পৰাগ কুমাৰ দাসৰ নিৰ্বাচিত ৰচনাৱলী

অসুস্থ মানসিকতাৰে নতুন চাম

 

“আবে চন্…., চাচোন চা… । … দেই; …. মন যাই । … আবে…. আজি ‘তোফা’

চালো বে । শ্ৰীদেৱীৰ….. । … গেহৰা বে চন্… ।”

অসমৰ যিকোনো ঠাইতে,ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিকোনো সময়তে, চাহৰ দোকানত, আলিৰ দাঁতিত, ছোৱালী স্কুলৰ সন্মুখত, পাণদোকানৰ গুমটিটোৰ ওচৰত গোট খাই থকা ল’ৰাৰ জুমটোৰ কাষেৰে পাৰ হৈ যাওঁতে ঠিক এনেকুৱা কিছুমান শব্দ আপোনাৰ কাণত পৰিব । (এজন বয়সস্থ মানুহ পাৰ হৈ গৈছে বুলিও সিহঁতে কথা বন্ধ নকৰে কিন্তু !) কথাৰ কোনো লাগ বান্ধ নাই, বিষয় বস্তুৰ কোনো মা-বাপ নাই কিন্তু আটাইবোৰ আলোচনাতে এটাই সাদৃশ্য আপোনাৰ চকুত পৰিব যে,চিনেমাৰ পৰা আৰম্ভ কৰি ছোৱালীলৈকে, সাহিত্যৰ পৰা আৰম্ভ কৰি ৰাজনীতিলৈকে যিকোনো বিষয়কে লৈ হোৱা এই আলোচনাবোৰ একেবাৰে সস্তীয়া মানৰ । ডেকা বয়সত আড্ডা মৰাটো দৰাচলতে এটা এৰাব নোৱাৰা স্বভাৱ; দৌৰি-ঢাপলি খেলি ফুৰাৰ স্তৰটো পাৰ হোৱাৰ পাছত কাণ সমনীয়া ল’ৰাকেইটাই ঘৰৰ পৰা ওলাই আহি নিয়মিতভাৱে ক’ৰবাত গোট খাই কথা পতাটো, অথবা ছোৱালীকেইজনীয়ে অইনে নুশুনাকৈ কথাবোৰ ফুচফুচাই আলোচনা কৰাটো স্বাভাৱিক কাম । কিন্তু কথা হ’ল, তেওঁলোকে কি আলোচনা কৰিছে ? জমি থকা আড্ডাটোৰ বিষয়বোৰে ল’ৰা কেইটাৰ উপকাৰ কৰিছে নে অপকাৰ কৰিছে ? ফুচফুচাই কথা পাতি থকা ছোৱালীৰ জুমটোৱে কিবা সুস্থ কথা আলোচনা কৰিছেনে ? পেঘেনিয়াই পেঘেনিয়াই আলোচনা কৰি থকা অশ্লীল, সস্তীয়া বিষয়বস্তুবোৰে ল’ৰা-ছোৱালীবোৰৰ চিন্তা ধাৰাত ব্যাঘাত জন্মোৱা নাইনে ? চাহৰ দোকান এখনত আড্ডা দি থকা ঠিক তেনেকুৱা এটা অচিনাকী জুমৰ মাজতে এদিন উপস্থিত হৈছিলোগৈ । কলেজীয়া বয়সৰ মাত্ৰ কেইজনমান, তেওঁলোকৰ মাজতে বহি এনেয়ে দুই-এজনৰ সৈতে কথা পাতিলো । ল’ৰাকেইজনে প্ৰথমে ইতঃস্ততবোধ কৰিছিল যদিও পাছলৈ স্বাভাৱিকভাৱেই উত্তৰবোৰ দিছিল । তেওঁলোকৰ লগত কথা পাতি এটা কথাত আচৰিত হৈছিলো যে বাস্তৱ জীৱনৰ সমস্যাবোৰৰ অস্তিত্বও কিন্তু তেওঁলোকে জানে ‍। শ্ৰীদেৱীৰ কৰঙন, অমিতাভৰ অবৈধ প্ৰেম, কল্পনা আয়াৰৰ ফিগাৰ, গোৱা-কাঠমাণ্ডু-শ্বিলঙৰ স্বৰ্গসুখ – এই জাতীয় আলোচনাৰেই গধূলিৰ পাছত গধূলি অতিবাহিত কৰি দিয়া জুমটোৰেই অন্যতম সদস্য দিগন্তই কিন্তু জানে যে সি এইবাৰ পি ইউ ভালদৰে পাছ কৰিব নোৱাৰিলে ক’তো ছিট নাপায় । চাৰি বছৰে নিবনুৱা হৈ থকা প্ৰবীৰেও জানে যে অহাবছৰ দেউতাক ৰিটায়াৰ হোৱাৰ পাছত সিহঁতৰ ঘৰখন সিয়েই চাব লাগিব । সীমান্তয়ো ভালকৈয়ে জানে যে, পইচাৰ অভাৱত দৰব কিনিব নোৱাৰা বাবেই বেমাৰী মাকজনী আধামৰা হৈছে । আধাঘণ্টামান কথা পাতি উঠি নিজকে বিশ্বাস কৰিব পৰা নাছিলো যে ইমানবোৰ সমস্যাৰ মাজত থকা এইকেইটা ল’ৰায়েই অলপ আগলৈকে কিছুমান অশ্লীল, সস্তীয়া আলোচনাত মগ্ন হৈ আছিল । কিন্তু ল’ৰা কেইটাক মাত লগাই আহি চাহদোকানখনৰ দুৱাৰ ডলি পাইছোহিনে নাই, আকৌ সেই একেবোৰ টুকুৰা শব্দয়েই সিহঁতৰ মাজৰ পৰা ভাহি অহিছিল “আবে …. গেহেৰা বে …।… চন্ ৰাখাই টান….।”

এই ল’ৰাবোৰে এনেকুৱা কিয় কৰে ? বাস্তৱ সমস্যাবোৰ পাহৰি থাকিবৰ বাবেহে সিহঁতে এনেকুৱা সস্তীয়া আলোচনাত মূৰ বুৰাই ৰাখে নেকি বাৰু ? কিন্তু এই পলৰীয়া মনোবৃত্তিটো জানো কিহবাৰ সমাধান হ’ব পাৰে ?

একৈশ বছৰীয়া অনন্তৰ মাক-দেউতাকৰ দুখ,- অনন্ত হেনো আজিকালি বেয়া ল’ৰাৰ লগত ঘুৰা

হৈছে, পঢ়াশুনা নকৰা হৈছে, কিবাকিবি খাই ঘৰলৈ অহা হৈছে । শিক্ষকতা কৰিয়েই চুলি পকোৱা হেম শৰ্মা ছাৰৰ দুখ, আজিকালি ল’ৰাবোৰে গুৰু-গোসাঁই নমনা হ’ল । কলেজৰ অধ্যাপক নীৰেন হাজৰিকাৰ দুখ, ল’ৰাবোৰে পঢ়াশুনা নকৰে, পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ‘এলাৰ্মিং’ । হেমপ্ৰভা বৰুৱাৰ দুখ, পাণবজাৰৰ চাৰিআলিত আড্ডা দি থকা পুতেকৰ বয়সৰ ল’ৰা কেইটায়ো আনকি তেওঁলৈ ‘ৰিমাৰ্ক পাছ’ কৰে । উদ্ধৱ শইকীয়াৰ দুখ, এই ল’ৰা কেইটাই দিনৰ দিনটো সস্তীয়া কথা আলোচনাৰে সময়বোৰ অবাবতে নষ্ট কৰাতকৈ অলপমান গঠনমূলক কামত আগ্ৰহ দেখুওৱাহেঁতেন, অলপ ভাল কথা আলোচনা কৰাহেঁতেন ….।

ওলোটা পিনে, ইমতিয়াজৰ অভিযোগ, ঘৰৰ মানুহে তাক বুজি নাপায়, তাৰ ওপৰত গুৰুত্ব নিদিয়ে । মৃগেনৰ অভিযোগ, ঘোচখোৰ দেউতাকক সি কিয় সন্মান কৰিব ? নিবেদিতাৰ অভিযোগ, নিজকে ঠিক নৰখা মাকে কোনখন মুখেৰে তাইৰ চৰিত্ৰৰ কথা কয় । কংকণৰ অভিযোগ, শিক্ষকসকলক সন্মান কৰিবলৈ তেওঁলোকে নিজকে সন্মানৰ যোগ্য কৰি ৰাখিছেনে

? হেৰম্বৰ অভিযোগ, পইচা নহ’লে যিহেতু চাকৰি নাপায় তেন্তে পঢ়াশুনা কৰি সময় নষ্ট কৰি কি লাভ ? নেকিবৰ অভিযোগ, ক্লাছত ছাৰে একো নপঢ়ায় আৰু ভাল নম্বৰ নাপালে ক’তো ছিট নাপায়,- গতিকে ল’ৰাই নকল কিয় নকৰিব ?

 

ডাঙৰ কথা এইটোৱেই যে, এই এশ এটা ক্ষোভ লৈ থকা হেম শৰ্মা ছাৰ, নীৰেন হাজৰিকা, হেমপ্ৰভা বৰুৱা, উদ্ধৱ শইকীয়াৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে । তেনেকৈয়ে বাঢ়ি গৈ আছে বৰ্তমানৰ সামাজিক প্ৰক্ৰিয়াটোৰ প্ৰতি বিতৃষ্ণা জন্মা ইমতিয়াজ, মৃগেন, নিবেদিতা, কংকণ, হেৰম্বহঁতৰ সংখ্যা ।

Generation-gapঅৰ নিমিত্তেই নতুন চামটোৱে পুৰণি চামটোৰ মূল্যবোধৰ ওপৰত গুৰুত্ব নিদিয়া অথবা পুৰণি চামটো নতুন চামটোৰ কাৰ্যকলাপত অসন্তুষ্ট হোৱা – এইবোৰ আচলতে তেনেই স্বাভাৱিক কথা; প্ৰতিখন সমাজতে প্ৰতিটো সময়তে এই সমস্যাটো থাকেই ।

 

তেনেদৰেই, প্ৰতিটো চামতে অবাটে যোৱা কিছুমান ল’ৰা-ছোৱালীও থাকে । মদ-ভাং খোৱাটো যে বেয়া কাম, পঢ়াশুনা নকৰি তিঘিলঘিলাই ফুৰাটো যে বেয়া কাম, বাটে-পথে গুণ্ডামি কৰি ফুৰাটো যে বেয়া কাম – এইবোৰ সত্যৰ উদাহৰণ হিচাপেই হয়তো প্ৰতিটো চামতে তেনেকুৱা ল’ৰা-ছোৱালী কিছুমান আমি পাওঁ । কিন্তু সমস্যা হয় এওঁলোকৰ সংখ্যাটোৱে যেতিয়া বাঢ়ি গৈ এক অভাৱনীয় ৰূপ ধাৰণ কৰে । অথবা, এই অবাটে যোৱা ল’ৰা-ছোৱালীবোৰেই যেতিয়া কাৰোবাৰ বাবে আদৰ্শ হৈ পৰে, তেতিয়াই আমি কথাবোৰ দ-কৈ চিন্তা কৰিবলৈ বাধ্য হওঁ । অসমত আজি কেইবছৰমানৰ পৰা ঠিক এনেকুৱা এটা অৱস্থাৰে

সৃষ্টি হৈছে; চহৰৰ কথাটো বাদেই, সৰু সৰু গাঁওবোৰতো এই অবাটে যোৱা উদণ্ড ডেকাল’ৰাৰ সংখ্যা বৃদ্ধি পাই গৈ আছে । সৌ সিদিনাহে প্ৰকৃতাৰ্থত জাতীয় সচেতনতা লাভ কৰা অসমীয়া জাতিটোৱে নতুন অসম গঢ়াৰ সমস্ত দায়িত্ব এই উঠি অহা পুৰুষ চামৰ ওপৰতে ন্যস্ত কৰিছিল; অকল তেওঁলোকৰ ওপৰতে ভৰসা কৰি আমি ৰাজপথলৈ আন্দোলন কৰিবলৈ ওলাই আহিছিলো । কিন্তু এই চামটোৰেই এটা বুজন সংখ্যাই এতিয়া যিদৰে অবাটে যাবলৈ ধৰিছে, ছাত্ৰ জীৱনৰ বহুমূলীয়া সময়বোৰ যিদৰে অবাবতে নষ্ট কৰিবলৈ ধৰিছে, আমি এতিয়া নতুনকৈ প্ৰশ্ন তুলিবলৈ বাধ্য হৈছোঁ যে, নতুন চামৰ ওপৰত দৰাচলতে আমি কিমান ভৰসা কৰিব পাৰোঁ । পঢ়াশুনাৰ পৰিৱেশৰ ওপৰত গুৰুত্ব নিদিয়া, শিক্ষাৰ প্ৰতি ধাউতি নথকা, সস্তীয়া সংস্কৃতিক আঁকোৱালি লোৱা এই নতুন চামটোৱে কেনেকুৱা এখন নতুন অসম গঢ়িব ?

 

দোষ কাক দিম ? নতুন চামটোক ? ঘুণে ধৰা সমাজ ব্যৱস্থাক ? নতুনক জানিবলৈ চেষ্টা নকৰা অভিভাৱক সকলক ? নে ছাত্ৰ-ছাত্ৰীৰ পথ প্ৰদৰ্শক শিক্ষকসকলক ? গোটেই কথাখিনি মুকলিমূৰীয়াকৈ আলোচনা কৰাৰ প্ৰয়োজন এইবাবেই হৈছে যে, এওঁলোকৰ ওপৰতে অসমীয়া জাতিটোৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে । নৈতিক চৰিত্ৰৰ অধঃপতন ঘটিলে অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক কোনো ক্ষেত্ৰতেই সুস্থ বাতাবৰণ গঢ়ি তুলিব পৰা নাযাব । আৰু সেয়েহে, কথাবোৰ লুকুৱাই নাৰাখি এই বিষয়ত সুস্থ জনমত এটা গঢ়ি তোলাৰ আজি খুবেই প্ৰয়োজন ।

অনেকেই এই গোটেই বিষয়টোক সম্পূৰ্ণৰূপে সাম্প্ৰতিক আন্দোলনটোৰে এটা বিৰূপ প্ৰতিক্ৰিয়া বুলি অভিহিত কৰিব খোজে । এই সিদ্ধান্তটোৰ পোষকতা কৰোঁ বা নকৰোঁ; এইটো কিন্তু ঠিক কথা যে, যদিহে এই দুয়োটা বিষয়ৰ মাজত কিবা প্ৰত্যক্ষ ধনাত্মক ( positive ) পাৰস্পৰিক সম্পৰ্ক আছে, তেন্তে তাক আত্মবিশ্লেষণৰ জৰিয়তে চালিজাৰি চোৱাটো আমাৰেই দায়িত্ব । কাৰণ, কিবা এটা বেয়া প্ৰতিক্ৰিয়া হ’ল বুলিয়েই যিদৰে আমি সুদুৰপ্ৰসাৰী জাতীয় আন্দোলনটো বৰ্জন কৰিব নোৱাৰোঁ, ঠিক তেনেদৰেই, জাতীয় আন্দোলন কৰিছোঁ বুলিয়েই আমি এই অশুভ প্ৰতিক্ৰিয়াসমূহ চকু মুদি সহ্য কৰি থাকিবও নোৱাৰোঁ । আন্দোলনটোৰ ফলাফল যুগুতোৱাৰ সময়ত লাভ আৰু লোকচান দুয়োটা দিশলৈকে চকু দিব লাগিব । আমাৰ ধাৰণা যে, বৰ্তমান আন্দোলনটোৰ সময়ত কিছুমান ক্ষেত্ৰত এচাম নতুন যুৱক-যুৱতীক অত্যধিক গুৰুত্ব দি এটা ঊৰ্ধ্বতলীয় (superficial) স্তৰলৈ লৈ যোৱা হ’ল । আগতে চাৰিআলিত জুম বান্ধি অলাগতিয়াল কথা পাতি সময় কটোৱা ল’ৰাকেইজনক আমি, যেতিয়া হঠাতে আঞ্চলিক পৰ্যায়ত আন্দোলনৰ বহুখিনি দায়িত্ব অৰ্পণ কৰিলো, তেওঁলোকৰ নিৰ্দেশতে যেতিয়া চুবুৰীটোৰ ৰাইজ আন্দোলনলৈ ওলাই আহিল, অথবা স্কুল-কলেজৰ স্তৰতো এচাম শিক্ষকো যেতিয়া হোৱাই-নোহোৱাই স্থানীয় এইকেইজনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল, তেতিয়াই আমি উতনুৱা চাম এটাক এক অদ্ভুত স্তৰলৈ

উন্নীত কৰি পেলালো । তাৰ কিছুমান ভাল ফলো আছিল । আগেয়ে কোনো সচেতনতাবোধ নথকা এটা চাম হঠাতে ব্যস্ত হৈ পৰিল – চুবুৰীয়ে, চুবুৰীয়ে বিভিন্ন স্তৰত সংগঠনমূলক কাম হ’বলৈ ধৰিলে । এটা সময়ত আনকি এনেকুৱা অৱস্থাও হৈছিল যে, আলিৰ দাঁতিত জুম বান্ধি সস্তীয়া কথা আলোচনা কৰিবলৈ কাৰো সময় নাই; কিবা যদি আলোচনা হৈছে, সেয়া

গভীৰ আলোচনা – নতুন দিল্লীৰ শোষণৰ কথা, অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথা । কিন্তু, আমাৰ যিবোৰ জাতিগত স্বভাৱ, – লাহে লাহে আমি কথাবোৰ পাহৰিবলৈ ল’লো, আগৰ সচেতনতাবোধ নোহোৱা হ’ল, আলোচনাৰ বিষয়বস্তু আগৰ স্তৰলৈ উলটি গ’ল । কিন্তু সেই ঊৰ্ধ্বতলীয়া স্তৰ এটালৈ উন্নীত হোৱা ডেকা চামটো একেদৰেই থাকিল । ল’ৰা-ছোৱালীক

অভিভাৱকে ধৰি ৰাখিব নোৱাৰা হ’ল, সিহঁতে গুৰু-গোসাঁই নমনা হ’ল, আগতে বয়সস্থজনক কেৱল বয়সৰ খাতিৰতে সন্মান কৰাৰ যিটো ৰীতি, সেইয়াই এক আচহুৱা ৰীতিত পৰিণত হ’ল । পৰীক্ষাবোলা অনুষ্ঠানটোৰ পবিত্ৰতা নষ্ট কৰাৰ ক্ষেত্ৰত, – যদিও আমি কেৱল আন্দোলন কৰা ল’ৰা-ছোৱালীয়েহে পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিছে বা আন্দোলনৰ

নেতৃবৰ্গই নকল কৰাত উদগণি যোগাইছে বুলি ক’ব নোৱাৰোঁ, – কিন্তু এইটোও সঁচা কথা যে, নতুনকৈ ছাত্ৰশক্তিৰ গুৰুত্ব উপলব্ধি কৰা অপৰিপক্ক এটা চামে সেই শক্তিৰ অপব্যৱহাৰো ঠায়ে ঠায়ে কৰিছে । আৰু, শুভাকাংক্ষীসকলৰ মনে মনে থকা কাৰ্যই সেই অপব্যৱহাৰৰ মাত্ৰা দিনক-দিনে বঢ়াই আনিছে । অসমৰ ভাগ্য নিয়ন্তাৰূপে পৰিগণিত হোৱা ছাত্ৰসমাজখনৰ তোষামোদ লাভৰ নিমিত্তে, প্ৰিয়পাত্ৰ হৈ পৰাৰ আশাত এচাম সুবিধাবাদী শিক্ষক-অভিভাৱকে আনকি এনেবোৰ কুকাৰ্যৰ বিপক্ষে মাত মাতক চাৰি, তাত উদগণিহে যোগাইছে । সেয়েহে এতিয়া আৰু কেৱল নতুন চামক দোষ দিলেই নহ’ব; তেনে

কাৰ্যত ইন্ধন যোগোৱা শক্তিবোৰক চিনাক্ত কৰাৰো সময় আহিছে ।

কিন্তু, নতুন চামৰ মাজত আমি আজি নৈতিক অধঃপতনৰ যিটো ৰূপ দেখিছোঁ, তাক সম্পূৰ্ণৰূপে কেৱল সাম্প্ৰতিক আন্দোলনটোৰ বিৰূপ প্ৰতিক্ৰিয়াৰূপেই ব্যাখ্যা কৰিব নোৱাৰি, ইয়াৰ অন্যান্য বহুত কাৰণ আছে ।সাম্প্ৰতিক আন্দোলনটো হয়তো এটা চেলুহে (pretext) আছিল; এই ব্যাধি দৰাচলতে কেতিয়াবাৰে পৰা আৰম্ভ হৈছে । অৰ্থনৈতিক নিৰাপত্তাহীনতা, পাৰিবাৰিক অশান্তি, ঘুণে ধৰা শিক্ষাব্যৱস্থা, পুৰণিকলীয়া সামাজিক মূল্যবোধ ইত্যাদি বিভিন্ন বিষয়ে এই ব্যাধিলৈ অৰিহণা যোগাই আহিছে । শিশু এটাই জন্মতে অসৎ চৰিত্ৰ এটা লৈ নিশ্চয় নাহে; ডাঙৰ হোৱাৰ লগে লগে সি যদি বিপথে পৰিচালিত হৈছে, বেয়া কথা শিকিছে, তাৰ বাবে নিশ্চয় সমাজখন, সি ডাঙৰ হোৱা পৰিৱেশটো, তাৰ অভিভাৱকসকল – এই সকলোবোৰেই দায়ী ।

চহৰ অঞ্চলত বিপথে পৰিচালিত হোৱা ডেকাচামটোৰ গঠন প্ৰক্ৰিয়াটো মন কৰকচোন ।সিহঁতৰ পাৰিবাৰিক অৱস্থা, অৰ্থনৈতিক মৰ্যাদা, শিক্ষাগত অৰ্হতা আদিৰ কিছুমান চকুত পৰা বৈশিষ্ট্য আছে । এওঁলোকৰ কিছুমানে জানে যে, তেওঁৰ দেউতাক এজন দুৰ্নীতিপৰায়ণ চাকৰিয়াল; তেওঁ দৰমহাতকৈ কেইবাগুণে অধিক ধন ঘৰলৈ আনে, তেওঁৰ অসৎ, চৰিত্ৰহীন মানুহ কিছুমানৰ সৈতে লেনদেন আছে । তেনেকুৱা এখন ঘৰত ডাঙৰ হোৱা ল’ৰা-ছোৱালীৰ কিছুমানে কথাটো একেবাৰে হজম কৰিব নোৱাৰে; গোটেই সামাজিক প্ৰক্ৰিয়াটোৰ ওপৰতে সিহঁতৰ বিতৃষ্ণা জন্মে; মাক-দেউতাকৰ পৰা, ঘৰখনৰ পৰা,

সমাজখনৰ পৰা সিহঁতে আঁতৰি থাকিব খোজে; সিহঁতে কথাবোৰ পাহৰি যাব খোজে; কিবাকিবি সেৱন কৰিবলৈ লয় আৰু তেনেকৈয়ে সিহঁতৰ জীৱনটো ধ্বংশ হৈ যায় । আনহাতে, যিকেইটা ল’ৰা-ছোৱালীয়ে কথাটো হজম কৰিব পাৰিছে, দুৰ্নীতিপৰায়ণ দেউতাকৰ কাৰ্যকলাপবোৰ সহজভাৱে ল’ব পাৰিছে, সিহঁত আকৌ অইন এটা পাকচক্ৰত সোমাই পৰে; – সিহঁতৰ বাবে নৈতিকতা বোলা কোনো এটা বস্তুৱেই নাথাকেগৈ । যেতিয়াই যিমান ধনৰ প্ৰয়োজন, তেতিয়াই সিমান সিহঁতে পাইছে আৰু গতিকেই আনন্দ কৰিছে জঘণ্য ধৰণেৰে । এইখন সমাজত যিহেতু পইচাই সকলো, গতিকে সিহঁতৰ সমস্যাও একো নাই; – পঢ়াশুনা কৰি কষ্ট কৰাৰ কোনো প্ৰয়োজন নাই । আৰু যিহেতু তেনেকুৱা এখন সমাজ ইতিমধ্যে আছেই, গতিকে অসৎ চৰিত্ৰৰ হ’লেও সেইখন সমাজত সিহঁতে মৰ্যাদা পাবই । কিন্তু এই শ্ৰেণী ল’ৰাৰে ভয়ানক ‘demonstration effect’ এটা আছে । মধ্যবিত্ত শ্ৰেণীৰ ল’ৰা কিছুমান বন্ধুত্বৰ আলমতে কেতিয়াবা এনেকুৱা শ্ৰেণী এটাত সোমাই পৰে । ফলস্বৰূপে সিহঁত নিজৰ অৱস্থানৰ কথা পাহৰি গোটেই ডেকা বয়সটো সম্পূৰ্ণ অইন এখন জগতত সোমাই পৰেগৈ

। জীৱনত যেন কোনো সমস্যায়েই নাই; – সস্তীয়া কথাৰ আলোচনাৰে সিহঁতে পৰিতৃপ্তি লাভ কৰিছে, লগৰ ধনী ল’ৰাৰ পইচাৰে মাজে মাজে জীৱনটো ‘উপভোগ’ কৰিছে আৰু সিহঁতৰ লগতে খোজ মিলাই পঢ়াশুনা জলাঞ্জলি দিছে; – কিন্তু সময়ে তাক এদিন যেতিয়া নিজৰ প্ৰকৃত অৱস্থানলৈ নামি আহিবলৈ বাধ্য কৰাব, সেইদিনা তাৰ কঁকাল ইমান বেয়াকৈ ভাগিব যে, পুনৰাই থিয় দিবলৈ শক্তি নাপাব । দুখৰ কথা এয়ে যে, চহৰ অঞ্চলত বিপথে যোৱা অধিকাংশ ল’ৰায়েই এইটো শ্ৰেণীৰ ।

 

সস্তীয়া হিন্দী চিনেমাৰ প্ৰভাৱৰ কথাটো আমি নিশ্চয় বিতংভাৱে আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই । মাথোন এইটোকে ক’ব পাৰি যে, নিকৃষ্ট মানদণ্ডৰ ইংৰাজী উপন্যাস কেইখনৰ কথাতো বাদেই, ঘৰুৱা যেন লগা হিন্দী চিনেমা কেইখনতো যেতিয়া সদ্য প্ৰাপ্তবয়স্ক ল’ৰাজনে নায়িকাৰ নগ্ন দেহৰ পূৰ্ণ প্ৰয়োভৰ তথা সস্তীয়া যৌন সম্ভোগৰ দৃশ্যবোৰ দেখিবলৈ পায়, ল’ৰাজনৰ ঠিক ধাৰণা এটা হয়, সিহঁতক যেন জোৰকৈ প্ৰাপ্য বস্তু কিছুমানৰ পৰা আঁতৰাই ৰখা হৈছে । বাস্তৱ জীৱন আৰু ৰূপালী পৰ্দাৰ মাজত থকা আকাশ-পাতাল প্ৰভেদক সিহঁতে সহজভাৱে ল’ব নোৱাৰে । তাতে আকৌ সিহঁতে

পশ্চিমীয়া দেশবোৰৰ কথাও ঘুনুকঘানাককৈ শুনিবলৈ আৰম্ভ কৰে । আৰু সেয়েহে, এই উপভোগবোৰৰ পৰা আঁতৰাই ৰখা সামাজিক নীতি-নিয়মবোৰ সিহঁতে সুবিধা পালেই ভাঙিবলৈ চেষ্টা কৰে; frustrationঅলৈ আহি নকৰিবলগীয়া কাম কিছুমান কৰে । তেনেদৰেই মাৰপিট কৰিব নজনা হিৰ’ হয়তো সিহঁতে আজিলৈকে হিন্দী চিনেমাত দেখাই নাই; – গতিকে সেই

কাৰ্যবোৰকো জীৱনৰ অপৰিহাৰ্য অংগ বুলি গ্ৰহণ কৰিবলৈ লয় । এইখিনিতে এইটো মনকৰিবলগীয়া যে, ভাৰতবৰ্ষৰ অইন ঠাইবোৰৰ তুলনাত অসমত এতিয়াও যৌন সংক্ৰান্ত অপৰাধৰ মাত্ৰা যথেষ্ট কম । কিন্তু উঠি অহা ল’ৰা-ছোৱালীবোৰৰ মনত জন্ম লোৱা ওপৰত উল্লেখ কৰা সংঘাতটো কিবা উপায়েৰে যদি এতিয়াই ৰোধ কৰিব পৰা নাযায়, তেন্তে অসমৰ চহৰবোৰতো হয়তো এদিন দিল্লী-বোম্বাইৰ নিচিনাকৈ পীড়ন, বলাৎকাৰ আদি প্ৰায় নৈত্য-নৈমিত্তিক ঘটনাত পৰিণত হ’বগৈ । এতিয়া কথাটো কিবা অসম্ভৱ, অবাস্তৱ যেন লাগে; কিন্তু দিল্লী-বোম্বাইৰ বাসিন্দাসকলেও নিশ্চয় বিশ বছৰ আগতে আজিৰ এই

অৱস্থাটোৰ কথা কল্পনা কৰিব পৰা নাছিল । সেয়েহে কৈছোঁ, অইনৰ অভিজ্ঞতাৰ পৰা আমি শিক্ষা লোৱা উচিত । এই যে লুকাই-চুৰকৈ ব্লু-ফিল্ম চোৱাৰ ঢৌ এটা আহিছে, বা তেনে জাতীয় কাৰ্যকলাপৰ মাত্ৰা যে বৃদ্ধি পাইছে, – এই নতুন ঢৌবিলাকত উটি-ভাহি যোৱা ডেকা চাম যে অপৰাধ সংক্ৰান্তত সদায়েই নপুংসক হৈ থাকিব, সেই গেৰাণ্টি কিন্তু কোনেও দিব নোৱাৰে । আৰু, এই নতুন ঢৌৰ সন্মুখত যোৱাকালিলৈকে আমাৰ প্ৰয়োজন পূৰাই অহা প্ৰচলিত সামাজিক বান্ধোনবোৰ আজি যে আৰু কৰ্মক্ষম হৈ থকা নাই, তাকো উপলব্ধি কৰাৰ সময় আহিছে ।

অভিভাৱক সকলে নিজ ল’ৰা-ছোৱালীৰ প্ৰতি থকা দায়িত্ব ঠিক মতে পালন কৰিছেনে ? অথবা নতুন দৃষ্টিৰে ডাঙৰ হোৱা ল’ৰা-ছোৱালীবোৰক আমি বুজিবলৈ চেষ্টা কৰিছোনে ?কটন মহাবিদ্যালয়ৰ ছাত্ৰ শ্ৰীকংকণ গগৈয়ে আমাক এই বুলি পৰামৰ্শ দিছিলঃ “চৰকাৰে প্ৰাপ্ত বয়স্কক পৰিয়াল পৰিকল্পনাৰ শিক্ষা দিয়াৰ নিচিনাকৈ মাক-দেউতাকক আজিকালিৰ ল’ৰা-ছোৱালী কিদৰে ডাঙৰ-দীঘল কৰিব লাগে, তাৰ শিক্ষা দিয়াৰ প্ৰয়োজন ।” আমি আগতেই কৈছো, Generation-gap এটা নতুন শব্দ নহয় । অনিবাৰ্য এই ব্যৱধানটো ন্যুনতম কৰাৰ উপায় এইটোৱেই যে, দুয়োটা চামেই পৰস্পৰক বুজিবলৈ চেষ্টা কৰিব

লাগিব । আমাৰ অধিকাংশ অভিভাৱকেই ল’ৰা-ছোৱালী কেনেকৈ ডাঙৰ-দীঘল কৰিব লাগে নাজানে । খোৱা-বোৱা, পিন্ধা-উৰাৰ যোগান ধৰা আৰু স্কুললৈ ল’ৰা-ছোৱালী পঠিওৱাতে আমাৰ দায়িত্ব শেষ বুলি ভাবোঁ । বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে ল’ৰা-ছোৱালীৰ অনুসন্ধিৎসুতাও বৃদ্ধি পাইছে । আগৰ দৰে আৰু ডাঙৰে কৈছে বাবেই সিহঁতে কথাবোৰ মানি নলয়; কথাই পতি সিহঁতে যুক্তিৰ বিচাৰ কৰে । গোসাঁই থাপনাত মূৰ দোঁৱাবলৈ ক’লে সি ওলোটাই প্ৰশ্ন কৰে, ভগৱান ? ভগৱান যে আছে, তাৰ প্ৰমাণ কি ? কিন্তু সৰহভাগ অভিভাৱকেই তাৰ প্ৰশ্নৰ মনঃপূত উত্তৰ দিব নোৱাৰে । ফলত সি ভাবিবলৈ ধৰে,

মাহঁতৰ দিনৰ মূল্যবোধবোৰ হয়তো কিছুমান অযুক্তিকৰ ধাৰণাৰ ওপৰতহে প্ৰতিষ্ঠিত । অৱচেতন মনেৰেই সিহঁতে আগৰ চামটোক হেয়জ্ঞান কৰিবলৈ আৰম্ভ কৰে; ফলত ডাঙৰৰ পৰা সিহঁতে একো শিকিব নোৱাৰা হৈ যায় । অথচ, সকলো বস্তুৰে ভাল-বেয়া বিচাৰ কৰিব পৰা বয়সো সিহঁতৰ হোৱা নাই; – গতিকে নিজৰ মতে চলিবলৈ গৈ সিহঁত আজি বিপথে পৰিচালিত

হৈছে । সেয়েহে অভিভাৱক সকলৰ দায়িত্ব আজি কিছু বাঢ়িছে; নিজে অলপ কষ্ট কৰি হ’লেও ল’ৰা-ছোৱালীৰ অনুসন্ধিৎসু মনটোক সন্তুষ্ট কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাব লাগে ।

ল’ৰা-ছোৱালীৰ সৈতে ভয়ৰ সম্পৰ্ক এটা স্থাপন কৰাতকৈ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক এটা বজাই ৰাখিও যে ল’ৰা-ছোৱালী শাসন কৰিব পাৰি, সেইটো কথাও উপলব্ধি কৰা দৰকাৰ । এটা বয়সত ল’ৰা-ছোৱালীক জোৰকৈ পঢ়া মেজত বহুওৱাটো প্ৰয়োজনীয়; অইন এটা বয়সত কিন্তু সেই একেটা কাৰ্যই বিপৰীত ফল দিব পাৰে । আৰু কম বয়সৰ ল’ৰা-ছোৱালীৰ আগত

কেনে কথা আলোচনা কৰা উচিত, সেই বিষয়েও সচেতন হোৱা প্ৰয়োজন । আমি স্কুলত পঢ়াৰ সময়ত কোনোবা দিনা ছাৰে অকাৰণতে কোবোৱাৰ কথা ঘৰত উনুকিয়াওতে ওলোটাইহে ডাবি খাইছিলো – ‘ছাৰে নিশ্চয় ভালৰ কাৰণেহে মাৰিছে !’ আমাৰ অভিভাৱক সকলৰ সেইটো মনোবৃত্তিত কিছু ভুল নিশ্চয় আছিল । কিন্তু আজিকালিৰ অভিভাৱকে যে কণ কণ

ল’ৰা-ছোৱালীৰ আগতে সিহঁতৰ শিক্ষকৰ অভিজ্ঞতা, যোগ্যতা আদি সম্বন্ধে প্ৰশ্ন তুলি সমালোচনা কৰে, সেই কাৰ্যই ল’ৰা-ছোৱালীবোৰৰ কিন্তু প্ৰভূত ক্ষতিসাধন কৰিছে, -সৰুৰে পৰাই সিহঁতৰ শিক্ষক বোলা শ্ৰেণীটোৰ প্ৰতি সন্মান, সেই শ্ৰেণীটোৰ ওপৰত ভৰসা ইত্যাদি নোহোৱা হৈ যায় । ফলত, শিক্ষক শ্ৰেণীটোৰ পৰা যে অনেক শিকিব পাৰি, সেইটো সিহঁতে মানি ল’বলৈ টান পায় । আৰু সময়ৰ লগে লগে ল’ৰা-ছোৱালীক দিয়া স্বাধীনতাৰ পৰিমাণ অলপকৈ হলেও বৃদ্ধি কৰিবই লাগিব, – তাৰ অন্যথা নাই । ‘আমাৰ দিনত এইটো কৰা নাছিলো বাবে এতিয়া তহঁতেও কৰিব নোৱাৰ’- এই যুক্তিটো দৰাচলতে

সকলো ক্ষেত্ৰতে নাখাটে । আনহাতে, কলেজীয়া জীৱনৰ বতাহ লাগি উপভোগৰ বাবেই অপৰিপক্ক, সস্তীয়া প্ৰেম কৰা বুলি প্ৰেম-সংক্ৰান্ত আটাইবোৰ ঘটনাকে সৰলীকৃত কৰাৰ যিটো মনোবৃত্তি, সেইটো কিমান সুস্থ, সেয়াও এটা ডাঙৰ প্ৰশ্ন ।

Generation-gap সন্দৰ্ভত উঠি অহা চামটোৱেও কিছুমান কথা মন কৰা উচিত। অভিভাৱকসকলে নিৰ্দিষ্ট সামাজিক মূল্যবোধ এটাৰ মাজত ডাঙৰ-দীঘল হৈ অহাৰ নিমিত্তেই হঠাৎ এৰাতিৰ ভিতৰতে তেওঁলোকৰ চিন্তাধাৰাবোৰ সলনি হোৱাৰ আশা কৰাটো ভুল । আৰু, কিছুমান কথা আছে যিবোৰ বয়সৰ অভিজ্ঞতাইহে শিকায়; গতিকে বয়সৰ নিমিত্তেই সন্মান দেখুওৱাৰ যিটো ৰীতি, সেইটো একেবাৰে অসময়োপযোগী নিশ্চয় নহয়। সৌজন্যবোধ বোলা বস্তুটো আজিকালি নতুন চামটোৰ বাবে শিষ্টাচাৰৰ পৰিবৰ্তে কাৰোবাক ভালৰি লগোৱাৰ উপায় এটাতহে পৰিণত হৈছেগৈ,- কেৱল প্ৰয়োজনত অহা বয়সিয়ালকেইজনকহে সৌজন্য দেখুওৱা হয়; অচিনাকি বয়োবৃদ্ধকেইজনক হয়তো বুঢ়া আঙুলি দেখুৱাবলৈকো আমি

কুণ্ঠাবোধ নকৰোঁ । আচাৰ-ব্যৱহাৰ ইত্যাদিবোৰক সম্পূৰ্ণৰূপে জলাঞ্জলি দিয়া ঠিক যান্ত্ৰিক সভ্যতা এটা আমি কোনেও নিশ্চয় নিবিচাৰোঁ । সেয়েহে, সামাজিক মূল্যবোধৰ পৰিবৰ্তন দাবী কৰাৰ সময়ত কিছুমান মূল্যবোধ যে ঐতিহ্যৰ ৰূপতেই বজাই ৰখা প্ৰয়োজন; তাক নতুন চামে উপলব্ধি কৰিবলৈ শিকক ।

শিক্ষাব্যৱস্থায়েই যিহেতু নতুন চামটোক গঢ় দিয়ে, গতিকে তেওঁলোক আজি যদি বিপথে পৰিচালিত হৈছে, তেন্তে তাৰ বাবে প্ৰচলিত শিক্ষাব্যৱস্থাটোকো নিশ্চয় দায়ী সাব্যস্ত কৰিব লাগিব । জনশক্তি পৰিকল্পনাৰ ( Man power planning ) ওপৰত কোনো গুৰুত্ব নিদিয়া সম্পূৰ্ণ চাকৰিমুখী এই শিক্ষাব্যৱস্থাই অসমৰ গাঁৱে-ভূঁয়ে আজি হেজাৰ হেজাৰ শিক্ষিত নিবনুৱাৰ সৃষ্টি কৰিছে;- তেওঁলোকে চাকৰিৰ বাহিৰে অইন একো কথাই চিন্তা কৰিব নোৱাৰে । আৰু সীমিতসংখ্যক চাকৰিৰ পিছে পিছে দৌৰি হতাশা আৰু ব্যৰ্থতাৰে জৰ্জৰিত হৈ এওঁলোকৰ বহুতৰে পদস্খলন ঘটিছে । তেনেদৰে, সীমিত শিক্ষাৰ

পৰিসৰৰ পৰিপ্ৰেক্ষিতত প্ৰতিযোগিতাত পিছ পৰি যোৱাকেইজনে হীনতাৰ মানসিক অন্তৰ্দ্বন্দ্বত ভুগিছে । পঢ়িবলৈও নাই, চাকৰিও নাই – এনেধৰণে ঘৰখনৰ বোজা হৈ থকা কেইজনে মদ-ভাং খাই সমস্যাবোৰ পাহৰি থাকিব খুজিছে; সস্তীয়া, যৌনগন্ধী আলোচনাৰ এখন অদ্ভুত জগতত সোমাই থাকি শামুকৰ দৰে নিজকে নিৰাপদ অনুভৱ কৰিছে ।

আনহাতে অসমৰ যিকোনো বৃত্তিজীৱী শিক্ষাৰ মহাবিদ্যালয়তে যদি অইন শিক্ষানুষ্ঠানতকৈ ৰাগীয়াল দ্ৰব্য সেৱনৰ মাত্ৰা বেছি, অসামাজিক উপভোগৰ মাত্ৰা বেছি, তেনেহ’লে তাৰ মূলতেই আছে তেওঁলোকৰ মাজৰ কিছু ছাত্ৰৰ মনত ভৱিষ্যৎ

নিৰাপত্তাৰ নিশ্চয়তা আৰু এক অদ্ভুত মূল্যবোধে প্ৰদান কৰা তথাকথিত সামাজিক মৰ্যাদা । গুৱাহাটীৰে বৃত্তিজীৱী শিক্ষাৰ জনৈক ছাত্ৰই খেদ কৰি আমালৈ লিখিছিল, “গাঁৱৰ ঘৰত আধা পেটে থকা মা আৰু ভনী দুজনীৰ কথা চিন্তা কৰি থকাৰ সময়ত ওচৰৰ ৰুমটোত মোৰে লগৰ কেইজনমানে মদ খাই, জুৱা খেলি পইচাৰ শ্ৰাদ্ধ কৰা ঘটনাবোৰ দেখি, সিহঁতৰ মুখৰ পৰা ওলোৱা অশ্ৰাব্য শব্দবোৰ শুনি মই কেতিয়াবা হিংস্ৰ হৈ পৰোঁ । কিন্তু কাপুৰুষৰ দৰে মনে মনে থাকোঁ ।” এইয়া যে কোনো কল্পিত উপন্যাসৰ পাতৰ পৰা তুলি দিয়া উদ্ধৃতি নহয়, সেয়া আপুনি নিজে যিকোনো নিশা নিজ চকুৰে চাই আহিবগৈ

পাৰে । এনেধৰণৰ নৈতিক অধঃপতনৰ বাবে দোষ কাক দিম ? প্ৰতিবছৰে যে এইদৰে অজস্ৰ ফুলকুমলীয়া ছাত্ৰৰ চৰিত্ৰ ধ্বংস হৈ গৈ আছে, তাৰ বাবে তেওঁলোকে নিজে সৃষ্টি কৰা পৰিৱেশটোও দায়ী নহয় জানো ? ব্যক্তিগত সমস্যাক লৈ, জীৱিকাৰ সমস্যাক লৈ মূৰ ঘমাবলগীয়া নোহোৱা এই ভাগ্যবান কেইজনৰ বাৰু এশ এবুৰি সমস্যাৰে জৰ্জৰিত জাতিটোৰ

প্ৰতি, সমাজখনৰ প্ৰতি কোনো দায়িত্ব নাই নেকি ?

সৰু সৰু চহৰ বা গাঁৱলীয়া পৰিৱেশত ডাঙৰ হোৱা ডেকা চামে এটা Social dualism-অৰ সমস্যাত ভোগে । গাঁৱলীয়া সমাজৰ এক ৰক্ষণশীল পৰিৱেশত ডাঙৰ হোৱা এওঁলোকে দুখোজ বাহিৰলৈ ওলাই আহিয়েই যেতিয়া চহৰৰ আদব-কায়দাবোৰ দেখে, তেতিয়া তেওঁলোক এক অদ্ভুত মানসিক অন্তৰ্দ্বন্দ্বৰ সন্মুখীন হয়ঃ ইমানদিনে গাঁৱৰ ঘৰত শিকি অহা নাপায়, নকৰিবি – জাতীয় নিৰ্দেশবোৰৰ সকলোবোৰেই শুদ্ধ আছিলনে ? নগৰীয়া জীৱনত দেখোন এইবোৰৰ কোনো অস্তিত্বয়েই নাই ! হঠাতে নতুন বহুত কিবাকিবি পোৱাৰ অদ্ভুত আনন্দত এটা চামে সংযম হেৰুৱাই পেলায়; দুই নাৱত দুই ভৰি দিয়া অৱস্থাতে ডেকা বয়সটো অতিবাহিত কৰিবলগীয়া হোৱাত তেওঁলোকৰ ক’তো থিতাপি লগাব নোৱাৰা অৱস্থা হয়গৈ । অৱশ্যে এইটো এটা নতুন সমস্যা নহয়; বেজবৰুৱাৰ দিনতো সেই সমস্যা আছিল, এতিয়াও আছে । কিন্তু সমস্যাটোৰ আতিশয্য হয়তো এতিয়া বৃদ্ধি পাইছে । ভিতৰুৱা ঠাইৰ পৰিপ্ৰেক্ষিতত সমস্যাটো আলোচনা কৰোঁতে এইটো মন কৰিবলগীয়া যে সেইবোৰ ঠাইৰ উচ্চ শিক্ষা লাভ কৰা আটাইবোৰ মেধাৱী ছাত্ৰয়েই বাহিৰলৈ গুছি আহি নগৰত থিতাপি ল’লেহি;

পূজা-বিহুত ঘৰলৈ যোৱাতেই তেওঁলোকৰ গাঁওখনৰ সৈতে সম্পৰ্ক । ফলত, এইবোৰ অঞ্চলত সেই ষষ্ঠমান শ্ৰেণীলৈকে পঢ়া, চাৰিবাৰ মেট্ৰিক ফেল কৰি বহি থকা ডেকাহঁতৰ আধিপত্য বাঢ়িল;- কাৰণ মেধাৱী ছাত্ৰসকল ওলাই গুছি অহাৰ পাছত শিক্ষিত বুলিবলৈ থাকিল তেওঁলোকেই । গাঁৱৰ বুঢ়়া-মেথাসকলেও তেওঁলোকক সন্মান কৰি চলে; কাৰণ নগৰৰ পৰা অহা চিঠিখন পঢ়ি শুনাবলৈ, দৰ্খাস্তখন লিখিবলৈ, তেওঁলোককহে অনুৰোধ কৰিবলগীয়া হয় । ফলত এই ডেকা চামৰ ভাল-বেয়া বিচাৰ কৰিবলৈ কোনো নোহোৱা হ’ল; অথচ, সীমিত জ্ঞানৰ পৰিসৰৰ নিমিত্তে তেওঁলোকে নিজেও ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে । পঢ়াশুনাও নাই, কাম-বনো নাই; গতিকে বেয়া কথা চিন্তা-চৰ্চা কৰিবলৈ অজস্ৰ সময় । অলপ পইচা পালেই তেওঁলোকে নগৰলৈ আহি সস্তীয়া চিনেমা চাইছে, নামঘৰৰ এচুকত জুৱা খেলিছে, মদ খাইছে ! এই উতনুৱা ডেকাচামটোৱেই নগৰীয়া জীৱনৰ দূষিত বতাহ গাঁৱলৈ কঢ়িয়াই লৈ গ’ল । আজি যদি ভিতৰুৱা গাঁওবোৰত অবাটে যোৱা উতনুৱা ডেকাৰ সংখ্যা বৃদ্ধি পাইছে, তেওঁলোকৰ অৰাজকতাত গাঁৱৰ ৰাইজ তিষ্টিব নোৱাৰা হৈছে, তেন্তে তাৰ বাবে দোষ দিম উচ্চ শিক্ষা লাভ কৰি ওলাই গুচি অহা সেই চামটোক – যিয়ে ক্ষন্তেকৰ বাবে হ’লেও এবাৰ পিছলৈ উলটি নাচালে ।

An idle brain is a devil’s workshop বোলা যিশাৰী সাধাৰণ উক্তি, সেই কথাষাৰ আমাৰ উঠি অহা ডেকা চামৰ ক্ষেত্ৰত বোধকৰোঁ সুন্দৰভাৱে প্ৰযোজ্য । পাঠ্যক্ৰমৰ কিতাপৰ বাহিৰে অইন কিতাপ-পত্ৰৰ সৈতে কোনো সম্পৰ্ক নথকা, তথা কেৱল পৰীক্ষাৰ বাবেহে পঢ়াশুনা কৰা আমাৰ ছাত্ৰ-ছাত্ৰীসকলে অপৰ্যাপ্ত পৰিমাণে আজৰি সময় পায় ।আনহাতে, খেলাধুলাকে ধৰি অন্যান্য কাৰ্যাৱলী এক সীমিত সংখ্যক ছাত্ৰ-ছাত্ৰীৰ মাজত আবদ্ধ হোৱা হেতুকেই আমাৰ ল’ৰা-ছোৱালীবোৰে ভাবিয়েই নাপায় – আজৰি সময়খিনি কেনেকৈ কটাব । আজৰি সময়খিনিত তেওঁলোকক যদি অইন কিবা কামত ব্যস্ত ৰাখিব পৰা

গ’লহেঁতেন, তেতিয়া হ’লে হয়তো তেওঁলোকে নিজেই এই বেয়া চিন্তা-চৰ্চাবোৰৰ পৰা আঁতৰি থাকিলহেঁতেন । উদাহৰণস্বৰূপে, এই কথাটো আমি আগতেই উল্লেখ কৰিছোঁ যে, সাম্প্ৰতিক আন্দোলনটো ভৰপক অৱস্থাত থকাৰ সময়ত এই ল’ৰা-ছোৱালীবোৰ আন্দোলনৰ বিভিন্ন কামত ব্যস্ত হৈ থকাৰ ফলতে চাৰিআলিৰ দাঁতিত জুম বান্ধি সস্তীয়া কথা আলোচনা কৰা ল’ৰাৰ সংখ্যা প্ৰায় নোহোৱাই হৈ গৈছিল । গতিকে, এওঁলোকৰ এই অপৰ্যাপ্ত আজৰি সময়খিনি আমি কিবা সুদূৰপ্ৰসাৰী সংগঠনমূলক কামত ব্যৱহাৰ কৰিব নোৱাৰো জনো ? চাহ দোকান, পাণ দোকানৰ গুমটিটোৰ ওচৰত জুম বান্ধি গধূলিৰ পাছত গধূলি অবাবতে কটাই দিয়া ডেকা ল’ৰা কেইজনে বাৰু এই গধূলি সময়ত ওচৰৰে স্কুলখনৰ ৰুম এটা খুলি লৈ চুবুৰীৰে সৰু সৰু ল’ৰা-ছোৱালীৰ পঢ়াখিনিকে অলপ চাই দিব নোৱাৰেনে ? বা, সৰু সৰু ল’ৰা-ছোৱালী কেইটাৰ লগতো কিবা অলপ ভাল কথা আলোচনা কৰিব নোৱাৰেনে ? এই কাৰ্যই সৰু সৰু ল’ৰা-ছোৱালীবোৰকো ব্যস্ত কৰি ৰাখিব আৰু নতুন

পাঠ্যক্ৰমবোৰৰ সৈতে আচহুৱা হৈ পৰা অভিভাৱকসকলকো যথেষ্ট সকাহ দিব । জালুকবাৰীৰ পৰা নিতৌ পাণবজাৰলৈ আদ্দা দিবলৈ অহা ছাত্ৰসকলে সপ্তাহটোৰ অন্ততঃ দুটা গধূলি যদি ওচৰৰ গাঁৱৰ ল’ৰা-ছোৱালীকেইটাৰ সৈতে কটালেহেঁতেন, তেনেহ’লে এই ল’ৰা-ছোৱালীকেইটাৰ বহু উপকাৰ কৰা হ’লহেঁতেন; আৰু আজৰি সময়খিনিও সুন্দৰভাৱে অতিবাহিত হৈ গ’লহেঁতেন ।

আজৰি সময় মানেই যে সস্তীয়া কথা আলোচনাৰে অতিবাহিত কৰা সময়, সেইটোতো নহয় ! আজৰি সময়ত আমি পুথিভঁৰালটোলৈকে গৈ বাতৰি কাকতখন বা ভাল আলোচনী এখনকে পঢ়িব নোৱাৰোঁ জানো ? পাণবজাৰৰ চাৰিআলিটোতকৈ পুথিভঁৰালৰ reading roomটো আজৰি সময় কটাবৰ বাবে অধিক উপযুক্ত ঠাই নহ’লহেঁতেন নে ? অথবা, আমি একগোট হৈ কিবা খেলাধূলাকে কৰিব নোৱাৰোঁ জানো ? মাজতে যে সমূহীয়া ব্যায়াম, কুচকাৱাজ কৰাৰ ঢৌ এটা উঠিছিল, সেইবোৰ এতিয়া ক’লৈ গ’ল ? অইন নালাগে, চুবুৰীৰ ল’ৰা-ছোৱালীকেইটাই নিজৰ ঘৰতে ৰখা আলোচনী-বাতৰিকাকত কেইখন গোটাই আনি গধূলি কাৰোবাৰ চোতালত বহি সেইবোৰকে সলনাসলনিকৈ পঢ়াৰ পৰিৱেশ এটা গঢ়ি তুলিব পাৰে । নিজৰ মাজতে অনানুষ্ঠানিক আলোচনা চক্ৰ পাতি সাময়িক ঘটনাবোৰ আলোচনা কৰিব পাৰে । এই সৰু সৰু কামবোৰ কৰাৰ

প্ৰয়োজন এই কাৰণেই হৈছে যে, আমাৰ কণ কণ ল’ৰা-ছোৱালীৰ চামটোক আজৰি সময়খিনিৰ সদ্ব্যৱহাৰ কৰিবলৈ উপায় কিছুমান দিব লাগিব; যাতে সিহঁতেও এদিন চাৰিআলিৰ দাঁতিত ককায়েকহঁতে খালী কৰা ঠাইখিনি পূৰাবলগীয়া নহয় । কিন্তু আড্ডা দিয়াটো এটা বেয়া অভ্যাস বুলিও আমি ক’ব খোজা নাই;- মাত্ৰ তাত স্থান পোৱা সস্তীয়া আলোচনাবোৰৰ কথাহে কৈছো । সদায় গোট খোৱা ডেকা ল’ৰা কেইজনে নিজৰ চিন্তাৰ পৰিসৰৰ ভিতৰতে সমসাময়িক ঘটনাবোৰ, জাতীয় সমস্যাবোৰ- এইবোৰ আলোচনা কৰিব নোৱাৰে জানো ? আৰম্ভণিতে নিশ্চয় এই জাতীয় আলোচনাই ছোৱালী বা হিন্দী চিনেমাৰ সন্দৰ্ভত হোৱা আলোচনাৰ দৰে আড্ডা জমাব নোৱাৰিব; কিন্তু লাহে লাহে ল’ৰাহঁতে এই গভীৰ আলোচনাবোৰতো নতুন সোৱাদ এটা পাব;- আড্ডা আগৰ দৰেই জমি উঠিব । কলিকতাৰ চুবুৰীয়ে চুবুৰীয়ে গধূলি চাহ দোকানত আধাকাপ চাহ লৈ ডেকা ল’ৰাৰ যিবোৰ আড্ডা বহে, অথবা দিল্লীৰ কফি হাউছত ঘণ্টাৰ পাছত ঘণ্টা ধৰি যিবিলাক আড্ডা বহে, সেইবোৰৰ বহুততে বিভিন্ন আলোচনাই ঠাই পায়,- আড্ডাৰ পৰা উভতি আহোঁতে বহু ল’ৰা অলপ জ্ঞানী হৈ আহে, নতুন কিবা ভাল কথা শিকি আহে । তেনেকুৱা আড্ডা কিছুমান আমাকো লাগে;- নতুন চামটোক এটা গতিশীলতা প্ৰদান কৰিবলৈ ।

 

ছাত্ৰ আৰু শিক্ষকৰ মাজৰ সম্বন্ধৰ প্ৰশ্নটোৱেও আজি এটা ডাঙৰ সমস্যাৰূপে দেখা দিছে । ছাত্ৰ-শিক্ষকৰ মাজত যি এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক থকাৰ দৰকাৰ, সেইটো আজিকালি অতি কম শিক্ষানুষ্ঠানতহে দেখা যায় । সৰুতে পঢ়াশালিত কিছুমান শিক্ষকৰ কঠোৰ ব্যৱহাৰৰ নিমিত্তেই নেকি পাছলৈ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকক অন্তৰৰ পৰা ভক্তি কৰিবলৈ পাহৰি যায় । শিক্ষক শ্ৰেণীত সোমোৱাৰ সময়ত ইচ্ছাৰ বিৰুদ্ধে ভৰি দুখনত তিনিটামান ভাঁজ লগাই থিয় দি তেওঁক যিদৰে সন্মান জনাওঁ, তাতেই আমাৰ এই মানসিকতা ফুটি উঠে । ফলত, শিক্ষকসকলৰো মন দি পঢ়ুওৱাৰ আগ্ৰহটো কমি আহে। উদাসীন মনোবৃত্তিৰে তেওঁলোক শ্ৰেণীলৈ আহে, ছাত্ৰই বুজিছেনে নাই তালৈ কাণ নকৰি পঢুৱাবলগীয়াখিনি পঢ়ুৱাই থৈ গুছি যায় । ছাত্ৰ-ছাত্ৰীৰ অসন্তুষ্টিৰ মাত্ৰাও বাঢ়ি যায়; তেওঁলোকে শিক্ষকক অসন্মান কৰিবলৈ ধৰে, নতুন কথা শিকাৰ আগ্ৰহেৰে শ্ৰেণীলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি আহে । শিক্ষক-ছাত্ৰৰ পৰস্পৰৰ প্ৰতি এই উদাসীনতাই vicious cycle অৰ ৰূপত কাৰ্য কৰে,- আৰু ফলত তেওঁলোকৰ মাজত ব্যৱধান ক্ৰমান্বয়ে বাঢ়ি যায়,- যিটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰভূত ক্ষতিসাধন কৰে। শিক্ষক-ছাত্ৰৰ মাজত এটা সুস্থ সম্বন্ধ নথকাৰ বাবেই নতুন চামৰ চৰিত্ৰ গঠনত শিক্ষানুষ্ঠানে যি ভূমিকা আজি ল’ব লাগিছিল, সেই ভূমিকা আজি ল’ব পৰা নাই । প্ৰাথমিক স্কুল পৰ্যায়ৰ সময়ছোৱাতে যিবোৰ ধাৰণা আমাৰ মগজুত সোমাই, সেইবোৰ পাছত

কেতিয়াও আঁতৰ কৰিব নোৱাৰি; অৱচেতন অৱস্থাত হ’লেও পাছৰ বয়সতো আমি সেইবোৰ ধাৰণাৰেই পৰিচালিত হওঁ । সেয়েহে এই পৰ্যায়ৰ শিক্ষক নিৰ্বাচনত আমি অতি সচেতন হোৱা উচিত । কিন্তু বাস্তৱ ক্ষেত্ৰত এইসকল শিক্ষকেই হয়তো সবাতোকৈ অৱহেলিত । পাৰিবাৰিক সমস্যাৰে জৰ্জৰিত এওঁলোকে স্কুলত মন দি ছাত্ৰ-ছাত্ৰীৰ যত্ন ল’ব নোৱাৰে; আৰু আনহাতে অভিভাৱকসকলে ল’ৰা-ছোৱালী স্কুললৈ পঠিয়ায়েই দায়িত্ব শেষ হ’ল বুলি ভাবি হাত সাৱটি বহি থাকে । ফলস্বৰূপে, গুৰিতেই পঁয়া লগা এই ছাত্ৰ-ছাত্ৰীসকলক পাছলৈ উচ্চ পৰ্যায়ত ভাল শিক্ষকেও পোনকৈ থিয় কৰাব নোৱাৰে ।

আজিকালি সমগ্ৰ অসমজুৰি বিভিন্ন মহিলা অনুষ্ঠান, সংগঠনৰ অস্তিত্বৰ কথা আমি বাতৰি কাকতৰ দীঘলীয়া বিবৃতিবোৰৰ জৰিয়তে জানিবলৈ পাওঁ । এই ‘সমাজসেৱী’ মহিলা সংগঠনবোৰে বাৰু বিপথে যোৱা ল’ৰা-ছোৱালীবোৰক নিজৰ ল’ৰা-ছোৱালী জ্ঞান কৰি তেওঁলোকক শুধৰাবলৈ সংগঠনমূলক আঁচনি ক

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Nion
5 years ago

লেখাটো সময়োপযোগি হৈছে | বাষ্তৱিক প্ৰাসংগিকতা আছে |

Anonymous
4 years ago

Comment text..সঁচাই বৰ জটিলতাৰ মাজলৈ গৈ আছো আমিবোৰ ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক