প্ৰগলভ (-নৱ কোঁৱৰ)

 

(১)

আকাশ বিয়পি আছিল শুকুলা মেঘ
না না অলেখ ছবিৰ সমাহাৰ।
তাৰে প্ৰচ্ছায়াত জিলিকি উঠিছিল
বানে উপচি উঠা শাওণৰ পথাৰ।
ঠাহমাৰি কাঠহোৱা বুকুৰ
কান্দোন সামৰি
নয়নভৰা নান্দনিক উপহাৰ !

progolobh_naba konwar

(২)

ঘৰসঁজা লৰাটোৰ দুখ
অচিন কাঠৰ চতিদাল পৰি
তাৰ ভৰিখন ভাগিল।
এইবাৰ খেতিখোলা নহ’ল।
তথাপিও তাৰ মনত বেজাৰ
কাৰোবাৰ ৰোৱাডৰা বানত ডুবিল।

(৩)
……বৰ ভয় লাগে
পুৱাৰ পোহৰলে !!

দিনৰ পোহৰে ভুমুকি মাৰিলেই
ডাৱৰে ৰিঙিয়াই মাতে।
কেতিয়াবা উন্দোলা পাতে॥
কেতিয়াবা কয় –
মোৰ কাযলে আহা !
ৰঙিয়াল হৈ এপাক নাচিবা !!
সততা-নিষ্ঠা একোকে নালাগে……

শীতল নিয়ৰে ভাবে-
এয়ে ভাল……… !!
ভৰিৰ তলৰ দুবৰি ডৰা,
আৰু কিনো লাগে….

(৪)

পথবোৰে তেতিয়া নিজক সজাইছিল
কাষত ফুলিছিল সুগন্ধি কুসুম
মতলীয়া সুগন্ধত
সি হৈ উঠিছিল মাতাল …..
সুগন্ধি সুবাসত তাৰ দিকবিদিক হেৰাল
হেৰাল গন্তব্য
অথবা এৰি অহা ঠিকনা

শৰধনুশূন্য অসাৰ হৈ
সি এতিয়া লক্ষ্যহীন পথভ্ৰষ্ট
এৰি অহা কুসুম পথত
এতিয়াও লৰি ফুৰে
এপাহ লাস্যময়ী পাপৰি–
বেশভূষাহীন অস্পষ্ট…….

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments