দন্ত চিকিৎসাৰ বাবে মোৰ ওচৰত আপোনাৰ শিশুটি -(ডাঃ অজিত কুমাৰ পটঙ্গীয়া)

দন্ত চিকিৎসাৰ বাবে মোৰ ওচৰত আপোনাৰ শিশুটি
ডা অজিত কুমাৰ পটঙ্গীয়া


“কি যে মৰম লগা ছোৱালীজনী
সঁচাকৈয়েই বৰ ধুনীয়া।”
এইয়া আছিল ২৬ বছৰীয়া ৰূপহী গাভৰু নন্দিনীৰ কইনা সাজৰে এক অনাবিল আনন্দৰ মুহূৰ্ত্ত। পিচে…, তাইৰ হাঁহিত মুকুতাৰ চিকমিকনিৰ সলনি দেখা গৈছিল বিবৰ্ণ, অসমান দাঁত…, যিয়ে তাইৰ সৌন্দৰ্য্য বহুখিনি ম্লান কৰি পেলাইছিল।
কোৱা হয় মানুহৰ মুখমণ্ডল হৈছে এগৰাকী ব্যক্তিৰ ব্যক্তিত্বৰ প্ৰথম পৰিচয়। দাঁত আৰু হনুৰ সুসমতাই মানুহৰ মুখমণ্ডললৈ আনি দিয়ে এক ব্যক্তি-বিশেষিত সৌন্দৰ্য্য, আৰু লগতে বুদ্ধিমত্তা আৰু সুন্দৰ ব্যৱহাৰ-পাতিৰ সংযোগৰে এক স্বয়ংসম্পূৰ্ণ ব্যক্তিত্ব প্ৰকাশৰ দ্বাৰা সমাজক আকৰ্ষিত কৰি বিশেষ প্ৰভাৱ বিস্তাৰ কৰাৰ সুযোগ। প্ৰথম দৃষ্টিত যুৱক-যুৱতীৰ মাজত প্ৰেম হয় মুখৰ এই ব্যাহিক সৌন্দৰ্য্য, অভিব্যক্তিৰ পৰাই। তাৰ পাচতহে সৃষ্টি হয় হৃদয়ৰ প্ৰেম। অন্যহাতেদি সমগ্ৰ দেহৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গৰ সু-স্বাস্থ্যৰ বাবে খাব লগা আহাৰ আমাৰ পাচন-তন্ত্ৰলৈ যায় দাঁতেৰে, ভালদৰে চোবাই গুৰি কৰি হজমৰ উপযোগী কৰাৰ পাচতহে। গতিকে ব্যাহিক সৌন্দৰ্য্যৰ লগতে সু-স্বাস্থ্যৰ বাবেও দাঁতৰ যত্ন লোৱাতো আমাৰ অপৰিহাৰ্য্য দ্বায়িত্ব।
মাতৃৰ গৰ্ভত থাকোতেই প্ৰাকৃতিক কেলছিয়াম সহ সুসম পুষ্টিকৰ আহাৰ গ্ৰহণৰ জৰিয়তে শিশুৰ দাঁতৰ যত্ন আৰম্ভ কৰা প্ৰয়োজন আৰু গোটেই জীৱনজুৰি ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ উচিত। দন্ত চিকিৎসকৰ ওচৰলৈ নিয়াৰ আগতে অভিভাৱকে এটি শিশুক ভালদৰে প্ৰস্তুত কৰি ল’ব লাগে। ই শিশুটিক সঠিক ভাবে দন্ত চিকিৎসা লোৱাত সহায় কৰে। পিছে অধিক সংখ্যক অভিভাৱকে তাকে নকৰি সকলো চিকিৎসকজনৰ ওচৰলৈ ঠেলি দিয়ে। ফলত দন্ত চিকিৎসালয়ত শিশুটিক লৈ সৃষ্টি হয় বহুতো অনাকাংঙ্খিত পৰিবেশৰ। এই লিখনিটিৰ যোগেদি এটি শিশুক প্ৰথমবাৰৰ বাবে দন্ত চিকিৎসকৰ ওচৰলৈ নিয়াৰ প্ৰয়োজনীয়তা, সময় আৰু নিয়মৰ বিষয়ে কিছু কথা জনাবলৈ চেষ্টা কৰিম।
এটি শিশুক কেতিয়া এজন দন্ত চিকিৎসকৰ ওচৰলৈ নিয়া উচিত?
এটি শিশুৰ প্ৰথম দাঁত গঁজা বা ৬ মাহ হোৱাৰ পৰা প্ৰথম জন্মদিনৰ আগতেই দন্ত চিকিৎসকৰ ওচৰলৈ নিয়াতো যুগুত। ইয়াৰ বহুতো কাৰণৰ ভিতৰত আছে—
– অভিভাৱকক শিশুটিক গাখীৰ খুওঁৱাৰ নিয়ম আৰু মুখৰ সু-স্বাস্থ্য ৰক্ষাৰ বাবে ল’বলগা যতনসমূহৰ বিষয়ে দিহা-পৰামৰ্শ দিয়া।
– দন্তক্ষয় আৰু মুখৰ অন্যান্য সমস্যা নিৰীক্ষণ কৰা।
– বহুতো অভিভাৱকৰে নিজৰ শিশুটিৰ দন্তক্ষয় ৰোগ নহ’বলৈ সঠিক ধৰণে দাঁত আৰু মুখ পৰিস্কাৰ কৰি ৰখা, দন্তক্ষয় নহ’বলৈ বা দন্তক্ষয়ৰ আৰম্ভণি অৱস্থাত দাঁত ভৰ্ত্তি বা ফিলাপ কৰাৰ সন্বন্ধে প্ৰয়োজনীয় জ্ঞানৰ অভাৱ। ফলস্বৰূপে বহুসময়ত অভিভাৱকে শিশুটিৰ দাঁতৰ বিষে-জ্বৰে একাকাৰ হ’লে বা মুখ ফুলি গ’লেহে দন্ত চিকিৎসকৰ কাষ চাপে, তেতিয়া আৰু এন্টিবায়টিক দি দাঁত সৰাই দিয়াৰ বাদে আন কোনো গত্যান্তৰ চিকিৎসকৰ নাথাকে।

– কিছুমানে ভাবে সেইয়া অস্থায়ী গাখীৰ দাঁত যিহেতু সৰি নতুন স্থায়ী দাঁত গঁজিব, গতিকে সেইবোৰ দাঁতৰ যত্ন লোৱাৰ কোনো আৱশ্যক নাই। কিন্তু স্থায়ী দাঁতসমূহ সঠিক ঠাইত গঁজাৰ বাবে অস্থায়ী হ’লেও গাখীৰ দাঁতসমূহ স্থায়ী দাঁত গঁজাৰ আগলৈকে ঠাইখিনিত থকাতো প্ৰয়োজন।
– শিশুটিয়ে আহাৰ চোবাবলৈকো স্থায়ী দাঁত নোলোৱালৈকে গাখীৰ দাঁতৰ প্ৰয়োজন আছে।

বহু সময়ত এজন দন্ত চিকিৎসকে অসহযোগী শিশু এটিক পৰীক্ষা কৰিবলৈ গৈ বৰ অস্বস্তিকৰ অৱস্থাত পৰে। এনেকুৱা শিশুৰ ক্ষেত্ৰত দন্ত চিকিৎসকক সহজভাবে ল’বলৈ দিয়া অভিভাৱকৰ বুজনিয়ে কণমাণি শিশুটিক দন্ত চিকিৎসকৰ সু-পৰামৰ্শ লৈ দন্তক্ষয় প্ৰতিৰোধ কৰাত ভালেখিনি সহায়ক হয়। কিন্তু পৰিকল্পিত ভাবে এটি শিশুক প্ৰথমবাৰৰ বাবে দন্ত চিকিৎসকৰ ওচৰলৈ নিয়াতো কাচিৎহে পৰিলক্ষিত হয়। বহুক্ষেত্ৰত শিশুৰ অভিভাবকে বহু দেৰিকৈ জটিল সমস্যালৈ শিশুটিক দন্ত চিকিৎসকৰ ওচৰলৈ অনা দেখা যায়।
শিশুটিক দন্ত চিকিৎসাৰ বাবে অনাৰ সময়ত অভিভাবকে লব গা ব্যৱস্থা:
এটি শিশুয়ে কেতিয়াও ডাঙৰ মানুহৰ দৰে আঁচৰণ নকৰে বা কৰিব নোৱাৰে। সিহঁতে ডাঙৰতকৈ জগতখন ভিন্ন ধৰণে অনুভৱ কৰে আৰু বিচাৰেও অন্য ধৰণে, সিহঁতৰ মনঃপুতকৈ। সিহঁতে সিহঁতৰ চাৰিওফালে থকা পৰিবেশটো আচহুৱা দেখিলে ডাঙৰতকৈ খুউব সোনকালে প্ৰতিক্ৰিয়া দেখুৱায়। সেয়েহে এজন দন্ত চিকিৎসকে এটি শিশুৰ লগত যোগসূত্ৰ গঢ়ি তোলা, চিকিৎসা কৰাৰ বাবে সৈমান কৰা আৰু চিকিৎসা কৰাৰ আগতে শিশুটিৰ মনঃস্তত্ব বুজাতো নিতান্তই প্ৰয়োজনীয়। সাম্ভাৱ্য জটিলতা আৰু ভুল বুজাবুজি এৰাই চলিবৰ বাবে শিশু এটিৰ চিকিৎসা আৰম্ভ কৰাৰ আগতে অভিভাৱকক পৰামৰ্শ দিয়াৰ প্ৰয়োজন। এনে কৰিবলৈ যাওঁতে অভিভাৱকক শিশুৰ বাবে বিভিন্ন প্ৰতিৰোধী দন্ত চিকিৎসা সম্পৰ্কে জ্ঞান দিয়াৰ উপৰি শিশুক যোগাত্মক কথাৰে কেনেকৈ মনোবল বঢ়াব পাৰি তাৰ বিষয়ে আলোচনা কৰাৰ আৱশ্যক হয়। এনে জ্ঞানে শিশুৰ অভিভাৱকক শিশুৰ চিকিৎসা গ্ৰহণ কৰাৰ বাবে প্ৰস্তুত কৰাত ভালেখিনি সহায় কৰে।
দন্ত চিকিৎসালয়ত পোৱা এক সৌহাৰ্য্যমূলক পৰিবেশে এটি শিশুক অকল প্ৰাপ্তবয়স্ক হোৱা পৰ্য্যন্তই নহয় গোটেই জীৱন জুৰি দন্ত চিকিৎসাৰ প্ৰতি বিশ্বাস আৰু মনোবল গঢ়াত সহায় কৰে। প্ৰথমবাৰ অভিভাৱকে শিশুটিক দন্ত চিকিৎসালয়লৈ আনি চিকিৎসক আৰু তাৰ পৰিবেশৰ লগত চিনাকী কৰি দিব লাগে, যাতে শিশুটিয়ে তাৰ পৰিবেশৰ লগত সহজ হ’ব পাৰে। এনেদৰে অভিভাবক, শিশুটি আৰু দন্ত চিকিৎসকৰ মাজত কথোপকথন, তথ্য বিনিময়ৰ যোগেদি এক সুন্দৰ যোগ-সূত্ৰ গঢ়ি উঠিব পাৰে আৰু শিশুটিয়ে চিকিৎসকৰ চিকিৎসা নিৰ্ভয়ে গ্ৰহণ কৰিবলৈ প্ৰস্তুত হৈ উঠিব পাৰে।
যদিও এটা সজ্ঞালোপী বেজিয়ে বিষ নিবাৰণ কৰে, এটি শিশুক বেজি দিয়াটো সিমান সহজ নহয়। বেজিৰ প্ৰতি এটি শিশুৰেই নহয় ডাঙৰৰেই বহুতৰে ভয় সহজাত। যদিও সকলো ক্ষেত্ৰতে এটি শিশুক চিকিৎসা আৰম্ভ কৰাৰ আগতে সজ্ঞালোপী বেজি দিব ল’গা নহয়, কিন্তু যেতিয়াই বেজি দিব লগা হয়, বহু সময়ত দন্ত চিকিৎসকসকল এক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লগাত পৰে। দন্ত চিকিৎসাত দাঁত ভৰ্ত্তি বা ফিলাপ কৰা, উঠোৱা আদি কাৰ্য্যত ভাৰতবৰ্ষত প্ৰায় সকলো দন্ত চিকিৎসালয়ত ‘স্থানীয় সংজ্ঞালোপী’হে ব্যৱহাৰ কৰা হয়, যাৰ বাবে ৰোগীৰ সহযোগ নিতান্তই প্ৰয়োজনীয়। তাৰোপৰি বেজিৰ প্ৰতি থকা সহজাত ভয়ে বিষ সহনীয় ক্ষমতা কমাই দিয়াৰ ফলত স্থানীয় সজ্ঞালোপী বেজি দিয়াৰ সময়ত লগাতকৈ বেছি বিষ অনুভৱ হয়। উঠাব বা ফিলাপ কৰিব লগা দাঁত থকা ঠাইখিনি সম্পূৰ্ণ সজ্ঞালোপন নহ’লে শিশুটিয়ে চিকিৎসা কৰা সময়ত বিষ অনুভব কৰিব আৰু চিকিৎসকক ভালদৰে চিকিৎসা আগবঢ়োৱাত বাধা জন্মাব। গতিকে স্থানীয় সজ্ঞালোপীৰ প্ৰয়োজনীয়তা কিমান সেইয়া নক’লেওঁ হ’ব। এটি শিশুক সফলতাৰে স্থানীয় সজ্ঞালোপী দিব পৰাতো এজন দন্ত চিকিৎসকৰ অন্যতম দক্ষতা। এই ক্ষেত্ৰত শিশুৰ সহযোগীতা আৰু চিকিৎসকৰ চিকিৎসা দিব পৰা গুণগত মান বহুখিনি নিৰ্ভৰশীল। বেছিভাগ অভিভাৱকে শিশুৱে দুষ্টামী কৰিলে ডক্টৰৰ ওচৰলৈ লৈ যাব বুলি বা বেছি চকলেট খালে ডক্টৰে বেজি দিব বুলি ভয় দেখুৱায়। ফলত শিশুৰ চিকিৎসকৰ ওচৰলৈ যোৱাৰ ক্ষেত্ৰত এটি ঋণাত্মক মনোভাৱ গঢ়ি উঠে – যেন কোনো দোষৰ বাবে শাস্তি দিবলৈহে শিশুটিক চিকিৎসকৰ ওচৰলৈ নিয়া হ’ব।
শিশুৰ দন্ত চিকিৎসাৰ আগতে অভিভাবকক প্ৰস্তুত কৰাৰ লক্ষ্য:
– শিশুৰ দন্ত চিকিৎসাৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে তেওঁলোকৰ শুদ্ধ ধাৰণা আৰু আগ্ৰহ সৃষ্টি কৰা।
– শিশুৰ দন্ত চিকিৎসাৰ প্ৰতি থকা উৎকন্ঠাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰা।
– শিশুৰ লগতে অভিভাবকৰ লগতো কথোপকথনৰ জৰিয়তে এক যোগ-সূত্ৰ গঢ়ি তোলা।

আপোনাৰ শিশুটিক দন্ত চিকিৎসকৰ ওচৰলৈ পৰামৰ্শ আৰু চিকিৎসাৰ বাবে আনোতে কৰিব লগা আৰু নলগা:

কি কৰিব:
– আপুনি শিশুটিক ক’ব যে আপুনি তেওঁক এজন বন্ধু অথবা খুড়াৰ ওচৰলৈ লৈ যাব যিজন এজন চিকিৎসক আৰু তেওঁ শিশুক খুউব ভাল পায়, মৰম কৰে আৰু মাথোন তাৰ/তাইৰ দাঁতখিনি পৰীক্ষা কৰি দিব (বহুতো অভিভাবকে শিশুক অন্য ঠাইলৈ নিম বুলি বা চকলেট, চাইকেল, খেলনা বস্তু কিনি দিম বুলি চিকিৎসকৰ ওচৰলৈ আনে, তেনে কৰিলে শিশুটিয়ে আপোনাৰ ওপৰত বিশ্বাস হেৰুৱাব)।
– শিশুটিক বিশ্বাস জন্মাব যে নিয়মীয়াকৈ দন্ত চিকিৎসকৰ ওচৰত দাঁত পৰীক্ষা কৰিলেহে ভৱিষ্যতে দাঁতৰ বিষৰ পৰা হোৱা যন্ত্ৰণাত ভোগাৰ পৰা ৰক্ষা পৰিব।
– সুবিধা হ’লে মাক-দেউতাক দুয়োজনেই শিশুটিক প্ৰথমবাৰ দন্ত চিকিৎকক দেখুওঁৱাৰ সময়ত উপস্থিত থাকিব।
– আপোনাৰ শিশুটিৰ লগত পোনপটীয়াকৈ কথা পাতিবলৈ চিকিৎসকক সময় দিব, যিয়ে চিকিৎসকৰ প্ৰতি শিশুটিৰ আস্থা আৰু বিশ্বাস গঢ়ি তুলিব আৰু ভৱিষ্যতে চিকিৎসকৰ সময় ৰাহি কৰিব।
– আমেৰিকাত সাধাৰণতে প্ৰায় ৮৫-৯০ শতাংশ শিশুয়ে সকলো ধৰণৰ দন্ত চিকিৎসাৰ প্ৰতি সহযোগ কৰাৰ বিপৰীতে ভাৰতবৰ্ষত মাথোন ৩০ শতাংশ শিশুয়েহে সহযোগ কৰে। আপোনাৰ শিশুটিৰ দন্ত চিকিৎসাৰ বাবে অকল চিকিৎসকক সহায় কৰায়েই নহয়, চিকিৎসক আৰু চিকিৎসাৰ প্ৰতি শিশুটিৰ ধনাত্মক মনোভাৱ গঢ়াত সহায় কৰক।
– আপোনাৰ শিশুটিৰ চিকিৎসা সম্পৰ্কীয় সকলো তথ্যপাতি (প্ৰতিষেধক লোৱা সকলো তথ্য সহ) দন্ত চিকিৎসকক অৱগত কৰিলে শিশুটিৰ সম্পূৰ্ণ স্বাস্থ্যৰ বিষয়ে এটা ধাৰণা কৰাত সহায়ক হয় আৰু সেই অনুসৰি দন্ত চিকিৎসা আগবঢ়োৱাত সুবিধা হয়।

কি নকৰিব:
– শিশুটিক বিষ, তেজ, বেজি ইত্যাদিৰ কথা প্ৰথমতেই নক’ব।
– এনেকুৱা ধৰণৰ কথা নক’ব যিয়ে শিশুটিক ভয়াৰ্ত্ত কৰি তোলে। যেনে- ‘তুমি ভালদৰে ব্ৰাছ বা মুখ পৰিষ্কাৰ নকৰা, সেয়েহে ডক্টৰে তোমাক বেজি দিব’ বা ‘তুমি খুউব চকলেট খোৱা বাবে তোমাৰ পোঁকে খোৱা দাঁতবোৰ ডক্টৰে উঠাই দিব’ ইত্যাদি।
– শিশুটিয়ে নিবিচাৰিলে প্ৰথমবাৰতেই শিশুটিক দন্ত চিকিৎসা দিবলৈ চিকিৎসকক জোৰ নকৰিব।
– আপোনাৰ নিজৰ দন্ত চিকিৎসাৰ প্ৰতি থকা ভয় (বিষ, তেজ ইত্যাদি) শিশুটিৰ আগত ব্যক্ত নকৰিব।
– শিশুটিৰ টোপনী ধৰা সময়ত বা ভাগৰুৱা হৈ থকা অৱস্থাত চিকিৎসকৰ ওচৰত এপইন্টমেন্ট নল’ব।
– শিশুটিক দন্ত চিকিৎসকৰ ওচৰলৈ যোৱাৰ বাবে আগতেই কোনো উপহাৰ দিয়াৰ সঁচা বা মিছা প্ৰতিশ্ৰুতি নিদিব। অৱশ্যে শিশুটিৰ দন্ত চিকিৎসালয়ত কৰা ভাল ব্যৱহাৰৰ বাবে (যদি কৰে) পিচে পৰে কিবা উপহাৰ দিব পাৰে।
– শিশুটিৰ ব্যৱহাৰ সম্পৰ্কে চিকিৎসকৰ ওচৰত কোনো অভিযোগ নিদিব। তাৰোপৰি প্ৰত্যেকবাৰেই চিকিৎসকৰ ওচৰত শিশুটিৰ সঠিক ব্যৱহাৰৰ আশা নকৰিব।
– চিকিৎসাৰ আগতে বা চিকিৎসকৰ ওচৰত চিকিৎসাৰ সময়ত দূখ নাপাব বা একো নহয় বুলি শিশুটিক প্ৰতিশ্ৰুতি নিদিব। মাথোঁ ক’ব আপুনি একো নাজানে।
– শিশুটিৰ সম্পূৰ্ণ চিকিৎসাৰ পৰিকল্পনাৰ বিষয়ে চিকিৎসকৰ পৰা খৰছি মাৰি জানি ল’ব (প্ৰতিৰোধী দন্ত চিকিৎসা সমন্ধে আৰু পুনৰ কেতিয়া দেখুৱাব লাগিব সকলো)।
বহুতো অভিভাবকে সন্তানৰ, বিশেষকৈ কন্যা সন্তানৰ, দাঁত বেকা-বেকীকৈ গঁজিলে বৰ চিন্তিত হয়, কাৰণ এবাৰ দাঁত সম্পূৰ্ণ বেকাবেকীকৈ গঁজি উঠিলে, ইয়াৰ চিকিৎসা ব্যায়বহুল। পিচে আজিকালি শিশুৰ বাবে ৬ বছৰ বয়সৰ পৰা ১২ বছৰ বয়সলৈকে দাঁত গঁজি থকা অৱস্থাত ৰাতি শুই থাকোতে সহজে পিন্ধিব পৰা নিচেই কম খৰছি এবিধ বিশেষ ধৰণৰ ৰাবাৰৰ সঁজুলি ওলাইছে, যিয়ে দাঁতবোৰ সঠিক ঠাইত সুন্দৰ ভাবে গঁজাত সহায় কৰে আৰু বহু ক্ষেত্ৰতে পিচলৈ দাঁত পোন কৰা ব্যয়বহুল অৰ্থোডন্টিক চিকিৎসা ল’ব লগা নহয়।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments