প্ৰাপ্তি অপ্ৰাপ্তি আৰু তাই (-মৌচুমী দাস)

 
ডাইনিং টেবুলত ভাতকেইটামান আগবঢ়াই দি মায়ে কৈ গ’ল, “আকৌ কেতিয়া আহিবি? অহাবাৰলৈ আহিলে দিনে পোহৰে আহিবিচোন৷ ৰাতিখন কিয় আহ’? ৰাতি ৰাতি নাইট চুপাৰবোৰ ইমানকৈ এক্সিডেন্ট হৈ থাকে ৷ বাতৰি চাবই নোৱাৰি৷ মই লাহেকৈ ক’লো,” ঠিক আছে বাৰু অহাবাৰলৈ ডে’ চুপাৰতে টিকট কাটিম, চাঁও মোৰ পানী বটলটো দিয়াচোন৷”৬.৩০ বজাত মোৰ বাছ ৷ ঘৰতে ৬.০০ বাজিল ৷ বস্তুবোৰ ঠিকমতে আছে নাই বুলি চাবলৈ লৈ বাহিৰৰ কোঠাটোলৈ যাঁওতেই দেখো মা পাকঘৰৰ এচুকত সোমাই উচুপি আছে ৷ নিজকে দুৰ্বল নকৰি অলপ দুৰৰ পৰাই মাত লগালো,” মা মই যাওঁ দেই ৷”
লৰালৰিকৈ চাদৰৰ আচলটো মুখত লৈ মা ওলাই আহিল ৷ চলচলীয়া ৰঙা চকু ৷ প্ৰত্যেকবাৰেই মই ঘৰলৈ আহিলে মা’ৰ চকু চলচলীয়া হয় ৷ ঠিক বিয়া দি উলিয়াই দিয়া ছোৱালীৰ দৰে ৷ বুকুৰ এচুকত বিষ এটা লৈ মই ওলাই আহো দুনাই ঘুৰি নাচাও ৷??????????????????????????????????????????????????????????????????????

নৈশ যাত্ৰা মোৰ সাংঘাটিক প্ৰিয় ৷ ভাল লগাৰ কাৰণ অৱশ্যে কেইবাটাও ৷ সেই যে জখলাবন্ধাৰ মাজৰাতিও দিনৰ দৰে হৈ থকা পৰিৱেশটো,দোকানবোৰত বাজি থকা গীতবোৰ৷ বিভিন্ন দোকানত বিভিন্ন গীত ৷ ইজনে সিজনক চিনি নাপায় অথচ এটুকুৰা সৰু ঠাইত নানা ঠাইৰ নানা মানুহৰ সমাবেশ ৷ ভাত-চাহৰ খলকনি,চিগাৰেটৰ ধোৱাঁ,আংকল চিপচৰ মৰমৰণি,শীতল পানীয়ৰ বুৰবুৰণি৷ বুকুত এক ৰিঙা ৰিঙা ভাৱ ৷ স্মৃতি ৰোমন্থনৰ অনুকুল পৰিৱেশ৷ ব্যস্ত জীৱনে কোঙা কৰি পোলোৱা মই হাতৰ মুঠিত বিছাৰি পাঁও এক মধুৰ নিশা ৷ এনেকুৱা মুহূৰত বোৰত ক’বলৈ মন যায় মোৰ ‘লাইফ’ সচাকৈয়ে জিংগালালা ৷

এক কুইন্টল মান গধুৰ মোৰ এয়াৰবেগটো আৰু পানী বটলটোৰে সৈতে কোনোমতেহে মই বাছখনৰ ভিতৰলৈ সোমাই গ’লো ৷ নিজৰ বস্তুকেইপদ ঠিকমতে থৈ মই মোৰ আসনত বহিলো ৷ বাছখন লাহে লাহে চলিবলৈ ধৰিল ৷ মোৰ আসনৰ সমানে সমানে বহা ল’ৰাকেইটালৈ চকু গ’ল মোৰ ৷ তাৰে দুটাৰ চুলিকেডাল মোতকৈ অলপহে চুটি হ’ব কিজানি ৷ কানত কাণফুলি,চেলাউৰি ফুটা কৰি পিন্ধা ৰিং, ডিঙিত চাৰি-পাঁচডালমান চেইন লুকিং লাইক ইঅ’ ইঅ’ হনি সিং আৰু হাতত টেটু ৷ সেইকণ দৃষ্টি মাৰনাযাওঁতেই মোৰ দৃষ্টি নিক্ষেপ হ’ল গাত মানুহৰ লাওখোলা অকাঁ ক’লা ক’লা স্পৰটিং,লগত বগা আখৰেৰে ডাঙৰ ডাঙৰকৈ লিখা আছে ‘দেঞ্জাৰ’ ৷ মই মনতে ভাৱিবলৈ ধৰিলো, “আমি অসমীয়া নহওঁ দুখীয়া” নাইবা “খাটি অসমীয়া” জাতীয় স্পৰটিং পিন্ধিব নোৱাৰিলে নেকি বাৰু ইহঁতে ৷ লাওখোলা অকাঁ ‘দেঞ্জাৰ’ লিখি থোৱাকেইতাহে পিন্ধিবলৈ পালেনে বাৰু ৷
ৰাতি ১১ মান বজাত ভাত খাবলৈ নামিলো ৷ ৰাতিৰ খাজ খাই উঠি পইচা দিবলৈ লওঁতেই মোৰ বুকু চিৰিংকৈ গ’ল ৷ মনিবেগটো চোন নাই ৷ গোটেইখন বিছাৰি চলাথ কৰিলো নাই ক’তোৱেই বিছাৰি পোৱা নাই ৷ বহু বিচাৰ খোচাৰ কৰাৰ পাচতো মনিবেগটো নোপোৱাত মোৰ চিন্তা হ’বলৈ ধৰিলে ৷ ঠিক সেই সময়তে চুলি দীঘল ল’ৰাকেইটাৰ মাজৰে এটাই মোলৈ বুলি মনিবেগটো আগবঢ়াই দি ক’লে,” ভয় নাখাব আমি মানুহকেইটা ইমান বেছি দেঞ্জাৰ নহয় ৷ ”
ধন্যবাদসুচক মন্তব্য এটা আগবঢ়াই তাৰ নামটো সুধিবলৈ লওঁতেই সি গুচি গ’ল ৷ ছেঃ ল’ৰাটোৰ নামটোকে সুধিবলৈ থাকি গ’ল ৷

পুৱা নিজৰ কোঠাটোত সোমোৱাৰ লগে লগেই মনটো বেয়া লাগিল ৷ ঘৰলৈ বাৰে বাৰে মনত পৰিবলৈ ধৰিলে ৷ এই পোন্ধৰ দিন কেনেকৈ পাৰ হৈ গ’ল ততকে নাপালো ৷ আকৌ সেই একেই একঘেয়ামী ব্যস্ততা ৰাতিপুৱা ওলাই যোৱা আবেলি সোমোৱা ৷ তাৰ মাজে মাজে ঘৰুৱা দায়িত্ববোৰ,প্ৰতিশ্ৰুতিবোৰ কেতিয়া পালন,পুৰণ কৰিম ৷ পোৱা-নোপোৱাবোৰৰ হিচাপ এতিয়াও বাকীত ৷ এইবোৰ ভাৱি থাকোতেই ‘তাই’ৰ ফোন আহিল ৷

“হেল্ল!!! তই ক’ত আছ’? ঘৰতে আছ’ যদি অলপ পাচত তোৰ ওচৰলৈ গৈ আছো ৷ মই জাষ্ট পাৰলাৰৰ পৰা উলাইছো,ট্ৰেফিক জাম ন’হলে সোনকালেই পামগৈ৷ ”

মোক কিবা এটা কোৱাৰ সুবিধাকণ একাষে থৈ তাই ফোনটো কাটি দিলে ৷ দুনাই তাইলৈ ফোনটো লগাবলৈ মন নগ’ল মোৰ ৷ যোৱা সপ্তাহত অফিচিয়েল ট্যুৰ এটাত গিৰিয়েক আৰু তাই ছিংগাপুৰলৈ যোৱাৰ কথাখিনি মা-মছলা সানি ভীষণ ক’বলৈ মন গ’লেই তাইৰ মোলৈ মনত পৰাটো একো অস্বাভাৱিক নহয়৷

দুঘন্টামানৰ পাচত কলিং বেলটো বাজিল ৷ দুৱাৰখন খুলি দিয়াৰ লগে লগেই তাই সাৱট মাৰি ধৰি গালত চুমা খোৱাৰ দৰে ঠিক চুমাও নহয় (সেইয়া আচলতে লিপষ্টিক নষ্ট নোহোৱাকৈ ৰখা কৌশল) হাই ডিয়েৰ বুলি চিঞৰি দিলে ৷

― ” তই বহচোন মই নেমু চৰবত এগিলাচ আনোগৈ ৷ “এইবুলি কৈ ভিতৰলৈ সোমাই যাবলৈ লওঁতেই তাই মাত লগালে ৷

― ” নাই নাই এইমাত্ৰ মই কেসৰ বাদাম মিল্ক স্যেক খাই আহিছো ৷ বাহিৰত উলিয়াই থোৱা কুঁহিয়াৰ চেপা জ্যুইসবোৰ মানুহবোৰে যে কেনেকৈ খায় নহয় ৷ চ’ আনহাইজেনিক,তইও নাখাবি কিন্তু৷

― ” হ’ব বাৰু দে,সেইবোৰ বাদ দে তোৰ খা- খৱৰ কচোন ৷ কেনে আছ’? খিনাইচ’ দেখোন৷ কিবা অসুখ-বিসুখ নেকি ৷ ৰ’ মই ছুজি অলপ বনাই আনো দুইজনীয়ে একেলগে বহি চাহ খাম ৷ ”

মোৰ কথা শেষ হ’বলৈ নাপাওঁতেই তাই মাত দিলে ―

― ” নাই নালাগে…৷ ছুজি যে একেবাৰেই নবনাবি ৷ ৰিফাইন তেলবোৰত বহুত কেলৰি থাকে ৷ আমাৰ ‘এওঁ’ মোক কৈছে,”ইয়াতকৈ যদি আৰু অলপ বেছি শকত হোৱা মোৰ লগত পাৰটিলৈ যোৱা বন্ধ৷ ”

সেইকাৰণে আজিকালি ডায়েটিং কৰি আছো৷
তাইৰ হাড়ে-ছালে একেলগ হৈ লাগিব খোজা দেহাটোলৈ মোৰ পুতৌ জন্মিল ৷

হাতৰ আঙুলিকেইটা ঘঁহি ঘঁহি মোক কৈ গ’ল,”বুজিচ’ যোৱাটো এনিভাৰচাৰিত এওঁ টানিষ্কৰ হীৰাৰ আঙুঠি এটা দিছিল ৷ এই যে অনামিকা আঙুলিত দেখিচ’ এইটো ৷
এতিয়া বৰ টান হৈছে,বিষাইছে তোৰ ওচৰত এন্টিছেপটিক ক্ৰিম কিবা আছে যদি দেচোন৷”

মই আগবঢ়াই দিয়া বোৰোলিনটো আঙুলিত ঘহিঁ ঘহিঁ তাই আকৌ এৰি অহা অংশত যোগ দি ক’বলৈ ধৰিলে ৷

” অই তোৰ দাদাৰ অৱস্থাটো কেনে এতিয়া,চাকৰিলৈ নিয়মীয়াকৈ গৈ আছেনে? পঢ়ি থকা কালত সেই ঘটনাটো নোহোৱা হ’লে কিজানি তাৰ ইমান বেয়া অৱস্থা নহ’লহয় ৷ ড্ৰাগছে ল’ৰাটোক বৰবাদ কৰি দিলে ৷ তই এটা কাম নকৰ’ কিয় আমাৰ এওঁলোকৰ কোম্পানীত আহে যদি এবাৰ সুধি চাবি,এওঁ অলপ লাগি দিলেই কামটো হৈ যাব ৷ ইয়াতনো দৰমহা কিমান পায় ৷”

এডাল বিষাক্ত কাঁড়ে যেন মোৰ বুকু ভেদ কৰি গ’ল ৷ তাইৰ কথাষাৰ এৰাই চলাৰ মানসেৰে মই ক’লো,” দৰমহাৰ কথা নহয় দেচোন,বৰ্তমান য’ত আছে ত’তেই সুখী সি ৷”

নিজৰ মন পচন্দৰ উত্তৰটো নাপায় সেমেনা সেমেনিকৈ তাই চাহৰ কাপটোত সোহা মাৰিলে ৷ নিজৰ গুণ বখানিবলৈ আৰু আধিপত্য থকা বিষয়বোৰ কি কি হ’ব পাৰে তাই এফালৰ পৰা চিন্তা কৰাত লাগিল৷ অৱশেষত যেনিবা পাই গ’ল তাইৰ মন পচন্দৰ বিষয় এটা ৷

বেচিনত হাতখন ধুই ধুই মোৰ ফালে চাও নাচাও ভংগীমাত তাই মোলৈ চাই থকা দেখি ময়েই তাইক সেই সুবিধাকণ কৰি দিলো৷মন নোযোৱাৰ স্বত্তেও শেষবাৰলৈ যিকেইটা কথা ক’বলৈ বাকী থাকিল কৈ লওক ৷ সেই আশাৰে তাইলৈ দৃষ্টি নিক্ষেপ কৰিলো ৷

―” এটা কথা কি জান’,আমাৰ এখেত সাংঘাটিক ব্যস্ত কিন্তু তাৰ বাবে মোৰ কোনো আক্ষেপ নাই ৷ আজিলৈকে কোনো এটা কথাত না বুলি নাইকোৱা ৷ পুৰা খেয়াল ৰাখে মোৰ৷ এইটো হয় তেওঁ মোৰ লগত খুব কম সময় কটায় কিন্তু মোক হেপ্পী ৰাখিবলৈ চেষ্টা কৰে ৷ ইমানবোৰ কামৰ মাজতে অফিছৰ টেবুলৰ পৰাই অনলাইন গিফ্ট অৰডাৰ কৰে একমাত্ৰ মোৰ বাবে৷ আই এম ভেৰী মাচ্চ লাকী ইউ ন’ ৷ অলপমান কম্ৰমাইজ ময়ো কৰো আৰু এডজাষ্ট হৈ যায় ৷

ঠিক আছে বাৰু মই যাওঁ এতিয়া ৷ তই আহিবিচোন কেতিয়াবা ৷ গাড়ীৰ কথা চিন্তা নকৰিবি দৰকাৰ হ’লে মই গাড়ী পঠাই দিম ৷ ড্ৰাইভাৰটো এনেয়েহে বহি থাকে দিনটো ৷ দৰমহাকেইটা এনেয়ে দিয়া নাইটো ইয়াক ৷ ”

ঘৰ পায় তাই দেখে গিৰিয়েকে হাতত এপেগ লৈ টিভিটোৰ সন্মুখৰ ছোফাখনত বহি লৈছে ৷ তাই ক’লৈ গৈছিল,কিয় গৈছিল,ইমান দেৰি কিয় হ’ল এইবোৰ প্ৰশ্ন কৰাটো এজন আল্ট্ৰা মডাৰ্ণ হাজবেন্ডৰ কাম নহয় বুলি তাই ভাৱে ৷ সেয়েহে আজিকালি গিৰিয়েকেও এইবোৰ কথাত মুৰ নঘমায় ৷

কাষেদি পাৰ হৈ যাওঁতে তাই মন কৰিলে তাইৰ হাজবেন্ডে পিঠিৰ পাচফালে আৰু তপিনাৰ তলত দুটাকৈ গাৰু লৈ বহিছে ৷

― ” কি হ’ল ককালৰ বিষে উক দিছে নেকি?” তাই সুধিলে ৷

― ” নহয় হে ছোফাখনৰ স্পঞ্জবোৰ কিবা তললৈ সোমাই গৈছে বহি আৰাম নালাগে ৷”

তাই অন্যমনস্ক হৈ গুনগুনাই গান গাই গাই হাতৰ খাৰুবোৰ জুৱেলাৰী বক্সত ভৰোৱাত লাগিল ৷

গিৰিয়েকে আকৌ মাত দিলে

― ” হেৰা,যৌতুকত বৰ দুপলিকেট মাল আনিছিলা হে তুমি ৷ ইমান কম দিনতে ফেচেকা লাগিল৷”

এইবাৰো তাই গিৰিয়েকৰ কথাষাৰত বৰ এটা গুৰুত্ব নিদি চিফনৰ শাড়ীৰ পিনবোৰ খুলিবলৈ লওঁতেই গিৰিয়েকে আকো মাত লগালে ৷

― “শুনিছা,চোফা চেট যোৰ বদলাব লাগিব ৷ কি যে ল’ ষ্টেণ্ডাৰড বস্তু দিছে এইসোপা ৷ হেৰা তোমাৰ বাপেৰাই কিমান দৰমহা পাইছিল হে ?”

লগে লগে শিল পৰা কপৌৰ দৰে তাই থৰ লাগি ৰ’ল ৷ নিশ্চুপ হৈ ৰ’ল একে ঠাইতে ৷ শাৰীৰ পিনবোৰ এটা এটাকৈ ছোফাখনৰ কোনোবা এটা চুকত সোমাই পৰিল ৷

( ছাঁ লৈ)
বিঃদ্ৰঃ – ইয়াত ‘মই’ জনী মই নহয় ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!