ফাগুনৰ এটা সন্ধিয়া (অনিতা গগৈ)

ফাগুনৰ মুনিচুনি বেলা৷ ধোঁৱা ধোঁৱা ছায়া ছবি আঁকি আকাশৰ পৰা পৃথিৱীলৈ সন্ধ্যাৰ আচ্ছাদন৷ বিশেষ কাম নথকাত বাৰাণ্ডাতে বহি আছোঁ৷
জাৰত কঁপি কঁপি, আগফালৰ চৌহদৰ কাঠৰ গেট খুলি এটা চুৱেটাৰ সোমাই আহিল৷ হয়তো এসময়ত চুৱেটাৰটো নতুন আছিল, পিন্ধোতাজনক প্রদান কৰিছিল জাৰৰ দিনৰ উমাল আদৰ৷ দিছিল নিশ্চিত নিৰাপত্তা, শীতৰ প্ৰচণ্ড নিৰ্মমতাৰ বিপৰীতে৷ গাঁথনি সুন্দৰ৷ ৰংটো কিছু মলিন৷ হয়তো এসময়ত ই সুন্দৰ হাতী-দাঁতৰ ৰঙৰ এটা উমাল চুৱেটাৰ আছিল৷ মসৃণ সুন্দৰ ডিজাইন, পটু গোঁঠনিৰে, সুন্দৰ ৰুচিশীলতাৰ পৰিচয় পৰিস্ফুট এটা হাফ চুৱেটাৰ৷

চুৱেটাৰটোক ক’লো- ‘বহা সেই তাতে৷ ঠাণ্ডা পৰিছে৷ তোমাৰ বাবে একাপ গৰম চাহ বা কফি কৰি আনো৷’
চুৱেটাৰটোৰ হকা-বধা নুশুনি পোনেই সোমাই গ’লো৷ একাপ কফি আৰু এখন প্লেটত এটা অমলেট, বিস্কুট আৰু কিছু খোৱাবস্তুৰে সজাই লৈ ওলাই আহি দেখোঁ যে, চুৱেটাৰটো বহি থকা নাই, গুচি গ’ল৷ মাথোঁ কিবা এটা সুঘ্ৰাণ বতাহত ভাঁহি আছে৷ যিটো গোন্ধে মোক আকোৱালি ধৰি লৈ গ’ল সেই দিনবোৰলৈ৷তেতিয়া দিনবোৰ ৰঙীন আছিল৷ বতাহৰ নাম পচোৱা আছিল৷ আকাশৰ নাম আছিল ফাগুন৷ মই শিকিছিলোঁ নতুনকৈ পৃথিৱীখন চাবলৈ৷ পলৰীয়া মেঘবোৰৰ ফাঁকে ফাঁকে উৰা মোৰ অনবৰতে সংগী হৈ ৰৈছিল এটা পলাশৰঙী গান৷ এজনী ষোড়শীয়ে যিমান ভাল পায় জীৱনটো, ভাল পাইছিলোঁ সিমান ময়ো৷ বতাহত উৰুৱাই নীলা দুপাত্তা, বতাহৰ গতিৰে দিগন্ত প্রয়াসী মন উৰিছিল অসীমলৈ৷ অনবৰতে, কাৰণে অকাৰণে হাঁহিছিলো৷ সৰু সৰু কথাতেই ওফোন্দ পাতিছিলো৷ ভাল লাগিছিল পৃথিৱী, আকাশ, নৈ সকলো৷

ঠিক এনে এটা দিনতেই আবেলি আমাৰ ঘৰলৈ আহিছিল মলয়া পেহী৷
পেহী দেউতাৰ দূৰ সম্পৰ্কৰ ভনী৷ সংগীত বিদ্যালয়ৰ পৰা ঢপলিয়াই আহি ঘৰ সোমোৱা মই ৰৈ গৈছিলোঁ, পেহী আৰু দেউতাৰ কথোপকথন শুনি
: দাদা, হ’ল বুলিনো তুমি আৰু কিমান বহন কৰিবা বোজা? এটা বেনামী সম্পৰ্কৰ?
: মলয়া, তোক মই আগতেও কৈছোঁ, এনে কথা মোৰ অসহ্য৷পংখী মোৰ ছোৱালী৷ তাইক মোৰ নাম দিছোঁ৷ তাই মোৰ সন্তান নহ’ব পাৰে৷ কিন্তু নীলাক্ষী মোৰ প্রেম আছিল৷ তাইৰ ভালপোৱাক মই অপমান কৰিব নোৱাৰো৷
দেউতাৰ চেপা অথচ উষ্মাভৰা কন্ঠত কঁপি উঠিছিলোঁ মই৷ মই পংখী৷ মই, মই দেউতাৰ নিজৰ সন্তান নহয়! সেইদিনা নিশা মোৰ টোপনি অহা নাছিল৷ একেটা কোঠাতে, আনখন বিচনাত শুৱা পেহীৰ টোপনিৰ উমান লৈ মই উঠি গৈছিলোঁ সন্তৰ্পনে৷ ফাগুনৰ শুকান বতৰৰ ৰুক্ষতাই টকলা কৰি পেলাইছিল চৌহদৰ সকলো গছ গছনি৷ কেৱল দেৱদাৰু গছ কেইজোপাৰ বাহিৰে৷ এনে লাগিছিল মোৰ যেন, সকলো শেষ হৈ যোৱা নাই৷ কিছু সজীৱতা এতিয়াও বৰ্তমান পৃথিৱীত৷ খিড়িকীৰে দেখা পোৱালৈ চালো আকাশখন৷ পলাশৰ থোপাবোৰত জোনাক ঢালি জোনটো বহি আছে গছৰ ফেৰেঙণিত৷ যেন ৰচিছে জীৱনৰ কবিতা, জোনগলা হৃদয়ৰ চিয়াহীৰে৷
চকুৰ পানীবোৰ মোহাৰি দৌৰি গ’লো মাৰ কোঠালৈ৷

মা, মা…৷ মোৰ বাবে মাথো এটা শব্দ৷ এখন ছবি.. প্রাণহীন৷ মোক জন্ম দিয়েই মা গুচি গৈছিল পৃথিৱীৰ মায়া এৰি৷ দেউতাই অকলে ডাঙৰ কৰিছে মোক৷ হাতত ধৰি আগবঢ়াই নিছে ভৱিষ্যতলৈ৷
কোনোদিনে খুলি চোৱাৰ হেঁপাহ নজগা, মাৰ কোঠাৰ প্ৰকাণ্ড আলমিৰাটোৰ তলাটো খুলি পেলাইছিলোঁ, যাৰ চাবি মই দেউতাৰ অনুপস্থিতিত সংগ্রহ কৰিছিলোঁ৷ কিবা এটা মিঠা গোন্ধে মোক আছন্ন কৰিছিল৷ জাপে জাপে মাৰ কাপোৰ৷ কিছু পুৰণি আৰ্হিৰ গাউন, শাৰী, মেখেলা চাদৰ৷ কিন্তু, শেষৰ খলপাত এটা মুগাৰঙী চামৰাৰ বেগ চকু পৰাত উলিয়াই আনিলোঁ৷ এখন ডায়েৰী, এটা চুৱেটাৰেৰে মেৰিয়াই থোৱা আছিল৷ পুৰুষৰ চুৱেটাৰ৷ চেপা উত্তেজনাৰে, লুকাই লুকাই তিনিদিন ধৰি মাৰ ডায়েৰীখন তন্ন তন্নকৈ পঢ়িছিলোঁ, লুটিয়াই বগৰাই চাইছিলোঁ৷ এখন সাধাৰণ ডায়েৰী৷ সাধাৰণ দৈনন্দিন বিৱৰণ৷ বতৰৰ কথা৷ শ্বিলঙৰ পাইন গছৰ মাজে মাজে, উৰি ফুৰা এজনী সাধাৰণ চৰাইৰ মনৰ কথা যেন৷ যি কেৱল পুৱা উৰি যায় আৰু পুনৰ সন্ধ্যা ঘূৰি আহে বাহলৈ৷ সদায় একেটা পৰিক্রমা৷ কোনো ব্যতিক্ৰম নাই৷ নাই অন্য এখন আকাশ বিচাৰি উৰাৰ প্রয়াস৷ অথবা আকাংক্ষা৷
কি বিচাৰিছিলোঁ আচলতে…, মই নিজেই নাজানোঁ৷ হয়তো, চাব বিচাৰিছিলোঁ আছো নেকি মাৰ সেই ডায়েৰীখনৰ মাজত মই? বা পাম নেকি কেনেবাকৈ বিচাৰি সেই জন পুৰুষ সত্বাৰ সামান্য সন্ধান, যিজন মোৰ দায়িত্বজ্ঞানহীন পিতা৷ কিন্তু, নাই৷ মোক নিৰাশ কৰিলে মাৰ ডায়েৰীখনে, আৰু সেই চুৱেটাৰটো? কাৰ হ’ব পাৰে? দেউতাই পিন্ধাটো দেখা নাই কেতিয়াও, চুৱেটাৰটোৰ এক মিঠা সুবাস আছে৷ হয়টো কোনো মূল্যবান সুগন্ধি ব্যৱহাৰ কৰা হৈছিল চুৱেটাৰটোত৷ হাতেৰে গুঠা, সুন্দৰ আৰ্হিৰ এটা চুৱেটাৰ৷ কিছু পুৰণি দিনীয়া কিন্তু অব্যৱহৃত বাবে নতুন হৈয়ে আছে৷ পুনৰ আগৰদৰে চুৱেটাৰটোৰে মেৰিয়াই ডায়েৰীখন নিৰ্দিষ্ট ঠাইত সামৰি থ’লো৷

মলয়া পেহী পিছদিনা গুচি গৈছিল৷ ব্যৱসায়ৰ কামত দেউতাও, গুৱাহাটীলৈ গৈছে৷ ঘৰত মই অকলে৷ নিয়মমতে কৰি গৈছোঁ দৈনন্দিন কাম৷ কলেজ যোৱা নাই তিনিদিন ধৰি৷ ঘৰৰ বাহিৰলৈ গ’লে আগতে কৰাৰ দৰে, দেউতাইও ঘণাই ফ’ন কৰা নাই৷ হয়তো মোৰ দৰেই তেখেতৰো ইতঃস্তত হৈছে৷ মই যে কথাবোৰ গম পাইছো, সেয়া দেউতাইও বুজিছে৷ মই জানো যে দেউতাই মোৰ সকলো৷ মাক মই দেখাই নাই৷ আবেলি দেউতা পাবহি৷ দেউতাৰ বাবে মই আজি নিজহাতে ৰান্ধিছো৷ সকলো দেউতাৰ প্রিয় ব্যঞ্জন৷ পুনৰ গা ধুই প্রভু যীশুৰ ওচৰত কেণ্ডেল জ্বলাই প্রাৰ্থনা কৰিছো৷ সকলো যেন পুনৰ আগৰদৰে হয়৷ স্বাভাবিক৷ চলমান৷

:পংখী চাৰ পালেহি৷
নেনীৰ মাতত সচকিত হৈ উঠিলোঁ নেনী মোৰ জন্মৰ আগৰে পৰা এই ঘৰত আছে৷ আমাৰ পৰিয়ালৰে এগৰাকীৰ দৰে৷ তেওঁৰ সৈতে যিমান পাৰো সপ্রতিভ হৈ ওলাই গ’লো দেউতাৰ কাষলৈ৷ আন দিনাৰ দৰেই দেউতাই মোৰ বাবে চক’লেট আৰু জোতা আনিছে৷ নেনীৰ বাবে শ্বল৷ নেনী সোমাই গ’ল খোৱাৰ টেবুল সজাবলৈ৷ দেউতাক হাতত ধৰি ময়ো সোমাই গ’লো দেউতাৰ কাষে কাষে৷ খোৱাৰ পাতত বহি মই দেউতালৈ চালো৷ এই কেইদিনতে যেন দেউতাৰ বয়স বাঢ়ি গৈছে বহুত৷ সুন্দৰ চেহেৰা জয় পৰি গৈছে৷ ৰোগীয়া মানুহৰ দৰে চকুৰ গুৰি ক’লা পৰি গৈছে৷ চিন্তাক্লিষ্ট অথচ এটা হাঁহি জোৰকৈ ওলমি আছে ওঠৰ কোনত৷ খোৱা সামৰি দেউতা নিজৰ কোঠালৈ গ’ল৷ আনদিনা হোৱাহ’লে মোৰ সৈতে তেখেতে বিভিন্ন কথা পাতিলেহেঁতেন৷ অস ! আৰু অসহ্য৷ কিমান আৰু এনেদৰে বোবা বেদনাৰে ভাৰাক্রান্ত হৈ ৰ’ব পাৰি?
দৌৰি গ’লো দেউতাৰ কোঠালৈ৷ হেলনীয়া আৰামী চকীখনত বহি, খিৰিকীৰে দূৰৰ আকাশৰ তৰাটোলৈ চাই আছে৷
:দেউতা মোৰ ফালে চোৱা৷ তোমাৰ হৈছে কি? কিয় আছা এনেকৈ? মোক নোকোৱা? মই, মই তোমাৰ পংখী, তোমাৰ পাখি দেউতা৷
:পাখি৷ তুমি মোৰ৷ মই তোমাৰ মুখলৈ চায়েই…!
:কোৱা দেউতা৷ আজি তুমি কোৱা৷ মই শুনিম৷

*****
সেয়া আছিল জানুৱাৰী মাহ৷ আমি আছিলো ইঞ্জিনিয়াৰিংৰ শেষ বৰ্ষৰ ছাত্র৷ শেষৰ পৰীক্ষা দি আমি চাৰিজন বন্ধু ফুৰিবলৈ আহিছিলো শ্বিলঙলৈ৷ এনেই উৰণীয়া মন৷ তাতে শীতকালৰ শেষৰ শ্বিলঙৰ মনোমোহা প্রাকৃতিক পৰিবেশ৷ আমি বিচৰণ কৰিছিলোঁ যেন সপোনৰ দেশত৷ সেইকেইদিনৰ বাবে আমি এটা কটেজ ভাৰালৈ লৈছিলো৷ আমি মানে নিৰঞ্জন দত্ত, তন্ময় চৌধুৰী, পুলকেশ দেৱ গোস্বামী আৰু মই হৃষীকেশ বৰুৱা৷ আমি কলেজৰ, একেটা হোষ্টেলৰ, একেটা কোঠালীৰ আবাসী৷ মোৰ বাহিৰে বাকীকেইজন চহৰৰ৷ আটাইৰে ঘৰুৱা অৱস্থা ভাল৷ পুলকেশ বিখ্যাত সাহিত্যিক, সত্রীয়া সংস্কৃতিৰ গৱেষক নিৰ্বান দেৱ গোস্বামীৰ একমাত্র সন্তান৷ প্রায় পোন্ধৰ দিনমান আমি কেৱল ফুৰিলোঁ৷ বন্য উল্লাস৷ নিৰুদ্বেগ জীৱন৷ ফলাফল ওলোৱালৈ সকলো দুশ্চিন্তা বাদ৷ অৱশ্যে মোৰ বাহিৰে বাকীকেইজনৰ চিন্তাৰ ইমান কাৰণো নাই৷ মোৰহে ঘৰত চাৰিটা ভাই ভনীৰে মা দেউতাৰ সৈতে এক বৃহৎ পৰিয়াল৷ জীৱিকাৰ সম্বল মাথো কেইবিঘামান ৰোপিত মাটি৷ যদি বিনয় মহাই মোৰ পঢ়াৰ খৰচ নিদিলে হয়, মেধাবী হোৱা স্বতেও মোৰ অভিযান্ত্রিক বিদ্যাৰে শিক্ষিত হ’ব বিছৰা সপোনটো পুলিটো উভালি পেলাব লাগিলহেতেন৷
বিনয় মহাৰে ছোৱালী মলয়া৷ তোমাৰ মলয়া পেহী৷ একেবাৰে নিজৰ নহয় যদিও এতিয়া আপোন মানুহ বুলি ক’বলৈ তেওঁৰ লগতহে মোৰ কিছু আত্মীয়তা বাকী ৰৈছেগৈ৷ পাখি তুমি ছাগে আমনি পাইছা নহয়নে?
:নাই দেউতা, তুমি কোৱা৷ আজি আমি কথা পতাটো খুবেই প্রয়োজনীয়৷ আমাৰ দুয়োৰে বাবে৷
:আমি যিটো ক’টেজ ভাৰালৈ লৈছিলোঁ সেইটো আছিল মেডাম ডৰথীৰ৷ ক’টেজৰ পৰা নাতিদূৰৰ হেলনীয়া এটা টিলাত তেওঁৰ সৰু বঙলা৷ টিলাৰ এঢলীয়া মাটিখিনিত, তেওঁৰ ষ্ট্রবেৰীৰ বাগিছা৷ ষ্ট্রবেৰীৰ জাম, জেলী বনোৱা এটা সৰু উদ্যোগ তেওঁ নিজে চলায়৷ একমাত্র নাতিনী চেইন্ট এন্থনিজ কলেজৰ ছাত্রী নেন্সী, দুয়োৰে সৰু সংসাৰ৷ এগৰাকী পৰিচাৰকৰ হাতত মেদাম ডৰথীয়ে আমাৰ খোৱাৰ যোগাৰ পঠিয়াই দিয়ে৷ আমি থকাকেইদিনত মাথো দুদিনমানহে মেদাম ডৰথীক দেখিছিলো৷ নেন্সি হ’ষ্টেলত থাকে৷ অকলশৰীয়া বৃদ্ধা ডৰথী অনবৰতে কামত ব্যস্ত থাকে৷ পোন্ধৰ দিনমান থকাৰ পিছতে নিৰঞ্জন আৰু তন্ময় গুচি গৈছিল, হঠাতে অহা এটা ইণ্টাৰভিউৰ খবৰৰ বাবে৷ পুলকেশ আৰু মই ৰৈ গৈছিলো৷ পুলকেশ গম্ভীৰ স্বভাৱৰ৷ অনবৰতে সমাহিত ভাব-বিভোৰ হৈ থাকে৷ মন গ’লে হাতত তুলি লয় বেহেলা৷ এনে লাগে যেন ৰেপি ৰেপি বেহেলাৰ সুৰেৰে উজাৰিছে হৃদয়ৰ যন্ত্রনা৷ অথচ যন্ত্রনা কিহৰ? এনেইতো নাই কোনো কাৰণ৷

এদিন সন্ধ্যা ক’টেজৰ হেলনীয়া চিৰিত বহি পুলকেশে বেহেলা বজাইছে৷ মোৰ গাটো কিছু বেয়া লগাত বিচনাতে পৰি আছো৷ দূৰৰ খিৰিকীৰে দেখিছোঁ হেঙুলীয়া আকাশ৷ মনটো কিবা ৰিঙা ৰিঙা৷ উদাস৷
‘নুঠিবা ৰ’বা৷ ইস ! কি কাণ্ড এজনৰ গাত তীৰকঁপে জ্বৰ৷ আনজন বিৰহী প্রেমিকে ভায়লীনত তুলিছে বিষাদৰ সুৰ৷ এইফালে আহিছিলোঁ বুলিহে মই৷ ৰ’বা এই গাৰুটোত আঁউজি বহা আৰু এই গৰম গৰম চ্যুপ খোৱা৷ এইমাত্র ডাক্তৰে ইনজেকশ্বন দি গৈছে৷ ৰেষ্ট লোৱা৷’
মই হতবাক হৈ পুলকেশলৈ চালো৷ তেওঁ চছমা খুলি দুবাৰ মান মোহাৰি আকৌ পিন্ধিছে৷ মূৰৰ চুলিখিনি হাতৰ আঙুলিৰে ঠিক কৰিছে৷ যিটো সাধাৰণতে বিব্রত অৱস্থাত পৰিলে তেওঁ কৰে৷
‘ৰ’বা, ইমান আছৰিত হ’ব নালাগে৷ মই নেন্সি৷ নীলাক্ষী চলিহা৷ অঁ মোৰ মা দেউতা অসমীয়া৷ দেউতাৰ নাম আছিল সৌৰভ চলিহা৷ শ্বিলংৰ এটা কাৰ এক্সিডেণ্টত, মা পাপা দুয়ো মোক এৰি গুচি যায়৷ মই তেতিয়া মাথো ২ বছৰীয়া৷ এখন চিকিৎসালয়ৰপৰা সাধাৰণ চিকিৎসা প্রায় এমাহ পিছতো খবৰ দিয়া স্বতেও, মোৰ বংশৰ কোনো মানুহে মোক বিচাৰি নহাৰ বাবে অৰফেনেজত দিবলৈ যো-জা চলোতেই হস্পিতেলখনৰে মেট্রন আইতা ডৰথীয়ে মোক এডপ্ত কৰে৷হ’বনে মোৰ পৰিচয়৷ আজিলৈ ইমানেই?’

