‘অতিথি দেৱো ভৱ:’ (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

‘বিয়া পাতি ‘বৰবাদ’ হ’বলৈ গৈ আছ, ভাই। তই পুৰা মানুহটোকে সলনি কৰি দিব তোৰ ঘৈণীয়ে, নাকত ধৰি ঘূৰাব..… কম নে এই নাৰী জাতিটো!’ -সেয়া ৰুমমেট অৰূপৰ মাৰাঠী বন্ধু সাগৰলৈ সাৱধান বাণী। সাগৰ আমাৰ সহকৰ্মী। আমি থকা ৰুমলৈ (বিয়াৰ আগতে সদায় ভাৰাঘৰটোক ‘ঘৰ’ নুবুলি ‘ৰুম’য়েই বোলা যায়!) প্ৰায়েই আহে শনি-দেওবাৰে, মাছ-মঙহৰ জুতি লয়। চাকৰি পোৱাৰ এবছৰ পিছতেই এতিয়া তাৰ বিয়াও হ’ব। অৰূপৰ কথা শুনি মই চাৰে ছয় ফুট উচ্চতাৰ সদায় জিমলৈ যোৱা বিশালাকাৰৰ সাগৰক বিয়াৰ পিছত ঘৈণীয়েকে নাকত ধৰি ঘূৰোৱা ছবিখন কল্পনা কৰি সশব্দে হাঁহিলোঁ।

সাগৰৰ বিয়া হৈ গ’ল। চাকৰি সলনি কৰি আন এটা কোম্পেনীলৈ গ’ল। খা-খবৰো নোহোৱা হ’ল। এবছৰমান পাৰ হৈ গ’ল।

এদিন পুৱা হঠাতে সি ফোন কৰি আমাক মাতিলে- ‘তই আৰু অৰূপ আজি আমাৰ ঘৰলৈ ডিনাৰৰ কাৰণে আহ। মোৰ ‘ৱাইফ’কো দেখাই নাই, এবছৰেই হ’ল।’

এনেকৈ কোনোবাই ভাত খাবলৈ মাতিলে কিমান যে ভাল লাগিছিল তেতিয়া! ভাত ৰন্ধা কষ্টৰ পৰা মুক্তি, লগতে বিধে বিধে সুস্বাদু ব্যঞ্জন!

আমি সিদিনা দিনত অ’ফিচত একোৱেই নাখালোঁ। সন্ধিয়াই সাগৰৰ ঘৰলৈ ৰাওনা হ’লোঁ দুয়ো।

‘আচ্ছা, ‘ৱাইন’ থাকিব নে বাৰু? লগত চিকেন লে’গ ফ্ৰাই?’- অৰূপ মোৰ পিছফালে বাইকত।

‘বেছি আশা নকৰিবি ভাই।‘

‘কিন্তু পঠাৰ মাংস থাকিবই মই জানো। মাৰাঠীসকলে খুউব ভাল ৰান্ধে, একদম ৰঙাকৈ! লগত চাগে’ ‘চুৰমাই’ মাছ ভঁজা থাকিব.. আসঃ!’

সাগৰৰ ঘৰ পালোঁ। এক গোমা পৰিৱেশ! ড্ৰয়িংৰুমত বহিলোঁ।

‘আব্বে, এছেজ চলি আছে। ইংলেণ্ড-অষ্ট্ৰেলিয়া। ছেনেলটো লগাচোন’- অৰূপে কোৱাৰ লগে লগে সাগৰে ষ্টাৰ স্পোৰ্টছ্ লগালে। হঠাতে ওচৰৰ পাকঘৰটোৰ পৰা ধাম, ধুমকৈ বাচনৰ শব্দ হ’ল। সাগৰ পুনৰ ‘জিটিভি’লৈ আহি গ’ল।

‘এওঁ মানে এই দুখন ছিৰিয়েল মিছ নকৰে যে’।

জিটিভি’ত প্ৰেমৰ কাহিনী আৰম্ভ হ’ব আৰু। ভিতৰৰ পৰা সাগৰৰ ঘৈণীয়েক আহি ধুপুচকৈ ওচৰৰ চোফাখনতে বহিল।

‘মই যে কৈ থাকোঁ… মোৰ একেবাৰে ‘খাচ’ বন্ধু, অসমৰ….’।

‘নট নাউ.. ব্ৰেকত’। আমি মনে মনে ৰ’লোঁ। ছিৰিয়েল চলি আছে। মই কাঁহ এটি মাৰিবলৈও ভয় খালোঁ, কিজানিবা ‘ছিৰিয়েল’ চোৱাত কিবা ব্যাঘাতেই জন্মে ‘ভাবিজী’ৰ! সাগৰৰ মুখৰ মাত নাই। ‘ফেমিনা’ এখন লৈ পৃষ্ঠা লুটিয়াইছে। অৰূপে মোলৈ চাই ইংগিত দিলে- ‘মই কোৱা নাছিলোঁ, নাৰীয়ে কেনেকৈ ঝেং লগায় জীৱনত!’

ছিৰিয়েল শেষ হ’ল। ঘৈণীয়েক আকৌ পাকঘৰলৈ গ’ল। চিনাকী হোৱাৰ আগ্ৰহ দেখুৱাও নে নাই, ভাবিবই নোৱাৰিলোঁ। ‘বন্ধ বাৰ এটাত আলহী আহিলে ভাল’- হিন্দী-মাৰাঠীত তাই ভিতৰৰ পৰা ভোৰভোৰাইছে। মই সাগৰলৈ চালোঁ। সি তলমূৰ। খং উঠিল মোৰ। মই অৰূপলৈ চাই বুজাবলৈ চেষ্টা কৰিলোঁ- ‘ইহে আমাক মাতিছে শুক্ৰবাৰ এটিত। নহ’লে আমি আহোঁ জানো!

‘নাহোঁ, নাহোঁ’- অৰূপেও বুজালে।

অৱশেষত ডাইনিং টেবুললৈ মাতি নিলে সাগৰে আমাক। ঘৈণীয়েকে প্লেট চাৰিখন আৰু কন্টেইনাৰ এটা আনি থ’লে। তাৰ পৰা দুটাকৈ ইডলি সকলোৰে প্লেটত ৰাখিলে। ‘আৰু নেক্সট বা কি আনিব?’ বুলি ভাবি থাকোতেই ঘৈণীয়েকে ক’লে- ‘লেটচ্ ষ্টাৰ্ট!’

আমি বুজি নাপালোঁ দুটা ইডলি কেনেকৈ- কিহেৰে খাওঁ!

‘আচলতে আমি শুক্ৰবাৰে একেবাৰে কম খাওঁ। ডায়েটিচিয়ানৰ পৰামৰ্শ, দুটা ইডলি, বচ!’- সাগৰৰ কথা শুনি অৰূপে তালৈ এনেকৈ চালে যেন বুজাব বিচাৰিছে- ‘চাল্লা হাৰামী, আমাক কিয় মাতিছ তেনেহ’লে শুক্ৰবাৰে’।

মোৰ কাঁহ উঠিল। শুকান ইডলি ডিঙিত লাগিছে।

‘ইউ ড’ন্ট লাইক ইডলি?’ – ঘৈণীয়েকে সুধিলে।

‘নো নো, বিৰাট লাইক কৰোঁ। আমাৰ তাতো পোৱা যায়, ‘কেটলি মুখত দিয়া পিঠা’ কওঁ। মোৰ ফেভৰিট!’

‘বিয়াৰ পিছত কি মানুহ কি হৈ যায় ও ভাই! ই ইডিয়টটো চিকটাও হ’ল… চব ঘৈণীয়েকে কৰাইছে!’- অৰূপে ফুচফুচাই ক’লে মোক।

আমি এটাৰ আধাও শেষ কৰিব পৰা নাই। এনেতে সাগৰ আৰু ঘৈণীয়েক উঠি গ’ল পাকঘৰলৈ। অলপ পিছতে ‘ছাৰপ্ৰাইজ!’- বুলি চিঞৰি দুয়োৱে বিবিধ বাচনত বিধে বিধে ব্যঞ্জন লৈ আহিল। আমি সঁচাকৈ স্তম্ভিত হ’লোঁ। চিকেন ফ্ৰাই, কোলহাপুৰী চিকেন কাৰী, মটন খিমা, পোলাও.. আৰু ক’ত কি! আমি চকুৰে জ্বলক-তবক দেখিলোঁ। শেষত সাগৰে ফ্ৰীজটো খুলি ‘ৱাইন’ৰ বটল এটা আনি অৰূপৰ হাতত দিলে।

‘তহঁতে পৰ্ক খাই ভাল পাৱ নহয়? এওঁ ইউ-টিউব’ত চাই চাই ‘চাইনিজ পৰ্ক-ফ্ৰাই’ ৰান্ধিছে। আমি কিন্তু নাখাওঁ হা..’।

সাগৰৰ কথা শুনি অৰূপে যেন আনন্দতে কান্দিহে দিব, এনে লাগিল।

‘অউৰ কমিনো’, মই সলনি হৈছোঁ ভাবিছিলি? আৰু ‘নাৰী’য়েই এই চবৰ মূল? আমিও জানো যে- ‘অতিথি দেৱো ভৱ!’- সাগৰে অৰূপৰ পেটত মিহিকৈ ঘোঁচা এটি মাৰিলে। ঘৈণীয়েকে হাঁহি হাঁহি সকলোৰে প্লেটত বস্তুবোৰ বিলাই গ’ল।

মই ক’লোঁ- ‘খোৱাৰ পিছত ‘ছুইট ডিছ’ খায় যে, আজি খাব নোৱাৰিম। তহঁত দুটাই ইমান মিঠা লগাই দিলি একেবাৰে, হজম নহ’ব…!’Top of Form

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments