পথবন্ধ (অভিজিৎ কলিতা)

গাড়ীবোৰ অথালি-পথালিকৈ ৰখাৰ বাবে কোনোখনে কোনোফালে লৰচৰ কৰিব নোৱাৰা অৱস্থা। তাৰ প্ৰায় মাজতে ৰৈ আছে পুৰণা বগা ৰঙৰ মাৰুতি ভান খন। পিছৰ ছিটত শুৱাই অনা বুঢ়ী মানুহগৰাকীৰ মূৰৰ পৰা তেজ বৈ আছে, গামোচাখনেৰে বন্ধাৰ পৰাও একো বিশেষ লাভ হোৱা নাই যেন লাগে। চকু মুদ খাই আহিছে, উশাহবোৰ দীঘল দীঘল, বহু সময়ৰ মূৰে মূৰে, হয়তো ৰক্তচাপ একেবাৰে কমি গৈছে। বুঢ়ীক সাৱট মাৰি ধৰি থকা সৰু ল’ৰাটো বুঢ়ীৰ নাতিয়েক, পুৱা আইতাকে পিছল খাই পৰি মূৰত দুঃখ পোৱাৰ পৰাই সি আইতাকক এৰি দিয়া নাই, তাৰ গাটোও বুঢ়ীৰ তেজেৰে ৰাঙলী হৈ গৈছে। মাজে মাজে সি ভুনভুনাই কয়-“তোৰ একো নহয় আইতা, হস্পিটেল গৈ পালেই সকলো ঠিক হৈ যাব, মই আছোঁ নহয়। আমি পামেই গৈ অলপ পাছতে।” এম্বুলেন্স মাতিলে দেৰি হয় বুলি, কাষৰ ঘৰৰ মাৰুতি ভানখনেৰেই বুঢ়ীক মেডিকেল কলেজলৈ লৈ যোৱাৰ সিদ্ধান্ত কৰিছিলে তেওঁলোকে। মাত্ৰ এঘণ্টাৰ বাট, যেনেতেনে মেডিকেল পালেগৈয়ে ৰক্ষা পৰে তেওঁলোক।

দেশৰ কিবাকিবি গুৰুতৰ সমস্যা সমাধানৰ বাবে এটা যুৱ সংগঠনে পথ অৱৰোধ কৰিছে, টায়াৰ জ্বলাই, শ্লোগান দি সকলো যাতায়ত বন্ধ কৰি দিয়া হৈছে। কিমান দেৰি আন্দোলন চলিব তাৰ কোনো ঠিকনা নাই। ইতিমধ্যে ৰৈ থকা এঘণ্টামানেই হবৰ হ’ল, মানুহজন মানে ল’ৰাটোৰ দেউতাকে, দুজনমান আন্দোলনকাৰীৰ লগত কথা পতাৰ চেষ্টা কৰিছিল; লগতে ড্ৰাইভাৰজনেও। পিছে আন্দোলনকাৰীসকল ইমানেই উত্তেজিত হৈ আছে, কাৰো কথা শুনিবৰ সময় নাই। কাষত দুজনমান সশস্ত্ৰ পুলিচো আছে, যদিও নীৰৱ দৰ্শক। এইবাৰ মানুহজন পুলিচ এজনৰ ওচৰ চাপিল, পুলিচজনে অৱশ্যে তেওঁৰ কথাখিনি শুনিলে, বুজিও পোৱা যেন লাগিল।

– কথাটো বুজিছোঁ যদিও আপোনাক আমি এতিয়া যাবলে’ অনুমতি দিব নোৱাৰিম, দেখিছেই নহয় কিমান উত্তেজিত হৈ আছে তেওঁলোক। হঠাতে গাড়ীত জুই-চুই লগাই দিব পাৰে, আইনা ভাঙি দিব পাৰে, তাৰ দায়িত্ব কোনে ল’ব? আৰু যেনিবা আপোনাক যাবলে’ দিলোঁৱেই, আপুনি গাড়ী খন উলিয়াব কেনেকৈ? আপোনাৰ আগে পিছে থকা গাড়ীবোৰ দেখা নাই? উপায় নাই বুজিছে, ধৈৰ্য্য ধৰক।”

– “আৰু কিমান দেৰি লাগিব পাৰে বাৰু?” – মানুহজনৰ মাতটো আকুল শুনালে!!

– “আমি সেইবিলাক নাজানোঁ। যাওক যাওক, পিছুৱাই যাওক, আৰু গৰমা-গৰমী হ’ব পাৰে।”

কথাখিনি যুক্তিপূৰ্ণ। ক্ষোভ, হতাশা আৰু দুখত মানুহজনৰ চকুপানী ওলাই অহাৰ উপক্ৰম হ’ল। আকৌ এবাৰ আন্দোলনকাৰীসকলৰ ফালে চালে তেওঁ, আন্দোলন তীব্ৰতৰহে হৈছে ক্ৰমাৎ, কোনোবাই আৰু দুটামান টায়াৰ জাপি দিছে জুইত। কিবা ন্যায্য অধিকাৰ, সংসদৰ মৰ্য্যাদা আদি শ্লোগান চলি আছে। হঠাৎ মানুহজনে মাৰুতি ভানখনৰ বনেটখনতে জোৰেৰে ভুকু মাৰি দিলে। সৰু ল’ৰাটোৱে মূৰ তুলি দেউতাকৰ ফালে চালে, বুঢ়ীয়েও চকু মেলিলে।

– “আন্দোলন চলি আছে মা, অলপ দেৰি ৰ’ব লাগিব। মই কথাটো বুজাই কবলৈকে সুবিধা পোৱা নাই নহয়, ৰ চোন বাৰু, আকৌ এবাৰ চেষ্টা কৰোঁ।”- মানুহজনে নিজকে শান্ত কৰি কথাকেইষাৰ ক’লে যদিও মাতটোত হতাশাৰ সুৰটো লুকুৱাব নোৱাৰিলে। সৰু ল’ৰাটোৰ চকুদুটা এক অজান আশংকাই চানি ধৰিলে।

তেনেতে বুঢ়ীয়ে জানো ক’ৰ পৰা শক্তি পালে, নিজৰ ওঁঠ কেইখন জিভাৰে তিয়াই সেহাই সেহাই ক’বলৈ ধৰিলে,

– “ৰ’ চোন অ’ বোপাই, নেলাগে যাব তই। মোৰ ওচৰতে থাক। সিহঁতে কিবা ভালৰ কাৰণেহে আন্দোলন কৰিছে ছাগে’, কৰক দে। দহৰ ভাল হোৱা কামত বাধা নিদিবি; মই বুঢ়ীজনী মৰিলেও কাৰনো কি হানি হব? তোৰ আৰু নাতিটোৰ কাষত মৰিবলে’ পোৱাটোও মোৰ ভাগ্যই দেচোন।”

Top of Form

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
5 years ago

তামাম লাগিল