*******
মোৰ টাইফ’য়েদ হৈছিল৷ পিছৰ দিনকেইটাত কেৱল মেডাম ডৰথী আৰু নীলাক্ষীৰ শুশ্ৰূষাত মই ক্রমাৎ আৰোগ্য হৈছিলো৷ পুলকেশে মাজতে ঘৰলৈ গৈ পুনৰ আহিছিলগৈ৷ মোৰ চিকিৎসাৰ যাৱতীয় ব্যয় তেওঁৱে বহন কৰিছিল৷ মোৰ ঘৰত জনাবলৈ ময়ে মানা কৰিছিলো৷ পিছলৈ নেন্সী আৰু আমি দুয়ো ভাল বন্ধু হৈ পৰিছিলো৷ আছলতে বন্ধুত্বতকৈ অন্য কিবা এক তাড়নাৰে, অনুভৱেৰে নেন্সীক মোৰ ভাল লাগিছিল৷ প্রায় এমাহ থাকি যেতিয়া আমি উভটিবৰ হ’ল, তাৰ আগদিনা সন্ধ্যাও নেন্সি আহিছিল এটা কেক্ আৰু কফি পট্ লৈ৷ প্লেটৰ পৰা ৰষ্টেড্ কাজু এটা এটাকৈ মুখত দি ভায়’লীনত সুৰ তুলিছিল পুলকেশে৷ কাষতে মন্ত্রমুগ্ধ নেন্সী — নীলাক্ষী৷
সেয়া আছিল ফাগুনৰ এটা মধুৰ সন্ধ্যা৷ আকাশে বতাহ আছিল যেন মায়াসনা৷ মই পঢ়িছিলোঁ মোৰ প্রিয় কবি জীৱনানন্দ৷ কি এক অনিবৰ্চনীয় অনুভৱে জোকাৰি গৈছিল৷ ভাবিছিলো ক’ম নীলাক্ষীক মোৰ মনৰ কথা কিন্তু সাহস নহ’ল৷ ৰৈ গ’লো৷

*********
গোটেই ৰাতি কথা কৈ গৈছিল দেউতাই পাৰ হৈ যোৱা দিনবোৰৰ কথা৷ ছয় মাহ পিছতে গড়কাপ্তানী বিভাগত চাকৰি এটা পাই দেউতাৰ লগতে সকাহ পাইছিল ঘৰখনেও৷ ঘৰৰ যাৱতীয় অভাৱ বোৰ পূৰাই, দেউতা অৰ্থাৎ হৃষীকেশ বৰুৱাই শ্বিলংলৈ পুনৰ বিছাৰি আহিছিল নীলাক্ষীক..নেন্সীক৷ ঘৰত নাছিল তেওঁ৷ আইতাক ডৰথীয়ে কোৱামতে নেন্সীক বিচাৰি দেউতা গৈছিল চাৰ্চলৈ৷ তাত দূৰৰ পৰা নীলাক্ষীক দেখি শিহৰিত মনেৰে কাষ চাপি গৈ দেখিছিল… কি অভাৱনীয় পৰিবৰ্তন !এয়াতো নহয় সেই প্রাণচঞ্চলা, খিল্ খিল্ হাঁহিৰ খৰস্ৰোতা নিজৰা নেন্সি !
তাৰপিছত পাৰ হৈ গৈছিল দিনবোৰ…৷ অনুষ্টুপীয়াকৈ চাৰ্চতে বিয়া হৈছিল নীলাক্ষী আৰু হৃষীকেশ বৰুৱাৰ৷ বৰ্ণহিন্দু পৰিয়ালৰ ল’ৰা হৈ কুল পৰিচয়হীন এগৰাকী খ্ৰীষ্টান গাভৰুক বিয়া কৰোৱাৰ বাবে ঘৰৰ পৰা বিচ্ছিন্ন হৈ গৈছিল সকলো সম্পৰ্ক৷ চাকৰি এৰি দিছিল দেউতাই৷ মেডাম ডৰথীয়ে তেওঁৰ সম্পত্তিৰ উত্তৰাধিকাৰী কৰিছিল দেউতাক৷ কেৱল সঁচা হৃদয়ৰ ভালপোৱাৰে, দেউতা ৰৈ গৈছিল নীলাক্ষীৰ হৈ শ্বিলঙতে৷
বিয়াৰ পিছৰ এটামাহ তেওঁলোকৰ বাবে আছিল সকলোতকৈ ৰঙীন৷ দুটি মন এক হৈ যেন পৃথিৱীতে ৰচিছিল সৰগ৷ কিন্তু, মাথো খন্তেকীয়া সেই সৰগীয় সুবাস৷ এটি কন্যা সন্তান জন্ম দি, প্রসৱৰ পিছত অতিমাত্রা ৰক্তস্রাৱজনিত বিকাৰৰ বাবে বহু চিকিৎসা স্বতেও আৰোগ্য নোহোৱা নেন্সী গুচি গৈছিল পৃথিৱীৰ মায়া এৰি৷ হৃষীকেশৰ হাতত দি গৈছিল সেই গোলাপী শিশু আৰু এটা চুৱেটাৰেৰে মেৰিয়াই থোৱা কেইখনমান চিঠি আৰু এখন ডায়েৰী৷

*******
দিনবোৰ অতীত হৈছিল… মেদাম ডৰথীৰো মৃত্যু হৈছিল৷ মোৰতো তেওঁক মনতেই নাই৷ মাত্র নেনীকহে পাইছো সৰুৰে পৰা৷ ক’ত যে কোনে কেনেকৈ লিখে জীৱন? মই নেদেখাকৈ ৰখা চিঠিকেইখন, সেই বিশেষ নিশাটোতে; দেউতাই অতি কষ্টেৰে কিন্তু হাঁহিমুখেৰে তুলি দিছিল মোৰ হাতত৷ মই তাতে বিচাৰি পাইছিলো মোৰ সকলো ইতিহাস৷ কিদৰে এজনী সৰল গাভৰু বলি হৈছিল এজন পুৰুষ নামধাৰী কাপুৰুষৰ প্রেম নামৰ ভণ্ডামিৰ৷ এজনী পৰিচয়বিহীনা গাভৰুক প্রেম নিবেদন কৰিব পাৰি কিন্তু পত্নীৰ মৰ্যদা দিব নোৱাৰি? আস! পুলকেশ দেৱগোস্বামী মই ঘৃণা কৰো তোমাক৷
কিন্তু মোৰ দেউতা, কেনে মহান তেওঁ৷ মই তেওঁৰে সন্তান! তেওঁৰ ছত্ৰছায়াতে পালিত মই৷ জন্মগতভাৱে হাৰ্টত এটা ৰন্ধ্ৰ আছে মোৰ৷ হয়তো মাৰ বুকুভঙা যন্ত্রনাৰে সেয়া বৰ্হিপ্রকাশ৷

*********
দিনবোৰ পাৰ হৈছে গতানুগতিক৷ কিছুদিন পূৰ্বে এটা ষ্ট্ৰোক হৈ দেউতা বৰ্তমান শয্যাশায়ী৷ মই এদিন চাৰ্চলৈ গৈ সেই চুৱেটাৰটো আৰু ডায়েৰীখন প্রভু যীশুৰ চৰণত অৰ্পণ কৰি আহিলো৷ প্রাৰ্থনা কৰিলো৷ এই অনাহক বোজাৰ পৰা দেউতাক উদ্ধাৰ কৰা প্রভু৷ বিধিৰ কি বিপাক! সেইদিনাই নিশা, দেউতাৰ পুনৰ বি পি হাই আৰু ব্রেইন হেমাৰেজত মৃত্যু হ’ল৷

এতিয়া এই পৃথিৱীত অকলশৰীয়া মই৷ প্রতিটো ফাগুনৰ সন্ধ্যা কিয় জানো বাট চাওঁ, কিজানিবা মই সেই চাৰ্চত এৰি অহা, মায়ে তেওঁৰ প্ৰেমিকৰ বাবে হেঁপাহেৰে গুঠা চুৱেটাৰটো আহিব মোৰ কাষলৈ৷ লৈ আহিব মোৰ বহু অমীমাংসিত প্রশ্নৰ সমিধান৷ ক’বহি আহি…মোক ক্ষমা কৰি দিয়া বুলি৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!