প্ৰেম সকলোতকৈ ওপৰত (প্ৰতিম প্ৰতাপ বৰুৱা)

প্ৰেম সকলোতকৈ ওপৰত

প্ৰতিম প্ৰতাপ বৰুৱা

 

 

এবাৰ মথুৰাৰ গোৱৰ্ধন পৰ্বতৰ নামনিত কেইজনমান অতি সাধাৰণ মানুহৰ মাজত এটা আলোচনা হৈছিল – কোনটো মাৰ্গ শ্ৰেষ্ঠ? জ্ঞান-মাৰ্গ নে ভক্তি-মাৰ্গ? আলোচনা শেষ হোৱাৰ আগতেই মই মোৰ নিজৰ বাবে উত্তৰ পাই গ’লোঁ – ভক্তি-মাৰ্গ শ্ৰেষ্ঠ। মাত্ৰ আধ্যাত্মিক উৎকৰ্ষতাৰ বাবেই নহয়, জীৱনটো অৰ্থপূৰ্ণ ভাৱে কটাবলৈও ভক্তি-মাৰ্গেই শ্ৰেষ্ঠ। কাৰণ ভক্তি-মাৰ্গৰ আধাৰ হ’ল বিশ্বাস, প্ৰেম আৰু সমৰ্পণ।

প্ৰেমৰ বন্ধনত ভগৱানো বন্দী হয়। আনকি ভক্তৰ প্ৰেম-বন্ধনত বন্দী হৈ ভগৱানে কেতিয়াবা পাহৰিয়ে যায় যে তেওঁ ভগৱান। পৰম ব্ৰহ্ম কৃষ্ণই গোটেই জীৱন ভক্তৰ প্ৰেম-বন্ধনত বন্দী হৈ আছিল। যাক তেওঁ মাতৃ বুলি মানি লৈছিল সেই যশোদাৰ হাতত তেওঁ মাৰ খাবলৈও সাজু আছিল। মাতৃৰ পৰা মৰমৰ গালি কেইটা খাবলৈকে তেওঁ গকুল-নন্দগাঁৱত আন যিকোনো এজন দুষ্ট লৰাৰ দৰেই উৎপাত কৰি ফুৰিছিল। ইমানেই উৎপাত কৰিছিল যে খঙত যশোদাৰ কেতিয়াবা নিজৰে কান্দোঁ কান্দোঁ লাগি গৈছিল। ১১ বছৰ বয়সলৈকে কৃষ্ণ নন্দ-যশোদাৰ ঘৰত আছিল। এই ১১ বছৰ তেওঁ নন্দ-যশোদাৰ পুত্ৰ প্ৰেমত বন্দী হৈ আছিল।

জগতৰ ঈশ্বৰ কৃষ্ণই সমনীয়া গোপ বালকসকলৰ প্ৰেমত বন্দী হৈ তেওঁলোকৰ সৈতে ব্ৰজধামত গৰু চৰাই ফুৰিছিল। পুতনা, কেশী, অঘাসুৰ আদি দানৱক পৰাজিত কৰা সেই কৃষ্ণই খেলত সাধাৰণ গোপবালকসকলৰ হাতত হাৰি গৈছিল। ব্ৰজৰ গোপীসকলৰ প্ৰেম বন্ধনত বন্দী হৈ তেওঁ গোপীসকলৰ ঘৰত মাখন চুৰ কৰি খাইছিল। চুৰ কৰি ধৰা পৰি গোপীসকলৰ আদেশ মতে জগতৰ ঈশ্বৰে তেওঁলোকক বাঁহী বজাই শুনাইছিল।

ৰাধাৰ প্ৰতি কৃষ্ণৰ প্ৰেমৰ তুলনা নাই। কবিয়ে গাইছে –

“যাৰ ইচ্ছা নহ’লে এই জগতত গছৰ পাত এখিলাও লৰচৰ নহয়,
এই জগতৰ যি সৃষ্টি কৰ্তা
সেই কৃষ্ণক বৃন্দাবনত ৰাধাৰ ভৃত্য বুলি কোৱা হয়।“

এবাৰ কৃষ্ণই যমুনাৰ বালিত খেলি থাকোঁতে ৰাধাৰ ভৰিৰ খোজৰ চিন এটা পাইছিল। চিনটোত সেই সময়ত দুপৰীয়াৰ ৰ’দ পৰি আছিল। কৃষ্ণই নিজৰ গাটোৰে ৰাধাৰ ভৰিৰ খোজৰ সেই চিনটোত ছাঁ দি থিয় হৈ আছিল। এয়া প্ৰেম।

অৰ্জুনৰ বন্ধুত্বৰ প্ৰেম-বন্ধনত বন্দী হৈ কৃষ্ণই কুৰুক্ষেত্ৰৰ যুদ্ধৰ বহু আগৰে পৰাই অৰ্জুনৰ ৰথৰ সাৰথি হৈছিল।
কবিয়ে গাইছে –

“প্ৰেমৰ বশ হৈ অৰ্জুনৰ ৰথখন চলাই ফুৰোঁতে
তেওঁ নিজৰ ব্ৰহ্মত্ব পাহৰিয়ে থাকিল।“

দ্ৰৌপদীয়ে কৃষ্ণৰ সৈতে ভাতৃৰ সম্বন্ধ স্থাপন কৰিছিল। দ্ৰৌপদীৰ সেই ভাতৃ প্ৰেমৰ বন্ধনত বন্দী হৈ তেওঁ গোটেই জীৱন দ্ৰৌপদীক সকলো বিপদ পৰা ৰক্ষা কৰিছিল। দুৰ্বাসা, ভীষ্ম, ব্যাস প্ৰভৃতিয়ে কৃষ্ণক পুত্ৰৱৎ স্নেহ কৰিছিল।

কৃষ্ণৰ প্ৰতি এই ভক্তসকলৰ আৰু এই ভক্তসকলৰ প্ৰতি কৃষ্ণৰ প্ৰেম আৰু সমৰ্পনৰ তুলনা নাই।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments