অসমীয়াত্বৰ সংকট : কাৰণ, বিচাৰ আৰু প্ৰতিকাৰ (মংগলসিং ৰংফাৰ)

অসমে যেতিয়াই জাতীয় সংকটৰ সন্মুখীন হয়, মূল-সূঁতিৰ অসমীয়াভাষী সকলে তেতিয়াই ‘অসমীয়া’ৰ সংজ্ঞাৰ বাবে হাবাথুৰি খোৱা দেখা যায়। তেতিয়া তেওঁলোকে অসমত বসবাস কৰা সকলো জনজাতি আৰু জনগোষ্ঠীকে বৃহত্তৰ অসমীয়া জাতিৰ অংগ বুলি দাবী কৰে বা ক’ব বিচাৰে। কিন্তু দেখা গৈছে -এতিয়া অসমৰ জনগোষ্ঠীসকল নিজকে ‘অসমীয়া’ বুলি পৰিচয় দিবলৈ দ্বিধাগ্ৰস্ত হৈ পৰিছে আৰু বহুতেই অস্বীকাৰো কৰিছে। ফলত আজিলৈকে সৰ্বজন গ্ৰাহ্য ৰূপে ‘অসমীয়াৰ সংজ্ঞা’ নিৰূপণ কৰাটো কঠিন প্ৰত্যাহ্বান হৈয়েই আছে। এতিয়া প্ৰশ্ন হৈছে-মূল-সূঁতিৰ অসমীয়াভাষী সকলে বিভিন্ন জনগোষ্ঠীয় সকলক অসমীয়া বুলি গ্ৰহণ কৰিব পৰা নাই নে জনগোষ্ঠীয় লোকসকলে নিজকে ‘অসমীয়া’ বুলি ভাবিব পৰা নাই? অসমীয়া জাতি-গঠনৰ ঐতিহাসিক প্ৰক্ৰিয়া আৰু বিকাশৰ কথা আলোচনা নকৰিলে এই বিষয়ে বুজাত অসুবিধা হ’ব বুলি মই ভাবোঁ। এই কথা ঐতিহাসিকভাৱে সত্য যে আজিৰ যিটো অসমীয়া জাতি সেইটো প্ৰকৃততে বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণতহে গঢ়ি উঠিছে। প্ৰাক-ঐতিহাসিক যুগৰ পৰাই উত্তৰ-পূৱ ভাৰতত বিভিন্ন জনগোষ্ঠীৰ মাজত সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল। অস্ট্ৰিক জনগোষ্ঠীৰ লোক মংগোলীয় জনগোষ্ঠীৰ মানুহৰ লগত সংমিশ্ৰিত হৈ গৈছিল। প্ৰাক-ঐতিহাসিক যুগৰ পৰাই উত্তৰ-পূৱ ভাৰতত মংগোলীয় জনগোষ্ঠীৰ বাহিৰেও উত্তৰ-পশ্চিম ভাৰতৰ পৰা আৰ্য ভাষী লোকসকলৰ আগমন ঘটিছিল। তেতিয়া উত্তৰ-পূৱ ভাৰতৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। আৰ্যসকলৰ আগমনৰ লগে লগে থলুৱা অনাৰ্য মংগোলীয়সকলৰ ওপৰত আৰ্য সংস্কৃতিৰ প্ৰভাৱ পৰে। ড:বিৰিঞ্চি কুমাৰ বৰুৱাদেৱে তেখেতৰ ‘A cultural History of Assam’ত আৰ্যসকলৰ অসম আগমনৰ বিষয়ে আৰু আৰ্যীয়কৰণৰ প্ৰক্ৰিয়াৰ বিষয়ে বহলাই লিখিছে। ড:বাণীকান্ত কাকতিদেৱৰ মতে কামাখ্যা অস্ট্ৰিক ভাষী খাচী সকলৰ মৰিশালি আছিল। অস্ট্ৰিকসকলৰ পিছত কিৰাত বা মংগোলীয় বড়ো গোষ্ঠীৰ লোকসকলৰ প্ৰভাৱ পৰে। তাৰ পিছত আৰ্য সংস্কৃতিৰ প্ৰভাৱত সেই কামাখ্যা আৰ্য হিন্দুৰ তীৰ্থস্থান ৰূপে খ্যাত হয়। খুব সম্ভৱ খ্ৰীষ্টীয় প্ৰথম শতিকাৰপৰাই প্ৰাচীন কামৰূপৰ মংগোলীয়সকলৰ ওপৰত আৰ্যীয়কৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। তথাপিও প্ৰাচীন কামৰূপত কোনো উমৈহতীয়া ভাষা বা সংস্কৃতি গঢ়ি উঠা নাছিল।

বিভিন্ন গোষ্ঠীগত কাৰণত উত্তৰ-পূৱ ভাৰতত মংগোলীয় লোকসকল বিভিন্ন দুৰ্গম পাহাৰত সিঁচৰতি হৈ আছিল। কিন্তু বৃহৎ মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত বড়ো ভাষাগোষ্ঠীৰ লোকসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিস্তীৰ্ণ অঞ্চলত বসতি কৰি আছিল। আহোম সকল অহাৰ আগলৈকে বড়ো ভাষাগোষ্ঠীৰ লোকসকলেই আছিল ব্ৰহ্মপুত্ৰ উপত্যকাৰ শক্তিশালী জাতি আৰু ৰাজশক্তি। ত্ৰয়োদশ শতিকাত যেতিয়া চুকাফাৰ নেতৃত্বত টাই আহোম সকল আহিছিল তেতিয়া নৱাগত আহোম সকলে ইতিমধ্যে প্ৰতিষ্ঠিত বড়ো ভাষাগোষ্ঠীৰ লোকসকলৰ লগত আত্মপ্ৰতিষ্ঠাৰ বাবে বাৰে বাৰে যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হৈছিল। ড:সুনীতি কুমাৰ চেটাৰ্জীয়ে তেখেতৰ ‘The place of Assam in History and Civilization of India’-ত লিখিছে যে-‘For 450 years, Bodo and Ahom fought with each other for mastery and both gradually merged into a single Assamese speaking people..’ টাই আহোম সকলে ব্ৰহ্মপুত্ৰ উপত্যকা জয় কৰি একেৰাহে ছশ বছৰ ৰাজত্ব কৰিছিল আৰু সামাজিক গাঁথনিত থলুৱা লোকসকলৰ সৈতে এক সাংস্কৃতিক আৰু সামাজিক সমন্বয় গঢ়ি তুলিছিল। টাই আহোম সকলে দেশৰ শাসনভাৰ লোৱাৰ পিছত নিজৰ ভাষা-সংস্কৃতি এৰি আৰ্য ধৰ্ম আৰু সংস্কৃতি গ্ৰহণ কৰি ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। আহোম ৰজাৰ আমন্ত্ৰণতেই উত্তৰ ভাৰতৰ পৰা ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক অসমলৈ আহিছিল আৰু অসমত ব্যাপকভাৱে আৰ্য সংস্কৃতিয়ে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছিল। মহাভাৰতৰ যুগৰ পৰাই এই অঞ্চললৈ আৰ্যসকল আহিছিল। তথাপিও আহোম ৰাজত্বৰ সময়তহে ইয়াৰ অধিবাসী সকলৰ ওপৰত আৰ্যীয়কৰণ প্ৰক্ৰিয়াটোৱে ব্যাপকতা লাভ কৰে। মূল আৰ্যভাষীৰ মাগধী প্ৰাকৃত মূলৰ অসমীয়া ভাষায়ো গঠন আৰু বিকাশ লাভ কৰিছে ইয়াৰ থলুৱা মংগোলীয় ভাষাৰ প্ৰভাৱত (Dr.Bani Kanta Kakati, Assamese: Its formation and development)। আহোমসকলে নিজৰ ভাষা ত্যাগ কৰি ৰাজকীয় ভাষা হিচাপে অসমীয়া ভাষা গ্ৰহণ কৰাৰ পিছত অসমীয়া ভাষাই উন্নতি আৰু বিস্তৃতি লাভ কৰে। ছশ বছৰীয়া আহোম শাসনে ব্ৰহ্মপুত্ৰ উপত্যকাৰ থলুৱা লোকসকলক একেটা অৰ্থনৈতিক আৰু সামাজিক গাঁথনিৰ পৰিধিলৈ আনিছিল আৰু থলুৱা জনগোষ্ঠীৰ মাজত হোৱা দীঘলীয়া সংমিশ্ৰণ প্ৰক্ৰিয়াৰ ফলত ই একেটা অসমীয়া জাতিলৈ পৰিণত হৈছিল। আহোম সকলৰ উপৰিও ব্ৰহ্মপুত্ৰ উপত্যকাৰ বৃহৎ বড়ো ভাষাগোষ্ঠীৰ চুতীয়া, কোঁচ, কছাৰী, লালুং, দেউৰী, মৰাণ,মটক আদি জনগোষ্ঠী সমূহেও নিজ ভাষা-সংস্কৃতি সাময়িকভাৱে ত্যাগ কৰি অসমীয়া ভাষাকে গ্ৰহণ কৰিলে আৰু এই অসমীয়াভাষী সকলোৱে নিজকে ‘অসমীয়া’ বুলি চিনাকি দিয়া হ’ল। সংমিশ্ৰিত অসমীয়া ভাষাই এক বৃহত্তৰ অসমীয়া জাতিক গঢ় দিলে। আৰম্ভ হ’ল ভাষাভিত্তিক অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া।

কিন্তু উত্তৰ-পূৱ ভাৰতৰ পৰ্বতীয়া জনজাতি মংগোলীয় লোকসকল কোনোকালে আহোম ৰাজ্যৰ ভিতৰত বা আহোমৰ প্ৰত্যক্ষ শাসনৰ তলত নাছিল। আহোম সকলে কেতিয়াবা যুদ্ধত পৰাস্ত কৰি পৰ্বতীয়া জনজাতি সকলক কৰতলীয়া প্ৰজা হিচাপেহে মাত্ৰ ৰাখিছিল (Dr.Surjya Kr. Bhuyan, Anglo-Assamese Relation)। পৰ্বতীয়া জনজাতি সকলৰ ওপৰত অসমীয়া ভাষা আৰু আৰ্য ভাষা-সংস্কৃতিৰ প্ৰভাৱ সেই কাৰণে বহু কম আছিল। সেই কাৰণে কালক্ৰমত নগা, মিজো, খাচী, জয়ন্তীয়া, গাৰো আৰু অৰুণাচলী সকল আঁতৰি গৈছিল। কিন্তু দুটা পাহাৰীয়া জনগোষ্ঠী কাৰবি আৰু ডিমাচা, ভৈয়ামৰ জনজাতি বড়ো, ৰাভা, মিচিং, দেউৰী, তিৱাসকলে এতিয়াও অসমতে বসবাস কৰি আছে। দীৰ্ঘদিনীয়া সংমিশ্ৰণৰ ফলস্বৰূপে বড়ো, মিচিং, কাৰবি, ডিমাচা, তিৱা আদি জনগোষ্ঠীয় লোকসকলৰ একাংশই নিজৰ ভাষা-সংস্কৃতি এৰি অসমীয়া ভাষা-সংস্কৃতি আঁকোৱালি লৈছিল বা ল’বলৈ আৰম্ভ কৰিছিল। কিন্তু ’৭০-’৮০ দশকৰ পৰা অসমৰ জনজাতি সকলৰ মাজত নিজৰ ভাষা-সংস্কৃতি, সুকীয়া জাতিসত্তা আৰু অস্তিত্ব ৰক্ষা তথা উন্নতিৰ সচেতনতা জাগ্ৰত হৈ উঠে। তেওঁলোকে নিজৰ বাবে ৰাজনৈতিক অধিকাৰ, সম-মৰ্যাদা আৰু সম-অধিকাৰৰ দাবী তোলে। নিজৰ সুকীয়া আত্মপৰিচয়ৰ বাবে আৰু এটা পৰিপূৰ্ণ জাতিসত্তা হিচাপে জীয়াই থাকিবলৈ তেওঁলোক ব্যাকুল হৈ পৰে। সুকীয়া ৰাজ্যৰ দাবীবোৰ বাৰে বাৰে উত্থাপিত হ’বলৈ ধৰে। ফলত মূল-সূঁতিৰ অসমীয়াভাষী আৰু অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকসকলৰ মাজত সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ উঠে। উল্লেখযোগ্য যে অসমীয়া ভাষাক আঁকোৱালি লৈ অসমীয়া ভাষাতে সাহিত্য চৰ্চা কৰা বহু বড়ো আৰু কাৰবি লিখকে তেতিয়াই অসমীয়া ভাষাত লিখা-মেলা বাদ দিয়া দেখা গৈছিল। বৰ্তমান কেৱল মিচিং জনগোষ্ঠীৰ লিখক সকলেহে অসমীয়া ভাষাত লিখা-মেলা কৰা দেখা যায়। পৰিতাপৰ কথা যে অসমৰ বিভিন্ন জাতি সত্তাসমূহে সমমৰ্যাদা আৰু সম-অধিকাৰ আদি দাবী কৰিলেই ‘অসম বিৰোধী চক্ৰৰ ষড়যন্ত্ৰ’ বুলি অভিহিত কৰি প্ৰকৃত সমস্যা অনুধাৱন বা বিশ্লেষণ কৰাৰ পৰা বিৰত থকা দেখা যায় আৰু এনে সমস্যাৰ বিষয়ে নিৰ্মোহ আৰু ঐতিহাসিক বিশ্লেষণেৰে বিজ্ঞানসন্মত আলোচনা খুব কমেইহে দেখা পোৱা যায়।

বিশিষ্ট বুদ্ধিজীৱী আৰু চিন্তাবিদ ড:হীৰেণ গোহাঁইদেৱে তেখেতৰ কেইটামান প্ৰবন্ধত এইবোৰৰ বিষয়ে আলোচনা কৰিছে। ড:গোহাঁইদেৱে তেখেতৰ ‘জাতি গঠনৰ পথ’ নামৰ প্ৰবন্ধত লিখিছিল-

“জনজাতীয় লোকসকল সৌ সিদিনালৈকে জাতীয় আত্মপৰিচয়ৰ বাবে ব্যাকুল হৈ পৰা নাছিল।—কিন্তু জনজাতীয়সকলৰ মাজত যেতিয়া শিক্ষিত, অৱস্থাপন্ন লোকৰ সংখ্যা বেছি হ’ল তেতিয়া অসমীয়া হিন্দু সমাজত এখন তলতীয়া আসন ল’বলৈ তেওঁলোকৰ আগ্ৰহ নাথাকিল। জাত-পাতৰ ধাৰণা বৰ্জন কৰিবলৈ অসমীয়া হিন্দু মধ্যবিত্ত ব্যগ্ৰ নহয়, তাৰ প্ৰতিক্ৰিয়া স্বৰুপে আপোন ঐতিহ্য আৰু জীৱন-ধাৰা সম্পৰ্কে জনজাতীয়সকল সচেতন হৈ উঠিল। গণতান্ত্ৰিক আৰু সমাজবাদী ৰাজনীতিৰ প্ৰভাৱ বিয়পি পৰা বাবেও তেওঁলোকে ঊনবিংশ শতাব্দীৰ অসমীয়া জাতীয়তাৰ সঁজাত সোমাই থাকিবলৈ আগ্ৰহ নকৰা হ’ল। —সামন্ত যুগৰ পৰা চলি অহা সামাজিক হীনতা আৰু ৰাজনৈতিক অৱদমন মানি ল’বলৈ তেওঁলোক আৰু সন্মত নহয়। অৱশ্যে তেওঁলোকৰ এই জাগৰণক বাধা দিবলৈ প্ৰভুত্ব কামী অসমীয়াসকলে চেষ্টাৰ ক্ৰুটি কৰা নাই—কিন্তু সেই দিন আৰু নাই। বহু বাধা-বিঘিনি অতিক্ৰম কৰি উন্নয়নৰ ৰাজপথত জনজাতীয় সকলে ভৰি দিছে। অতীতলৈ চাই তেওঁলোকে দেখিছে সুদীৰ্ঘ স্থবিৰতা। সভ্যতাৰ অগ্ৰণী বাহিনীৰ লগত খোজ দিবলৈ আজি তেওঁলোক অধীৰ। তেওঁলোকৰ এই অধীৰতা, স্বনিয়ন্ত্ৰণৰ এই আকাংক্ষাক কেৱল বাহিৰা শক্তিৰ চক্ৰান্ত বুলি ভাবিলে অন্যায় হ’ব। নাইবা তেওঁলোকৰ ‘পথ প্ৰদৰ্শক’ বা ‘শিক্ষাগুৰু’ বুলি অসমীয়াই ভেম কৰিলেও কাম নহ’ব”—

‘জনজাতীয় সংস্কৃতি আৰু অসমৰ ভবিষ্যত’ নামৰ প্ৰবন্ধত ড:হীৰেন গোহাঁইদেৱে স্পষ্টভাৱে লিখিছে-‘পুঁজিবাদী মনোভাব হিন্দু অসমীয়াৰ মাজত বিস্তাৰ লাভ কৰাৰ ফলত জনজাতীয়ৰ ওপৰত শোষণ প্ৰবল হ’ল। তাৰ লগত তাল মিলাই জনজাতীয় সকলৰ প্ৰতি অৱজ্ঞা-অৱহেলাৰ ভাৱ বাঢ়ি গ’ল। ঊনবিংশ শতাব্দীৰ শিক্ষিত অসমীয়া সমাজৰ ওপৰত বংগদেশৰ ভদ্ৰলোক শ্ৰেণীৰ প্ৰভাৱ যথেষ্ট আছিল। বহুত ভাল কথাৰ লগতে নব্য শিক্ষিত অসমীয়াই শিক্ষিত বাঙালী সমাজৰ পৰা দুটামান বেয়া কথাও শিকি লৈছিল। তাৰে এটা কথা হ’ল জাত-কুলৰ বিচাৰত আগৰ তুলনাত অধিক উগ্ৰতা আৰু ‘জংঘলী’ বা ‘অসভ্য’ বুলি জনজাতীয় সকলৰ প্ৰতি হেয়জ্ঞান’।

অকল সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰতে নহয়, অসমীয়া সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰতো জনজাতীয় সমাজ জীৱন উপেক্ষিত। ৰজনী কান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’, মেদিনী চৌধুৰীৰ ‘ফেৰেংগাদাও’, ড: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘ইয়াৰুইংগম’, ‘মৃত্যুঞ্জয়’, উমাকান্ত শৰ্মাৰ ‘ভাৰুণ্ড পখীৰ জাঁক’,ৰীতা চৌধুৰীৰ ‘দেওলাংখুই’, তিলোত্তমা মিশ্ৰৰ ‘কে মেইখাৰ ঘৰ’ আদি কিছুসংখ্যক উপন্যাসৰ বাদে অসমত ইমান বাৰেৰহণীয়া, জনগোষ্ঠীয় সংস্কৃতি থকা স্বত্বেও অসমীয়া সাহিত্যত জনজাতীয় সমাজ জীৱন আৰু চৰিত্ৰ অংকন এতিয়ালৈকে মূল-সুঁতিৰ অসমীয়া লিখকে গল্প-উপন্যাসত উপস্থাপন কৰা চকুত লগা ধৰণে পৰিলক্ষিত হোৱা নাই। জুবিন গাৰ্গৰ কেইটামান ফিউজনৰ বাহিৰে অসমৰ চহকী জনজাতীয় লোকসংগীতৰ সুৰ সমূহৰ বিষয়ে অসমীয়া সংগীতজ্ঞ সকল অজ্ঞ বা আগ্ৰহী নহয় বুলিয়েই ক’ব লাগিব। কেৱল ডক্টৰেট উপাধি বা ডিগ্ৰী লাভৰ বাবে জনজাতি সম্পৰ্কীয় গৱেষণা পত্ৰ লিখাৰ বাহিৰে অসমৰ বিদ্বৎসমাজ অসমৰ জনগোষ্ঠী সকলৰ সমাজ-সংস্কৃতিৰ বিষয়ে জনাৰ বাবে আগ্ৰহী নহয়।

কিন্তু তাৰ বিপৰীতে ১৯২৫ চনতে G.D.Walker নামৰ চাহাব এজনে “A Dictionary of the Mikir Language” নামৰ কাৰবি অভিধান লিখি থৈ গৈছিল। ব্ৰিটিছ বিষয়া আৰু মিছনেৰী সকলে অতি কমেও চাৰিখন কাৰবি অভিধান লিখি থৈ গৈছে। অতি সন্তাপৰ বিষয় এয়ে যে আজিও Edward Stack আৰু Sir Charles Lyall চাহাবে লিখি থৈ যোৱা “The Mikirs” কিতাপখনেই কাৰবি সকলৰ ওপৰত লিখা একমাত্ৰ নিৰ্ভৰ যোগ্য কিতাপ। সুদূৰ জাৰ্মানীৰ Tubingen University পৰা আহি Dr.Karl-Heinz Grussner ৰে ১৯৭৩ চনত কাৰবি ভাষাৰ ব্যাকৰণৰ বিষয়ে জাৰ্মানী ভাষাত লিখি উলিয়াইছিল-“Arleng Alam, die Sprach Der Mikir: Grammatik U.Texte”.আমেৰিকাৰ University of Oregon ৰ গৱেষক Dr.Linda Konnerth তে কাৰবি ব্যাকৰণ প্ৰণয়নৰ কাম ইতিমধ্যে সমাপ্ত কৰিছে। এইখিনিতে প্ৰশ্ন হয়-অসম সাহিত্য সভা আৰু অসমীয়া লিখক-গৱেষক সকলে ইমানদিনে কি কৰিলে?

আমাৰ নিজৰো ব্যক্তিগত আৰু চাকৰি জীৱনত বহুত তিতা-কেঁহা অভিজ্ঞতা আছে। মুঠতে আজিৰ অসমত জনজাতীয় লোক সকলে নিজকে অসমীয়া বুলি পৰিচয় দিব পৰাকৈ মূল-সূঁতিৰ অসমীয়াভাষী লোকসকলে পৰিবেশ দিব পৰা নাই। ফলত জনজাতীয় মূলৰ লোকসকলে নিজকে অসমীয়া বুলি চিনাকি দিবলৈ দ্বিধাগ্ৰস্ত হৈ পৰিছে। ক্ষুদ্ৰ, অবিকশিত জাতিসত্তা সমূহৰ আত্মবিকাশৰ আশা-আকাংক্ষাক অস্বীকাৰ নকৰি জনজাতীয় ভাষা সমূহক স্বীকৃতি আৰু সম বিকাশৰ সুবিধা দি জনজাতীয় লোক সকলক মূল-সূঁতিৰ অসমীয়া সকলৰ লগত সমানে খোজ দিবলৈ বাট প্ৰশস্ত কৰিব লাগিব। মূল-সূঁতিৰ অসমীয়া মানুহৰ উগ্ৰজাতীয়তাবাদী মনোভাৱ আৰু দৃষ্টিভংগী সলনি নহ’লে কিন্তু এই কাম সম্ভৱ নহ’ব।

2 thoughts on “অসমীয়াত্বৰ সংকট : কাৰণ, বিচাৰ আৰু প্ৰতিকাৰ (মংগলসিং ৰংফাৰ)

  • August 1, 2016 at 4:42 pm
    Permalink

    আপোনাৰ লিখনি পঢ়ি ভাল লাগিল | সত্য কথাই লিখিছে | অসমীয়াৰ বাবেই যেন অসম আজি ঠান বান, কৰাল গ্ৰাসত পৰি অসমীয়া ভাষাও আজি সংকটৰ গৰাহত |
    প্ৰশ্ন হয় অসম সাহিত্য সভালৈ ! যাৰ নামেই অসম সাহিত্য সভা অৰ্থাত্ অসমৰ সাহিত্য | তেনে স্থলত অসমত অন্য সাহিত্য সভাৰ সৃষ্টি হব লগা হ’ল কিয় ? অসম সাহিত্য সভাই অসমৰ গোটেই জাতি জনগোষ্ঠীৰ ভাষা সাহিত্যক এক লগ কৰি এক বৃহত্তৰ সাহিত্য সভাৰ জন্ম দিব নোৱাৰিলে কিয় ? নে মূল-সূঁতিৰ অসমীয়াই গোটেই জাতি-জনগোষ্ঠীৰ ভাষা সাহিত্যক ধংস কৰি অকল মাত্ৰ এটা ভাষাক হে জীয়াই ৰাখিব বিচাৰিছিল ? অসম খন কিন্তু বাৰে বৰণীয়া সৰ্বাংগ সুন্দৰ হোৱাৰ মূল কাৰণ বিভিন্ন কলা- কৃষ্টিৰে সমৃদ্ধ এই জাতি জনগোষ্ঠীৰ বাবেহে | কি অদ্ভূত আমিবোৰ ভাবি চাওঁক আমি দূৰঁ- দূৰণিৰ ভাষা হিন্দী ইংৰাজী শিকিব পাৰিলোঁ কিন্তু এখন চোতালত থাকিওঁ আমি থলুৱা জনগোষ্ঠীক , তেওঁলোকৰ ভাষাক বুজিব নোৱাৰিলো , তাৰ মূল কাৰণটোৱেই আছিল অবহেলা আৰু ঘৃণা ভাব |

    আজি অসমীয়া সাহিত্যৰ লগতে বড়োকে আদি কৰি অন্য সাহিত্য সমূহো ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছে আৰু অসমলৈ সুনাম কঢ়িয়াই আনিছে | ভাবি চাওঁক এখন মঞ্চৰ পৰাই যদি অসমৰ বিভিন্ন ভাষাবোৰৰ সাহিত্য চৰ্চা হ’লহেঁতেন তেন্তে ই যে কিমান সুন্দৰ হ’লহেতেন আৰু আমাৰ মাজৰ একতাও বৃদ্ধি পালেহেঁতেন | কিন্তু ইয়াৰ পৰিবেশ অসম সাহিত্য সভাই দিব নোৱাৰিলে |

    অসমবাসী হিচাপে আমি অসমীয়া ভাষা- কৃষ্টিক যিমান ভাল পাওঁ , সিমানেই এজন জনগোষ্ঠীয় ল’ৰা হিচাপে নিজৰ ভাষা কৃষ্টিকো আদৰ কৰোঁ | অসমৰ প্ৰত্যেকটা ভাষা-সাহিত্য, কলা-কৃষ্টিয়ে জীয়াই থাকক তাকেই মনে প্ৰাণে কামনা কৰোঁ | অসমৰ জনজাতিয় লোক সকলে অসমীয়াও কব লগতে নিজৰ ভাষাও চৰ্চা কৰিব | মূল-সূঁতিৰ অসমীয়াই যিদৰে অসমীয়া ভাষাক লৈ আবেগিক হৈ পৰে একেদৰে আমিও নিজৰ খিনিক ধংসৰ গৰাহলৈ ঠেলি দিব নোৱাৰো , কিয়নো আবেগ অনুভূতিৰ ফালৰ পৰা আমিও পৃথক নহয় |

    Reply
  • November 27, 2018 at 3:20 pm
    Permalink

    অতি সুন্দৰ কথা লিখিছে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!