হস্তীৰ কন্যা- প্ৰখ্যাত লোকগীত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱা বিষয়ে একলম -(অনুপম কলিতা)

হস্তীৰ কন্যা- প্ৰখ্যাত লোকগীত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱা বিষয়ে  একলম

-অনুপম কলিতা

চানমাৰিত একেথিৰে বহি আছে তেও । এক বিশেষ স্থানত তেওঁৰ নিজস্ব প্ৰিয় গান গোৱাৰ ভংগিমাত । চানমাৰিলৈ গলেই তেওঁৰ পিনে এপাক সন্মানীয় দৃষ্টিত সদায় চাওঁ ।তেওঁ আন কোনো নহয়, প্ৰখ্যাত লোকগীত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউ ।
‘’যাৰ গানৰ সুৰত বৈ আহিছিল জনসাধাৰণৰ সুখ দুখৰ বন্যা,যাৰ বুকুত ফুলিছিলনিজৰ জাতিৰ কলা সংস্কৃতিকআগুৱাই নিয়াৰ হেজাৰ সপোন,সেয়া আন কোনো নহয়সকলোৰে চিনাকী হস্তীৰ কন্যাপদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা ।। ‘’
অবিভক্ত গোৱালপাৰা জিলাৰ গোৱালপৰীয়া কলা-সংস্কৃতিৰ অন্তৰ্গত গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰৰ এক অনন্য স্তৰলৈ লৈ যোৱাত এক বিশেষ ভূমিকা পালন কৰিছিল প্ৰতিমা বাইদেৱেয়ে । তেওঁৰ গানত আপোন মাটিৰ গোন্ধ আছিল । নিজৰ কলা সংস্কৃতিক ভাল পোৱাৰ এক অনন্য নিদৰ্শন আমি পাব পাৰোঁ বাইদেউৰ পৰা । জনসাধাৰণৰ মাজত প্ৰতিমাদি ৰূপে খ্যাত প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্ম হৈছিল ১৯৩৫ চনৰ ৩ অক্টোবৰ দিনাখন গৌৰীপুৰৰ এক ৰাজপৰিয়ালত। তেওঁ প্ৰয়াত মধ্যকুমাৰ প্ৰকৃতিশ চন্দ্ৰ বৰুৱাৰ প্ৰথমা কন্যা আছিল । স্বৰ্গীয় প্ৰকৃতিশ চন্দ্ৰ বৰুৱাৰ ভায়েক স্বৰ্গীয় প্ৰথমেশ বৰুৱা ভাৰতৰ এজন কুশল চিনেমা নিৰ্মাতা আছিল । তেখেতৰ পিতা নিজেই আছিল এজন প্ৰখ্যাত হাতী চিকাৰী আৰু গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক । সেই সূত্ৰেই প্ৰতিমা বাইদেউ হাতীৰ প্ৰতি বিশেষ ভাবে আকৰ্ষিত আছিল আৰু সেয়া তেওঁৰ গানত ফুটি উঠিছিল ।প্ৰতিমা বৰুৱা গৌৰীপুৰৰ ৰাজকুমাৰী হ’লেও ৰাজসুখত জীৱন নিয়াবলৈ তেওঁ কোনোমতেই ৰাজি নাছিল । সংগীত প্ৰেমী প্ৰতিমাদি সৰুৰ পৰাই নিজকে দোতোৰাৰ সুৰ আৰু গোৱালপৰীয়া লোকগীতৰ মাজত আত্মনিয়োগ কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ ইয়াক ভাৰতবৰ্ষৰ সংগীত জগতত প্ৰতিষ্ঠিত কৰাৰ সপোন দেখিছিল, যি সপোন তেওঁ  পিছলৈ বাস্তৱত পৰিণত কৰিব সক্ষম হৈছিল । সংগীতৰ প্ৰতি এই সাধনাৰ বাবে নিজৰ বিয়াৰ প্ৰতিও তেওঁ অনীহা প্ৰদৰ্শন কৰিছিল যদিও নিজকে সংগীতকাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ পিচত তেওঁ বিবাহ বান্ধোনত বান্ধ খাইছিল ।প্ৰতিমা দিৰ গানত হাতী আৰু মাহুৰ কথা প্ৰায় থাকে । সেইবাবেই তেও হস্তীৰ কন্যা হিচাপে খ্যাত । তেওঁৰ কিছুমান গানত প্ৰেমৰ সুখ সৌন্দৰ্য্যৰ প্ৰকাশ দেখিব পাৰি । তেনেকৈ বিষাদৰ দৰদী সুৰও শুনা যায় ।তেওঁৰ যিবোৰ লোকগীত শুনিলে জনসাধাৰণ আনন্দিত হৈ উঠিছিল তেনেবোৰৰ ভিতৰত-আজি আউলাইলেন মোৰ বান্ধা ময়ালৰে-২হাতীত পিঠিত চৰিয়াৰে মাহত হাতীৰ মায়া জানো,আজি নাৰীৰো মনেৰো দু:খ কিবা তোমৰা জানোৰে ।।হাতীৰ পিঠিত চৰিয়াৰে মাহুত কিসেৰ বাটলু মাৰোপাৰাৰো ৰমনীক দেখিয়া জ্বলিয়া কেনে মৰো ।।-ইত্যাদি গানবোৰ ,মাহুতবোৰৰ মনত প্ৰেমৰ ফাগুন বলে, প্ৰেমৰ ফুল ফুলে, কিন্তু সিহঁতৰ বাবে নিজৰ কৰ্তব্য সদায় আগত । সংসাৰৰ মায়া, সুখ শান্তি পৰিত্যাগ কৰি গুচি যায় বহু দূৰ বনলৈ চিকাৰ কৰিবলৈ ।এইদৰেই তেওঁৰ গানত এটা সংস্কৃতিৰ বাস্তৱ ৰূপ ফুটি উঠে, তেওঁৰ আশে পাশে থকা সমাজৰ প্ৰকৃতি ছবিখন তেও লোকগীতৰ দ্বাৰাই জনসাধাৰণৰ আগত দাঙি তুলিছিল ।প্ৰতিমা পাণ্ডে বৰুৱাৰ গানত মাটিৰ গোন্ধ যায় ।  প্ৰকৃতাৰ্থত তেওঁ এজন মাটিৰ শিল্পী আছিল । তেওঁ এখন উচ্চ ৰাজপৰিয়ালৰ ৰাজকুমাৰী আছিল যদিও তেওঁ অতি সাধাৰণ ভাবেই জীৱন নিৰ্বাহ কৰিছিল ।  গৰীৱৰ উন্নতিৰ বাবে, অশিক্ষিত লোকক শিক্ষিত কৰাৰ বাবে তেওঁ বহুত কাম কৰি থৈ গৈছে ।ৰাজপুত্ৰী হৈয়ো কেতিয়াও আভিজাত্যৰ গৌৰৱ নকৰা প্ৰতিমা দি সকলো সম্প্ৰদায়ৰ লোকৰ প্ৰতি শ্ৰদ্ধা আৰু উদাৰ ভাৱ প্ৰদৰ্শন কৰিছিল । জাতি ধৰ্ম নিৰ্বিশেষে সকলো লোকৰ পৰা সংগীতৰ জ্ঞান আহৰণ কৰিছিল ।তেওঁ এগৰাকী প্ৰকৃত শিল্পী এইবাবেও আছিল যে তেওঁ নিজৰ সংস্কৃতিৰ ঘৰুৱা বাদ্যযন্ত্ৰৰ লগত গীত পৰিবেশন কৰিছিল ।  যেনে তবলা,দোতোৰা,হাৰমনিয়াম, তাল ইত্যাদি । নিজৰ অপাৰ সাধনা আৰু সুৰৰ জৰিয়তে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে খ্যাতি অৰ্জন কৰিছিল যদিও অহংকাৰ তেওঁৰ মনত কেতিয়াও উপজা নাছিল ।সেইবাবেই তেও গাই গৈছেএকবাৰ হৰি বল মন ৰসনামানৱ দেহৰ গৌৰৱ কৰোনা,মানৱ দেহ মাটিৰ ভাণ্ডভাঙ্গিলে হৈবে খণ্ডৰে খণ্ডভাঙ্গিলে যোৰা দিবেনা ।।-ইত্যাদি ।প্ৰতিমা পাণ্ডে বৰুৱাৰ কথাৰ লগত আমাৰ সকলোৰে চিনাকী তথা মৰমৰ ভূপেন দাৰ কথা নকলে সেয়া উচিত নহ’ব । বাইদেউৰ পথ পথদৰ্শকক আছিল ভূপেন দা । তেওঁৰ সাহস আৰু প্ৰেৰণাৰ জৰিয়তেই প্ৰতিমাদি গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰত গোৱালপৰীয়া লোকগীত পৰিবেশন কৰাৰ সুবিধা পাইছিল ।সংগীতেই সংগীতক টানে , ভূপেন দা, প্ৰতিমাদিৰ জৰিয়তে গোৱালপৰীয়া লোকগীতৰ লগত বহুল ভাবে জৰিত হৈ পৰিছিল । তেওঁলোক দুইজনে মিলি গোৱালপাৰীয়া লোকগীতক বিশ্ব দৰবাৰৰ ওচৰত প্ৰতিষ্ঠিত কৰিছিল । সংগীতৰ বাবে তেওঁলোকৰ কষ্ট আৰু ত্যাগ আজিও প্ৰত্যেকজন অসমীয়াই শ্ৰদ্ধাৰে সোঁৱৰে। বিশেষকৈ অবিভক্ত গোৱালপাৰা বাসী তেওঁলোক দুইজনাৰ প্ৰতি সদায় ধৰুৱা ।ভূপেন দা আৰু প্ৰতিমা দি মিলি বহুত গোৱালপাৰীয়া গীত গাইছিল তাৰে মাজত বিশেষভাবে জনপ্ৰীয় হৈছিল এই গানটো-
তোমৰা গেইলে কি আসিবেনমোৰ মাহুত বন্ধুৰে,হস্তীৰ নৰান হস্তীৰ সৰান, হস্তীৰ গলায় দৰীওৰে সত্য কৰিয়া কনৰ মাহুত কোনবা দেশে বাৰীৰে,হস্তীৰ নৰান হস্তীৰ সৰান, হস্তীৰ পায়ে বেৰীওৰে সত্য কৰিয়া কইলং কন্যা গৌৰীপুৰে বাৰীৰে ।খাটো কুটপ মাহুত ৰে তোৰ গালে দাপ দাৰি।ওৰে সত্য কৰিয়া কনৰে মাহত, ঘৰে কয়জন নাৰীৰে ।হস্তী নৰাং হস্তী চৰাং সম্পা নদীৰ পাৰে,ওৰে সত্য কৰিয়া কইলাম তোমাকবিয়াও নাই হয় মোৰৰে ।।
এইদৰেই প্ৰতিমা পাণ্ডে বৰুৱাই নিজৰ কলা সংস্কৃতিক বহুদূৰ আগুৱাই লৈ থৈ গ’ল । তেওঁ অসমত বিভিন্ন ঠাইত বহুবাৰ এইদৰে ভূপেন দাৰ লগত আৰু কেতিয়াবা অকলেই নিজৰ সতীৰ্থৰ লগত গোৱালপাৰীয়া লোকগীত পৰিবেশন কৰিছে আৰু অসমৰ বাৰে বৰণীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি গৈছে ।২০০২ চনৰ ২৭ ডিচেম্বৰৰ দিনা এইজনা মহান নাৰীয়ে তেওঁৰ সহস্ৰ অনুৰাগীক কন্দুৱাই নিজৰ নশ্বৰ দেহ ত্যাগ কৰি স্বৰ্গ অভিমুখে যাত্ৰা কৰে ।তেওঁৰ অভাৱ আজি বাৰুকৈয়ে অনুভৱ হয় । এইজনা মহান শিল্পীৰ অৱদান আৰু জীৱন গাথা শব্দৰে কৈ শেষ কৰা অসম্ভৱ । মোৰ এই লেখা মাথো এক চমু আভাষ হে মাথো ।তেওঁ সদায় আমাৰ মন আকাশত উজ্জ্বল তৰা হৈ উজলি থাকিব আৰু তেওঁৰ গোৱা গানবোৰ সদায় আমাৰ হৃদয়ত ৰিণিকি ৰিণকি সুৰেৰে বাজি থাকিব ।চানমাৰিৰে পাৰ হ’লে তেওঁৰ মূৰ্তিটোৰ ওচৰত সদায় মোৰ দোৱাও আৰু তেতিয়াই কিছুমান প্ৰিয় গান মোৰ মনত বাজি উঠিব ধৰে —
১)গোলাপীৰে সীতেৰ সেন্দুৰ গোলাপীক দেবনা ।টাৰ হেলানী দিয়া নাচৰে গোলাপীখোৰ হেলানী দিয়া নাচৰে গোলাপী।গোলাপীৰে নাকেৰ সোনা গোলাপীকে দেবনা,টাৰ হেলানী দিয়া নাচৰে গোলাপীখোৰ হেলানী দিয়া নাচৰে গোলাপী……………………..।।
২)হস্তীৰ কন্যা , হ্স্তীৰ কন্যা বামনৰ নাৰী,মাথায় নিয়া তাম কলসী ওকন্যা হাতে সোনাৰ ঝাড়ী সখীওওমোৰ হায় হস্তী কন্যাৰেখানিকো দয়া নাই মাহুতক লাগিয়াৰে ।।পাত্তিৰা কৰিয়াৰে মাহুত বাৰেয়া দিল পাওমাথাৰ উপৰা কালজেঠি ওসখী কৰে পঞ্চ ৰাও সখী ওও মোৰ হস্তীৰ কন্যাৰে …………………….।।
( সহায় লৈ)
সমাপ্ত

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
6 years ago

মাহুত বন্ধুৰ লোকগীত তিত মাহুত ৰ জীৱন চিত্র কেনেদৰে প্ৰকাশ পাইছে লিখিবলৈ অনুৰোধ জনোৱা হল

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক