আৰক্ষী আৰু ৰাইজৰ সংঘৰ্ষ : কিছুব্যক্তিগত অনুভৱ -(অঞ্জল বৰা)

আৰক্ষী আৰু ৰাইজৰ সংঘৰ্ষ : কিছুব্যক্তিগত অনুভৱ

-অঞ্জল বৰা

বহুদিনৰ আগৰ পৰা অসমত আৰক্ষী আৰু ৰাইজৰ সংঘৰ্ষৰ ঘটনা বাতৰি কাকত, নিউজ চেনেলৰ গৰম খবৰ হৈ পৰিছে৷ কিন্তু ইয়াৰ যেন কোনো সমাধান নাই৷ সমুদ্ৰ কাজল শইকীয়াইও কবিতাৰে বুজাব বিচাৰিছে যে আমি বাস্তৱিকতে আৰক্ষীক নিবিচাৰোঁ৷ আৰক্ষীৰ লগত কথা নাপাতোঁ৷ হাঁহি-ধেমালি নকৰোঁ৷ হয়,  আমি আৰক্ষীক এটা বেলেগ সত্তা বুলিয়েই কল্পনা কৰোঁ৷ বিশ্বনাথ মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়ত এবাৰ আৰক্ষী প্ৰধান খবিৰ আহমেদক লগ পাইছিলোঁ৷ তেখেতৰ ভাষণ শুনিছিলোঁ৷ সাহিত্যিক হিচাপেও তেখেত পৰিচিত৷ তেখেতে ‘পুলিচ আৰু মানুহ’ৰ সম্পৰ্কে নিজৰ অভিজ্ঞতাৰ পৰা কৈছিল যে এবাৰ এটা সৰুল’ৰাক মাকে গাড়ী এখনৰ ভিতৰত কিমানজন মানুহ আছে চাই আহিবলৈ কৈছিল৷ ল’ৰাজনে গাড়ীখনৰ ভিতৰত চাই আহি মাকক ক’লেহি যে তাত এজনো মানুহ নাই চৱ পুলিচহে আছে৷ সঁচাই আমি ইউনিফ’ৰ্মট থকাৰ সময়ত আৰক্ষীক সদায় নিজৰ জীৱনৰ পৰা এৰাই চলিবলৈ চেষ্টা কৰোঁ৷ কিন্তু এই আৰক্ষীলোকসকল নোহোৱা হ’লে আমি শান্তি আৰু শৃংখলতাৰে জীৱনৰ বহু সময় পাৰ কৰিব নোৱাৰিলোঁহেঁতেন৷ কাৰণ এতিয়া নিয়ম ভঙ্গ কৰা আমাৰ দৈনন্দিন জীৱনৰ এটা অংগ হৈ পৰিছে৷ বাস্তৱত আমি যিমানেই আৰক্ষীৰ পৰা আঁতৰি নাথাকোঁ কিন্তু আৰক্ষী বিহীন এখন সমাজ বা দেশৰ কল্পনাও কৰিব নোৱাৰোঁ৷ কিন্তু লাহে লাহে যেন এই আৰক্ষীৰ লগতে ৰাইজৰ সংঘৰ্ষ হ’বলৈ লৈছে৷ আনপিনে ভুল-শুদ্ধৰ টনা আঁজোৰাত সদায় ৰাইজৰে জয় হৈছে৷ আচলতে আৰক্ষীয়ে যে সকলো সময়তে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিছে এনে নহয়, কিন্তু আমিও আমাৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিছোঁনে? সংঘৰ্ষৰ আগত বা পিছত এই প্ৰশ্নটো সদায় উপেক্ষিতই যেন হৈ থাকে৷ যুদ্ধ ক্ষেত্ৰত যেতিয়া সমুখ সমৰত এজন যোদ্ধাৰ মৃত্যু হয় তেওঁক আমি শ্ৰদ্ধা সন্মানেৰে উপচাই দিওঁ, কিন্তু ৰাজহুৱা সংঘৰ্ষৰ সময়ত ৰাইজৰ দ্বাৰা আঘাত-প্ৰাপ্ত এজন আৰক্ষীৰ প্ৰতি আমি সামান্যতমো অনুকম্পা নেদেখুৱাওঁ৷ এনে কিয় হয়?  আজিকালি আৱেগ আৰু ক্ষোভৰ তাড়নাতে ৰাইজে আৰক্ষীক আক্ৰমণ কৰে৷ সেই আক্ৰমণত ওপৰৰ নিৰ্দেশ পালন কৰি মাথো সাধাৰণ কৰ্তব্য পালন কৰা আৰক্ষীসকলেই আঘাত-প্ৰাপ্ত হয়৷ ৰাইজৰ ক্ষোভৰ বহিৰ্প্ৰকাশ যিমানেই নহওক আৰক্ষীক কৰা এনে আক্ৰমণ কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ কাৰণ দায়িত্ব আৰু কৰ্তব্য পালনত তলৰ খাপৰ আৰক্ষীসকল ওপৰৰ নিৰ্দেশত ইমানেই বন্দী হৈ থাকে যে, ওপৰৰ নিৰ্দেশ অবিহনে হাতৰ লাঠিডালো চলাব নোৱাৰে৷ তেনে ক্ষেত্ৰত ৰাইজ হ’ল বুলিয়েই সকলো সময়ত ৰাইজেই শুদ্ধ হ’বনে?

