ফ’বফ’বিয়া (গৌতম কাশ্যপ)

সকলোৱেই ভাবে যে মই বহুত সুখী। মই বুজিব পাৰো তাৰ কাৰণ । কিন্তু সঁচাকৈ জানো মই সুখী? মানুহৰ ঈৰ্ষাৰ চাৱনি বোৰ অলপো সহ্য কৰিব নোৱাৰা হৈ পৰিছো মই।
চহৰ খনৰ শ্ৰেষ্ঠ মনোৰোগ বিশেষজ্ঞ জনৰ ক্লিনিকৰ ৰোগী বহা কোঠা টোৰ মাজতো মই সেয়া অনুভৱ কৰিব পাৰিছো। কেইবাযোৰ চকুৱে যেন মোলৈ ঈৰ্ষাৰ দৃষ্টিৰে চাই আছিল। অৱশ্যে বহুতেই মোৰ দৰে এজন বিখ্যাত লোকক এইটো কোঠাত দেখি কিছু আচৰিতো হৈছে। তেওঁলোকৰ অনুসন্ধিৎসু চাৱনিত সেয়া স্পষ্টকৈ জিলিকি পৰিছিল।
কোঠাটোৰ চাৰিওফালে চকু ফুৰালো। প্ৰায় ত্ৰিশ চল্লিছ জন মান লোক আছিল। কোনো জন হয়তো ৰোগী আৰু কোনোজন হয়তো ৰোগীৰ আত্মীয়-কুটুম্ব। পিছে মোৰ চকুত বৰ এটা পাৰ্থক্য ধৰা নপৰিল।

মোৰ কাষত বহি থকা পঞ্চাশ উৰ্দ্ধৰ ব্যক্তি জনে মুখেৰে ভোৰভোৰাই আছিল যে তেওঁৰ চিন্তা শক্তি দিনে দিনে নোহোৱা হৈ পৰিছে, এনেকৈ ভবাৰ ক্ষমতা হেৰুৱাই পেলালে তেওঁ এদিন আলুগুটি টোৰ দৰে হৈ পৰিব বুলি ভয় কৰে। তেওঁৰ কথা বোৰ শুনি সাধাৰণ মানুহে হয়তু বৰ আমোদ পালে হেতেন। কিন্তু মই এনেধৰণৰ ৰোগী দেখা পাই অভ্যস্ত হৈ পৰিছো। কোনো হাঁহিৰ খোৰাক নোযোগাই এইবোৰে আজিকালি। অৱশ্যে হাঁহি নুঠাৰ আন এটা কাৰণো আছিল। সেয়া হ’ল ৰাতিপুৱাৰ শোকাৱহ দুৰ্ঘটনাটো । চহৰ খনৰ ব্যস্ত ৰাজপথ টোৰ কাষতেই আছিল প্ৰসিদ্ধ মানসিক ৰোগৰ বিশেষজ্ঞ ডাঃ সাহাৰ ক্লিনিক খন। মই গাড়ী খন পাৰ্ক কৰি ৰাস্তা টো পাৰ হবলৈ লওঁতেই দেখা পাইছিলো দুৰ্ঘটনা টো। এজনী বাইশ তেইশ বছৰীয়া যুৱতীয়ে কিছু সময় ধৰি ৰাস্তা টো পাৰ হবলৈ চেষ্টা কৰি আছিল। পথ টোত যান-যঁত বৰ বেছি নাছিল আৰু সৰু সৰু গাড়ী বোৰ বৰ দ্ৰুতগতীৰে ইখনৰ পিছত সিখন পাৰ হৈ গৈছিল। যুৱতী গৰাকীয়ে দুই তিনি বাৰ ৰাস্তা টো পাৰ হবলৈ কেইখোজ মান আগবঢ়াই পিছুৱাই আহিব লগা হৈছিল। এপাকত তাই আগবাঢ়ি প্ৰায় পথটোৰ মাজ পাইছিলগৈ। কিন্তু ৰাস্তাৰে বেগেৰে আহি থকা বলেৰো খন দেখি তাই কিংকৰ্তব্যবিমূঢ় হৈ পথৰ মাজতে ৰৈ দিছিল। গাড়ী খনে ব্ৰেক মাৰিছিল যদিও সেয়া বহুত দেৰি হৈছিল। মুহূৰ্ততে তাই ওফৰি বিশ ফুট মান দুৰত পৰিছিলগৈ। ৰাস্তাৰ মাজত তেজৰ ডোঙা বান্ধিছিল। এজন দুজনকৈ মানুহৰ জুম বান্ধিছিল সেই ঠাইত । সকলোৱেই কোৱা কুই কৰিছিল যে যুৱতী গৰাকী আৰামত ৰাস্তাটো পাৰ হব পাৰিলে হেতেন। কিন্তু মৃত্যুৱে যেন তাইক হাতবাউলি দি মাতিছিল। মই কিন্তু ঠিক বুজিব পাৰিছিলো। ব্যস্ত ৰাস্তা পাৰ হব খোজোতে নাৰ্ভাছ হোৱাটো এক প্ৰকাৰৰ ফ’বিয়া বা মানসিক ৰোগ যাক চিকিৎসা বিজ্ঞানৰ ভাষাত Agyrophobiaবুলি কোৱা হয়। এনেধৰণৰ আৰু বহু ফ’বিয়া আছে। পথৰ মাজৰ তেজৰ ডোঙা দেখি এগৰাকী মহিলাই বমি কৰি বেহুচ হোৱাৰ উপক্ৰম হৈছিল। এয়াও এক প্ৰকাৰৰ ফবিয়া যাক কোৱা হয় Haemophobia।

“মিচ এচ. বৰা” ৰিচিপচনিষ্ট গৰাকীয়ে এজন ৰোগীৰ নাম ঘোষণা কৰিলে ডাক্তৰক সাক্ষাৎ কৰিবৰ বাবে। মোৰ সম্বিৎ ঘূৰি আহিল বাস্তবলৈ। অথনিৰে পৰা চকুৰ আগত সেই দুৰ্ঘটনা টোৰ ছৱি ভাঁহি আছিল। আকৌ কোঠা টোৰ চাৰিওফালে চকু ফুৰালো। ঠিক কোঠা বুলি নকৈ হল বুলি কলেহে শুৱাব আচলতে। যথেষ্ট সুন্দৰ ভাবে সজাই ৰখা হৈছিল হলটো। খোৱা পানীৰ পৰা আৰম্ভ কৰি দৈনিক কাকত, টিভি, আলোচনী আদি সকলোবোৰ সুবিধাই আছিল।

“আপোনাৰ সমস্যা কি? নে কাৰোবাৰ লগত আহিছে?” মোৰ বাঁও কাষে থকা যুৱক জনে মাত লগালে। তেওঁ বহু সময়ৰ পৰাই মোক মাত লগাবলৈ চেষ্টা কৰি আছিল।
তেওঁৰ চিধা প্ৰশ্নত থতমৎ খালো আৰু মোৰ চিন্তাত যতি পৰিল।
“নাই মোৰেই। একেবাৰে সাধাৰণ সমস্যা।” চুটি কৈ উত্তৰ দি তেওঁৰ ফালে লক্ষ কৰিলো। যুৱক জনৰ চকু যোৰ শেতা পৰা আৰু ভিতৰলে সোমাই পৰা আছিল। গাল দুখনৰ হনু বাহিৰলে ওলাই পৰিছিল। ভালদৰে খোৱা বোৱা নকৰা আৰু নিদ্ৰাহীনতা স্পষ্ট কৈ ফুটি পৰিছিল।
“তাৰ মানে আপুনিও ডিপ্ৰেছনত ভুগিছে নেকি? দেখাত তেনে নালাগেচোন।” তেওঁ আকৌ কলে।
“চকুৰে চাই মানসিক অশান্তি বুজি পোৱা সকলোৰে বাবে সম্ভৱ নহয়।” মই উত্তৰ দিলো।
“ঠিকেই কৈছে আপুনি। এই কোঠা টোতে বহুতক দেখিলে সম্পূৰ্ণ সুস্থ যেনেই লাগে। আপুনিও তাৰ মাজতে এজন।”
যুৱক জনৰ কথাত মই মিচিকিয়াই হাঁহি এটা মাৰিলো।
“আত্মহত্যাৰ প্ৰৱণতা কিন্তু সঁচাকৈয়ে ভয়ংকৰ” অলপ সময় ৰৈ তেওঁক উদেশ্য কৰি কলো।
“কি?”
মোৰ কথাত তেওঁ থতমৎ খাইছিল।
“আপুনি স্ব ইচ্ছাৰে যে চিকিৎসাৰ বাবে আহিব পাৰিছে সেই বাবেই আপোনাক চেলুট যাঁচিছো। আপুনি মেন্টেলি ষ্ট্ৰং । ভালদৰে খোৱা বোৱা কৰিব আৰু শোৱাত ব্যাঘাত জন্মিবলৈ নিদিব” আকৌ কলো।
মোৰ কথা শুনি তেওঁ বহু সময় নীৰৱ হৈ ৰল। চকুত আশ্চৰ্যৰ চিন স্পষ্ট ।
“আপুনি কেনেকৈ জানিলে?” অৱশেষত তেওঁৰ মুখৰ পৰা শব্দ বাহিৰ হল।
“মই যথেষ্ট মনোবিজ্ঞানৰ কিতাপ অধ্যয়ন কৰো। কেতিয়াবা অলপ ধাৰণা কৰিব পাৰো আৰু।”
তেওঁৰ চকুৰ পৰা আশ্চৰ্যৰ দৃষ্টি মাৰ যোৱা নাছিল। মই তেওঁৰ ফালে চাই ৰোৱাত তেওঁ তলমুৰ কৰিলে।
“আপুনি জানেনে ডাঃ সাহাই ব্যক্তিগত অভিজ্ঞতাৰ পৰা অদ্ভুত অদ্ভুত মানসিক ৰোগৰ ওপৰত কেইবাখনো কিতাপ লিখিছে।” প্ৰসংগ টো সলনি কৰিবলৈ চেষ্টা কৰিলো মই।
“শুনিছো মই। পিছে সেয়া পঢ়ি বুজা মোৰ সম্ভৱ নহয়।”
“মই দুখনমান পঢ়িছো। শেষৰ খন কিতাপত তেওঁ বৰ অদ্ভুত ৰোগ এটাৰ বিষয়ে লিখিছে যত ৰোগী জনে নিজকে মৃত বুলি বিশ্বাস কৰিছিল।”
“বৰ আচৰিত বেমাৰ দেখোন। বাৰু আপোনাৰ চেহেৰাটো মোৰ চিনাকি চিনাকি যেন লাগিছে। কিন্তু মনত হে পেলাব পৰা নাই।”
তেওঁৰ কথাত গুৰুত্ব নিদি মই কৈ গলো ” ডাঃ সাহাই বৰ্ণনা কৰা কিছুমান ৰোগক প্লত হিচাপে লৈ কেইবাখনো উপন্যাস আৰু চিনেমাও নিৰ্মান হৈছে ইতিমধ্যে।”
“আৰে! আপোনাক কেনেকৈ নিচিনাকৈ থাকিব পাৰো বাৰো মই। আপুনি প্ৰসিদ্ধ লেখক সঞ্জীৱ কাশ্যপ নহয় জানো।” প্ৰয়োজনতকৈ ডাঙৰ কৈ ওলাই আহিল কথা কেইষাৰ যুৱক জনৰ মুখেৰে।

“মি. এচ. কাশ্যপ” ৰিচিপচনিষ্ট গৰাকীয়ে মোৰ নাম ঘোষণা কৰিলে। যুৱক জনৰ কথাৰ উত্তৰ কেৱল হাঁহি এটাৰে দি ডাক্তৰৰ কোঠাৰ ফালে ৰাওনা হলো।
দুৱাৰ খন থেলি সোমাই গলো ভিতৰলৈ।
“আৰে কাশ্যপ আপুনি? ফোন কৰি মোৰ ঘৰলৈকে আহিব পাৰিল হেতেন দেখোন আপুনি। নতুন উপন্যাসৰ কাহিনীও শুনিব পাৰিলো হেতেন।” মোক দেখা পাই ডাঃ সাহাই কৈ উঠিল।
“নাই… মানে আচলতে…”
মোৰ কথা শেষ হোৱাৰ আগতেই তেওঁ আকৌ কৈ উঠিল “তাৰ মানে আপুনি কাহিনীৰ চৰিত্ৰ বিচাৰি ফিল্ডত নামিল। আপোনাৰ কাহিনীৰ চৰিত্ৰ বোৰে এনেই ইমান জীৱন্ত ৰূপ নাপাই টো। কওক মই কিদৰে সহায় কৰিব পাৰো।”
“মই এক সমস্যাত ভুগিছো।” মই কলো।
এইবাৰ তেওঁক অলপ চিন্তিত যেন দেখা গল। কপালৰ ভ্ৰু কোঁচ খোৱাই সুধিলে “কি সমস্যা?”
“আপুনি বুজি পাব নে নাই সেয়া সন্দেহ আছে।” কওঁ নকও কৈ উত্তৰ দিলো মই।
“আপোনাৰ সমস্যা যদি মানসিক ৰোগৰ লগত জড়িত তেন্তে মোৰ বাহিৰে যে বেলেগে ভালদৰে বুজি পাব তাত মোৰ সন্দেহ আছে।” তেখেতে অলপ ৰুক্ষ ভাৱেই উত্তৰ দিলে। মোৰ কথাই হয়তো তেখেতেৰ অভিজ্ঞতা আৰু আত্মসন্মানত আঘাত হানিছিল।

“এজন সুস্থ ব্যক্তিক এখন পগলা ফাটেকত এসোপা পাগলৰ মাজত ৰাখিলে তেওঁৰ কেনে অনুভৱ হব বাৰু?” মই প্ৰশ্ন কৰিলো।
“মানে কি কব খুজিছে?”
“মানে মোৰ তেনেকুৱা অনুভৱ হয় আজিকালি” উত্তৰ দিলো।
ডাঃ সাহাৰ চকু দুটা উজলি উঠিল।
“বিতং কৈ কওক” তেখেতে মোৰ ফালে পানী এগিলাচ আগবঢ়াই দিলে।

“আপুনি জানেই মোৰ প্ৰায় বোৰ উপন্যাসেই চাইক’লজিকেল থ্ৰিলাৰ । কাহিনী বোৰৰ চৰিত্ৰ সমূহ বৰ্ণনা কৰিবলৈ মই বিভিন্ন মানসিক ৰোগৰ বিষয়ে অধ্যয়ন কৰিব লগা হয়। মানসিক ৰোগী সকলৰ ব্যৱহাৰ পাতি আৰু লক্ষণ সমূহ সূক্ষ্ম ভাৱে মই প্ৰায়েই পৰ্যবেক্ষণ কৰো। আৰু সেয়াই এতিয়া মোৰ বাবে কাল হৈ পৰিছে।” পানী গিলাচ একেবাৰতে খাই আকৌ কবলে আৰম্ভ কৰিলো “মই কলেজত পঢ়ি থকা দিনৰে পৰা এনে ধৰণৰ বিষয় বোৰ অধ্যয়ন কৰিছিলো কেৱল চৰিত্ৰ বোৰৰ জীৱন্ত ৰূপ বৰ্ণনা কৰিবলৈ। মোৰ চৌপাশৰ সকলো মানুহৰে ব্যৱহাৰ পাতি, বডী লেংগুৱেজ , কথা কোৱাৰ ধৰণ , চকুৰ চাৱনি আদি সূক্ষ্ম ভাৱে অধ্যয়ন কৰিবলৈ লৈছিলো। তেতিয়াই তেওঁলোকৰ মাজত লুকাই থকা ফ’বিয়া বোৰ দেখা পাবলৈ সক্ষম হৈছিলো মই। এই ফ’বিয়া বোৰো এক প্ৰকাৰৰ মনসিক ৰোগেই। এতিয়া লাহে লাহে ইমান বছৰৰ অভিজ্ঞতা আৰু অধ্যয়নৰ পৰা বুজিব পাৰিছো যে সকলো মানুহেই কিবা নহয় কিবা মানসিক ৰোগৰ দ্বাৰা আক্ৰান্ত। কোনো যদি উচ্চতালৈ ভয় কৰা Acrophobia ত আক্ৰান্ত কোনোজন পানীৰ গভীৰতালৈ ভয় কৰা Bathophobiaত আক্ৰান্ত। কোনোৱে লিফ্টত উঠিবলৈ ভয় কৰে, কোনোৱে ৰাস্তা পাৰ হবলৈও ভয় কৰাৰ বাবেই মৃত্যুবৰণ কৰিব লগা হয়। Homophobia ত ভুগা মানুহৰ কথা টো নকওৱেই। মোৰ নিজৰ একমাত্ৰ সন্তানেই ভিৰ দেখিলে ভয় খাই কথা কব নোৱৰা হয়। বহু লোক Schizoid, Paranoid, Schizotypal, Antisocial Disorder আদিত ভোগা দেখা পাও। মোৰ চাৰিওফালে থকা প্ৰতিজন মানুহৰ মাজত কিবা নহয় কিবা মানসিক বিসংগতি আছে আৰু তেওঁলোকক মই অলপ চালেই সেয়া মোৰ চকুত ধৰা পৰে । আপোনাৰ ৰিচিপচনিষ্ট গৰাকীও Anthropophobiaত ভুগে। চাৰিওফালে কেৱল মানসিক ৰোগত আক্ৰান্ত মানুহবোৰক দেখি কেতিয়াবা মইও পাগল হৈ যাম বুলি বৰ ভয় লাগে।এই দুশ্চিন্তাত কোনো কামতে মন দিব নোৱাৰো। লিখিবৰ বাবেও একো ভাবিব নোৱৰা হৈ পৰিছো। মোৰ অৱস্থা সেই পগলা ফাটেকৰ এসোপাপাগলৰ মাজত থকা সুস্থ মানুহ জনৰ দৰে হৈ পৰিছে।” একেৰাহে কথাখিনি কৈ নীৰৱ হৈ ৰলো।

“আপুনি মোৰ মাজতো তেনে বিসংগতি দেখা পাইছে নে?” ডাঃ সাহাৰ মাত টো প্ৰথম বাৰৰ বাবে ডাঙৰ কৈ ওলাল। চকুত আশ্চৰ্যৰ চিন স্পষ্ট।
” আপোনৰ কোনো ফ’বিয়া নাই, কিন্তু আপুনি হীনমন্যতাত ভুগা যেন লাগে। আপুনি আপোনাৰ গৱেষণা সমূহত সহযোগ কৰিবৰ বাবে আপোনাৰ দৰেই অভিজ্ঞ এজনৰ অভাৱ অনুভৱ কৰে। আন কোনো বিশেষজ্ঞৰ সহযোগে আপোনাক সন্তুষ্ট কৰিব নোৱাৰে। এয়া আচলতে Narcissistic personality disorder ৰ লক্ষণ।” উত্তৰ দিলো।
সেই সময়ত ডাঃ সাহাৰ চকুত বিষ্ময়, আশ্চৰ্য, উৎসুকতা নে আনন্দৰ চিন ফুটি উঠিছিল সেয়া বুজিব নোৱাৰিলো।

———–×××××————
গল্প টো সম্পূৰ্ণ কৰি সি স্বস্তিৰ নিশ্বাস পেলালে। চিগাৰেটৰ পেকেট টোৰ পৰা শেষ চিগাৰেট টো ওলিয়াই জ্বলাই ললে সি। কাইলৈ গল্প টো মাহেকীয়া আলোচনী খনৰ বাবে পঠাব লাগিব। হলিউডী মাৰ্কা কাহিনী ভাল পোৱা তাৰ দৰে নতুন প্ৰজন্মৰ মাজত তাৰ এইটো গল্পইও যে সমাদৰ লাভ কৰিব নিশ্চিত আছিল সি। লাইট টো নুমোৱাই বিছনাত পৰিবলৈ লওঁতে ৰুমমেট বসন্তই চিঞৰি উঠিল ” আবে ডিম লাইট টো জ্বলাই ৰাখিবি বুলি কিমান বাৰ কম। ৰাতি বাহিৰলে যাবলে আন্ধাৰত অসুবিধা হয়।”
“Nyctophobia” মুখৰ পৰা ওলাই আহিল তাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!