অস্কাৰ ৱাইল্ডৰ সমাধিত – বিপুলজ্যোতি শইকীয়া

অস্কাৰ ৱাইল্ডৰ লেখাৰে সৈতে পৰিচয় ঘটিছিল ১৯৮০-ৰ দশকৰ আগভাগত, —জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ পুথিভঁড়ালত৷ দেউতা এই মহাবিদ্যালয়খনৰ কৰ্মচাৰী আছিল বাবে ইয়াৰ পুথিভঁড়ালটো ব্যৱহাৰ কৰিবলৈ সুবিধা পাইছিলোঁ৷ লেখাৰে সৈতে পৰিচয় ঘটাৰ সময়ত অৱশ্যে লেখকজনৰ বিষয়ে একো জনা নাছিলোঁ৷ অচিনাকি নতুন কিতাপ পঢ়াৰ চখতে পঢ়িছিলোঁ তেওঁৰ গল্পৰ কিতাপ এখন, আৰু তেওঁৰ একমাত্ৰ উপন্যাসখন—‘দি পিকছাৰ অব ডৰিয়ান গ্ৰে৷ ’

পাছলৈ অস্কাৰ ৱাইল্ডৰ বিষয়ে কিছু কথা জানিলোঁ, তেওঁৰ অন্যান্য ৰচনাও কিছু পঢ়িলোঁ৷ কেইটামান কবিতা, দুই-এখন নাটক আৰু ‘হেপী প্ৰিন্স’, ‘ৰ’জ এণ্ড দি নাইটিঙ্গেল’ আদিৰ দৰে শিশুৰ কাৰণে লিখা গল্পবোৰো৷ এইদৰে ৱাইল্ডৰ অনেক ৰচনা মোৰ স্মৃতিৰ এৰাব নোৱাৰা অনুষঙ্গ হৈ পৰিল৷ সেই ৱাইল্ড-পঠনৰ প্ৰভাৱৰ ফলশ্ৰুতিত দুটামান কবিতাৰো সৃষ্টি হ’ল৷ তাৰে ভিতৰত আটাইতকৈ উল্লেখনীয় কবিতাটো হ’ল ‘পৃথিৱী নাটঘৰ হোৱা হ’লে’ নামৰ কবিতাটো৷ এই কবিতাটোৰ প্ৰাথমিক প্ৰেৰণা আছিল ‘দি পিকছাৰ অব্ ডৰিয়ান গ্ৰে’ উপন্যাসখনৰ এইষাৰ কথা, ‘I love acting. It is so much more real than life.’ আৰু লৰ্ড আৰ্থাৰ ছেভাইলছ ক্ৰাইম’ নামৰ গল্পটোৰ এই কথাখিনি—

“Actors are so fortunate. They can choose whether they will appear in tragedy or in comedy, whether they will suffer or make merry, laugh or shed tears. But in real life it is different. Most men and women are forced to perform parts for which they have no qualifications. Our Guildensterns play Hamlet for us, and our Hamlets have to jest like Prince Hal. The world is a stage, but the play is badly cast.”

শ্বেইক্সপীয়েৰৰ নাটক আৰু ভূপেন হাজৰিকাৰ গানৰ মাজেৰে পৃথিৱীখন নাটঘৰ বুলি জানিছিলোঁ৷ শ্বেইক্সপীয়েৰৰ এজ ইউ লাইক ইট’ নাটকৰ সেই পৃথিৱী বিখ্যাত সংলাপটোনো কোনে নাজানে—

‘All the world’s a stage,
And all the men and women merely players;
They have their exits and their entrances,
And one man in his time plays many parts, ’…

সৰুৰেপৰা শুনি আহিছোঁ ভূপেন হাজৰিকাৰ সেই বিখ্যাত গান, ‘ৰাইজ আজি ভাৱৰীয়া, দেশেই নাটঘৰ৷ ’ কিন্তু ৱাইল্ডৰ গল্প আৰু উপন্যাসৰ চৰিত্ৰৰ কথাখিনিয়ে চিন্তাসূত্ৰৰ আন এখন দুৱাৰ খুলি দিলে৷ লিখা হৈ উঠিল দহোটা শাৰীৰ এটা চুটি কবিতা, —‘পৃথিৱী নাটঘৰ হোৱা হ’লে’—
জীৱনটো অভিনয় হোৱা হ’লে বৰ ভাল আছিল
অভিনেতাৰ দৰে বাছি ল’লোঁহেঁতেন সীমিত সংলাপ
অলপ অশ্ৰু অলপ হাঁহি

প্ৰাণ ঢালি কৰিলোঁহেঁতেন অভিনয় ঃ অবাক কৰি
এক পৃথিৱী দৰ্শক

পৃথিৱী নাটঘৰ হোৱা হ’লে বৰ ভাল আছিল
সীমিত পোহৰেৰে সজালোঁহেঁতেন নিজৰ ঘৰ
সকলোৰে পৰা আঁতৰত সলালোঁহেঁতেন মুখৰ বৰণ৷

পৃথিৱী নাটঘৰ হোৱা হ’লে বৰ ভাল আছিল
বুকুত পাতিলোঁহেঁতেন ছোঁ-ঘৰ

সেয়া আছিল ১৯৮৪ চনৰ কথা৷ পাছলৈ জানিলোঁ, অস্কাৰ ৱাইল্ডৰ সুখ্যাতি বা কুখ্যাতিৰ এটা প্ৰধান উপাদান হ’ল তেওঁৰ গল্প-উপন্যাস-নাটকৰ ছত্ৰে-ছত্ৰে সিঁচৰতি হৈ থকা কোটেবল ‘কোটচ্‌’বোৰ– বিশেষকৈ শ্লেষাত্মক বা বিদ্ৰূপাত্মক উক্তিবোৰ—পাছলৈ যাৰ নাম হ’লগৈ ‘ৱাইল্ডিয়ান এপিগ্ৰাম৷ ’ ৱাইল্ডৰ উপন্যাস দি পিকছাৰ অব্ অৰিয়ান গ্ৰে’ হ’ল ৱাইল্ডিয়ান এপিগ্ৰামৰ অফুৰন্ত ভঁড়াল৷ এই বুদ্ধিমন্ত, চিন্তা-উদ্ৰেককাৰী ব্যঙ্গ-কৌতুকবোৰৰ কাৰণেই হয়তো ৱাইল্ডৰ লেখাই মোক সেই সময়ত তীব্ৰভাৱে আকৰ্ষণ কৰিছিল, আৰু সেই কথাবোৰেই চিন্তাৰ পকনীয়াত পৰি পাকঘূৰণি খাই জানিতে-অজানিতে কবিতাৰ একো-একোটা শাৰী হৈ উঠিছিল৷

কেইটামান প্ৰখ্যাত ‘বাইল্ডিয়ান এপিগ্ৰাম’ এনে ধৰণৰ—
‘The difference between literature and journalism is that journalism is unreadable and literature is not read.’
‘I have the simplest tastes. I am always satisfied with the best.’
’I think that God, in creating man, somewhat overestimated his ability.’
‘Always forgive your enemies; nothing annoys them so much.’
‘There are only two tragedies in lifeঃ one is not getting what one wants, and the other is getting it.’
‘All women become like their mothers. That is their tragedy. No man does. That’s his.’
‘A gentleman is one who never hurts anyone’s feelings unintentionally.’
‘Be yourself; everyone else is already taken.’
‘Hear no evil, speak no evil – and you’ll never be invited to a party.’
‘Quotation is a serviceable substitute for wit.’

ৱাইল্ডৰ অনেক ৰচনাই প্ৰকাশৰ সময়ত বিতৰ্ক সৃষ্টি কৰিছিল৷ “দি পিকছাৰ অব ডৰিয়ান গ্ৰে’ উপন্যাসখনক লৈও প্ৰকাশৰ সময়ত বিৰাট বিতৰ্ক হৈছিল৷ ই ব্ৰিটিছ সমালোচকসকলৰ ‘নৈতিক স্পৰ্শকাতৰতা’ত আঘাত কৰিছিল, কোনো-কোনো সমালোচকে ৱাইল্ডে ৰাজহুৱা জীৱনৰ নৈতিকতাৰ আইন ভঙ্গ কৰা বুলি অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে শাস্তিৰো দাবী তুলিছিল৷ (এইখিনিতে উল্লেখ কৰিব পাৰি যে ‘দি পিকছাৰ অব্ ডৰিয়ান গ্ৰে’খন লক্ষহীৰা দাসে অসমীয়ালৈ ভাঙনি কৰিছিল৷ ‘হেপী প্ৰিন্স’ৰো অসমীয়া ভাঙনি হৈছে৷ )

৷ ৱাইল্ডৰ গল্প-উপন্যাস প্ৰথম পঢ়িছিলো প্ৰাক্‌-বিশ্ববিদ্যালয় পৰ্য্যায়ৰ চূড়ান্ত পৰীক্ষা দি উঠি, ফলাফলৰ কাৰণে বাট চাই জামুগুৰিৰ ঘৰত কটোৱা সময়ছোৱাত, —১৯৮৪ চনৰ জুন-জুলাই মাহত৷ তেতিয়া এইকথা কল্পনাৰো অতীত আছিল যে ইয়াৰ ঠিক ৩০ বছৰৰ পিছৰ জুন-জুলাই মাহত পেৰিছলৈ যাম, আৰু তেওঁৰ সমাধি দৰ্শন কৰিমগৈ৷ ৱাইল্ডৰ জন্ম হৈছিল আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিন নগৰত, ১৮৫৪ চনত; মৃত্যু ঘটিছিল প্ৰবাসত থাকোতে ফ্ৰান্সৰ ৰাজধানী পেৰিছ নগৰত, —১৯০০ চনত৷ ১৮৯৭ চনৰপৰা ৱাইল্ডে স্বেচ্ছানিৰ্বাসন গ্ৰহণ কৰি পেৰিছত থাকিবলৈ লৈছিল৷ চেৰিব্ৰেল মেনিনজাইটিছ ৰোগত আক্ৰান্ত হৈ পেৰিছতে ১৯০০ চনৰ ৩০ নৱেম্বৰত ৱাইল্ডৰ মৃত্যু ঘটিছিল৷ প্ৰথমে তেওঁৰ মৃতদেহ সমাধিস্থ কৰা হৈছিল চিমতেৰ্ পাৰিজিয়েন দে বেনিউ (Cimetiere de Bagneux) নামৰ পেৰিছনগৰৰ সমীপৱৰ্তী এখন সমাধিস্থলত৷ ৷ কিন্তু ১৯০৯ চনত তেওঁৰ পাৰ্থিৱ শৰীৰৰ অৱশেষ পেৰিছ নগৰৰ ভিতৰৰ চিম্‌তেৰ্ ডু পেৰ্-লাচেইছ (Cimetière du Père-Lachaise) নামৰ সমাধিস্থললৈ আনি পুনৰ সমাধিস্থ কৰা হয়৷

পেৰ্-লাচেইছত উপস্থিত হৈছিলোঁগৈ ২০১৪ চনৰ ৩ জুলাইৰ দিনা৷ পেৰ্-লাচেইছ পেৰিছৰ সৰ্ববৃহৎ সমাধিক্ষেত্ৰ (মাটিকালি ১১০ একৰ, অৰ্থাৎ প্ৰায় ২৭৫ বিঘা), আৰু পৃথিৱীৰ আটাইতকৈ বেছিকৈ পৰ্য্যটক আকৰ্ষণ কৰা সমাধিক্ষেত্ৰ৷ প্ৰতি বছৰে প্ৰায় ৩৫ লাখ পৰ্যটক এই সমাধিক্ষেত্ৰলৈ যায়৷ উল্লেখ কৰিব পাৰি যে ১৮০৪ চনত স্বয়ং সম্ৰাট নেপোলিয়নে এই সমাধিক্ষেত্ৰখন প্ৰতিষ্ঠা কৰিছিল৷

হাতত সমাধিক্ষেত্ৰৰ মানচিত্ৰ লৈ মই, মোৰ পত্নী পূৰৱী, আৰু পেৰিছ-প্ৰবাসী বন্ধু তথা চিত্ৰকৰ আৰু লেখক সমিৰণ বৰুৱাই এটা সময়ত ৱাইল্ডৰ সমাধিটো বিচাৰি উলিয়াইছিলোঁ৷ সমাধিত ৱাইল্ডৰ স্মৃতিস্তমভটো নিৰ্মাণ কৰিছে প্ৰখ্যাত ব্ৰিটিছ ভাস্কৰ জেক’ব এপষ্টেইনে৷ সমাধিত খোদিত কৰা আছেৱাইল্ডৰ ‘দি বেলাড অব্ ৰীডিং গাউল’ নামৰ কবিতাটোৰ এইকেইটা স্মৰণীয় শাৰী, —

And alien tears will fill for him
Pity’s long broken urn,
For his mourners will be outcast men,
And outcasts always mourn.

ইংলিছ গাৰ্ডেনৰ আৰ্হিত নিৰ্মিত এই সমাধিক্ষেত্ৰখনক অ’পেন এয়াৰ মিউজিয়াম বুলিয়েই ক’ব পাৰি; —- ৱাইল্ডৰ উপৰিও এই সমাধিক্ষেত্ৰত আছে মানুহৰ ইতিহাসৰ বহুকেইগৰাকী প্ৰখ্যাত ব্যক্তিৰ সমাধিঃ নাট্যকাৰ মলিয়েৰ্, সঙ্গীতজ্ঞ ফ্ৰেডেৰিক চঁপা, ঔপন্যাসিক আৰু নাট্যকাৰ বালজাক, ঔপন্যাসিক মাৰ্চেল প্ৰুষ্ট, ফৰাছী কবি পল এলুৱাৰ, অভিনেত্ৰী আৰু লেখিকা ছাৰা বাৰ্নহাৰ্ট (যাৰ সৈতে অস্কাৰ ৱাইল্ডৰ সুদীৰ্ঘকালৰ বন্ধুত্ব আছিল, ৱাইল্ডে যাৰ নাম ৰাখিছিল ‘দি ডিভাইন ছাৰা’), ইত্যাদি ইত্যাদি৷
ৱাইল্ডৰ সমাধিৰ কাষত কেইটামান নীৰৱ মুহূৰ্ত কটালোঁ৷ এই এজন লেখক, যি জনে একে সময়তে আমাক দিছে যি কোনো কথা ‘অন্য ধৰণেৰে’ চিন্তা বা বিচাৰ কৰাৰ অৱকাশ আৰু প্ৰচ্ছন্ন ৰসিকতা, —প্ৰায় সমান্তৰালভাৱে৷ যি জনে নিজৰ মতে এটা স্বাধীনচিতীয়া জীৱন যাপন কৰিছিল, আৰু সেই স্ব-নিৰ্বাচিত জীৱনৰ পৰা উদ্ভুত আনন্দ আৰু বেদনা নিজে ভোগ কৰিছিল৷ যি জনে এনে এষাৰ ক’ব পাৰিছিল, ‘Life is far too important a thing ever to talk seriously about.’ যিজন মানুহে ৰোগশয্যাতো হেৰুওৱা নাছিল তীক্ষ্ণ কৌতুকবোধ৷ নিজৰ চিকিৎসাৰ খৰচৰ পৰিমাণ দেখি তেওঁ কৈছিল এইদৰে, — I suppose that I will have to die beyond my means.’ অসুস্থতাৰ বাবে হোটেলৰ কোঠালিতে বন্দী হৈ থাকিবলগীয়া হোৱাৰ প্ৰসঙ্গত মৃত্যুৰ মাত্ৰ কেইদিনমানৰ আগতে তেওঁ কৈছিল, ‘My wallpaper and I are fighting a dual to the death. One of us has got to go.’

ৱাইল্ড গ’ল, কিন্তু আচলতে নগ’ল৷ ■■

One thought on “অস্কাৰ ৱাইল্ডৰ সমাধিত – বিপুলজ্যোতি শইকীয়া

  • August 23, 2018 at 5:29 pm
    Permalink

    অস্কাৰ ৱাইল্দৰ সমাধিত উপস্থিত হৈ লিখা অনুভুতি সম্বলিত বিপুল জ্যোতি শইকিয়াৰ প্ৰবন্ধটিৰ পঠনে মোক অতি অভিভুত কৰিলে । সেয়ে দুআষাৰ নিলিখি নোৱাৰিলো । বৰ সুন্দৰ লিখনি ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!