প্ৰেম ??? (প্ৰদ্যুৎ জ্যোতি শইকীয়া)

প্ৰেম ???


প্ৰদ্যুৎ জ্যোতি শইকীয়া


 

প্ৰেমে বয়স নামানে….

প্ৰথম প্ৰেম কেতিয়া হৈছিল ক’ৱ নোৱাৰোঁ। চিলেটত হৃদয়াকৃতিৰ আঁহত পাত অঁকাৰ বয়স তেতিয়া। এডাল দীঘল পেঞ্চিল আৰু আম-জামুক-বগৰী দুটামান পালেই বিশ্ব জয় কৰাৰ দৰে আনন্দ পোৱাৰ দিন আছিল সেইয়া। দ্বিতীয় নে তৄতীয় শ্ৰেণীত থকাৰ সময়তেই এজনী ছোৱালীক দেখিলেই স্কুলৰ মোনাত থকা সকলো পেঞ্চিল, আম, শিলিখা সকলো উৎসৰ্গা কৰি দিবৰ মন গৈছিল। তাইৰ ঘৰ আমাৰ ঘৰৰ কাষতেই। সদায় তাই অহালৈ বাট চাই থাকোঁ স্কুলত। কিবা এটা দিম দিম বুলি সদায় হেঁপাহ। পিছে সুযোগহে অহা নাছিল। এনেকৈয়ে চতুৰ্থ শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ দিন পালেহি। ইফালে নিজৰেই বৰদেউতা স্কুলৰ হেড মাষ্টৰ। নাই ,এনেকৈ থাকিলে আৰু নহ’ব। সদায় আৰু পিছুৱাব নোৱাৰি। এদিন মৰ-সাহ কৰিলোঁ। বোলো তোমাৰ লগত মোৰ এটা কথা আছে। একো নোকোৱাকৈ নৰা বগৰী দুটামান তাইলৈ আগবঢ়াই দিলোঁ। তাই মোলৈ থৰ লাগি চাই থাকিল। বগৰীকেইটা ল’লে। পিছে আমাৰ খটাসুৰ বাহিনীৰ আগত কথাষাৰ পৰি ইকানে সিকানে গৈ বৰদেউতাৰ কানত পৰিলগৈ। বোলে সি ছোৱালীক বস্তু দিলে। ৰাম ৰাম। ক্লাছ চলি থকাৰ সময়তে পাছফালৰ পৰা আহি কপৌচেলোৱা এটা দি দিলে। বহুত সময়লৈকে একো গমেই পোৱা নাছিলোঁ কিয় কপৌচেলোৱা এটা খালো। লগৰ কেইটাই ফিচিঙাফিচিঙি কৰি থাকোঁতেহে গম পালো। মানে মোৰ প্ৰেম কাহিনী(?) বৰদেউতাৰ আগত পৰিলগৈ। হেৰৌ বগৰী দুটামান দিওঁতেই ইমান জগৰনে? প্ৰাইমেৰী স্কুলৰ আধা কুমলীয়া প্ৰেম বৰদেউতা আৰু লগৰকেইটাৰ প্ৰকোপত তাতেই সামৰিলোঁ। ভাগ্য বৰদেউতাই ঘৰত কথাষাৰ নুশুনালে। পিছে তাইক দিয়া নৰা বগৰীটো বৰদেউতাৰ ঘৰৰ পৰাই চুৰ কৰি আনিছিলোঁ।

হাইস্কুলীয়া প্ৰেম…..প্ৰেমে নামানে জাতি কুল

আঁহত পাতৰ ঠাৰিডাল আঁতৰাই নেগুৰডাল অলপ চুটি কৰি দি ব্লেকবৰ্ডত হৃদয় আঁকিব পৰা হ’লো। হৃদয় আঁকিব পৰা হ’লো মানে তাৰ মাজত আমাৰ লগৰ এটা আৰু তেৰাৰ সিগৰাকীৰ নামৰ প্ৰথম এলফাবেট দুটা লিখি তাৰ মাজত যোগ চিন এডালো দিব জনা হ’লো। মানে এম ই স্কুল শেষ কৰি অষ্টম শ্ৰেণীলৈ প্ৰমোচন। হাইস্কুলীয়া জীৱন। ককা্দেউতাই কথাই কথাই মোক সোঁৱৰাই থাকে ” এইট , গুণ্ডা গেইট “। হয়ো হয়   । নামভৰ্তিৰ কেই দিনমানৰ পাছতেই মাৰপিট আৰম্ভ হ’লেই। তাতে ব্ৰুছ লীৰ চিনেমাৰ প্ৰভাৱ আছেই | তেনেকুৱা দিন এটাতে দেখা হ’ল চাপৰ চুটি অলপ মৰম লগা ফাতিমা হাজৰিকাৰ লগত। দেউতাক মুছলমান আৰু মাক কৈৱৰ্ত্ত। দেখিয়েই তেনেই অৱস্থা কাহিল। বোলো আল্লা আৰু ভগৱানে একেলগে সন্ধি কৰি বহুত সময় খৰচ কৰি “বনালে” যেন পাওঁ। লগৰ ভাস্কৰ আৰু পাৰ্থই জেক মৰা আৰম্ভ কৰিলেই। বোলে বেলেগে এন্ট্ৰী মাৰি দিব। যা সোনকালে। কাম ফেৰা কৰি পেলা | মৰো জীও নাভাবি লিখিলোঁ প্ৰেম পত্ৰ এখন। ভাস্কৰেই পত্ৰবাহক হ’ল। চিঠিখন ভাস্কৰক জমা দিয়েই ঘৰমুৱা হ’লো। পাছৰদিনা অসমীয়াৰ ব্যাকৰণৰ “টেষ্ট”।  গুলী মাৰা পৰীক্ষা। ইফালে জীৱনৰ “টেষ্ট” চলি আছে। টিক টিক টিক টিক। ফাতিমাই কালিলৈ বা কি কয়? ১৮ ঘণ্টা সময় কেনেকৈ পাৰ হ’ল ক’ৱ নোৱাৰিলোঁ। ৰাতিপুৱা প্ৰথম ক্লাছ অসমীয়াৰ। কেৰাহিকৈ ফাতিমালৈ চালো। নাই , একো চেঞ্জ নাই। ভাস্কৰে নিদিলে নেকি? ভাস্কৰলৈ চালো। নাই মোলৈ তাৰ চকুৱেই নাই। কাষতে থকা নিজৰ জনীৰ লগত ব্যস্ত। হুহ। পাবি মচলা ৰহ। তিনিডালমান বেত লৈ বৰঠাকুৰ ছাৰ ওলালহি। ভাস্কৰৰ পৰা অসমীয়া কিতাপখন লুটিয়ায়েই ছাৰ অলপ থমকিলে। ইফালে ছাৰক দেখি ভাস্কৰে মোলৈ বৰ কৰুণ ভাৱে চালে। মানে “অ’ বোপাই সাজু হ’। চিঠিখন তাতেই থৈছিলোঁ।” ছাৰে আদিৰ পৰা অন্তলৈকে গোটেইখন পঢ়িলে। তাৰ পাচত আমাৰ পাল। মানে মই , ভাস্কৰ আৰু ফাতিমা। বেচেৰী ফাতিমা। আধা ড়জন আমাৰ লগত এনেই ফ্ৰীকৈয়েই খালে। সেয়াই শেষ। বৰঠাকুৰ ছাৰৰ পূৰাপূৰি একডজন বেত্ৰাঘাতত জাহ গ’ল মোৰ প্ৰেমৰ ভূত। তাতেই শপত। “লাইফত ন’ প্ৰেম ত্ৰেম”। ফাতিমাৰ কথা নক’লোৱেই বা। দেখিলেই আজিও পলাওঁ।

প্ৰেম জনমে জনমে

বৰঠাকুৰ ছাৰৰ মাৰৰ প্ৰকোপত পাচৰ ৬ বছৰমান হৃদয়ত প্ৰেম ফুলাটো বাদেই পোখা মেলিবলৈও চান্স নাপালে। ইফালে জীৱনত প্ৰতিষ্ঠাৰ কাৰণে হোৱা নিগনি দৌৰখন আছেই। মেট্ৰিক পাছ কৰি গভ্ট বয়জত সোমালোঁ। ছোৱালী থাকিলেও হোষ্টেললৈ অহাৰ আগতে হোষ্টেলত কোনো বান্দৰালি নকৰোঁ বুলি মাৰ আগত তিনি শইত খাই আহিছোঁ। তাত দুবছৰ কটালোঁ। তাৰ পাচত ডিগ্ৰীত পাঁচ মাহমান কটাই প্ৰফেছনেল ক’ৰ্ছ এটাত নাম লগাইহে উশাহটো ভালকৈ ল’লো। যোৱা ছয়টা বছৰ কেনেকৈ গ’ল গমেই নাপালোঁ। প্ৰেম বহুত দূৰৰ বস্তু। পিছে নতুন ক্লাচত দেখিলো এগৰাকীক। ধুনীয়া ছোৱালী। আমাৰ হোষ্টেলীয়া ভাষাত ক’বলৈ গ’লে ” তামাম ধুনীয়া বে, মাল ..মাল”।নিজেই চিনাকি হ’লো। লাহে লাহে ঘনিষ্ঠতা বাঢ়িল। ম’বাইলৰ চিম এয়াৰচেলৰ পৰা ৰিলায়েন্স হ’ল। নাইট পেক সোমাল। ৰাতিবোৰ তেখেততে শেষ হ’ল আৰু ৰাতিও পুৱাব ধৰিলে তেখেততেই। হঠাতে এদিন প্ৰপ’জ কৰিলোঁ। একেআষাৰে “হা”।মানে য়েছ। পিছে মোৰহে মাৰ মুখখন আৰু বৰঠাকুৰ ছাৰৰ মাৰ কেইচাটলৈ মনত পৰিল। মা দুবাৰমান সপোনতো আহিল। ক’লে “হেৰৌ অকঁৰা ভূত , নাৰী চলনাময়ী”। সাতে পাঁচে বহুত ভাবিলোঁ। তেৰাৰ খানদানো আমাতকৈ ভাল। ওহোঁ , কেছটো গভীৰ হোৱাৰ আগতেই পাছ হুহঁকি দিয়াটো জ্ঞানী লোকৰ কাম। কথামতেই কাম। পিছে তেখেতে কথাষাৰ শুনিয়েই ফ্লেট হৈ গ’ল। বোলে প্ৰেমে বয়স নামানে, খানদানো নামানে, জাতি কূল নামানে। চিনেমাৰ টাইপৰ ডায়লগ এটাও পৰিল “আজীৱন মই তোমাৰ”। উৎসাহ পাই ময়ো সপোনৰ পৰা মাক দূৰলৈ ঠেলি দি দুৰ্দান্ত প্ৰেমিক হ’লো। বোলো মাও নাই, বৰঠাকুৰ ছাৰ আৰু বৰদেউতাও নাই। নিজৰ জীৱন নিজেই ৰজা। তেৰাৰ কাৰণে নিজৰ ভালপোৱা বস্তু কিছুমান ত্যাগ কৰিলোঁ। ডায়েৰীখনত ধূলিৰ চামনি বহিল। তাৰ পৰিৱৰ্ত্তে চিনেমাহলৰ চিটকেইটা সপ্তাহৰ মূৰত চাফা কৰা হ’লোঁ। কবিতাৰ বহীখন ঘৰত ড্ৰয়াৰত সুমোৱাই থ’লো আৰু গ্ৰিটিংছ কাৰ্ডত নুবুজা ইংলিছ কিছুমান বিচাৰি বিচাৰি লিখিব পৰা হ’লো। নাট্যগোষ্ঠী এটা খোলাৰ সপোনটো দুই কুইণ্টলমান শিল বান্ধি দি নিমাতীত ঘাটত বিসৰ্জন দিলোঁ, তাৰ পৰিৱৰ্ত্তে চাকৰি পোৱাৰ পাচত দুইজনে ক’ত ঘৰ সাজিম তাৰ সপোন দেখিলো। মুঠতে ৰমক জমক কাৰবাৰ। এনেকুৱা লাগিল যেন তেৰা থাকিলেই জীৱন ৰঙীন। তুমিতে ৰজনী তুমিতে পুৱা। চাৰি বছৰ অতিক্ৰ্মিলে। ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিলে। মাহেকৰ পাচতে চাকৰি হ’ল। পিছে দিঠকে সপোনবোৰ ক্লিন বল্ড কৰি তেৰাক ৬০০ কিঃমিঃ মানত দূৰত দিলেগৈ। যা হওক। ট্ৰেন্সফাৰ ল’ম এবছৰ পাছত। কিন্তু লাহে লাহে ফ’ন কমিল। নাই্ট পেক নাইকিয়া হ’ল। ব্যস্ততা বাঢ়িল। তেখেতক আগৰ উজাগৰী নিশাৰ ঠাইত নিদ্ৰা দেৱীয়ে আমনি কৰিব ধৰিলে। ম’বাইল দুটা হ’ল। যা হওক কথা দি ৰাখিছে মোৰ লগত “আজীৱন মই তোমাৰেই। তোমাক নাপালে মৰি যাম সোন”। প্ৰথম মাহৰ দৰমহাৰে বাৰ্থডে গিফট দিবলৈ গ’লো তেখেতৰ ওচৰলৈ। গৈয়েই অবাক। তেৰাক উদ্ধাৰ কৰিলোগৈ মোৰেই ৰুমমেটৰ দুবাহুৰ মাজত। সমীকৰণটো একেবাৰেই সহজ সৰল। একে ঠাইতেই পোষ্টিং। সেই গতিকে। ভাবী শ্ৰীমতীলৈ কিনা আঙুঠিটো মহাবাহুত বিসৰ্জন দিওঁতে তেৰাৰ কথা এষাৰ মনত পৰিল “আজীৱন মই তোমাৰেই, তোমাক নাপালে মৰি যাম।” হয়তো ঠিকেই কৈছিল। মইহে লুকাই থকা অৰ্থটো ধৰিব নোৱাৰিলোঁ। “তোমাক নাপালে মৰি যাম, তোমাতকৈ ভাল এটা পালে গুচি যাম”। হাঁহি উঠিল নে কান্দোন ওলাল ধৰিব নোৱাৰিলোঁ। দুদিন মান পাচত তেখেতৰ ৰিলায়েন্স নাম্বাৰ চুইচ অফ হ’ল। তাৰ পাচত নট ৰিচেবল হ’ল | লাহে লাহে সকলোবোৰ শেষ। ইয়াকে কয় বোলে “নাৰী ছলনাময়ী”। পিছে এতিয়াও ৰঙীন পানীয়ৰ আবেশত ৰিলায়েন্স নাম্বাৰ এটা ডায়েল কৰি চাওঁ। কিজানি কিবা এষাৰ শুনোঁৱেই | নাইন…এইট…চিক্স…ডাব’ল ফ’ৰ…ফাইভ..নাই্ন…… । পিচে সিফালৰ পৰা উত্তৰ আহে ” দিজ নাম্বাৰ ইজ ডাজ ন’ট এক্সিছট.. প্লিজ চেক ডা নাম্বাৰ ..” । সেইষাৰেই শুনি ভাল লাগে আজিও। এতিয়াও ….

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments