অলৌকিক বাবা: যাদু-মন্ত্র বনাম বিজ্ঞান (অনুপমা বৰগোহাঁই)

২০০৬ চন । অসমৰ ডিব্ৰুগড়ৰ পৰা ৰাজামুন্দ্রীত থকা নিজৰ ঘৰখনলৈ গুৱাহাটীত থকা সৰু বাইদেউৰ লগত ঘূৰি যোৱাৰ পৰিকল্পনা কৰি বাইদেউৰ ঘৰলৈ আহিছোঁ । লগত ৫ বছৰীয়া ডাঙৰ পুত্ৰ । ৰাতিপুৱাৰ সময় । ব্যস্ত ব্যৱসায়ী ভিনদেউ ৰাতিপুৱাৰ জলপান খাই কামলৈ যাব ওলাইছে । সেইদিনা আমি থকাৰ বাবে গতানুগতিক দিনতকৈ অলপ দেৰিহে হৈছে । আমাক মাত লগাই কামলৈ যাবৰ বাবে গাড়ীত উঠিবলৈ সাজু হওঁতেই দাৰোৱানজনে খুলি দিয়া গেটখনেদি “অলখ নিৰঞ্জন” বুলি জোৰ জোৰকৈ চিঞৰি কলা কাপোৰ পিন্ধা ওখ-পাখ জটাধাৰী পুৰুষ এজন সোমাই আহিল । ভিনদেৱে মানুহজনক ১০ টকা এটা দি “মোৰ হাতত সময় নাই – এতিয়া ইয়াৰ পৰা যাওক” বুলি কোৱাত জটাধাৰিয়ে পইচা ল’বলৈ অস্বীকাৰ কৰি “ বেটা তেৰে পেইসে মোঝে নহী চাহিয়ে – য়ে দেখ তেৰা ১০ ৰূপিয়া মেনে ১০০ ৰূপে বনা দিয়ে– লে ল ..” বুলি ভিনদেউৰ পৰা ১০টকা লোৱা হাতখনেৰে ১০০টকা এটা লগে লগে ঘুৰাই দিলে ! জটাধাৰিৰ কাৰ্যত থতমত খাই ভিনদেৱে বাইদেউ আৰু মোক চিঞৰি চিঞৰি মাতিলে । খোৱা টেবুলতে বহি কথা পতাত মগ্ন থকা আমি দুই ভগ্নী ভিনদেউৰ চিঞৰ শুনি দৌৰ মাৰি ওলাই আহিলো । ..বাইদেৱে হাবাথুৰি খাই সুধিলে “আৰে আপুনি এতিয়ালৈকে যোৱা নাই !! কি হ’ল –কিয় চিঞৰিছে ?” ভিনদেৱে জটাধাৰীক দেখুৱাই সকলো কথা বিৱৰি ক’লে । আমি দুইজনীয়েও বিশ্বাস কৰিব নোৱাৰিলোঁ । মই লগে লগে কলোঁ : ঠিক আছে বাইদেউৰ হাতত থকা এই শিলিখাটো তাক দিলে সি –কি কৰিব পাৰে চাওঁচোন –বুলি জটাধাৰিৰ হাতত দিলোঁ । লগে লগে জটাধাৰিয়ে “হ্রিং ম্রিং” কিবা গাই .. বাইদেউৰ হাতত মুঠি মাৰি কিবা এটা দিলে আৰু কলে “ তো অকেলি অপনে ঘৰ কী মন্দিৰ মে যা । ঔৰ মুঠ্ঠী খোল কৰ দেখ ।.. অগৰ তু সৌভাগ্যশালী ঔৰত হে ,তেৰে হাথ মে গণেশজী কা মূৰ্তি নিকলেগা নেহিতো কুস ঔৰ নিকেলেগা !”..বাইদেউ দৌৰ মাৰি নামঘৰলৈ গৈ হাতখুলি অতিপাত সুখী আৰু গৌৰৱান্বিত হৈ আহি আমাক দেখুৱালে ..সঁচাকৈ তাইৰ হাতত অকণমাণি গণেশৰ মূৰ্তি এটা !!..এতিয়াও সন্দেহৱৰ্তী হৈ থকা মোক বাইদেৱে ঠেলা মাৰি পঠিয়ালে । “যাচোন তয়ো কিবা দি তোৰ ভাগ্য চাই ল ”.. ওচৰতে থকা টাব এটাৰ পৰা অকণমাণি শিলগুটি এটা লৈ মই জটাধাৰিক দিলোঁ । জটাধাৰিয়ে মই যে তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰা নাই ভাষাৰ ভিন্নতা স্বত্বেও বুজি পাইছে ..মোলৈ কেৰাহিকৈ চাই সি মোৰ হাতত কিবা এটা দিলে ..মোৰ সেই সময়ত তীক্ষ্ণ নজৰ তাৰ হাতত দুখনৰ ওপৰত আছিল ! সি কিন্তু লগত কঢ়িয়াই অনা বেগটোও নিজৰ পৰা এক হাতমান দূৰত থৈ খালি হাতদুখন লৈ থিয় হৈছে ..মোক সি ক’লে : “ পূৰব কী ঔৰ দেখ আৰু মুঠ্ঠি খোল” .. মই হাতৰ মুঠি খুলিলোঁ আৰু ই কি আচৰিত ..মোৰ হাতত অকণমানি বগা শঙ্খ এটা !!! মোৰ মেলা মুখখনলৈ চাই ব্যংগৰ হাঁহি এটা মাৰি জটাধাধীয়ে ক’লে : “ তু কৃষ্ণ ভগৱানজী কে পূজা কৰ ..তেৰি মন কী আশংকা দূৰ হোগী…..” ।…তাৰপিছৰখিনি সহজে অনুমেয় । আৰু কেইটামান “অলৌকিক” কাণ্ড দেখুৱাই বাইদেউ ভিনদেউৰ পৰা এক মোটা অংশ ভক্তি দান হিচাপে লৈ আৰু মোক “ফ্রি”তে দুটা “শূন্য”তে সৃষ্টি কৰা মাদলি দি অলৌকিক জটাধাৰি বাবাই প্রস্থান কৰিলে !…ঘৰলৈ আহি সেই মাদলি দুটা ভাঙি চাই দেখিলো ভিতৰত পুৰণা বাতৰি কাকতৰ টুকুৰা !! দুই একৰ লগত কথাটো আলোচনা কৰি বিশ্বাস আৰু অবিশ্বাসৰ দোমোজাত ৰৈ কথাটোও পাহৰি গলোঁ ।
…..
২০১৩ চন ..৫ মাৰ্চ । মোৰ সেই ৫ বছৰীয়া লৰাটো ডাঙৰ হৈ ১২ বছৰীয়া হ’ল ..কৈশোৰৰ অন্যান্য অনুসন্ধিৎসাৰ লগতে মেজিক অৰ্থাত যাদুৰ বিষয়ে জানিবলৈ, শিকিবলৈ তাৰ প্ৰবল মন হ’ল । টি ভি, ইন্টাৰনেট, কিতাপ যি য’ত পাই তাৰ পৰাই মেজিক শিকিবলৈ, মেজিকৰ আৰত থকা ৰহস্য জানিবলৈ পৰীক্ষাৰ ফাঁকে ফাঁকেও চেষ্টা চলাই গ’ল । ৪ তাৰিখে পৰীক্ষা শেষ হোৱাৰ লগে লগে “মেজিক ই-বুক” এখনৰ জৰিয়তে আৰু কেইটামান যাদু তথা তাৰ আৰত তথা বিজ্ঞান শিকিলে আৰু ৫ তাৰিখে গধূলি খেলপথাৰৰ পৰা আহিয়েই মোক এটুকুৰা সৰু ৰঙা ইটাৰ টুকুৰা দি খালি তাৰ হাতখন দেখুৱাই মোৰ পৰা ইটাৰ টুকুৰাটো লৈ শূন্যতে হাতখন ঘুৰাই বগা ৰঙৰ বৰ্ড পিন এটা আনি দিলে.. আকৌ শূন্যতে হাত ঘুৰাই মৰ্টন এটা .. ৰবৰ এটুকুৰা..এনেকৈ আনি মোক ৭বছৰৰ আগৰ সেই পুৰণা দিনটোলৈ লৈ গ’ল ..পিছে সি মোক সেই যাদু কেনেকৈ কৰিলে শিকায়ো দিলে !..মেজিক বা যাদু হাতৰ খেলা- লগতে বিজ্ঞানৰো প্ৰয়োগ । অলৌকিক বা ভণ্ড বাবা কিছুমানে তাৰে অপপ্ৰয়োগ কৰি আমাৰ দৰে অঁকৰা তথা ভীৰু মানুহক আভুৱা ভাৰি আহিছে ..। কোনো ব্যক্তি যাতে আমাৰ দৰে এনেকুৱা ভণ্ড বাবাৰ “অলৌকিক কামত” প্ৰভাৱান্বিত হৈ নিজৰ কষ্টৰ আৰ্জন হেৰুৱাব লগা নহয় –তাৰ বাবেই ঘটনা দুটা লিখিলোঁ !!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments