পদোৰ মাছ মৰা বনাম সুৰেনৰ তলা মৰা- সুৰেন গোস্বামী

সৰুতে প্ৰাইমাৰী স্কুলত “পদোৰ মাছ মৰা“ নামৰ সাধু এটা পঢ়িছিলোঁ৷ মোৰ বয়সৰ, মানে ৬০-৭০ বছৰমান বয়সৰ বন্ধুসকলৰ সেই নৈতিকতাসম্পন্ন সাধুকথাটো মনত থাকিব চাগে৷ তথাপি আমাৰ পৰজন্মাসকলৰ বাবে সংক্ষিপ্তকৈ উল্লেখ কৰিলোঁ- গাঁৱৰ ওচৰৰ বিলত মাছৰ উজান উঠিছে৷ গাঁৱৰ সকলো মানুহে জাল-প’লো লৈ মাছলৈ গৈছে৷ তাকে দেখি পদোৰো উঠিল গা৷ সি লৰালৰিকৈ জালখন মূৰত বান্ধি, কঁকালত খালৈটো লৈ ঢাপলি মেলিলে৷ বিল পাই মনত পৰিল, সি খালৈটো আনিলে, কিন্তু জালখনকে আনিব পাহৰিলে৷ ঘৈণীয়েকে বাৰু মনত পেলাই দিব নোৱাৰিলে নে? খঙত টিঙিৰি তুলা হৈ সি ঘৰলৈ ঘূৰি আহি ঘৈণীয়েকক দিলে থিয়ৈ-থিয়ৈ গালি৷ কাটিবলৈহে বাকী থাকিল৷ তাকে দেখি ঘৈণীয়েকৰ উঠিল হাঁহি৷ তাই ক’লে, “নিজৰ মূৰত হাত দি চাওকচোন! “ পদোৱে হাত দি জালখন পাই বিৰাট লাজ পালে৷ ঘৈণীয়েক বুলি ভৰিত ধৰি ক্ষমা নুখুজিলে, পিছে সাৱতি ধৰি “মোৰে লাহৰী” বুলি ক’বলৈ নাপাহৰিলে৷

এই ঘটনাটো মনত পৰিল আজি মই বজাৰলৈ যোৱাৰ বাবে৷ মোৰ ঘৰত মই অকলেই থাকোঁ যদিও মানুহ-দুনুহ আহিয়েই থাকে৷ নিজেই ৰন্ধা-বঢ়া আদি কৰোঁ৷ ভাল লাগে৷ আজি মোৰ সৰু ভাইজন আহিছে৷ দুপৰীয়া ভাত খাওঁতে পলম হ’ল৷ খাই-বৈ দুয়ো শুলোঁ যদিও মই আগতে উঠি কম্পিউটাৰত কেইখেলমান দবা খেলিলোঁ৷ কম্পিউটাৰৰ বিৰুদ্ধে খেল খেলি এতিয়ালৈ মই ৬২% জয় হৈ আছোঁ৷ আজিও চাৰিখনৰ তিনিখনতে জিকি বজাৰলৈ যাওঁ বুলি এৰি থলোঁ৷ ভাইজন এতিয়ালৈ উঠাই নাই৷ গতিকে তাক নামাতি তৎক্ষণাতে আহিম বুলি ওলাই গ’লো৷ সদায়ে ওলাওঁতে-সোমাওঁতে তলা লগাই যাওঁ যদিও আজি সি আছে যেতিয়া তলা নলগালেও হ’ব৷ গতিকে তাক নমতাকৈ ওলাই গ’লোঁ৷ প্ৰায় কুৰি মিনিটমান পিছতে বস্তু দুপদমান লৈ ঘূৰি আহিলোঁ৷ আহি দেখো ঘৰত তলা৷ হেঃ! ই ক’লৈ গ’ল! চাবি দি গৈছে নেকি সুধিবলৈ নিৰাপত্তাৰক্ষীজনো দেখোন নাই৷ কৈ যোৱা নাই যেতিয়া সম্ভৱ ওচৰৰে ক’ৰবালৈ গৈছে, এতিয়াই আহিব৷ এই ভাবি মই ফ্লেটৰ তলতে“চিকিউৰিটি কাউণ্টাৰৰ ওচৰতে থকা চেয়াৰ এখনত বহিলোঁ৷ সময় কটাবলৈ মূৰখোৱা মোবাইলটো উলিয়াই ফেচবুকৰ “নোটিফিকেশ্যন“ অধ্যায়টো উলিয়াই ল’লোঁ৷ মাজে মাজে মন্তব্যবোৰ পঢ়ি হাঁহিছোঁ, মোৰ পোষ্টৰ প্ৰশংসাসূচক মন্তব্যবোৰ দেখি গৰ্বত বুকু ফিন্দাইছোঁ, দুই-এটা মন্তব্যৰ বাবে ধন্যবাদ টাইপ কৰিছোঁ, দুই-এটাৰ মন্তব্যৰ ওপৰত মন্তব্য কৰিছোঁ, মোৰ ’পোষ্ট’ কিমানে লাইক কৰিছে হিচাপ কৰিছোঁ, কিমানে নপঢ়াকৈ লাইকত টিপা মাৰিছে আনুমানসূচক গণনা কৰি আছোঁ৷ প্ৰায় আধাঘণ্টা পাৰ হৈ গ’ল৷ তথাপি ভাইজন আহি পোৱা নাই৷ ক’লৈ গ’ল বাৰু ই? পলমেই হয় যদি ফোন এটাকেতো কৰিব পাৰে! এনে দায়িত্বজ্ঞান নোহোৱা হ’ব লাগেনে? আমি এনেকুৱা নাছিলোঁ, এতিয়াও নহয়, আমি হ’লে কৈ গ’লোঁহেঁতেন৷ নহ’লেও ফোনতো কৰিলোঁহেঁতেনেই৷ আজিকালিৰ ল’ৰা-ছোৱালীবোৰ এনেকুৱাই, একো দায়িত্ব নুবুজে! পিছে সিতো আজিকালিৰো নহয়, মোতকৈ মাত্ৰ দুবছৰমানহে সৰু৷ সিনো এনে হ’ব লাগেনে? গতিকে নিজেই ফোন কৰিলোঁ৷ সি কোনো উত্তৰ দিয়ালৈ মই অপেক্ষা কৰিব নোৱাৰোঁ৷ একেকোবেই জাৰিম বাপ্পেকে, “তই ক’ত মৰিছ? মই ওলাই যাবলৈ মাত্ৰ পোন্ধৰ মিনিট হৈছেহে৷ যাৱ যদি চাবিতো দি যাব লাগে৷ নহ’লেও ফোনতো কৰি জনাব পাৰ৷ মই এঘণ্টা আপেক্ষা কৰি আছোঁ৷ আৰু কিমান সময় ইয়াত মৰিম? ” সেইফালৰপৰা উত্তৰ আহিল, “মইনো ক’লৈ গলোঁ, ভিতৰতে আছোঁচোন৷ এতিয়া সন্ধিয়ানো ক’লৈ যাম”৷ মোৰ হুছ আহিল৷ তেন্তে ঘটনা কি! মইয়ে বাৰু অভ্যাসবশতঃ তলা লগালোঁ নেকি! এই ভাবি পিছ পকেটত হাত দি দেখোঁ হয়, তলা মইয়েই কোনো সময়ত লগালোঁ৷ অস্বস্তিবোধ কৰিলোঁ৷ নিজৰ মূৰটোৰ ওপৰতে খং উঠিল৷ সকলো পাহৰোঁ৷ অকলেনো কিমান কথা মনত ৰাখিম৷ মনত ৰাখিবলৈও সহায় লাগে, সংগী লাগে৷ মূৰটোৰ বাহিৰেতো মোৰ একো নাই৷ সেইবুলিয়ে পদোই ঘৈণীয়েকক কাটিব ওলোৱাৰ দৰে মইতো মূৰটো কাটিব নোৱাৰোঁ! মই নিজেই দুৱাৰখন খোলাৰ লগে লগে ভাইজন ওলাই আহি খিলখিলাই হাঁহিবলৈ ধৰিলে, ঠিক পদোৰ ঘৈণীয়েকৰ দৰে৷ মই সেই খিলখিলনিৰ বিৰুদ্ধে তলমুৱাকৈ সেমেকা-সেমেকি মিহলোৱা মধুৰ হাঁহি মাৰিছিলোঁ হ’ব পায়, সেইটো কিন্তু নাজানিলোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments