প্ৰাতঃভ্ৰমণৰ অভিজ্ঞতা: কিছু মিঠা কিছু তিঁতা – ৰূপাঞ্জলী চেতিয়া

নিজকে বৰ স্বাস্থ্যসচেতন বুলি নকওঁ যদিও চিকিৎসকৰ পৰামৰ্শমতে প্ৰাতঃভ্ৰমণ কৰিবলৈ আৰম্ভ কৰোঁতে এয়া প্ৰায় নৈমিত্তিক অভ্যাসতেই পৰিণত হ’ল৷ এতিয়া যদি কিবা কাৰণত এদিনো বাদ পৰি যায়, তেন্তে ডাঙৰ কাম এটা যেন থাকি গ’ল কৰিবলৈ, তেনে লগা হ’লগৈ৷

এনেদৰে যাওঁতে যাওঁতে বাটত লগ পোৱা প্ৰায়বোৰ মানুহেই চিনাকি হৈ পৰিল৷ চকুৰ চিনাকি৷ মিচিকিয়া হাঁহিৰ লগতে দুগৰাকীমানৰ লগত দুই-এষাৰ কথাৰো বিনিময় হয় কেতিয়াবা৷ প্ৰায়সকলেই চল্লিশোৰ্ধৰ ব্যক্তি৷ তাৰে মাজত দুগৰাকীমানক চাই খুব ভাললগা হ’লগৈ৷ এগৰাকী বৃদ্ধা, বয়সে তিনিকুৰিৰ দেওনা কেতিয়াবাই পাৰ কৰিছে যেন লাগে৷ বয়সৰ অসুখ, চিকিৎসকৰ পৰামৰ্শমতে খোজকাঢ়ে নিতৌ৷ সংগী কেতিয়াবা বোৱাৰীয়েক আৰু কেতিয়াবা নাতিয়েক৷ মুখামুখি হ’লে মোলৈ চাই মিঠা হাঁহি এটি মাৰে৷ ময়ো হাঁহি এটিৰে মূৰটো দূপিয়াই পাৰ হৈ যাওঁ৷ বুকুত লাগি ৰয় আইতাৰ হাঁহিটোৰ লগত বিয়পি থকা সন্তুষ্টিখিনি৷
আন এগৰাকী মহিলা লগ পাওঁ প্ৰায়েই৷ এইগৰাকীৰো বয়স তিনিকুৰিৰ ওচৰা-ওচৰি যেনেই লাগে৷ কিন্তুু আইতা বুলি ক’বৰ মন নাযায়চোন৷ পৰিষ্কাৰ মেখেলা-চাদৰ, ভৰিত কাপোৰৰ বগা জোতা পিন্ধি গহীন-গপচ্ খোজ৷ কেতিয়াবা হাঁহিৰ বিনিময় হয়৷ কিন্তুু অন্যমনস্ক যেন লাগে প্ৰায়েই৷ কেতিয়াবা তেখেতৰ ঘৰৰ আগেদিয়েই যাওঁ৷ সুন্দৰকৈ ৰখা ফুলনি এখনৰ সৈতে আটোমটোকাৰি এটা অসম আৰ্হিৰ ঘৰ৷ পাছত গম পাইছিলো যে তেখেত ইয়াত অকলশৰে থাকে৷ একমাত্ৰ পুত্ৰ পানীকেঁচুৱা হৈ থাকোঁতে স্বামীবিয়োগ হোৱাত বহু কষ্টৰে ডাঙৰ কৰা পুত্ৰ এতিয়া কৰ্মসূত্ৰে দিল্লীৰ বাসিন্দা৷ স্বামীৰ স্মৃতি বিজড়িত আপোন ভেটি এৰি যাবলৈ তেখেত নাৰাজ৷ সেয়ে পো-বোৱাৰী আৰু নাতিয়েকৰ উমাল সান্নিধ্যৰ আহ্বান নেওচি অকলশৰীয়া জীৱন-যাপন৷ বহুসময়ত স্মৃতিবোৰ আমাৰ একান্তই আপোন হৈ পৰে, যাৰ বাবে হয়তো আমি উলাই কৰিব পাৰোঁ জীৱন্ত কিছুমান সাম্ভাৱ্য সুখ-সুবিধাও৷ স্মৃতিৰ ৰখীয়াস্বৰূপ মহিলাগৰাকীৰ বাবে মনতে সৰকে এটি প্ৰাৰ্থনা ’ঈশ্বৰ, কুশলে ৰাখা তেখেতক! ’
এনেকৈয়ে লগ পাওঁ কেইযোৰামান দম্পতী৷ হয়তো পুৰুষজনৰ অসুখ, নাইবা মহিলাগৰাকীৰ৷ সংগী হৈছেহি আনজন৷ দেখি ভাল লাগে৷ ভৰি উঠে মন৷ ঘৰত নাক বজাই শুই থকা নিজৰ গৃহস্থলৈ মনত পৰে৷ হওক তেও, শুই-শুইয়েই হ’লেও যে ছোৱালীজনীৰ ৰখীয়া হৈ দিছে দেহি! নহলেনো পেন্দুকণা ছোৱালীটিক অকলে শুৱাই থৈ আহোঁনো কি সতে! ? মনৰ ভিতৰতে নিজেও অনুভৱ কৰোঁ সম্পৰ্কৰ মাজত থকা দায়িত্ববোধৰ লগতে আপোনত্ববোৰ৷
কিন্তুু ইমানবোৰ ভাললগা কাৰণ থকা স্বত্বেও কিছু তিক্ত দৃশ্যত এঙেৰুৱা হৈ উঠে মনটো পুৱাই৷ বিশেষকৈ ’ফুল-চোৰ’ বোৰ দেখি কোঁচ খাই যায় মুখখন আপোনা-আপুনি৷ প্ৰায় প্ৰতিদিনে দেখা পোৱা কেইগৰাকীমান লোকে (বিশেষকৈ মহিলাই) দীঘল একোডাল মাৰিৰ সহায়ত হাতত নাইবা শাৰী/চাদৰৰ আঁচলৰ তলত লুকুৱাই অনা পলিথিনৰ পেকেটবোৰ আনৰ বাৰীৰ ফুলেৰে যেতিয়া ভৰাই তোলে তেতিয়া মোৰ মনটোও ভৰি উঠে সীমাহীন তিক্ততাৰে! চুৰ কৰি যোগাৰ কৰা পুষ্প-অৰ্ঘ্যৰ জানো প্ৰয়োজন আছে সেইজনাক সন্তুষ্ট কৰিবলৈ, যিজনাক পূজিবলৈ পৱিত্ৰ এখন হৃদয়ৰ বাবে আন একোৰেই প্ৰয়োজন নাই!
যি কি নহওক, বহুত ভাললগাবোৰ বুকুত সাঁচি আৰু অলপ বেয়ালগাবোৰ মনত ৰাখি আপুনিও গঢ়ি তোলকচোন এই অভ্যাসটো৷ চিকিৎসকৰ পৰামৰ্শ লাভৰ আগতেই কৰক আৰম্ভ৷ দেখিব অকালতে সংগ দিবলৈ অহা বহুকেইটা বেমাৰে পলাই ফাট মাৰিবলৈ বাধ্য হ’ব৷ তাৰ সলনি আপোনাৰ সংগী হ’বহি দিনটোৰ ব্যস্ততাৰ পাছতো মোলান নপৰা এটি দেহ আৰু প্ৰফুল্ল এটি মন৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments