পৰাগ কুমাৰ দাসৰ নিৰ্বাচিত ৰচনাৱলী

সাহিত্য ডট্‌ অৰ্গৰ কবলগীয়াখিনি —–

বিশিষ্ট বুদ্ধিজীৱী হোমেন বৰগোহাঞিয়ে তেখেতৰ বিষয়ে এইদৰে লিখিছে — “পৰাগ কুমাৰ দাস কেৱল এজন প্ৰতিভাৱান তৰুণ সাংবাদিকেই নাছিল , তেওঁ আছিল বিৰাট পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পৰা আৰু তাৰ কাৰণে জীৱনৰ সকলো সুখ-স্বাচ্ছন্দ্য ত্যাগ কৰিব পৰা এজন সাহসী , চিন্তাশীল মানুহ”।   অসমীয়া সমাজখনৰ বাবেই দুৰ্ভাগ্যৰ কথা যে তেনে এজন ব্যক্তিকেই জীৱনৰ আদবাটতে এচাম কাপুৰুষে হত্যা কৰি আমাৰ মাজৰ পৰা আঁতৰাই পঠিয়ালে । অৱশ্যে কায়িকভাৱে পৰাগ কুমাৰ দাস আমাৰ মাজত নাথাকিলেও তেখেতৰ আদৰ্শক এচাম অসমীয়াই এতিয়াও  জীয়াই ৰাখিছে । দিন যিমানে গৈছে সিমানেই যেন পৰাগ কুমাৰ দাসৰ ৰচনাৰাজিৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে । সেয়ে হয়তো নতুন প্ৰজন্মই  কিতাপৰ দোকান , গ্ৰন্থমেলা আৰু ইণ্টাৰনেটত পৰাগকুমাৰ দাসৰ লেখা বিচাৰি চলাথ কৰিছে। প্ৰয়াত সাংবাদিকজনৰ লেখাবোৰৰ এনেধৰণৰ  গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি ভাষা-সাহিত্য সন্মিলনী অসমৰ তৰফৰ পৰা তেখেতৰ পৰিয়ালৰ ওচৰ চাপিছিলো আৰু সাহিত্য ডট্‌ অৰ্গত ধাৰাবাহিকভাৱে তেখেতৰ গুৰুত্বপূৰ্ণ তথা নিৰ্বাচিত ৰচনাৰাজি প্ৰকাশ কৰাৰ প্ৰস্তা‍ৱ দিছিলোঁ। আমাৰ এই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি প্ৰদান কৰি একেমুখেই প্ৰয়াত সাংবাদিকজনৰ পৰিয়ালে আমাক সন্মতি প্ৰদান কৰে।

ৰচনাখিনি   প্ৰকাশৰ ক্ষেত্ৰত আমাক সৰ্বতোপ্ৰকাৰে সহযোগ আগবঢ়োৱা প্ৰয়াত  পৰাগ কুমাৰ দাসৰ পৰিবাৰ পূৰবী দাস আৰু তেখেতৰ ভ্ৰাতৃ  পল্লৱ কুমাৰ দাসৰ ওচৰত আমি চিৰ-কৃতজ্ঞ।

লেখাখিনি  ইউনিক’ড ৰূপান্তৰ কাৰ্যত আমাক সহযোগ কৰিছে – মানসী গোস্বামী , দীপাংকৰ পাঠক , আবু এম পি হুছেইন, চুলতান চালেহ আহমেদ, মৃণ্ময় ৰাজখোৱা , দিব্য দত্ত আৰু  উত্পল বৰুৱাই ।

এই পৃষ্ঠাত সংযোগ কৰা পৰাগ কুমাৰ দাসৰ আবক্ষ মূৰ্তিৰ আলোকচিত্ৰখন  আমালৈ আগবঢ়াইছে অসমৰ প্ৰখ্যাত আলোকচিত্ৰ শিল্পী বিক্ৰমজিত কাকতিয়ে ।

প্ৰিয় পঢ়ুৱৈসকললৈ অনুৰোধ, ৰচনাৱলীখিনি  একাদিক্ৰমে পঢ়াৰ লগে লগে  তেখেতসকলৰ  বহুমূলীয়া মন্তব্যও  যেন  অসমীয়া  বা ইংৰাজী ভাষাত ইয়াতে  আগবঢ়ায়  ।

বিনীত,

সাহিত্য ডট্‌ অৰ্গ

————————————————————————–

চৰ অঞ্চলৰ বাস্তৱ চিত্ৰ আৰু বিদেশী সমস্যাৰ মূল্যায়ন

এম ইলিমউদ্দিন দেৱান চৰ অঞ্চলত ডাঙৰ-দীঘল হোৱা ‘ন-অসমীয়া’। ১৯৬৪ চনৰে পৰা তেওঁ অসম সাহিত্য সভাৰ সৈতে সক্ৰিয় ভাবে জড়িত হৈ আহিছে। তেওঁ ইতিমধ্যে অসমীয়া ভাষাত আঠাইশখনমান কিতাপ লিখিছে। দুই পুৰুষ ধৰি অসমতে বাস কৰা শ্ৰী দেৱানৰ বিৰুদ্ধে যোৱাবাৰ ভোটাৰ তালিকা সংশোধনৰ সময়ত “বিদেশী” বুলি অভিযোগ তৰা হৈছে, তেওঁ যে ১৯৭১ চনৰ পাছত অসমলৈ অহা নাই, সেই কথা প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত চৰ অঞ্চলৰ উদ্যোগী ডেকা মহঃ আবু তালেবে সহকৰ্মী কেইজনমানৰ সৈতে স্থানীয় মাতব্বৰ-মৌজাদাৰৰ বিৰুদ্ধে গৈও সেইবোৰ অঞ্চলত অসমীয়া ভাষাৰ সপক্ষে সভা-সমিতি পাতিছিল। সেই তালেবকে যোৱাবাৰ ওচৰৰ স্থানীয় “অসমীয়া” ৰাইজে বিদেশী বুলি অভিযুক্ত কৰাত শুনানীৰ আগত হাজিৰ হবলৈ তেওঁ অস্বীকাৰ কৰিলে।অসমত কেইবা পুৰুষো ধৰি থাকি নিজস্ব ভাষা-সংস্কৃতি ত্যাগ কৰি অসমতে জীন যোৱাৰ পাছতো সেই মানুহজন বিদেশী বুলি অভিযুক্ত হোৱাৰ বেদনা গুৱাহাটীত থাকি আমি হয়তো উপলব্ধি কৰিব নোৱাৰিম। চেনিমাৰী চাপৰিৰ ৰাইজে ১৯৭৮ চনত কামৰূপ সাহিত্য পৰিষদৰ নৱম অধিবেশন খোঁচনিৰ ধন ভাঙি ধুম-ধামেৰে পাতিছিল, কিন্তু যোৱাবাৰ এই অঞ্চলৰ প্ৰতিজন ভোটাৰৰ বিৰুদ্ধেই “বিদেশী” বুলি অভিযোগ তোলা হৈছিল। তিনিটাকৈ পুৰুষ ধৰি অসমতে থকা খংৰাৰ যুৱক মীৰ চেলিম উল্লাহ যেতিয়া চৰ অঞ্চলৰ পৰা যোৱাৰ নিমিত্তেই গুৱাহাটীৰ ছাত্ৰাবাসত হাৰাশাস্তি খাই ঘৰলৈ ঘূৰি আহিবলগীয়া হয়, তেওঁৰ পৰিয়ালৰ মানুহখিনিয়ে তেতিয়া ভাবিবলৈ বাধ্য হয়- নিজস্ব সকলো ত্যাগ কৰি “অসমীয়া” হৈ আমি কিবা ভুল কৰিলো নেকি ? হাড়ে-হিমজুৱে অসমীয়া হৈ পৰা এই মানুহখিনিক হোৱাই নোহোৱাই হাৰাশাস্তি কৰি ইচ্ছাকৃতভাৱে আজি আমি তেওঁলোকক মুলসুঁতিৰ পৰা আঁতৰাই পঠিয়াইছো। চৰ অঞ্চলত যে বিদেশী নাই সেইটো আমি ক’ব খোজা নাই, কিন্তু সেইবুলিয়ে অসমীয়া জাতি গঠনৰ কোনো সম্যক জ্ঞান নথকা উতনুৱা চাম এটাই এইবোৰ অঞ্চলৰ পুৰণি বাসিন্দাসকলৰ ওপৰতো যি মানসিক অত্যাচাৰ আৰম্ভ কৰিছে, সি একোটা সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে তাক আৰু অধিক জটিলহে কৰি তুলিছে। আৰু তাৰ ফলত লাভ হৈছে অসমবিৰোধী শক্তিবোৰৰ। নিৰাপত্তা বিচাৰি এই ন-অসমীয়া মানুহখিনি এতিয়া কাৰোবাৰ শৰণাপন্ন হ’বলৈ বাধ্য হৈছে আৰু তেনেকুৱা সুবিধাকে বিচাৰি ফুৰা ৰাজনৈতিক শক্তিবোৰে এতিয়া সেইবোৰ অঞ্চলত সুন্দৰ সংগঠন আৰম্ভ কৰি দিছে। যোৱা নিৰ্বাচনত অসম-বিৰোধী সাম্প্ৰদায়িক শক্তি কিছুমানে “অসমীয়া” অঞ্চলবোৰতো অভূতপূৰ্ব সফলতা লাভ কৰাৰ মুলতে আছিল ছবছৰে আমি কৰি অহা কিছুমান ভুল। সেই ভুলবোৰৰ এতিয়া শুধৰণি নকৰিলে অচিৰেই এনেকুৱা এটা দিন আহিব যে, বাংলাদেশ সীমান্ত সুৰক্ষিত হোৱাৰ পাছতো অসমত “বিদেশী”ৰ সংখ্যা বাঢ়িহে যাব আৰু “অসমীয়া”ৰ সংখ্যা কমি আহিব।

ছবছৰীয়া জাতীয় আন্দোলনটোৰ আৰম্ভণি পৰ্যায়ৰ সূক্ষ্ম বিশ্লেষণ এটা কৰিলে এতিয়া এই কথা আমাৰ চকুত পৰিব যে সেই অভূতপূৰ্ব জন-জাগৰণৰ মূলতে দৰাচলতে কেৱল বিদেশী নাগৰিকৰ সমস্যা নাছিল,- স্বৰাজোত্তৰ কালছোৱাত নতুন দিল্লীৰ অৱহেলা আৰু শাসনৰূপী শোষণত আৰ্থ-সামাজিকভাৱে জৰ্জৰিত হৈ স্থিতাৱস্থাৰ পৰিবৰ্তন বিচাৰিও অসমৰ জনসাধাৰণ ৰাজপথলৈ ওলাই আহিছিল। তেনেদৰে, ৰাজ্যখনত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা জনসংখ্যাৰ গুৰিতে বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ লগতে ভাৰতবৰ্ষৰ অইন ঠাইৰপৰা অবাধ গতিত হোৱা প্ৰব্ৰজনৰ কথাও অসমৰ জনসাধাৰণে উপলব্ধি কৰিছিল, আৰু সেয়েহে, আৰম্ভণিতে “বিদেশী”ৰ পৰিৱৰ্তে “বহিৰাগত” শব্দটোহে ব্যৱহাৰ কৰা হৈছিল। কিন্তু পাছলৈ আন্দোলনটোক সংবিধানৰ গণ্ডীৰ ভিতৰলৈ আনিবৰ নিমিত্তেই বিদেশী নাগৰিকৰ সমস্যাৰ ওপৰতহে অত্যাধিক গুৰুত্ব আৰোপ কৰা হ’ল আৰু অইন সমস্যাবোৰ তল পৰি গ’ল। বিদেশী নাগৰিকৰ সংখ্যাৰ কোনো চৰকাৰী তথ্য-পাতি নথকাত, আন্দোলনটোৰ যুক্তিযুক্ততা সুদৃঢ় কৰিবৰ নিমিত্তেই আমি অবৈধ প্ৰব্ৰজনকাৰীৰ আনুমানিক হিচাপ ক্ৰমান্বয়ে বঢ়াই নিলো আৰু ফলস্বৰূপে অনেক স্থায়ী বাসিন্দাকো আমি বিদেশীৰ শাৰীত পেলাবলগীয়া হ’ল। এবাৰ আন্দোলনটো আৰম্ভ কৰাৰ পাছত পিছহোঁহকাৰ প্ৰশ্ন আৰু যিহেতু নুঠে, গতিকে চক্ৰবৃদ্ধি হাৰত সেই ভুলবোৰ ক্ৰমান্বয়ে বাঢ়িহে গ’ল, ন-পুৰণি প্ৰব্ৰজনকাৰী সকলোকে একে পৰ্যায়লৈ লৈ যোৱাৰ ফলত তেওঁলোকক একগোট হ’বলৈহে বাধ্য কৰি বহুতো ক্ষেত্ৰত বিদেশী নাগৰিকৰ সমস্যাৰ গভীৰতা আমি নিজেই বৃদ্ধি কৰিলো।

কেৱল ধৰ্মৰ ভিত্তিতে সম্প্ৰদায় বিশেষক চিহ্নিত কৰি সিদ্ধান্ত আগবঢ়োৱাৰ পৃষ্ঠপোষকতা আমি নকৰোঁ যদিও ইমান দিনে কৰি অহা ভুলবোৰৰ পৰিপ্ৰেক্ষিতত এতিয়া আৰু এই দিশটো একেবাৰে এৰাই গ’লে বাস্তৱৰপৰা আঁতৰি অহাৰ নিচিনাহে হয়গৈ। স্বাধীনতাৰ পাছৰে পৰাই পমুৱা মুছলমান মানুহখিনিৰ নিৰক্ষৰতাৰ সুযোগ লৈ স্থানীয় মাতব্বৰবিলাকক অৰ্থৰ প্ৰলোভনেৰে হাত কৰি কংগ্ৰেছে যি দীৰ্ঘদিনীয়া ভোটবেংক ৰাজনীতি খেলি আহিছিল, তাৰ দ্বাৰা অসমৰ সৰ্বসাধাৰণ ৰাইজ ৰাজনৈতিক দিশত সদায় বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈ আহিছিল। এই ভোটবেংকবোৰৰ সহায়তে একো একোখন চৰকাৰ অসমৰ ৰাইজৰ সমৰ্থন নোহোৱাকৈয়ে ৰাজধানীত তিষ্ঠি থাকিছিল, আৰু ফলস্বৰূপে, মুলসুঁতিৰ মানুহখিনিয়ে প্ৰচলিত প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে সফলতাৰে ৰাজনীতি কৰাৰ কথা ভাবিবকে নোৱাৰা হৈছিল। সেয়েহে, ৰাজনৈতিকভাৱে অনিষ্টকাৰী এই ভোটবেংকবোৰ ভাঙিবৰ নিমিত্তেই অনেকেই বিদেশী নাগৰিকৰ সমস্যাৰ বিৰুদ্ধে হোৱা আন্দোলনটোক ব্যৱহাৰ কৰিব বিচাৰিছিল আৰু সেই বাবেই বাস্তৱ ক্ষেত্ৰত অসম্ভৱ বুলি জানিও বিদেশী বহিস্কাৰৰ নিমিত্তে ১৯৫১ চনৰ সময়সীমা দাবী কৰিবলৈকো কুণ্ঠাবোধ কৰা নাছিল। কিন্তু ভোটবেংকবোৰেই যদি আমি ভাঙিবলৈ বিচাৰিছিলো তেনেহ’লে তাৰ বাবে অইন ফলপ্ৰসু পন্থাও দৰাচলতে আমাৰ হাতত আছিল। পমুৱা মুছলমানসকলৰ মাজত এতিয়া তুলনামূলকভাৱে শিক্ষিত চাম ওলাই অহাৰ ফলত পূৰ্বৰ মাতব্বৰী প্ৰথা ক্ৰমান্বয়ে লোপ পাই আহিছে। উপযুক্ত সংগঠেনেৰে আমি এই নতুন শিক্ষিত চামটোৰ মাজলৈ সোমাই যাব পৰাহেঁতেন অনিষ্টকাৰী ভোটবেংকবোৰ ধ্বংস কৰাৰ লগতে নতুনকৈ হ’বপৰা অবৈধ প্ৰব্ৰজনৰ বিৰুদ্ধেও এওঁলোকক buffer হিচাপে ব্যৱহাৰ কৰিব পৰা গ’লহেঁতেন। কিন্তু তাকে নকৰি অবিবেচকী চিন্তাধাৰা কিছুমানেৰে ভোটবেংক ভাঙিবলৈ গৈ এতিয়া এওঁলোকক আমি ৰাজনৈতিক দিশৰ উপৰিও সামাজিক-সাংস্কৃতিক দিশতো আনকি মুলসুঁতিৰপৰা আঁতৰাই পঠিয়ালো। এইটো কথা এতিয়া আৰু কাৰো অবিদিত নহয় যে, ক্ৰমান্বয়ে জটিলতৰ ৰূপ লোৱা ৰাজ্যখনৰ জনসাংখ্যিক প্ৰক্ৰিয়াটোৱে আমাৰ জাতীয় অভিলাষবোৰ লাহে লাহে সীমাবদ্ধ কৰি আনিছে,- সমাগত দিনবোৰত আমি যদি ভাষিক সংখ্যাগৰিষ্ঠতা অক্ষুণ্ণ ৰাখিবলৈ বিচাৰোঁ, তেন্তে পমুৱা মুছলমানখিনিৰ সৈতে হাত মিলাবই লাগিব, আৰু যদিহে ধৰ্মীয় সংখ্যাগৰিষ্ঠতাহে বিচাৰো, তেন্তে বাঙালী হিন্দুখিনিক আকোঁৱালি ল’ব লাগিব,- উভয় পক্ষকে এৰি দি বৰ বেছি দিনলৈ আমি তিষ্টি থাকিব নোৱাৰিম। আৰু ধৰ্মনিৰপেক্ষতাৰ আদৰ্শ স্বৰূপ অসমীয়া জাতিয়ে নিশ্চয় সদায় ধৰ্মতকৈ ভাষাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিব। যদিহে সেয়ে হয় তেনেহ’লে যোৱা কেইবছৰে কৰি অহা ভুলবোৰ এতিয়া আমি হৃদয়ংগম কৰিব লাগিব, ন-পুৰণি সকলো প্ৰব্ৰজনকাৰীকে একে পৰ্যায়ত বিবেচনা কৰাৰ মানসিকতা ত্যাগ কৰিব লাগিব, আৰু তাতকৈ ডাঙৰ কথা,- এই “অসমীয়া” অঞ্চলবিলাকত এতিয়া আমি সম্প্ৰীতিৰ বাণী লৈ পুনৰ সোমাব লাগিব। তেনেদৰে, এই তথাকথিত বিদেশী-অধ্যুষিত অঞ্চলবিলাকত নতুনকৈ সোমোৱা অবৈধ প্ৰব্ৰজনকাৰীবিলাকক চিনাক্ত কৰি বহিষ্কাৰ কৰিবলৈ হ’লেও তাৰ পুৰণি মানুহখিনিক বিশ্বাসত ল’বই লাগিব। তেওঁলোকৰ সহযোগিতা নহ’লে বাহিৰৰপৰা গৈ, সৰ্বসাধাৰণ ৰাইজৰ কথাতো বাদেই, সশস্ত্ৰ আৰক্ষী বাহিনীয়েও সেইবোৰ দুৰ্গম ঠাইৰপৰা কেইজন বিদেশী ধৰি উলিয়াই আনিব পাৰিব, সেয়া সন্দেহৰ বিষয়।

চৰ অঞ্চলৰ বিষয়ে সচৰাচৰ শুনি অহা বিভীষিকাময় কথাবিলাক নিজ চকুৰে চোৱাৰ মানসেৰে আমি বৰপেটা জিলাৰ অন্তৰ্গত “বিদেশী-অধ্যুষিত অঞ্চল” ৰূপে খ্যাত চৰ কিছুমানত ভ্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিলো। তাৰ আগেয়ে আমি হাউলীলৈকে বিভিন্ন ঠাইলৈ গৈ ওচৰৰ স্থানীয় ছাত্ৰসন্থাৰ নেতাসকলৰ পৰা ওচৰৰে চৰ অঞ্চলবোৰৰ বিষয়ে তেওঁলোকৰ মতামত লৈছিলো। এইবোৰ অঞ্চললৈ, বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ চৰবোৰলৈ বাহিৰৰ মানুহৰ আহ-যাহ আগতে কেতিয়াও নাছিল। তদুপৰি যোৱা আন্দোলনটোৰ সময়ত হোৱা ভুল বুজাবুজিৰ পাছৰেপৰা তালৈ ছাত্ৰসন্থাৰ ল’ৰাৰ কথাতো বাদেই অইন মানুহ যোৱাটোও প্ৰায় সম্পুৰ্ণৰূপে বন্ধ আছিল। (ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে অৱশ্যে আজি কিছুদিন আগতে বেঁকী নৈৰ চাপৰিত সভা পাতি অহাৰ কথা আমাক জনোৱা হৈছে।) গতিকে এওঁলোকৰ পৰা আমি অইনৰ মুখে শুনি অহা কথাৰ বিৱৰণহে পাইছিলো। আমি একেবাৰে ভিতৰুৱা চৰ অঞ্চলত ৰাতি থকাকৈ যাবলৈ ওলোৱা বুলি শুনি অনেক শুভাকাংক্ষীয়ে নিৰাপত্তাৰ খাতিৰত লগত আৰক্ষী বাহিনীৰ লোক লৈ যাবলৈ বা অন্ততঃ স্থানীয় আৰক্ষী চকীত খবৰ দি যাবলৈ আমাক পৰামৰ্শ দিছিল। কিন্তু অসমৰ ভিতৰৰ কোনো ঠাইলৈ আৰক্ষী বাহিনীৰ সহায় লৈহে যোৱা কথাটো আমাৰ মনঃপুত নহ’ল, আৰু আৰম্ভণিতে পেটে-পেটে অলপ ভয় খাইছিলো যদিও, অৱশেষত আমি অকলে যোৱাৰ সিদ্ধান্তকে ল’লো। চেঙা হৈ প্ৰথমতে আমি খংৰালৈ গ’লো। ( ইয়াৰ পৰাই “বিদেশী-অধ্যুষিত অঞ্চল” আৰম্ভ হৈছে বুলি আমাক আগতে কোৱা হৈছিল।) সেই অঞ্চলৰে স্থানীয় শিক্ষক মীৰ ছাহিদ উল্লাহ ডাঙৰীয়াই আমাক কিছু ভিতৰলৈ আগুৱাই নিবলৈ গাত ল’লে। তেখেতৰ সৈতে আমি মথাউৰিৰ ওপৰেদি আৰু পথাৰৰ মাজেৰে খোজকাঢ়ি (এইবোৰ অঞ্চলত বাট-পথ একো নাই) চেনিমাৰী চাপৰিলৈ আগবাঢ়িলো। ভিতৰুৱা অঞ্চলত মথাউৰিৰ কাষে কাষে নতুন বস্তি কিছুমান দেখি সেইবোৰ নতুনকৈ অহা বাংলাদেশীৰ ঘৰ হ’ব পাৰে বুলি আমি মানুহখিনিৰ বুজ ল’লো। তেওঁলোকৰ মাজতে আমি শিঙৰীদিয়াৰ গাওঁবুঢ়া শ্ৰী চাহেব আলীক পালো। শিঙৰীদিয়া চৰটো কেইবছৰমান আগতে ব্ৰহ্মপুত্ৰ নদীয়ে খহাই নিয়াৰ ফলত অইন বাসিন্দাৰে সৈতে তেৱোঁ আহি মথাউৰিৰ দাঁতিত অস্থায়ীভাৱে থাকিবলৈ লৈছে। আগৰ চৰটো এতিয়া আকৌ উঠিছে, চৰকাৰে মাটিবোৰ চমজাই দিলেই তেওঁলোক পুৰণা গাঁৱলৈ উভতি যাব। অইন মানুহখিনিও কিমান পুৰণা জানিবৰ মনেৰে ইচ্ছাকৃতভাৱে আমি অসমীয়াত কথা পাতি চালো; নিভাঁজ অসমীয়াতে তেওঁলোকে আমাৰ উত্তৰ দিলে। বাহিৰৰ পৰা দেখিলে কিন্তু সেই বস্তিবোৰ নতুনকৈ অহা বাংলাদেশীৰ ঘৰ যেনহে লাগে।

চেনিমাৰী চাপৰিত প্ৰথমতে আমি আজাদ মেমৰিয়েল হাইস্কুলখনলৈ গ’লো। ল’ৰা-ছোৱালীবোৰে তাত নিভাঁজ অসমীয়া ভাষাত পাঠ লৈ আছে। ১৯৬২ চনত স্থাপিত হোৱা এইখন স্কুলতে আজি কেইবছৰমান আগতে কামৰূপ সাহিত্য পৰিষদৰ অধিৱেশন বহিছিল, এতিয়া এইবোৰ ঠাইলৈ যাবলৈ মুলসুঁতিৰ “অসমীয়া” মানুহে ভয় কৰে। আমাৰ উপস্থিতিত প্ৰথমতে তেওঁলোক কিছু ইতস্ততঃ বোধ কৰিছিল যদিও পাছত একেবাৰে সহজভাবে বহি লৈ মনৰ কথাবোৰ এফালৰ পৰা কৈ গৈছিল।

“আমাৰ বাবাহঁত যেথান ইয়াক গেলি আহিছিল, চেঙা-বহৰিৰ অসমীয়া গিলানে খেৰ-বাঁহ দি সহায় কৰিছিল। খেতি-বাতি কৰিবলৈ পৰামৰ্শ দিছিল। এতিয়া তাহুনৰ ছলিগিলানেই আমাক বিদেশী বুলি কয়, খেদি দিবা খোজে।”-গাঁৱৰ আদহীয়া এজনে এইবুলি আমাৰ আগত দুখ কৰিলে। ওচৰৰ “অসমীয়া” গাঁওবোৰৰ সৈতে আগতে এওঁলোকৰ আহ-যাহ আছিল, সদ্ভাৱৰ সম্পৰ্ক এটা আছিল। আজিকালি আৰু সেইবোৰ নাই। ১৯৮৩ চনত ধুমুহাই ক্ষতিগ্ৰস্ত কৰা চেঙা গাঁওবাসীৰ সাহায্যাৰ্থে চেনিমাৰী চাপৰিৰ ৰাইজে খেৰ-বাঁহ আদি লৈ গৈছিল, চেঙাৰ ৰাইজে কিন্তু “বিদেশী”ৰ সাহায্য গ্ৰহণ নকৰোঁ বুলি সেইবোৰ ওভতাই পঠিয়ালে। “আমাৰ নিজস্ব সকলো ত্যাগ কৰি অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি তিনিটা পুৰুষ ধৰি অসমতে জীন যোৱাৰ পাছতো আগতে আমি আছিলো ’ন-অসমীয়া’ আৰু এতিয়া হ’লোগৈ ’বিদেশী’। পুৰুষানুক্ৰমে আমি যিমানেই আপোনালোকৰ ওচৰ চাপিব খুজিছো, সিমানেই আপোনালোকে আমাক আঁতৰ কৰিহে পঠিয়াইছে।”- আজাদ মেমৰিয়েল হাইস্কুলৰ শিক্ষক আবু চৈয়দে এইবুলি আমাৰ আগত খেদ কৰিলে।

চেনিমাৰীৰ পৰা আমি নাও এখন লৈ ভিতৰুৱা চৰ বিলাকলৈ গ’লো। এইবোৰ অঞ্চলত পুৰ্ববংগীয় পমুৱা মুছলমানৰ বাহিৰে অইন মানুহ পাবলৈ একেবাৰেই নাই। ১৮৪৭ চনত ’পাইনা জাহাজ’ৰ (ভাপৰ জাহাজ) চলাচল আৰম্ভ হোৱাৰে পাছৰে পৰা পুৰ্ববংগৰে বহুতো ভুমিহীন কৃষকে অসমলৈ আহি ব্ৰহ্মপুত্ৰ নৈৰ পাৰে পাৰে বাস কৰিবলৈ আৰম্ভ কৰে। ১৮৯২ চনত আসাম-বেংগল ৰেল লাইন স্থাপিত হোৱাৰ পাছত ৰেলেৰেও এনেকুৱা বহুতো মানুহ অসমলৈ আহিছিল। স্থানীয় অসমীয়া মানুহবিলাকে তেতিয়া মেলেৰিয়াৰ প্ৰকোপ আৰু বন্য জন্তুৰ পৰা ৰক্ষা পাবৰ নিমিত্তে ওচৰৰ অটব্য বন-জংঘলবোৰ পৰিস্কাৰ কৰি এনেকুৱা মানুহ বহাত উৎসাহহে যোগাইছিল। ১৯১২ আৰু ১৯৪৩ চনত পুৰ্ববংগত হোৱা আকাল আৰু ভূমিকম্পৰ সময়ত অসমলৈ অহা এনেকুৱা মানুহৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়। তাৰ পাছৰেপৰা শাসক দলটোৱেও সস্তীয়া ভোটবেংকৰ আশাত এওঁলোক অহাত উদগনি জনাইছিল। এওঁলোক মুলতঃ কৃষিজীৱী হোৱা হেতুকেই এই প্ৰব্ৰজন মধ্যবিত্ত চাকৰীমুখী অসমীয়া শ্ৰেণীটোৰ স্বাৰ্থৰ সংঘাতলৈ অহা নাছিল। তেনেদৰে এওঁলোকে যিবোৰ ঠাইত বসবাস কৰিবলৈ লৈছিল, আমাৰ কৃষিজীৱী শ্ৰেণীটোৱেও তেনেকুৱা ঠাইত খেতি-বাতি কৰাৰ কথা ভাবিব নোৱাৰিছিল। আনকি এতিয়াও পমুৱা মুছলমানসকলে যিবোৰ চৰ-চাপৰিত দুৰ্বহ জীৱন যাপন কৰি আছে সেইবোৰ ঠাইৰপৰা তেওঁলোকক খেদি পঠিওৱাৰ পাছত তালৈ গৈ সেই পৰিবেশৰ সৈতে যুঁজি বসবাস কৰিবলৈ মুলসুঁতিৰ কেইজন মানুহ ওলাব, সেয়া এটা ডাঙৰ প্ৰশ্ন। এনোবোৰ কাৰণতে এই গোটেই প্ৰব্ৰজন প্ৰক্ৰিয়াটোৱেই বহুদিনলৈ আমাৰ দৃষ্টিত একেবাৰে শীতল ৰূপতেই থাকি গ’ল। তেনেদৰে, ভাষা-সংস্কৃতিৰ দিশতো এই পুৰণা প্ৰব্ৰজনকাৰীসকল আমাৰ নিমিত্তে ভয়ৰ কাৰণ হোৱাৰ পৰিবৰ্তে আশীৰ্বাদ স্বৰূপহে হৈ পৰিছিল। নিজস্ব ভাষা-সংস্কৃতি, সকলো ত্যাগ কৰি স্বতঃস্ফুৰ্তভাৱে অসমীয়া ভাষা-সংস্কৃতি আঁকোৱালি লোৱাৰ ফলত ক্ৰমান্বয়ে সংকোচিত হৈ অহা অসমীয়া ভাষা-সংস্কৃতিয়ে প্ৰসাৰ লাভ কৰাৰ নিমিত্তে মাধ্যম এটাহে বিচাৰি পাইছিল। পমুৱা মুছলমানখিনিয়ে এনেদৰে স্বতঃস্ফুৰ্তভাৱে অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰাৰ মুল কাৰণ আছিল দুটা,- অৰ্থনৈতিক আৰু ধৰ্মীয়। এই মানুহখিনিক লৈ কোনোবাই অসমত এতিয়া ধৰ্মীয় আৰু ৰাজনৈতিক চক্ৰান্ত চলাই আহিছে যদিও, তেওঁলোক অসমলৈ অহাৰ মুলতে আছিল অৰ্থনৈতিক কাৰণহে। বংগদেশত বাস্তৱৰ সৈতে হাৰ মানি জীয়াই থকাৰ তাড়নাতহে অসমলৈ অহা হেতুকে এওঁলোকৰ নিমিত্তে অইন কিবা ৰাজনৈতিক বা সাংস্কৃতিক অভিলাষ একেবাৰে অৰ্থহীন আছিল, আৰু সেয়েহে, অসমত নিজৰ অৱস্থিতি সুদৃঢ় কৰিবৰ নিমিত্তেই এওঁলোক প্ৰচলিত সাংস্কৃতিক জীৱনধাৰাত জীন যাবলৈ অহোপুৰুষাৰ্থ কৰিছিল। আনহাতে, ইছলাম ধৰ্ম মতে “হাব্বুল ৱতানে মিনাল ইমান।” অৰ্থাৎ দেশপ্ৰেম ইমানৰ (ধৰ্মবিশ্বাস) অবিচ্ছেদ্য অংগ। সেই বিচাৰত এই ধৰ্মৰ লোকসকল যি ঠাইলৈকে যায়, য’তে বসবাস কৰে, যি ঠাইৰ বায়ু-মাটি-পানী গ্ৰহণ কৰে, সেই ঠাইৰ স্থানীয় ভাষা-সংস্কৃতি সম্পূৰ্ণ আঁকোৱালি লোৱাৰ ওপৰত ইছলামে গুৰুত্ব দিয়ে। এনেবোৰ কাৰণতে এই পমুৱা মুছলমান মানুহখিনি ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত অন্ততঃ বাঙালী হিন্দুখিনিৰ দৰে অসমীয়া ভাষা-সংস্কৃতিৰ বাবে সিমান ভয়ৰ কাৰণ নহ’লগৈ। আমি পৰিভ্ৰমণ কৰা সমস্ত চৰ অঞ্চলত এখনো বাঙালী মাধ্যমৰ স্কুল নাপালো। একেবাৰে ভিতৰুৱা “বিদেশী-অধ্যুষিত অঞ্চল” ৰূপে খ্যাত চৰতো আনকি ত্ৰিশ-চল্লিশ বছৰ পুৰণি অসমীয়া মাধ্যমৰ স্কুল পাইছোঁ। মানুহখিনি ঘৰুৱাভাবে অসমীয়া-বাঙালী মিহলি ভাষা এটাত কথা পাতে যদিও, বাহিৰত সলসলীয়াকৈ অসমীয়া কথা কয়, বুজি পায়।

চেনিমাৰী চাপৰিৰ পৰা নাৱেৰে কেইঘণ্টামান গৈ প্ৰথমতে আমি মাজৰ চৰ পালোগৈ। এইখন আগতে স্থায়ী গাঁও আছিল। মানুহবিলাকৰ ম্যাদী মাটিও আছিল। পাছত ব্ৰহ্মপুত্ৰই পুৰণি গাঁওখন খহাই নিলে আৰু একে ঠাইতে আজি পোন্ধৰ বছৰমান আগতেহে এই চৰটো ওলাইছে। চৰবোৰ সাধাৰণতে পোন্ধৰ-বিছ বছৰ মানলৈ স্থায়ী হৈ থাকে। আমি অৱশ্যে ষাঠি বছৰমান পুৰণি প্ৰকাণ্ড চৰো পাইছোঁ। ভিতৰলৈ সোমালে সেইবোৰ আৰু চৰ যেন নালাগে, নৈৰ পাৰৰ যিকোনো অসমীয়া গাঁৱৰ দৰেই তামোলৰ বাৰী, ঘৰ-দুৱাৰ, খেতিপথাৰ, উৱলি যোৱা স্কুলঘৰ একোটা দেখা যায়। ১৯৫০ চনৰ প্ৰবল ভূঁইকপৰ পাছৰে পৰা ব্ৰহ্মপুত্ৰ নদীয়ে অস্বাভাৱিকভাৱে গতি সলনি কৰিবলৈ ধৰাত দুয়োকাষৰ অনেক স্থায়ী গাঁও নদীৰ বুকুত জাহ গ’ল। এইদৰে ভূমিহীন হোৱাসকলৰ আঢ়্যৱন্ত চামটোৱে অইন ঠাইত মাটি লৈ বসবাস কৰিবলৈ ধৰিলে আৰু অইনবোৰে নতুন চৰ উঠালৈকে বাট চাই ৰ’ল। নতুন চৰ উঠিলেই তেওঁলোকৰ মাজত মাটি লৈ খোৱা-কামোৰা লাগে। যিখিনি ঠাইত চৰটো উঠিল, তাত যদি আগত স্থায়ী গাঁও আছিল তেন্তে পুৰণি ম্যাদীপট্টা থকাসকল আৰু নতুনকৈ দখল কৰাসকলৰ মাজত মাটিৰ অধিকাৰ লৈ সংঘৰ্ষ হয়, পৰিয়ালৰ মানুহৰ মাজতে কটা-কটি হয়। চৰবোৰ দেখাত প্ৰকাণ্ড হয় যদিও তাত খেতিৰ উপযোগী মাটি একেবাৰেই কম থাকে। কেতিয়াবা আকৌ খেতি কৰি থকা মাটিৰ ওপৰতে নদীয়ে বালি পেলাই সেইবোৰ নষ্ট কৰি থৈ যায়। ক’ৰবাত নতুনকৈ অকণমান বালিচৰ এটা ওলালেই তেওঁলোকে তাৰ ওপৰত ক্ষুধাৰ্ত দৃষ্টি ৰাখে,– কিজানিবা অহাবাৰ নদীয়ে তাৰ ওপৰত অলপমান পলস পেলাই থৈ যায়েই! বাৰিষা তেওঁলোকৰ আলাই-আথানিৰ সীমা নোহোৱা হয়। নদীয়ে প্ৰায়বোৰ অঞ্চল বুৰাই পেলোৱা বাবে মানুহখিনিয়ে ওখ ঠাইত চাং সাজি অৰ্ধাহাৰে-অনাহাৰে দিন কটাবলগীয়া হয়। পানী শুকোৱাৰ লগে লগে আকৌ খেতিৰ উপযোগী মাটিৰ সন্ধানত সংগ্ৰাম আৰম্ভ হয়। পানীয়ে খহাই নিঃশেষ কৰা চৰৰ বাসিন্দাসকলে কেতিয়াবা মাটি বিচাৰি নাৱেৰে সদলবলে অইন ঠাইলৈ যাবলগীয়া হয়,- নতুন ঠাইত ওচৰৰ ‘অসমীয়া’ মানুহৰ নিমিত্তে এওঁলোকেই ‘নতুন মুখ’ হৈ পৰে।

এই অঞ্চলটোৰ পুৰণি মাতব্বৰী প্ৰথা আৰু শাসক দলটোৰ ৰাজনৈতিক শোষণ প্ৰক্ৰিয়াৰ গুৰিতে আছিল ভয়াৱহ ভূমি সমস্যা।কোনো ঠাইত নতুনকৈ চৰ এটা ওলোৱাৰ লগে লগে যিয়েই মাটি টুকুৰাৰ বিপৰীতে নিয়মীয়াকৈ বছেৰেকীয়া খাজনা দি থাকিব পাৰে, মাটিটুকুৰা তেওঁৰেই হৈ যায়। ফলত তুলনামূলকভাৱে চহকী মানুহখিনিয়ে কিছু ধন বিনিয়োগ কৰিয়েই এপিনৰ পৰা মাটিবোৰ গ্ৰাস কৰি গৈছিল আৰু অইন দুখীয়া ভূমিহীনসকলে তেওঁলোকৰ অনুগ্ৰহত “উপৰি পানা” দি সেই মাটিবোৰত খেতি কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ বাধ্য হৈছিল। কোনে কিমান মাটি দখল কৰি নিয়মীয়া খাজনা দি নিজৰ দখললৈ আনিব পাৰে, তাৰ ওপৰতে মাতব্বৰী খিতাপ নিৰ্ভৰ কৰে; আৰু সৰ্বসাধাৰণ ৰাইজে অনুগ্ৰহ লাভৰ নিমিত্তে এওঁলোকৰ কথামতেই উঠা-বহা কৰিবলগীয়া হয়। ফলত, শাসক দলবোৰে অৰ্থৰ প্ৰলোভনেৰে এই মাতব্বৰবিলাকক হাত কৰিয়েই একো একোটা সুৰক্ষিত ভোটবেংকৰ অধিকাৰী হৈ পৰে। মাতব্বৰবিলাকে যাতে কাৰোবাৰ প্ৰৰোচনাত পৰি বিদ্ৰোহাচৰণ কৰিব নোৱাৰে, তাৰো দিহা কৰা হৈছিল ভূমি বন্দবস্তিৰ নিয়ম-কানুনৰ জৰিয়তে;- এইবোৰ অঞ্চলৰ কোনো মাটিতে স্থায়ী ম্যাদী পট্টা দিয়া নহয়; মাটিবোৰ বছৰৰ পাছত বছৰ ধৰি খাচ পট্টাৰ নিয়মমতে চলি আহিছে; – মাটিৰ গৰাকীয়ে প্ৰত্যেক বছৰে খাজনা দি এবছৰৰ নিমিত্তে পট্টা নৱীকৰণ কৰি ল’ব লাগে। সত্তৰ বছৰ পৰ্য্যন্ত একে টুকুৰা মাটিতে বছেৰেকীয়া খাজনা দি অহা মানুহো পাইছোঁ, – এওঁলোকেও আনকি খাচ-পট্টাৰ ভিত্তিতহে এতিয়াও দখলীস্বত্ব লাভ কৰি আছে; অহাবছৰলৈ হয়তো চৰকাৰে সেই মাটি তেওঁলোকৰ নামত নৱীকৰণ নকৰিবও পাৰে। এনেবোৰ কাৰণতো মানুহখিনিয়ে শাসনত থকা দলটোক বিতুষ্ট কৰাৰ সাহস গোটাব নোৱাৰে।

এই কৃষিজীৱী মানুহখিনিৰ মাটিৰ প্ৰতি এক অদ্ভূত মোহ;- মাটিৰ নিমিত্তে ভাই-ককাইৰ মাজতে মৰা-কটা হোৱাটো তেনেই নিত্য-নৈমিত্তিক ঘটনা । কেতিয়াবা আনকি মাটি নদীয়ে খহাই নিয়াৰ পাছতো গৰাকীয়ে সেই অস্থাৱৰ মাটিৰ ওপৰতে খাজনা দি বছেৰেকীয়া পট্টাৰ নৱীকৰণ কৰি থাকে;- কেতিয়াবা কিজানি আগৰ ঠাইতে নতুনকৈ চৰ পৰেই ! পূব ম’হচৰা চৰৰ বাসিন্দা মহঃ জহুৰুদ্দিনে এতিয়াও তেওঁৰ দহ বিঘা মান মাটি নদীৰ বুকুত থকা স্বত্বেও তাৰ বিপৰীতে খাজনা দি আহিছে । “আপুনি যে ইয়ালৈ আহোঁতে কেইমাইলমান বালাৰ (বালিৰ) ওপৰেৰে খোজকাঢ়ি আহিছিল, আমাৰ মানুহৰ আনকি সেই বালাবোৰৰ ওপৰতো চকু,- কেতিয়াবা নদীয়ে তাৰ ওপৰত মাটি পেলায় বুলি । খেতিৰ মাটি বেছি নাই বাবে আমাৰ মানুহে শেষৰ দিনকেইটা খাবৰ নিমিত্তে বালাৰ ওপৰত খেচাৰি ডাইল সিঁচি থৈ দিয়ে। আমাৰ নিজৰে বছৰটোজোৰা খেতি কৰিবলৈ মাটি নাই; অকণমান মাটি লৈ আমাৰ মাজতে কাজিয়া লাগে; আৰু আপোনালোকে কয় যে, বাহিৰৰ পৰা মানুহ আনি আমি ইয়াত বহুৱাও বুলি । আমাৰ মানুহে এসাজ খাই উঠি দ্বিতীয় সাজৰ কথা ভাবিবলগীয়া হয়; – বাহিৰৰ পৰা মানুহ আহি আমাৰ মাটিৰ ভাগ ল’ব খুজিলে আমিয়ে দেখোন প্ৰথমতে বাধা দিম ।’’ – আণ্ডাভাংগা চৰৰ যুৱক আবুল কালামে কথাৰ মাজতে আমাক ক’লে।

প্ৰায় সত্তৰহাজাৰমান মানুহৰ বসতি এই বিস্তৃত চৰ অঞ্চলটোত চৰকাৰী কাৰ্য্যালয় বুলিবলৈ একো নাই।চৰকাৰৰ স্থায়ী উন্নয়নমূলক কাম বুলিবলৈ মাত্ৰ জনস্বাস্থ্য বিভাগৰ দমকলকেইটা। কাছুমাৰা চৰৰ মহঃ শ্বহীদ আলিৰ ভাষাত, এইবোৰ অঞ্চললৈ নিয়মীয়াকৈ চৰকাৰী মানুহ এজনেই আহে- তেওঁ হৈছে, খাজনাৰ তাগিদা দিবলৈ অহা মৌজাদাৰৰ পিয়াদা। কাছুমাৰা, খোলাবান্ধা, ম’হচৰা, আদি চৰৰ পুৰণি বাসিন্দাখিনিয়ে আগতে নগৰবেৰাৰ বজাৰত বয়-বস্তু কিনা-বেচা কৰিছিল । ১৯৭৯ চনৰপৰা নগৰবেৰাৰ স্থানীয় ৰাইজে চৰ অঞ্চলৰ মানুহক এইখন বজাৰ ব্যৱহাৰ কৰিবলৈ অনুমতি নিদিয়া হ’লত প্ৰথমে মানুহখিনিৰ আলাই-আথানিৰ সীমা নোহোৱা হ’ল। পাছলৈ উপাই নাপাই তেওঁলোকে চৰ অঞ্চলৰ ভিতৰতে ম’হচৰাত বজাৰ এখন পাতিলে; – বহৰি আদিৰ পৰা বাঙালী ব্যৱসায়ীসকল সাপ্তাহিক বজাৰৰ দিনা নাৱেৰে আহি তাত কিনা-বেচা কৰি গুচি যায় । বজাৰত স্থানীয় মানুহৰ চাহ দোকান আছে ; কিন্তু বাহিৰৰ পৰা এদিনৰ বাবে অহা এই ব্যৱসায়ীসকলে সেইবোৰ দোকানত চাহ খাই স্থানীয় মানুহৰ লাভ হ’বলৈ নিদিয়ে । নাৱেৰে আহোঁতে লগত তেওঁলোকে নিজৰ চাহ দোকানী লৈ আহে; – আনকি বজাৰৰ দিনা চাহ-জলপানৰ খৰচ হোৱা পইচাখিনিও এনেকৈয়ে তেওঁলোকে ওভতাই লৈ যায়।গোটেই অঞ্চলটোৰ মানুহখিনিৰ সুবিধাৰ নিমিত্তে মাত্ৰ এখন ডাক্তৰখানা আছে ।১৯৮২ চনত বানপানীয়ে ডাক্তৰখানাখন ভাঙি নিয়াৰ পাছত আজি চাৰি বছৰে চৰকাৰে নতুন ঘৰ এটা সাজি নিদিলে। পশু চিকিৎসা কেন্দ্ৰৰ সৰু কোঠা এটাতে ইমানদিনে ডাক্তৰখানাখন চলি আহিছে । বাট-পথ বুলিবলৈ এইবোৰ অঞ্চলত একো নাই;- বিস্তৃত বালিৰ ওপৰৰ মাইলজোৰা বাটেদি খোজকাঢ়ি আৰু নাৱেৰে এটা চৰৰ পৰা অইন এটা চৰলৈ যাব লাগে। বৰপেটা চহৰৰ পৰা এই চৰবোৰৰ দূৰত্ব প্ৰায় পোন্ধৰৰ পৰা পঞ্চলিশ কিলোমিটাৰ; কিন্তু এই চৰ কিছুমানৰ পৰাই বৰপেটালৈ যাওঁতে দুদিন সময় লাগে।

পমুৱা মুছলমানখিনিৰ মাজত শিক্ষা-দীক্ষাৰ প্ৰভাৱ অতি কম হোৱাৰ নিমিত্তে আৰু তেওঁলোকৰ সমাজত বহুবিবাহ প্ৰথা এতিয়াও গ্ৰহণযোগ্য হোৱা হেতুকেই জনসংখ্যা বৃদ্ধিৰ হাৰ অস্বাভাৱিকভাৱে বেছি । ভিতৰুৱা চৰবোৰত একোজন মানুহৰ এঘাৰ-বাৰটা সন্তান থকাটো এতিয়াও স্বাভাৱিক বুলি তেওঁলোকে গণ্য কৰে । সেয়েহে, অসমৰ অইন অঞ্চলতকৈ এইবোৰ অঞ্চলৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বহু বেছি; ফলত, মূলসুঁতিৰ নিমিত্তে ৰাজনৈতিকভাৱে অনিষ্টকাৰী বুলি এতিয়ালৈকে পৰিগণিত হৈ অহা ভোটবেংকবোৰো ক্ৰমান্বয়ে একে হাৰতে শকত হৈ গৈ আছে।

ভোটাৰ তালিকাৰ বৃদ্ধিৰ হাৰ আৰু নতুনকৈ ভোটাৰ তালিকাত নাম সোমোৱাসকলৰ নাগৰিকত্ব পৰীক্ষা কৰিবৰ নিমিত্তে যোৱাবাৰ শতকৰা প্ৰায় নব্বৈভাগমান ভোটাৰৰ বিৰুদ্ধে বিদেশী বুলি অভিযোগ উঠা চাৰিটা চৰ আমি বাছি লৈছিলো; – ম’হচৰা, পূব ম’হচৰা, শিমলুবাৰী আৰু কাছুমাৰা । এইকেইটা অঞ্চলৰ পুৰণি বাসিন্দাৰ পৰা আমি পুৰণি আৰু নতুন ভোটাৰ তালিকাবোৰ সংগ্ৰহ কৰি বৃদ্ধিৰ হাৰ পৰীক্ষা কৰি চাইছিলো। এইকেইটা চৰত ১৯৭০-৭১ চনৰ পৰা ১৯৮৫ চনলৈকে ভোটাৰৰ শতকৰা বৃদ্ধিৰ হাৰ বৰ অস্বাভাৱিক নহয়। যিবিলাক ভোটাৰৰ নাম ১৯৮৫ চনৰ ভোটাৰ তালিকাত আছে, অথচ ১৯৭০-৭১ চনৰ তালিকাত নাই, তেওঁলোকৰ নামবোৰো পৃথকভাৱে উলিয়াই পৰীক্ষা কৰি চাইছিলো; -এই শ্ৰেণীত পৰা অধিকাংশৰে বয়স ৩৫ বছৰৰ কম ; অৰ্থাৎ ১৯৭০-৭১ চনত বয়স ২১ বছৰৰ কম হোৱাৰ নিমিত্তে ভোটাৰ তালিকাত তেওঁলোকৰ নাম সোমোৱা নাছিল। ৩৫ বছৰৰ তলৰ এই ভোটাৰখিনিৰ পৰিয়ালৰ কাৰোবাৰ নাম (মাক বা পিতাক) ১৯৭০-৭১ চন বা আগৰ ভোটাৰ তালিকাত আছেনে নাই, আমি সেইটোও পৰীক্ষা কৰি চাইছিলো । মুখিয়াল মানুহখিনিক স্থানীয় বজাৰত বহুৱাই লৈ আমি ভোটাৰ তালিকাবোৰ এফালৰ পৰা পৰীক্ষা কৰিছিলো আৰু তেওঁলোকে সকলোধৰণে আমাক সহায় কৰিছিল । আমাৰ মানুহে সোমাবলৈ ভয় কৰা “বিদেশী অধ্যুষিত অঞ্চল” ৰূপে খ্যাত ঠাইত এনেদৰে আৰক্ষী বিভাগৰ সহায় নোলোৱাকৈ ভোটাৰ তালিকা পৰীক্ষা কৰি অহা কথাটো বহুতৰে নিমিত্তে এতিয়াও নিশ্চয় অবিশ্বাস্য কাম হৈ আছে । ৩৫ বছৰৰ ওপৰৰ যিসকলৰ নাম ১৯৮৫ চনৰ ভোটাৰ তালিকাত আছে, অথচ ১৯৭০-৭১ চনৰ তালিকাত নাই, তেওঁলোকৰ কে’ছবোৰো আমি ঘৰে ঘৰে গৈ পৰীক্ষা কৰিছিলো। ম’হচৰাৰ দাবু সেখৰ নাম ১৯৮৫  চনৰ ভোটাৰ তালিকাত (ক্ৰমিক নম্বৰ ৩৯০) আছে, অথচ ১৯৭০-৭১ চনৰ তালিকাত তেওঁৰ নাম নাপালো ; পুৰণি ভোটাৰ তালিকা পৰীক্ষা কৰি পোৱা গ’ল যে ১৯৫৫ চনৰ ভোটাৰ তালিকাত (ক্ৰমিক নন্বৰ ৬৬) কিন্তু তেওঁৰ নাম আছে। পূব ম’হচৰাৰ ৰমজান আলীৰ নাম ১৯৮৫ চনৰ ভোটাৰ তালিকাত আছে, কিন্তু আগৰ কোনো ভোটাৰ তালিকাতে তেওঁৰ নাম নাই। পাছত পৰীক্ষা কৰি দেখা গ’ল যে, তেওঁৰ নাম সৰভোগ সমষ্টিৰ ভোটাৰ তালিকাত আছিল। এনেকুৱা অনেক ব্যক্তিও পাইছোঁ যিসকলৰ নাম ১৯৭০-৭১ চন বা আগৰ ভোটাৰ তালিকাত আছে, কিন্তু ১৯৮৫ চনৰ ভোটাৰ তালিকাত নাই। কাছুমাৰা চৰৰ বাসিন্দা সুতকা ফকিৰৰ (বয়স ৫২ বছৰ, পিতাৰ নাম জাবেদ) নাম ১৯৭০ চনৰ ভোটাৰ তালিকা (ক্ৰ: নং: ৩২৬) আৰু ১৯৮৫ চনৰ ভোটাৰ তালিকাত (ক্ৰ:নং: ৬৪৯) আছে; কিন্তু তেওঁৰ পত্নী আৰু ল’ৰা-ছোৱালীৰ নাম যোৱাবাৰ ঘৰে ঘৰে গৈ প্ৰস্তুত কৰা তালিকাত আছিল যদিও শুনানীৰ পাছত তালিকাৰ পৰা তেওঁলোকৰ নাম বাদ পৰে। সুতকা ফকিৰে আমাক দেখুওৱা নথি-পত্ৰত মঙলদৈ নিৰ্বাচনী কাৰ্যালয়ৰ মুখ্য সহায়কে ২৫/১০/৮৫ তাৰিখে দিয়া প্ৰমাণপত্ৰত ৭২নং মঙলদৈ বিধানসভা সমষ্টিৰ ১৯৬৬ চনৰ তালিকাত সুতকা ফকিৰ আৰু তেওঁৰ পত্নী নুৰজাহানৰ নাম থকা বুলি উল্লেখ কৰিছে ; তেওঁৰ হাতত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম থকাৰ প্ৰমাণপত্ৰও আছে ; শুনানীত এইবিলাক নথি-পত্ৰ দাখিল কৰা স্বত্বেও তেওঁলোকৰ নাম বাদ দিয়া হ’ল। পূব ম’হচৰাৰ বাসিন্দা মছিমুদ্দিন আৰু পত্নী ৰাবেয়া খাতুনৰ নাম ১৯৭০ চনৰ ভোটাৰ তালিকাত আছিল (ক্ৰ: নং: ২৬২ আৰু ২৬৪); যোৱাবাৰ ঘৰে ঘৰে গৈ প্ৰস্তুত কৰা তালিকাতো তেওঁলোকৰ নাম আছিল (ক্ৰ: নং: ২১৫ আৰু ২১৭); কিন্তু ১৯৮৫ চনৰ মূল ভোটাৰ তালিকাত তেওঁলোকৰ নাম নুঠিল । সংযোজন -২ ত দেখিবলৈ পোৱা অইন এটা উল্লেখনীয় দিশ হৈছে যে, তিনিটা চৰৰ ক্ষেত্ৰতে ১৯৭০ চনৰপৰা ১৯৮৫ চনলৈকে বৃদ্ধি পোৱা ভোটাৰৰ সংখ্যাতকৈ ১৯৮৫ চনত ৩৫ বছৰৰ তলৰ ভোটাৰৰ সংখ্যা (অৰ্থাৎ স্বাভাৱিকভাৱে বৃদ্ধি পোৱা ভোটাৰৰ সংখ্যা) সৰহ। ইয়াৰ সম্ভাৱ্য কাৰণ দুটা হ’ব পাৰে : ১৯৭০ চনৰ ভোটাৰ তালিকাত থকা কিছুমান লোক হয়তো নদীয়ে মাটি খহাই নিয়া বাবে অইন ঠাইলৈ উঠি গৈছে, আৰু অথবা কিছুমান প্ৰকৃত নাগৰিকৰ নামো ১৯৮৫ চনৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে।

যোৱাবাৰ ভোটাৰ তালিকাৰ সংশোধনৰ সময়ত আমি এইবোৰ ঠাইত সোমাই পুৰণি মানুহখিনিক বিশ্বাসত লৈ অনায়াসেই নতুনকৈ অহা মানুহ কোনোবা যদি আছে, চিনাক্ত কৰি উলিয়াব পাৰিলোহেঁতেন । কিন্তু তাকে নকৰি হয়তো দূৰৈৰপৰাই আমি এফালৰ পৰা সকলোৰে নামত বিদেশী বুলি অভিযোগ আনি ন-পুৰণি প্ৰব্ৰজনকাৰী সকলোকে একত্ৰিত হ’বলৈহে বাধ্য কৰিলো। বিদেশীৰ বিৰুদ্ধে অভিযোগ তোলাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বও যেন সৰু সৰু স্কুলীয়া ল’ৰা-ছোৱালীৰ ওপৰতে অৰ্পণ কৰা হ’ল, আৰু তেওঁলোকেও যেন গোটেই বিষয়টো স্ফূৰ্তি হিচাপে লৈ এফালৰ পৰা সকলো মানুহৰ নামতে অভিযোগ দি গ’ল। কিন্তু তেনেকুৱা কিছুমান অবিবেচকী কাৰ্যই গোটেই জাতি গঠন প্ৰক্ৰিয়াটোৰ ওপৰতে কেনে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পাৰে, সেইকথা বুজাই দিবলৈ জনা-বুজা মানুহ কোনো নোলাল । অকল বাঘবৰ সমষ্টিতে বিদেশী বুলি পঞ্চাশ হাজাৰতকৈ অধিক ভোটাৰৰ বিৰুদ্ধে অভিযোগ অনা হৈছিল; তেওঁলোকৰ মাজৰ পৰা মাত্ৰ দুহেজাৰজনমানৰ নামহে ভোটাৰ তালিকাৰপৰা বাদ পৰিল। এওঁলোকেও এতিয়া বিভিন্ন পৰ্যায়ত সেই ৰায়ৰ বিৰুদ্ধে আবেদন কৰিছে। ভিতৰুৱা চৰবিলাকত থকা সম্ভাৱ্য বিদেশীক চিনাক্তকৰণ কৰিবলৈ হ’লে চৰকাৰ বা ৰাইজ উভয়ে এইবোৰ অঞ্চলৰ পুৰণা বাসিন্দাখিনিক বিশ্বাসত ল’বই লাগিব; ইয়াৰ অন্যথাই বিদেশীৰ চিনাক্তকৰণতো দূৰৈৰ কথা, বৰঞ্চ পুৰণি মানুহখিনিকো হাৰাশাস্তি কৰি জাতি-গঠন প্ৰক্ৰিয়াটোৰ ওপৰত দীৰ্ঘম্যাদী ঋণাত্মক প্ৰভাৱ পেলোৱাৰ নিচিনাহে হ’ব।তিনি কিলোমিটাৰ ব্যাসাৰ্ধৰ বাহিৰত থাকিও বিদেশীৰ বিৰুদ্ধে অভিযোগ আনিব পৰাকৈ ১৯৮৩ চনৰ অবৈধ প্ৰব্ৰজনকাৰী আইনখন সংশোধনৰ বাবে যি প্ৰস্তাৱ আগবঢ়োৱা হৈছে, তাৰ দ্বাৰা কেইমাইলমান দূৰৰ বহৰিবাসী ৰাইজৰ কথাটো বাদেই, গুৱাহাটীৰ ৰাইজেও আনকি ঘৰতে বহি আণ্ডাভাঙা চৰ বা কাছুমাৰা চৰৰ বাসিন্দাৰ বিৰুদ

4 thoughts on “পৰাগ কুমাৰ দাসৰ নিৰ্বাচিত ৰচনাৱলী

  • August 15, 2014 at 5:09 pm
    Permalink

    “আবক্ষ” হব লাগে ।

    Reply
  • August 15, 2014 at 7:02 pm
    Permalink

    যোৱাটো নিৰ্বাচনত সাম্প্ৰদায়িক শক্তিক সমৰ্থন জনোৱাৰ যি কথা লিখা হৈছে সেইয়া কোনটো নিৰ্বাচন বাৰু?

    Reply
  • December 12, 2015 at 12:33 am
    Permalink

    মোক পৰাগ কুমাৰ দাস দেৱৰ দ্বাৰা ৰচিত কিতাপ কেই খন মান লাগে৷ক’ত কিনিৱলৈ পাম?কিতাপ কেইখন হ’ল=
    1.স্বাধীন অসমৰ অৰ্থনীতি৷
    2.স্বাধীনতাৰ প্ৰস্তাৱনা৷
    3.মোক স্বাধীনতা লাগিে৷
    4.ৰাষ্ট্ৰদ্ৰোহীৰ দিনলীপি৷
    এই কিতাপ কেইখন মোক লাগে৷কোনোৱাই যদি এই কিতাপ কেইখনৰ বিষয়ে কিবা তথ্য যানে বা ক’ত কিনিবলৈ বা পঢ়িবলৈ পাম সেয়ে জানিলে মকো8399890687
    এই নাম্বাৰটোত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিলো৷

    Reply
  • January 8, 2016 at 1:54 am
    Permalink

    জিহাদ শব্দৰ উত্‍পত্তি হৈছে আৰবীৰ “জাহাদা” আৰু “জোহাৰ” শব্দৰ পৰা, যাৰ অৰ্থ হৈছে নিজকে ভাল আদৰ্শবান ব্যক্তি হিচাবে গঢ় দিবলৈ বা বেয়া চৰিত্ৰ সংশোধনৰ বাবে কৰা আত্মপ্ৰচেষ্টা। ইয়াৰ ওপৰিও সমাজৰ যিকোনো বিশৃংখলকাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰাকো আৰবী ভাষাত জিহাদ কৰা বোজায়।
    .
    অশান্ত জৰ্জৰিত আৰব দেশত যিসময়ত মানৱতা বোলা বিষয়টি সম্পূৰ্ণভাৱে ভূলুন্ঠিত হৈছিল, যি সময়ত কণ্যা সন্তান জন্ম হ’লেই জীৱন্তে মাতৃ কণ্যাক দগ্ধ কৰি মাৰিছিল, সেই সময়তেই সমাজৰ বিশৃংখলতা নিৰ্মূল কৰি কেৱল এক সৃষ্টিকৰ্ত্তাক উপাসনা কৰাৰ বাণীৰে শান্তিৰ বাৰ্তাবাহক মহম্মদ(চাল্লাহু আলাইহি ওয়াচাল্লাম)ক আল্লাহে নবীৰ দায়িত্ব অৰ্পণ কৰিছিল। উক্ত সময়ত সমাজত শান্তি স্থাপনৰ উদ্দেশ্যে সৰু বৰ মুঠ প্ৰায় ৮০ খন যুদ্ধ অশান্তি সৃষ্টিকাৰীৰ বিৰুদ্ধে সংঘটিত হৈছিল, ইয়াৰে ২৭ খন যুদ্ধত মহম্মদ(চাল্লাহু আলাইহি ওয়াচাল্লাম)য়ে নিজে অংশগ্ৰহণ কৰিছিল আৰু তাৰে ভিতৰত মাত্ৰ ৯ খন যুদ্ধত অস্ত্ৰ হিচাবে তাৰোৱাল ব্যৱহাৰ কৰা হৈছিল। আটাইকেইখন যুদ্ধত মৃতকৰ সৰ্ব্বমুঠ সংখ্যা আছিল ৩১৩ জন। উল্লেখযোগ্য যে এই পৰিসংখ্যা প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ তুলনাত একেবাৰে নগন্য আছিল ।
    উল্লেখযোগ্য বিষয় যে এই সৰু বৰ যুদ্ধ সমূহৰ মূখ্য উদ্দেশ্য আছিল সমাজত শান্তি প্ৰতিষ্ঠা কৰা। দূৰ্ভাগ্যজনক বিষয় যে এনে এক শান্তিৰ প্ৰচেষ্টাক ইছলাম বিৰোধী চক্ৰ সমূহে কালিমা সনাৰ চেষ্টা কৰিলে। ইছলাম বিৰোধী ভাষাবিদ সকলে শান্তি প্ৰতিষ্ঠাৰ এই জিহাদক ধৰ্মীয় যুদ্ধ বুলি অপবাখ্যাৰ প্ৰচাৰ চলালে!! কিন্তু প্ৰকৃত অৰ্থত জিহাদৰ লগত ধৰ্মীয় যুদ্ধৰ কোনো সম্পৰ্কই নাই। ধৰ্মীয় যুদ্ধৰ আৰবী প্ৰতিশব্দ হৈছে ” হাৰবুল মুকাদ্দীচা” । পবিত্র কোৰআনত এই দুয়োটা শব্দৰ প্ৰয়োগ যদি আমি লক্ষ্য কৰো তেন্তে দেখা যায় জিহাদ শব্দৰ কোৰআনত মুঠ ২৪ বাৰ প্ৰয়োগ হৈছে , কিন্তু ইয়াৰ বিপৰীতে ধৰ্মীয় যুদ্ধ বা হাৰবুল মুকাদ্দীচা শব্দৰ এবাৰো কোৰআনত উল্লেখ নাই। এই তথ্যই স্পষ্ট কৰে যে মহান আল্লাহে সমাজত শান্তি শৃংখলা বজাই ৰাখি অপকর্মৰ পৰা নিজকে বচাই ৰাখিবলৈ কোৰআনত ২৪ বাৰকৈ সোঁৱৰাই দিয়াৰ বিপৰীতে ধর্মৰ নামত যুদ্ধ কৰিবলৈ এবাৰো কোৱা নাই!! ইছলাম ধর্মৰ এক অন্যতম আদৰ্শ হৈছে ” লা ইকৰাহা ফি দ্বীন “, অৰ্থাৎ দ্বীনত কোনো জবৰজস্তি নাই, গতিকে ধর্ম প্ৰতিষ্ঠাৰ বাবে যুদ্ধ কৰাৰ প্ৰশ্নই অবান্তৰ!!
    .
    জিহাদৰ অৰ্থ ধর্ম যুদ্ধ বুলি কোৱা বাখ্যা ইছলাম বিৰোধী চক্ৰৰ মাথো এক অপপ্ৰচাৰ !! আমেৰিকাৰ পৰা প্ৰকাশিত (১৬ এপ্ৰিল ‘১৯৭৯) ” টাইমছ মেগাজিন” ৰ তথ্য অনুসৰি ১৮০০-১৯৫০ চনলৈ সূদীৰ্ঘ ১৫০ বছৰত প্ৰায় ৬০,০০০ ইছলাম বিৰোধী গ্ৰন্থ প্ৰকাশ পাইছিল। এই গ্ৰন্থ সমূহেই এনে বহু শব্দৰ অপবাখ্যাৰ মূল উত্‍স!!
    গতিকে ইছলামক যিমানেই কলুষিত কৰাৰ চেষ্টা নকৰক কিয়, ইছলাম শব্দৰ অৰ্থই হৈছে শান্তি(আত্মসমর্পন) আৰু ইছলামত সন্ত্ৰাসবাদৰ কোনো স্থান নাই!! গতিকে এনেবোৰ বিষয় আমি সকলোৱে অনুধাৱন কৰি আমাৰ মাজত শান্তি শৃংখলা অটুত ৰখাটোৱেই প্ৰতিজন সচেতন ব্যক্তিৰ কাম্য হোৱা উচিত । । । । ।
    ( ব্ৰাডাৰ ইমৰাণৰ চিকোগো টেলিভিচৰ সাক্ষাতকাৰৰ সহায়ত )

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!