সংগী (পংকজ নেওগ)

ক’ব নোৱাৰাকৈয়ে তাই সেই বিশেষ টেবুলখনৰ ওচৰ পাই চকী খনত বহি পৰিল। চিনাকি বয়টোৱে পানী এগিলাচ দি হাঁহি এটা মাৰিলে। তাই হাঁহিব নোৱাৰিলে। “বহুদিন অহা নাই যে বাইদেউ, দাদাকো দেখা নাই।” বয়টোৰ কথাত তাই একো উত্তৰ নিদিলে। ফোনটো বাজি উঠিল। চালে তাই; ফোন নহয়, মেচেজ আহিছে ৰুমীৰ পৰা। শুভেচ্ছা জনাইছে। লুইতৰ পাৰৰ এই ৰেষ্টোঁৰা খনলৈ প্ৰথম বাৰ তাই ৰাজৰ লগতেই আহিছিল আৰু প্ৰতিবাৰ ৰাজৰ লগতেই আহিছিল। আজি ৬মাহ মানৰ মূৰত আহিছে তাই প্ৰথম বাৰৰ বাবে অকলশৰে।

পানী অকণমান খাই তাই ভাৱিলে কিয় গুচি আহিল তাই আজি ইয়ালৈ। প্ৰতিশ্ৰুতি বাৰু তাই দিছিল ৰাজক, এই বিশেষ দিনটোত ইয়ালৈকেই তাৰ লগত আহিব বুলি। কিন্তু আজিতো ৰাজ নাই। নতুন অফিচত জইন কৰিয়েইচোন সি একেলগে কাম কৰা ইন্দুৰ প্ৰেমত পৰি তাইক এৰি গ’ল। ইচ্ছা কৰিয়েই তাই এইখন টেবুলত বহি ৰাজৰ সৈতে কটোৱা মুহূৰ্তবোৰৰ কথা মনত পেলাবলৈ ধৰিলে। ওলাই আহিব ধৰা চকুপানী বোৰ তাই জোৰ কৰি আবদ্ধ কৰি থলে। তাই শক্তিশালী হ’বই লাগিব তাই যে আজি অকলশৰীয়া সেই কথাই তাই আজি ভালদৰে উপলব্ধি কৰিব বিচাৰে। কিমান আৰু নিজৰ অৱস্থাৰ পৰা নিজকে আঁতৰাই ৰাখিব!!

“মোৰ বৰ লৰালৰি, বেয়া নোপোৱা যদি মই ইয়াতে বহোঁ। সোনকালেই খাই যামগৈ।”

কথা শুনি তাই মুৰ দাঙি চালে। তাই কিবা ক’বলৈ পোৱাৰ আগতেই কেঁচা-পকা ডাড়িৰে মুখ ভৰা মানুহ এটা ৰাজ বহা চকীখনত বহি পৰিল। চকীত বহিয়েই চিঞৰি অৰ্ডাৰ দিলে “মচলাডোচা”। শব্দ দুটা শুনি তাইৰ বুকুখন কৰবাত মোচৰ খাই গ’ল। হয়, তায়ো আজি সিহঁতৰ প্ৰিয় খাদ্য মচলাডোচাই খাবলৈ আহিছে, কিন্তু অকলে। মানুহটো মুখৰ পৰা মদৰ ফুৰফুৰিয়া গোন্ধ এটা ওলাই তাইৰ নাকত লাগিল। তাই পিছে অস্বস্তিবোধ নকৰিলে।

“চৰী, মই অলপ ড্ৰিংকছ কৰিছোঁ, বাট মই তোমাক অকনো অসুবিধা নিদিওঁ” ব

মানুহটোৱে টেবুলত থকা টিছু পেপাৰ এখন লৈ মুখৰ পৰা ওলোৱা গোন্ধক বাধা দিবলৈ চেষ্টা কৰিলে। তাইৰ ফোনটো বাজি উঠিল৷ হোষ্টেলৰ বান্ধৱী ৰ’জীৰ ফোন, “ক’লৈ গুছি গ’লি? আমি কেক আনি ৰেডি, পটাপট আহ৷”

– মই এঘণ্টা পাছত যাম, লুইতত আছো৷

– সেই সি আহিছে নেকি?

– নাই, মই অকলে, সি নাথাকিলে মই অকলে আহিব নোৱাৰোঁ নেকি?

সন্মুখত বহি থকা মানুহটোৱে গৰমে গৰমে ডোছাখন গো-গ্ৰাসে খাবলৈ ধৰিছে৷ তাকে দেখি তাইৰ হাঁহি উঠি গ’ল৷

– কি হ’ল হাঁহিলি যে?

তাই হেডছেটৰ মাইক্ৰফোনটো ওঁঠত লগাই ক’লে, “মোৰ লগত এটা মদাহী ডাড়িয়া বুদ্ধা বহি আছে”৷ ৰাজ বুঢ়া হলে ছাগে দেখাত এনেকুৱাই হ’ব৷ তাৰ খোৱাৰ ধৰণ দেখি হাঁহি উঠিছে। ইয়াৰ পাছত তাইলৈ লগৰ ছোৱালীৰ কেইবাটাও ফোন আহিল৷ চুটি বাৰ্তালাপ, জন্ম দিনৰ শুভেচ্ছা জনাইছে সকলোৱে। ফোন সামৰি তাই টেবুলত চকু পৰিল বুদ্ধা উঠি গৈছে। তাইৰ সন্মুখত এখন মছলা ডোছা। আন এখন প্লেটত এটা সৰু কেক৷ কেকৰ তলত থকা টিছুপেপাৰখনত একা-বেঁকা আখৰৰে লিখা আছে…. happy birth day…. with love yours modahi dariya buddha। ক’ব নোৱাৰাকৈয়ে তাইৰ দুগালেৰে চকুলো বৈ আহিল আনন্দৰ। হুমুনিয়াহ এটাৰে বুকুৰ মাজত থকা সকলো দুখ বাহিৰলৈ উলিয়াই পেলালে। পৃথিৱীত মানুহ কেতিয়াও অকলশৰীয়া নহয়৷ তায়ো নহয়!!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!