পৰাগ কুমাৰ দাসৰ নিৰ্বাচিত ৰচনাৱলী

গণতান্ত্ৰিক মূল্যবোধ আৰু ৰাজনৈতিক সহনশীলতা

 

ৰাজ্যখনৰ ক’ৰবাত এটা ৰাজনৈতিক হত্যাকাণ্ড সংঘটিত হ’ল । যোৱা কেইটামাহত আমাৰ নিমিত্ত হৈ পৰা এটা যেন সাধাৰণ নিত্য-নৈমিত্তিক ঘটনা-কাৰোবাৰ সৈতে ৰাজনৈতিক আদৰ্শৰ অমিল ঘটা অথবা এটা সময়ত ছবছৰীয়া আন্দোলনটোৰ বিৰোধিতা কৰা কোনোবা ব্যক্তিক বা তেওঁৰ পৰিয়ালৰ কাৰোবাক আততায়ীয়ে গুলীয়াই হত্যা কৰিলে । চৰকাৰে লগে লগে তদন্তৰ ঘোষণা কৰিলে, অচিৰেই প্ৰকৃত দোষীক বিচাৰি উলিয়াই শাস্তি বিহা হ’ব বুলি আশ্বাস দিলে । বিভিন্ন সংগঠনে গতানুগতিকভাৱে সমূহীয়াকৈ শোক প্ৰকাশ কৰিলে, হিংসাত্মক কাৰ্যৰ নিন্দা কৰিলে । কিন্তু লাহে লাহে ভাব হৈছে, আমি অনেকেই যেন অৱচেতন মনত ক্ৰমান্বয়ে এই কাৰ্যবোৰৰ সমৰ্থন কৰিবলৈ লৈছোঁ-“আমাৰ বিৰোধিতা কৰিছিলা নহয়, এতিয়া ফলটো পালা !”

        -ঠিক এনেকুৱা এটা যেন ভাব। ৰাজনৈতিক হত্যাকাণ্ড এটাক আমি আগতকৈ বহুত সহজভাৱে ল’ব পৰা হ’লো; – আমি ক’ব নোৱৰাকৈয়ে জাতীয় জীৱনত হিংসাক যেন লাহে লাহে প্ৰশ্ৰয় দিবলৈ আৰম্ভ কৰিছোঁ । কিন্তু প্ৰশ্ন হ’ল, এইবোৰৰ শেষ ক’ত? আজি আমি গঢ়ি তোলা হিংসাৰ পৰিবেশটোৱে কাইলৈ আমাৰেই অনিষ্ট নাসাধিব জানো ? এইটো এটা সমস্যাৰ সমাধানৰ পথ হ’ব পাৰে জানো? আমাৰ সৈতে ৰাজনৈতিক মতভেদ হোৱা ফুল কুমলীয়া যুৱক এজনক হত্যা কৰিলোঁ যেনিবা; কিন্তু তেওঁৰ আদৰ্শক ? কোনোবা এটা গোটৰ সৈতে ভাৱৰ অমিল ঘটিলেই যদি প্ৰাণ দিবলগীয়া হয়, তেন্তে দেশখনৰ এটা চামে ইমান ত্যাগৰ বিনিময়ত গণতন্ত্ৰক প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজনেই  বা কি আছিল ? স্বৈৰতন্ত্ৰৰ সৈতে আমাৰ পাৰ্থক্যই বা কি থাকিল ?

        পূৰ্বৱৰ্তী কংগ্ৰেছী কুশাসনৰ আমোলত প্ৰবল প্ৰতাপী চৰকাৰী যন্ত্ৰটোৱে সৰ্বসাধাৰণ ৰাইজৰ ব্যক্তিগত স্বাধীনতা তথা ৰাজনৈতিক মতামত বিনিময়ৰ সাংবিধানিক অধিকাৰসমূহৰ প্ৰতি সামান্যতমো সৌজন্য নেদেখুৱাই ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ নিমিত্তে ৰাজ্যখনত সৃষ্টি কৰা সন্ত্ৰাস আৰু অৰাজকতাৰ পৰিবেশটো বিভিন্ন  মহলত গণতন্ত্ৰপ্ৰেমী ব্যক্তি তথা গোষ্ঠীৰ দ্বাৰা কঠোৰভাৱে সমালোচিত হোৱাটো পৰিলক্ষিত হৈছিল । চৰকাৰত থকা দলটোৰ ৰাজনৈতিক অভিলাষ পূৰণৰ নিমিত্তেই সমস্ত আৰক্ষী বিভাগটোৰ অপব্যৱহাৰেৰে ৰাজনৈতিক প্ৰতিদ্বন্দীবিলাকক মষিমূৰ কৰি যি এক বিভ্ৰান্ত মানসিকতা দিছপুৰত ফুটি উঠিছিল, তাৰ শীঘ্ৰেই অৱসান ঘটাটো তেতিয়া আমি সকলোৱে মনে-প্ৰাণে কামনা কৰিছিলোঁ । কাৰণ, শাসনত থকাসকলৰ মাজত তেনে এটা মনোবৃত্তি অব্যাহত থাকিলে ৰাজ্যখনৰ গণতান্ত্ৰিক পৰিবেশ নষ্ট হৈ বিহাৰ আদিৰ দৰে সন্ত্রাসযুক্ত ৰাজনৈতিক মূল্যবোধ এটাৰ গৰাহত পৰাৰ আশংকা সকলোৱে কৰিছিলোঁ ৷ অৱশ্যে সময়ত গৈ কংগ্রেছী চৰকাৰখনে তেনে এক সন্ত্রাসযুক্ত পৰিবেশৰ সংপৃক্ত অৱস্থা এটাৰ সৃষ্টি কৰি নিজৰ মৃত্যু নিজেই চপাই আনিলে, — পৰিকল্পিতভাৱে আৰক্ষী বিভাগটোৰ অপব্যৱহাৰেৰে ৰাজ্যখনত গঢ়ি তোলা অৰাজকতা প্রতিক্রিয়াই অৱশেষত স্রষ্টাকেই মষিমুৰ কৰি পেলালে ৷ যোৱাবছৰৰ সাধাৰণ নিৰ্বাচনত কংগ্রেছী শাসনৰ অন্ত পেলাই গণ পৰিষদৰ চৰকাৰ গঠিত হোৱাৰ মুহূৰ্তত আমি সকলোৱে অন্ততঃ এইটো আশা কৰিছিলোঁ, পূৰ্বৱতী চৰকাৰ অগণতান্ত্রিক দমন নীতিৰ সোৱাদ পোৱা নতুন নেতৃবৰ্গই নিজৰ তিক্ত অভিজ্ঞতাৰ ভিত্তিতেই এইবাৰ নিশ্চয় ৰাজ্যখনত গণতান্ত্রিক মূল্যবোধ পুনৰায় প্রতিষ্ঠা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব, —আইন শৃংখলাৰ পৰিবেশ বজাই ৰাখি প্রতিজন নাগৰিকৰে ব্যক্তি স্বাধীনতা আৰু ৰাজনৈতিক চিন্তা-চৰ্চাৰ অধিকাৰ সাব্যস্ত কৰি ৰাজ্যখনৰ ৰাজনীতিত বহু আকাংক্ষিত সহনশীলতাৰ খেলুৱৈসুলভ মনোবৃত্তি এটাৰ জন্ম দিব ৷ নতুন নেতৃবৰ্গৰ পৰা আমি ইমানখিনি আশা কৰিছিলোঁ এইবাবেই যে তেওঁলোকৰ ৰাজনৈতিক জন্মই হৈছিল সংগ্রাম আৰু শাসকগোষ্ঠীৰ স্বেচ্ছাচাৰিতাৰ মাজত ৷ কিন্তু পৰিতাপৰ বিষয় এইয়ে যে, যোৱা দহটা মাহত নতুন চৰকাৰখনৰ এক অন্যতম বিফলতা হৈছে ৰাজ্যখনত গণতান্ত্রিক মূল্যবোধ আৰু আইন-শৃংখলা বজাই ৰখাৰ ব্যৰ্থতা ৷ ইটোৰ পাছত সিটোকৈ হোৱা ৰাজনৈতিক হত্যাকাণ্ডবোৰ , শাসনত থকা দলটোৰ ৰজনৈতিক দৰ্শনৰ সৈতে নিমিলাসকলৰ ওপৰত বিভিন্ন জোৰ-জুলুম আৰু এই সকলোবোৰৰ ক্ষেত্রতেই দিছপুৰৰ নিষ্ক্রিয়তাই ৰাজখনৰ গণতন্ত্রপ্রেমী ৰাইজক আজি হতচকিত কৰি তুলিছে ৷ ৰাজ্যখনত ইমান ডাঙৰ এটা ৰাজনৈতিক পৰিবৰ্তন হোৱাৰ পাছতো জনতাৰ মাজৰ পৰাই শাসনলৈ অহা সকলে গণতান্ত্রিক মূল্যবোধক পুনৰায় প্রতিষ্ঠা কৰিব নোৱাৰাটো সঁচাকৈয়ে এক অবুজ সাঁথৰ ৷ ৰাইজৰ মাজৰ পৰা ওলাই অহা নেতৃবৰ্গয়ে আজি গণতান্ত্রিক মূল্যবোধৰ প্রতি যিদৰে অৱহেলাসূচক মনোবৃত্তি প্রদৰ্শন কৰিছে , সিয়েই আমাৰ জাতীয় জীৱনলৈ সন্ত্রাসযুক্ত ৰাজনৈতিক সংস্কৃতিৰ আমদানিৰ পথ সুচল কৰি পেলাইছে ৷ এই ধাৰা অব্যাহত হৈ থাকিলে ভবিষ্যতে হয়তো এদিন গোটেই জাতিটোৰ পৰিবৰ্তনৰ অন্তৰ্নিহিত শক্তি চিৰদিনলৈ নিঃশেষ হৈ যাব ৷

গণতান্ত্রিক প্রক্রিয়া এটাত , বিভিন্ন বিষয়ৰ ওপৰত ব্যক্তি বিশেষে ভিন্ন মত প্রতিষ্ঠা হোৱাটো তেনেই স্বাভাৱিক কথা ৷ আমাৰ জাতীয় জীৱনত লাহে লাহে গা-কৰি উঠা দুৰ্নীতিৰ পৰিবেশটোৱে ক্ষুদ্র স্বাৰ্থৰ খাতিৰত সমাজবিৰোধী কৰি তোলা ব্যক্তি বিশেষক নিয়ন্ত্রণত ৰখাৰ কথাটো অইন বিষয় , কিন্তু প্রত্যেক ব্যক্তিৰে নিজস্ব আদৰ্শ তথা মতামত নিৰ্ভীকভাৱে প্রকাশ কৰাৰ যি গণতান্ত্রিক অধিকাৰ , তাক নিশ্চয় আমি কোনেও নুই কৰিব নোৱাৰোঁ ৷ কিন্তু , যোৱা ছবছৰীয়া গণ আন্দোলনটোৰ মাজেৰে জন্ম হোৱা নেতৃবৰ্গৰ , বিশেষকৈ তেওঁলোকৰ দ্বিতীয় শ্রেণীটোৰ আচৰণত এনে এটা ভাৱ স্পষ্ট হৈ উঠিছিল যে পাঠ্যপুথিত আলোচিত গণতান্ত্রিক অধিকাৰবোৰ কেৱল তেওঁলোকৰ মতৰ সৈতে মিল থকাসকলৰ নিমিত্তেহে প্রযোজ্য, আৰু সেইখিনি মানুহৰ গণতান্ত্রিক অধিকাৰৰ হকে মাত মতাটোৱেই তেওঁলোকৰ একমাত্র কৰ্ত্তব্য ৷ সেইসময়ত দিছপুৰৰ শাসকবৰ্গই চলোৱা অগণতান্ত্রিক কাৰ্যকলাপৰ বিৰুদ্ধে আমাৰ নেতৃবৰ্গই অতি সফলতাৰেই প্রতিবাদ জনাইছিল; কিন্তু ৰাইজক তথা উঠি অহা চামটোক গণতান্ত্রিক মূল্যবোধ তথা ৰাজনৈতিক সহনশীলতাৰ শিক্ষা দিয়াৰ প্রয়োজনীয়তা এওঁলোকৰ কোনেও উপলব্ধি নকৰিলে ৷ জাতীয় আন্দোলনটো মষিমূৰ কৰিবৰ নিমিত্তে দিছপুৰে তেতিয়া চলোৱা দমন নীতিত অতীষ্ঠ হৈ পৰা সৰ্বসাধাৰণ ৰাইজে আন্দোলনৰ বিৰোধিতা কৰা সকলৰ বিৰুদ্ধে এক বিৰূপসূচক মনোবৃত্তি গ্রহণ কৰাটো হয়তো স্বাভাৱিক আছিল ;- এই পৰিপ্রেক্ষিতত ৰাইজক নেতৃত্ব দিয়াসকলৰ কৰ্ত্তব্য আছিল সেই মনোবৃত্তিক হিংসাত্মক আক্রোশলৈ পৰিবৰ্তিত হ’বলৈ নিদি শান্তিপূৰ্ণ আৰু গণতান্ত্রিক প্রক্রিয়াৰে তাক বহিৰ্ভূত কৰাটো ৷ কিন্তু আন্দোলনৰ নেতৃত্বত থকা জনাবুজা মানুহখিনিৰ আশ্চৰ্যজনক নীৰৱতা আৰু পাবত গজা দ্বিতীয়শ্রেণীৰ নেতৃবৰ্গৰ উচটনিত তাৰ সম্পূৰ্ণ ওলোটাটোহে কাৰ্যত পৰিণত হ’ল ৷ সেই সময়ছোৱাত শাসকগোষ্ঠীটোৱে চলোৱা বিভিন্ন গণতান্ত্রিক কাৰ্যকলাপৰ লগতে আমাৰ নিজৰো অনেক অগণতান্ত্রিক কাৰ্যই বিভিন্ন সময়ত গান্ধীবাদী আন্দোলনটোৰ গাত চেকা পেলাইছিল ৷ তথাপিতো আন্দোলনৰ নেতৃত্বৰ শীৰ্ষস্থানত থকা সকলৰ উদাৰ দৃষ্টিভংগীৰ ওপৰতে ভৰষা কৰি যোৱাবছৰ নতুন চৰকাৰ গঠন হোৱাৰ সময়ত আমি সকলোৱে আশা কৰিছিলোঁ যে এওঁলোকে নিশ্চয় অচিৰেই চৰকাৰী পৰ্যায়ত ৰাজনৈতিক সহনশীলতা আৰু গণতান্ত্রিক আদৰ্শ প্রদৰ্শন কৰি আৰু ৰাজ্যখনত আইন-শৃংখলা অটুট ৰাখি জনজীৱনলৈ সেই আদৰ্শবোৰ সম্প্রসাৰিত কৰিব ৷ কিন্তু পৰিতাপৰ বিষয় এয়ে যে ক্ষমতালৈ অহাৰ পিচত তেওঁলোকৰ অনেকেই এতিয়া পূৰ্বৰ ৰাজনৈতিক প্রতিদ্বন্দ্বিতাক আক্রোশসূচক মনোবৃত্তিৰে গ্রহণ কৰা যেনহে পৰিলক্ষিত হৈছে ৷ তেনেদৰে ,  যোৱাবছৰ নিৰ্বাচনত কোনো এটা বিশেষ দলৰ হৈ প্রতিদ্বন্দ্বিতা কৰি পৰাস্ত হৈ পূৰ্বৰ কৰ্মক্ষেত্রলৈ উভতি যোৱাজনক আমি সাদৰেৰে গ্রহণ কৰিছোঁ , কিন্তু অইন কোনোবা দলৰ হৈ প্রতিদ্বন্দ্বিতা কৰি পৰাস্ত হোৱাজনক পূৰ্বৰ কৰ্মক্ষেত্রত গ্রহণ কৰাটোতো দূৰৈৰ কথা সামাজিক জীৱনতে তেওঁক পুনৰ স্থান দিবলৈ কুণ্ঠাবোধ কৰিছোঁ ৷ প্রকৃতপক্ষে , সামাজিকভাৱে অনিষ্টকাৰী লোক এজনক এনেদৰে বৰ্জন কৰাৰ কথাটো বেলেগ , কিন্ত্তু ‘সুস্থ’ গণতান্ত্রিক নিৰ্বাচন এটাত আমি সমৰ্থন কৰা দল এটাৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰাৰ বাবেই কাৰোবাক সামাজিক জীৱনত গ্রহণ নকৰাটো এক ল’ৰামতীয়া মানসিক বিভ্রান্তিৰ হে পৰিচয় মাথোন ৷ যোৱাবছৰ নিৰ্বাচনত অংশগ্রহণ কৰাটোও যদি সামাজিক অপৰাধ হ’ব পাৰ , তেন্তে সেই নিৰ্বাচনটোও বৈধ আৰু গণতান্ত্রিক হ’ব নোৱাৰে ; ৰাইজক এনেদৰে বুজাব পৰা মানুহৰো আজি প্রয়োজন হৈছে ৷

পূৰ্বৱৰ্তী কংগ্রেছ চৰকাৰৰ দিনত বিভিন্ন পৰ্যায়ত সমস্ত আৰক্ষী বিভাগটোৰ সক্রিয় অপব্যৱহাৰেৰে ৰাজ্যখনত এক অৰাজকতাৰ পৰিবেশ গঢ়ি তোলা হৈছিল ;- বিভিন্ন অঞ্চলৰ আৰক্ষী চকীবোৰত নিযুক্ত বিষয়াসকলে কাৰ্যতঃ চৰকাৰত থকা ৰাজনৈতিক দলটোৰ অভিকৰ্তা (agent) হিচাপে কাৰ্যনিৰ্বাহ কৰি বিৰোধী ৰাজনৈতিক মতাৱলম্বীসকলৰ জীৱন দুৰ্বহ কৰি পেলাইছিল ৷ তাৰ বিপৰীতে , বৰ্তমানৰ চৰকাৰটোৰ দিনত আৰক্ষী বিভাগটোক একেবাৰে নিষ্ক্রিয় আৰু নিস্তেজ কৰি ৰাখি সমাজবিৰোধী শক্তিবোৰক অৰাজক অৱস্থা এটাৰ সৃষ্টি কৰিবলৈ দিয়াৰ নিচিনাহে হৈছেগৈ ৷ দিছপুৰত ৰাইজৰ শাসন প্রৱৰ্তন হোৱা কথাটোৰে ওলোটা অৰ্থ বুজিলৈ ৰাইজৰ মাজৰ এটা অংশই আইন-শৃংখলা পৰ্যন্ত নিজৰ হাতলৈ অনাৰ যি মানসিকতা ক্রমান্বয়ে স্পষ্ট হৈ উঠিছে , সেইয়া কেতিয়াও কোনো গণতন্ত্রপ্রেমী নিমিত্তেই গ্রহণযোগ্য হ’ব নোৱাৰে ৷ দিছপুৰত নতুন চৰকাৰ এটা গঠন হোৱাৰ পাছত ছবছৰীয়া  আন্দোলনটোৰ সময়ত স্বেচ্ছাচাৰিতাৰ শীৰ্ষ বিন্দুত উপনিত হোৱা আৰক্ষী বিভাগটো আপোনা আপুনি সংযত আৰু নিস্তেজ হৈ পৰাটো স্বাভাৱিক আছিল ৷ সেই পৰিপ্রেক্ষিতত নতুন চৰকাৰৰ প্রথম  কৰ্তব্য আছিল তৎপৰতাৰে বিভাগটোক পুনৰায় সুস্থ আৰু সক্রিয় কৰি তুলি তাক প্রণালীবদ্ধ প্রক্রিয়া এটাৰ মাজত ৰখা , – যাতে ভবিষ্যতে কোনেও ৰাজনৈতিক উদ্দেশ্যত বিভাগটোৰ অপব্যৱহাৰ কৰিব নোৱাৰে ৷ কিন্তু আৰম্ভণিৰে পৰাই পাবত গজা দ্বিতীয় শ্রেণীৰ উচটনি আৰু আক্রোশসূচক মনোবৃত্তিৰ প্রভাৱতে হয়তো চৰকাৰৰ তৰফৰ পৰা আৰক্ষী বিভাগটোক পুনৰায় সুস্থকৈ গঢ়ি তোলাৰ কোনো প্রচেষ্টা চলোৱা  নহ’ল ৷ আন্দোলনটোৰ সময়ত কিছুমান বিষয়াৰ স্বেচ্ছাচাৰিতাৰ নিমিত্তেই এতিয়া গোটেই আৰক্ষী বিভাগটোকে পূৰ্বৱৰ্তী শাসক দলটোৰ অংশ হিচাপে গণ্য কৰি সকলো ক্ষেত্রতে তাৰ অস্তিত্ব উলাই কৰাৰ প্রবৃত্তি এটা জনমানসত গঢ়ি তুলিবলৈ সমাজ বিৰোধী শক্তি কিছুমানে চলোৱা প্রচেষ্টাত চৰকাৰে নীৰৱতা অৱলম্বন কৰা যেনহে পৰিলক্ষিত হৈছে ৷ চৰকাৰী দলটোৰ স্থানীয় পৰ্যায়ৰ নেতা আৰু পালি-পহৰীয়া সকলৰ মইমতালিৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো নোহোৱা হ’ল ৷ আন্দোলনটো চলি থকা সময়ত কেৱল মাত্র আন্দোলনকাৰী সকলৰে গণতান্ত্রিক অধিকাৰ চিন্তা কৰাতেই হয়তো নেতৃবৰ্গই দায়ি্ত্ব সীমাবদ্ধ কৰি লৈছিল ; কিন্তু সেই নেতৃবৰ্গয়ে চৰকাৰ গঠন কৰাৰ পিচত এতিয়া আৰু কেৱল এটা বিশেষ গোটৰ ৰাজনৈতিক তথা গণতান্ত্রিক স্বাধীনতাৰ কথা ভাবিলেই নহ’ব ;- শাসনত থকা দলটোৰ আদৰ্শক সমৰ্থন কৰা-নকৰা সকলোৰে বাক্ স্বাধীনতাকে আদি কৰি বিভিন্ন মৌলিক অধিকাৰবোৰ অক্ষুন্ন ৰাখিব পৰাটোতহে প্রকৃত গণতান্ত্রিক চৰকাৰৰ সফলতা নিৰ্ভৰ কৰিছে ৷ হিংসা আৰু প্রতিশোধৰ পৰিবেশৰ মাজত গণতন্ত্র কেতিয়াও জীয়াই থাকিব নোৱাৰে ৷ চৰকাৰত থকা দলটোৰ ভাবাদৰ্শৰ সৈতে কাৰোবাৰ মতৰ অমিল ঘটিলেই যদি তেওঁ প্রাণৰ সংশয় লৈ দিন কটাবলগীয়া হয় , সেই পৰিবেশে চৰকাৰৰ বিফলতাৰহে নিৰ্দেশ দিয়ে৷ কোনোবা ৰাজনৈতিক দলৰ ভাবাদৰ্শ আমাৰ চকুত অনিষ্টকাৰী যেন লাগিব পাৰে ;- কিন্ত্তু গণতন্ত্রত তাৰ প্রত্যুত্তৰ হিংসা হ’ব নোৱাৰে ৷ ক্ষমতাত থকাসকলৰ ৰাজনৈতিক সহনশীলতা অইনতকৈ বেছি হোৱাহে উচিত ;- কাৰণ তাৰ অন্যথাই ক্ষমতাৰ অপব্যৱহাৰেৰে গণতান্ত্রিক পৰিবেশ অধিক কলুষিত হোৱাৰ সম্ভাৱনা ৷ ৰাজ্যখনত যোৱা কেইমাহত ইটোৰ পিচত সিটোকৈ সংঘটিত ৰাজনৈতিক হত্যাকাণ্ডবিলাক আৰু প্রতিটো ক্ষেত্রত আৰক্ষী বিভাগৰ নিষ্ক্রিয়তাৰ ফলত প্রকৃত দোষী বিচাৰি উলিওৱাৰ ব্যৰ্থতাই নতুন চৰকাৰটোৰ শুভাকাংক্ষীসকলক সঁচাকৈয়ে চিন্তিত কৰি তুলিলে ৷ সিদিনাখন গুৱাহাটীত সংঘটিত হৈ যোৱা ৰাজনৈতিক হত্যাকাণ্ডটোৰ তদন্ত সন্দৰ্ভত বিভিন্ন মহলে ৰাজ্যচৰকাৰৰ আৰক্ষী বিভাগৰ পৰিৱৰ্তে কেন্দ্রীয় চোৰাংচোৱা বিভাগৰ হস্তক্ষেপ দাবী কৰিছে ৷ তেওঁলোকৰ এই দাবীত যদি কিবা ৰাজনৈতিক অভিপ্রায় নিহিত হৈ আছে সেইটো বেলেগ কথা , কিন্তু এই যে ৰাজ্যখনৰ একাংশ লোকৰ ক্রমান্বয়ে চৰকাৰ আৰু আৰক্ষী বিভাগটোৰ ওপৰত আস্থা নোহোৱা হৈ যাবলৈ ধৰিছে , সেইটো দৰাচলতে এটা অশুভ লক্ষণ ৷ নতুন চৰকাৰৰ নেতৃত্বত থকাসকলে  নিজৰ স্বাৰ্থৰ খাতিৰতে এই দিশটো গুৰুত্ব সহকাৰে বিবেচনা কৰি চোৱাটো উচিত বুলি ভাবোঁ ৷      প্রান্তিকৰ আগৰ এটা সংখ্যাত আমি সংযুক্ত সংখ্যালঘু মৰ্চাক সম্পূৰ্ণৰূপে নাকচ কৰি দিবলৈ জনসাধাৰণক আহ্বান জনাইছিলোঁ ; মৰ্চাৰ ভাবধাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছিলোঁ ৷ আৰু আজি আমি সেই একে কঠোৰ ভাষাৰেই মৰ্চাৰ সভাপতি গৰাকীৰ হত্যাকাণ্ডৰ নিন্দা কৰিব খুজিছোঁ ৷ শান্তিৰক্ষকৰ বিফলতাক গৰিহণা দিব খুজিছোঁ ৷ এশ এবুৰি সমস্যাৰে জৰ্জৰিত ৰাজ্যখনৰ দীৰ্ঘকালীন স্বাৰ্থৰ খাতিৰতে ৰাইজ আৰু চৰকাৰ উভয়ে আজি গণতান্ত্রিক মূল্যবোধ তথা ৰাজনৈতিক সহনশীলতাক অগ্রাধিকাৰ দিয়াৰ সময় আহিছে ৷

  প্ৰান্তিকৰ ১৬-৩১ অক্টোবৰ ১৯৮৬  সংখ্যাত পুৰ্বে প্ৰকাশিত ।

( লেখাটো ইউনিকোড ৰুপান্তৰ কৰিছে বৰপেটা চহৰৰ দীপাংকৰ পাঠকে। )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments