পৰিচয় (মিনুৰেখা গগৈ)

‘দুৱৰানী,অ’ দুৱৰানী’- বাহিৰৰ পৰা ভাঁহি অহা ৰাওফলা চিঞৰটো শুনিয়েই সেইগৰাকী যে অনীমা দত্ত তাই গম পালে। নাপাবনো কিয়, তেওঁ কিবা এদিনীয়া অতিথিনে! এই ঘৰটোলৈ অহাৰ পৰা আজি এবছৰে কোনটো দিনত বাৰু তেওঁ সিহঁতৰ ঘৰলৈ নহাকৈ আছে! এই মানুহগৰাকীৰ পৰা শান্তিৰে ঘৰখনত নিজৰমতে নিৰলে থাকিবও নোৱাৰা হ’ল তাই। দিনৰ এঘাৰ বাজিল কি নাবাজিল তেওঁ আহি হাজিৰ হ’বহিয়েই। এই আবাসিক কলনীটোত থাকিবলৈ লোৱাৰপৰা প্ৰথমে বহুত ভাল লাগিছিল,অন্ততঃ ভাড়াঘৰ সলাবলগীয়া বা ভাড়াঘৰৰ মালিকৰ মালিকানাগিৰি মানি চলিবলগা চিন্তাৰপৰা মুক্তি পাইছিল। বিয়াৰ পিছত তাই পাঠশালাৰ ছোৱালী শিৱসাগৰৰ বোৱাৰী হৈ শহুৰৰ ঘৰত দুমাহ কটোৱাৰ পিছত গিৰিয়েক বিজয়ে ভাড়াঘৰ এটা ঠিক কৰি তাইক লৈ আহিছিল। দুটা বছৰত তিনিটা ভাড়াঘৰ সলাই সিহঁতে কম জ্বলাকলা খোৱা নাছিল। এইটো চৰকাৰী আবাসগৃহ,গিৰিয়েকৰ চাকৰি থকালৈকে চিন্তা নাই। কিন্তু কাষতে যে এনেকুৱা লেকেটা আলকাতৰাৰ দৰে প্ৰতিবেশী এঘৰ মিলিব কেনেকৈনো জানিছিল….! তাই পঢ়ি থকা চিঠিখন দুভাঁজ কৰি চোফাৰ কুচনৰ তলতে থৈ দুৱাৰখন খুলি দিলেগৈ।

চোফাখনতে থুলন্তৰ দেহাটো ধুপুচকৈ এৰি দি দত্তনীয়ে সুধিলে, —- কি কৰি আছিলেনো? মই ডিষ্টাৰ্ব কৰা নাইতো!!

—- নাই নাই,নাইকৰা বাইদেউ। কাম-বন শেষ কৰি টি.ভি.টোকে চাওঁ বুলি বহিবলৈ আহিছিলোহে। তাই মনৰ ভাৱ লুকুৱাই ক’লে।

—- অঁ অঁ,খোলকচোন টিভিটোকে।আমাৰো টাটা স্কাইৰ ৰিচাৰ্জ শেষ হ’ল,কালাৰ্চ চেনেলৰ চিৰিয়েল কেইখন চাবই পৰা নাই। বৰ ভাল লাগি আছে,জমি আছে চচুৰাল চিমৰ কী ৰ কাহিনীটো। আপুনি চাইছিল নেকি? কি হ’লগৈ জানো …..

—- নাই মই চোৱা নাই। মই হিন্দী চিৰিয়েল নাচাওঁৱেই।

—- কিয় হিন্দী বুজি নাপায় নেকি? —–এনেয়ে নেচাওঁ বাইদেউ,ভাল নেপাওঁ। হিন্দী চিৰিয়েলত যেনেকুৱা ঘৰ,যেনেকুৱা সমাজ দেখুৱাই,বাস্তৱৰ লগত মই মিল নেদেখো। ঘৰতে দামী দামী শাৰী পিন্ধি আ-অলংকাৰেৰে বিভূষিতা হৈ বোৱাৰী নে শাহু ধৰিব নোৱাৰা মহিলা সকলে পাকঘৰত কিবা বনাই থকা দেখিলে মোৰ হাঁহিহে উঠে। বাৰু আপুনি চাওকচোন, মই চাহ বনাই আনো। আচলতে এনেকৈ বুদ্ধি কৰি তাই খন্তেকৰ কাৰণে হ’লেও আঁতৰিহে আহে তাৰপৰা। কিমাননো অৰ্থহীন কথাবোৰ পাতি থাকিব! অলপসময় শোৱাকোঠাতে ইটো সিটো কৰি সময় কটাই তাই চাহ দুকাপ বনাই আনিলে নিমকি আৰু কেকৰ সৈতে।সদায় কৰাৰ দৰে তাই বনোৱা নিমকি আৰু কেকৰ তোষামোদ কৰি কৰি চাহৰ কাপত চুমুক দি দি দত্তনীয়ে নানা কথাৰ বকলা মেলিলে।

চোফাৰ কুচনৰ তলত থৈ দিয়া চিঠিখন পঢ়োঁ পঢ়োঁ লাগি আছে তাইৰ। দত্তনী চিঠিখনৰ ওপৰতে বহি আছে,তেওঁ নোযোৱালৈকে সেইখন পঢ়া নহ’ব আৰু। চিঠিখন দিছে সুজাতাই,তাইৰ ভনীয়েকে। ভনীয়েকে ফোনত বেছি কথা নাপাতে,দৰকাৰী কথা ক’বলগা থাকিলে তাই চিঠিহে লিখে। সেয়েহে এই মবাইল ফোনৰ যুগতো সিহঁত দুজনীৰ মাজত চিঠিৰ আদান-প্ৰদান চলি আছে। সুজাতাই তাইক ঘৰত দিনচেৰেক থকাকৈ মাতি পঠাইছিল,ভাগিনীয়েক মামলিক স্কুলত দিবৰ হৈছে,স্কুলত দিয়াৰ পাছত সময়েই নোলাব দীঘলিয়াকৈ থাকিবলৈ। সেয়ে তাই অনুৰোধ কৰিছিল তাৰ আগতেই গৈ কেইদিনমান থাকি আহিবলৈ,বহুত কথা পাতিবলগা আছে বোলে। গিৰিয়েকক কথাটো কওঁতেই জকজকাইহে উঠিলচোন। বৰ দুখ লাগিছিল তাইৰ। ঘৰলৈ যোৱাৰ আশা বাদ দি মনৰ দুখতে তায়েই ভনীয়েকলৈ লিখিছিল, ” মই এতিয়া অকল তোৰ বায়েৰ হৈ থকা নাই নহয়। এতিয়া মই এজনী পত্নী,এজনী মাতৃ আৰু এখন ঘৰৰ গৃহকৰ্ত্ৰী। মোৰ নিজা ৰুচি-অভিৰুচিক প্ৰাধান্য দিব নোৱাৰো নহয়। ইফালে শাহু শহুৰো দুয়ো অহাৰ কথা আছে এইকেইদিনতে। সকলোৰে জঞ্জাল মৰাৰ পিছত নিজলৈ সময়েই নাথাকেগৈ। তই আৰু আশা নকৰিবি যে আগৰদৰে তই মাতিলেই যাব পাৰিম। ” তাৰপিছত মামলিক স্কুলত দিয়া এমাহৰো বেছি হ’ল,সুজাতাই ফোনো কৰা নাই,চিঠিৰ উত্তৰো দিয়া নাই। আজি ৰাতিপুৱাই ৰাহুল আহিছিল ঘৰৰ পৰা,সিহঁতৰ গাঁৱৰে ল’ৰা,জালুকবাৰীত ভাড়াঘৰত থাকি বিশ্ববিদ্যালয়ত পঢ়ি আছে। তাৰ হাততেই চিঠিৰ প্ৰত্যুত্তৰ তথা পিঠা-পনা কিবাকিবি দি পঠাইছে। গিৰিয়েকক অফিচলৈ পঠাইহে পঢ়িম বুলি ভাৱি থকা চিঠিখনৰ দুশাৰীমান পঢ়োঁতেই দত্তনী ওলালেহিয়েই নহয়।

—- বাইদেউ, মোৰ মামলিক আনিবৰ হ’ল। আপুনি বহক অলপ দেই অকলে।

—-নাই নাই ময়ো উঠোৱেই দিয়ক। মোৰো ভাত ৰান্ধিবলৈ আছেই নহয়। দত্তনী যোৱাৰ পাছত চিঠি পঢ়িবলৈ সময় নহ’ল। স্কুলবাচে অলপ দূৰৰ চাৰিআলিটোত মামলিক নমাই থৈ যাব,নামি মাকক নেদেখিলে তাই কান্দিব। সেয়ে খৰধৰকৈ পিন্ধি থকা চাদৰখন সলাই ভাল এখন পিন্ধি তাই ওলাই গ’ল।

আবেলি পুনৰ তাই ভনীয়েকৰ চিঠিখন উলিয়াই ল’লে …….বাইদেউ,তই বৰ সাধাৰণ মাইকী মানুহ এজনীৰ দৰেই হৈ গ’লিচোন। ঘৰৰ কাম-কাজ সকলো মাইকী মানুহেই কৰে। কামৰ মাজতেই অলপ সময় উলিয়াই ল’বি। তইতো আগতে গল্প-কবিতা লিখিছিলি,আলোচনীতো কিমানটা যে প্ৰকাশ হৈছিল! এতিয়া কি হ’ল তোৰ? চব পাহৰি গ’লি? নিজা পৰিচয়েৰে জীয়াই থাকিবৰ মন নাযায়নেকি তোৰ? ঘৰ-সংসাৰ কৰাই একমাত্ৰ লক্ষ্য আছিল নেকি তোৰ? আগতে আছিলি দেউতাৰ জীয়েক,এতিয়া ভিনদেউৰ পত্নী আৰু পিছলৈ মামলিৰ মাক হ’বিগৈ নহয়নে! জাগ বাইদেউ জাগ। জগাই তোল নিজৰ সত্বাক।উদয় হৈ মাজ আকাশ নাপাওঁতেই অস্ত যোৱাৰ চেষ্টা নকৰিবি। পোহৰাই তোল তোৰ চৌপাশ যাতে ওচৰৰ মানুহে অন্ততঃ গম পায় স্মিতা নন্দিনী নামৰ এগৰাকী লেখিকা তেওঁলোকৰ ওচৰতে আছে ………… ভনীয়েকৰ চিঠিখনে স্মিতাৰ মন -মগজুত বাৰুকৈয়ে আঘাত হানিলে। তাই বৰ সপ্ৰতিভ ছোৱালী,ওচৰৰে গাৰ্লচ কলেজখনত তাই অৰ্থনীতি বিভাগৰ প্ৰবক্তা। তাই গানো গায়। নিজক লৈ তাই সুখী,কিন্তু বায়েক স্মিতাৰ বাবেহে তাই বৰ চিন্তা কৰি থাকে। স্মিতাই ভাবিলে পুনৰ কলম হাতত তুলি ল’ব তাই। সঁচাকৈ লিখিবৰ বাবে এটা অনুপ্ৰেৰণা ও লাগে মানুহক যিটো তাই গিৰিয়েক বিজয়ৰ পৰা পোৱা নাই,কেৱল সুজাতাইহে তাইক উৎসাহ দি থাকে। লিখিবতো ঠিকেই,কিন্তু কেতিয়া লিখিব? বাপেক-জীয়েক দুয়োকে উলিয়াই পঠোৱাৰ পাছত কামবোৰ কৰি আজৰি হয় মানে কোনোবা নহয় কোনোবা ওলায়হিয়েই,দত্তনীতো নিয়মীয়া অতিথি। আবেলি লিখো বুলি ভাৱিলেও অফিচৰ পৰা আহি পোৱা বিজয়ৰ আল ধৰোঁতেই যায়। মানুহজন কিয় বাৰু ইমান এলেহুৱা! পিয়াহ লাগিলেও বহি থকা ঠাইৰপৰাই চিঞঁৰি থাকিব,তথাপি পানী এগিলাচ বাকি নাখায়। ক’লে ক’ব তুমি দিলে খাই ভাল লাগে অ। কি তেল মৰা কাৰবাৰ! তেওঁলোকৰ কানি-কাপোৰ ধোৱা,ইস্ত্ৰী কৰা,অফিচলৈ যাওঁতে ৰুমালখনলৈকে যতনাই দিয়া এইবোৰ কি পত্নীগৰাকীৰেই দায়িত্ব? কেতিয়াবা স্মিতাৰ মূৰ গৰম হৈ উঠে,বিয়া হৈ আহিলো বুলি ইমান কাম কৰিব পাৰিনে! লগে-ভাগে দুটা-এটা কামত সহায়তো কৰি দিব লাগে,তেহে কামতো আনন্দ পোৱা যায়। মাজে মাজে শহুৰ শাহু আহি মাহচেৰেক থাকি যায়হি। তেতিয়াতো অঙহী বঙহী বহুত আলহীৰে ঘৰ ভৰি থাকে।

স্মিতাৰ স্বামীদেৱতা বিজয় দুৱৰা বিশ্ববিদ্যালয়ৰ এজন কৰ্মচাৰী,গাণনিক বিভাগত কাম তেওঁৰ। দিনটো কম্পিউটাৰ,টকা-পইচাৰ লগতে ব্যস্ত হৈ হৈ তেওঁ এজন সম্পূৰ্ণৰূপে বস্তুবাদী মানুহ হৈ পৰিছে। এনেয়ে মানুহজন মৰমীয়ালেই,তাইৰ বাহ্যিক সুখ-দুখ,পোৱা-নোপোৱাবিলাকৰ প্ৰতি তেওঁৰ খবৰ থাকে। কিন্তু তাইৰ মনৰ জগতখনৰ প্ৰতি তেওঁ একেবাৰে উদাসীন,বোধহয় মনৰ মাজতো এখন বেলেগ জগত থাকিব পাৰে বুলি তেওঁ নাজানেই। কেতিয়াবা কিবাকিবি পুৰণি কথা পাতি ৰসস্বাদন কৰিবৰ ইচ্ছা গ’লেও এইবিষয়ত তেওঁৰ সঁহাৰি শূন্য। দুটা কথা পতাৰ পিছতেই তেওঁ টোপনিত ঢলি পৰে। আৰু তাই বিচনাখনতেই ইলুটি-সিলুটি কৰি অকলে অকলেই ভাৱৰ সাগৰত নাও মেলি দিয়ে। এই নিতান্তই ৰসহীন মানুহটো জৈৱিক প্ৰয়োজনত যে কেনেকৈ সলনি হৈ উঠে ভাৱিলে আচৰিত লাগে স্মিতাৰ। বিজয় এজন সকলোফালৰ পৰাই যোগ্য পতি। অন্ততঃ বাহ্যিক দৃষ্টিত। সেয়ে যেতিয়া মাক-দেউতাকে বিয়াৰ প্ৰস্তাৱটো পাইছিল তাইৰ হাঁ না একো নোসোধাকৈয়ে সন্মতি দি দিছিল। ভাল লাগিছিল,কলেজত পঢ়োঁতে তাইৰো ভাল লাগিছিল এজনক,কিন্তু সেইজন সহপাঠী হোৱাৰ বাবেই তাইৰ প্ৰেম নামৰ ফুলপাহৰ কলিটি নুফুলাকৈয়ে মৰহি গ’ল। বি.এ.পৰীক্ষাৰ ৰিজাল্ট ওলোৱাৰ আগতেই তাই বিজয়ৰ পত্নী হৈ গুৱাহাটীৰ আৱাসী হৈ পৰিল।গাঁৱৰ ঘৰলৈ যেতিয়া যায় তাইৰ লগৰবোৰে বিজয়ক দেখি কয়..বাঃ তোৰেই ভাগ্য দেই,ইমান ধুনীয়া মানুহজন পালি,গুৱাহাটী হেন জেগাত থাকিবলৈ পাইছ,তহঁতক গাড়ীত উঠি ঘৰলৈ অহা দেখিলে হিংসাহে লাগে। সেইজনী ৰূপালী,তায়েই এনেকথা বেছিকৈ কয়। তাই গাঁৱৰে হাইস্কুলখনত বি.এ.পাছ কৰিয়েই সোমালে,সহঃশিক্ষক এজনৰ লগত পিছৰ বছৰতে বিয়াও সোমালে। দুটি সন্তানেৰে তাইৰ সুন্দৰ সংসাৰ। স্মিতাইহে যে তাইৰ ভাগ্যক লৈ ঈৰ্ষা কৰে সেইকথা ৰূপালীয়ে চাগৈ বুজিয়ে নেপায়। মানুহৰ এইটো স্বভাৱেইনেকি যে নিজৰ থকাখিনিক লৈ সম্পূৰ্ণ সুখী নহয়,লোকৰখিনিলৈহে চকু যায়।স্মিতা অৱশ্যে এককথাত সুখীয়েই,এটাই মাত্ৰ দুখ বিজয়ে যদি তাইৰ মনৰ জগতখনৰ ফালে ভুমুকিয়াইও চালেহেঁতেন

উত্তৰ-পূব গ্ৰন্থমেলা চলি আছে অসম ইঞ্জিনীয়েৰিং ইনষ্টিটিউটৰ খেলপথাৰত। স্মিতাই বহুদিনৰে পৰা পঢ়িবলগীয়া কেইখনমান কিতাপৰ তালিকা এখন বনাই থৈছে। আটাইকেইখন কিনিলে তিনিহাজাৰমান টকা লাগিব। অংকটো কৰি হতাশ হৈ পৰিল তাই।আগতে এনেকুৱা এখন কিতাপ আশী-নব্বৈ বা খুব বেছি এশ বিশ টকামানত পাইছিল। তাইৰ কিতাপৰ সংগ্ৰহ একেবাৰে বেয়া নহয়। ঘৰত থাকোঁতে কিনা গোটেই কিতাপবোৰ বিয়া হৈ আহোঁতে তাই লৈ আহিছিল। সেইবোৰ দেখি বিজয়ে হাঁহিছিল। ভাৱিছিল চাগৈ ছোৱালীৰ লগত বিয়াত কিতাপো দিয়েনে! বিজয়ৰ ঘৰতো বিয়াত কিছুমান কিতাপ উপহাৰ হিচাপে উঠিছিল যিবোৰ কিতাপ বুলি গম পাই তাৰ ৰঙীণ কাগজখনেই নেৰুৱাকৈ আলমাৰীৰ ওপৰত অযত্নতেই থৈ দিছিল। তেতিয়াই বিজয় সমন্ধে থূলমূল আভাস এটা প্ৰথম পাই থৈছিল তাই। উপায়তো নাই,তাইৰ মাক-দেউতাকো শিক্ষিত যদিও চৰুক সুধি চাউল সিজোৱা ভকত নাছিল। গ্ৰন্থমেলালৈ যোৱাৰ ইচ্ছাৰ কথা তাই বিজয়ক কৈ চাইছিল। তাইৰ বিশ্বাসক সত্য প্ৰমাণিত কৰি তেওঁ লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে …..কি কৰিবা হাঁ? আলমাৰীত ইমানসোপা কিতাপ আছেই। সেইবোৰকে পঢ়ি থাকা। নতুনকৈ আৰু এসোপা কিনি আলমাৰী শুৱনি কৰিব নেলাগে। তাতকৈ কাপোৰ লোৱা,বাৰে বাৰে পিন্ধিব পাৰিবা। কিতাপতো এবাৰহে পঢ়িবা। দুখ আৰু খংমিশ্ৰিত অনুভৱ এটাই কুৰুকি কুৰুকি খান্দিবলৈ ধৰিলে তাইৰ বুকুৰ ভিতৰখন। চপৰা চপৰে খহিবলৈ ধৰিলে বুকুৰ মাটি। কাপোৰৰ লগত কিতাপৰ তুলনা হয়নে! মানুহৰ মনৰো এখন জগত থাকে,মনৰো এটা স্বাস্থ্য থাকে। প্ৰতিজন মানুহেই নিজৰ অভ্যন্তৰত কঢ়িয়াই লৈ ফুৰে অইন এজন মানুহ। সেই অভ্যন্তৰত থকাজনকো লাগে মানসিক খাদ্য। মানসিক খাদ্য? হুঁহ! এইকথা যদি বুজিলহেঁতেন বিজয়ে!! তাই যদি মাত -চাত নামাতি মুখ ফুলাই বহি থাকে বিজয়ে গ্ৰন্থমেলালৈ নিনিয়াকৈ নাথাকে,নি দুই-তিনিখন কিতাপ কিনিও দিব।কিন্তু এনেকৈ কিতাপ কিনিবলৈ যাবলৈ তাইৰ মনে তাইক অনুমতি নিদিব।

খং উঠি থকাৰ সময়খিনিতে চাকৰি এটা কৰাৰ প্ৰবল হাবিয়াস জাগি উঠে স্মিতাৰ। কি কুক্ষণত যে বিয়া হৈ সংসাৰ এখন ডিঙিত ওলোমাই ল’লে তাই! ভাবিলেই খং উঠে নিজলৈকে। তাই বাৰু প্ৰতিবাদ কিয় নকৰিলে এতিয়াই বিয়া নহওঁ বুলি। সুজাতালৈওতো আহিছিল বিয়াৰ প্ৰস্তাৱ,তাই কেনেকৈ প্ৰত্যাখান কৰিলে। তাই নিজৰ সিদ্ধান্তত অটল থাকি নিজৰ লক্ষ্যত উপনীতও হ’ল। তাইৰহে আচলতে একো নিৰ্দিষ্ট লক্ষ্যই নাছিল, সঁচা কথা লক্ষ্যবিহীন জীৱন গুৰিয়ালবিহীন নাৱৰ দৰে। এতিয়াহে তাই উপলব্ধি কৰিছে। লগৰ মিতালী,অনন্যাহঁতে এম.এ. পাছ কৰি নেট-শ্লেট পাছ কৰিলে আৰু এতিয়া কলেজৰ লেকচাৰাৰ হৈ সন্মানেৰে জীয়াই আছে। তাইৰহে মুখত এষাৰো প্ৰতিবাদৰ ভাষা নোলাল বিয়াৰ বিৰুদ্ধে। মামলি আৰু বিজয় এতিয়া ঘৰত নাই। তাইৰ স্কুলৰ বান্ধৱী এজনীৰ জন্মদিনৰ পাৰ্টী খাবলৈ গৈছে। স্কুললৈ গৈছিলহে, বান্ধৱী গোটালেই। তাই মাককো লগ ধৰি আছিল,মন ভাল নথকাৰ বাবে তাইহে নগ’ল। টেবুলত থকা বাতৰিখন এনেয়ে লুটিয়াই থাকিল তাই। এনেতে শ্ৰদ্ধাঞ্জলি বুলি থকা বাতৰি এটাৰ ফটোখনৰ তলতে সৰুআইতা দাস বুলি বুঢ়ী এগৰাকীৰ ফটো দি শ্ৰদ্ধাৰ্ঘ জনোৱা বাতৰি এটা দেখি পঢ়ি পেলালে তাই। সৰুআইতা নাম জানো থাকিব পাৰে। তেওঁও এদিন কেঁচুৱা হৈ উপজিছিল,থুপুক থাপাককৈ খোজ কাঢ়ি তেওঁও চাগৈ মাক দেউতাকৰ মুখত হাঁহিৰ নিজৰা বোৱাইছিল। তেনে এজনী ছোৱালীৰ নাম সৰুআইতা থ’বনে মাক দেউতাকে! নহয় নহয়,আছিল তেওঁৰো এটা ধুনীয়া নাম আছিল নিশ্চয় যিটো বিয়াৰ পিছত হয়তো লোপ পাইছিল। গিৰিয়েক ঢুকোৱাৰ পিছত চাগৈ তেওঁৰ নাম জনা মানুহ গিৰিয়েকৰ পৰিয়ালত কোনোৱেই নাছিল। সেয়ে তেওঁ হ’লগৈ কাৰোবাৰ খুড়ী,কাৰোবাৰ শাহু বা নাতি পুতিহঁতৰ বাবে সৰুআইতা। শ্ৰদ্ধাঞ্জলী পত্ৰতো তেওঁ সৰুআইতাই হৈ পৰিল নিজৰ নাম নিজৰ চিনাকি নথকাৰ বাবে। কোনে জানে মামলিৰ পিছৰ প্ৰজন্মই যদি তাইকো এইদৰেই পৰিচয় দিয়ে। টি.ভি.টোকে খুলি নিউজ চেনেল এটা লগাই লৈ তাই চোফাতে বহি থাকিল সিহঁত অহালৈকে। ” নিজান বনতে বজালে কোনে …..” মহেন্দ্ৰ হাজৰিকাৰ গানৰ ৰিংটন টোৰে তাইৰ মবাইল ফোনটো বাজি উঠিল হঠাত। স্ক্ৰীণ খন চাই তাই দেখিলে সুজাতাৰ ফোন। —-অঁ,ক’চোন। তাই ক’লে। —-ঐ বাইদেউ, DY365 ত বাতৰি এটা দি আছে চাচোন। কথাটো কৈয়েই সুজাতাই ফোনৰ সংযোগ বিছিন্ন কৰি দিলে।তাইও লগে লগেই চেনেল সলালে।অ’ এইজনীচোন শ্যামলী! শ্যামলী ভট্টাচাৰ্য। শ্যামলীৰ সপ্ৰতিভ মুখখন টি.ভি.ৰ পৰ্দাত দেখি তাই থৰ লাগি চাই ৰ’ল। তাইৰ কবিতাৰ পুথি এখন উন্মোচিত হৈছে গ্ৰন্থমেলাৰ মঞ্চত। এজন বিশিষ্ট সাহিত্যিকে তাইৰ কিতাপখন দুহাতেৰে দৰ্শকৰ আগত ডাঙি ধৰিছে। সাংবাদিকে তাইৰ নামটো বাৰে বাৰে কবি শ্যামলী ভট্টাচাৰ্য বুলি কৈ আছে। স্মিতাৰ মনটো ভাল লাগি গ’ল যদিও মনৰ একোণত সামান্য দুখবোধৰো জন্ম হ’ল। কলেজত পঢ়োঁতে স্মিতা প্ৰাচীৰ পত্ৰিকা আৰু কলেজ আলোচনীখনৰ সম্পাদিকা হৈছিল এবাৰ। শ্যামলী তেতিয়া নৱাগতা,চুচুক-চামাককৈ নিজৰ কবিতা এটা আনি আলোচনীত প্ৰকাশৰ বাবে তাইৰ হাতত তুলি দিছিলহি। সেইজনী শ্যামলী এতিয়া কবিৰূপে পৰিচয় লাভ কৰিলে। আৰু স্মিতা ৰৈ গ’ল একেদৰেই। নহয় নহয়,একেদৰেই নহয়। বিজয়ৰ পত্নীৰূপে এই অঞ্চলত, দুৱৰানী বুলি বিভূষিতা হ’ল তাই আৰু মামলিৰ মাতৃৰূপে তাইৰ স্কুলৰ বন্ধুবৰ্গৰ পৰিয়ালৰ মাজত পৰিচয় লাভ কৰিলে। মামলিৰ পিছৰ প্ৰজন্মলৈ জীয়াই থাকিলে তেওঁও যদি এইদৰেই কাৰোবাৰ সমন্ধত ভেজা দিয়েই চিনাকি দিব লগা হয় কোনে জানে। সুজাতাৰ চিঠিখনে তাইক আকৌ কাঁইট হৈ বিন্ধিবলৈ ধৰিলে —-জাগ বাইদেউ জাগ।জগাই তোল নিজৰ সত্বাক। নিজৰ পৰিচয়েৰে জীয়াই থাকিবলৈ চেষ্টা কৰ। স্মিতা প্ৰতিজ্ঞাবদ্ধ হ’ল। তাই লিখিব,আকৌ গল্প -কবিতা লিখিবলৈ ল’ব তাই। তাইৰ কলমটো জাগ্ৰত কৰি তুলিব লাগিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments