত জানিবলৈ উৎসুক হ’লো৷ ইতিমধ্যে বিজুলী আহিছে যদিও আমি এক ছাঁ পৰা অন্ধকাৰ অঞ্চলত ঠিয় হৈ থকাত ঈষৎ পোহৰে আমাক আংশিকভাৱে চুই গ’ল মাথোন৷ নেওগে কৈ গ’ল কেনেদৰে পবন গগৈ নামৰ মানুহজনে অকালতে বিধবা হোৱা নিৰ্মালীৰ গিৰিয়েকৰ সমুদায় পেঞ্চনৰ টকা পইচা সৰল মনৰ নিৰ্মালীক প্ৰৱঞ্চনা কৰি আত্মসাৎ কৰাৰ প্ৰস্তুতি চলাইছে৷ নেওগৰ ওচৰলৈ দুদিন আগতে নিৰ্মালীয়ে আহি সহায় বিচাৰিছে এই দুৰ্যোগত, আৰু সেয়ে নেওগে এতিয়া সাজু হৈছে পবনক জীৱনৰ ’শেষ শিকনি’ দিয়াৰ বাবে৷ তেওঁ পুলিচত কেচ দিবলৈ দিয়া মোৰ পৰামৰ্শ নস্যাৎ কৰি ক’লে যে আইন/ আদালত এইবোৰত তেওঁ বিশ্বাস নাই!

প্ৰচণ্ড খঙত মই নেওগক ক’লো, ’এতিয়া চাৰিওফালে গটি থকা ডকাইতিসমূহৰ তুমিয়ে নায়ক!’ স্বাভাবিক স্বৰত নেওগে ক’লে যে কথাষাৰ সত্য নহয়, লগা হ’লে তেওঁ মোক এই সম্পৰ্কত সহায় কৰিবলৈ ৰাজী আছে আৰু গোটেই ডকাইতৰ দলটোক কৰায়ত্ব কৰাই দিব, যদিহে তেওঁক এটা সুযোগ দিয়া যায়!

মই ৰিস্ক ল’লো, তেওঁক যাবলৈ দিলো আৰু এসপ্তাহৰ ভিতৰত আহি মোৰ সমুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিলো, লগতে সকিয়াই দিলো যাতে পবন গগৈৰ বিৰুদ্ধে কোনো আইন বিৰুদ্ধ কাৰ্য্যত তেওঁ জড়িত হৈ নপৰে৷

অবিশ্বাস্যভাৱে এসপ্তাহৰ মূৰত দুলেন নেওগ এদিন ৰাতি মোৰসমুখত হাজিৰ হৈ চলি থকা ডকাইতৰ দলৰ সম্পৰ্কত বিতং তথ্য দিলে, আৰু দুদিনমানৰ ভিতৰত প্ৰায়বোৰ ’ৱান্তেদ’ ডকাইতক তেওঁৰ সহায়ত কৰায়ত্ব কৰা হ’ল৷ নেওগে লগতে ক’লে যে পবন গগৈয়ে নিৰ্মালীক ক্ষমা খুজিলে আৰু পেঞ্চনৰ সমস্ত টকা পইচা নিৰ্মালীয়ে পোৱাত সহায় কৰিলে৷

মোৰ দুলেন নেওগৰ সৈতে হোৱা ঘটনাৰাজিৰ ইমানতে শেষ নহ’ল, ইয়াৰ পিছতো চলি থাকিল তেওঁৰ সৈতে তিক্ত-মধুৰ সম্পৰ্ক (মাজে মাজে নেওগৰ আইন বিৰুদ্ধ কামত জড়িত হোৱাৰ খবৰো আহিল, যাৰ ফলত তেওঁক মই আকৌ বিচাৰিব লগা হ’ল)৷

সম্প্ৰতি মোৰ ফেচবুক বন্ধুসৱৰ সমুখৰ পৰা নেওগৰ কাহিনীৰ পৰা বিদায় মাগিছো৷— সেইখন জিলাৰ পৰা আঁতৰি অহাৰ বহুবছৰ পিছত এদিন বাতৰি কাককত পঢ়িলো যে দুলেন নেওগক গুলীয়াই হত্যা কৰা হৈছে!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!