অণুগল্প সংগ্ৰহ

অনামিকাৰ কথাৰে…

উৎপল জোনাক হাজৰিকা

তাই ভাবিলে :
মানুহটো বৰ বিৰক্তিকৰ। গোটেই গধুলিটো মানুহটোৱে কাৰো লগত বিশেষ কথা নাপাতিলে। অকলে অকলে টেবুল এখন লৈ বাদাম চোবাই চোবাই বহি থাকিল। নমতা হলেও ভাল আছিল চাগৈ তেওঁক। পিছে তাইৰ লগত যে তেওঁৰ চিনাকি আছে এতিয়া সকলোৱেইটো জানিলে। বচ। হৈ যাব। কিন্তু কিয়? কিয় তেওঁ কাৰো সতে সহযোগ নকৰিলে? কেক কটা হ’ল, তাৰ পাছত নাচ হ’ল, গান হ’ল, আনকি খোৱাৰ সময়তো মানুহটোৱে একাষৰীয়া হৈহে খালে। তাকো অলপ মাংস আৰু আধা প্লেট পোলাও। তেওঁ কি ইমানেই খাই নেকি? মানুহটোচোন গাই-গাৰীয়ে ভালেই। যাহ। যি হ’ল হ’ল। তাইৰ মানটোতো ৰক্ষা পৰিল। তেওঁ নাহিলে কিযে অৱস্থা হ’লহেতেন, গোটেই ফ্ৰেণ্ড চাৰ্কোলতে তাই জনাই দিছিলে। সিদিনা তাই তেওঁক গ্ৰন্থমেলাটো লক্ষ্য কৰিছিল। গোটেই গ্ৰন্থমেলাখন যেন তেওঁ কিবা এটা বিচাৰি ফুৰিছে। চিনাকি মানুহবোৰে মাতিলে হাত এখন জোকাৰি সঁহাৰি দিছে। কেইবাখনো কিতাপ তেওঁৰ এইবাৰ গ্ৰন্থমেলাত ওলাইছে। তাই গোটাই কেইখনেই কিনিছে। কিবা এটা প্ৰচণ্ড আকুলতা আছে তেওঁৰ লিখনিত। নিজৰ নিজৰ যেন লগা কাহিনী। আৰু এটা গল্পততো তাই নিজকে দেখিছে। কিন্তু গল্পটোৰ দৰে তেওঁতো তাইৰ প্ৰেমিক নহয়। তাই গান গাই ভালপোৱা এজনী মধ্যবিত্ত ঘৰৰ ছোৱালী। কলেজৰ বেষ্ট চিংগাৰৰ প্ৰাইজটো তেওঁৰ হাতৰ পৰাই ল’বলৈ যাওঁতেই চিনাকি। তাৰ পিছত মাত-বোল। এতিয়া তেওঁ তাইক মাজে মাজে ফোন কৰে। খবৰ লয়। তাই বাৰ্থদে পাৰ্টিত সেইবাবেই তেওঁক নিমন্ত্ৰণ কৰিছিল। আহিছিলোঁ তেওঁ। কিন্তু… তাই নুবুজিলে আৰু তাইৰ পাবলগীয়াখিনি পোৱাৰ বাবে সন্তুষ্ট হৈ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে এটা থেংকচ এচ এম এচ পঠালে। কিবা এটা ভাবি তাই তেওঁ দিয়া প্ৰেজেন্টটো খুলি চালে। কাঁচৰ বাকচৰ মাজত এটা সৰু তাজমহল, এখন গ্ৰিটিংচ কাৰ্ড আৰু এপাহ ৰঙা গোলাপ। তাই ততাতৈয়াকৈ কাৰ্ডখন খুলি চালে। তাতো এপাহ গোলাপ আৰু এটা বাক্য – আশা কৰো মোক বুজি পাবা। তাই কথাবোৰ বুজিবলৈ চেষ্টা চলাই থাকোঁতেই ম’বাইলৰ শব্দত ঘুৰি চালে। এটা এচ এম এচ। তেওঁ লিখিছে মোক ভুল নুবুজিবা। তোমাৰ মাজত মই মোক বিচাৰি চাব খুজিছিলোঁ, আচলতে তোমাৰ জগতখনত মই নাই। গতিকে প্ৰস্তাৱটো পাহৰি পেলাবা।

তেওঁ ভাবিলেঃ
কিবা ভাবিছে ছোৱালীজনীয়ে। কামটো ভাল নহ’ল চাগৈ। তাই জানো লুকাই ৰাখিব পাৰিব কথাবোৰ। যাহওক, দুদিন হলেও জীৱনটোৱে শান্তিত আছিলে। তাইৰ আৰু মোৰ মাজত বয়সৰ পাৰ্থক্য যিমান তাতকৈ বেছি পাৰ্থক্য মানসিকতাৰ। ভাগ্য ভাল যে প্ৰেম হৈ নগ’লগে। জুখি-মাখিটো আৰু প্ৰেম নহয়। সেয়েহে চাগৈ মোৰ জীৱনলৈ প্ৰেম নাহিলে।

———————————————————————————————————

পখিলা

উৎপল জোনাক হাজৰিকা

আজিৰ পৰা দুবছৰ আগতে তাই যেনেকৈ কৰিছিল ঠিক তেনেকৈয়ে আজি তাই আকৌ তাৰ সমুখত হাত দুখন মেলি ধৰিলে। সি কি কৰিব ভাবি নাপালে। তাই একমাত্ৰ তাক লগ কৰিবলৈকে গাঁৱৰ পৰা গুৱাহাটীলৈ ঢপলিয়াই আহিছে। কথাষাৰ কিবা খোকোজা লাগিছিল তাৰ। এদিন কলেজৰ বাৰাণ্ডাত পিচলি পৰিব ধৰা ছোৱালী এজনীক থাপ মাৰি ধৰি পৰি যোৱাৰ পৰা ৰক্ষা কৰিছিল সি। তাৰ পাছত আৰম্ভ হৈছিল সিহঁতৰ যাত্ৰা। কলেজত তিনিবছৰ পাৰ হ’ল। পিজি দুবছৰ। বি এড এবছৰ। তাই তাক লগ এৰা দিয়া নাছিল। হঠাৎ এদিন তাই গাঁৱলৈ গৈ ঘুৰি অহা নাছিল। সি তাইক বিচাৰি তাইৰ ঘৰ ওলাইছিলগৈ। সিদিনাও তাই এনেদৰেই তাৰ সমুখত হাত মেলি ধৰিছিল। ‘তোমাৰ ভালপোৱাৰ বিনিময়ত মোক মোৰ ইচ্ছাৰ বিৰুদ্ধে জীয়াই থাকিবলে দিয়া।’ মৃত্যুমুখী মাকৰ অন্তিম ইচ্ছা আছিল সখিয়েকৰ পুতেকৰ সতে তাইৰ বিয়া। এতিয়া দুবছৰ পাছত তাই যিদিনা তাক লগ কৰিবলৈ গুৱাহাটীলৈ অহাৰ খবৰ দিছিল সি ভাবিব পৰা নাছিল সি ক’ব কি। তাইৰ লগত আহিছিল তাইৰ গিৰিয়েক। তাই তাক চিনাকি কৰাই দিলে। সি সিহঁতক একো ক’ব পৰা অৱস্থাত নাছিল। তাই আঁৰ চকুৰে কিবা এটা ক’ব খুজিছিল। গিৰিয়েকক হোটেলতে থৈ তাৰ বাইকত সিহঁত গৈছিল ডাক্টৰৰ এপইণ্টমেন্ট বিচাৰি। তেতিয়াই তাই তাক কৈছিল তাইৰ শাহুৱেকক সোনকালে এটা নাতি লগাৰ কথা। সকলোৱে হেনো তাইকে সন্দেহ কৰে। তাইৰ মতে সিহে কেনালগা। চেক-আপৰ পাছত কথাটো পৰিষ্কাৰ হৈছিল। তাই উৰ্বৰা। সিহঁত ঘৰলৈ ঘূৰাৰ আগদিনা তাইৰ প্ৰবল ইচ্ছাতেই সি লৈ গ’ল তাইক তাৰ ৰুমলৈ। অকলশৰীয়া আছিল সি। তাই তাক আচৰিত কৰি দিলে এটা অদ্ভুত প্ৰস্তাৱ, তাইক তাৰ পৰা লাগে এটা সন্তান। ‘দিয়া, তোমাৰ ভালপোৱাৰে মোক জীয়াই থাকিবলৈ দিয়া।’ তাই তাৰ সমুখত হাত দুখন মেলি ধৰিলে। সি বহু চিন্তাৰ পাছত তাইৰ দুহাতত তাৰ হাত দুখন সঁপি দিলে।

———————————————————————————————————–

ফাঁকি

উৎপল জোনাক হাজৰিকা

চিটিবাচখন হঠাৎ ব্ৰেক মাৰি দিয়াত তাই আগবাঢ়ি নহয় হামখুৰি খাই সমুখত থকা ল’ৰাটোৰ গাতে পৰিলগৈ। ’উফ্’, সি কোনোমতে নিজৰ লগতে তাইকো চম্ভালি ক’লে। ’চৰি’ তাই কলে। সি লাহেকৈ মিচিকিয়ালে, ’ইটচ অকে।’ চিটিবাচৰ হেঁচা-ঠেলা বাঢ়িছে। তাই তাৰ কাষ চাপি গল। সি তাইক আকৌ এবাৰ চালে। এইবাৰ তায়ো মিচিকিয়াই হাঁহি দিলে। ষ্টপেজত বাচ ৰ’ল। তাই তাৰ আৰু কাষ চাপি আহি কাষেদি পাৰ হৈ নামি গ’ল। সি তাই যোৱালৈ চাই থাকিল। বাছ আগবাঢ়িল। ‘দাদা, ভাড়াটো দিবচোন।’ সি পকেটত হাত ভৰাই থমকি ৰ’ল। তাৰ মুখৰ পৰা বাহিৰ হ’ল, ’শ্বিট, পকেট মাৰিলে।’ কণ্ডাক্টৰ লৰাটোৱে সুধিলে, ’দাদা, বহুত কিবাকিবি আছিল নেকি?’ অলপ আগতে তালৈ চাই ফিচিকি হাঁহি থকা চকু কেইযোৰে এইবাৰ সহানুভুতিৰে চালে।

———————————————————————————————————–

এটা আধুনিক প্ৰেমকাহিনীৰ(!) অন্তিম অংশ :

লাকী আহমেদ

(যোৱাবছৰৰ বাতৰি কাকতত পঢ়া এটা বাতৰিৰ ওপৰত আধাৰিত)

সস্তীয়া ল’জ খনৰ পৰা ওলাই বিলাসী গাড়ীখন আই.এছ.বি.টি অভিমুখে ৰাওনা হল l ক্ৰমশঃ গধুৰ আহিল বৰ্ষাৰ মনটো l অনবৰতে কথা কৈ থকা বিজিতো নিশ্চুপ হৈ আছিল ড্ৰাইভিং চিটত! l আৰু কিছুসময় পাছতে শিৱসাগৰ অভিমুখী বাছখনে আঁতৰাই লৈ যাব তাইক বিজিতৰ পৰা l সময়বোৰ যেন থমকি ৰওক ইয়াতেই সদায়!
আজি ১৪ ফেব্ৰুৱাৰী,প্ৰেমৰ দিন! বৰ্ষাৰ জীৱনৰ আটাইতকৈ সুন্দৰ দিন l দুমাহতে যে কিমান আপোন হৈ পৰিল বিজিত,কুৰুকি-কুৰুকি সোমাই পৰিল সি তাইৰ গভীৰৰ পৰা গভীৰতলৈ l “ম’বাইল ইণ্টাৰনেটৰ যুগত হেনো মানুহৰ হৃদয়ৰ আত্মিক সম্বন্ধবোৰত ঘুণে খাইছে,যান্ত্ৰিকতাত বিলীন হৈ ক্ৰমশঃ যান্ত্ৰিক হৈ পৰিছে হৃদয়বোৰ”! ওহো…তাই নাভাবে তেনেকৈ l ম’বাইল-ইণ্টাৰনেটেও জোৰা লগাব পাৰে হৃদয়,গঢ়িব পাৰে সঁচা হৃদয়ৰ আত্মিক সম্বন্ধ l ফে’চবুকতে প্ৰ্থম চিনাকি হৈছিল দুয়ো,তাৰ প্ৰ্ফাইলত থকা কবিতাবোৰে দূৰ্বাৰ আকৰ্ষণ কৰিছিল তাইক l ভাল লাগিছিল তাৰ কবিতা কবিতা লগা কথাবোৰ আৰু কম সময়তেই কম্পিউটাৰৰ মনিটৰৰ পৰা সি প্ৰ্ৱেশ কৰিছিল তাইৰ বুকুত, তেজৰঙা এটি জীৱন্ত কবিতা হৈ…আৰু বিজিতৰ অনুৰোধতে ভেলেন্টাইন’ছ ডে’ৰ দিনাই লগ পোৱাৰ উদ্দেশ্যে তাই ঢ়াপলি মেলিছিল গুৱাহাটীলৈ l
সস্তীয়া ল’জখনৰ অস্বাস্থ্যকৰ কোঠাটোৰ কোনো এক অন্তৰংগ মুহূৰ্তত তাই সুধিছিল-“বহুত বিশ্বাস কৰো তোমাক,মোৰ বিশ্বাসবোৰ ভাঙিবা নেকি কেতিয়াবা?”! উত্তৰ দিয়া নাছিল বিজিতে,কিন্তু তাৰ গভীৰ চকুজুৰিত তাই দেখা পাইছিল বিশ্বাস ভৰা প্ৰতিশ্ৰুতিবোৰ…

:ক্ৰেককককচচচ….-তাইৰ ভাৱনাত আউল লগাই বিকট শব্দ কৰি পথৰ কাষত ৰৈ গৈছিল গাড়ীখন l বৰ্ষায়ে কিবা এটা বুজি পোৱাৰ আগতেই তাইৰ বেগটো,চেইনডাল আৰু ম’বাইলটো কাঢ়ি ব্যস্ত ৰাজপথত অদৃ্শ্য হৈ পৰিছিল বিজিতৰ বিলাসী গাড়ীখন l ব্যস্ত মহানগৰীত পুনৰ ব্যস্ত হৈ পৰিছিল সময় l পথৰ কাষত বুজা-নুবুজাৰ দোমোজাত পেণ্ডুলামটোৰ দৰে দুলি ৰৈছিল এখন হৃদয়…

————————————————————————————————————

ভোক

পৰাগ পিংকু বৰঠাকুৰ

দুৱাৰখন বন্ধ কৰি তাই ৰৈ থাকে বাহিৰত। তাইৰো বয়স তেৰ বছৰ। ভিতৰত মাক আৰু অচিনাকি দাদাজন…।

কেৰেক কাৰাক শব্দ আৰু ফুচফুচনি তাই শুনি থাকে। তাই খং কৰে মাকক।নু বুজা নহয় একো। তাই বাহিৰলৈ নোলালে সিঁহতৰ চৰু নজ্বলে।
মাজে মাজে তাই ভাৱে। মাক অকণমান সকাহ দিবলৈ ময়ো নোৱাৰিমনে চাগৈ।

————————————————————————————————————

মা

মৃণাল কুমাৰ বৰা

———-
দেউতাইযে মাক ইমান বেছি খং কৰে। মোৰ অকণো ভাল নালাগে। আইতাজনীযে আৰু বেছি। মোক দেখিবই নোৱাৰে। মাৰ বাহিৰে কোনেও মৰম নকৰে মোক। কালি গধূলি মোক দুদু খুৱাই শুৱাই থৈ যোৱাৰ পাছৰেপৰা মা অহাই নাই। বেয়া পাইছোঁ মই মাক। ইমানকৈ কান্দিছোঁ মই, তথাপিও মোৰ ওচৰলৈ অহা নাই। ভোক লাগিছে মোৰ। কোনোবাই মোৰ মুখত দুদু খাবলৈ বটল এটা লগাই দিলে। জুই, যৌতুক এনেকুৱা কিবাকিবি শব্দ মানুহবোৰৰ মুখত শুনিলোঁ। মই বুজি পোৱা নাই একো। বটলৰ দুদুবোৰ ভাল নহয় খাবলৈ। আকৌ মাক বিচাৰি কান্দিবলৈ ধৰিলোঁ মই।

————————————————————————————————————

অসুখ

দেৱব্ৰত বৰা

বুবুহঁতৰ দেউতাকৰ অসুখ। ডাক্তৰে ভাল বস্তু খাবলৈ কৈছে। সিহঁতৰ মাকে উঠনা দিয়াৰ ভাগৰে চান কাঢ়ি একাপ গাখীৰ আৰু বেচিবলৈ থোৱা হাঁহৰ কণী এটা সিজাই দেউতাকক খাবলৈ দিছে। তাকে দেখি বুবুৱে বায়েকক কৈছে “মণিবা, বেমাৰ হ’লেই ভাল ন। গাখীৰ কণী একেলগে খাবলৈ পায়।”

————————————————————————————————————-

ৰভা ভঙা মানুহ


দেৱব্ৰত বৰা

এখন বিয়াৰ বাবে ৰভাখন দিবলৈ গোতেই গাওঁখনৰ মানুহ আহে। কিন্তু বিয়া শেষ হোৱাৰ পাছত ৰভাখন ভাঙিবলৈ কেইজনমান মানুহহে থাকে। সেইকেইজনেই বিয়াঘৰৰ আপোন মানুহ। ময়ো তোৰ বাবে ৰভা ভঙা মানুহ। তোৰ যেতিয়াই প্ৰয়োজন হয় মোক মাতিবি। মই আহিম।

তাই আৰু তাৰ সৈতে সম্পৰ্কটো আগবঢ়াই নিব নোৱাৰে বুলি কোৱাৰ পিছত সি তাইক একে উশাহে এই কথাখিনি কৈ চাইকেলত উঠিল। সি মন কৰিলে কথাখিনি শুনি তাইৰো চকুহাল সেমেকি উঠিছিল। চাইকেলখনে বিচিত্ৰ আৱাজ কিছুমান কৰিলে। তাৰ চাইকেলখনলৈ মৰম লাগি গ’ল। এইবাৰ টিউচনৰ পইচা পালেই চাইকেলখন বাটিব লাগিব। এতিয়া আৰু সি আন কাৰো কাৰনে ভাবিব নালাগে। এতিয়া তাৰবাবে চাইকেলখনেই আপোন।

————————————————————————————————————-

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments