অলপ গৰ্বৰো প্ৰয়োজন – বি জে ৰঞ্জন

১)

–“দাদা, লাভ-লচ কি হৈছে নাজানো৷ দোকানৰ পইচাৰেই মাল আনিছোঁ, দোকান চলাইছোঁ, নিজেও চলিছোঁ, পৰিয়ালো পুহিছোঁ৷ মাত্ৰ হেজাৰ টকাৰে বেপাৰ আৰম্ভ কৰিছিলোঁ দাদা৷ যি পাৰিছো নিজেই কৰিছোঁ, বে-ৰাষ্টাত কেতিয়াও ভৰি দিয়া নাই৷ কপাল নাই, পঢ়িব নাপালোঁ- পইচাৰ অভাৱ৷ এই দোকান দিয়ে ল’ৰাক ভাল ইস্কুলত পঢ়ুৱাইছোঁ৷ নাজানো কাইলৈ কি হয়, কিন্তুু আজিৰ তাৰিখত পৰিয়ালটো চলিবলৈ অলপো কষ্ট দিয়া নাই৷ ”
গৰ্বৰ সুৰেৰে কোৱা গুমটি দোকানী ধৰণী দাসৰ এয়া সৰল স্বীকাৰোক্তি৷ সপ্তম শ্ৰেণীলৈ পঢ়িব সুযোগ পোৱা ধৰণীৰ নিজৰ বুলিবলৈ সৰু দোকানখনৰ উপৰিও আছে এটা বেংক একাউণ্ট, এটা ফেচবুক একাউণ্ট, আৰু এটা ৱাটচ-এপ একাউণ্ট৷ মাজে-সময়ে ইণ্টাৰনেটত সি দোকানৰ ফটো, চেলফি আদি আপলোদ কৰে৷ তাত মানুহে লাইক, কমেণ্ট কৰে৷ মোবাইলৰ স্ক্ৰীণখন দেখুৱাই গৰ্বেৰে সি মোক কয়-“চাক্ হে দাদা, অমুকে লাইক কৰিছে৷ ”

২)
–“আমাৰ সৰুটোৱে পাছ কৰিব বুলি ঘৰৰ আমি কোনেও ভবাই নাছিলোঁ৷ সি কিন্তুু কৈছিল-‘পাছ কৰি দেখুৱাব লাগে ন, চাবি, পাছ কৰিমেই মই৷ ’ দিনটোত এশ-দেৰশ টকা যোগাৰ নহ’লে ঘৰ নচলে৷ ৰাতি দেউতাক নুশুৱালৈ পঢ়াত বহিব নোৱাৰে সি৷ খাই-লৈ চিঞৰ-বাখৰ কৰি থাকে যে দেউতাকে৷ আমাৰ দৰে এনে ঘৰ এখনৰ পৰা সি মেট্ৰিকটো যে পাছ কৰিলে, ভাবিলে নিজেও মই আচৰিত হৈ যাওঁ৷ ”
মানুহৰ ঘৰত বাহিৰা কাম কৰি কোনোমতে নিজৰ ঘৰ চলোৱা নিৰ্মালিৰ পুতেকক লৈ কোৱা বাক্যটোত ফুটি উঠে এক ধৰণৰ গৰ্বৰ আভাস৷

৩)
ল’ৰাটোৱে কি কৰিছে তাক লৈ দেউতাকজনৰ কোনো ধৰণৰ আপত্তি নাই৷ যোৱাবাৰ বি.এ.’ত ফেইল কৰিছে সি৷ কৰিছে কৰিছে, কি হ’ল তাতে, আকৌ দিব পৰীক্ষা এবাৰ৷ পঢ়া-শুনা কৰা তাৰ উপৰুৱা কথাহে….৷
ল’ৰাটোৱে মনপুতি যেনেকৈ আৰ্ট কৰে তাক লৈয়ে দেউতাকজন সন্তুষ্ট৷
প্ৰতিভাৱান ল’ৰাজনৰ দেউতাকে তাক লৈ যি গৰ্ব অনুভৱ কৰে, নিশ্চিতভাৱে, মোৰ নিচিনাকৈ অসংখ্যজনৰ তেখেতলৈ ঈৰ্ষা জাগি যায় অজানিতে৷

৪)
-“আমাৰ দাদা পঢ়াত বৰ কেঁচা৷ কিন্তুু তাৰ হাতৰ আখৰ দেখিছানে? একেবাৰে ছপোৱা আখৰ৷ বহুতেই চিঠি-পত্ৰ, কিবা-কিবি লিখিবলৈ তাক ঘৰৰ পৰা উঠাই লৈ যায়৷ ”
কোনোৱা ভনীয়েকে তাইৰ ককায়েকৰ হাতৰ আখৰ কেইটাক লৈ কৰা গৰ্ববোধ এয়া৷ এনেবোৰ কথাৰ ভাগ লৈয়ো ভাল লাগি যায় বহুত৷
৫) –“ই একেবাৰেই নপঢ়ে জানে নে? কি যে হ’ব, চিন্তাই হয় কেতিয়াবা৷ কি ক’লে? খেলা-ধূলা? উঃ, নক’ব৷ খেলিব পালে একোৱেই নালাগে তাক৷ ক্ৰিকেটত কি ৰাপ! কিতাপখন সমুখত লৈ পঢ়া মেজতো সি ক্ৰিকেটকে খেলি থাকে৷ এইবাৰ স্কুলৰ পৰা বাহিৰলৈ নিব ওলোৱা স্কুলৰ ক্ৰিকেট-টিমত স্থান পাইছে সি৷ ”
পঢ়া-শুনা, কেৰিয়াৰ ইত্যাদি অসংখ্য চিন্তাৰ মাজতো মাকজনীৰ কথাত স্পষ্ট হৈ উঠে তেখেতৰ ভাল ক্ৰিকেট খেলা ল’ৰাটোক লৈ কৰা গৰ্বৰ ভাৱ৷

জীৱনটো সহজ কৰিবলৈ অকণমান গৰ্বৰো প্ৰয়োজন৷
আহক, গৰ্ব কৰোঁ সকলোৱে অলপ৷ নিজৰ, পৰিয়ালৰ তিলমানো যি ভাল গুণ আছে সেয়া ভগাই লওঁ খোলা অন্তৰেৰে আনৰ সৈতে, (অৱশ্যেই) কাৰো ব্যক্তিগত জীৱনত আঘাত নকৰাকৈ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments