পৰিবৰ্তনৰ ধুমুহা! – জ্যোতিৰূপম দত্ত

: হৌৰা, শুনাচোন! এইফালে!

চিনাকি মাত, চিনাকি মানুহ! ৰত্ন খুড়া! মনে মনে প্ৰমাদ গণিলো, আজি আকৌ কি বা মুৰ্তি ধৰে? এইমাত্ৰ শেষ হোৱা গুৰুত্বপূৰ্ণ মিটিঙখনৰ পৰা ওলাই আহিয়েই খুড়াৰ দৰ্শন পালো৷

: খুড়া! আপুনি ইয়াত যে? কিবা সকামত আহিল নেকি?

: অ’ হে! আজি জনতাৰ ভৱনলৈ জনতাৰ এজন হৈয়েই আহিছো৷ আমাৰ চুবুৰীটোৰ বহু কিবা-কিবি সমস্যাৰ বাবে ঘৰৰ কাষৰে কেইজনমানৰ সৈতে স্মাৰক পত্ৰ এখন দিবলৈ আহিছিলো৷ আমাক দুঘণ্টা ধৰি বাহিৰত ৰখাই থৈ অন্দৰমহলত বাৰেবিংকৰা কথাৰ মহলা মাৰি থকা ‘মাননিয়’ এজনে এই অলপ আগতেহে তেখেতৰ কোঠাত সোমোৱাৰ অনুমতি দিলে৷ পিছে দহ মিনিটতে আমাৰ কথাখিনি বুজাৰ ‘ভাও’ জুৰি আমাক বিদায় দিলেই নহয়৷ মই কিবা এষাৰ কবলৈ নৌ পাওঁতেই লগৰ এজনে টান মাৰি উলিয়াই আনিলে৷ নহলে ‘মাননিয়’জনাক যথাযোগ্য মাননিখিনি দিয়েই আহিলোহেঁতেন৷ বাৰু সেইবোৰ বাদ দিয়া৷ লগৰ কেইজনো ওলাই গলেই৷ মইহে চিনাকি কাৰোবাক দেখো বুলি ইফাল সিফাল কৰোতেই তোমাক দেখিলো৷ ভালেই হ’ল৷ চাহ একাপকে খুওৱাচোন! তোমাক আজিকালি দেখাই নোপোৱা হ’লো৷ বৰ ডাঙৰ মানুহ হৈ গ’লা হে! সৌ সিদিনা মোৰ ঘৰলৈ বিহুৰ চান্দা বিচাৰি অহা ল’ৰাটো ‘মাননিয়’ হোৱাৰ লগে লগে ব্যস্ত হৈ পৰিলা৷ পিছে তোমাৰ কোঠাটো কোনফালে? কিবা দৰকাৰী কাম আছে যদি আজিলৈ নালাগে বাৰু৷

ৰত্ন খুড়াৰ কথা পেলোৱাৰ মোৰ সাধ্য নাই৷

: আহক, আহক৷ মোৰ কোঠালৈকে আহক৷ ময়ো এইমাত্ৰ এখন অফিচিয়েল মিটিঙৰ পৰাহে বাহিৰে বাহিৰে আহিছো৷ চাহ একাপৰ মোৰো প্ৰয়োজন হৈছে৷ বিশেষ কাম নাই৷

ৰত্ন খুড়াক আথে বেথে মোৰ কোঠালৈ আগবঢ়াই নিলো৷ অৰ্ডালী এজনক মাতি চাহ-বিস্কুট যতনাই দিবলৈ ক’লো৷ লগে লগে ৰত্ন খুড়াৰ প্ৰশ্নবাণ আৰম্ভ হৈ গ’লেই৷

: কিহৰ মিটিং চলিছিল?

: মানে, মানে, খুড়া, কেবিনেট মিটিং! – মোৰ মুখেৰে ফটকৈ ওলায়েই গ’ল৷

: অ’, তুমি হ’লা প্ৰধান ভকতজনৰ প্ৰধান আলধৰাসকলৰ এজন! মিটিঙত চাগে জৰুৰ কিবা গুৰুত্বপূৰ্ণ কথাই আলোচনা হ’ল৷ গোপনীয় কথা যদি জনাব নালাগে বাৰু!

: নাই নাই খুড়া, ইতিমধ্যে কথাবোৰ প্ৰেছলৈ গ’লেই৷ একো গোপনীয় কথা নহয়৷ কৈ আছো ৰ’ব৷ চাহ খাওক৷

অৰ্ডালীজনে চাহ দি গ’ল৷ চাহত সোহা মাৰি ৰত্ন খুড়াই মোলৈ প্ৰশ্নবোধক দৃষ্টি নিক্ষেপ কৰিলে৷ লাহে লাহে আৰম্ভ কৰিলো৷

: মানে আমাৰ চৰকাৰখনে কিছুমান যুগান্তকাৰী, জনহিতৈষী, জনদৰদী, পৰিবৰ্তনকামী আচনি হাতত লৈছে৷ ৰাইজৰ ভালৰ বাবেই, ৰাইজৰ মনঃপুত হোৱাকৈ সৰ্বাংগসুন্দৰ…৷

মোৰ মুখৰ আগত বিস্কুট এখন জোকাৰি খুড়াই মোক ৰখালে –

: ৰ’বা, মোৰ আগত ভাষণ জুৰিব নালাগে বাৰু৷ বিতংকৈ কোৱাচোন, কি কি সিদ্ধান্ত লোৱা হ’ল?

: মানে খুড়া, আমি আজি বিভিন্ন বিভাগৰ বাবে সুকীয়াকৈ কিছুমান কামৰ আচনি হাতত ললো৷ কাইলৈৰ পৰা পুৰাদমে এই আচনিৰ কাম আৰম্ভ হৈ যাবই৷ প্ৰথম সিদ্ধান্তটো হ’ল যে এতিয়াৰ পৰা মন্ত্ৰী-বিধায়কসকলক দৰমহা দিয়াটো বন্ধ কৰা হ’ব৷

: মানে? এটকাও নলব নেকি?

: হয় খুড়া, দৰমহা বন্ধ৷ ৰাইজে প্ৰায়েই অভিযোগ কৰে যে মন্ত্ৰী-বিধায়কসকলে নিজৰ ইচ্ছামতে নিজৰ দৰমহা বঢ়াই লয়৷ সেয়ে দৰমহা লোৱাটো একেবাৰে বন্ধ কৰি দিয়া হৈছে৷ এনেয়ো দৰমহাৰ টকাকেইটাৰে একোৱেই নহয়, কোনোফালে নুজুৰেই৷ সেয়ে এতিয়াৰ পৰা মন্ত্ৰী-বিধায়কসকলে ডাইৰেক্ট ঠিকাদাৰৰ পৰা কমিশ্যন লব পৰা ব্যৱস্থা এটা আৰম্ভ কৰা হৈছে৷ সমষ্টিৰ নিৰ্দিষ্ট কামৰ বাবে নিবিদাৰ লগতেই মন্ত্ৰী-বিধায়কসকলৰ ‘মিনিমাম ৰেট’ ঘোষণা কৰি দিয়া হ’ব!

: অ’!

: আৰু আছে, এইবাৰ আমি শিক্ষাখণ্ডলৈ যুগান্তকাৰী অৱদান আগবঢ়োৱাৰ কথা ভাবিছো৷ অসমৰ প্ৰতিটো চুবুৰীতে এখনকৈ ৰামদয়াল দীননাথ নামৰ বিদ্যালয় খোলাৰ ব্যৱস্থা কৰা হৈছে৷ নামটোৱেই চুপাৰহিট! ৰাম, দীন, দয়াল সকলো মিলাই থোৱা আছে!

: পিছে এখেত কোন?

: সচাঁ কথা কবলৈ গ’লে আমিও বিশেষ নাজানো৷ পিছে চিন্তা নাই৷ এখেতৰ বিষয়ে দুজনমানক সচাঁই-মিছাই এগালমান জীৱনীমুলক প্ৰবন্ধ আৰু ভালেকেইখন কিতাপ লিখিবলৈ লগাই দিছো৷ টিভি-পেপাৰ নিজৰেই আছে৷ সকলোতে চলাই দিম৷ চাই থাকক৷ দুদিনমান পাছত এখেতৰ নাম নজনাসকলেহে নিজেই লাজ পাব৷ খুড়া, আৰু খবৰ আছে ৰ’ব৷ আমি এইবাৰ ভূগোল আৰু বুৰঞ্জী বিষয় দুটা সকলো পাঠ্যক্ৰমতে সন্নিবিষ্ট কৰিম৷

: অ’, এইটো অৱশ্যে বৰ ভাল কথা৷

: পিছে আমাৰ এই মুলুকৰ ভূগোল, বুৰঞ্জীৰ কথা নাথাকে৷ বৰ্তমানৰ যুগত চলিবলৈ লগাখিনিহে থাকিব৷

: মানে?

: হয়, এই ধৰক আমাৰ বহুতো থলুৱাই বাংলাদেশৰ গাওঁ চহৰসমূহ চিনিয়েই নাপায়৷ এইবোৰৰ বিষয়ে জনাটো এতিয়া বৰ দৰকাৰী কথা৷ অসম বা ভাৰতৰ চুক-কোণ চাৰিটা চিনি নাপালেও আমি আমাৰ মূলুকলৈ নকৈ অহা আলহীসকলৰ ঠাইখিনিৰ কথা জানিলে আমাৰেই লাভ৷ ‘আপোনাৰ ঘৰ শিৱসাগৰৰ মেচাগড়ত নহয় জানো? বৰ সুন্দৰ ঠাই দেই! ’ বুলি সোধাজনলৈ যিদৰে নিজৰেই কিবা এটা মৰমৰ ভাৱ আহে তেনেধৰণৰ কথা৷ গতিকেই আমিও ‘অ’ আপোনাৰ অৰিজিনেল ঘৰ ৰাজশাহী জিলাৰ চাৰঘাটত নহয় জানো? ’ এনেদৰেও যাতে সুধিব পাৰো তাৰবাবে সকলোকে ভূগোলৰ বিশেষ জ্ঞান দিয়া হ’ব৷

: বুজিলো, পিছে বুৰঞ্জী?

: বুৰঞ্জীৰ কামটোত অৱশ্যে অলপ দেৰী হ’ব৷ পুৰণি বুৰঞ্জীবোৰ আজিকালি আউটডেটেড হৈ গৈছে, সেয়ে ইতিমধ্যে সেই সকলো বুৰঞ্জী নতুনকৈ লিখিবলৈ দিছো৷ অতীতৰ গণ্ডগোলীয়া তথ্যবোৰ সালসলনি কৰি কিছু অধ্যায় বাদ দি আৰু আমাৰ প্ৰয়োজনমতে কিছুমান নতুন তথ্য ভৰাবলৈ কোৱা হৈছে৷ কিছুমান আততায়ী বা অপৰাধীক শ্বহীদৰ মৰ্য্যদা দিবলৈ কোৱা হৈছে আৰু কিছুমান সন্মানীয় ব্যক্তিৰ কেলেংকাৰীৰ কথাবোৰ ৰহণ সানি নতুনকৈ বুৰঞ্জীত সন্নিবিষ্ট কৰাৰ কথাও ভৱা হৈছে৷

: অ’৷

ৰত্ন খুড়াক অলপ চিন্তিত দেখা গ’ল৷ মই আকৌ আৰম্ভ কৰিলো –

: আপুনি শুনি ভাল পাব যে আমি এইবাৰ আৰক্ষী বিভাগটোৰ আধুনিকীকৰণ কৰাৰ বাবে আচনি লোৱা হৈছে৷ স্মাৰ্ট পুলিচ আচনি!

: বৰ ভাল কথা৷ আৰক্ষী চকী-বেৰেকবোৰৰ অৱস্থা শোচনীয়, অস্ত্ৰ-শস্ত্ৰবোৰ আওপুৰণি, কামৰ ভিৰ বেছি, ৰাজনৈতিক হেঁচা আৰু বহু ভিআইপিয়ে আৰক্ষীৰ লোকসকলক নিজৰ চাকৰৰ দৰে ব্যৱহাৰ কৰা কথাবোৰলৈ চকু দিলে ভালেই হয়৷ পিছে আধুনিকীকৰণৰ নামত কি কি কৰা হ’ব?

: পুলিচ বাহিনীক ‘স্মাৰ্ট’ কৰাৰ বাবে সকলোকে এটাকৈ ‘স্মাৰ্ট’ফোন দিয়া হ’ব৷ তাত ফেচবুক, হোৱাটছএপ সকলো থাকিব৷ চোৰ, ডকাইতি, হত্যা, ধৰ্ষণ ইত্যাদি ঘটনাৰ অপৰাধীক অনুসন্ধান কৰি, খেদি খেদি ধৰা কামবোৰ আজিকালি পুৰণি ধৰণৰ হৈ গ’ল৷ সেয়ে এইবোৰ কামৰ প্ৰতি বহুতৰে আগ্ৰহ কমি যোৱা দেখা পাইছো৷ এইবোৰ অপৰাধীক ধৰিবলৈ বৰ কষ্ট হয়৷ পিছে এতিয়া ‘অনলাইন অপৰাধী’ৰ যুগ চলিছে৷ এই ‘অনলাইন অপৰাধী’সকলৰ বাবেই আমাৰ স্মাৰ্ট পুলিচ সদায় সষ্টম হৈ থাকিব৷ মানে এই ধৰক কোনোবাই ফেচবুকতেই ‘তোক চাই লম’ বুলি কলেই আমাৰ পুলিচে স্মাৰ্টনেছ দেখুৱাই লগে লগে গৈ অপৰাধীক পঘাৰে ধৰি বান্ধি আনি জেললৈ চালান দি দিব৷ আন গোচৰসমূহত সময়মতে চাৰ্জশ্বিট দাখিল নকৰাৰ সুযোগ লৈ বাঘা-বাঘা অপৰাধীসকল আইনৰ সুৰুঙাৰে সৰকি গলেও এইসকলক শাস্তি প্ৰদানৰ ক্ষেত্ৰত সম্পুৰ্ণ সজাগ হোৱা যাব৷ পিছে বেংকৰ একাউণ্ট জালিয়াতি কৰা, এটিএম কাৰ্ড জালিয়াতি কৰা বিয়াগোম ‘অনলাইন অপৰাধী’বোৰক অৱশ্যে এই স্মাৰ্ট কামত ধৰা হোৱা নাই৷ সেইসৱৰ নোম-নেগুৰ পোৱাটোকেই কঠিন৷ অৱশ্যে বাহিনীটোৰ শক্তি বৃদ্ধি কৰিবলৈ নতুন নিযুক্তিৰ কথাও চুড়ান্ত কৰা হৈছে৷

: বৰ ভাল৷ এনেয়েও বহু পদ খালী হৈ আছে হেনো৷ পিছে ‘স্মাৰ্ট পুলিচ’ৰ বাবে যোগ্যতা কি হ’ব?

: বিশেষ একো নাই৷ আজিকালি ‘স্মাৰ্টফোনধাৰী’ বীৰ-যোদ্ধাৰ কোনো আকাল নাই৷ কিবা এটা ‘ইছ্যু’ পালেই সেই কী-বৰ্ড-যোদ্ধাসকলে শত্ৰুক আজুৰি-কামুৰি পলকতে নেফানেফ্‌ কৰি পেলোৱাত সিদ্ধহস্ত৷ সেয়ে প্ৰফাইল চায়েই ডাইৰেক্ট নিযুক্তি দি দিয়া হ’ব!

: অ’৷

: ইয়াৰ উপৰিও পৰ্য্যটনৰ বাবে বিশেষ আচনি ঘোষণা কৰা হৈছে৷

: কেনে ধৰণৰ আচনি?

: পাইলট প্ৰজেক্ট হিচাপে এইটো আমি আগতেই আৰম্ভ কৰি দিছোৱেই৷ এতিয়া কেবল অলপ বিস্তাৰিতভাৱে কৰিব লাগিব৷ কথাটো হ’ল, আমাৰ ইয়ালৈ বাহিৰৰ পৰ্য্যটক আহিবলৈ বৰ অসুবিধা৷ থাকিবলৈ হেন নাই, খাবলৈ তেন নাই, জেগাবোৰ লেতেৰা-পেতেৰা, ভাঙি-চিঙি যোৱা কীৰ্তিচিহ্নবোৰ, থকা খোৱাকে ধৰি বহু অসুবিধা৷ তাতে সৌ-সিদিনা আমি নিজেই ৰাজ্যখনক অশান্ত অঞ্চল বুলি ঘোষণা কৰি দিলোৱেই৷ এতিয়া দৰবত দিবলৈকো দুই এজন পৰ্য্যটক নহা অৱস্থা৷ সেয়ে আমি পৰ্য্যটক এক্সপৰ্ট কৰিম বুলি ভাবিছো৷

: পৰ্য্যটকৰ এক্সপৰ্ট?

: অ’৷ আমাৰ ইয়াৰ মানুহক দেশে-বিদেশে পৰ্য্যটক হিচাপে পঠিয়াই দিম৷ ‘এক্সপৰ্ট পৰ্য্যটক’সকলৰ বাবে সুকীয়াকৈ ‘অসম আমাৰ ৰূপহী’ বুলি টেগলাইন থকা বেগ, জোতা, মোজা, চোলা, টুপী, ছাতি, পটলুং আনকি গেঞ্জী-হাফপেণ্ট আদিও দিয়া হব৷ কোটি টকীয়া ইমপৰ্টেড ‘ব্ৰেণ্ড এম্বেছেদৰ’জনাৰ দৰে এই সকলোবোৰ বস্তুৱেই বাহিৰৰ পৰা ইমপৰ্ট কৰা হ’ব৷ এই সুবিধা লৈ চৰকাৰী খৰচত ফুৰিবলৈ যোৱা সকলে এইবোৰ বস্তু ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত নিজৰ নিজৰ ফটো আপলোড কৰিব লাগিব যাতে অসমৰ নাম দেশে-বিদেশে বিয়পি পৰে৷
মানুহবোৰক অলপ চাই-চিতি শ্ৰেণীবিভাজন কৰি বিভিন্ন জেগালৈ পঠিয়াই দিয়া হ’ব৷ ওৰেটো নিশা খপি খপি, অনলাইনত ধুনীয়া যুবতী-মহিলা বিচাৰি ফুৰা আদহীয়াসকলক বেংককলৈ, ভল্টেজ নোহোৱা বাবে মিনিটত দহপাক ঘুৰা ফেনখনলৈ চাই চাই গৰমত ছাটি-ফুটি কৰাসকলক চুইজাৰলেণ্ডলৈ, দিনে নিশাই সোমৰস সেৱন কৰা ‘ৰজা’সকলক গোৱালৈ আৰু ন-অসমীয়া উৎসৱ ‘ধনতেৰচ’ পালন কৰিবলৈ গিৰিহঁতৰ কাণৰ কণামাকৰি সৰোৱা অসমীয়া গৃহিনীসকলক ডুবাইলৈ পৰ্য্যটক হিচাপে ‘এক্সপৰ্ট’ কৰা হ’ব৷

: অ! আৰু কিবা?

: আছে খুড়া৷ অসমত বৰ্তমানে থকা সকলোবোৰ মদৰ দোকান আমি বন্ধ কৰি দিবলৈ ইতিমধ্যে নিৰ্দেশ দিছো৷

: সঁচানে? এইটো পিছে বৰ ভাল কথা হ’ল৷ পিছে ৰাজহ ঘাটি নহব জানো? ৰাজহ অৰ্জনৰ বাবে দেশী মদৰ ব্ৰেণ্ড কেইটা মুকলি কৰা বেছিদিন হোৱাই নাই দেখোন!

: নাই নাই! সেইবোৰ সকলো চালি জাৰি চোৱা হৈছে৷ ৰাজহ ঘাটি নহয়, বাঢ়িবহে!

: কেনেকৈ?

: আজিকালি প্ৰায়বোৰ দোকানতেই শীতল পানীয় ৰাখিব পৰা ব্যৱস্থা থাকেই৷ ঠিক তেনেকৈ ‘গৰম’ বিধো সকলোতে দোকানতেই ৰাখিব পাৰিব৷ শাৰী-শাৰীকৈ ক’কাকোলা, ফ্ৰুটিৰ সৈতে ‘গৰম’বিধেও শাৰী পুৰাব৷ এতিয়াও বহু পাণ-দোকান, গেলামালৰ দোকানত চোৰাংকৈ হলেও সকলোধৰণৰ গৰম ‘বস্তু’ পোৱা যায়েই দেখোন! বিচাৰিব জানিলেই হ’ল৷ সেয়ে লোহাৰ পিঞ্জৰা এটাৰ দৰে প্ৰথম দেখাতেই ভয়ংকৰ যেন অনুভূত হোৱা দোকান কেইখন বন্ধ কৰি সকলোৱে বিনা দ্বিধাই মুকলিমুৰীয়াকৈ ‘দেহা গৰম কৰা পানীয়’ কিনিব পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

: আৰু?

: উদ্যোগীকৰণৰ বাবেও নতুন চিন্তা-চৰ্চা কৰা হৈছে৷ ৰাজ্যত নতুনকৈ কেইটামান উদ্যোগ স্থাপনৰ বাবেও আচনি লোৱা হৈছে৷

: বৰ ভাল কথা৷ ব্যৱসায়-বাণিজ্য-উদ্যোগ এইবোৰৰ উন্নতিৰ ক্ষেত্ৰত চকু দিয়াটো ভাল কথা হৈছে৷ পিছে কিহৰ উদ্যোগ খুলিবলৈ মনস্থ কৰিছা?

: এই ধৰক, গুটখা আৰু মদৰ উদ্যোগ৷ বাকীবোৰৰ অৱস্থা সিমান ভাল নহয়৷ এই দুবিধ পিছে ৰমৰমীয়াকৈ চলাটো খাটাং৷

: ৰাজ্যখনত ৰাজহ বৃদ্ধিৰ বাবেও নতুনকৈ কিছুমান জনকল্যাণধৰ্মী আচনি লোৱা হৈছে৷

: যেনে?

: ৰাজ্যখনৰ বৰ্তমান আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু জাতীয়তাবাদী কামকাজ হ’ল চান্দা তোলা প্ৰক্ৰিয়াটো৷ ৰাজ্যৰ বৰ্তমানৰ প্ৰধান ভকতজনাইয়ো এসময়ত এইবিধ কামেৰেই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল৷ গতিকেই এই প্ৰক্ৰিয়াটো অধিক বঢ়োৱাৰ বাবে এইবাৰ বিশেষ উদ্যোগ লোৱা হৈছে৷ বৰ্তমান চুবুৰীৰ পেন্দুকণাটোৰ পৰা জাতীয় সংগ্ৰামীলৈ সকলোৱে চান্দা তোলা কামটো নিজৰ মৌলিক অধিকাৰ বা জাতীয় সংস্কৃতি বুলি ধৰি লৈছেই৷ গতিকে প্ৰতিখন চান্দাৰ বহীৰ পৰা এটা সামান্য অংক চৰকাৰী তহবিলত জমা হোৱাটো নিশ্চিত কৰা হৈছে৷ ইয়াৰ বিনিময়ত ‘চান্দাবীৰ’সকলক চৰকাৰী সা-সুবিধা যেনে নিৰাপত্তাৰক্ষী বা প্ৰয়োজন অনুসৰি পিষ্টল-বন্দুকো যোগান ধৰা হ’ব৷ ৰাজ্যখনৰ নিবনুৱা সমস্যা ৰোধ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে৷

: আৰু কিবা বাকী থাকিল নে?

: আছে খুড়া৷ তথ্য আৰু জনসংযোগ বিভাগটো আধুনিকীকৰণ কৰিবলৈ বিচাৰিছো৷

: কেনেদৰে?

: মানে, বহুক্ষেত্ৰত দেখা যায় যে কাৰ্য্যালয়সমূহত সঠিক তথ্য উপলব্ধ নোহোৱাৰ বাবে সাধাৰণ ৰাইজে বৰ আহুকালত পৰে৷ সেয়ে আমি থিৰাং কৰিছো যে সকলো চৰকাৰী কাৰ্য্যালয়তেই এজনকৈ তথ্য আৰু জনসংযোগ কৰ্মচাৰী থাকিব৷

: সেইজনে কি কাম কৰিব?

: এই ধৰক, কোনজন কৰ্মচাৰী বাৰ-একবজাত অফিচলৈ আহে, দুই বজাৰ পাছত কাৰ্য্যালয়ৰ কোনকেইজনৰ ছাঁটোকে দেখা পোৱা নাযায়, নিজৰ কামটো সোনকালে কৰাবলৈ কাৰ কিমান ‘ৰেট’, অতি দৰকাৰী হ’লে কোনজন কৰ্মচাৰীক কোনখন পাণদোকানত আড্ডা দি থকা অৱস্থাত পোৱা যাব ইত্যাদি৷ প্ৰায়বোৰ অফিচতেই সংখ্যাত কম হলেও বুৰ্বকৰ দৰে দিনে-নিশাই কষ্ট কৰা দুই-এজন ‘গান্ধী’ টাইপ থাকেই নহয়৷ তেওঁলোককেই এই অতিৰিক্ত দায়িত্ব দিয়া হ’ব৷

: কিবা এটা হবলৈ গৈ আছে বুলি গম পাইছো৷

: খুড়া, এইবাৰ জনসংখ্যা ৰোধৰ বাবেও এইবাৰ বিশেষ আচনি লোৱা হৈছে৷

: অ’৷ বৰ ভাল হ’ব৷ পিছে আগতেও জনসংখ্যা ৰোধৰ বাবে বহু আচনি লোৱা হৈছে৷ পিছে কামতহে একো নাই৷ দুই এটা টিভি চেনেলত বিজ্ঞাপন দিয়াতেই সকলো সীমাবদ্ধ থাকে৷

: নহয়, এইবাৰ জনসংখ্যা ৰোধৰ দায়িত্ব কেইটামান বেলেগ বিভাগক দিয়া হ’ব৷ যেনে ধৰক গড়কাপ্তানি বিভাগ৷ এই বিভাগটোৱে ৰাস্তা-ঘাটবোৰ এনেদৰে ৰাখিব যাতে গাঁতত পৰিয়েই বহুলোক আধামৰা হয়৷ বাদবাকী কামখিনি কৰিবলৈ ঔষধ-ডাক্তৰ নোহোৱা লেতেৰা চৰকাৰী হস্পিটেলবোৰ আছেই৷ বিশেষকৈ গৰ্ভৱতী মহিলাসকলে কিবা কামত পথলৈ ওলালেই থেকেচনিত গৰ্ভপাত হোৱাৰ গেৰাণ্টী দিয়াৰো ব্যৱস্থা কৰা হৈছে! ইয়াৰ উপৰিও বিদ্যুত বিভাগকো জনসংখ্যা ৰোধৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লবলৈ যাৱতীয় নিৰ্দেশ দিয়া হৈছে৷ ৰাইজৰ ঘৰত বিদ্যুৎ যোগান থাকক বা নাথাকক, পিছে চিগা তাঁৰেৰে যাতে অনবৰতে বিদ্যুৎ প্ৰবাহিত হৈ থাকে তাৰ সু-ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷

: হে প্ৰভু!

: হয় ঠিকেই কৈছে৷ প্ৰভুৱেই আচল কথা৷ আমাৰ প্ৰধান ভকতজনাৰো ভকতিত বৰ মন বুলি জানেই দেখোন৷ জন্ম-মৃত্যু সকলো ওপৰৱালাৰ হাতত৷ ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে! সেয়ে হস্পিটেলৰ উন্নতিসাধন, এইমছ স্থাপন ইত্যাদিবোৰত বেছি সময় খৰচ নকৰি অসমৰ চুকে-কোণে অসংখ্য উপাসনাস্থান স্থাপন কৰিবলৈ যো-জা কৰা হৈছে৷ ঠাই নাথাকিলে তিনিআলি, চাৰিআলিবোৰ আৰু নগৰত ফুটপাথৰ ওপৰতেই ধৰ্মীয় উপাসনাস্থানবোৰ স্থাপন কৰা হ’ব৷ উপাসনাস্থলীলৈ আহিবলৈ নোৱাৰা সকলক ঘৰতেই দিনে নিশাই তীব্ৰ শব্দৰ মাইক বজাই ধৰ্মীয় কথা শুনোৱা হ’ব৷

: আৰু?

: বন বিভাগৰ বাবে অভিলাষী আচনি এখন লোৱা হৈছে৷ সিদিনা হিচাপ উলিয়াই দেখিলো যে সামাজিক বনানীকৰণৰ নামত আজিলৈকে যিমানবোৰ প্ৰজেক্ট কৰা হ’ল সেই হিচাপমতে অসমত এতিয়া গছ ৰুবলৈ খালী মাটিয়েই নাই৷ আজিকালি নিয়মবোৰ বৰ কাঢ়া৷ কাগজত খালী মাটি দেখুৱাব নোৱাৰিলে পইছা খৰচ কৰিব পৰা নাযাব৷ সেয়ে আমি নতুনকৈ গছ ৰুব পৰাকৈ ঠাই উলিয়াব খুজিছো৷ প্ৰথম কাজিৰঙাকেই টাৰ্গেট কৰিছো৷ আপুনি জানেই দেখোন যে বানপানীৰ বাবে কাজিৰঙাৰ জন্তুবোৰ কাৰ্বি পাহাৰলৈ উঠি যায়৷ সেয়ে আমি প্ৰথমতে কাজিৰঙাৰ সকলো জন্তুকেই পাৰ্মানেণ্টলী কাৰ্বি পাহাৰলৈ চিফ্ট কৰি দিম৷ তাৰ পাছত কাজিৰঙাখনৰ জংঘলবোৰ কাটি একেবাৰে মুকলি কৰি পেলোৱা হব৷ ব্ৰহ্মপুত্ৰৰ পৰা বালি খান্দি উঠাই আনি জেচিবি, ৰোলাৰ চলাই সমান কৰি কাজিৰঙাখন একেবাৰে ওখ কৰি পেলোৱা হব৷ তাৰ পাছত শাৰী শাৰী কৈ বিভিন্ন গছ, ফুল আদি ধুনীয়াকৈ ৰুই দিয়া হব৷ হোটেল, ৰেষ্টুৰেণ্ট, চিনেমা হল, শ্বপিং মলো বনোৱা হব৷ তাৰ পাছত কিছুমান জীৱ জন্তু ধৰি আনি কাজিৰঙাৰ চেম্পল হিচাপে সকলোৱে দেখাকৈ বান্ধি থলেই কাম শেষ৷ এইটো প্ৰজেক্ট ইতিমধ্যে লাহে লাহে আৰম্ভ হৈছেই৷

: ফেনখন বঢ়াই দিয়া৷ মুৰটো বেয়া লাগিছে৷ – খুড়াই মুখখন মোহাৰি কলে৷ মই এগিলাছ পানী আগবঢ়াই দিলো৷ পানীগিলাছ খাই অলপ সুস্থিৰ হৈ খুড়াই ক’লে-

: কৈ যোৱা৷ আজি আটাইখিনি শুনিয়েই যাওঁ৷

: আন কিছুমান আচনিও লোৱা হৈছে৷ বাংলাদেশ সীমান্তত চেক গেটৰ সলনি মাল্টি পাৰপাচ হেল্পিং কেন্দ্ৰ খোলা হ’ব য’ত আলহীসকলে অকণো কষ্ট নোপোৱাকৈ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আনকি মাটিৰ পট্টাও সংগ্ৰহ কৰিব পাৰিব৷ স্বাস্থ্য বিভাগত ফুক-মাৰি, পানী জাৰি, গো বা স্ব-মুত্ৰ সেৱনৰ বিধি প্ৰদান কৰা বিশেষজ্ঞসকলক নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰা হ’ব৷ অসমৰ থলুৱা লোকসকলক আৰাম প্ৰদান কৰিবলৈ নতুন কেলেণ্ডাৰত বন্ধৰ দিন বেছিকৈ ধাৰ্য্য কৰা হ’ব৷ মাহটোত দহদিনকৈ শনিবাৰ-সোমবাৰ মিলাই অসম বন্ধৰ ব্যৱস্থা কৰা হ’ব৷ তাৰ উপৰিও কিছুমান অলাগতিয়াল বন্ধ যেনে শংকৰদেৱ, মাধৱদেৱ, লাচিত দিৱস, চিলাৰায় দিৱস ইত্যাদি উঠাই দি তাৰ সলনি ধনতেৰচ, কৰৱা চৌথ আদি নতুন উৎসৱৰ দিনত বন্ধৰ দিন ঘোষণা কৰা হ’ব৷ বাপতিসাহোন ষটপূজাক ইতিমধ্যে আমি আদৰি লৈছোৱেই৷ টমাটিনা, বোলবম, দাণ্ডিয়া আদিক নতুনকৈ জাতীয় উৎসৱৰ মৰ্য্যদা দিয়া হ’ব৷ আৰু…

: ৰ’বা, ৰ’বা৷ ৰাজ্যখনৰ প্ৰধান সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত একো আলোচনা নহল নেকি? যেনে মুল্যবৃদ্ধি, খোৱাপানী, বিধ্বস্ত পথ-দলং, বান সমস্যা এইবোৰ?

: এহ খুড়া! এইবোৰ সৰু-সুৰা সমস্যা আগৰ পৰাই আছে, আৰু থাকিবই৷ এইবোৰলৈ আমি মন কাণ দিবলৈ নাই এথোন৷ পিছে আমি পৰিবৰ্তন আনিম বুলি কোৱা নাছিলোনে? পৰিবৰ্তন আনিবই লাগিব! চাই থাকক, পৰিবৰ্তনৰ বতাহ নহয়, এইবাৰ অসমত পৰিবৰ্তনৰ ধুমুহা বলিব!

★★

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!