পাথাৰ্খমাহ, উমলিঙেৰে ৪ ঘণ্টা : উজ্জ্বল গগৈ

দেওবাৰ আছিল৷ দুপৰীয়াটোত লগৰ এজনৰ লগত কথা পাতি বহি আছিলোঁ৷ আমাৰ দুয়োৰে অভ্যাস এটি আছে; সময় পালেই গুগল মেপখন খুচৰি চাওঁ৷ সেইদিনাও তাৰ ব্যতিক্ৰম নাছিল, হঠাৎ মোক সুধিলে ‘তই ৰাণী ৰিজাৰ্ভ ফৰেষ্টৰ মাজৰ ৰাস্তাটোৰে গৈ পাথাৰ্খমাহ ফালে গৈ পাইছনে? ’ সেইটো ৰাস্তাৰে মই তাৰ আগেয়ে দুবাৰ গৈছিলোঁ; এবাৰ পাথাৰ্খমাহ হৈ মাইৰাঙলৈ গৈছিলোঁ আৰু আনবাৰ উমচাও হাবি, নংখাইলেম বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজেৰে আহি নংপোৰ ওচৰৰ উমলিঙত ওলাইছিলোঁগৈ৷ লগৰজন সেইটো ৰাস্তাৰে গৈ পোৱা নাছিল, গতিকে ঠিক কৰিলোঁ দুপৰীয়াৰ সময়খিনি নষ্ট কৰাতকৈ গৈ আহোঁ৷ শুকুৰবেৰীয়াৰ পৰা পাথাৰ্খমাহ আৰু পাথাৰ্খমাহৰপৰা উমলিঙলৈকে আমি যাবলৈ ঠিক কৰা ৰাস্তাটো মেঘালয়ৰ দ্বিতীয় কম জনবসতি প্ৰধান ৰি-ভই জিলাৰ অন্তৰ্গত৷ ৰি-ভই জিলাখনে অসমৰ কামৰূপ জিলা আৰু খাচী পাহাৰৰ অন্যান্য ঠাইবোৰৰ সৈতে নিজৰ চাৰিসীমা কৰিছে৷ জিলা মুখ্য কাৰ্য্যালয় নংপুহ যদিও প্ৰশাসনৰ সুবিধাৰ্থে পাথাৰ্খমাহত এটা প্ৰশাসনিক শাখা আছে৷ সৰু যদিও পাথাৰ্খমাহখন ৰি-ভই জিলাৰ ব্যৱসায়ৰ অন্যতম প্ৰাণকেন্দ্ৰ৷ মাইৰাং, নংপুহ, উমলিং, শুকুৰবেৰীয়া আনকি অসমৰ আজাৰা, ৰাণী ইত্যাদি ঠাইৰপৰাও ব্যৱসায়ীসকলে তালৈ গৈ ব্যৱসায় কৰেগৈ৷

আজাৰা, ৰাণীগেট পাৰ হৈ ৰাণী বনাঞ্চলৰ মাজেৰে এনফিল্ডখন চলাই গৈ থাকিলোঁ৷ বৰষুণ দিয়াৰ লক্ষণ নাছিল যদিও হঠাৎ এটোপাল দুটোপাল বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল৷ ৰাস্তাৰ কাষতে ৰ’লো; নিস্তব্ধ পৰিৱেশ এটা আছিল৷ ভাবিবলৈ আচৰিত লাগে গুৱাহাটীৰ দৰে হাই-উৰুমি চলি থকা চহৰখনৰ পাৰ্শ্বৱতী অঞ্চলত এনেধৰণেও এখন ঠাই থাকিব পাৰে৷ বৰষুণৰ টোপাল অলপ বেছিকৈ পৰিবলৈ ধৰিছিল৷ পাহাৰীয়া যাত্ৰাৰ অভিজ্ঞতা থকাসকলে ভালদৰে জানে যে পাহাৰৰ বৰষুণ কেতিয়া দিয়ে আৰু কেতিয়া এৰে তাৰ কোনো নিশ্চয়তা নাই৷ দুয়ো লৰালৰিকৈ তাৰপৰা যাবলৈ থিৰাং কৰিলোঁ, আশা কৰিছিলোঁ যেন সীমান্তৱৰ্তী শুকুৰবেৰীয়া গাওঁখন পাৰ হওঁ মানে বৰষুণ এৰে৷ আমাৰ আশা নিৰাশ হোৱা নাছিল, অবতৰীয়া বৰষুণজাকে লগ এৰা দিছিল৷ ৰাণীৰপৰা পাথাৰ্খমাহলৈ প্ৰায় ৪০কি.মি. হয়৷ বৰষুণ আঁতৰি ৰ’দজাক ওলোৱাৰ বাবে ঠেক ৰাস্তাটোৰ কাষে কাষে থকা গছবোৰত পানীৰ টোপালবোৰ জিলিকি আছিল৷ জনবসতি সেৰেঙা অঞ্চল; গাওঁবিলাকৰ দূৰত্ব যথেষ্ট৷ কেইখনমান গাঁৱলৈ পাহাৰৰ ওপৰলৈ উঠি যাব লাগে; ৰাস্তাৰ কাষত একোখন চাইনবৰ্ডত কাঁড় চিন এডালেৰে গাওঁখনৰ নাম লিখি থোৱা আছে৷ পাহাৰবিলাকৰ বেছিভাগতে কুৱাই(তামোলৰ গছ), মাকৈ, আনাৰস, কলৰ খেতি৷ গাওঁবিলাকৰ বিষয়ে সকলোতকৈ বেছি আকৰ্ষণীয় কথাটো হ’ল প্ৰতিখন গাওঁয়েই চাফ-চিকুণ, ৰাস্তাৰেপৰা আদি কৰি ঘৰ-বাৰী, ঘৰৰ আগফালে থকা নানাৰঙী ফুলবোৰ সকলোবোৰে মিলি সোণত সুৱগা চৰোৱা যেন লাগিল৷ লগৰজনে ক’লে ‘অকল মাওলিননংক ক্লীনেষ্ট ভিলেজ কিয় দিব লাগে! ইয়াৰে দেখোন প্ৰতিখন গাঁওয়েই চাফ-চিকুণ৷ ’
পাথাৰ্খমাহ টাউনখন পাইছিলোঁগৈ৷ দেওবাৰ আছিল বাবে বেছিভাগ দোকান-পোহাৰ বন্ধ আছিল৷ স্থানীয়লোকসকলে ধুনীয়াকৈ সাজ-পাৰ পৰিধান কৰি গীৰ্জাত সমবেত হৈছিল৷ গুমটি এখন খোলা দেখা পাই তাতে বহি চাহ খালোঁ৷ ফুৰিবলৈ গ’লে মই সদায় পকেটত চকলেট ৰাখি থওঁ গতিকে কেডবেৰীজ আৰু ৰঙা চাহেৰে লাহে লাহে লাগি অহা ভোকটোৰ কিছু পৰিমাণে উপশম কৰিলোঁ৷ সৰু সৰু ল’ৰা-ছোৱালী দুটামান বাইকৰ ওচৰত আহি ৰৈছিলহি, চকলেট খাবলৈ দিয়াৰ পাছত আঁতৰি গ’লগৈ৷ আকৌ বাইক ষ্টাৰ্ট দিলোঁ; সৰু ল’ৰা-ছোৱালীকেইটাই হাত জোকাৰি বাই বাই বাই বাই বুলি চিঞৰিছিল, দুটামানে বাইকখনৰ সমানে সমানে হাতৰ লাঠিডালেৰে চাইকেলৰ চকা দৌৰাবলৈ চেষ্টা কৰিছিল; কেকুঁৰিটো ঘূৰোঁতে পাছলৈ চালোঁ তাহাঁতে হাত জোকাৰিয়েই আছিল৷
পাথাৰ্খমাহৰপৰা অলপ আগলৈ আহিয়েই এটা তিনিআলি আছে৷ এটা ৰাস্তাৰে মাইৰাঙলৈ যায়গৈ আৰু আনটোৰে উমলিং ওলায়গৈ৷ মাইৰাঙলৈ যোৱা উমকাধৰ পথটি এৰি আমি উমলিঙৰ ৰাস্তালৈ বাইক ঘূৰালোঁ৷ ৰাস্তাটি সৰু কিন্তুু ভাল, কেকুঁৰিবিলাক ঘূৰি লাহে লাহে গৈ থাকিলোঁ৷ উমচাও হাবিখনৰ কাষেৰে গৈ আছিলোঁ, উপকণ্ঠ অঞ্চলবোৰত মানুহৰ বসতি আছিল৷ প্ৰকৃতিৰ শোভাৰ মাজেৰে আপোনপাহৰা হৈ গৈ থকা আমি দুয়ো কথা পাতিছিলোঁ ‘আজিকালি বন্ধৰ দিন পালেই গুৱাহাটীৰ মানুহবোৰৰ শ্বিলং, চেৰাপুঞ্জী নতুবা ডাউকীলৈ যোৱাটো একপ্ৰকাৰৰ কমন ফেশ্বন হৈ পৰিছে; তাতোকৈ যদি কোনোবাই নিৰ্জন ঠাই এটুকুৰাত প্ৰকৃতিৰ লগত পাক এটা মাৰোঁ বুলি ভাবে তেন্তে এইবোৰ ঠাইও শ্বিলং, চেৰাপুঞ্জী নতুবা ডাউকীতকৈ কোনোগুণে কম নহয়৷ ’ অলপ আঁতৰৰপৰা ক্ৰছ এটা দেখিলোঁ, গীৰ্জাঘৰ৷ ফটো উঠাবলৈ সেইখিনিতে ৰ’লো৷ নীলা আকাশখন, সৰু জুৰি এটাৰে সৈতে মুকলি পথাৰৰ মাজত থকা গীৰ্জা ঘৰটি দেখি কোনোবা এখন বিদেশী কথাছবিৰ দৃশ্য এটিলৈ মনত পৰিছিল; সাদৃশ্য বহুতো আছিল৷ গীৰ্জাৰ মাইকৰ শব্দত ধৰ্মযাজকজনৰ মুখেৰে ওলাই অহা বাইবেলৰ বাণীবিলাক সেইখিনিতে বহু দেৰি ৰৈ শুনিলোঁ৷ ভাগৰবিলাক ক’ৰবালৈ দৌৰিছিল, মনটো যথেষ্ট ফৰকাল হৈ পৰিছিল৷ কিবা এক অনামী আনন্দই মনৰ মাজত দোলা দিছিল৷
নংৱাহ মাৱলেইন, মাৱটামুৰ ইত্যাদি গাওঁবিলাক পাৰ হৈ গৈ উমট্ৰ’ নদীখন পাইছিলোঁগৈ৷ এইখিনিতে উল্লেখ কৰি থওঁ উমট্ৰ নদীখন মেঘালয়ৰ মাজেৰে বৈ গৈ বৰ্ণিহাট হৈ ডিগাৰু নাম লৈ কপিলীত লগ লাগি ব্ৰহ্মপুত্ৰত পৰিছেগৈ৷ ৰাস্তাটো দুভাগ কৰি বৈ যোৱা উমট্ৰ নদীখনৰ আমি গৈ পোৱা সেই অংশটিৰপৰা অসমৰ গড়ভঙ্গা বনাঞ্চললৈ যাবলৈ এটি ৰাস্তা আছে৷ বাইকখন ৰাখি অলপমান আগুৱাই গ’লো, ম’হৰখীয়া দুজনমানে ম’হকেইটামান বান্ধি ৰাখি থৈ বৰশী টোপাই আছিল৷ পিন্ধনত একোটা হেট, হলৌ কোট একোটা আৰু বুট জোতা৷ মুখত চিগাৰেট লৈ বৰশী টোপাই থকা তেওঁলোকৰ জোলোঙা কেইটালৈ চালোঁ কেইবাটাও মাছ আছিল৷ হঠাৎ তেওঁলোকৰ এজনে বৰশীৰ হুইলটো পকাই ধৰি চিঞৰি দিলে; ডাঙৰ মাছ এটা লাগিছিল৷ কিন্তুু বাকীকেইজনক তেখেতৰ মাছটো লৈ বৰ সুখী হোৱা যেন নালাগিল কাৰণ নিজৰ মাজতে এজনে আনজনক ইতিকিঙৰ সুৰত কিবা এটা কৈ আকৌ বৰশী টোপোৱাত মনোনিৱেশ কৰিছিল৷ আমাৰো মন গ’ল বৰশী টোপাবলৈ, খুজিলোঁ অলপ সময়ৰ কাৰণে; পোনচাটেই No No বুলি ক’লে৷ লাজো পালোঁ, কি কৰিম ভাবিবও পৰা নাছিলোঁ৷ তেনেতে এজনে আমাক পুখুৰী এটাত বৰশী টোপাই থকা আনকেইজনমানলৈ দেখুৱাই ক’লে ‘Go there, actually we are in competition’৷ পুখুৰীটোৰ পাৰলৈ গ’লো, আমাৰ হাতত বৰশী একোডালকৈ দিলে তেওঁলোকে৷ বহুখিনি সময় তাত পাৰ কৰাৰ পাছত আকৌ আগবাঢ়িলোঁ উমলিঙলৈ বুলি৷
উমদু পাৰ হৈ নংখাইলেম বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজেৰে আগবাঢ়িলোঁ৷ পঢ়িবলৈ পোৱা মতে ঠাইখন বিভিন্ন ধৰণৰ উদ্ভিদ আৰু চৰাইৰ বাবে বিখ্যাত৷ ৰাস্তাৰে গৈ থাকোঁতেই চৰাইৰ কিচিৰ-মিচিৰ মাতবোৰ শুনা পাইছিলোঁ৷ কোনো কোনো ঠাইত দুই-তিনিজন মানুহ লগ হৈ গাড়ী ধুই আছিল৷ আমিও পাহাৰৰ দাঁতিত এটুকুৰা ঠাইত অলপ সময়ৰ বাবে ৰৈছিলোঁ৷ পাহাৰৰ পৰা বৈ অহা নিজৰা এটাৰ পানীৰে মুখ-হাতবিলাক ধুলোঁ৷ লগৰজনক সুধিলোঁ ‘এতিয়া যদি আমাক কিডনেপ কৰে কোনোবাই কি কৰা যাব? ’ চিধা প্ৰশ্নৰ চিধা উত্তৰ তপৰকৈ আহিল লগৰজনৰপৰা ‘ইমান ধুনীয়া ঠাই আৰু কেইদিনমান ৰাখকচোন বুলি ক’ম আকৌ’৷ আহি আহি এটা সময়ত আঁতৰৰপৰা গুৱাহাটী-শ্বিলং ৰাস্তাটি দেখা পাইছিলোঁ, বুজি পালোঁ উমলিং পাবৰহি হৈছেহি৷ হঠাৎ মনত পৰিছিল দুয়োৱে থিৰাং কৰি অহা এটা কাম দেখোন কৰায়ে নহ’ল৷ বাইক ৰখাই লৈ আঁতৰৰ পাহাৰকেইটালৈ চাই হেঁপাহ পলুৱাই উকি মাৰিলোঁ৷
স্বৰ্গতৃপ্তি হয়তো তাকেই বুজায়৷ দিনটো সুন্দৰকৈ কটোৱাৰ পাছত চাৰে চাৰি মান বজাত উমলিঙৰ ৰাস্তাত নামি জি.এছ. ৰোডেৰে গুৱাহাটীলৈ বুলি মিটাৰ বক্সৰ কাটাডাল ওপৰলৈ নিলোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!