ওৰাঙত এদিন: চন্দামিতা দেৱী

অৰণ্য বুলি ক’লে সাধাৰণতে মনলৈ ওখ-চাপৰ নানান ধৰণৰ গছ-গছনিৰে ভৰপূৰ ঠাই এখনৰ ছবি মনলৈ আহে৷ প্ৰতিখন সৰু-বৰ ঠাই সম্পূৰ্ণ নিজস্ব বৈশিষ্ট্যতাৰে এখনৰ পৰা আনখন পৃথক হোৱাৰ দৰে প্ৰতিখন অৰণ্যও এখনৰ পৰা আনখন পৃথক৷ প্ৰতিখন অৰণ্যৰে থাকে নিজা বুৰঞ্জী, কাহিনী, কিম্বদন্তি৷ প্ৰতিখন অৰণ্যৰে নিজস্ব এখনি ছৱি থাকে৷ থাকে নিজা আকৰ্ষণ, নিজৰ সমৃদ্ধ সেউজীয়াৰে দেহ-মন সজীৱ কৰি তুলিব পৰা অদ্ভুত ক্ষমতা৷

৭ নৱেম্বৰ, ২০১৫ চনত সপৰিয়ালে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ফুৰিবলৈ গৈছিলোঁ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দৰং জিলাত অৱস্থিত৷ মাত্ৰ ৭৮ বৰ্গকিলোমিটাৰ মাটি কালিৰে আগুৰি থকা এই ৰাষ্ট্ৰীয় উদ্যানখন বাকী ৰাষ্ট্ৰীয় উদ্যানৰ তুলনাত যথেষ্ট সৰু যদিও জৈৱ-বৈচিত্ৰ্য্যৰ দিশৰ পৰা কিন্তুু আনতকৈ কোনো গুণে কম নহয়৷ ১৯৮৫ চনত চৰকাৰে ইয়াক অভয়াৰণ্য ঘোষণা কৰে আৰু ১৩ এপ্ৰিল, ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰে৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যান অনেক প্ৰজাতিৰ উদ্ভিদ তথা জীৱ-জন্তুৰ বাসভূমি৷ ওৰাঙত এশিঙীয়া গঁড়ৰ উপৰি নল-গাহৰি, বনৰীয়া গাহৰি, হাতী, বনৰীয়া ম’হ, যথেষ্টসংখ্যক হৰিণা, ঢেঁকীয়াপতীয়া বাঘ দেখিবলৈ পোৱা যায়৷ ওৰাং পশুৰ লগতে নানা তৰহৰ পক্ষীকুলৰো বাসভূমি৷ ওৰাঙলৈ প্ৰতিবছৰে নানা ধৰণৰ পৰিভ্ৰমী চৰায়ো অহা দেখিবলৈ পোৱা যায়৷

আমি ৭ নৱেম্বৰৰ পুৱা গুৱাহাটীৰ পৰা ওৰাঙলৈ গৈ আগতে ঠিক কৰি ৰখা অনুসৰি জীপেৰে (Jeep Safari) অৰণ্যৰ ভিতৰলৈ গৈছিলোঁ৷ এইবছৰ বাৰিষা কালটো অলপ দীঘলীয়া হোৱা বাবে তেতিয়াও ঘাঁহনিবোৰ যথেষ্ট ওখ আৰু ঘন হৈ আছিল বাবে বৰ বেছি জীৱ-জন্তু নেদেখিলোঁ৷ কেইটামান হৰিণা আৰু বনৰীয়া গাহৰি (wild boar) ওচৰৰ পৰা দেখিবলৈ পালোঁ আৰু দূৰৈৰ ঘাঁহনিত চৰি থকা গঁড় কেইটামান দেখিলোঁ৷ অৰণ্যৰ মাজত থকা জলাশয়ত থলুৱাৰ লগতে পৰিভ্ৰমী চৰাইৰ জাক দেখিছিলোঁ৷

অৰণ্যৰ জীৱ-জন্তুতকৈও বেছিকৈ আকৰ্ষণ কৰে তাত থকা গছ-গছনি আৰু ফুলবোৰে৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যান প্ৰাকৃতিক সৌন্দৰ্যত অতুলনীয়৷ এই উদ্যানখন নাম জনা-নজনা বিভিন্ন প্ৰজাতিৰ গছ-লতিকাৰে পৰিপূৰ্ণ৷ নৱেম্বৰত অৰণ্যৰ ভিতৰ ভাগ বগাকৈ ফুলি থকা কামিনীকাঞ্চনেৰে ভৰি থাকে৷ কাজিৰঙা, পবিতৰা বা মানাহ ৰাষ্ট্ৰীয় উদ্যানত ইমানসংখ্যক কামিনীকাঞ্চনৰ গছ দেখা নাই৷ কাজিৰঙা এটা সময়ত শিমলুৰে ৰঙা, পবিতৰা এজাৰেৰে বেঙুনীয়া হোৱাৰ দৰে ওৰাং নিয়ৰ আৰু শীতক সাবটি কামিনীকাঞ্চন ফুলেৰে বগা হৈ পৰে৷ অৰণ্যৰ ভিতৰত জীপ যোৱা ৰাস্তাৰ মাজে মাজে থকা সৰু কাঠৰ দলং আৰু ৰাস্তাৰ দুয়োকাষে থকা গছবোৰে, ডাঠ ঘাঁহনিৰ মাজেৰে জীপ যোৱা একা-বেঁকা ৰাস্তাটোৱে ‘জীপ চাফাৰীৰ’ সময়খিনি মোহাচ্ছন্ন কৰি ৰাখে৷ ওৰাঙত আগতে নেদেখা ধৰণৰ নিলাজী বন এবিধ দেখিবলৈ পাইছিলোঁ৷ সাধাৰণতে দেখা নিলাজী বনতকৈ এইবিধ যথেষ্ট ওখ আছিল৷ সচৰাচৰ দেখা নিলাজী বনৰ দৰে এইবিধ প্ৰজাতিৰ পাতৰ ৰং সিমান ডাঠ সেউজীয়া নাছিল৷ বহু ডাঙৰ ডাঙৰ গছ বিভিন্ন প্ৰজাতিৰ কপৌফুলেৰে (Orchid ) ভৰি আছিল৷ কপৌফুলৰ গছবোৰ দেখি ফুল ফুলাৰ সময়ত এই হাবিয়ে সাধুকথাত পঢ়া ‘নন্দন কানন’ৰ ৰূপ ল’ব যেন ভাৱ হয়৷

ওৰাঙক “মানুহে সজা অভয়াৰণ্য” (Man Made Sanctuary) বুলিও কোৱা হয়৷ ইয়াৰো এক ইতিহাস আছে৷ ওৰাং এসময়ত অৰণ্য নাছিল৷ ১৯০০ চনলৈকে ওৰাং স্থানীয় জনজাতীয় লোকে বাস কৰা জনবসতিপূৰ্ণ অঞ্চল আছিল৷ ওঠৰশ শতিকাৰ মাজভাগত মহামাৰীয়ে সংহাৰ ৰূপ ধাৰণ কৰাত এই অঞ্চলৰ বহু লোকৰ মৃত্যু হয়৷ ফলত জীৱিত বাকী মানুহখিনিয়ে সেই ঠাই পৰিত্যাগ কৰি আন ঠাইলৈ গুচি যায় আৰু কালক্ৰমত সেই পৰিত্যক্ত ঠাইখনেই হাবিৰ ৰূপ লয় আৰু তাত নানা তৰহৰ জীৱ-জন্তু আহি থাকিবলৈ লয়৷ অৰণ্যৰ ভিতৰত দেখিবলৈ পোৱা সেই সময়ত মানুহে নিৰ্মাণ কৰা পুখুৰী, মন্দিৰ আদিয়ে আজিও একালত সেই ঠাইত মানুহ বসতি কৰি থকাৰ সাক্ষৰ বহন কৰে৷

ওৰাঙক “ওৰাং ৰাষ্ট্ৰীয় উদ্যান” বুলি কোৱাত কি অসুবিধা পাই “ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান” নামেৰে নামকৰণ কৰা হ’ল বুজি নাপাওঁ৷ নিজা নাম, ইতিহাস আৰু প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ ঠাইবোৰক যেতিয়া আন এটা উপৰুৱা, একো সম্পৰ্ক নথকা নাম দিয়া হয় তেতিয়া কৈ বা শুনি একো ভাল নালাগে৷ নতুন নামকৰণ কৰা আদি বিষয়বোৰত গুৰুত্ব দিয়াতকৈ চৰকাৰে যদি সেই ঠাইবোৰলৈ যোৱা ৰাস্তা-ঘাটৰ লগতে আনুষাঙ্গিক সুবিধাবোৰ উন্নত কৰাত গুৰুত্ব দিয়াহেঁতেন চাগে আমাৰ পৰ্যটন ক্ষেত্ৰখনৰ অধিক উন্নত হ’লহেঁতেন৷

 যি ঠাইখিনিৰ পৰা ৰাস্তাটো ভাঙি উদ্যানলৈ সোমাই গৈছে সেই ঠাইখনত থকা নাম আৰু নিৰ্দেশনাৰ ফলকখন চিনি পাবলৈ মানুহে আগৰে পৰাই জানিব লাগিব যে ফলকখন ক’ত আছে৷ মাটিত থেকেচা মাৰি বহুৱাই থোৱাৰ নিচিনাকৈ ৰখা, ৰং এৰাই লিখাবোৰ অস্পষ্ট হোৱা ফলকখন বিচাৰি পোৱা কষ্টসাধ্য কাম যেনেই লাগিছিল৷ ভাগ্যে সেই অঞ্চলৰ মানুহখিনি ভাল বাবে যাক য’ত যেনেকৈ যি সুধিছো বুজাই, দেখুৱাই দিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!