প্ৰয়োজন (মৃণাল কুমাৰ বৰা)

প্ৰয়োজন

মৃণাল কুমাৰ বৰা


হাতত সাৰে ভৰিত সাৰে আগুৱাই গ’লোঁ। সাৰ-সুৰ নাই কাৰো। গাড়ী এখন পাৰ হৈ গ’ল। অলপ সময়ৰ বাবে থমকি ৰলোঁ। নাই, কাৰো নিদ্ৰা ভংগ কৰিব নোৱাৰে আজিকালি ইঞ্জিনৰ শব্দই। অন্ততঃ পদপথ(ফুটপাথ)ৰ বাসিন্দা কেইজনকতো নোৱাৰেই। বুঢ়া শুই আছে ফটা কাপোৰখন মেৰিয়াই। মুখখন ওচৰৰপৰা চাই নিশ্চিত হৈ ল’লোঁ। শান্তিৰে শুই আছে। কালিলৈৰপৰা মোৰ উপাৰ্জন তেন্তে অলপ হ’লেও বাঢ়িব। বুঢ়াই দিনত বহা ঠাইকণত উপাৰ্জন বেছি। নাই বুলিও দহ টকা মান হ’লেও বেছি হ’ব। হাতত লৈ অহা প্ৰকাণ্ড শিলটো এৰি দিলোঁ বুঢ়াৰ মুখলৈ বুলি। কোনো সাৰসুৰ নাই। এতিয়াও পৃথিৱী নিশ্চিতভাৱে নিদ্ৰাৰত।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক