বিহংগম দৃষ্টিত পশ্চিম নলবাৰী অঞ্চলৰ কথিত লোকভাষা আৰু ইয়াৰ প্ৰয়োগ: ৰবীন্দ্ৰ চৌধুৰী

পশ্চিম নলবাৰী অঞ্চল বুলিলে সাধাৰণতে অসম চৰকাৰে নিৰ্ধাৰণ কৰা পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ এলেকাধীন অঞ্চলটোকেই বুজোৱা হয়। এই অঞ্চলটোৰ চাৰিসীমা এনেধৰণৰ- উত্তৰে দক্ষিণ বানেকুছি, টিহু ৰাজহ চক্ৰৰ নাম বৰভাগ মৌজা। পূবে নলবাৰী ৰাজহ চক্ৰৰ বতাহঘিলা মৌজা আৰু বাঁহজানী মৌজাৰ পশ্চিম অংশ। দক্ষিণে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ উত্তৰ বৰক্ষেত্ৰী মৌজা আৰু পশ্চিমে সৰ্থেবাৰী ৰাজহ চক্ৰৰ সৰুক্ষেত্ৰী মৌজা। এই চাৰিসীমাৰ ভিতৰত তেষষ্টি (৬৩) খন গাঁও আছে।

 পশ্চিম নলবাৰী অৰ্থাৎ পশ্চিম নলবাৰীৰ আৰ্য্য আৰু অনাৰ্য্য উভয় গোষ্ঠীৰ লোকৰে বাসস্থান। আৰ্য্য গোষ্ঠীৰ ভিতৰত হিন্দু আৰু মুছলমান ধৰ্মৰ লোক আছে। হিন্দু ধৰ্মৰ অন্তৰ্গত ব্ৰাহ্মণ, গোঁসাই, কায়স্থ, কলিতা, কেওট, বৈশ্য, কমাৰ, কুমাৰ, কৈৱৰ্ত, হীৰা,যোগী, শালৈ, ৰাজবংশীসকল। মুচলমান সকলৰ ভিতৰত খিলঞ্জীয়া মুছলমান সকল আৰু পমুৱা হিচাপে বাংলাদেশৰ পৰা আহি অসমত বাস কৰা লোকসকল। আকৌ অনাৰ্য্য গোষ্ঠীৰ ভিতৰত কোঁচ, বড়ো, কছাৰী আৰু দুই এঘৰ আহোম গোষ্ঠীৰ লোক পশ্চিম নলবাৰীত বাস কৰে।

 স্থানীয়ভাৱে ঘৰুৱা মাত-কথাত ব্যৱহাৰ কৰা অসমীয়া কথিত লোক ভাষা পশ্চিম নলবাৰীৰ বিভিন্ন অঞ্চলত বেলেগ বেলেগ ৰূপত দেখা যায়। আকৌ সম্প্ৰদায় ভেদেও কিছুমান বিশেষ বেলেগ-বেলেগ শব্দৰ ব্যৱহাৰ মনকৰিবলগীয়া। সেই ৰূপবোৰৰ এটি তুলনামূলক আলোচনা দাঙি ধৰিবলৈ প্ৰয়াস কৰা হ’ল।

পশ্চিম নলবাৰীৰ মধ্যৱৰ্ত্তী স্থান হিচাপে বৃহত্তৰ চামতা অঞ্চলৰ লোকে ব্যৱহাৰ কৰা কথিত লোক ভাষাক ভিত্তি হিচাপে লোৱা হ’ল আৰু সৰ্বজনৰ বোধগম্য হোৱাকৈ উল্লেখিত শব্দবোৰৰ মান্যৰূপটো সন্নিবিষ্ট কৰা হ’ল। পশ্চিম নলবাৰী অঞ্চলৰ পূবে নলবাৰী চহৰৰ উপকণ্ঠ অঞ্চলত প্ৰচলিত লোক ভাষাৰ প্ৰভাৱ বালিজাৰ, খাৰহিঠা, ফুলগুৰি, বৈনাকুছি, পকোৱা, বৰ্নী, কালাকুছি আদি গাঁও সমূহত পৰা দেখা যায়। চামতাক কেন্দ্ৰ কৰি ইয়াৰ দাঁতিকাষৰীয়া গাঁও- বিহামপুৰ, বনগাঁও, নৰ্দ্দী, বেলশৰ, ককয়া, জাগৰা, পিপলিবাৰী, টেঙাবাৰী, কৈহাটী, আমনি, গামাৰমুৰী, কৈঠালকুঁছি, জোৱাৰ্দ্দী, পহলংপাৰা, শিমলীয়া আদি গাঁও সমূহত চামতা অঞ্চলৰ মানুহে কোৱা কথিত লোক ভাষাৰ প্ৰভাৱ পৰিছে।

আকৌ পশ্চিম সীমাত থকা বড়ী, ঠুঠিকাটা, নিজ তাপা, দাহুদী, বাদেশিলা, হেলচা, চাৰাবড়ী, ঘিলাজাৰী, খেলুৱা,লোখোপুৰ, কেন্দুবাৰী আদি গাঁওসমূহ বৰপেটাৰ লোকভাষাৰ দ্বাৰা বহলভাৱে প্ৰভাৱাম্বিত। সৰ্থেবাৰীৰ চুবুৰীয়া হোৱা হেতুকে এই গাঁওসমূহৰ প্ৰচলিত মাত কথাত বৰপেটাৰ লোকভাষাৰ প্ৰভাৱ স্পষ্ট।

এতিয়া নলবাৰীৰ পশ্চিম অংশত অৱস্থিত পকোৱা মৌজা আৰু ধৰ্মপুৰ মৌজাৰ উত্তৰ-পূৱত থকা গাঁওসমূহৰ কিছু উদাহৰণ দাঙি ধৰা হ’ল।

মান্য ৰূপ                 চামতা অঞ্চলৰ ৰূপ             পকোৱা আৰু উত্তৰ-পূৱ ধৰ্মপুৰৰ ৰূপ

গোহালি                         গোলি                     গোহালি

কটাৰী                          কাট্‌ৰী                    কটৰী

খালৈ                           কুক                      কোক

কুকুৰা                         কুক্‌ৰা                     কুক্‌ৰা

কপৌ (চৰাই)                     কুপ্‌তি                   কুপ্‌তি

গুণি                             মোহনা                    মইনা

ওঁঠ                                  উঠ                            ওঠ

তহঁত                           তুহুন                     তহ্না,তণ্ঠে

আপুনি                          আপ্‌নি                    আপ্‌নি

তেওঁলোকৰ                      তাহাৰ/তাহ্‌নাৰ            তাহ্‌নাৰ/ তহ্‌ন্ঠে

আপোনাৰ                     আপ্‌নাৰ                  আপ্‌নাৰ

গৈছে                          গেইছি                   গেইছে

আহিছে                        আইহছি                  আইহছি

কৰিব                          কৈৰ্বো                    কৈৰ্বো

মাতিছে                        মাইত্‌ছি                 মাইত্‌ছি

ৰান্ধিছে                        ৰাইন্ধ্‌ছি                  ৰাইন্ধ্‌ছি

এতিয়া                         ইত্তে                     ইত্তে

এনেকৈ                        এন্‌কে                   ইন্‌কে

সেনেকৈ                        সেন্‌কে                   সিন্‌কে

যেনেকৈ                        যেন্‌কে                   যিন্‌কে

আৰৈ (চাউল)                     আউলা                    আলা

চকলা                           চাক্‌লা                    চক্‌লা

কোমল                         কুৱালা                   কুৱল/কুৱাল

ডাঙৰ                          ডাঙাৰ                    ডাঙাৰ

খুড়া                            খুট্টে/খুট্টা               খুট্টে/খুট্টে

মায়েক                         মাক                     মাক

বায়েক                         বাক                     বাক

ভায়েক                          ভাক                      ভায়াক

দেওৰ                          দেউৰাক                  দেউৰেক

নিচিনা                         নিচ্‌না                    দৰে/নিচ্‌না

হেন                            হান/হেন্‌পাউ              হান/হান্‌পাউ

সেই কাৰণে                      সেইকুন্‌তাৰে              সেইহোধৰি

শোলমাৰা, টাপা, ঠুঠিকাটা আদি গাঁও বিশেষকৈ মৎস্যজীৱী লোক অধ্যুষিত অঞ্চল। মৎস্যজীৱী লোক সকলে পশ্চিম নলবাৰী অঞ্চলৰ উপভাষা কোৱাৰ লগতে বিশেষ কিছুমান শব্দ ব্যৱহাৰ কৰে আৰু তেওঁলোকৰ কথনভংগীত এক বিশেষ আছুতীয়া সুৰ শুনিবলৈ পোৱা যায়। ইয়াৰ কিছুমান উদাহৰণ দিবলৈ যত্ন কৰা হ’ল।

      মান্য ৰূপ                                শোলমাৰা আদি অঞ্চলৰ ৰূপ

সি কৰবালৈ গ’ল।               সি কবাত গেল                          সি কহ্‌বাই গেল।

তাক মাতচোন                    তাক মাত্‌চোন                         সিক মাত্‌চোন

কঠাল খাব ভাল                 কঠাল খাবা ভাল                       কাঠাল খাবা ভাল

তেওঁ পথাৰত গ’ল                      তেওঁ পথ্‌ৰোক গেল                     তেওঁ পাথ্‌ৰোক গেল

মোৰ ভোক লাগিছে                মোৰ ভখ লাইগ্‌ছি                       মোৰ ভুখ লাইগ্‌ছি

এলাহ নকৰিবা                    হেলা নক্‌ৰিবা                          হেলা নক্‌ৰিবা

একলহ পানী                     এক কলাহ পানী                       এক কলোহা পানী

মেকুৰীটো আহিল                        মেক্‌ৰিটু আহিল                         মেক্‌ৰিটু আহিল

তেওঁ আগতে আহিছে             তেওঁ আগে আইছি                       তেওঁ আগে আইহ্‌ছি

ঢেঁকীশাল                       ঢেকাল                               ঢেখাল

এতিয়া খাব নালাগে               ইতা খাবা নাল্‌গে                     ইঠান খাবা নাল্‌গে

এনেকৈ নকবা                   এন্‌কে নক্‌বা                          ইন্‌কে নক্‌বা

তেওঁক খৰাহিটো দিয়া             তেওঁক দুক্‌লিটু দিয়া                     তেওঁক দুক্‌লাটু দিয়া

তোমালোকে আহিবা দেই    তুহুন আইহ্‌বা দা                         তুহুন/আহুন আইহ্‌বা দিয়া

তেওঁ কেতিয়াবাই আহিল      তেওঁ কেইত্তাবাই আহিল            তেওঁ কেইতাবাতে আহিল /                                                                    তেওঁ কুন্‌ভান্‌তে আহিল

কোনোবাই ক’লে                 কুন্‌বাই কোলাক                 কাইবাই কোলাক

মই নাযাওঁ                     মই নাযাম                           মই নাযাং

ডাঙৰ মাছ এটা দিয়া               ডাঙাৰ মাছ এটা দা                         ডাঙাৰ মাছ এটা দা

শোলমাৰা অঞ্চলৰ লোকে বিশেষভাৱে কিছুমান শব্দ ব্যৱহাৰ কৰে। চামতা অঞ্চলত কয় ‘হ’লি মই যাবা নোৰু’, শোলমাৰা অঞ্চলত কয় ‘হুদে মই যাবা নৰু’। আকৌ কেতিয়াবা কাজিয়া লাগিলে বিপৰীত পক্ষক ভাবুকি দিয়াৰ উদ্দেশ্যেৰে ‘হুদে’ শব্দটোৰে বাক্যটো আৰম্ভ কৰে। যেনে- ‘হুদে চাই থাক মই তোক কেন্‌কে ঠেক্‌চি ঠেক্‌চি মাইৰ্‌বা পাৰু’। শোলমাৰাৰ পৰা কিছু পশ্চিম দিশে দাহুদি গাঁওৰ পশ্চিম অংশ, হেলচা, চাৰাবড়ী, কেন্দুবাৰী, লখোপুৰ আদি গাঁওসমূহত বৰপেটাৰ লোকভাষাৰ প্ৰভাৱ স্পষ্ট। তাৰোপৰি তেওঁলোকৰ কথনভংগীত এটি লেনিয়া সুৰ মন কৰা যায়। ইয়াৰ কেইটিমান উদাহৰণ দাঙি ধৰা হ’ল। যেনে-

মান্যৰূপ                                 এই অঞ্চলত প্ৰচলিত ৰূপ

তোমালোক কেতিয়া আহিবা?                  তুমি আহুন কেথান আইহ্‌বা?

তেওঁৰ আইতাক লগতে আহিছে।                   তেওঁৰ আইবাক লগতে আইছি।

সিহঁত গৈ পেলাই ঘূৰি আহিব।              তাহুন যাই মেথান ফিৰি আইহ্‌বো।

হ’ব দিয়ক কামটো গৈ কৰিম।              হবো দ’ক, কাম্‌তু যাই কৰিম আদি।

পশ্চিম নলবাৰীৰ কিছুমান অঞ্চলত অঞ্চল বিশেষে কিছুমান এনেকুৱা কথিত শব্দ ব্যৱহাৰ কৰে, যিটো সাধাৰণতে আন ক’তো পোৱা নাযায়। যেনে- তিয়নী গামোচাৰ সলনি ‘তেলাচ’, মহিলাৰ ‘পেটিকোট’ক ‘মাইকুচ’, ‘মাটিৰ তলত হোৱা আলু্’ক ‘চেক্‌লি খুণ্ডা আলু’, ‘চৌকা থকা ঠাই’ বা ‘জুইশাল’ৰ সলনি ‘হাইশাল’, ‘কোমল চাউল’ক ‘বোকা চাউল’।

অব্যয় শব্দৰ কিছুমান ব্যৱহাৰ মনকৰিবলগীয়া। যেনে- প্ৰতিবাদ বা অস্বীকাৰৰ সুৰত কোৱা- ‘ইয়া আই মইৌ কি ক’ম!’, ‘চিকো চিকো এনা কথা কবা পাইল্লি’, ‘আইলা পচু, মোক মাইল্লি এনাকে থাকু?’

পশ্চিম নলবাৰী অঞ্চলত বসবাস কৰা মুছলমান ধৰ্মাৱলম্বী লোক সকলে তেওঁলোকৰ কথা-বতৰাত কিছুমান আৰবী আৰু উৰ্দু ভাষাৰ শব্দ ব্যৱহাৰ কৰা দেখা যায়। যেনে- নাচীব, বেৰাহাম, হাৰাম আদি শব্দৰ ব্যৱহাৰ কৰা শুনা যায়। তেওঁলোকৰ ধৰ্মীয় গ্ৰন্থৰ প্ৰভাৱৰ বাবে এনে শব্দৰ ব্যৱহাৰ হোৱা বুলি ধাৰণা কৰিব পাৰি।

পশ্চিম নলবাৰী অঞ্চলত বসবাস কৰি থকা বড়ো, কছাৰী সম্প্ৰদায়ৰ লোকসকলে নিজ সম্প্ৰদায়ৰ লোকৰ মাজত হোৱা কথা-বতৰাত তেওঁলোকৰ দোৱান ব্যৱহাৰ কৰে। আনহাতে, আনৰ লগত কথা-বতৰাত অসমীয়া কথিত ৰূপৰ ব্যৱহাৰ কৰে। অৱশ্যে তেওঁলোকে, স্বাৰ্থিক প্ৰত্যয়ৰ ক্ষেত্ৰত কিছুমান বেলেগ শব্দ ব্যৱহাৰ কৰে। যেনে- ‘ছোৱালীজনী’ৰ সলনি ‘ছোৱালীখান’ বা ‘আপিখান’। ‘সকল’ বা ‘বোৰ’ৰ সলনি ‘গিলা’, যেনে ‘মানুহগিলা’, ‘বস্তুগিলা’। কিছুমান শব্দত ‘ং’ৰ ব্যৱহাৰ কৰে যেনে- ‘বস্তুটু থং’।

ঠিক একেদৰে পশ্চিম নলবাৰী অঞ্চলত বসবাস কৰা হিন্দীভাষী লোকসকলেও বড়ো, কছাৰী সকলৰ দৰেই দুটা ভাষাই ব্যৱহাৰ কৰে। অৱশ্যে এওঁলোকৰ কথা পাতোতে অসমীয়া ভাষাতো হিন্দীভাষাৰ প্ৰভাৱৰ বাবে ক্ৰিয়া পদ আৰু নঞৰ্থক শব্দৰ স্থান সলনি কৰা দেখা যায়। যেনে- ‘মোৰ নাই’- ‘মোৰ নাই আছে’। ‘নাযাওঁ’ৰ পৰিবৰ্তে ‘যাব না’।

একোটা ভাষাৰ লোকভাষা বা কথিত ৰূপ সমূহ ভাষাটোৰ একো একোটা শক্তিশালী সমল। বিশ্ব-বিশ্ৰুত নাট্যকাৰ জৰ্জ বাৰ্নাড শ্বৰ ‘পিগমিলিয়ন’ নাটকৰ ‘প্ৰফেচৰ জীনছ’ৰ চৰিত্ৰটোৰ মাজেদি তাকেই প্ৰতিপন্ন কৰিছিল। কিন্তু আজি অসমত আধুনিকতাৰ কু-প্ৰভাৱৰ ফলত অসমৰ বিভিন্ন গ্ৰাম্য অঞ্চলত সিঁচৰতি হৈ থকা লোকভাষাৰ অলেখ শব্দ আৰু কথনভংগী মাত্ৰ গৱেষক সকলৰহে আলোচনাৰ বিষয় হৈ পৰিছে। ই কোনো কাৰণতেই এটা জাতিৰ ভাষাটোৰ নিজস্ব ভাষাটোৰ কাৰণে মংগলজনক নহয়। সেয়েহে অসমীয়া ভাষাটোৰ সংৰক্ষণ আৰু সমৃদ্ধিৰ স্বাৰ্থত সংশ্লিষ্ট মহলে ইয়াৰ প্ৰতি গুৰুত্ব দিয়া উচিত।

এতিয়া অন্য এটি প্ৰসংগলৈ আহি লেখাটোৰ সামৰণি মাৰিব বিচাৰিছোঁ। আজি কিছুবছৰ আগৰে পৰা অনাতাঁৰ নাটক, মঞ্চ নাটক আৰু বৈদ্যুতিক মাধ্যমৰে প্ৰচাৰ কৰা ধাৰাবাহিক নাটবিলাকত বৰপেটা আৰু নলবাৰী অঞ্চলৰ লোক সকলে ব্যৱহাৰ কৰা কথিত ভাষাৰ ৰূপটোক কিছুমান চৰিত্ৰৰ সংলাপত ব্যৱহাৰ কৰি আহিছে। নাট্য সাহিত্যৰ যোগেদি যদি অসমীয়াৰ এই লোকভাষাসমূহক সুদূৰপ্ৰসাৰী প্ৰতিষ্ঠা দিব বিচাৰিছে তেনেহ’লে তেনে প্ৰয়াসৰ আমি শলাগ লৈছোঁ। কিন্তু কিছুমান নাট্যকাৰ বা চিত্ৰনাট্য ৰচকে তাৰ ব্যৱহাৰিক দিশটোৰ কথা অনুধাৱন নকৰি সস্তীয়া মনোৰঞ্জনৰ বাবে কটু ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। কেতিয়াবা কেতিয়াবা আকৌ এনে ব্যৱহাৰত অৰ্থ-বিভ্ৰাট ঘটাও আমাৰ দৃষ্টিগোচৰ হৈছে। এনে কাৰ্য্যই লেখকজনৰ প্ৰতি পুতৌ জন্মাৰ লগতে আমাৰ মনত দুখ দিছে। এনে কাৰ্য্য বৰ্জন কৰা উচিত কাৰণ অসমীয়া ভাষাটোৰ পৰিশুদ্ধিতা আৰু সমৃদ্ধি আমাৰ চিৰকাম্য।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!