পেহী (দেৱীকা ফুকন)

pehi” পেহী, তুমি বিয়া নহ’লা কিয়? “-বিছনাত ওপৰলৈ মুখ কৰি বাগৰ দি থকা পাকিজাই ভৰিদুটা খিৰিকীৰ ৰেলিংত উঠাই পেহীলৈ নোচোৱাকৈয়ে হঠাৎ সুধি পেলালে ৷দুপৰীয়া ঘৰৰ সকলোৱে ভাতপানী খাই আজৰি হৈ যেতিয়া বিছনাত এবাগৰ দিয়ে, সেই সময়খিনিতে পেহীয়ে নিজৰ চিলাইকৰা সা-সৰঞ্জাম থকা পলিথিনটো লৈ পাকিজাৰ কোঠাৰ মজিয়াত লেপেটা কাঢ়ি বহি লয়হি ৷ মুখত বয়সৰ আঁচোৰ পৰা মিঠাবৰণীয়া এই পেহীগৰাকী এইখন ঘৰৰ সদস্য হোৱা আজি প্ৰায় বহু বছৰ হ’ল ৷ ডিব্ৰুগড়ৰ এখন ভিতৰুৱা গাঁৱৰ পৰা আহি পাকিজাৰ মাকক ইটো- সিটো কামত সহায় কৰি দিয়া মানুহজনী সময় বাগৰাৰ লগে লগে ঘৰৰ এজন সদস্য হৈ পৰাৰ লগতে সকলোৰে পৰা সম্বোধন পালে ” পেহী ” ৷আনকি, পাকিজাৰ মাকেও প্ৰয়োজনত পেহী বুলিয়েই তেওঁক চিঁঞৰ লগায় ৷
পাকিজাৰ প্ৰশ্ন শুনি পেহীয়ে চিলাইৰ ফ্ৰেমটো হাতৰ পৰা ননমোৱাকৈয়ে নিৰুদ্বেগভাৱে উত্তৰ দিলে -” বিয়াৰ কথা ভাবিবলৈ আহৰিয়ে নাপালো অ ‘ পাপু।”
খিৰিকীৰ বাহিৰৰ জবা জোপাত কণমানি চৰাই কেইটামানে কিচিৰ্ মিচিৰ্ শব্দ কৰি দুপৰীয়াটোৰ নিস্তব্ধতাক ম্লান পেলাইছে ৷ পাকিজাই শোৱাৰ পৰা উঠি অলপ আঁৰ হৈ সিহঁতবোৰলৈ মন কৰিলে ৷ জবাৰ ডালবোৰৰ তলে তলে পাতল সেউজীয়া ৰঙৰ লতা কিছুমান পাক খাই আছে ৷ সৰু চৰাই কেইটাই হয়তো বিভিন্ন লতা-পাত আনি নতুন বাঁহ সাজিছে ৷ পাকিজাই ভাবিব ধৰিলে, সৰুৰে পৰা তাইক ডাঙৰ কৰা এই পেহীৰ মুখত পুৱাৰে পৰা বিভিন্ন বিয়ানাম, আইনাম শুনি থাকে ৷ যিজনী মানুহে ইমান দুখ লগাকৈ বিয়া নামবোৰ গাই সেই মানুহজনীয়ে জীৱনত এবাৰো নিজৰ বিয়াৰ কথা ভাবিবলৈ আহৰি নাপালে নে? চৰাইবোৰেও দেখোন সংগ বিচাৰে ৷ তেওঁ নিবিচাৰিলে নে সচাঁকৈয়ে!

আদহীয়া পেহীজনীৰ এটা নাম আছিল ৷ যোগমায়া বৰুৱা ৷ তাঁত বোৱা, ধান দোৱাৰ পৰা ঘৰৰ সকলো কাম কৰিব পৰা যোগ পেহীৰ আপোন বুলিবলৈ এজন ৰুগীয়া ভায়েক আৰু এজনী ভতিজাক ৷ সেই দুজনৰ কাৰণেই তেওঁ আবিয়ৈ হৈ থাকি গ’ল ৷ কেনেকৈ যে কিছুমান মানুহে আপোন মানুহৰ কাৰণে নিজৰ সকলো ইচ্ছা -আকাংক্ষা ত্যাগ কৰিব পাৰে!

“পাপু, টোপনি গ’লা যেন পাওঁ দেই ৷ “- মজিয়াৰ পৰাই বেঙা মেলি পেহীয়ে পাকিজাৰ উলমি থকা ভৰিটোত হেঁচুকি দিলে ৷

” নাই যোৱা পেহী ৷ তুমিয়ে দেখোন কোৱা, দিনত জীয়ৰী ছোৱালী শুব নাপায় বুলি ৷ নোশোওঁ নহয় মই ৷ ” – পাকিজা পলকতে বাস্তৱলৈ উলটিল ৷

“উম্ ৷ দিনত শুলে, জীয়ৰী ছোৱালীৰ তেজ পানী হয় ৷ মোক মোৰ আয়ে কৈছিল ৷ “- যোগ পেহীয়ে ফুল কৰি থকা কাপোৰখন ফ্ৰেমৰ পৰা খুলি আলফুলে মেলি চালে ৷ পাতল গুলপীয়া পাহীৰ ফুল এপাহৰ মাজত ৰঙা মনি একোটা আঁকি চাদৰ বনাইছে ৷

“ৱাহ্, ইমান ধুনীয়া হৈছে ৷ কেনেকৈ যে বনাব পাৰা তুমি এইবোৰ! – পাকিজাই এইবাৰ বিছনাত উবুৰি খাই পৰি বিছনাৰ পৰা আধা গা মজিয়াৰ ফালে ওলোমাই ভৰিৰে বেৰত খোপনি পুতি পেহীৰ চাদৰখন লিৰিকি বিদাৰিবলৈ ধৰিলে ৷

“পাপু, এনেকৈ ল’ৰা মানুহৰ নিচিনা বেৰে, খিৰিকীৰে ভৰি ওলোমাই নাথাকিবাচোন ৷ ছোৱালী মানুহৰ নিচিনা গহীন হৈ থাকিব লাগে ৷ কাইলৈ পৰহিলৈ এঘৰৰ বোৱাৰী হ’বাগৈ ৷ এতিয়া এইবোৰ শোভা নাপাই আই ৷ “- পেহীৰ মুখখন ৰঙা পৰিছিল ৷ পাকিজাৰ পেটে পেটে হাঁহি উঠিল ৷ আৰু অলপ জোকাওঁ বুলিয়ে তাই কৈ উঠিল –
” কোন বিয়া হ’ব এইবোৰ হকাবাধা লৈ ৷ নিজৰ বিছনাখনত যেনেকৈ মন যায় শুম ৷ তাত আক’ বিয়াৰ কি কাৰবাৰ! ” ৷
পেহীৰ মুখখন অলপ ফুলি গ’ল ৷ ” মোৰ আই থাকিব লাগিছিল ৷ দিলেহেঁতেন তোমাক শিক্ষা ৷ ছোৱালীবোৰৰ মাত কথা, খোজ – কাটল, আচাৰ ব্যৱহাৰ সকলো নম্ৰ ভদ্ৰ হ’ব লাগে, তেহে ভাল পতি, ভাল সংসাৰ কৰিব পাৰে ৷” – চাদৰখন আলফুলে জাপি জাপি পেহীয়ে কৈ গ’ল ৷
-“মোৰ আয়ে মোক সাতবছৰ বয়সতে ভাত ৰান্ধিবলৈ শিকাইছিল ৷ আৰু তুমি মেগী পেকেট সিজাওঁতেৱো মোক চিঁঞৰা ৷ এনেকৈ তোমাক কেনেকৈ মা- দেউতাই নতুন ঘৰ এখনলৈ পঠাব তুমি কোৱাচোন ৷ ” পাকিজাৰ উত্তৰলৈ বাট নাচাই পেহী বহাৰ পৰা উঠি থিয় হ’ল ৷ চিলাইৰ টোপোলাটো পাকিজাৰ টেবুলতে থ’লে ৷
“উঠা, এতিয়া মুখ-হাত ধোৱাগৈ ৷ মই চাহ কৰোগৈ ৷ মা-দেউতাই চাহ বিচাৰিবই অলপ পিছত ৷”
পাকিজাই আনকালে আবেলি এনেদৰে পেহীয়ে চাহ বনাবলৈ উঠি গ’লে টি ভিটো খুলি লয় ৷ আজি মন নগ’ল ৷ মানুহৰ জীৱনৰ বৈচিত্ৰতা দেখি তাই ভাবুক হৈ পৰিল ৷ পেহীৰ গাঁৱৰ ঘৰখন যেন তাইৰ চকুৰ সন্মুখত ভাঁহি উঠিল ৷ মাক-দেউতাকৰ আকস্মিক বিয়োগত কণমানি ভায়েকৰ লালন -পালনৰ দ্বায়িত্ব লৈ পেহীয়ে পাহৰি পেলাইছিল মাকে শিকোৱা বিদ্যাবোৰ ৷ যি দুই এপদ গহণা, বোৱা কাপোৰ নিজলৈ বুলি সাঁচিছিল সেই সকলোবোৰ ভায়েকটোৰ বিয়াত হাস্যবদনে ন-বোৱাৰীক গটাই দিছিল ৷ গাঁৱৰ সম্পৰ্কীয় কেইজনমানে কৈছিল – ” ভায়েৰৰ বিয়া আগত হ’ল কি হ”ল , তোলৈ এতিয়াও দৰা ওলাব ৷ ” পেহীৰ মনতো সেইসময়ত কিজানি নতুনকৈ পুনৰ সপোন এটাই বাঁহ লৈছিল ৷ লোকৰ ঘৰত ধান বানি, কাপোৰ বৈ, ধান বেচি কষ্টেৰে ভায়েকক ডাঙৰ-দীঘল কৰি সংসাৰ পাতি দিয়াৰ পিছত তেওঁৰো মন গৈছিল, ন-ঘৰ গছকিবলৈ ৷ মৰাণৰ বাগানৰ মহৰী এজনৰ লগত গাঁৱৰ ৰাইজে পেহীৰ বিয়াৰ কথা চলাই থাকোতেই অচিন ৰোগত পৰি ভায়েকটো বিছনা ল’বলগীয়া হয় আৰু, তাৰ পিছৰ বছৰেই একে ৰোগত পৰি ন-বোৱাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ লগতে পেহীৰ কান্ধত এৰি যায় ছমহীয়া ভতিজাজনীৰ দ্বায়িত্ব ৷
সেইদিন ধৰি ভতিজীজনীকে বুকুত বান্ধি জীৱন পাৰ কৰিছিল। মৰাণৰ বাগানৰ মহৰীৰ লগত চলা বিয়াৰ কথা-বতৰা তল পৰিছিল। মহৰীৰ কথা কেনেবাকৈ ওলালেও মানুহবোৰে বেলেগ কথা টানি আনিছিল কথাৰ মাজলৈ। পেহীৰ বুকুৰ কোনোবা এটা চুকত পৰি ৰৈছিল কথাবোৰ। সেইবোৰ কথা দিঠকলৈ আনিবলৈ তেওঁ সাহস হেৰুৱাইছিল। ভতিজী লাহে লাহে ডাঙৰ হৈ অহাত তাইৰ পঢ়াশুনাৰ খৰছ উলিওৱাৰ তাগিদাতে পাকিজাৰ দেউতাকৰ অফিচৰ কেৰেণী এজনে এদিন পেহীক সিহঁতৰ ঘৰলৈ আনিছিল। তেতিয়া পাকিজা নতুনকৈ স্কুললৈ গৈছে। তাইৰ বাবে স্কুললৈ নিবলৈ অনা স্কুলবেগৰ লগত পেহীৰ ভতিজী স্বপ্নালৈও দেউতাকে এটা স্কুলবেগ আনি দিছিল। প্রতি দেওবাৰে পেহী গাঁৱৰ ঘৰলৈ যায়। স্বপ্নাৰ বাবে খোৱাবস্তু আদি লৈ। ইতিমধ্যে ভায়েকেও দ্বিতীয় বিবাহ পাতে । গাঁৱৰ আপোনবোৰে তেওঁক কয়, এতিয়া স্বপ্নাক মাহীমাকে চাব, তুমি নিজৰ সংসাৰ পাতা। কিন্তু কথাবোৰ জানো ইমান সহজ! পেহীয়ে আশংকা কৰামতেই মাহীমাকৰ আতিশয্যত স্বপ্নাৰ কোমল শৰীৰত মাহীমাকৰ অত্যাচাৰৰ প্রমাণবোৰ দেখিবলৈ পালে। ভায়েকৰ যেন সেইবোৰলৈ ভ্রূক্ষেপেই নাই। পেহীয়ে পাকিজাৰ মাক-দেউতাকক স্বপ্নাক নিজৰ লগত ৰখাৰ অনুমতি বিচাৰিলে। অনুমতি প্রদান নকৰাৰ কথাই নাছিল। পাকঘৰত কাম কৰোঁতে, কাপোৰ বোৱা কটা কৰোঁতে পেহী পাকিজাৰ মাকৰ আগত প্রায়ে নিজৰ মনৰ কথাবোৰ কয়। ভায়েকে যে তেওঁ মাহৰ শেষত পইছা কেইটা নিয়ালৈহে বাট চাই, ন-ভাই-বোৱাৰীয়ে যে হাতত ভালকৈ চাউল-দাইলৰ টোপোলা এটা লৈ যোৱা নেদেখিলে গোৱাল-গালি পাৰি থাকে এইবোৰ তেওঁ ইতিমধ্যেই পাকিজাৰ মাকৰ আগত কৈছে।অৱশ্যে এইবোৰ পাকিজাৰ দেউতাকক নক’বলৈ দহাই-দহাই কয় মাকক। তেওঁৰ মতে এইয়া তেওঁৰ মনৰ ভ্রমো হ’ব পাৰে। প্রকৃততে ভায়েকে নতুন মানুহ এজনীক চপাই লোৱাত তেওঁ স্বপ্নাৰ বাবে অসুৰক্ষিত অনুভৱ কৰিছিল। গোঁসাই দৌলত চাকি জ্বলাই প্রাৰ্থনা কৰিছিল, নতুন বোৱাৰীজনীয়ে যেন মাহীমাকৰ বেয়া ৰূপটো স্বপ্নাক নেদেখুৱায়। কিন্তু দুখীয়াৰ দুখ হয়তো কেতিয়াও যেন নুগুচেই।

পাকিজাৰ মাকে দেউতাকৰ পৰা কথা লুকুৱাব নোৱাৰে। ৰাতি বিছনাত পৰোঁতে কথাবোৰ তেওঁক কওঁতে মানুহজনে দীঘল হুমুনিয়াহ এটা কাঢ়ি কৈ উঠিল -“এনেকুৱা ঘটনাবোৰত ত্যাগ কৰাজনেই বৰ কষ্ট পাই অ’ পিছলৈ। যোগমায়াই পিছত স্বপ্নাৰ পৰাও কষ্ট নাপালেই হয়।” পাকিজাৰ মাকে টোপনি নহালৈকে এই কথাবোৰেই ভাবিলে। নাই, স্বপ্নাই পেহীৰ কষ্ট-ত্যাগক অৱমাননা নকৰে। পেহীয়েও কিবা পোৱাৰ আশাত এইবোৰ কৰা নাই। তেওঁ মাত্র বিচাৰে স্বপ্না ‘মানুহ’ হওঁক।

দুদিনৰ পিছতে স্বপ্নাক পাকিজাহঁতৰ ঘৰলৈ অনা হয়। পেহীৰ আচুতীয়া কোঠাত তাইৰ বাবে পঢ়াৰ টেবুল, কাপোৰ-কানি আদি যোগোৱা হয়। পাকিজাৰ একেখন স্কুলতে তাইক নামভৰ্ত্তি কৰোৱা হয়। পেহীয়ে নিজ দৰমহাৰে তাইৰ বাবেও টিউচনৰ ব্যৱস্থা কৰে। কিন্তু পাকিজাই স্বপ্নাক ভালপোৱা নাছিল। তাই অহাৰ পৰা পেহীৰ আজৰি সময়বোৰ স্বপ্নাৰ লগত পাৰ হৈছিল। তাৰোপৰি, কিবা এটা প্রয়োজন হ’লে স্বপ্নাই পেহীক বৰ অতীষ্ঠ লগাকৈ আমনি কৰিছিল। পেহীৰ মুখত কষ্টৰ চিন সুস্পষ্ট হৈ পৰিছিল। তথাপি তেওঁ স্বপ্নাৰ বাবে জান প্রাণ দি কামত লাগিছিল।

অৱশ্যে তেওঁ কৰা কষ্টৰ ফল দিবলৈও স্বপ্না অসমৰ্থ হ’ল। মেট্রিকত কোনোমতে উত্তীৰ্ণ হোৱা স্বপ্নাক পেহীয়ে নাৰ্চিং পঢ়িবলৈ নাম লগাই দিলে। স্বপ্নাই মেছত থাকি একেখন চহৰতে থাকিবলৈ ল’লে। পুনৰ আৰম্ভ হ’ল, প্রতি দেওবাৰে পেহীয়ে টকা, খাদ্যৰ টোপোলা লৈ স্বপ্নাৰ ওচৰলৈ যোৱাৰ প্রথা। সেইসময়ত পাকিজা গুৱাহাটীত অধ্যয়নৰত। এতিয়া অন্ততঃ ঘৰলৈ আহিলে তাই দুপৰীয়াবোৰ সৰুতে পেহীৰ সাধু শুনি পাৰ কৰাৰ দৰে পাৰ কৰিব পাৰে। আৰু, তেনে এক দুপৰীয়াতে পাকিজাই পেহীক সুধি পেলাইছিল, তেওঁ বিয়া নোহোৱাৰ কাৰণ। সকলোৱেই জানে যে, তেওঁ ভায়েকৰ অকৰ্মণ্যতাৰ বাবে আৰু স্বপ্নাক মানুহ কৰাৰ আশাতেই নিজৰ সংসাৰৰ কথা নাভাবিল। কিন্তু কোনোদিন, সিহঁত দুয়োক জগৰীয়া নকৰে।

হাঁহিমুখে সকলো দ্বায়িত্ব পালন কৰিয়ে এদিন তেওঁ ৰোগত পৰিল। সেইসময়ত পাকিজা বিশ্ববিদ্যালয়ত অধ্যয়নৰত আৰু স্বপ্না এখন ক্লিনিকৰ পৰিচাৰিকা। পাকিজাৰ মাক-দেউতাকৰ অশেষ প্রচেষ্টাৰ ফলতো পেহী সুস্থ হৈ নুঠাত নিজে ইচ্ছা প্রকাশ কৰিলে ঘৰলৈ উলটি যোৱাৰ। এদিন আথে-বেথে তেওঁক গাঁৱৰ ঘৰত থৈ অহা হ’ল।

এবাৰ অধ্যয়ন বিৰতিৰ সময়ত ঘৰলৈ আহি পাকিজাই পেহীক চাবলৈ যোৱাৰ ইচ্ছা কৰিলে। গৈ পাই দেখিলে, গাঁৱৰ ঘৰৰ চোতালতে মূঢ়াত বহি আছিল পেহীৰ ৰুগীয়া ভায়েক। সন্মুখত ল’ৰা-ঢপৰা কৰি আছে স্বপ্নাৰ নতুন ভায়েকে। স্বপ্নাই মাহীমাকৰ লগলাগি তাঁত লগাই আছিল। নিজান দুপৰীয়াটোত পাকিজাই চাৰিওফালে চকু ফুৰাই চালে। নাই, পেহী নাই আগৰ দৰে কাম-বনত লাগি। তাইক দেখি স্বপ্নাই বহাকোঠালীলৈ লৈ গ’ল। আন্ধাৰ, জেকা ঘৰটোত সোমায়ে ভেকেটা-ভেকেট গোন্ধ নাকত লাগিলহি। কোনোমতে উশাহটো লৈ তাই “পেহী ক’ত” সুধিলে। স্বপ্নাই কাষৰ কোঠাৰ দুৱাৰ মুখলৈ নি ক’লে- ‘ একেবাৰে উঠিব নোৱাৰে। বিছনাতে প্রস্বাৱ-পায়খানা কৰে। মাজে মাজে চাফা কৰি দিওঁ। সময় নহয় কামৰ পৰা এইবোৰ কৰিবলৈ। সেয়ে কমকৈ খাবলৈ দিওঁ, তেতিয়া বেছি লেতেৰা নকৰে। সোনকালে মুক্তি পালেই সকলোলে ভাল।”

হাতত নিয়া আপেল, কমলা, হৰলিক্স, ইত্যাদিবোৰ যে স্বপ্নাৰ নতুন ভায়েকৰ বাবেহে অনা হ’ল সেই কথা বুজিবলৈ পাকিজাৰ বেছি পৰ নালাগিল। কংকালসাৰ পেহীয়েকৰ মুখখনে তাইক দেখি কি অনুভৱ ব্যক্ত কৰিলে সেয়া বুজা অসম্ভৱ। পেহীৰ ভৰিতে চুই ওলগ লৈ পাকিজা উভটি আহিল।

ঘৰলৈ আহি আবেলি চাহৰ টেবুলত পেহীৰ কথা ওলাল। মাক-দেউতাকে দুখ প্রকাশ কৰিলে। কাৰণ তেওঁলোকে চিকিৎসাৰ দ্বায়িত্ব ল’ব খোজা স্বত্তেও ঘৰৰ মানুহে আগ্রহ নেদেখুৱালে। চাহৰ কাপত চুমক্ দি পাকিজায়ো কৈ উঠিল- “তেওঁ যোৱাগৈয়ে ভাল সোনকালে। আনৰ ভালৰ কাৰণে নহয়, নিজৰ ভালৰ কাৰণে। যিগৰাকীয়ে ভাই-ভতিজীৰ বাবে জীৱন উৎসৰ্গা কৰিলে, সেইগৰাকীৰ জীৱনৰ অন্তিম সময়খিনি যদি ইমান ভয়াৱহ হয়, তেওঁৰ পৰিচৰ্যাৰ বাবে যদি আপোনবোৰৰ সময়ৰ নাটনি হয়; তেন্তে তেওঁ যোৱাগৈয়ে শ্রেয়।”

ৰাতি ভাত খোৱাৰ আগতে ফোন আহিল, স্বপ্নাৰ পৰা—পেহী আৰু নাই। মাকে ৰন্ধা ভাত পিছপিনৰ পিতনিত পেলাই দিলেগৈ। মাকে ভাতৰ চৰু পুৰি ধুই থকাৰ কাষত ৰৈ থকাৰপৰাই পাকিজাই ভিতৰত থকা দেউতাকক চিঞৰি ক’লে-“শ্রাদ্ধ পাতিবলৈ পইছা বিচাৰি কোনোবা আহিলে এটকাও নিদিবা। নালাগে সিহঁতি এতিয়া পেহীৰ আত্মাক মুক্তি দিবলৈ। বহুত দেৰী হ’ল সিহঁতৰ, কৈ দিবা।”

One thought on “পেহী (দেৱীকা ফুকন)

  • March 15, 2015 at 6:52 pm
    Permalink

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!