অমাত (প্ৰাঞ্জল দাস)

ঘৰখনত সৰু-সুৰা কুৰুক্ষেত্ৰ এখনেই আৰম্ভ হ’ল। প্ৰথম দিনা দীপুৱে যেতিয়া প্ৰথম কথাটো উলিয়াইছিল বৰুৱাই ওচৰতে বহি পেপাৰখনত চকু ফুৰাই আছিল। বৰুৱানীয়ে ডলাখনত চাউল কেইটামান লৈ ধান, শিল কিবা আছে নেকি বাচি আছিল। দীপুৱে হাতত কটাৰী এখন লৈ ধাৰ থকা মূৰটোৰ ওলোটা মূৰটোৰে টেবুলখনত খুন্দিয়াই খুন্দিয়াই মাকক আবদাৰ দি আছিল। এপাকত সি মাতটো ডাঙৰকৈ উলিয়াই ধমক দিয়াৰ সুৰত ক’লে- ‘ম’বাইল এটা লাগে লাগে বুলি যে কৈ আছো শুনিছনে নাই৷’ বৰুৱাই পেপাৰৰ পৰা মূৰ আঁতৰাই ঘোপাকৈ তালৈ এবাৰ চালে। সি আঁতৰি গ’ল। যাওঁতে সি হাতত থকা কটাৰী খন টেবুল খনত দলিয়াই থৈ গ’ল। কেইখনমান কটা তামোল পাণেৰে কাঁহৰ বটাখন টেবুলতে আছিল। কটাৰীখনে খুন্দা মৰাত বটাখনত খুটুংকৈ শব্দ এটা উঠিল।
তাৰ কেইদিনমানৰ পাছত ৰাতি ভাতৰ পাতত আকৌ এবাৰ সি কথাটো উলিয়ালে। মাকে ‘ভাতৰ পাতত বহি বাৰে-বিংকৰা কথাবোৰ গাই নাথাকিবিচোন; লখিক চিন্তি খাই থাক’- বুলি ক’বলৈহে পালে, সি কাঁহীখন ঠেলা মাৰি থৈ গোপগোপাই উঠি গুচি আহিল।
তৃতীয় বাৰৰ বাবে বৰুৱাই একেটা কথাকে শুনিবলৈ পালে কুঁৱাপাৰত। মাকে বঠিখন লৈ মাছ বাচি আছিল। দীপু ওচৰতে ইগিল-থিগিল কৰি থাকি মাকক এপাকত গৰজি উঠিল- ‘দেতাক অতদিনৰ পৰা যে কথাটো ক’বলৈ কৈ আছো নকৱ কিয়?’ বৰুৱাই অলপ আঁতৰত কোৰখন লৈ কুঁৱাপাৰৰ পৰা পানী বৈ যোৱা নলাৰ জাবৰ আঁতৰাই আছিল। কামটো সম্পূৰ্ণ হোৱা নাছিল যদিও দীপুৰ হুতা মাতটো শুনি গলহেকাৰি এটা মাৰি তেওঁ আগুৱাই আহিল। দীপু আতৰি গ’ল। কুঁৱাৰপৰা পানী এবাল্টি তুলি কোৰখন চাফা কৰি কৰি তেওঁ বৰুৱানীক সুধিলে, ‘কি কৈ আছিল ই?’ বৰুৱানীয়ে মূৰ নুতুলাকৈয়ে ক’লে, ‘বেলেগ কথা কিনো কব! নতুন ম’বাইল এটা লাগে হেনো। কি জানো লম্ভিছে ল’ৰাটোৰ গাত ভগৱানেহে জানিছে আৰু!’ কথাখিনি কৈ তেওঁ বচা মাছিখিনিৰে সৈতে পাকঘৰলৈ সোমাই গ’ল।
বৰুৱা খন্তেকপৰ তভক মাৰি একে ঠাইতে ৰৈ থাকিল। তাৰ পিছত আকৌ জাৱৰ লগা কোৰখন চাফা কৰিবলৈ লাগিল।
বৰুৱাই সকলো বুজি পায়। দীপুৰ ভাও-ভংগী, কথা-বতৰা, চাল-চলন দেখিয়ে তেওঁ অনুমান কৰি ল’ব পাৰে তেওঁৰ ওচৰলৈ নতুন কি বিপদে মূৰ দাঙি আহিছে। বহুদিনৰ আগৰে পৰা মনৰ এচুকত সোমাই থকা ভয়ৰ কাৰণবোৰ এতিয়া লাহে লাহে উজাৰ খাই উঠিছে।
দীপু তেতিয়া আঠবছৰীয়া। ককায়েকৰ ঘৰলৈ যাওঁতে বৰুৱাক বৌৱেকে দীপুতকৈ দুবছৰ ডাঙৰ ভতিজাকৰ পুৰণি অথচ ৰঙ নোযোৱা কাপোৰ দুযোৰ মান দি পঠাইছিল। দীপুৱে সেইখিনিলৈ মুখকে ঘূৰাই নাচালে। ‘লোকৰ কাপোৰ মই নিপিন্ধো’- বুলি চিঞৰি কপোৰখিনি সি আচাৰ মাৰি পঠাইছিল। বৰুৱা-বৰুৱানী অবাক হৈছিল। তবধ মানি দুয়ো দীপুলৈ চাই ৰৈ আছিল।
ডাঙৰ হৈ অহাৰ লগে লগে তাৰ আবদাৰবোৰ বাঢ়ি গৈছিল। বয়স হ’লে সি নিজে মাক-দেউতাকৰ অৱস্থাটো বুজি উঠিব- এনেকুৱা এটা ভাবেৰে বৰুৱাই তাৰ প্ৰতিটো আবদাৰ পূৰাবলৈ চেষ্টা কৰিছিল। মাজে মাজে বৰুৱাৰ বিৰক্তি লাগিছিল। তথাপি একমাত্ৰ পুতেকৰ মুখখনলৈ চাই তাক নিৰাশ কৰি কিবা ক’বলৈ বৰুৱাক মনটোৱে বাধা দিছিল। এটা সময়ত তেওঁ অনুভৱ কৰিলে- এইদৰে ভেন্সাৰ স্কুলত দিনটো খাটি আবেলি-গধূলি টিউচন কৰি পোৱা টকাকেইটাৰে তেওঁ দীপুৰ সকলো ইচ্ছা পূৰণ কৰি যাব নোৱাৰে। শেষত তেওঁ ঠিক কৰিলে, পুতেকক কাষত বহোৱাই লৈ তেওঁ তাক কথাবোৰ বুজাব। ঘৰখনৰ সমস্যাবোৰৰ কথা, তাৰ দেউতাকৰ আৰ্থিক অৱস্থাটোৰ কথা- মৰমেৰে বুজাই ক’লে সি নিশ্চয় বুজিব। এইকণ বিশ্বাস তেওঁ নিজৰ মনতে ৰাখিছিল। প্ৰথমে দীপু আচৰিত হৈছিল। সি অবাক হৈ দেউতাকৰ মুখখনলৈ চাই ৰৈছিল। বৰুৱাৰ কথাবোৰ লাগি লাগি ধৰিছিল। এষাৰ কথা কোৱাৰ পিছত আনষাৰ ক’বলৈ তেওঁৰ খোকোজা লাগিছিল। মনৰ ভিতৰত লকলকাই থকা কথাবোৰ যেন শাৰী পাতি ওলাই অহা নাই। বৰ অসহায় হৈ বৰুৱাই মনৰ ভিতৰতে গুজৰি-গোমৰি হাহাকাৰ কৰি উঠিল।
বৰুৱাৰ এই অসহায়বোধে এটা সময়ত তেওঁৰ আৰু দীপুৰ মাজত এডাল নেদেখা ৰেখা টানিলে। লাহে লাহে ৰেখাডাল বহল হৈ আহিল আৰু দুয়োকে দুয়োৰে পৰা আঁতৰাই নি থাকিল।
বৰুৱাৰ প্ৰতিটো কথাতে খঙ উঠা হ’ল। টেৰিকট কাপোৰৰ পেণ্টৰ সলনি জিনছ পেণ্ট এটা কিয় লাগে বুলি তেওঁ তাক ধমকি দিয়া হ’ল। অলপমান ৰঙ গ’ল বুলিয়ে দুবছৰ আগতে কিনা ছুৱেটাৰটো কিয় পিন্ধিব নোৱাৰ বুলি খঙ কৰা হ’ল। দীপু লাহে লাহে তাপ মাৰি আহিল। আগৰ দৰে ইটো লাগে সিটো লাগে বুলি দেউতাকক আবদাৰ দিবলৈ সি ভয় কৰা হ’ল। বৰুৱাই মনতে অলপমান সকাহ পোৱা যেন পালে। পুতেক লাহে লাহে বুজন হৈ উঠিছে বুলি তেওঁ সান্ত্বনা লভিবলৈ ল’লে। কিন্তু তেওঁৰ ভুল হৈছিল। দীপু ভিতৰি ভিতৰি বিদ্ৰোহী হৈ পৰিছিল। তেতিয়ালৈ নেদেখা ৰেখাডালে দীপুক বৰুৱাৰপৰা বহুযোজন দূৰলৈ আঁতৰাই লৈ গৈছিল।
এটা সময়ত দেউতাক আৰু তাৰ মাজত পোনপটীয়া কথা-বতৰা নোহোৱা হৈ পৰিল। বৰুৱানী দুয়োৰে মাজত কথা পতাৰ মাধ্যম হ’ল। ঘৰখনত থকা প্ৰতিটো মুহুৰ্ততে দীপু খিংখিঙিয়া হৈ পৰিল আৰু তাৰ মনৰ ভিতৰৰ আটাইবোৰ খঙ, ক্ষোভ সি মাকৰ আগত দেখুৱাইছিল।
নতুন ম’বাইল এটাৰ কথা শুনাৰ পাছতে বৰুৱাৰ মনত থান-থিত লাগিব খোজা কথাবোৰ আকৌ এবাৰ খেলিমেলি হৈ পৰিল। তেওঁ চিন্তা কৰি পাৰ নাপায়। এটা ম’বাইল থকাৰ পিছতো দীপুক অইন এটা ম’বাইল কি কাৰণে লগা হ’ল। কথা পাতিবলৈহে ম’বাইলটোৰ প্ৰয়োজন । দীপুৰ ম’বাইলতটো কথা পতাৰ উপৰিও ফটোও তুলিব পাৰি। দিনৰ দিনটো কাণত হেডফোন লগাই গানো শুনে সি ম’বাইলটোত। তাৰ ওপৰঞ্চি তাক আৰু কি সুবিধা দৰকাৰ হ’ল যি এইটো ম’বাইলত নাই! বৰুৱাই কথাবোৰ ভাবি একো উৱাদিহ নাপায়। আৰু এই সৰু কথাবোৰ পুতেকক সুধিলেও সি গেঙেৰি মাৰি উঠে।
দিন যোৱাৰ লগে লগে ঘৰখনত আকৌ এবাৰ অশান্তিবোৰ বাঢ়ি আহিল। সৰুৰে পৰা দীপুৱে এই একেটা স্বভাৱেৰে বৰুৱা-বৰুৱানীক হাইৰাণ কৰি ৰাখিছে। বিচৰা বস্তুটো নোপোৱা লৈকে সি ঘৰখনত জ্বলো নজ্বলো কৈ থকা সুখৰ অকমাণি চাকিকণকো নুমাই দিও দিও কৰে।
শেষত বৰুৱাই ঠিক কৰিলে সি বিচৰা নতুন ম’বাইলটোতনো কিমান খৰচ পৰিব বৰুৱানীক এবাৰ সুধি চাবলৈ ক’ব। কিজানিবা কেনেবাকৈ জোৰা মাৰিব পৰাৰ ভিতৰতে হয়েই!
দীপুক কিবা এটা এনড্ৰইড ফোন লাগে। তাৰ ভাষাত এতিয়া তাৰ হাতত থকা ‘পাটি ফোন’ আৰু আজিকালি কাৰো হাততে নাই। গতিকে ভাল এটা ফোন কিনিবলৈ তাক দহ হেজাৰ মান টকা লাগে।
‘দহ হেজাৰ টকাৰ দামী ম’বাইল!’ বৰুৱানী যেন চিৎকাৰ কৰি উঠিল। ‘ইমান দামী ম’বাইল লৈ তই কি কৰিবি!’
‘দহহেজাৰ টকা এটা খুজোঁতেই এনেকুৱা এক্সপ্ৰেচন। বাইক চাইক খোজাৰ কথা ক’লেতো চাগে হাৰ্ট ফেইল হৈ মৰিয়ে থাকিবি৷’
আগফালৰ বাৰাণ্ডাতে পেপাৰখনত চকু ফুৰাই বৰুৱাই পাকঘৰৰ কথা-বতৰালৈ কাণ উনাই বহি আছিল। ইমানপৰে তেওঁ নিশ্চুপ হৈ বহি আছিল। এইবাৰ তেওঁৰ ধৈৰ্যৰ বান্ধ খোল খালে। হাতত লৈ থকা পেপাৰখনৰ আখৰবোৰ বৰুৱাৰ চকুৰ আগত পাক-ঘূৰণি খাই খাই বিকৃত ৰূপ ধৰি উঠিল আৰু গোটেইখিনিয়ে আহি তেওঁক যেন হেঁচা মাৰি ধৰিলেহি। বৰুৱাই নিজকে ধৰি ৰাখিব নোৱাৰিলে। পেপাৰ খন মোকটাই লৈ তেওঁ পাকঘৰলৈ চোঁচা মাৰি আহিল আৰু ‘কি ক’লি হা তই’ বুলি দীপুক গায়ে মূৰে কোবাবলৈ ধৰিলে। বৰুৱানী ভয়তে বিতত হ’ল। ‘শান্ত হওকচোন আপুনি’ বুলি বৰুৱাক টানি-আঁজুৰি ৰখাই তেওঁ চকীখনত বহুৱালে আৰু কঁপা কঁপা হাতেৰে পানী এগিলাচ লৈ আহিল। বাৰুৱাৰ উশাহবোৰ চুটি হৈ পৰিছিল। তেওঁ মানুহজন ঘামিছিল। দীপু ইতিমধ্যে গেটখন খুলি ক’ৰবালৈ ওলাই গৈছিল।
ভাত-পানী নোখোৱাকৈ বৰুৱা-বৰুৱানী দুয়ো বিচনাত পৰিলগৈ। বৰুৱাই বহুতপৰ চিলিঙখনলৈ চাই চাই কিবা কিবি ভাবিলে। এসময়ত তেওঁ অনুভৱ কৰিলে- বৰুৱানীয়ে উচুপিছে। বৰুৱাৰ নিজকে বৰ অসহায় যেন লাগিল। কিমান সপোন দেখিছিল তেওঁ এদিন নিজৰ পুতেকক লৈ। সেই সকলোবোৰ সপোনে আজি কোনফালে ঢাল লৈ গুচি গ’ল। বিয়াৰ পাঁচ বছৰৰ পিছত দীপু তেওঁলোকৰ সংসাৰলৈ আহিছিল। সেই পাঁচটা বছৰ বৰুৱানীয়ে মানুহবোৰৰ পৰা কত ধৰণৰ যে কথা শুনিবলগীয়া হৈছিল। কেতিয়াবা বৰুৱাৰ ফালেও মানুহবোৰৰ কথাবোৰে চোঁচা লৈ লৈ আহিছিল। সেইবোৰ দিনৰ কথা মনত পৰিলে বৰুৱা আজিও শিয়ৰি উঠে। দুয়োকে উদ্ধাৰ কৰিবলৈকে যেন দীপু তেওঁলোকৰ মাজলৈ আহিছিল। অথচ সেই দীপুৰ আশাবোৰকে পূৰণ কৰিবলৈ বৰুৱা আজি অসমৰ্থ। সিটো অইন একো বিচৰা নাই। তাৰ লগৰ অইন দহটা ল’ৰা-ছোৱালীয়ে যি লোৱা দেখিছে সিও সেয়াই বিচাৰিছে। অথচ তাৰ সেই আবদাৰ পূৰাবলৈ নোৱাৰি বৰুৱাই তাৰ গাত আজি হাত উঠাইছে! প্ৰচণ্ড দুখবোধ, হতাশাই বৰুৱাক চেপি খুন্দি আহিল। অংকৰ কঠিন সমস্যাবোৰ সহজে বুজাকৈ সমাধান কৰি দিব পৰা বুলি নাম থকা বৰুৱাই জীৱনৰ সমস্যাবোৰত কিয় ইমান নিৰাশহৈ পৰাজিত হ’ব লগীয়া হৈছে তেওঁ ভাবি নাপায়। দুয়োখন হাতেৰে মুখখন মোহাৰি মোহাৰি বৰুৱা বিচনাতে নিতাল মাৰি পৰি থাকিল। গোটেই ৰাতি বৰুৱাৰ চকু মেল খাই থাকিল।
পিছদিনাও দীপু উভটি নাহিল। বৰুৱানীয়ে বহুবাৰ বৰুৱাৰ মোবাইলটো লৈ পুতেকলৈ ফোন কৰি চালে। সি বাৰে বাৰে ৰিচিভ নকৰাকৈ কাটি দিলে। সৰুতে কেতিয়াবা এনেকুৱা অভিমান কৰি দীপু মোমায়েকৰ ঘৰত সোমাই থাকেগৈ। আজিও সেই আশাতে বৰুৱাই চাইকেল খন লৈ মোমায়েকৰ, জেঠায়েকৰ ঘৰত খবৰ এটা এটা কৰি আহিলগৈ। দীপু ক’তো নাই।
গধূলি বৰুৱা বহুসময় আগফালৰ বাৰাণ্ডাত বেতৰ চকীখনত লৰচৰ নকৰাকৈ বহি থাকিল। হাতত মোবাইলটো লৈ তেওঁ এবাৰ পুতেকলৈ ফোন কৰাৰ কথা ভাবিলে। কিবা এটা ভাবি তেওঁ ৰৈ গ’ল। এসময়ত তেওঁ থিয় হ’ল।
বৰুৱানীয়ে পাকঘৰত আমন-জিমনকৈ বহি ভাত-পানীৰ যা-জোগাৰ কৰি আছিল। বৰুৱাই ওচৰলৈ গৈ মাতটো যিমান পাৰি সৰুকৈ উলিয়াই ক’লে, ‘ই আহিলে তাক ক’বা- মই মোবাইল কিনিবলৈ তাক পইচা দিম৷’
অবোধ চাৱনিৰে বৰুৱানীয়ে বৰুৱাৰ মুখলৈ এবাৰ চালে। তেওঁৰ শেঁতা পৰা মুখখন দেখি বৰুৱাৰ দুখ লাগিল। আশ্বাসৰ সুৰত তেওঁ কৈ গ’ল- ‘তুমি চিন্তা কৰিব নালাগে। মই কিবা এটা ভাবিছোঁ। মই মিলাব পাৰিম। তুমি মাত্ৰ কেনেবাকৈ খবৰ এটা দি তাক ঘৰলৈ উভটাই আনা। দহহেজাৰ টকাৰ কাৰণে তাক মই তোমাৰ পৰা আঁতৰত থাকিব নিদিও৷’
গভীৰ প্ৰত্যয়েৰে কথা কেইটা কৈ বৰুৱা ওলাই আহিল। বৰুৱানী একেথিৰে বৰুৱালৈ চাই ৰৈ থাকিল।
চাৰিআলিৰ এটা কোণতে ম’বাইল ৰিপিয়াৰিঙৰ দোকানখন আছে। পুৰণি ম’বাইল কম দামতে কিনাৰ সুবিধাও সিহঁতে দোকানখনত ৰাখিছে। বৰুৱা ঘৰৰ পৰা ওলাই পোনে পোনে সেই দোকানখনত গৈ থিয় হ’ল।
পিছদিনা ৰাতিপুৱা বৰুৱানীয়ে পদূলিমুখতে ৰৈ দীপুৰ লগ সমনীয়া কাৰোবাক দেখা পাই নেকি ৰৈ থাকিল। চুবুৰিৰে মিণ্টুক দেখি তেওঁ তাক আথেবেথে মাতি আনি সুধিলে, ‘তই ম’বাইলত মেছেজ লিখিব জাননে?’
‘জানো। কালৈ মেচেজ কৰিব লাগে বৰমা?’ তাৰ মুখত চুটি হাঁহি এটা বিৰিঙি উঠিল।
‘আমাৰ দীপুৰ নম্বৰ আছে যদি লিখচোন এটা। লিখ। দেউতাৰে ম’বাইল কিনি দিম কৈছে। তই ঘৰলৈ উভটি আহ। ইতি। মা৷’
‘দীপু ঘৰত নাই নেকি বৰমা? ক’লৈ গ’ল?’
মিণ্টুৰ প্ৰশ্নত বৰুৱানী নিশ্চুপ হৈ ৰৈ থাকিল। তেওঁৰ বুকুখন আকৌ এবাৰ কঁপি কঁপি উঠিল। দুপৰীয়া দেউতাক ঘৰত নথকা সময়ত দীপু উভটি আহিল। তাৰ শুকান মুখখন তেতিয়ালৈ ৰূঢ় হৈ পৰিছিল।

অৱশেষত ঘৰখনলৈ এটা নতুন ম’বাইল আহিল। দিনটোৰ গোটেই সময়খিনি দীপু নতুন ম’বাইলটো লৈয়ে ব্যস্ত হৈ থাকিল।
‘কিমাননো সেইটোকে পিটিকি থাক অ’!’ এসময়ত বৰুৱানীৰ দেখি দেখি বিৰক্তি লাগিল।
‘ৰহ ভালকৈ চাই মেলি ল’লেহে চলাব পাৰিম। কি কি ফিচাৰছ আছে চাই আছো ৰহ৷’
বৰুৱানীয়ে এইবোৰ বুজি বাজি নাপায়। তেওঁৰ বিতৃষ্ণা জাগিল। পাকঘৰলৈ সোমাই আহি তেওঁ নিজৰ কামত লাগিলহি। অলপ পৰৰ পিছত দীপু পাকঘৰলৈ সোমাই আহিল। ম’বাইলটো টিপি টিপি সি মাতটো যিমান পাৰি মিহিকৈ উলিয়াই লৈ ক’লে-
‘মা তই মোৰ পুৰণি ম’বাইলটো লবি৷’
‘কি কৰিম মই সেইটোৰে?’
‘ফোন কৰিবি আক’। তোৰতো ফোন নাই। ঘৰৰ বাহিৰত থকা টাইমত দেউতাক কিবা ক’ব লগা থাকিলে তই এইটোৰে ফোন কৰিবি৷’
বৰুৱানীৰ খঙ উঠিছিল। নাকৰ আগত তেওঁৰ বিৰিঙি বিৰিঙি ঘাম ওলাইছিল। চাদৰৰ আচলেৰে নাকটো মোহাৰি মোহাৰি তেওঁ সৰুকৈ ক’লে-
‘দেউতাৰৰো এতিয়া ম’বাইল নাই। বেচি দিলে৷’
‘বেচি দিলে! কাক? কিয়?’
‘সিদিনায়ে বেচি দিলে। ঘৰৰ নিজৰ ল’ৰাটোৱে দেউতাৰৰ মনৰ খবৰ নুবুজিলি। বেলেগৰ খবৰ ল’বলৈনো আমাক ম’বাইলটো কিয় লাগে। দুয়োটা ফোন তয়ে ৰাখ। মোকো নালাগে দে!’
নিৰ্জন নিস্তব্ধ পাকঘৰখনত বৰুৱানীৰ হাতৰ কাঁহী-বাতিৰ শব্দবোৰ যে ডাঙৰ ডাঙৰকৈ ওলাইছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক