পাৰ কৰা ৰঘুনাথ (ভাস্কৰ জ্যোতি বৰুৱা)

যিদৰে স্কুলীয়া দিনবোৰত ৰঘুনাথৰ দোকানৰ চিংৰাকেইটাৰ সোৱাদক ডেও দি যাব নোৱাৰিছিলোঁ, তেনেকৈ আজিও নোৱাৰিলোঁ। প্ৰায় ১৫ বছৰমানৰ পাচত লক্ষীমপুৰ চহৰলৈ গৈছোঁ। দৌৰা দৌৰিকৈ বন্ধুবোৰৰ ঘৰত মাত দি ফুৰিছোঁ। কাইলৈ পুৱাই উভতিম। লগত বন্ধু সমীৰণ আৰু দীপ। সমীৰণে তাৰ গাড়ীৰে লৈ ফুৰাইছে ইঘৰ-সিঘৰ।গধূলি কেতিয়াবাই পাৰ হ’ল। ৰাতিৰ সাঁজ সমীৰণৰ ঘৰত খোৱাৰ কথা। ইতিমধ্যেই সমীৰণৰ পত্নী নিজৰাই তাক মোবাইলত সুধিবলৈ আৰম্ভ কৰি দিছে আমি কেতিয়া ঘূৰিম। চাহ খাই খাই পেটত ঠাই নাই বুলিবই পাৰি। বন্ধু ছাজাদৰ ঘৰৰ পৰা ওলোৱাৰ পিচতে অথনিৰে পৰা কঢ়িয়াই ফুৰা মনৰ ভোকটোত ৰ’ব নোৱাৰি হঠাৎ কৈ উঠিলোঁ : সমীৰণ, মোৰ ৰঘুনাথৰ দোকানৰ চিংৰা এটা খাবলৈ বিৰাট মন গৈছে। লৈ ব’ল না।

সমীৰণে ঘড়ীটোলৈ চালে।
হাঁহি এটা মাৰি কলে : ব’ল বাৰু, ভাত ৰেডি আছে কিন্তু, এটাতকৈ বেছি নাখাবি। এতিয়াও পাহৰা নাই হ’বপায়?

পাহৰিম? আজিও ক’ৰবাত চিংৰা খালে তুলনা কৰো তাহানিৰ ৰঘুনাথৰ চিংৰাকেইটাৰ লগত।

দোকানখনৰ সন্মুখত গাড়ী ৰখাই সমীৰণ আৰু দীপে প্ৰায় একেলগে কৈ উঠিল- : যা তই খাই আহ, আমি নাখাওঁ, গাড়ীতে বহিছোঁ।

সোমাই গ’লো দোকানৰ ভিতৰলৈ। বহুত সলনি হ’ল। ৰঘু দা ঢুকাল। আজিকালি তেওঁৰ পৰিবাৰে চলাই দোকানখন।
চিংৰা আছে ? মই সুধিলোঁ।
আছে, লেকিন ঠাণ্ডা আছে। মানুহগৰাকীয়ে উত্তৰ দিলে।
হ’ব, দিয়ক এটা। চাটনি আছে নে নাই?
নাই, চাটনি ভি খতম। দিম? চিংৰাও ঠাণ্ডা, চাটনিও নাই, নাখাম বুলি ভাবি মানুহ গৰাকীয়ে চকুলৈ চাই সুধিলে।
দিয়ক। মই ক’লো। তেওঁনো কেনেকৈ জানিব কি উম বিচাৰি মই আহিছোঁ এই জানুৱাৰীৰ ৰাতি। প্লেট এখনত এটা ঠাণ্ডাত শোটোৰা পৰা চিংৰা মোৰ সন্মুখলৈ আহিল। আগতকৈ সৰু হ’ল চিংৰাটো। মই উভতি গলো আশীৰ সেই সময়বোৰৰ কোনো এটা দিনলৈ।
………………………..

আবেলি। স্কুল ছুটি। পেটত প্ৰচণ্ড ভোক। বসন্ত মোহন বুক ষ্টলৰ পৰা দৈনিক বাতৰি কাগজখনলৈ ঘৰলৈ উভতিছোঁ (তেতিয়াৰ দিনত গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাগজবোৰ লক্ষীমপুৰ আবেলিহে পাইছিলগৈ)। নাই, আজি ৰঘুনাথৰ দোকানত নোসোমাওঁ। সদায় সদায় সেইবোৰ খোৱা ভাল কথা নহয়। নিজকে বুজনি দি আহি আছো। নকাড়ী ক্লাব পাৰ হোৱাৰ পাচতে হঠাৎ কি জানো হৈ গ’ল, ক’ব নোৱাৰোঁ, মাত্ৰ নিজকে আবিষ্কাৰ কৰিলোঁ ৰঘুনাথৰ দোকানত।

চিংৰা আছে? মোৰ প্ৰশ্ন।
নাই, ২০ মিনিট লাগিব। তেলত এৰি দিছোঁ। জলন্ত চৌকাৰ ওপৰৰ প্ৰকাণ্ড কেৰাহীখনত তেলত ডুবি থকা বগা চিংৰাবোৰক দেখুৱাই ৰঘু দাই কয়।

ধেই, চিংৰা এটা খাবলৈকে ইমান সময় ৰ’ব নোৱাৰি। হাতৰ ঘড়ীটোলৈ চাওঁ। নিয়মমতে মই উভতিব লাগে। কিন্তু বহিহে ল’লোঁচোন বেঞ্চ এখনত। চাবলৈ ধৰিলোঁ ৰঘু দাৰ কামবোৰ। একান্ত মনে ময়দাৰ লাৰুবোৰ বেলি কটাৰী এখনেৰে কাটি দুটুকুৰা কৰি থৈ গৈছে ৰঘু দাই। তাৰ পাচত আঙুলিত তেল অলপ লগাই তাৰে একোখন তুলি লয় আৰু চানাৱালাই কাগজৰ ঠোঙা বনোৱা ধৰণৰ এটা আকৃতি দিয়ে। কাষতে থৈ দিয়া পাত্ৰ এটাৰ পৰা আলু ভাজি অলপ উলিয়াই তাৰ ভিতৰত ভৰায়। ইয়াৰ পিচত চিংৰাটোৰ মুখখন বন্ধ কৰে আঙুলিৰে টিপি টিপি। কেঁচা বগা চিংৰাবোৰ ডাঙৰ কাঁহী এখনৰ ওপৰত থৈ যায়।এটাৰ পিচত এটাকৈ ৰঘু দাৰ পাকৈত হাত দুখনে তৈয়াৰ কৰি গৈছে কেঁচা চিংৰাবোৰ। মাজে মাজে কেৰাহীখনলৈ চকু নিয়ে। প্ৰয়োজন অনুসৰি ডাঙৰ হেঁতাখনেৰে লৰাই দিয়ে। ৰঘু দাৰ চিংৰাৰ ভিতৰৰ আলু ভাজিখিনি খুব ভাল লাগে। বয়ল কৰা আলুৰ বাকলি গুচাই তেল আৰু কম মচলাত ভাজে। বাদামো থাকে তাত। চাটনিখিনি হৈছে তেঁতেলী পানী আৰু গুৰৰ এটা সমতুল মিশ্ৰন।

হৈছে নেকি ৰঘু দা? ধৈৰ্যৰ বান্ধ ছিঙিলে সুধি দিওঁ।
হৈ গৈছে। আৰু অলপ টাইম। ৰঘু দাই হেতাৰে গৰম তেলৰ পৰা ঈষৎ ৰঙচুৱা চিংৰা এটা তুলি হাতেৰে পিটিকি চাই কয়।
কেইটা দিম। অলপ পিচত ৰঘু দাই সোধে।
হে: হে: হে: এটা, এটা। হাঁহিৰ সহায়ত “এটা” শব্দটোত এনে সুৰ প্ৰয়োগ কৰো যাতে ৰঘু দাই বুজি পাই যায় আজি মোৰ আন দিনাৰ দৰে বেছি চিংৰা খোৱাৰ কোনো মতলব নাই। মনটোক আকৌ এবাৰ বুজাও –নাই, বেছি খোৱা ভাল নহয়। নহ’লে আকৌ জণ্ডিচে পাবগৈ। তৈলকুণ্ডৰ পৰা নামি খৰাহীত দহ চেকেণ্ডো ৰ’বলৈ নোপোৱা চিংৰা এটা প্লেট এখনত মোলৈ লৈ আহে সৰু ল’ৰা এটাই। সমস্ত লোভ আৰু ভোক একাকাৰ কৰি চিংৰাটোলৈ দৃষ্টি নিক্ষেপ কৰো। চুব নোৱাৰা গৰম, চামুচেৰে চিংৰাটো ভাঙি দিওঁ। অলপ তপত ধোঁৱা মুখত লাগে। সৰু লৰাটোৱে বাটি এটাৰ পৰা কেইচামুচমান চাটনি ঢালি দিয়ে গৰম চিংৰাটোৰ ওপৰত। মই ফুঁৱাই ফুঁৱাই খাবলৈ আৰম্ভ কৰোঁ। খাবলৈ আৰম্ভ কৰাৰ আগতেই যেন শেষ হয় প্ৰথম চিংৰাটো। মনটোৱে মোক বুজায় – আৰু এটা খালে একো নহয়। আৰু মই বিনা প্ৰতিবাদে মানি লওঁ সেই ব্যাখ্যা। দ্বিতীয়টো গৰম চিংৰা মোৰ প্লেটত পৰেহি।

আৰু এটা দিয়ক ৰঘু দা। আৰে, কেনেকৈ যে মই নিবিচৰাকৈয়ে শব্দকেইটা মোৰ মুখেৰে ওলাই গ’ল!!! নিজেই আচৰিত হৈ যাওঁ। সন্মুখত বহি খাই থকা কেইজনলৈ চাওঁ। মোক বাৰু খকুৱা বুলি ভাবিছে নেকি তেওঁলোকে? যি ভাবে ভাবি থাকক, মোৰ কি? প্ৰয়োজনতকৈ অলপ বেছি গহীন হৈ তৃতীয় চিংৰাটোলৈ অপেক্ষা কৰো। তৃতীয় চিংৰাটো শেষ হ’বলৈ ধৰে মানে মোৰ আৰু মনটোৰ মাজৰ যুদ্ধখন তীব্ৰতৰ হৈ উঠে। আৰু এটা চিংৰা খোৱাৰ সপক্ষে যুক্তিৰ সন্ধান কৰে মনটোৱে। শেষত এজন পক্ষপাতদুষ্ট বিচাৰকৰ দৰে মানি লওঁ সেই দুৰ্বল যুক্তি- যিহেতু মোৰ হাতত দুটকা আছে। তিনিটা চিংৰাত ডেৰ টকা দি ৰঘু দাক আঠ অনা ঘূৰাবলৈ অসুবিধা দিয়াটো উচিত নহয়। তাতে তিনিটা আৰু চাৰিটাৰ মাজত কিনো বৰ পাৰ্থক্য আছে? আৰু লাজ? কালৈ হা? এতিয়া থকা কেইজন নতুন গ্ৰাহক। আগৰ কেইজনে পইচা দি ইতিমধ্যেই উঠি গৈছে।

আৰু এটা। চতুৰ্থ চিংৰাটো আহে। দিবলৈ অহা সৰু লৰাটোৰ মুখলৈ চাওঁ। সি হঁহা নাইতো? এনে পৰ্যায়ত তাৰ মুখৰ একোণত হাঁহিৰ আভাস এটা দেখিলেও সঁচাই কৈছোঁ, অলপ বিচলিত নোহোৱাকৈ নাথাকোঁ।

———————————————————————————————–

আৰু খাব ? মূৰ তুলি চালো। মোকে সুধিছে মানুহগৰাকীয়ে।

নাই, নালাগে। কিমান হ’ল? মই টেবুলৰ পৰা উঠিলোঁ।

পাঁচ টকা।

টকা দি দোকানৰ পৰা ওলালোঁ। সমীৰণৰ গাড়ী চলিল। সেই যে লুভীয়া আৰু খকুৱা স্কুলীয়া ল’ৰাটোৱে চাৰিটা চিংৰা খাই চুকুলিভৰীয়াৰ ঘৰলৈ উভতিছিল, তাৰ ঠিক বিপৰীত দিশে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!