প্ৰেম মানেইতো হিয়াৰ এপাহি সুগন্ধি ফুল !! (অঞ্জল বৰা)

প্ৰেম মানেইতো হিয়াৰ এপাহি সুগন্ধি ফুল !!

অঞ্জল বৰা


জীৱনৰ যাত্ৰাপথত গৈ থাকোঁতে অকস্মাত কাৰোবাৰ বাবে দুভৰি থমকি ৰয়, ক্ষণিক সময়ৰ বাবে বুকুৰ কোনোবাখিনিত উশাহ বন্ধ হৈ গভীৰ ব্যাকুলতাৰে নিশ্বাসত ওলাই যায় তপ্ত হুমুনিয়াহ আৰু বহু সময়লৈ মনৰ মাজত খোদিত হৈ ৰৈ যায় এখন ছবি৷ সেইয়াই নেকি প্ৰেম? ভালপোৱা? তেন্তে মই প্ৰতি পল-অনুপল কাৰোবাৰ প্ৰেমত পৰিছোঁ, বহু হাজাৰবাৰ থমকি ৰৈছে মোৰ দুভৰি, দুচকু মুদি নিশ্বাসত এৰি দিছোঁ তপ্ত হুমুনিয়াহ আৰু ক্ষণিক সময়ৰ বাবে হ’লেও বুকুত খোদিত কৰিছো এখন ছবি……৷ এক কথাত প্ৰতি পল-অনুপল ভালপোৱাৰ এখন ছবি বুকুত বান্ধিয়েই মই প্ৰতিদিন যাত্ৰা আৰম্ভ কৰোঁ আৰু যাত্ৰাৰ শেষত সেই ভালপোৱাৰ বুকুতেই গভীৰ শান্তিৰে টোপনি যাওঁ৷ কাৰণ মোৰ বাবে প্ৰেম মানে বিবাহ নহয়, প্ৰেম মানে প্ৰাপ্তি নহয়৷ প্ৰেম জীয়াই থকাৰ এটা কলা৷ নিজকে মানুহ কৰি ৰখাৰ এক অন্তৰ্নিহিত শক্তি৷ এক প্ৰেৰণাৰ উৎস৷ পোহৰৰ উৎস৷ প্ৰেমতো থাকে দুখ আৰু বিষাদৰ মালিতা৷ প্ৰেমতো থাকে ভৱিষ্যত আৰু নিৰাপত্তা৷ প্ৰেমতো থাকে আস্থা আৰু বিশ্বাসৰ এখন ভাঙিব নোৱাৰা প্ৰাচীৰ৷ প্ৰেম মানেই আৱেগ, প্ৰেম মানেই কল্পনা, প্ৰেম মানেই সপোন, প্ৰেম মানেই হৈছে এটা এৰাব নোৱাৰা দায়িত্ববোধ৷ দুখ-বিষাদৰ মালিতাৰে আৰম্ভ হৈ ভৱিষ্যত আৰু নিৰাপত্তাৰ প্ৰশ্নৰে, আস্থা আৰু বিশ্বাসৰ যুগলবন্দীৰে প্ৰেম হৈ উঠে মহীয়ান৷ আৱেগৰ আকুলতাৰে কল্পনাৰ ডেউকাত উঠি সপোনপুৰীত ভ্ৰমণ কৰিলেও আচলতে প্ৰেমে আমাক সোঁৱৰাই দিয়ে গভীৰ দায়িত্ববোধ৷ ‘আৰ্ট গেলাৰী’ত শাৰী শাৰী কেনভাছত অনেক ৰং-বিৰঙৰ ছবিয়ে আমাৰেই জীৱনটো উজ্বলাই তোলাৰ দৰে, মানুহৰ জীৱনতো প্ৰেমে বিভিন্ন ৰঙেৰে জীৱনটো উজ্বলাই তোলে৷ শিল্পীৰ তুলিকাই কেনভাছত বিভিন্ন ৰঙৰ সমাৱেশেৰে জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন, আশা-নিৰাশা ফুটাই তোলাৰ দৰেই প্ৰকৃত প্ৰেমে জীৱনৰ প্ৰতিটো মুহূৰ্তকে আমাক সোঁৱৰাই দিয়ে৷প্ৰেমৰ বাবে কোনো প্ৰথম দৃষ্টিৰ প্ৰয়োজন নাই৷ প্ৰেমৰ বাবে প্ৰয়োজন মাথো সুক্ষ্ম দৃষ্টিৰ৷ প্ৰেম জীৱনৰ এটা মধুৰতম মুহূৰ্ত্ত হ’ব পাৰে কিন্তু প্ৰেম মানেই জীৱন নহয়৷ প্ৰেম জীয়াই থকাৰ উশাহ নহয়, প্ৰেম এক প্ৰেৰণা, প্ৰেম এক বিশ্বাস, প্ৰেম এক জীৱনবোধ৷ প্ৰেমত আৱেগ থাকিব পাৰে, সপোন থাকিব পাৰে কিন্তু প্ৰকৃত প্ৰেমত আৱেগ আৰু সপোনাৰ উৰ্দ্ধত থাকে গভীৰ বিশ্বাস আৰু শ্ৰদ্ধা৷

**স্নেপশ্ব’ট-১

প্ৰেমতো থাকে দুখ আৰু বিষাদৰ মালিতা৷

:: অম্লান আৰু লিপিকা একেখন স্কুলতে পঢ়ে৷ আন বন্ধু-বান্ধবীৰ দৰেই সিহঁতেও কথা পাতে৷ কিন্তু দুয়োটাই কম কথা কয়৷ এইটোৱেই নেকি সিঁহতৰ মিল? লগৰবিলাকে জোকাবলৈ আৰম্ভ কৰিলে “ঐ তহঁত দুটা ভাল মিলিবি দেই, দুয়োটাই কম কথা কৱ’৷” লাহে লাহে চকুত চকু পৰিলে লিপিকাৰ লাজ লগা হ’ল৷ অম্লানৰো দূৰৰ পৰা লিপিকালৈ মনে মনে চাই ভাল লগা হ’ল৷ লাহে লাহে লিপিকাক এবাৰ চাবলৈ তাৰ মন ব্যাকুল হৈ পৰিবলৈ ধৰিলে৷ তাৰ মনত নানাৰঙী সপোনে পাখি মেলিলে৷ এনেকৈয়ে তাৰ সপোনটো মনৰ মাজত ৰাখিয়েই দিনবোৰ গৈ থাকিল৷ স্কুলীয়া জীৱন শেষ হোৱাৰ পিছতো মনত সপোনটো লৈয়ে সি লিপিকাৰ ঘৰলৈ যায়৷ বিহু খায়৷ কথা পাতে৷ কিন্তু সেইদিনা লিপিকাই নিজ মুখেৰেই তাইৰ প্ৰেমৰ কথা অম্লানক ক’লে “আমাৰ প্ৰেমৰ কথা ঘৰত গম পাইছে জানা৷ দেউতাই মোক ঘৰৰ পৰাই ওলাবলৈ দিয়া নাই৷ কিন্তু মই পংকজক এৰি কেতিয়াও থাকিব নোৱাৰোঁ..!!” ক্ৰমে ক্ৰমে উজ্বল হৈ থকা অম্লানৰ মুখখন “পংকজ” নামটোত ৰৈ গ’ল আৰু “তুমি কেইদিনমান ধৈৰ্য্য ধৰা, সময়ত সকলো ঠিক হৈ যাব” বুলি কৈ নিজৰ সপোনটো বুকুৰ কোনোবা এটা কোঠালীতে বন্দী কৰি চিৰদিনৰ বাবে লিপিকাক পংকজৰ হাতত এৰি দি আঁতৰি আহিল৷ আজি সি নাজানে লিপিকাৰ কি হ’ল? সিঁহতৰ বিয়া হ’লনে নাই৷ কিন্তু লিপিকা নামটো মনৰ মাজত খোদিত হৈ ৰ’ল৷ ভালপোৱাৰ এটা মিঠা অনুভৱ হিচাপে৷

**স্নেপশ্ব’ট-২

প্ৰেমতো থাকে ভৱিষ্যত আৰু নিৰাপত্তা৷

::কলেজত নামভৰ্তি কৰিলেও ব্যক্তিগত অসুবিধাৰ বাবে ৰাজীৱ বহু দিনলৈকে কলেজলৈ অহা নাছিল৷ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ প্ৰায় দহ দিনমানৰ পিছতহে সি মেজৰ ক্লাছত সোমাল৷ সিপিনে তিনিদিনৰ পিছতে ক্লাছ পৰীক্ষা৷ কথাগীতাৰ দ্বিতীয় অধ্যায়ৰ এটা প্ৰশ্ন৷ পৰীক্ষাটো দিবই লাগিব৷ গতিকে সি ঘৰতে পঢ়ি পৰীক্ষাত বহিল৷ পৰীক্ষাৰ বহী ঘূৰাই দিলে আৰু অধ্যাপকে তাৰ নাম কাঢ়ি মাতি নিজেই চিনাকি হ’ল৷ কাৰণ সি সকলোতকৈ বেছি নম্বৰ পাইছে৷ এইয়াই আৰম্ভণি৷ ৰাজীৱৰ লগত চিনাকি হ’বলৈ সকলো আগবাঢ়ি আহিল৷ বহু বন্ধুৰ ভিতৰত হেমন্তৰ লগত তাৰ ভাল বন্ধুত্ব হ’ল৷ সেইদৰে নিৰ্মালি, অনিতা সকলো বান্ধৱীয়েই তাক আদৰি ল’লে৷ অনিতাই কলেজৰে জেষ্ঠ ছাত্ৰ এজনক ভাল পাই৷ সেইকথা সকলোৱে জানে৷ কিন্তু সেই প্ৰেম বেছি দিন স্থায়ী নহ’ল৷ ইয়াৰ পিছত অনিতা লাহে লাহে ৰাজীৱৰ বন্ধু হেমন্তৰ প্ৰেমত পৰিল৷ তাৰ বাবে তাই ৰাজীৱক খাতিৰ কৰিলে৷ কিন্তু হেমন্তই সেই প্ৰেম অস্বীকাৰ কৰি অনিতালৈ বেয়াকৈ লিখি পঠিয়ালে৷ ৰাজীৱ ল’ৰাটো আছিল কিছু সংবেদনশীল৷ সি অনিতাৰ মনটো ভাঙি নোযোৱাকৈ কিছু বুজনি দি নিজৰ বন্ধুত্বৰ দায়িত্ব পালন কৰিলে৷ তাৰপিছ্ত অনিতাই বুজি উঠিল… কিন্তু বুজি উঠিল যে হেমন্তৰ দৰে ল’ৰা এটাক ভাল পোৱাতকৈ ৰাজীৱ বেছি ভাল ল’ৰা৷ তাই ৰাজীৱৰ প্ৰেমত পৰিল৷ আকাৰে-ইঙ্গিতে তাই ৰাজীৱক প্ৰেম নিবেদন কৰিলে৷ সেই প্ৰেমত সত্যতা আছেনে নাই ৰাজীৱে নাজানে কিন্তু সেই চকুত থকা ব্যাকুলতাত কিছু সত্যতা আছে৷ কিন্তু সেই সত্যতাই প্ৰেম নহয়৷ প্ৰেমত থাকিব লাগিব দৃঢ়তা আৰু একাগ্ৰতা৷ যি প্ৰেমত বিশ্বাস, দৃঢ়তা আৰু একাগ্ৰতা নাই সেই প্ৰেমৰ কোনো ভৱিষ্যত আৰু নিৰাপত্তা নাই৷ ৰাজীৱে বহু প্ৰতিকূল পৰিৱেশৰ পিছতো ভৱিষ্যত আৰু নিৰাপত্তাৰ খাতিৰত অনিতাৰ ভালপোৱাক উপেক্ষা কৰি আঁতৰি আহিল৷ আজি ৰাজীৱে নাজানে অনিতাৰ কি হ’ল? ক’ত আছে? কোনো দিনে সি পিছলৈ চোৱা নাই৷ খবৰ লোৱা নাই তাৰ বাবে থকা অনিতাৰ ভালপোৱাৰ৷

**স্নেপশ্ব’ট-৩

প্ৰেমতো থাকে আস্থা আৰু বিশ্বাসৰ এখন ভাঙিব নোৱাৰা প্ৰাচীৰ৷::

“ঐ বান্দৰ, আমাৰ হোষ্টেলত এজনী ছোৱালী আছে তোৰ লগত মিলিব৷ আমাৰ ডিপাৰ্টমেণ্টৰে৷ কালিলৈ চিনাকি কৰি দিম দেই৷” পৰীৰ কথা এইষাৰ৷ পৰী, শৰৎ, জীনা সকলোৰে লগতে অৰুণেও একেখন কলেজৰ পৰাই আহি বিশ্ববিদ্যালয়্ত নাম লগাইছে৷ গতিকে সিহঁতৰ মাজত বন্ধুত্ব পুৰণি৷ পুৰণি এঠাৰ দৰে সিহঁত একেলগে থাকে৷ কিন্তু এমাহমান যোৱাৰ পিছতে পৰীৰ মুখত “তোৰ লগত মিলিব” বুলি কোনোবা ছোৱালীৰ কথা শুনি অৰুণ থমকি ৰ’ল৷ যোৱা তিনিবছৰ ধৰি পৰী আৰু অৰুণৰ মাজত ভাল বন্ধুত্ব আছে৷ পৰীয়েও অৰুণৰ সকলো পছন্দ-অপছন্দ, আৱেগ-অনুভৱ বুজি পায়৷ সেয়ে পৰীৰ কথাষাৰ উলাই নকৰি “ঠিক আছে বাৰু, কালিলৈ দেখুৱাই দিবি” বুলি কৈ অৰুণ নিজৰ হোষ্টেললৈ আগবাঢ়িল৷ কিন্তু মনৰ মাজত কথাষাৰ পাক-ঘূৰণি খাই থাকিল “তোৰ লগত মিলিব !” দ্বিতীয় দিনাৰ প্ৰথম চিনাকীতে অৰুণৰ মনৰ মাজত ক’ব নোৱাৰাকৈয়ে সেই ছোৱালীজনীৰ কথাই এখন ছবি আঁকি গ’ল৷ প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ কটনৰ পৰা আহিছে৷ নাম অনামিকা৷ অমায়িক, চোকা, নম্ৰ এজনী ছোৱালী৷ সেইদিনাই অৰুণে অনুভৱ কৰিছিল “প্ৰেমৰ বাবে কোনো প্ৰথম দৃষ্টিৰ প্ৰয়োজন নাই৷ প্ৰেমৰ বাবে প্ৰয়োজন মাথো সুক্ষ্ম দৃষ্টিৰ৷”  প্ৰথম সুক্ষ্ম দৃষ্টিতে ধৰা পৰিছিল তাৰ জীৱনটো প্ৰেম আৰু ভালপোৱাৰে আৱৰি ৰাখিবলৈ ইমান দিনে যেন তাইৰ বাবেই সি ৰৈ আছিল৷ লাহে লাহে সিয়ো মন কৰিছিল পৰীৰ কথাষাৰ “তোৰ লগত মিলিব৷” লাহে লাহে সিহঁতৰ বন্ধুত্ব দৃঢ় হৈ পৰিল৷ মনৰ সকলো কথা আলোচনা কৰিব পৰাকৈ সিহঁতে ইজনে সিজনক বিশ্বাস কৰিব পৰা হ’ল৷ বিশ্বাসে সিহঁতৰ মনত আস্থাৰ জন্ম দিলে৷

এদিন সিহঁতে জীৱনৰ বাবে একেলগে থকাৰ সিদ্ধান্ত কৰিলে৷ কিন্তু পৰীয়ে কোৱা সেই মিল কি আছিল আজিও অৰুণে ভাবি উলিয়াব পৰা নাই৷ জীৱন শৈলী, জীৱনবোধ সম্পৰ্কে দুয়োটাৰ মাজত প্ৰায়ে তৰ্ক লাগে৷ কিন্তু তাৰপিছতো সিহঁতে ঘণ্টা ঘণ্টা ধৰি জীৱনৰেই কথা পাতে৷ অনেক সমস্যাই সিহঁতক জুৰুলা কৰে৷ অথচ ঘ্ণ্টা ঘণ্টা ধৰি সিহঁতে ইটোৱে সিটোৰ সমস্যাৰ কথাই আলোচনা কৰে৷ কেতিয়াবা খঙত ইটোৱে সিটোক গালি পাৰে৷ কিন্তু ঘণ্টা ঘণ্টা ধৰি গালিৰ কাৰণবোৰকে আলোচনা কৰে৷ চাকৰি, সংস্থাপনৰ বাবে বহু সিদ্ধান্ততে আউল লাগে৷ কিন্তু বছৰ বছৰ ধৰি সেই আউল ভাঙিবৰ বাবেই অপেক্ষা কৰে৷ হয় এতিয়া লাহে লাহে অৰুণে বুজি উঠিছে… দুজন মানুহৰ মাজত কেতিয়াও মিল থাকিব নোৱাৰে৷ দুটা ভিন্ন পৰিৱেশত, দুখন ভিন্ন ঘৰত জন্ম লোৱা দুজন মানুহৰ মনৰ কেনেকৈ মিল থাকিব পাৰে? কিন্তু হাজাৰ অমিলৰ পিছত যি মিলে দুজন মানুহক এক কৰি ৰাখে, সেই মিলেই হৈছে “প্ৰেম”৷ এই প্ৰেমেই সিহঁতৰ সমন্ধক এতিয়া ভাঙিব নোৱাৰা প্ৰাচীৰৰ দৰে দৃঢ় কৰি ৰাখিছে।

এনে বহু ঘটনাৰ সাক্ষী হৈ ৰয় সময়৷ এনে বহু প্ৰেমৰ ভিন্ন ৰূপে জীপাল কৰি ৰাখে মানুহৰ মন৷ অম্লান, লিপিকা, ৰাজীৱ, হেমন্ত, অনিতা, অৰুণ, অনামিকা এই সকলো চৰিত্ৰই আমাৰ সকলোৰে মাজতেই সোমাই আছে৷ প্ৰেমৰ যিয়েই ৰূপ নাথাকক প্ৰেম স্বৰ্গীয় এক অনুভূতি ৷ প্ৰেম মানেইতো হিয়াৰ এপাহি সুগন্ধি ফুল৷ যাৰ সুৱাসে নিজৰ লগতে আনৰ জীৱনকো সুগন্ধিত কৰি তোলে৷  প্ৰেমৰ কোনো সীমা নাই৷ প্ৰেমৰ কোনো বয়স নাই৷ প্ৰেম এক যাযাবৰী পক্ষী৷ প্ৰতি মুহূৰ্ত্ততে ই হৃদয়ত আঁকি যায় একোখন ন ন ছবি৷ কাৰণ-

‘প্ৰেমৰ কথাতো আৰু আনক ক’ব নোৱাৰি, নিশ্বাসৰ দৰে নিঃশব্দে ই যেন বিছাৰি ফুৰে ক্ৰমে শব্দ, বৰ্ণ আৰু পোহৰৰ উৎস।’ (হীৰুদা)

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক