অসমীয়া সাহিত্যৰ আধুনিকতামুখী যাত্ৰা: এক অৱলোকণ (প্ৰিয়াংকু নাৰায়ণ বৰুৱা)

স্বাধীনতা লাভৰ পৰৱৰ্তী সময়ত বিশেষকৈ অসমীয়া সাহিত্যত ইউৰোপীয় ৰীতি-নীতি তথা আদৰ্শৰ প্ৰভাৱ বাঢ়িল৷ একাদিক্ৰমে বতৰৰ ৰং-ৰূপ অনুযায়ী ৰোমাণ্টিকতাবাদ, বাস্তৱবাদ আৰু প্ৰগতিবাদী ধাৰাই ইটোৰ পিছত সিটোকৈ অসমীয়া সাহিত্যত নিজৰ স্থিতি প্ৰতিপন্ন কৰি ক্ৰমশঃ অসমীয়া সাহিত্যক চহকী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’লে৷ অৱশ্যে এয়াও সত্য যে পাশ্চাত্যৰ আৰ্হি গ্ৰহণ কৰিলেও সৰহভাগ লেখকে দেশীয় ঐতিহ্যৰ লগত সংযোগ ৰক্ষা কৰি চলিছে৷ উদাহৰণস্বৰূপে এলিয়টীয় প্ৰভাৱপুষ্ট হেম বৰুৱাৰ কবিতাত অসমৰ লোকগীত আৰু লোকজীৱনৰ গভীৰ সংস্পৰ্শ অনুভৱ কৰিব পাৰি৷ এই ৰং এই সুৰভি কবিতাৰ এটা পংক্তিত তেওঁ লিখিছে “নৈৰ পাৰৰ ঘাঁহনিডৰাত নাচিছিল তাই/ সেউজীয়া এডৰা ঘাঁহনি আৰু লগত/ এজাক ছোৱালী একে ৰং একে তেজ/ একে মুখ একে চকু একে নৃত্যৰ লহমা”৷ লোকগীত আৰু লোকবিশ্বাসৰ ঐতিহ্যৰ লগত সংপৃক্ত কবি নীলমণি ফুকন আৰু সুগন্ধি পখিলাৰ কবি খ্যাত প্ৰয়াত হীৰেণ ভট্টাচাৰ্যদেৱৰ কবিতা৷ সাম্প্ৰতিক লেখকসকলৰ একাংশ কিছু পৰিমাণে অন্তত: পৰম্পৰা সচেতন হোৱাটো ভাল খবৰ৷ স্বদেশপ্ৰেমৰ ধাৰা এটায়ো সময়ে সময়ে অসমীয়া সাহিত্যত আলোড়ন তুলিছে৷ অসম কেশৰী অম্বিকাগিৰীৰ কবিতাত প্ৰকাশ পাইছে এই ভাৱ “দেশেই ভগৱান”৷ জাতি-মাটিৰ প্ৰতি দায়ব্ধতাৰ ভাৱ প্ৰকাশ পাইছে অন্য বহুজনৰ শক্তিশালী কাপ-মৈলামৰ সুদৃঢ় আৰু কলাত্মক গাঁথনিত৷ জয়ন্তী যুগৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰা কবি নৱকান্ত বৰুৱাৰ কবিতাৰ আদি ভাগত পাউণ্ডধৰ্মী চিত্ৰকল্পবাদৰ প্ৰভাৱ পৰিছিল৷ ইংৰাজী জৰ্জিয়ান কবিতাৰ আৱহ সংগীতৰ প্ৰতিফলন “বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী”(এটা প্ৰেমৰ পদ্য)৷ পৰৱৰ্তী সময়ত দেখা যায় তেখেতৰ কবিতাত মহানগৰীৰ বিক্ষিপ্ত জীৱনৰ ছবি অংকিত হৈছে৷ তেখেতৰ সমসাময়িক কবি কেশৱ মহন্তয়ো কাব্য সাধনাৰ দ্বিতীয় স্তৰত আধুনিক সম্পৰীক্ষনৰ সফল প্ৰয়াস কৰাৰ প্ৰমাণ “সোণজীৰা মাহীৰ নাড়ী” যাক এক অবিস্মৰণীয় আধুনিক বেলাড আখ্যা দিব পাৰি৷

আধুনিক অসমীয়া কবিতাত প্ৰতীকবাদৰ প্ৰভাৱ লক্ষণীয়৷ প্ৰতীকবাদী কবিয়ে কেৱল নষ্টালজিয়াকেন্দ্ৰিক অতীত সোঁৱৰণত বিশ্বাস নকৰে৷ তেওঁ যিখন বিমূৰ্ত কল্পলোকৰ সন্ধানৰত তাৰেই টুকুৰা স্মৃতি অতীত খুঁচৰি বিচাৰি ফুৰে৷ প্ৰতীকবাদ মূৰ্ত আৰু বিমূৰ্তৰ মাজৰ এক ধৰণৰ তুলনা বুলি কৈছে বিশিষ্ট সমালোচকসকলে৷ নীলমণি ফুকনৰ“টোপনিটো তেওঁ মোক খেদি ফুৰিছিল” কবিতাত উক্তি থকাৰ পিছতো চিত্ৰকল্প আৰু প্ৰতীকৰ সুন্দৰ আৰু নিখুঁত ব্যৱহাৰ কৰা হৈছে৷
প্ৰসংগক্ৰমে, কবিতা অনুভৱৰ বিষয়। মানসিক খাদ্যপুষ্ট কবিতা এটা তৈয়াৰ কৰাটো যিদৰে সাধনা আৰু অধ্যয়নৰ ফচল একেদৰেই এনে কাব্যৰসৰ অনুভৱৰ বাবে প্ৰচুৰ বোধশক্তিৰ দৰকাৰ। এইস্তৰৰ কবি বা পাঠকৰ আলোচনা সমালোচনাত পাৰস্পৰিক সন্মানবোধ আৰু সহনশীলতা দেখা যায়৷ সস্তীয়া জনাজাত হোৱাৰ আপাহত এইসকলে অনুজৰ প্ৰতি সহানুভূতিশীল হ’বলৈ নাপাহৰে বৰঞ্চ এনে বহুজনো আছে যিয়ে নিজৰ কবিতা আমাৰ জানো সকলোবোৰ ভাল হয় বুলি আত্মসমালোচনাৰেও কনিষ্ঠসকলক কঠোৰ সাধনাৰ বাবে উৎসাহিত কৰে॥

“মুঠি খোলা বগা আখৈৰ দৰে উকা কাগজখিলাত/ সিঁচৰিত হৈ পৰিল বৰষুণ এজাক“[কবিতা, অনিন্দিতা কলিতা]
সৃষ্টিশীল মন এটাৰ আগ্ৰহেই সুন্দৰতম বিষয়। অন্যাৰ্থত সকলোৰে সৃষ্টি সমপৰ্যায়ৰ নোহোৱাই স্বাভাৱিক কিন্তু অনুজৰ প্ৰতি তাচ্ছিল্যই শ্ৰেষ্ঠজনৰো কলাত্মক দীপ্তি হ্ৰাস কৰে৷
উল্লেখযোগ্য যে অসমীয়া কবিতাত যৌনতা সম্প্ৰতি এক আলোচ্য বিষয়৷ এই সন্দৰ্ভত সাম্প্ৰতিক প্ৰজন্মৰ এজন আগশাৰীৰ সাহিত্য আলোচক তথা সুলেখক শ্ৰী টুনুজ্যোতি গগৈৰ শেহতীয়াকৈ অসমীয়া কবিতাত যৌনতা বিষয়ক তুলনামূলক লেখাটি ছছিয়েল মেডিয়াত পঢ়ি আনন্দিত হ’লোঁ৷ বঙলা সাহিত্যত যৌনতা এক কলাৰ ৰূপত উপস্থাপিত হোৱাৰ বিপৰীতে ৰক্ষণাত্মক অসমীয়া সমাজখনত এক স্থূল ভাৱনা হৈ থকা বুলি কোৱা কথাষাৰো সত্য৷ অনুভৱ কৰিছোঁ অসমীয়া সাহিত্যৰ প্ৰগতিৰ ক্ষেত্ৰত অন্তত: এক নতুন সম্পৰীক্ষণৰ আৰম্ভণিৰ প্ৰয়োজন হৈছে৷ গাভৰুৰ অন্তৰ্বাস যৌন উদ্দীপক সস্তীয়া জনপ্ৰিয়তাৰ গঠনৰ উদ্দেশ্যেই কেৱল ব্যৱহাৰ কৰাৰ মানসিকতাৰ পৰিৱৰ্তন দৰকাৰী হৈ পৰিছে৷ অৱশ্যেই সাম্প্ৰতিক অসম-তথা অসমীয়া সমাজখনৰ পটভূমিত অতিবাস্তৱিক তথা অতি সাহসী কবিতা লিখিলেও কবিজন লেইলেই-ছেইছেইৰ সন্মুখীন হোৱাৰ ভয়৷ তথাপিও অসমীয়া কবিতাত যৌনতাক কলা ৰূপত ৰসোত্তীৰ্ণ কৰি প্ৰয়োগ কৰিব আমাৰ সমসাময়িক কবি তথা নতুন প্ৰজন্মৰ উত্তৰ সাধকসকলে পৰ্যায়ক্ৰমে সক্ষম হ’ব বুলি আমি বিশ্বাসী৷

এই কথা স্বীকাৰ্য যে যিকোনো সৃষ্টিশীল বা কল্পনাশ্ৰয়ী লেখাত লেখকে সকলো কথা কৈ যাব নোৱাৰে বা নোখোজে৷ কোৱাখিনিৰ মাজত অব্যক্ত ভালেখিনি থাকে৷ পঢ়ুৱৈৰ পঠনতহে পাঠে পূৰ্ণতা পায় বুলি কথাষাৰ প্ৰচলিত৷ ভিন্নভাষী দেশীয় সাহিত্যৰ অনুবাদ, অধ্যয়ন, পাৰস্পৰিক বিনিময় আৰু আদান-প্ৰদানৰ লগতে বিদেশী সাহিত্যৰ তুলনামূলক চৰ্চা আদি আধুনিক সাহিত্যক সমৃদ্ধ কৰা কিছু দিশৰ অসমীয়া সাহিত্যতো সংযোজন ইতিবাচক আৰু উল্লেখনীয়৷
চিত্ৰকৰে তুলিকাৰে যি ৰূপ-মূৰ্ত কৰি তোলে ফটোগ্ৰাফাৰে কেমেৰাত যি দৃশ্য বন্দী কৰি ৰাখে সাহিত্যিকে বৰ্ণনাৰ মাধ্যমেৰে জীৱন্ত ৰূপ ফুটাই তুলিবলৈ যত্ন কৰে৷
বৰ্ণনীয় বিষয় সুন্দৰো হ’ব পাৰে কদৰ্যময়-নৃশংসও হ’ব পাৰে “এনেকৈ পঁচি থাকিব নোৱাৰ৷ সিহঁতে তোক জাৱৰ-জোঁথৰৰ দৰে ব্যৱহাৰ কৰি ইয়াত পেলাই থৈছে৷ তোকতো সি ভালকৈ দেখাই নাই চাগৈ? ”

“..তোৰ এই হাত-ভৰি..তোৰ এই তলমল তলমল কৰি থকা বুকু৷ অনেক মানুহ কুকুৰনেচীয়া বাঘৰ দৰে৷ এবাৰ কোনোবাই যদি তোৰ এই মাংসৰ সোৱাদ পায় সি নৰখাদকৰ দৰে হ’বই৷ তই জান’ নহয় নৰখাদকে চিকাৰীৰ তেজ লগা কানি-কাপোৰ পৰ্যন্ত চোবাই খাই শেষ কৰি পেলায়৷ মানুহৰ তেজৰ মাদকতা আছে৷ মানুহে মানুহক খাই আটাইতকৈ বেছি ভাল পায়৷ ”(দেৱীপীঠৰ তেজ/মামণি ৰয়ছম গোস্বামী)

উত্তৰ স্বাধীনোত্তৰ কালছোৱাত অসমীয়া উপন্যাস কলাৰ আঙ্গিকৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে৷ ব্যস্ত মানৱ জীৱনৰ ভিন্ন পটভূমিত জীৱনীমূলক উপন্যাসৰ ৰচনা ছৈয়দ আব্দুল মালিকদেৱৰ যুগান্তকাৰী পদক্ষেপ বুলি অভিহিত কৰিব পাৰি৷ জ্যোতিপ্ৰসাদৰ জীৱনৰ আধাৰত ৰচিত “ৰূপতীৰ্থ যাত্ৰী” আৰু শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচিত “ধন্য নৰ তনু ভাল” দুখনি জীৱনীভিত্তিক উপন্যাস৷ আন এজন মহিৰূহ বুৰঞ্জীবিদ ড০সূৰ্যকূমাৰ ভূঞাদেৱেও সৰল ভাষাৰে জীৱনীমূলক সাহিত্যকৰ্মতো বুৎপত্তি দেখুৱাই সমকালীন অসমীয়া সাহিত্যক উচ্চস্তৰলৈ যোৱাত অনবদ্য অৱদান আগবঢ়াইছে৷ তাহানিতে হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা আৰু সৰ্বত্ৰ চৰ্চিত লক্ষীনাথ বেজবৰুৱাৰ আপ্ৰাণ সাধনা আৰু প্ৰচেষ্টা অবিহনে হয়তো অসমীয়া ভাষাই স্বকীয় স্থিতি অক্ষুন্ন ৰাখি আধুনিক চেতনাসমৃদ্ধ পৰ্যায়লৈ গতি কৰিব নোৱাৰিলেহেঁতেন৷ অসমীয়া ভাষা-সাহিত্যৰ আলোচনা যিমান আধুনিকতাৰ উত্তৰণ নহওঁক কিয় প্ৰসংগত: জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাৰ নাম নোলোৱাকৈ থকা অসম্ভৱ আৰু অবাস্তৱ৷
“চালা, মতাৰ জাত, তহঁতে কেৱল মাইকীৰ তপত মঙহ খাব পাৰ৷ মঙহৰ লোভটোৱেই তহঁতৰ আচল কথা৷ মঙহ শুকালেই তহঁতে মাইকীক চেঁপা কুঁহিয়াৰ কৰি পেলাই দিয়৷”….“তহঁতৰ মঙহৰ লোভ, ৰাজ্যৰ লোভ, টকাৰ লোভ৷”….(ফেলানী, পৃ: ১৯৯)

সাম্প্ৰতিক উপন্যাস সাহিত্যত সমাজ সচেতনতাজনিত নাৰীভিত্তিক অভিজ্ঞতা সমৃদ্ধ ৰচনাও বিপুলভাৱে সমাদৃত হৈছে৷ অৱশ্যেই এনে উপন্যাসসমূহক দৃঢ় নাৰীবাদী ৰচনা সম্ভাৰ বুলি একক দৃষ্টিৰে লক্ষ্য কৰাটো হ’ব লেখনি তথা লেখকৰ প্ৰতি অন্যায়৷ উদাহৰণস্বৰূপে প্ৰথম দৃষ্টিত মূলত: নাৰীবাদী দৃষ্টিভংগী সমৃদ্ধ যেন লগা বিশিষ্ট লেখিকা অৰূপা পটংগীয়া কলিতাৰ “ফেলানী”য়ে সমাজৰ গাঁথনি, অস্তিত্বৰ সংকট, আস্থা-অনাস্থা, প্ৰাপ্তি-হতাশা আৰু প্ৰক্ৰিয়াগত সামাজিক খেলি-মেলি আদি বিভিন্ন দিশক সমান্তৰালভাৱে সামৰি লৈছে৷

অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ লগত সম্পৰ্কিত জগতখনৰ একেটি মাথোন সমকালীন বৈজ্ঞানিক প্ৰাণসদৃশ ড০ মহেশ্বৰ নেওগ ডাঙৰীয়াই কেইবাখনো গৱেষণামূলক পুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ বৈজ্ঞানিক অধ্যয়নৰ এক ধাৰাৰ সূচনা কৰাটো মাইলৰ খুঁটিস্বৰূপ সাফল্য৷ এইক্ষেত্ৰত আন এজন দিগগজ ড০ বাণীকান্ত কাকতিৰ নাম সজোৰে উল্লেখনীয়৷ এখেতৰ “পুৰণি অসমৰ ধৰ্মৰ ধাৰা” শীৰ্ষক গ্ৰন্থখন এক অতি উচ্চস্তৰৰ গৱেষণা কৰ্মৰূপে সমাদৃত হৈছে৷

অসমীয়া সাহিত্যত উপন্যাস সন্দৰ্ভত উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈদেৱে কোৱা কথাষাৰ নিৰ্মোহ সকিয়নি স্বৰূপ৷ তেখেতে কৈছিল “অসমীয়া উপন্যাস যেন অসমীয়া চৰিত্ৰৰ, অসমীয়া সমাজৰ কাব্যকাননৰ সফল ফটফটীয়া দাপোন আৰু উপন্যাসৰ সিদ্ধান্তই যেন পাঠকক ঈশ্বৰমুখী কৰি উন্নতিৰ বাটলৈ নিয়ে৷ ফচহু বজৰুৱা উপন্যাস যেন অসমীয়াই নিলিখে৷”

কথাবস্তু, পৰিৱেশ, চৰিত্ৰ, ভাৱ-ভাষা আৰু শৈল্পিক চেতনাই সাহিত্যক প্ৰাণৱন্ত কৰি তোলে৷ পৰম্পৰাবাদী সাহিত্যত কোৱা হৈছিল “সাহিত্য জীৱনৰ দাপোন”। কিন্তু আধুনিক সাহিত্যিকসকলে ক’ব খোজে জীৱনহে সাহিত্যৰ দাপোন৷ ২০০৫চনত প্ৰকাশিত দেবব্ৰত দাসৰ “ধূসৰতাৰ কাব্য” গ্ৰন্থখনে আশী দশকতে প্ৰসৱ যন্ত্ৰনাগ্ৰস্থ উত্তৰ আধুনিক চেতনাৰো প্ৰশমনৰ ক্ষেত্ৰত প্ৰথম খোজ পেলোৱা যেন অনুভৱ হয়৷ উত্তৰাধুনিক চেতনাৰ অন্যতম চৰিত্ৰ অনিশ্চয়তা আৰু ধেমেলীয়া ভাষাৰ(Lucid language) প্ৰয়োগ সমৃদ্ধ আত্মসচেতন কলাৰূপে উত্তৰ আধুনিক উপন্যাসক অভিহিত কৰিব পাৰি৷ অসমীয়া ভাষা-সাহিত্যতো যেন সামান্যকৈ হ’লেও এক পৰীক্ষণ এই ক্ষেত্ৰত আৰম্ভ হৈছে৷ লিৰিকেল ভাষা সমৃদ্ধ কবিতাৰ দৰে অনুভূতিসিক্ত শব্দৰ মালিতা গাঁথি লিখি উলিওৱা মৰুদ্যান, সাগৰ তীৰত আমি আদি উপন্যাসৰ ৰচনাৰে সাম্প্ৰতিক সময়ত ঔপন্যাসিক ভূপেন্দ্ৰনাৰায়ণ ভট্টাচাৰ্যই এক স্বশৈলীৰ পৰীক্ষণ আৰম্ভ কৰা দেখা গৈছে৷ এখেতৰ ৰচনাত মিলান কুণ্ডেৰাৰ ৰচনাশৈলীৰ দৰেই চেতনা সমৃদ্ধ চিত্ৰধৰ্মী মুক্তিৰ সন্ধান দেখা যায়৷ কুণ্ডেৰাৰ “Life is elsewhere” উপন্যাসৰ পৰিপূৰক অৱদান অসমীয়া সাহিত্যত যেন ভট্টাচাৰ্যৰ “সাগৰ তীৰত আমি৷”

দেখা গৈছে যে স্বকীয় সাহিত্যৰ বিষয়ে সম্যক জ্ঞান অৰ্জনৰ চেষ্টা কৰাৰ লগতে সময়োপযোগী সুসংহত সাহিত্য সৃষ্টি আৰু তুলনামূলক অধ্যয়ন গভীৰ সাধনাৰ বিষয়স্বৰূপে বৰ্তমান বিশ্বায়ন কেন্দ্ৰিক সমাজ জীৱনৰ এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান৷

অসমীয়া গল্প সাহিত্যত ৰামধেনু যুগ এক মাইলৰ খুঁটি৷ মামনি ৰয়ছম গোস্বামীৰ বাদেও নিৰূপমা বৰগোহাঞি, স্নেহ দেৱী, প্ৰবীণা শইকীয়া, অনিতা দত্ত, মিনতি হাজৰিকা আদিকে ধৰি এদল মহিলা লেখকে এই সময়ছোৱাত সমাজ জীৱন, ব্যক্তিকেন্দ্ৰিক জটিলতা, পাৰিবাৰিক জীৱনৰ ভিন্ন দিশ আৰু নাৰী সমমৰ্যদাৰ প্ৰশ্ন আদি ভিন্ন বিষয়বস্তুক কেন্দ্ৰ কৰি পুৰুষসকলৰ সমানেই প্ৰজ্বোলিত হৈ সম্পৰীক্ষণ আৰম্ভ কৰে৷ নগেন শইকীয়া, মহিম বৰা, অপূৰ্ব শৰ্মা, কুমুদ গোস্বামী, অতুলানন্দ গোস্বামী, সৌৰভ চলিহা, ড০ ভৱেন্দ্ৰনাথ শইকীয়া, শীলভদ্ৰকে ধৰি অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠতম গল্পলেখকসকলৰ সমানে সমানে খোজ দিবলৈ সমৰ্থ হোৱা এইসকল মহিলা গল্পলেখকৰ পৰৱৰ্তী সময়ত আধুনিক অসমীয়া সাহিত্যত আৰু বহু কেইগৰাকী সাহসী প্ৰতিভাৰ প্ৰতিশ্ৰুতি সম্পন্ন চমক দেখিবলৈ পোৱা গৈছে৷ অনুৰাধা শৰ্মা পূজাৰী, মণিকুন্তলা ভট্টাচাৰ্য, মাইনী মহন্ত, জীমনি চৌধুৰী, মনালিছা শইকীয়া আদিৰ স্বসম্পৰীক্ষণৰ গুণগত বৈশিষ্ট্যৰ সমদলত সুৰঞ্জনা শৰ্মা, বিপাশা বৰা, অৰ্চনা শৰ্মা, আদিৰ সাধনাত্মক সঁহাৰি অসমীয়া গল্প সাহিত্যৰ বাবে ভাল খবৰ৷ অগতানুগতিক থীম আৰু কথকতাৰ বৈচিত্ৰই অসমীয়া গল্প সাহিত্যত শেহতীয়াকৈ এক নতুন সম্পৰীক্ষণৰ ইংগিত বহন কৰিছে৷ জ্যোতিষ শিকদাৰ, জয়ন্ত মাধৱ বৰা, সঞ্জীৱ পল ডেকা, দেৱযানী দত্ত, অশোককুমাৰ নাথ, স্বস্ত্যয়ন শ্ৰেয়ম, ভাস্কৰ ঠাকুৰীয়া আদিৰ গল্পত জীৱনবোধৰ গভীৰ অনুসন্ধান, তীক্ষ্ণ সমাজ বীক্ষণ আৰু নতুন আংগিকৰ সম্পৰীক্ষণৰ চৰ্চা অসমীয়া গল্প সাহিত্যত আন এক উল্লেখনীয় সংযোজন৷ গল্পবিলাকৰ শিৰোনামো ভিন্ন স্তৰত নবীকৰণৰ প্ৰচেষ্টা দেখা গৈছে৷ এই ধৰি লওক বিপুল খাটনিয়াৰৰ গল্প “গেনা” অথবা পিংকি শইকীয়াৰ “লেটা” দুইটাই অতি চুটিগল্পৰ শিৰোনাম অথচ গল্পৰ বিষয়বস্তু ভাৱ আৰু আংগিকৰ দিশেৰে ইটো প্ৰয়াস সিটোৰ পৰা পৃথক৷ বহুবল্কিতা আৰু কাহিনীৰ মেদবহুলতা পৰিহাৰি প্ৰয়োজন অনুসৰি সামাজিক চিত্ৰৰ উপস্থাপনৰ শৈল্পিক উপস্থাপনে গল্প এটা অধিক মনোগ্ৰাহী কৰাত সহায় কৰে৷
এক কথাত সময়ৰ এক দীৰ্ঘ পৰিক্ৰমা অতিক্ৰম কৰি চুটিগল্পই বৰ্তমান স্তৰত উপনীত হৈছে৷ জোনাকী, বাঁহী, আৱাহন আৰু ৰামধেনুৰ বাটেদি কেতিয়াবা আঠুকাঢ়ি, কেতিয়াবা বগুৱা বাই, কেতিয়াবা খোজ কাঢ়িবলৈ শিকি আহি সম্প্ৰতি ন ন ভাৱ চিন্তা শৈলীৰ পৰীক্ষণ আৰু ভিন্ন আদৰ্শৰ সমাহাৰেৰে সমাহিত হৈছে অসমীয়া গল্পসাহিত্য৷ ভিন্ন স্তৰত গতিপথ সলনি হৈছে স্বাভাৱিকতে কিন্তু গতি ৰুদ্ধ কাহানিও হোৱা নাই৷

অসমীয়া গদ্য সাহিত্য, পদ্য আৰু কথা শিল্পই আধুনিকতামুখী হৈ উত্তৰ আধুনিক প্ৰসৱ যন্ত্ৰনাও কোনো কোনো ক্ষেত্ৰত ভুগি থকাৰ উমান পোৱা সময়ত লক্ষণীয় যে তুলনামূলকভাৱে কিন্তু নাট ৰচনাৰ ক্ষেত্ৰত কিছু লেহেমীয়া স্তৰতেই আছে৷ জ্যোতিপ্ৰসাদৰ কালজয়ী সৃষ্টিসমূহৰ পিছত বোধহয় ভ্ৰাম্যমানৰ মঞ্চত কিছু সফল নাট ড০ ভৱেন্দ্ৰনাথ শইকীয়াকে ধৰি দুই একে লিখিছে যদিও অতি সম্প্ৰতি আধুনিক অসমীয়া নাট সাহিত্যত গুণগত সৃষ্টিৰ ক্ষেত্ৰত বিৰাট স্থবিৰতাৰ উমান পোৱা যায়৷ বলিউদী চিনেমাৰ মছলাধৰ্মী ব্যৱসায়িক নাটসমূহ আমি অসমীয়া সাহিত্যকৃতি ভঁৰালৰ প্ৰতি অৱদানস্বৰূপ আলোচনাৰ মাজলৈ অনাৰ প্ৰয়াস কৰা নাই৷ অৱশ্যে স্বস্থানত প্ৰতিটো কৰ্মৰেই স্থিতি আছে৷ এনে অৰ্থতে নাট ৰচনাৰ এয়াও এক পৰীক্ষামূলক ধাৰা৷ অৱশ্যে ভিন্ন স্তৰত এমেছাৰ নাটকসমূহৰ ৰচনা ৰীতিৰ ক্ষেত্ৰত গুণগত মান আৰু পৰীক্ষণৰ ইতিবাচক গতি দেখা যায়৷ “ছিগাল”ৰ জৰিয়তে বাহাৰুল ভাগিৰথীৰ প্ৰয়াস এইক্ষেত্ৰত অনস্বীকাৰ্য৷ অসমত এবছাৰ্ড নাটকৰ সম্পৰীক্ষণ অপেছাদাৰী পৰ্যায়ত চলাটো প্ৰশংসনীয়৷
সমসাময়িক অসমীয়া শিশু সাহিত্যৰ ভঁৰালখনো বৰ টনকীয়াল যেন অনুভৱ নহয়৷ সত্যৰঞ্জন কলিতা, দণ্ডীনাথ কলিতাৰ পিছত যেন মানদণ্ডৰ অভাৱ বিদ্যমান৷ বিজ্ঞানভিত্তিক কল্পসাহিত্য আৰু ৰহস্য সাহিত্য সৃষ্টিত পৈণতাৰ অভাৱ৷ সমান্তৰালকৈ যেন লিখাৰ আগ্ৰহৰ অভাৱ অথবা পৰীক্ষণৰ সাহসৰ অভাৱ স্পষ্ট৷ ড০ ৰমেশচন্দ্ৰ গোস্বামী, বন্দিতা ফুকন, শান্তনু কৌশিক বৰুৱা আদিৰ পৰা শিশু উপযোগী লেখা আৰু অধিক আশা কৰাটো হ’ব পাৰে আমাৰ স্বাৰ্থপৰ দাবী কিন্তু অভাৱৰ ক্ষণত কোনোবাই এই দিশটোৰ উত্থানত ভূমিকা লোৱাটো বৰ প্ৰয়োজনীয়৷ ৰঞ্জু হাজৰিকাৰ, ৰিজু হাজৰিকাৰ পিছত ভৌতিক গল্পৰ সম্পৰীক্ষণ কাৰ্যত শূন্যপ্ৰায়৷ এয়াও নিৰাশাৰ খবৰ৷ ভাস্কৰ চিৰিজ, পাফু চিৰিজৰ দৰে শিশু সাহিত্যৰ পুনৰ প্ৰকাশ আৰু নৰূপত তেনে সাহিত্য সৃষ্টিৰ প্ৰচেষ্টা কৰাৰ সাহস কোনোবাই দেখুৱালে লিখক প্ৰকাশক দুয়ো পক্ষই নিশ্চয় অসমীয়া শিশু সাহিত্যৰ নতুন প্ৰগতিৰ নায়ক শৈলী ভূমিকা লোৱা বুলি প্ৰশংসিত হ’ব৷

প্ৰখ্যাত উড়িয়া সাহিত্যিক কৈলাশ পাটনায়কে এক সাক্ষাৎকাৰত সাহিত্যত নতুন “Form”বিলাক স্বাগতম জনোৱা উচিত বুলি কৈছে৷ ৰেমণ্ডে কৈছে সাহিত্যৰ আলোচনাত এক ভৱিষৎমুখী দৃষ্টি থাকিব লাগে৷ অৰ্থাৎ আলোচনাত বাস্তৱ উপলব্ধিৰ আধাৰত ভৱিষৎ সন্ধান আৰু সম্ভাৱনাৰ দিক নিৰ্দেশ থাকিব লাগিব৷ আমি পঢ়া এইষাৰি মন চুই যোৱা কথা মনলৈ আহিছে৷ প্ৰসংগত: “সাহিত্য মানুহৰ দ্বাৰা মানুহৰ কাৰণে মানুহক লৈ নিৰ্মিত সামাজিক-সাংস্কৃতিক প্ৰক্ৰিয়া৷ সাহিত্যক শুদ্ধ আৰু সম্পূৰ্ণ ৰূপত তথা উপযোগী ৰূপত বুজাৰ ক্ষেত্ৰত ইয়াৰ লগত জড়িত সমস্ত ঘটনা প্ৰৱাহৰ তীক্ষ্ণ নিৰীক্ষণৰ প্ৰয়োজন”৷ বিশ্বাস কৰোঁ অসমৰ বৌদ্ধিক ক্ষেত্ৰত সাময়িক জড়তা কাহানিবা আহিলেও স্থায়ী স্থবিৰতা অসম্ভৱ কাৰণ প্ৰতিভাৰ কদৰ কৰিব নিশিকা অসমীয়া জাতিৰ সৌভাগ্যৰ ফলত কিন্তু প্ৰতিভাৰ উৎপাদন অব্যাহত আছে। প্ৰয়োজন সংৰক্ষণ শ্ৰীবৃদ্ধি আৰু সন্মানসহ প্ৰেৰণা আৰু সহনশীল মানসিকতাৰ উৰ্বৰ আৰু একান্ত প্ৰয়াস।

বি.দ্ৰ.- লেখাটিৰ বোধগম্যতাৰ একান্তই প্ৰয়োজনত: দুই এক লেখকৰ নাম উদ্ধৃত কৰা হৈছে বা দুই এক লেখাৰ উদ্ধৃতি দিয়া হৈছে তথাপিও আমি দোঁহাৰো সম্প্ৰতি আমাৰ এই লেখাৰ উদ্দেশ্য ব্যক্তিবিশেষৰ সাহিত্যকৃতিৰ আলোচনাৰ ধৃষ্টতা নহয় বৰঞ্চ আধুনিক অসমীয়া সাহিত্যৰ ধাৰাটো সম্পৰ্কে হাতী মাৰি ভূৰুকাত ভৰোৱা সদৃশ চমু আভাষ প্ৰদান৷ এইক্ষেত্ৰত ন-পুৰণি বহু বিজ্ঞ আৰু গুণীজন ব্যক্তিগত চৰ্চাৰ আওঁতাত অনা সম্ভৱ নহ’ল যদিও এই সকলোৰে প্ৰচুৰ সাধনা আৰু প্ৰয়াসলব্ধ চেষ্টাইহে অসমীয়া সাহিত্যক সাম্প্ৰতিক স্তৰলৈ উন্নীত হোৱাত সহায় কৰিছে৷ প্ৰত্যোকৰে অৱদান অনস্বীকাৰ্য৷৷

One thought on “অসমীয়া সাহিত্যৰ আধুনিকতামুখী যাত্ৰা: এক অৱলোকণ (প্ৰিয়াংকু নাৰায়ণ বৰুৱা)

  • October 28, 2021 at 8:31 am
    Permalink

    চাৰ আধুনিক উপন্যাসৰ লক্ষণ সমূহ কবো সোণ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!