কেইদিনমানৰ আগতে ডিফু চহৰত হোৱা ঝংকাৰৰ মৃত্যুত আৰক্ষীৰ দায়িত্বহীনতাৰ বিষয়ে বিভিন্ন চৰ্চ্চা হৈছিল৷ একেষাৰে ক’ব লাগিব সেই ক্ষেত্ৰত আৰক্ষী নিজৰ দায়িত্ব আৰু কৰ্তব্য পালনত ব্যৰ্থ হৈছিল৷ সম্ভৱ এনেবোৰ ঘটনাৰ বাবেই আৰক্ষীৰ প্ৰতি ৰাইজৰ পুঞ্জীভূত ক্ষোভবোৰ সুবিধা পালেই ওলাই আহে৷ কিন্তু সেই সময়ত ৰাইজেও নিজৰ দায়িত্ব পালন কৰিছিলনে? এই প্ৰশ্ন কোনেও কাকো আজিলৈকে কৰা নাই৷ সেই দৃশ্য চাই থকা মই,  তুমি, তই, সি, তাই, আপুনিৰ একক ব্যক্তিসত্ত্বাটো কিয় ‘ৰাইজ’ হৈ ঘটনাটো প্ৰতিহিত কৰিব নোৱাৰিলে?  আৰক্ষীৰ আগতে সেই সময়ত কিয় ৰাইজে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব নোৱাৰিলে? য’ত আন সময়ত আমি আৰক্ষীৰ মুখলৈকে নাচাওঁ সেই সময়ত (বা আন সময়তো) কিন্তু কেৱল দুই-তিনিজন আৰক্ষীৰে দায়িত্ব বুলি আমি চাই থাকিলোঁ৷ আৰক্ষীৰ দায়িত্ব সদায় ঘটনাৰ সময়ত তাত্ক্ষণিক আৰু বাস্তৱিক হ’ব লাগে৷ সেয়ে সম্ভৱ আমি আৰক্ষীৰ দায়িত্বহীনতাত নিজৰ ক্ষোভ প্ৰকাশ কৰোঁ৷ আক্ৰমণ কৰোঁ৷ আমাৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ লগত আৰক্ষী জড়িত হৈ থাকে বাবে তাৰ হানি-বিঘিনি হ’লেই আমি আৰক্ষীৰ ওপৰত ক্ৰোধিত হৈ পৰোঁ৷ কিন্তু বাস্তৱিকতে আমি জীৱন-সম্পত্তিৰ বাহিৰে আন ক্ষেত্ৰত সচেতননে?

নিজৰ উপাৰ্জনৰ অংশ খৰছ কৰি নিজৰ সন্তানক স্কুল-কলেজলৈ পঠিয়াইছোঁ৷ কিন্তু শিক্ষক-অধ্যাপক সময়ত অহা নাই,  ক্লাছ কৰা নাই,  তথাপি আমি তাৰ খবৰ নাৰাখোঁ৷ নিজৰ টকা-পইচা খৰছ কৰি কোনোবা অফিচলৈ গৈছোঁ, নিজৰে বা কৰ্মচাৰীৰ ভুলৰ বাবে সময়ত কাম হোৱা নাই কিন্তু কিবা কৰিয়েই মেনেজ কৰিছোঁ৷ মন্ত্ৰী-বিধায়ক-ঠিকাদাৰে টকা খাই তহিলং কৰিছে, ভেজাল গাখীৰ দি ঠিকাদাৰে আমাক সদায় ঠগিয়েই আছে, ভাল বিষয়াই ৰাইজৰ হকে কাম কৰি ৰাইজৰ মাজৰে কাৰোবাৰ পৰা বাধা পাইছে, এইবোৰৰ ক্ষেত্ৰত আমাৰ ক্ষোভবোৰৰ বহিৰ্প্ৰকাশ যিমান হ’ব লাগিছিল হোৱা নাই৷ আনপিনে পথত গাড়ী চলাইছোঁ আমি নিজেই যানবাহন আইন ভঙ্গ কৰিছোঁ৷ ১২০০ টকাৰ চালান নাকাটিবলৈ ৫০০ টকা ঘোচ দি আমিয়েই নিয়ম ভঙ্গ কৰিছোঁ৷ আকৌ ট্ৰাক চালকৰ পৰা আৰক্ষীয়ে পইচা লোৱাৰ স্থিৰ-চিত্ৰ তুলি আমিয়েই আৰক্ষীৰ দায়িত্ব-কৰ্তব্য সোঁৱৰাই দিছোঁ৷ সমাজ ব্যৱস্থাটো আমি নিজেই নিকা কৰি ৰাখিলে সম্ভৱতঃ একেবাৰে প্ৰয়োজন নোহোৱা বিভাগটোৱেই হ’ব  আৰক্ষী বিভাগ৷ কিন্তু এতিয়া বেছি সময়তে সতৰ্ক হৈ থাকিব লগা হৈছে আৰক্ষী৷ তেন্তে কেৰোণটো আৰক্ষীৰ নে আমাৰ নিজৰ ভিতৰৰ?  ব’মা-বিস্ফোৰণেৰে হাজাৰ হাজাৰ মানুহক হত্যা কৰা উগ্ৰপন্থীক আমি নিজৰ ভাই-ককাই বুলি ক্ষমা কৰি গামোচা-মালা পিন্ধাইছোঁ আৰু  আনপিনে কৰ্তব্যৰ খাতিৰত আৰক্ষীৰ গুলিত কাৰোবাৰ  মৃত্যু  হ’লেই ইয়াক আৰক্ষীৰ মুক্তহত্যা বুলি একত্ৰিত হৈছোঁ৷ দায়িত্ব আৰু কৰ্তব্য বোলা কথাষাৰ আমি আনলৈ ঠেলি দি নিজকে তাক পালন কৰাৰ পৰা আঁতৰাই ৰাখিলে আৰক্ষীৰ মামৰে ধৰা বন্দুকৰ পৰাও কেতিয়াবা গুলি ওলাব পাৰে আৰু সেই গুলিয়ে নিৰপৰাধীৰো জীৱন-বন্তি নুমুৱাই দিব পাৰে৷

 

ৰাইজ শব্দটোৱে যি বুজাই বাস্তৱিকতে তাত ৰাইজৰ মতামত থাকেনে?  এজন বা দুজনৰ প্ৰৰোচনা বা মততেই এই ৰাইজ নামৰ গোটটো চলি থাকে৷ পিছৰ পৰা আৰক্ষীলৈ শিলৰ টুকুৰাটো মাৰি দিয়া বহুকেইজনেই সম্ভৱ নাজানে তেওঁনো কিয় মাৰিলে?  ফলত আৰক্ষীৰ লাঠিৰ কোবত আঘাত পোৱা বা বন্দুকৰ গুলিত নিহত হোৱা

কোনোজনেই সম্ভৱ নজনাকৈ থাকি গ’ল তেওঁনো কিয় আঘাত হ’ল বা মৃত্যুহ’ল৷ গতিকে দোষ কাৰ? দুদিনমানৰ আগতে হেমলাই চাহ বাগিচা(মৰিয়নি)ত ঘটা এটা খবৰে পুনৰ বাতৰিৰ শিৰোনামা দখল কৰিছিল৷ ‘আৰক্ষীৰ গুলীত কিশোৰৰ মৃত্যু’৷ গোটেই ঘটনাটো লক্ষ্য কৰিলে (কাকতৰ মতে) এই ক্ষেত্ৰত কিশোৰজনৰ মৃত্যু এটা অতি দুৰ্ভাগ্যজনক ঘটনা৷ কিন্তু ৰাইজে কি কৰিছিল? ‘পিছল মানুহ’ৰ সন্দেহত দুজন অসহায় গাড়ীৰ চালকক ধৰি বান্ধি প্ৰহাৰ কৰিছিল৷ সেই মুৰ্হূত্বত টহলদাৰীৰ আৰক্ষীয়ে ৰাইজৰ আক্ৰমণৰ পৰা তেওঁলোকক ৰক্ষা কৰি নিয়াৰ বাবেই ৰাইজে আৰক্ষীকে আক্ৰমণ কৰে৷ বাতৰিৰ মতে ভাৰপ্ৰাপ্ত বিষয়াসহ দুজন আৰক্ষীক গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ লগতে দাৰেও ঘপিয়াই৷ এই ঘটনাৰ পিছতে আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰে আৰু দুৰ্ভাগ্যবশতঃ দুজনৰ গাত গুলী লাগে আৰু এজনৰ মৃত্যু হয়৷ (বাতৰি কাকতৰ মতেহে কোৱা হৈছে)৷

 

এই গোটেই ঘটনাটো ডিফুত হোৱা ঘটনাৰে তুলনা কৰিলে এটা কথা স্পষ্ট হয় যে,  আৰক্ষীৰ নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা সদায় প্ৰশ্ন তুলি অহা ৰাইজে কিন্তু নিজৰ দায়িত্ব আৰু কৰ্তব্য পালনতো আৰক্ষীক সহায়

কৰাৰ সলনি নিজেই আইন তুলি ল’বলৈহে ইচ্ছা কৰে৷ পিছৰ ঘটনাটো ক্ষেত্ৰতো যদি টহলদাৰীৰ আৰক্ষীয়ে

ৰাইজৰ আক্ৰমণৰ পৰা গাড়ী চালক দুজনক ৰক্ষা নকৰি ৰাইজৰ হাতত এৰি দিলে হয়, তেতিয়াও আমি ডিফুৰ ঘটনাটোৰ দৰে আৰক্ষীৰ দায়িত্ব-কৰ্তব্যৰ বিষয়ে প্ৰশ্ন নকৰিলোঁহেঁতেননে?  আনপিনে ৰাতি ন বজাত নৱম

শ্ৰেণীত পঢ়ি থকা এজন কিশোৰ কিয়,  কি কাৰণত ‘পিছল মানুহ’ ধৰিবলৈ থকা ৰাইজৰ লগত থাকিব লগা হ’ল সেই  প্ৰশ্নটোৱেও ৰাইজৰ দায়িত্বহীনতাকে নুসূচাইনে?  আনপিনে আজি ঘটনা এটা হৈ যোৱাৰ পিছত ৰাজপথলৈ ওলাই অহা দল-সংগঠনসমূহে ‘পিছল মানুহ’ৰ দৰে কথাবোৰৰ বিষয়ে কিয় উচিত পদক্ষেপ নল’লে? সন্দেহৰ নামতে কাৰোবাক গাড়ীৰ পৰা নমাই অসহায় অৱস্থাত আক্ৰমণ কৰাতো কিমানদূৰ গ্ৰহণযোগ্য? সেই ঘটনাক নেতৃত্ব দিয়া দলনেতাৰ বিৰুদ্ধে বিচাৰ হ’বনে?  নে এই ঘটনাত জড়িত ৰাইজ সম্পূৰ্ণ শুদ্ধ আছিল?  আৰক্ষীৰ গুলিত এজন কিশোৰৰ মৃত্যু হোৱাৰ আগতেই ৰাইজৰ প্ৰহাৰত দুজন ব্যক্তিৰ মৃত্যু হোৱা হ’লে সেইয়া ৰাইজৰ মুক্তহত্যা হ’লহেঁতেননে?  কিছুসংখ্যকে কৈছে আৰক্ষীয়ে কিশোৰজনক হত্যা কৰাতো পৰিকল্পিত৷ কিন্তু আৰক্ষীৰ গালৈ মৰা ৰাইজৰ দাৰ কোবটো পৰিকল্পিত নাছিলনে?

 

আৰক্ষীয়ে কিয়, কি কাৰণত গুলি চলাব লগা হ’ল তাৰ তদন্ত নিশ্চয় হ’ব বা এজন বা দুজন আৰক্ষীক ৰাইজৰ হেঁচাত নিলম্বিত কৰা হ’ব৷ কিন্তু এজন-দুজন আৰক্ষীক বৰ্খাস্ত কৰি বহুসময়ত ৰাইজৰ সকলো কামেকেই  গ্ৰহণযোগ্যতাৰ প্ৰমাণ-পত্ৰ দিয়া হোৱা নাইনে? কিছুমান দুৰ্বল আৰু দায়িত্বহীন আৰক্ষীৰ কলংকৰ দাগ বাৰু এনেদৰে সকলো সময়তে ভৱিষ্যতলৈও আৰক্ষীয়ে বহন কৰি যাব লাগিবনেকি? আনপিনে ৰাইজে এইদৰেই নিজেই আইন উলংঘা কৰি সদায় আৰক্ষীৰ অস্তিত্বক উপেক্ষা কৰি থাকিব নেকি? কাৰোবাৰ মৃত্যু বেদনাদায়ক৷ কিন্তু সেই দাৰ ঘাপটোত আৰক্ষীজনৰো মৃত্যুহোৱাৰ সম্ভাৱনা আছিল৷ তেওঁৰো এটা পৰিয়াল আছে৷ সম্ভৱ ন বছৰীয়া কিশোৰজনৰ দৰে ল’ৰা-ছোৱালী আছে৷ তাৰ শাস্তি এখন ৰাইজক কোনে দিলে হয়? আজিও প্ৰশ্ন উঠিছে আৰক্ষীৰেই অকৰ্মণ্যতাৰ ওপৰত৷ প্ৰশ্ন কৰা হৈছে অমুক কৰিব নোৱাৰা, তমুক কৰিব নোৱাৰা আৰক্ষীয়ে এজন কিশোৰক হত্যা কৰিলে? কিন্তুকোনেও প্ৰশ্ন কৰা নাই ৰাইজে কিয় দুজন আৰক্ষীক আঘাত কৰিলে? কিয় অসহায় গাড়ীৰ চালকক প্ৰহাৰ কৰিলে?  সন্দেহ হৈছিল যদি কিয় আৰক্ষীক গতাই নিদিলে? এই প্ৰশ্ন কোনো মিডিয়াই কৰা নাই৷ কোনো মানুহে কৰা নাই৷ কাৰণ ৰাইজৰ ওপৰত কোনো থাকিব নোৱাৰে৷ ৰাইজ মানে মানুহৰ সমষ্টি৷ কিন্তু পুলিচ মানুহ নহয়৷ মানুহ নামৰ প্ৰজাতিটোক বিপদৰ পৰা ৰক্ষা কৰা এটা ব্যৱস্থা৷ ভুল সকলোৰে হ’ব পাৰে৷ কিন্তু নিজকে শুদ্ধ বুলি ভাবি থকা ৰাইজৰ ভুল কোনে দেখুৱাব? ৰাইজকহে আৰক্ষীৰ প্ৰয়োজন আছে৷ তাৰো কাৰণ ৰাইজ নিজেই৷ সেইবাবেই আৰক্ষী বিহীন এখন সমাজ বা দেশৰ কল্পনা ৰাইজে কৰিব নোৱাৰে৷ কিন্তু সেই আৰক্ষীৰ অস্তিত্বকে ৰাইজে নিজেই উপেক্ষা কৰি চলে৷ আৰক্ষী আইনৰ ৰক্ষক৷ কিন্তু সেই আইন ভঙ্গ কৰে ৰাইজে নিজে৷ হেমলাই চাহ বাগিচা (মৰিয়নি)ত হোৱা ঘটনাটোৰ পিছত সকলোৱে কৈছে “আইন-শৃংখলা ৰক্ষাত ব্যৰ্থ আৰক্ষীয়ে এজন কিশোৰক হত্যা কৰিলে”, কিন্তু প্ৰশ্ন উত্থাপন হোৱা নাই আইন-শৃংখলা ভঙ্গ কৰিলে কোনে?  কোন শুদ্ধ কোন ভুল এই বিষয়ে মতভেদ থাকিব পাৰে, এনেবোৰ ঘটনাকে সুবিধা লৈ ৰাজনীতি হ’ব পাৰে, দল-সংগঠবোৰ সক্ৰিয় হৈ যাব পাৰে, কিন্তু এটা কথা ঠিক আৰক্ষীবিহীন এখন সমাজ ৰাইজ বা এই দল-সংগঠনবোৰে নিজেই গঢ় দিব নোৱাৰে বা নিবিচাৰে৷ আইন-শৃংখলা ৰক্ষা কৰা আৰক্ষীৰ যিমান দায়িত্ব আইন-শৃংখলা মানি চলাতোও ৰাইজ বা প্ৰতিজন মানুহৰো সিমানেই দায়িত্ব৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments