নবীন অসমীয়া কবিৰ কবিতাত সৃজনীশীল চেতনা – (প্ৰিয়ংকু নাৰায়ন বৰুৱা)

নবীন অসমীয়া কবিৰ কবিতাত সৃজনীশীল চেতনা
-প্ৰিয়ংকু নাৰায়ন বৰুৱা
বক্তব্য বিস্তৃতি অবিহনে স্বীকাৰ্য যে অতি সম্প্ৰতি অসমত প্ৰায় নবীন- প্ৰবীণ কেবা শতাধিক কবিয়ে কাব্য চৰ্চা কৰি আহিছে। এই সকলৰ শতাধিক প্ৰতিষ্ঠিত আৰু অন্য সকলেও আমাৰ দ্বাৰা শুভ কামনাৰ প্ৰাপক। সাম্প্ৰতিক নবীন কবিকুলৰ কবি আৰু কবিতা আলোচনা বোলোতে কেবা শতাধিক কবিতা চৰ্চা কৰা নবীন কবিৰ কবিতাৰ কথন-পথন সৰ্ম্পকীয় আলোচনা এটি মাত্ৰ আলোচনাত অসম্ভৱ। তদাৰ্থত ভিন্ন সময়ত নবীন কবিকুলৰ কবি আৰু কবিতাৰ ভাৱ, ভাষা, সম্পৰীক্ষণ সৰ্ম্পকীয় আলোচনাৰ পথ আমি মুকলি ৰাখিছোঁ। অতএৱ শেহতীয়া আলোচনাত কিছু সংখ্যক কবিৰ বিষয়েহে আভাষ দিব পৰা গ’ল। দেখা যায় যে স্বাভাৱিক কাৰণতে অসমৰ বহু নবীন কবিৰ কবিতাত এহাতেদি সামাজিক অৱক্ষয়, অৰ্থনৈতিক জটিলতা, ৰাজনীতিৰ ঘূৰ্ণিয়ে তোলপাৰ লগাইছে আনহাতেদি হৃদয়ৰ অভ্যন্তৰত ৰু-ৰুৱাই আছে এছাটি প্ৰেমৰ বতাহ। আপোন পেটৰ জ্বালা-ক্ষুধাৰ জুই নিৰ্বাপিত কৰাৰ হিচাপ-নিকাচ কৰোঁতেই পাৰ হৈ যায় যৌৱন-জীৱনৰ ভৰ দুপৰীয়া। অস্তগামী সূৰুযৰ পিনে লক্ষ্য ৰাখিলেই চোন উজাই আহে এবুকু হুমুনিয়াহ….মানুহৰ চিৰন্তন আবেগৰ বহিঃপ্ৰকাশ।
“আপোনাৰ বুকুৰ উমেৰে উষ্ণ হ’ব খুজিছিল যি
ছোঁ মাৰি নামি আহিল চিলনীৰ জী” [কবিতা/সিদ্ধাৰ্থ শংকৰ কলিতা]
ভোকৰ পৰা ভয়, মৃত্যু বিলাসৰ পৰা অস্তিত্ব সংকটলৈ, প্ৰেম, প্ৰতাৰণা, সামাজিক চেতনাৰ পৰা ৰাজনৈতিক গড্ডালিকা প্ৰৱাহলৈ বিক্ষিপ্ত চিন্তা স্ৰোত। পেণ্ডুলামৰ দৰে দোলিছে নৱ-প্ৰজন্মৰ মগজুৰ দোলক… কিবা এক প্ৰাপ্তিৰ অনুসন্ধানত। নিত্য নতুন সম্পৰীক্ষণৰ অধিকাংশই বাস্তৱ সম্ভূত। সমালোচনাৰ আওতালৈ বৰ বিশেষ নাটানি ক’ব পাৰি যে, নবীন কবিসকলৰ কবিতাত অপৈণত আৱেগ কেতিয়াবা মাত্ৰাধিক্যতা দোষপুষ্ট হৈ পৰিছে। ভাৱ, ভাষা, আৱেগৰ সংযম সহ সুসংহত প্ৰয়োগে কবিতাক শ্ৰুতিমধুৰ আৰু মনোগ্ৰাহী কৰি তোলে। তুলনামূলক সাহিত্য চৰ্চা, সমাজ, সংস্কৃতি, ৰাজনীতি, ইতিহাসকালীন অধ্যয়ন অনুৰাগীতা আৰু পৰিপক্কতা বৃদ্ধিৰ চেষ্টাও নিশ্চয় প্ৰয়োজনীয়। তৎসত্ত্বেও বাস্তৱবীক্ষণৰ তাগিদাৰে কৃত অসমৰ নবীন কবিকুলৰ প্ৰচেষ্টাই সম্ভাৱনা বহন কৰিছে। নৈৰাজ্যৰ অৱসানৰ তাড়নাৰে মনোজগতৰ অৰ্ন্তদ্বন্দৰ সৈতে অহৰহ যুদ্ধৰত হৈ সৃষ্টিচেতনাৰ বিকাশাৰ্থে এই প্ৰয়াস যদি ধাৰাবাহিক কৃচ্ছ্ব সাধনা হয়, তেন্তে নিশ্চয়কৈ এয়া এক শুভ সংবাদ বিবেচিত হ’ব।
“ওঁঠত গান এটা ওলোমাই ওখ গছ এজোপাৰ ফেৰেঙনিত বহি আছিল চিলনীৰ জী
বতাহ এছাটিয়ে আহি মেলাইছিল তাইৰ সাতহাত দীঘল চুলি।” [চিলনীৰ জী/মৃদুল হালৈ]
“বিবাহপাশত আৱদ্ধ দুয়ো
এওঁ আৰু তেওঁ
এওঁ অবুজ তেওঁ বুজন” [বিবাহ/কংকনা দত্ত]
“এই যাত্ৰাৰ শেষ ক’ত
সকলো দূৰণিবটীয়া বাটেই ঘূৰণীয়া” [এক যাত্ৰাৰ শেষত/কিৰণ তালুকদাৰ]
“ভোক, কিদৰে জগৰীয়া কৰিম তোক” [ভোক/স্নেহাংকৰ]
এইসকল নবীনৰ কবিতাৰ পংক্তি সমূহে বহন কৰিছে সম্ভাৱনাৰ স্বাক্ষৰ। “Social revolution in a transitional period, under the wave of a complex state of confrontation of mind… creativity is rising here in, probably the greatest strength for the Assamese youth, poets and Artists”। পংকজ গোবিন্দ মেধি, এম কামালুদ্দিন আহমেদ, নীলিম কুমাৰ, জীৱন নৰহ, সনন্ত তাঁতী, উজ্বল পাওগাম, ডেনী গাম, অনুভৱ তুলসী, ৰফিকুল হোছেইন, প্ৰণয় ফুকন, ৰাজীৱ বৰুৱা, অৰবিন্দ ৰাজখোৱা, মাইনী মহন্ত, বিজয় ৰবি দাস, তুফেল জিলানী, তুলিকা চেতীয়া য়েইন, অনুৰাধা শৰ্মা পূজাৰী, অনুপমা বসুমতাৰী, সমীৰ তাঁতী, মনোৰঞ্জন বড়ি, কমল কুমাৰ জৈন, প্ৰণৱ কুমাৰ বৰ্মণ, কমল কুমাৰ মেধি, মনহৰি বায়ন, ৰবীন্দ্ৰ সৰকাৰ, প্ৰাঞ্জল শৰ্মা বশিষ্ট, ৰামগোস্বামী [সেউজীয়া দেশ], গংগামোহন মিলি, নন্দ সিং, অনুপমা দত্ত শইকীয়া আদিৰ কবিতাৰে জিলিকি উঠা সময় ক্ষণতে সমুদ্ৰ কাজল শইকীয়া, কমল কুমাৰ তাঁতী, বিপুল কুমাৰ দিহিঙীয়া, সুৰেশ ৰঞ্জন গদুকা, সিদ্ধাৰ্থ শংকৰ কলিতা, বিজয় শংকৰশৰ্মা, পৰাগ জ্যেতি মহন্ত, মনোজ এম.নেওগ, মণিকা দাস, মণিকুন্তলা ভট্টাচাৰ্য, মহেশ পাৰীক, দিগন্ত ওজা, অপু ভৰদ্বাজ, উদয় শংকৰ শৰ্মা, ৰনজিৎ গগৈ, শান্তনু শৰ্মা, পৰাগ দেৱচৌধুৰী, বিকাশ জৌতি শইকীয়া, জয়ন্ত কৃষ্ণ শৰ্মা, স্নেহাংকৰ, আনিছ উজ্ জামান, নবীনা দাস, হেমাংগ গোস্বামী, জৰ্নাদন গোস্বামী, প্ৰিয়ংকু নাৰায়ন বৰুৱা, অৱণী বৰুৱা, অংকুৰ ৰনজন চাংমাই, অনিল পাংগিং, আদিয়ে আৰম্ভ কৰা স্বশৈলীৰ নতুন পৰীক্ষণৰ প্ৰয়াসত হাত উজান দিছে জয়জিৎ ডেকা, মৃদুল হালৈ, ফিনমণি লাহন, মণিকা শেনচোৱা, পল শেনচোৱা, বনজিৎ বৰ্মণ, জোনমণি চাহু, নিতুপন ৰাজবংশী, দিগন্ত কুমাৰ দাস, সৃষ্টি শ্ৰেয়ম, প্ৰণৱ প্ৰিয়াংকুশ গগৈ, শিখাজ্যেতি সাধন নিদাৰ, ভূপেন ৰাজ, ৰনজুমণি গগৈ, চন্দনা পাঠক, জুবিলী তুলতুল ফুকন, শ্ৰীবিনোদ, কনক ৰয়, জ্যোৎস্নাৰাণী বৰ্মণ, মৃদুল কুমাৰ সন্দিকৈ, পদ্মলতা য়েইন, লীলাৱতী শইকীয়া বৰা, ভাস্কৰ ডেকা, প্ৰাঞ্জল এ.শৰ্মা, প্ৰাঞ্জল প্ৰতীম বড়া, প্ৰতীম বৰুৱা, প্ৰয়াগ শইকীয়া, প্ৰণৱ শৰ্মা, পিংকু কুমাৰ দাস, ড° ছবি গগৈ, লীলা গোঁহাই, কিৰণ তালুকদাৰ, কংকনা দত্ত, জোনাক যুগান্তৰ বৰা, দিলীপ কুমাৰ কোঁচ, প্ৰাঞ্জল তালুকদাৰ, নবীন বুঢ়াগোহাঞি, অপৰাজিতা গগৈ, ৰীপা বৰুৱা, অঞ্জনা দত্ত, ড° যতীন বৰুৱা, দশৰথ কাকতি, স্নিগ্ধাৰাণী গগৈ, অজিত কুমাৰ বৰদলৈ, বন্তিশিখা গোহাঁই, দীপিকা শইকীয়া, ভূপেন গগৈ, জোনমণি দাস, পংকজ দত্ত, পংকজ বৰুৱা, সুশীল ৰঞ্জন চৌধুৰী, মেঘালী হাজৰিকা কাকতি, ববী শইকীয়া, জ্যোতিৰেখা হাজৰিকা, হৰেণ গগৈ, দীপিকা শইকীয়া, অম্বোধৰ গোহাঁই, অৰ্চনা পূজাৰী, মাধুৰী কলিতা চৌধুৰী, দাদুল চুতীয়া, ইন্দ্ৰপ্ৰসাদ শইকীয়া, দীপাংকৰ বৰুৱা, লক্ষেশ্বৰ শৰ্মা, কুনজন কুমাৰ গগৈ, বিতোপন গগৈ, ভিক্টৰ ৰাজকুমাৰ, মনোজ শৰ্মা, মৰম কুমাৰ, বৈদ্য ব্ৰাইট বুঢ়াগোঁহাঞি, মুকুট পাঠক, প্ৰসেনজিৎ নাৰায়ণ বৰুৱা আদি বহু কেইগৰাকী প্ৰতিভাই। আংগিকৰ প্ৰয়োগ, প্ৰতিকী চিত্ৰাংকন, কাব্য লিখন শৈলী, বিষয় বস্তু সৰ্ম্পকীয় বিভিন্ন সম্পৰীক্ষণৰ প্ৰয়াসৰ পথত এইসকল নতুন প্ৰজন্মৰ কবিয়ে সততে তুলনামূলক সাহিত্য অধ্যয়নৰ প্ৰতি আকৰ্ষিত হোৱাটো আশাপ্ৰদ। প্ৰাত্যাহিক জটিলতাৰ মাজতো সুৰুঙা উলিয়াই জীৱনবোধৰ পৰিপক্কতাৰ অনুসন্ধান কৰিছে নতুন কবিসকলে স্ব শৈলীৰে…
“সকলো আত্মমগ্নতাই এতিয়া কৰুণ এক আলাপৰ অনুৰণন
সকলো আত্মমগ্নতাই এতিয়া জীৱনৰ নিয়তি আৰু নিৰ্বাণৰ
সকলো আত্মমগ্নতাই এতিয়া হাহাঁকাৰ আৰু অপূৰ্ণতা।” [এই আত্মমগ্ন দৃশ্যবোৰৰপৰা/বিকাশজ্যেতি শইকীয়া]
কিমাননো শুনিম কেটেৰা জেঙেৰা
কিমাননো খাম মানুহৰ মুখৰ শোকোটা [অকালপক্কৰ কবিতা/ বৈদ্য ব্ৰাইট বুঢ়াগোঁহাঞি]
এনে এক পৰিক্ৰমাৰ মাজেৰেই আগবাঢ়িছে নতুন অসমীয়া কবিকুলৰ কাব্যচৰ্চা। লক্ষণীয়ভাৱে শেহতীয়াকৈ জনপ্ৰিয় ছ’ছিয়েল নেটৰ্ৱকিং ছাইটসমূহ বিশেষকৈ “ফেচবুক”তো অসমীয়াত কথা বতৰা, স্পন্দন, নিতম, পথাৰ, শব্দকুসুম, অনুভূতি মাথোঁ তোমাৰ বাবে, খিৰিকী, পৰিক্ৰমা, নীলা চৰাই, নবীন, মামনি বাইদেউৰ স্মৃতি বুটলি সাহিত্য জগতত এভুমুকি” আদি বিভিন্ন গোট কাব্য-সাহিত্য চৰ্চাৰ সুবিধাৰ্থে গঠন হোৱাটো তাৎপৰ্যপূৰ্ণ। কেবাজনো নবীন কবিয়ে নিৰলস কাব্য চৰ্চাত ব্ৰতী থকা এই প্ৰয়াসক কাব্য চৰ্চাৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা আখ্যায়িত কৰিব পাৰি নিশ্চয়। সৰ্বোপৰি অসমৰ তৰুণ লব্ধ প্ৰতিষ্ঠিত কবি সকলৰ সৈতে সহযাত্ৰী হ’বলৈ ধৰা নতুন চামেও বহন কৰিছে সম্ভাৱনা। এইসকলৰ আছে সমাজ, সংস্কৃতি, ভাৱ, ভাষাৰ সৈতে একাত্ম হোৱাৰ হেপাঁহ। এক কথাত অসমৰ নবীন কবি আৰু কবিতাৰ ভৱিষ্যত সম্বন্ধে আমি আশাবাদী।
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!