প্ৰেম, হিংসা, ত্যাগ আৰু আত্মবলিদানৰ অনুপম গাথা পদুম কুঁৱৰী -(অঞ্জল বৰা)

প্ৰেম, হিংসা, ত্যাগ আৰু আত্মবলিদানৰ অনুপম গাথা পদুম কুঁৱৰী

-অঞ্জল বৰা

আধুনিক যুগৰ প্ৰকৃত অসমীয়া উপন্যাসৰ ধাৰা আৰম্ভ হয় লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত। কলিকতাৰ কলেজত পঢ়ি থকাৰ সময়তে বেজবৰুৱাৰ নিজৰ সম্পাদনাতে জোনাকীৰ তৃতীয় বছৰ প্ৰথম সংখ্যাত (১৮৯১ চন) পদুম কুঁৱৰী প্ৰকাশ পায়। ১৯৫০ চনত পিচলৈ উপন্যাসখন গ্ৰন্থ আকাৰে প্ৰকাশ পায়। পদুম কুঁৱৰী মূলতঃ এখন ৰোমাণ্টিক উপন্যাস। কলিকতাৰ কলেজত পঢ়ি থকাৰ সময়ত বেজবৰুৱাৰ ইংৰাজী সাহিত্যৰ অধ্যয়নৰ প্ৰভাৱ ইয়াত সুস্পষ্ট। সেয়েহে বেজবৰুৱাই প্ৰতিটো অধ্যায়ৰ আৰম্ভণিতে একোটা ইংৰাজী উদ্ধৃতি দি বিষয়বস্তুক আৰম্ভ কৰিছে। অসমীয়া ঐতিহাসিক দন্দুয়া দ্ৰোহৰ ঘটনাৰে উপন্যাসখনৰ পৰিৱেশ ৰচিত হ’লেও ইয়াত ৰোমিঅ’ জুলিয়েটৰ দৰে নাটকৰ প্ৰভাৱ পৰা দেখা যায়। কাহিনীৰ গতি অব্যাহত ৰখাত ঐতিহাসিক ঘটনাটো সহায়ক হৈ উঠিছে যদিও ঔপন্যাসিকে ঐতিহাসিক ঘটনাটোৰ ওপৰত অধিক গুৰুত্ব দিয়া নাই। নায়ক-নায়িকাৰ প্ৰেম, অভিভাৱকৰ বাধা, হিংসা আৰু কঠোৰ আদেশত স্বাভাৱিক ত্যাগ আৰু শেষত মিলনৰ চৰম মুহূৰ্তত আত্মবলিদানৰ এক ট্ৰেজিক পৰিণতিৰে কাহিনীটো শেষ হৈছে। গতিকে এই ফালৰ পৰা পদুম কুঁৱৰীক এক সফল ঐতিহাসিক উপন্যাসৰ দৃষ্টিৰে আলোচনা কৰাত কিছু অসুবিধা আছে। তথাপি ঐতিহাসিক ঘটনাটোক কাহিনীৰ মাজত অংগাংগীভাৱে জড়িত কৰি শেষ মুহূৰ্তলৈকে ঐতিহাসিক চৰিত্ৰসমূহ ধৰি ৰখাত বেজবৰুৱাৰ কৃতিত্ব স্বীকাৰ কৰিবলগীয়া। এইফালৰ পৰা অসমীয়া উপন্যাসত প্ৰথম ঐতিহাসিক উপন্যাস হিচাপে পদুম কুঁৱৰীৰ নাম সোণালী আখৰেৰে লিখা থাকিব।

পদুম কুঁৱৰী এখন ৰোমাণ্টিক উপন্যাস হ’লেও ইয়াৰ মূল কাহিনীভাগ আৰম্ভ হৈছে ঐতিহাসিক দন্দুৱা দ্ৰোহৰ ঘটনাৰে। ১৭৮০ খ্ৰীষ্টাব্দত গৌৰীনাথ সিংহ সিংহাসনত উঠে। তেওঁৰ দিনতে মোৱামৰীয়া বিলাকে বিদ্ৰোহ ঘোষণা কৰে আৰু আহোম সেনাক যুদ্ধত হৰুৱাই অসমত চাৰিওফালে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰে। মহাৰাজ গৌৰীনাথ সিংহৰ প্ৰাৰ্থনাত শেষত ১৭৯২ খ্ৰীষ্টাব্দত কেপ্টেইন ৱেলেছ চাহাব অসমলৈ আহি মোৱামৰীয়া বিদ্ৰোহ দমন কৰে। এই সময়তে গুৱাহাটীত হৰদত্ত নামে “এজন ধনী, প্ৰতাপী সম্ভ্ৰান্ত কায়স্থ কুলীয়া লোক ১৭১৭ শকত বসতি কৰিছিল। তেওঁৰ এটি ল’ৰা, এজনী ছোৱালী আৰু বীৰদত্ত নামে এজন ভায়েক আছিল।” (বেজবৰুৱা গ্ৰন্থাৱলীঃ প্ৰথম খণ্ড- পৃষ্ঠা ৫৫৩) এই হৰদত্তই ভায়েক বীৰদত্তৰ সৈতে লগ লাগি কামৰূপ ৰক্ষা কৰাৰ লগতে এই সুযোগতে অত্যাচাৰী বদন বৰফুকনৰ পৰা কামৰূপক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু শেষত ইংৰাজ সেনাই বিদ্ৰোহ দমন কৰি কৃষ্ণনাৰায়নৰ সৈতে সন্ধি কৰাত হৰদত্তৰ আশাত চেঁচাপানী পৰে। ইয়াৰ পিছতে মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাইয়ে গেন্ধেলা ৰাজখোৱাক (কলীয়া ভোমোৰা বৰফুকন) কামৰূপৰ নতুন শাসনকৰ্তা পাতে। কিন্তু এই সময়তো কামৰূপত নানা অন্যায়-অত্যাচাৰ হৈ আছিল। এই অন্যায়-অত্যাচাৰৰ পৰা কামৰূপক উদ্ধাৰ কৰিবলৈ হৰদত্ত-বীৰদত্তই মনে মনে কোচবিহাৰৰ মহাৰাজৰ সহযোগত যুদ্ধৰ আয়োজন কৰিছিল। শেষত এই কথা জানিব পাৰি কলীয়া ভোমোৰা বৰফুকনে খেদাই নি দুয়োকে ছল আৰু প্ৰৱঞ্চনাৰে নিষ্ঠুৰভাৱে হত্যা কৰে। মূলত এই ঐতিহাসিক কাহিনীটোৰ মাজতেই হৰদত্তৰ জীয়েক পদুম, তেওঁৰ তোলনীয়া পুতেক সূৰ্য্যকুমাৰ আৰু কলীয়া ভোমোৰা বৰফুকনৰ জীয়েক ফুল আইদেউৰ এক কৰুণ ত্ৰিকোণ প্ৰেমৰ কাহিনীটোৱে বিকাশ লাভ কৰিছে।

ঔপন্যাসিক বেজবৰুৱাই পদুম, সূৰ্য্য আৰু ফুলৰ প্ৰেম, ত্যাগ আৰু আত্মবলিদানৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। বিশেষকৈ পদুমৰ প্ৰেম, সৰলতা, ত্যাগ আৰু মানসিক অস্থিৰতাৰ অন্তৰালত আত্মবলিদানৰ কৰুণ কাহিনীয়ে পাঠকৰ মন আকৰ্ষণ কৰে। সেয়ে বেজবৰুৱাই প্ৰেমিক চৰিত্ৰ কেইটাৰ সমৰ্থনত প্ৰেম আৰু সামাজিক বান্ধোনৰ ওপৰত দীঘলীয়া বৰ্ণনাৰে চৰিত্ৰ কেইটাক অধিক উজ্জ্বল কৰি তুলিছে। উপন্যাসখনৰ তৃতীয় অধ্যায়ত বেজবৰুৱা পদুম আৰু সূৰ্য্যকুমাৰৰ প্ৰতি অধিক আৱেগিক হৈ পৰিছে। সেয়েহে তেওঁ কৈছে “সূৰ্য্যকুমাৰ পদুমৰ হৃদয়-সৰোবৰৰ একেটি পদ্মৰ একেটি ভোমোৰা; সেই ভোমোৰাক এৰি পদুম কেনেকৈ থাকিব?…. সেই ভোমোৰাটিক পদুমৰ পৰা নিষ্ঠুৰতাচৰণ কৰি তুমি আঁতৰ কৰা, তুমি ভোমোৰাকো হেৰুৱাবা, পদুমকো হেৰুৱাবা।” (প্ৰাগুক্ত গ্ৰন্থ, পৃঃ-৫৫৮) সৰুৰে পৰা একেলগে ডাঙৰ-দীঘল হৈ যৌৱনত ভৰি দিয়া পদুম আৰু সূৰ্য্যৰ মাজত গঢ়ি উঠা প্ৰেম আছিল নিভাঁজ সৰল। ইয়াত “পাপ ৰাক্ষস” প্ৰৱেশ কৰা নাছিল। দুয়োৰে ইচ্ছা ইজনে-সিজনৰ হাতত নিজ নিজ মন প্ৰাণ সমৰ্পন কৰি “চিৰ দুখ-সুখৰ ভাগী আৰু চিৰসঙ্গিনী কৰিব।” কিন্তু আহোমৰ প্ৰতি থকা হৰদত্তৰ মনৰ বিদ্ৰোহভাৱে এই প্ৰেমৰ পথত অবাঞ্চিত বাধাৰ সৃষ্টি কৰিলে। ফলত দুয়োৰে বিচ্ছেদ হ’ল। যি বিচ্ছেদে গোটেই উপন্যাসখনকে এখন ট্ৰেজিক উপন্যাসলৈ ৰূপান্তৰ কৰিলে। ঘটনাৰ প্ৰাকচক্ৰত আন এটা প্ৰেম কাহিনীয়েও অপ্ৰত্যাশিতভাৱে জড়িত হৈ পৰিল। সেইটো হ’ল ফুল আৰু সূৰ্য্যৰ প্ৰেম। হৰদত্তৰ ঘৰৰ পৰা ওলাই আহি দিকবিদিক হেৰুৱাই সূৰ্য্যই কলীয়া ভোমোৰা বৰুৱাৰ ওচৰত আশ্ৰয় ললে। সেই বৰফুকনৰেই জীয়েক ফুলে সূৰ্য্যক দেখা মাত্ৰকে প্ৰথম দৃষ্টিতে তেওঁৰ প্ৰতি অনুৰাগ জন্ম হ’ল। সূৰ্য্য আৰু পদুমৰ প্ৰেমৰ কথা নজনাকৈয়ে ফুলেও সূৰ্য্যৰ অজ্ঞাতেই নিজৰ দেহ-মন সমৰ্পন কৰিলে। কিন্তু যেতিয়া এহালি কপৌ-কপৌৱনীৰ বিচ্ছেদৰ কথাই সূৰ্য্যকুমাৰৰ শাৰীৰিক অৱস্থাৰ পৰিৱৰ্তন কৰা দেখিলে, প্ৰখৰ বুদ্ধিমতী ফুলে লগে লগে সূৰ্য্যকুমাৰৰ মানসীক অৱস্থাৰ উমান পালে। সেয়েহে ফুলে “তোমাৰ পুনৰ সুখ শান্তি দেখিবলৈ পালেই মোৰ জীৱন সাৰ্থক হ’ল বুলি মানিম। প্ৰাণেশ্বৰ! তোমাৰ প্ৰিয়াৰ বেটী হৈ থাকিও যদি মই তোমাক সুখী দেখিবলৈ পাওঁ তেনেহ’লে মোক এই সংসাৰত আৰু একো নালাগে।” এই বুলি সেই মূহুৰ্ততে নিজৰ সকলো প্ৰেম ভালপোৱা ত্যাগ কৰি পদুম-সূৰ্য্যৰ মিলনৰ বাবে বাট চাই ৰ’ল।

উপন্যাসখনত আৰম্ভণিৰ পৰাই পৰিস্থিতিৰ দাসত পৰি প্ৰতিটো চৰিত্ৰই নিজৰ ভালপোৱা ত্যাগ কৰিবলৈ বাধ্য হৈছে। যি ত্যাগৰ আঁৰত লুকাই আছে অভিভাৱকৰ হিংসা, প্ৰতিশোধপৰায়ণতা আৰু বাধা। যাৰ বাবে কাহিনীটো শেষত আত্মবলিদানৰ এক ট্ৰেজিক পৰিণতিৰে শেষ হৈছে। চৰম বিশ্বাসঘাটকতাৰে কলীয়া ভোমোৰা বৰফুকনে হৰদত্তৰ পুতেকক বন্দী কৰি দেউতাকৰ লগত সন্ধি কৰাৰ চলেৰে হৰদত্ত লুকাই থকা ঠাইত উপস্থিত হয়। পূৰ্বতে শিকাই থোৱা সৈন্যই হৰদত্ত, বীৰদত্তকে ধৰি পুত্ৰ ৰঘুক হত্যা কৰে। অকলশৰীয়া পদুমৰ প্ৰতি অবিচাৰ কৰিবলৈ চেষ্টা কৰাৰ সময়তে পদুমৰ আশাত বৰফুকনৰ লগত যোৱা সূৰ্য্যকুমাৰ সেই ঠাইত উপস্থিত হয়। একে ঘাপতে সেই অবিবেচক কুমেদানৰ শিৰচ্ছেদ কৰি পদুমৰ ডিঙিত সাৱটি ধৰে। ঘ্টনাৰ শেষত এই মিলন কিন্তু সুখকৰ নহ’ল। এক প্ৰকাৰ অজ্ঞান, মানসিক ভাৰসাম্যহীন পদুমে সূৰ্য্যকুমাৰক চিনি পাই আঁকোৱালি ধৰিলেও, চিৰদিন আঁচলৰ আগত বান্ধি থোৱা বিহ খাই জীৱনৰ সকলো দুখ-কষ্টক এৰি চিৰদিনৰ বাবে চকু মুদিলে। পদুমৰ এই অৱস্থা দেখি পদুমৰ আশাত জীয়াই থকা সূৰ্য্যকুমাৰেও নিজ হাতেৰে তৰোৱালখন বুকুত খোচ মাৰি প্ৰাণত্যাগ কৰে। সূৰ্য্যকুমাৰৰ পিছে পিছে দৌৰি অহা ফুলে এই সমস্ত ঘটনা দেখি নিজৰ কৰ্তব্য স্থিৰ কৰিলে। বৰফুকনক বুজাই মেলি পদুম আৰু সূৰ্য্যকুমাৰৰ শ দুটা গুৱাহাটীলৈ নি এটা মৈদাম সজাই নিজেও সেই মৈদামৰ ভিতৰত সোমাই চিৰদিনৰ বাবে ফুলে সূৰ্য্যকুমাৰক আপোন কৰি ল’লে। মূলতঃ হৰদত্ত আৰু কলীয়া ভোমোৰাৰ প্ৰতিহিংসাৰ দাৱানলত তিনিটা নিষ্পাপ প্ৰেমিক চৰিত্ৰই জীৱনৰ সপোন পূৰ নৌহওঁতেই মৃত্যুক সাৱটি ল’লে। ইয়াৰ লগত জড়িত হৈ পৰিল প্ৰকৃতিৰ দৰেই সৰল এহাল ভুটীয়া ল’ৰা-ছোৱালী কোৰ্ম্মা আৰু কুৰ্ম্মী। পদুম আৰু ৰঘুৰ বন্ধু কোৰ্ম্মা আৰু কুৰ্ম্মীৰ ত্যাগ আৰু আত্মবলিদানেও অলপ সময়লৈ পাঠকৰ মন চুই যায়।

এইদৰে এফালে এটা ঐতিহাসিক ঘটনা আৰু আনফালে দুটা প্ৰেম কাহিনীক বেজবৰুৱাই উপন্যাসখনত অংগাংগীভাৱে জড়িত কৰি ৰাখিছে। ইয়াত মধ্যকালীন ৰোমাঞ্চৰ সুন্দৰ প্ৰয়োগ লক্ষ্য কৰা দেখা যায়। প্ৰেমৰ পৰিণতিত ঘৰৰ অমতত যাব নোৱাৰি আত্মবলিদানৰ শিহৰণকাৰী ঘটনা এনে ৰোমাঞ্চৰ মূল উপজীৱ্য। য’ত গভীৰ আৱেগ আৰু ভালপোৱাই মিলনৰ সকলো বাধাক মৃত্যুৰে জিনি মুক্তিৰ সপোন দেখে। উপন্যাসখনৰ ঐতিহাসিক ঘটনা আৰু প্ৰেম কাহিনীটোৰ লগতে ইয়াৰ পৰিৱেশ ৰচনা আৰু উপমা, অলংকাৰৰ প্ৰয়োগ মনকৰিবলগীয়া। সকলো পৰিৱেশেই বৰ্ণনাত্মক আৰু বাস্তৱিক। ইয়াত অবিশ্বাসৰ সাঁচ নাই। একোটা দীঘলীয়া বৰ্ণনাৰ দ্বাৰা তেওঁ পৰিৱেশ ৰচনা কৰিছে। ইয়াৰোপৰি প্ৰেম, লাজ সম্পৰ্কে তেওঁৰ নিজস্ব বক্তব্য উপন্যাসখনত স্থান লাভ কৰিছে যদিও ই উপন্যাসখনৰ গভীৰতা কিছু হ্ৰাস কৰিছে। আনহাতে হিন্দী উপমা “প্ৰেম যে “দিল্লীকা লাড্ডু” ইয়াক “যোভি খায়া ওভি পস্তায়া, যোভি নাহি খায়া ওভি পস্তায়া” আদিৰ দৰে বাক্যই প্ৰেম কাহিনীটোক এক টুলুঙা পৰ্য্যায়লৈ লৈ যোৱা যেন অনুমান হয়। বেজবৰুৱাই কলেজত পঢ়ি থকা সময়তে প্ৰচলিত প্ৰেমৰ দৃষ্টান্তৰে উপন্যাসখন ৰচনা কৰা বাবেই এনে ধৰণৰ উপমাৰ প্ৰভাৱ পৰা বুলি ভাবিব পাৰি। কিন্তু অন্যান্য উপমা প্ৰয়োগৰ ক্ষেত্ৰত বেজবৰুৱাৰ কল্পনাপ্ৰৱণ মনে কোনো ধৰণৰ বাধা মানিব বিচৰা নাই। পদুমৰ ৰূপ-সৌন্দৰ্য বৰ্ণনাৰ ক্ষেত্ৰতো বেজবৰুৱাৰ উপমা দিবলৈ বস্তু নাই। তেওঁ যেন প্ৰকৃতিৰ সকলো সৌন্দৰ্যক বুটলি আনি পদুমৰ শৰীৰত বিলীন কৰি দিব। “হাঁহিলে সৰিপৰা বকুল ফুলটি ঠাৰিত থকাৰ ফালৰ পৰা চালে যেনে দেখি তেনে চিকুন খোৰ দুটি দুফালে দুখন গালত ওলাই পৰে, যাৰ মাতত মৌ বৰষে, যাৰ ওঠ দুটি ডালিম ফুল যেন টিকটিক কৰে ৰঙা, দাঁত দুপাৰি যাৰ মুকুতাৰ মালা দুধাৰি যেন” ইত্যাদি উপমাৰে পদুম বিভূষিত। একেদৰে আন কিছুমান উপমা হ’ল, বীৰদত্তৰ “মূৰটো ৰঙ্গালাউৰ নিচিনা”, “গোফ মেকুৰীৰ গোফৰ নিচিনা”, “বৰণ চুৱা চৰুৰ তলিতকৈ অলপহে পোহৰ”, “নাকটো হাকোটাটো যেন”, “এহেজাৰ সাপে খোৱা সমান শোকে বিষে আজি পদুমক জৰ্জ্জৰিত কৰিছে” আদি উপমাত অসমীয়া মাটিৰ গোন্ধ বিচাৰি পোৱা যায়। ইয়াৰোপৰি উপন্যাসখনত কিছুমান উপমাবাচক ৰূপক অলংকাৰৰ সৃষ্টি কৰিছে। বেজাৰ-ৰাহুৱে, চিন্তা-বজ্ৰপাত, মৰম-পুখুৰী, স্নেহ-ডৌকা, সুখ-টোপনি, দুখ-নৈৰ, সংসাৰ-বিষ-সৰ্প, চিন্তা-ধুমুহাত, হৃদয়-সিংহাসনত, মৰম-নৈবেদ্য, প্ৰেম-ফুল, সুখ-সামাজিক, আশা-বালি, মন-আকাশত, চেনেহ-ঠাৰি, সংসাৰ-বাগিছাত, অনুৰাগ-কাঁড়ে, দুখ-সমুদ্ৰৰ, আশা-কাঠ, আশা-ছালৰ, সংসাৰ-চক্ৰৰ, গা-সাজৰ, মন-দুবৰি, আশা-নিয়ৰ, নেত্ৰ-ভ্ৰমৰেৰে, হৃদয়-আসনৰ ইত্যাদি শব্দৰে উপন্যাসখনক অন্য এক সৌন্দৰ্য প্ৰদান কৰিছে।

উপন্যাসখনৰ চৰিত্ৰ সৃষ্টি আন এটা মনকৰিবলগীয়া দিশ। চৰিত্ৰসমূহৰ নামৰ লগতে সংলগ্ন কৰি ৰখা সংলাপ সৃষ্টিয়ে উপন্যাসখনত কাব্যিকতা প্ৰদান কৰিছে। “ফুল গোটেই সূৰ্য্যমুখী হ’ল”, “সূৰ্য্যৰ পৰশ পাই তৎক্ষণাত জাপখোৱা পদুম ফুলটী মুকলি হৈ পৰিল” আদি বাক্যই ফুল, সূৰ্য্য আৰু পদুম সকলোকে প্ৰকৃতিৰ অনুপম বাস্তৱতাৰ লগত মিলাই দিছে। সূৰ্য্যকুমাৰৰ চৰিত্ৰত সাহসিকতাৰ বিপৰীতে আৱেগপ্ৰৱণ আৰু দুৰ্বল মনৰ যুৱকক দেখা যায়। পদুমৰ মাকৰ চৰিত্ৰই বিশেষ বিস্তাৰ লাভ কৰা নাই যদিও এই চৰিত্ৰটোৱে ৰুক্মিণী হৰণ নাটৰ ৰুক্মিণীৰ মাকৰ চৰিত্ৰলৈ দৃষ্টি নিক্ষেপ কৰে। ইয়াত শিশুপাললৈ ৰুক্মিণীক বিয়া দিবলৈ বিচৰা শুনি ৰুক্মিণীৰ হোৱা মানসিক অৱস্থা আৰু শেষত শশীপ্ৰভাই কৰা অনুৰোধৰ মিল আছে। কলীয়া ভোমোৰা বা হৰদত্ত-বীৰদত্তৰ চৰিত্ৰত কঠোৰতা আৰু ঐতিহাসিক গম্ভীৰতা প্ৰদান কৰিছে। পদুম আৰু ফুলৰ চৰিত্ৰ সহজ সৰল অসমীয়া ছোৱালীৰ চৰিত্ৰ যদিও ফুল পদুমতকৈ অভিজ্ঞ আৰু বুদ্ধিমতী।

অসমীয়া ভাষা-সাহিত্যৰ দুৰ্যোগৰ সময়তেই, অসমীয়া উপন্যাসৰ কোনো সম্বল নাথাকোতেই আৰু কলেজীয়া এজন ছাত্ৰৰ কলমত সৃষ্টি হোৱা পদুম কুঁৱৰী নিসন্দেহে এখন অনুপম উপন্যাস। ইয়াৰ ভাষা, ৰচনাশৈলী তুলনামূলকভাৱে আধুনিক উপন্যাসৰ ওচৰ চপা। তথাপি সমালোচনাৰ দৃষ্টিৰে ড° সতেন্দ্ৰনাথ শৰ্মাই কৈছে- “অস্বাভাৱিক ঘটনা, চাঞ্চল্যজনক পৰিণতি আৰু অপ্ৰয়োজনীয় বা ঔচিত্যহীন বৰ্ণনাই উপন্যাসখনৰ মূল্য হ্ৰাস কৰিছে” সমালোচনাৰ দৃষ্টিৰে এই কথা প্ৰযোজ্য হ’লেও পদুম কুঁৱৰীক আমি সময়ৰ হিচাপত দোষ মুক্ত বুলিয়েই ক’ব লাগিব। এই ক্ষেত্ৰত ড° বিৰিঞ্চি কুমাৰ বৰুৱাই উচ্চ প্ৰশংসা কৰি কৈছে যে- “Minute details are provided to lend to the story the illusion of reality, and the novelist achieves a pattern marked by skilful weaving, clarity of conception and happiness of blending.” ড° মহেশ্বৰ নেওগৰ ভাষাত “এয়া উচ্ছাসিত প্ৰশংসা কিন্তু তৰুণ আৰু পথ-প্ৰদৰ্শক ঔপন্যাসিকৰ সি প্ৰাপ্য” বেজবৰুৱাই নিজেই “মোৰ জীৱন সোঁৱৰণত” ইয়াক ‘নগণ্য’ (পৃষ্ঠা-৯৬) বুলি প্ৰকাশ কৰিলেও অসমীয়া উপন্যাসৰ ইতিহাসত পদুম কুঁৱৰী এক ঐতিহাসিক দৃষ্টিৰে চিৰদিন জিলিকি থাকিব।

(লেখাটো ইতিপূৰ্বে ‘এনাজৰী.কম’ত প্ৰকাশ পাইছে)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!