“ৰাষ্ট্ৰৰ সেৱক” মূল: প্ৰেমচন্দৰ “ৰাষ্ট্ৰ কা সেৱক” (-অনুবাদ: মিতালী বৰ্মন)

 

নেতাগৰাকীয়ে ক’লে-” দেশৰ মুক্তিৰ মাথোঁ এটা উপায় আছে আৰু সেয়া হ’ল নীচজাতিৰ লোকসকলৰ লগত ভাতৃত্বসুলভ ব্যৱহাৰ কৰা, নিৰ্যাতিতসকলৰ প্ৰতি সমভাব প্ৰদৰ্শন কৰা৷ এই পৃথিৱীত সকলোৱে ভাই ভাই, কোনো উচ্চ-নীচ নাই৷”

মানুহবোৰে জয়ধ্বনি দিলে-“ইমান বিশাল দৃষ্টি, ইমান অনুভূতিশীল হৃদয়!”
তেওঁৰ সুন্দৰী কন্যা ইন্দিৰাই এইবোৰ শুনি ভাবনাৰ সাগৰত বুৰ গ’ল৷

 

নেতাগৰাকীয়ে নীচ জাতিৰ যুৱকক আলিঙ্গন কৰিলে৷

মানুহবোৰে গুণাগঠা কৰিলে-“এওঁ নিশ্চয়কৈ কোনো দেৱদূত, পায়গম্বৰ, ৰাষ্ট্ৰৰ গুৰি-বথা ধৰোঁতা৷”

 

এয়া দেখি ইন্দিৰাৰ মুখখন উজলি উঠিল৷

ৰাষ্ট্ৰৰ সেৱক

নেতাগৰাকীয়ে নীচ জাতিৰ যুৱকক মন্দিৰলৈ লৈ গৈ বিগ্ৰহৰ দৰ্শন কৰালে আৰু ক’লে-“অভাবতো আমাৰ ঈশ্বৰ আছে, দুৰ্দশাতো আছে, অৱসাদানুভবতো আছে৷”

মানুহবোৰে গুণগুণালে-“ইমান পবিত্ৰ মনৰ মানুহ! ইমান জ্ঞানী!”

 

এইবোৰ দেখি ইন্দিৰাই মিচিকিয়াই হাঁহিলে৷

 

ইন্দিৰাই নেতাগৰাকীৰ ওচৰলৈ গৈ ক’লে-“শ্ৰদ্ধাৰ পিতাদেউ, মই মোহনৰ সৈতে বিয়া হ’বলৈ বিচাৰোঁ৷”

নেতাগৰাকীয়ে জীয়েকলৈ মৰমসনা চাৱনিৰে চাই সুধিলে-“কোন মোহন?”

ইন্দিৰাই বৰ উছাহেৰে ক’লে-“মোহন সেই যুৱকজনেই যাক আপুনি আলিঙ্গন কৰিছিল, যাক আপুনি মন্দিৰলৈ লৈ গৈছিল; যি সত্যবাদী, সৎ আৰু সাহসী৷”

 

নেতাই অগ্নিশৰ্মা হৈ তাইলৈ চাই আনফালে মুখখন ঘূৰালে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments