অপেৰাগৃহৰ অপদেৱতা (অনুবাদ- উদ্দীপ তালুকদাৰ)

 

 

অধ্যায় তিনি.

ৰহস্যৰ গ্ৰাসত অপেৰা হলৰ ফ’য়াত মানুহ জমা হ’বলৈ আৰম্ভ হৈছিল। আগতেই কোৱা হৈছে সেয়া আছিল অপেৰাৰ দুই বিদায়ী মেনেজাৰ মশ্চিউ ডেবিয়েন আৰু মশ্চিউ প’লিনীৰ অৱসৰৰ দিন। দুইজনে বহুত কষ্ট কৰি অপেৰা-ঘৰটোক সন্মানীয় স্থান দিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ বিদায়ৰ আয়োজনো সেয়ে গুৰু-গম্ভীৰকৈ পতা হৈছিল। পেৰিছৰ গণ্য-মান্য বেছিভাগেই বিদায় সভাত উপস্থিত আছিল। হাতত এটা শ্যেম্পেনৰ গিলাছ লৈ ছ’ৰেলী মানুহৰ মাজত ৰৈ আছিল। তেখেতৰ পিছফালে আছিল ছোৱালীৰ দলটো। সিহঁতে তেতিয়াও ফুচফুচাই অলপ আগৰ ঘটনাৱলী আলোচনা কৰিয়েই আছিল। খোৱামেজৰ কাষত মানুহৰ জুম বান্ধিবলৈ আৰম্ভ কৰিছিল।

 

মশ্চিউ প’লিনী আৰু ডেবিয়েনৰ মুখাৱয়বত কোনো দুখৰ চিন নাছিল। মৰমৰ অপেৰা-ঘৰটোক এৰি যোৱাৰ সময়ত তেওঁলোকৰ হৃদয়ত এটা বেদনা স্বাভাৱিক আছিল যদিও পেৰিছৰ সদা হাস্যমুখী চৰিত্ৰৰ বাবেই দুয়ো মনৰ কোনো বেদনাৰ বহিঃপ্ৰকাশ হ’বলৈ দিয়া নাছিল। পেৰিছৰ অভিজাত শ্ৰেণীটোৱে নিজকে সদায়ে সুখী বুলি জহাবলৈ চেষ্টা কৰে। ভিতৰখন যিমান দুখে খান্দি নেপেলালেও সমাজৰ আগত তেওঁলোকে হাঁহিৰ মুখাৰে নিজৰ দুখ ঢাকি ৰখাত অভ্যস্ত। আনকি কোনোবা এজনৰ কিবা কষ্টৰ কথা আপুনি জানি তেখেতক সমবেদনা দেখুৱাবলৈ গ’লে, তেখেতে আপোনাক হাঁহি হাঁহিয়েই জানিবলৈ দিব যে সেইবোৰ কথা তেওঁ কেতিয়াবাই পাহৰিলে। আনকি কোনোবা এজনৰ সাফল্যত অভিনন্দন জনালেও তেখেতে আপোনাক সেয়া তেওঁৰ বাবে তেনেই সামান্য কথা বুলি জাহিৰ কৰিবলৈ চেষ্টা কৰিব। সমগ্ৰ পেৰিছ খনেই যেন নিজকে সফলতা আৰু আনন্দৰ এখন ডাঠ ওৰণিৰ আঁৰত লুকুৱাই ৰাখে। মনৰ সকলো কষ্টক মুখা এখনেৰে ঢাকি ৰখাত প্ৰতিজনেই অভ্যস্ত। অপেৰাৰ ফ’য়া-ত সেয়ে মশ্চিউ ডেবিয়েন আৰু প’লিনীৰ হাঁহি ভৰা মুখ কাৰো বাবেই আচৰিত কথা নাছিল। তথাপিও সেইদিনা অলপ বিচ্যুতি ঘটিছিল। ছ’ৰেলীয়ে লিখি অনা ভাষণ উদ্বাত্ত কণ্ঠেৰে পাঠ কৰি থকাৰ সময়তে

পিছফালে জেম্ছ‌ নামৰ ছোৱালীজনীয়ে মৰা চেপা চিঞৰ এটাই দুই মেনেজাৰৰ মুখৰপৰা হাঁহিৰ আৱৰণখন আঁজুৰি আনিছিল।

তাই চিঞৰি দিছিলঃ “সেয়া অপদেৱতা! অপেৰা গৃহৰ অপদেৱতা!”

জেম্ছ‌ ভয়ত শেঁতা পৰিছিল। তাই ভীৰৰ মাজৰ এজনলৈ আঙুলি টোঁৱাই চেপা চিঞৰ এটা মাৰিছিল। সকলোৰে চকুগৈছিল শেঁতা পৰা বৰণৰ, কোটৰত সোমোৱা চকু আৰু হনুওলোৱা মুখৰ মানুহ এজনলৈ। দুই মেনেজাৰে জেম্ছৰ‌ ওচৰলৈ লৱৰি গৈ তাইক বুজাবলৈ আৰম্ভ কৰিছিল। উপস্থিত আন ৰাইজে কাণ্ড দেখি হাঁহিবলৈ আৰম্ভ কৰিছিল। কোনোবাই কৈছিল, ‘অপেৰাৰ ভূত! অপেৰাৰ ভূত! চাওঁ চাওঁ, অপেৰা-ৰ ভূতটো আহিছে, তেখেতক দিবলৈ অলপ পানীয়কে আনা।’ জেম্ছে ‌আঙুলিয়াই দিয়া মানুহজনৰ ফালে ভীৰটো আগবাঢ়ি আহিছিল। কিন্তুতাৰ মাজতেই মানুহজন যেন নোহোৱা হৈ থাকিল। ভীৰৰ মাজত তেখেত কেনিবা হেৰাই গ’ল। ভয়ত জেম্ছ‌ শিল পৰা কপৌৰ দৰে হৈছিল। জিৰীয়ে মুখেৰে ম’ৰা চৰাইৰ দৰে কৰ্কশ চিঞৰ এটা মাৰিবলৈ আৰম্ভ কৰিছিল। খঙত ছ’ৰেলীৰ মুখখন ৰঙা পৰিছিল। তেওঁৰ ভাষণ শেষ হ’বলৈ নেপালেই। জেম্ছৰ‌ অনাহুত কাণ্ডই তেখেতৰ ভাষণো আধাতে সামৰিলে। দুই মেনেজাৰে ছ’ৰেলীক চুমা একোটাৰে ধন্যবাদ জনাই ওপৰলৈ গ’ল। তাতে তেখেতসকলৰ বাবে গায়ক-গায়িকাৰ দলটো ৰৈ আছিল বিদায় জনাবলৈ। তাৰ পাছতো তেওঁলোকে কিছুসময় অতি বিশিষ্ট বন্ধু-বান্ধৱৰ লগতো কটাব।

 

সেয়ে খুব বেছি সময় দিব পৰা অৱস্থা নাছিল তেওঁলোকৰ। মেনেজাৰৰ কোঠাৰ সন্মুখৰ আহল-বহল চোতালখনতে তেওঁলোকে ৰাতিৰ ভোজ মেলৰ যোজা কৰিছিল। তাতেই অপেৰাৰ অনগাত দুই মেনেজাৰৰ লগত তেওঁলোকৰ চিনাকি হ’ল। দুয়োজন নতুন মেনেজাৰকে বিদায়ী মেনেজাৰদ্বয়ে চিনি নেপাইছিল। নতুন মেনেজাৰ দ্বয়ৰ নাম আছিল ক্ৰমে মশ্চিউ এৰমণ্ড ম’চামিন আৰু মশ্চিউ ফামিন ৰিচাৰ্ড। বিদায়ী মেনেজাৰ দুজনৰ

পুৰণি চিনাকি নহ’লেও তেওঁলোকৰ মাজত ভাল আড্ডা জমি উঠিবলৈ সৰহপৰ নালাগিল। ভোজমেলৰ পৰিৱেশো আনন্দেৰে ভৰা আছিল। বিশেষকৈ চৰকাৰৰ প্ৰতিনিধি গৰাকীয়ে অপেৰাৰ ঐতিহ্য আৰু বৰ্তমানৰ সাফল্যৰ বিষয়ে ডাঙি ধৰা সুমিষ্ট ভাষণে সকলোকে চুই গৈছিল। বিদায়ী মেনেজাৰ দুজনে নতুন মেনেজাৰ দুজনৰ হাতত অপেৰা-ঘৰটোৰ মাষ্টাৰ চাবি দুপাত তুলি দিছিল। সেই দুপাত চাবিৰে ঘৰটোৰ সকলো দুৱাৰেই খুলিব পাৰি। খোৱা-বোৱাত ব্যস্ত থকাৰ সময়তে কেইজনমান অতিথিয়ে লক্ষ্য কৰিলে খোৱা মেজৰ এটা চুকত বহি থকা হনু ওলোৱা মুখৰ, শেঁতা বৰণৰ, চকুগাঁতত সোমোৱা সেই মানুহজনক। যাক দেখি জেম্ছে ‌ ‘অপেৰাগৃহৰ অপদৱতা’ বুলি চিঞৰি উঠিছিল। আন এশজন অতিথিৰ দৰেই মানুহজন খোৱা-মেজত বহি আছিল। অৱশ্যে তেওঁকোনো খোৱা-বস্তুমুখত দিয়া নাছিল। দুজনমানে সৌজন্যসূচক হাঁহি একোটা মাৰিলেও তেওঁকোনো  উত্তৰ দিয়া নাছিল। তেখেতৰ মুখখনে যেন মনত এটা অদ্ভুত বিতৃষ্ণাৰ ভাৱ জগাই তুলিছিল। এবাৰতকৈ দুবাৰ কোনেও মুখ তুলি তেখেতৰ ফালে চোৱা নাছিল। ফ’য়া-ত দেখাৰ পাছত কৰাৰ দৰে কোনেও ‘সেয়া অপেৰাৰ ভূতটো ওলাইছে, কিবা খাবলৈ দিয়াহে’ বুলি কোনেও চিঞৰা নাছিল।

 

মানুহজনে নিজেও কোনো কথা কোৱা নাছিল। নীৰৱে তেওঁখোৱা মেজত বহি আছিল। তেখেতৰ উপস্থিতিয়ে

পৰিৱেশটো হঠাতে গহীন কৰি তুলিছিল। মুখমণ্ডলৰ শেঁতা গভীৰতাৰ বাবে তেখেতক মৃত্যুৰ এটা কায়িক ৰূপ বুলি ভাবিলেও একো ভুল নহয় বুলিয়েই প্ৰতিজনেই ভাবিছিল। সৌজন্যতাৰ খাতিৰত কোনেও তেখেতক একো সোধাও নাছিল। নতুন মেনেজাৰদ্বয়ৰ বন্ধু-বান্ধৱে ভাবিছিল তেখেত বিদায়ী মেনেজাৰ দুজনৰ বন্ধু, আনহাতে বিদায়ী মেনেজাৰৰ বন্ধু-বান্ধৱে ভাবিছিল তেখেত নতুন মেনেজাৰৰ চিনাকি কোনোবা। যিসকলে আগতেই অপেৰাৰ ভূতৰ কথা শুনিছিল, তেওঁলোকো অলপ আচৰিত হৈছিল। কাৰণ ভূতটোৰ যিটো বিৱৰণ ইমানদিনে শুনা গৈছিল, সেইটোৰ মতে ভূতটোৰ নাকটো নাই। কিন্তু মানুহজনৰ নাকটো আছিল ঠিকেই। অৱশ্যে নাকটো অলপ আচহুৱা। মশ্চিউ ম’চামিনৰ বিৱৰণীত পঢ়িবলৈ পোৱা মতে সেই ভোজ মেলৰ অনাহুত আগন্তুকৰ নাকটো আছিল ঠিকেই, কিন্তু  সেয়া আছিল স্বচ্ছ, জোঙা। তেওঁ নাকটো কৃত্ৰিম বুলি সন্দেহ কৰিছিল। মোৰ বোধেৰে মেনেজাৰজনে যিটোক স্বচ্ছ বুলি বৰ্ণনা দিছিল, সেয়া আছিল আচলতে চিকমিকনি। আজিকালি কোনো ৰোগৰ বাবে নাকৰ হানি হ’লে আন কিহবাৰে নিৰ্মিত কৃত্ৰিম নাক লগোৱাৰ কথা শুনিবলৈ পোৱা যায়। হয়তো সেই কৃত্ৰিম নাকটোও ইয়াৰ নিৰ্মাণ কৰা পদাৰ্থৰ বাবে গাটোতকৈ বেছিকৈ জিলিকি আছিল, যিটোৰ বাবে মেনেজাৰজনে সেইটোক স্বচ্ছ বুলি ভুলকৈ বৰ্ণনা কৰিছিল। সেইনিশা সঁচাকৈয়ে অপেৰাগৃহৰ অপদেৱতা ভোজমেলৰ মানুহৰ মাজত আছিল নেকি? সেই মানুহজন বাৰু অপেৰাগৃহৰ  অপদেৱতাজনেই আছিল নেকি? যদি আহিছিল, কি উদ্দেশ্যত? এই বিষয়ে উত্তৰ দিব পৰাকৈ মোৰ হাতত কোনো সমল নাই। ঘটনাটোৰে পঢ়ুৱৈক সেই অপদেৱতাৰ অস্তিত্বৰ বিষয়ে প্ৰতীয়মান কৰাটো মোৰ উদ্দেশ্য নহয়। ঘটনাটো মই যেনেকৈ পাইছোঁ তেনেকৈ বৰ্ণনা কৰিছোঁ মাত্ৰ। যিয়েই নহওক, ঘটনাটো অস্বাভাৱিক আৰু অসম্ভৱো।

 

মশ্চিউ এৰমণ্ড ম’চামিনে তেখেতৰ স্মৃতি-কথাৰ এঘাৰ নম্বৰ অধ্যায়ত লিখিছেঃ

 

“সেইদিনা অফিছ ঘৰত বিদায়ী মেনেজাৰদ্বয়ে আমাৰ আগত প্ৰকাশ কৰা গোপন কথাখিনিৰ লগত সেই ভোজমেলত উপস্থিত থকা অস্বাভাৱিক অদ্ভুত মানুহজনক সাঙুৰি নোলোৱাকৈ নোৱাৰি।” সেইদিনাৰ প্ৰকৃত ঘটনাৱলী আছিল এনেকুৱাঃ মশ্চিউ ডেবিয়েন আৰু মশ্চিউ প’লিনীৰ একেবাৰে কাষলৈ সেই মানুহজন উঠি

আহিছিল, আৰু শীতল কণ্ঠে কৈছিল, ‘সেই ছোৱালী কেইজনীয়ে ভুল কোৱা নাই।’ ডেবিয়েন আৰু প’লিনীয়ে ইমান পৰে তেখেতক লক্ষ্যই কৰা নাছিল। ঘূৰি চাই দুয়োকে সচকিত হোৱা দেখা গ’ল। মানুহজনে কৈ গ’ল, ‘দৃশ্যপট সলনি কৰা সেই কৰ্মীজনৰ মৃত্যু স্বাভাৱিক নহয়।’

 

‘কি! ব্যুকেটৰ মৃত্যু হৈছে!’

‘হয়,’ মানুহজনে লাহেকৈ কৈছিল, ‘আজি সন্ধিয়া তাক গুডাম ঘৰত ৰছীত ওলমি থকা পোৱা গৈছে।’ কথাখিনি শুনিয়েই দুই মেনেজাৰৰ মূখৰ বৰণ নোহোৱা হৈ গৈছিল। অপেৰাৰ কৰ্মচাৰী এজনৰ অস্বাভাৱিক মৃত্যুৰ বাবে

ইমান বিচলিত হ’বলগীয়া একো কথা নাছিল। সচকিতে দুয়ো থিয় হৈছিল আৰুনতুন মেনেজাৰ দুজনক ইংগিতেৰে নিজৰ অফিচ কোঠালৈ মাতি নিছিল। ইয়াৰ পাছৰখিনি মই মশ্চিউ ম’চামিনৰ স্মৃতি-কথাৰপৰাই তুলি দিছোঁ।

 

“কথা আৰম্ভ কৰিবলৈ গৈ মশ্চিউ ডেবিয়েন আৰু প’লিনী বাৰে বাৰে বিচলিত হৈছিল। কিবা এটা কথা ক’ম বুলিও তেওঁলোকে যেন সাহস কৰিব পৰা নাছিল। চালে-বেৰে কোবাই মূল কথালৈ আহিবৰ চেষ্টা কৰি আছিল কিছুসময়। তাৰ পাছত তেওঁলোকে আমাক সুধিছিল অলপ আগেয়ে জোছেফ ব্যুকেটৰ কথা কোৱা সেই মানুহজনক আমি চিনি পাওঁনে নাপাওঁ? আমি নাপাওঁ বোলাত দুয়োকে আৰু সন্ত্ৰস্ত হোৱা দেখা গৈছিল। তাৰ পাছত তেওঁলোকে মাষ্টাৰ চাবিকোছা হাতত লৈ আমাক কৈছিল যে আমি অপেৰাৰ প্ৰতিখন দুৱাৰৰে তলাবিলাক সলনি কৰি নতুন তলা লগোৱাটো ভাল হ’ব। তেওঁলোকৰ কথা কোৱাৰ ধৰণ দেখি আমাৰ দুয়োৰ হাঁহি উঠিছিল। আমি সুধিছিলো অপেৰা-ঘৰটোত কিবা চুৰি-তুৰি হোৱাৰ আশংকা আছে নেকি? উত্তৰত তেওঁলোকে গহীন হৈ উত্তৰ দিছিলঃ ‘তাতোকৈ ভয়ংকৰ! অপেৰাত অপদেৱতাৰ উপদ্ৰৱ আৰম্ভ হৈছে।‘ কথা শুনি এইবাৰ আমি হো-হোৱাই হাঁহিবলৈ আৰম্ভ কৰি দিলো। আমি দুয়োজনে ভাবিছিলো যে তেওঁলোকে আমাৰ লগত ৰসিকতা কৰিছে মাত্ৰ। কিন্তু দুয়োজন অত্যন্ত গহীন হৈ কথাবিলাক হাঁহি উৰুৱাই নিদিবলৈ অনুৰোধ কৰিলে। আমি তেতিয়াও একো বিশ্বাস কৰা নাছিলো। তথাপি হঁহা বন্ধ কৰি যিমান পাৰোঁগহীন হৈ থাকিবলৈ চেষ্টা কৰিলো। তাৰপাছত তেওঁলোকে কৈ গ’ল কেনেকৈ কেইবা দিনৰপৰা তেওঁলোকে অপদেৱতাৰ ওপৰত সমীহ ৰাখি কাম কৰিবলৈ বাধ্য হৈ আহিছে। আমাক এই বিষয়ে জানিবলৈ দিয়াটো তেওঁলোকৰ উদ্দেশ্য নাছিল যদিও অপদেৱতাৰ আদেশতে তেনে কৰিবলৈ বাধ্য হৈছে। অপেৰাৰ ভূতটোৱে বিচাৰিছিল আমিও তেখেতক সমীহ কৰিয়েই চলিম, আৰু তেওঁৰ কেইটামান ইচ্ছা মানি চলিম। দুই মেনেজাৰে প্ৰথমে সিমান গুৰুত্ব দিয়া নাছিল। কিন্তু ব্যুকেটৰ মৃত্যুৱে তেওঁলোকৰ মত সলাবলৈ বাধ্য কৰিলে। সেই অপদেৱতাৰ ইচ্ছাৰ বিৰূদ্ধে কিবা এটা কৰিলে সাধাৰণতে অপেৰাত কিবা এটা অঘটন ঘটেই। ব্যুকেটৰ মৃত্যু তেওঁলোকে কৰ্তব্য পালনত অৱহেলা কৰাৰ বাবেই অপদেৱতাই তেওঁলোকক সোঁৱৰাই দিবলৈ কামটো কৰিলে। সেয়ে তেওঁলোকে আমাৰ লগত কথাখিনি পাতিবলৈ বাধ্য হৈছে।

 

“কথাখিনি কৈ থাকোঁতে ডেবিয়েন আৰু পলিনী দুয়ো অত্যন্ত গম্ভীৰ হৈ আছিল। আনহাতে মোৰ সহকৰ্মী মেনেজাৰ ৰিচাৰ্ডেও অত্যন্ত মনোযোগেৰে শুনি আছিল। তেওঁৰ মুখত আনকি এটা ভয়ৰ ভাৱো ফুটি উঠিছিল। যেন অপদেৱতাৰ অস্তিত্বই তেওঁক নতুন চাকৰীৰ প্ৰতি বীতশ্ৰদ্ধ কৰি তুলিছিল। কিন্তুমই জানিছিলো, সেয়া আছিল ৰিচাৰ্ডৰ অভিনয়। ৰিচাৰ্ড নিজেই এনেকুৱা ৰসিকতা কৰি ভাল পোৱা মানুহ। সেয়ে তেওঁপূৰ্ণ অংশীদাৰ হৈ কৌতুকটো আৰু জমাই তুলিছিল। অৱশ্যে ব্যুকেটৰ মৃত্যুক ৰসিকতাৰ ভিতৰত সাঙুৰি লোৱাটো স্থূল বিধৰ ৰসিকতা হৈছিল। মেনেজাৰ দুজনৰ কথা শেষ হোৱাৰ পাছতে ৰিচাৰ্ডে হাঁহি ধৰি ৰাখিব নোৱাৰিলে। তেওঁহো-হোৱাই হাঁহিবলৈ আৰম্ভ কৰিলে। ময়ো ৰখাব নোৱাৰি হাঁহিত যোগ দিলো। মেনেজাৰ দুজনক বিব্ৰত হোৱা দেখা গ’ল। তেওঁলোকে নিশ্চয় আমাক বলিয়া হোৱা বুলি ভাবিছিল।

 

“ ‘ৰসিকতাটো স্থূল হ’লেও উপভোগ্য আছিল,’ ৰিচাৰ্ডে ব্যংগাত্ম ভাৱে আৰুযোগ দিলে, ‘ভূতৰ কথা বাৰু আমি মানি ল’লো, কিন্তু এটা কথা কওকচোন, আপোনালোকৰ এই ভূতক লাগে কি?’ “ৰিচাৰ্ডৰ কথা শুনি মশ্চিউ পলিনী দেৱালৰ আলমাৰীৰ ওচৰলৈ গৈ দেৰাজৰ পৰা স্মাৰক-বহীখন উলিয়াই আনি আমাক দেখুৱালে। তাতে অপেৰা পৰিচালনাৰ নীতি-নিয়ম বিতংকৈ লিখা আছিল। ৯৮টা অনুচ্ছেদত শেষ হোৱা স্মাৰক-বহীখন পলিনীৰ হাতৰ আখৰেৰে লিখা আছিল। গোটেই কথাখিনি লিখা হৈছিল ক’লা চিঞাহীৰে। এইবাৰ পলিনীয়ে আমাক একেবাৰে শেষৰ পৃষ্ঠাটো দেখুৱালে। পলিনীৰ লেখা শেষ হোৱাৰ পাছতেই ৰঙা চিঞাহীৰে আৰু এটা দফা লিখা আছে। এই্ দফাটোৰ লেখোতা অইন এজন। হাতৰ আখৰ কাউৰী-ঠেঙীয়া। কোনোমতেহে পঢ়িব পাৰি। আখৰবোৰো জোঁটাই-জোঁটাই লিখা হৈছে। তাত লিখা আছিলঃ “ ‘৫. অপেৰা মেনেজাৰে প্ৰতি মাহৰ ১৫ তাৰিখৰ আগতেই্ অপেৰা-ৰ অপদেৱতা-ক মাহিলী বিছহাজাৰ ফ্ৰাংকৰ ভাট্টা আদায় দিব লাগিব। প্ৰতি মাহে বিছ হাজাৰকৈ বছৰত দুশ চল্লিছ হাজাৰ ফ্ৰাংক।’

 

“প’লিনীয়ে সেইখিনিলৈ আঙুলিয়াই দেখুৱালে। ৰিচাৰ্ডে কৈ উঠিল, ‘বচ সেইখিনিয়েই! আৰু একো দাবী নাই নেকি ভূতটোৰ?’

“ ‘আৰু আছে,’ প’লিনীয়ে উত্তৰত কৈছিল আৰু স্মাৰক-বহীৰ কেইটামান পাত লুটিয়াই দেখুৱাইছিল। এই্ অংশত বিভিন্ন গণ্য-মান্য ব্যক্তিৰ বাবে অপেৰাৰ আসন সংৰক্ষণৰ বৰ্ণনা দিয়া আছিল। আগৰদৰেই ৰঙা চিঞাহীৰে যোগ দিয়া হৈছিল যে ‘অভিজাত শ্ৰেণীৰ বাবে থকা ৫নং বাকচটো অপেৰাৰ প্ৰতিটো দৰ্শনীৰ বাবে অপদেৱতাৰ বাবে সংৰক্ষিত থাকিব।’

 

“এইখিনি দেখাৰ পাছত আমাৰ আৰুক’বলৈ একো নাছিল। আমি কৰমৰ্দন কৰি বিদায় ল’বলৈ ওলাইছিলো। ৰিচাৰ্ডে কৈছিল, দুই মেনেজাৰে একেলগে অৱসৰ লোৱাৰ কাৰণ তেওঁ এতিয়ায়ে বুজি পাইছে। ভূতটোৰ এনেকুৱা অস্বাভাৱিক দাবী মানি থাকিব লাগিলে অপেৰাৰ ব্যৱসায় লাটত ঊঠিব বুলিয়েই তেওঁলোকে অৱসৰ ল’বলৈ বাধ্য হৈছে। আমি দুয়ো আনকি এনেকুৱা এটা অসাধাৰণ ৰসিকতাৰ বাবে তেওঁলোকৰ উদ্ভাৱনী শক্তিৰ প্ৰশংসাও কৰিছিলো। “মশ্চিউ প’লিনীয়ে কৈছিল যে অপেৰাৰ ব্যৱসায়ত যে অসুবিধা আহিছে সেইটো মিছা নহয়। মাহেকত বিছ হাজাৰ ফ্ৰাংক দিয়াৰ উপৰিও এটা অভিজাত কোঠা সদায়ে সংৰক্ষিত কৰিবলৈ বাধ্য হোৱাৰ বাবেও লোকচান ভৰিবলগীয়া হৈছে। সেইকাৰণেই তেওঁলোকে অপেৰাৰপৰা আঁতৰি যাবলৈ ওলোৱাটো আংশিক ভাৱে সঁচা। মশ্চিউ ডেবিয়েনেই প’লিনীৰ কথা সমৰ্থন কৰিছিল। তেওঁ কৈছিল, ‘ভূতটোৰ কথা এনেকৈ মানি থাকিবলগীয়াটো মানসিক ভাৱে চাপদায়ক। সেইবাবেই আমি অৱসৰৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’লো।’

 

“ ‘বাৰুবুজিলো,’ ৰিচাৰ্ডে ক’লে, ‘কিন্তুভূতটোৰ প্ৰতি আপোনালোক ইমান সদয় হৈ থকাৰ কাৰণটো নুবুজিলো।

তাক পুলিচত গতাই দিব লাগিছিল।’

“ ‘কেনেকৈ দিবা পুলিচত? ধৰিব পাৰিলেহে পুলিচৰ কথা আহে,’ দুই মেনেজাৰে একেলগে কৈছিল।

“ ‘কিয়! সি যেতিয়া ৫নং কোঠাত বহি থাকে তেতিয়াই ধৰাই দিব পাৰি দেখোন।’

“ ‘কিন্তুআমি কেতিয়াও তাক ৫ নং কোঠাত দেখা পোৱা নাই।’

“ ‘সি যদি তালৈ নাহেই তেন্তে কোঠাটো আন কাৰোবাক দিলেই হ’ল।’

“ ‘ভূতৰ আসনখন বেচাৰ কথা কৈছা! ঠিক আছে, এবাৰ চেষ্টা কৰি চোৱাচোন!’

“আমি কেউজন ওলাই আহিছিলো। সেইদিনা ওলাই অহাৰ সময়ত হঁহাৰ দৰে আগতে কেতিয়াও কেতিয়াও হঁহা নাছিলো।”

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!