প্ৰেমত ঘূৰিছে ভূ-মণ্ডল (উদ্দীপ তালুকদাৰ)

প্ৰেমত ঘূৰিছে ভূ-মণ্ডল

উদ্দীপ তালুকদাৰ

 

 

প্ৰেমত ঘূৰিছে ভূ-মণ্ডল – ১

ত্ৰিলোক কুমাৰ। উপাধি এটাও আছিল। নিলিখোঁ। মান-হানি কেছত ফচি যাব পাৰোঁ। ত্ৰিলোক কুমাৰৰ গজলীয়া বয়সৰ কথা। এদিন ৰাতিপুৱা ত্ৰিলোক কুমাৰে শালমইনা ভাঙি ভাঙি সন্মুখৰ বাৰণ্ডাত ব্ৰাছ কৰি আছিল। সন্মুখেৰে ৰাস্তাৰে যাওক শীলা আৰু মুন্নী, টিউছনলৈ। সেইটো এটা আকস্মিক পৰিঘটনা। পাছদিনাৰপৰা পৰিকল্পিত। পাছদিনাৰপৰা ত্ৰিলোক কুমাৰে আধাঘণ্টা আগতে উঠি আধাঘণ্টা বেছিকৈ দাঁত মাজিবলৈ আৰম্ভ কৰিলে। শীলা আৰু মুন্নীৰ বাবেও ত্ৰিলোক কুমাৰৰ ঘৰৰ আগখিনিত মাধ্যাকৰ্ষণ বাঢ়ি গ’ল। চকুকিটাও কিবা টেৰুৱা হৈ গ’ল। পৃথিৱীৰ ভূ-চম্বকীয় শক্তিৰ কিবা গোলমাল হ’ব কিজানি। কাৰণটো বেমাৰটো ত্ৰিলোক কুমাৰৰ গালৈকো সোঁচৰিল। এদিন শীলাই মুন্নীক ফিচিক্‌কৈ কিবা এটা ক’লেও! তাৰ পাছত আৰু কিছুদিনলৈ কাহিনী চলি থাকিল। চিনেমা হ’লে এটা গান সুমুৱাই দিব পাৰিলেহেঁতেন।

ইতিমধ্যে ত্ৰিলোক কুমাৰ আৰু বন্ধুবৰ আলোক প্ৰতাপৰ চাইকেলৰ চকা বহুত ঘূৰিল। ক’ত টিউচন, নাম-ধাম আদিবোৰ যোগাৰ হ’ল। এটা কথাতে লাগিল কেনা। ত্ৰিলোক কুমাৰে সিদ্ধান্ত ল’ব পৰা নাই। শীলাৰ যদি সোঁচকুটো ধুনীয়া, মুন্নীৰ বাওঁচকুটো। বাকী বৰ্ণনা বাদ দিলোঁ।

আলোক প্ৰতাপে দিহা দিলে। বোলো–এখন কাগজ ল। এফালে লিখ–শীলা, এফালে লিখ–মুন্নী। তাৰ পাছত কাৰ কি ভাল লাগে, কাৰ কি বেয়া লাগে, নম্বৰ দি দি লিখি যা। ভাল লগাৰ কাৰণে কাৰণে +২, বেয়া লগাৰ কাৰণে -১। যাৰেই স্ক’ৰ বেছি হ’ব, সেইজনীকে…। বহু জংক পংক কৰি কাট-কূট কৰি সাজন-ৰ গান শুনি শুনি অৱশেষত ডেৰ নম্বৰ বেছি পাই শীলা জিকিল। পাছদিনা ৰাতিপুৱা পাছে চব গণ্ডগোল। মুন্নীয়ে যিটোহে হাঁহি মাৰি দিলে, চিধাই নম্বৰ ৫.৫ বাঢ়ি গ’ল। আৰু পলম নকৰি ত্ৰিলোক কুমাৰেও চিঠিখনৰ নামটো ঠিক কৰি ছোৱালী হাইস্কুল পালেগৈ। স্কুলৰ আধা-ছুটীত বৰফ খাবলৈ ওলাই অহা মুন্নীক টিপতে চিঠি খন দি দিলে। ‘পাছত ক’ম’ বুলি ফিচিক্‌কৈ হাঁহি মাৰি মুন্নী নোহোৱা হৈ গ’ল।

ইফালে ত্ৰিলোক কুমাৰৰ বুকু ঢিপলিং-ঢিপলিং। কোনোমতে ঘৰত সোমাই আছে। ‘মেৰা দিল ভি কিতনা পাগল হে’ শুনি শুনি মোটা-মুটি পাগলেই হৈ গ’ল। সন্ধিয়ালৈ আলোক প্ৰতাপ আহিল। মুখত বিশ্ববিজয়ী হাঁহি। ‘তোৰ কাম কৰি দিলো যা। কাইলৈ উত্তৰ পাবি! পাৰ্টি দিব লাগিব কিন্তু!’ ‘মানে?’ ‘মানে মই তোৰ আপীটোক তোৰ কাৰণে প্ৰপ’জ মাৰি দিলো!’ ‘কোন আপী?’ ‘কিয়, শীলা….’

সেই ৰাতি ত্ৰিলোক কুমাৰৰ বুকু ইমান ধৰফৰাবলৈ লাগিল যে ৰাতি বাৰটা বজাত হস্পিটেললৈ নিব লগীয়া হ’ল!

 

প্ৰেমত উলটিছে ভূমণ্ডলঃ ২

এইটো কাহিনী আমাক ত্ৰিলোক কুমাৰে নিজেই কৈছিল। ত্ৰিলোক কুমাৰ তেতিয়া উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ। দুই শ্ৰেণী তলত পঢ়া ছোৱালী এজনী ভাল লাগি আছে। কেনেকৈ কথা পতা যায় তাৰে ধান্দাত আছে। স্কুলত উপায় নাই, কাৰণ ছোৱালীজনীৰ দেউতাকে ত্ৰিলোক কুমাৰহঁতৰ ক্লাছত ইংৰাজী পঢ়ায়। কেনেবাকৈ ‘কল ফৰৱাৰ্ড’ হৈ গ’লে পিঠি বহল হৈ যাব। তাতকৈ ভয়ৰ কথা হ’লঃ যদি ‘লাভ লেটাৰ’ খন আকৌ ছাৰে অভিধান, ব্যাকৰণ চাই শুদ্ধকৈ লিখিবলৈ দিয়ে!

দিন বাগৰিছে। এদিন সুযোগ আহিল। ত্ৰিলোক কুমাৰ কিবা কিনিবলৈ দোকানলৈ গৈছিল। অলপ পাছতে ছোৱালীজনী সোমাই আহিল। ত্ৰিলোক থৰ লাগিল। সি যিমান পাৰে লাহে লাহে ইটো চাওঁ, সিটো চাওঁ কৰি থাকিল। এপাকত ছোৱালীজনীৰ চকুৱে চকুৱে পৰিল। স্কুলত তো দেখিয়েই থাকে, তেনে ভাৱেৰে মিলিককৈ হাঁহি এটা মাৰি দিলে। ছোৱালীজনীয়ে তাৰ ফালে চাই হাঁহো-নাহাঁহো কৰোঁতেই ত্ৰিলোকৰ পিঠিত হাত দি কোনোবাই গৰগৰাই উঠিল, “অ’ই গৰু! পঢ়া-শুনা নকৰি এই সন্ধিয়া ক’ত ঘূৰি ফুৰিছ?” উভতি চাই দেখে ইংৰাজীৰ মাষ্টৰ। মানে ছোৱালীৰ বাপেক। চব মাটি হৈ হ’ল।

শেষটো ত্ৰিলোকৰ ভাষ্যতে শুনকঃ “তাইৰ পাছে পাছে সোমাই অহা বাপেকক মই দেখাই নাছিলো অ। মানুহে এনেয়ে নকয়ঃ লাভ ইজ ব্লাইণ্ড!”

 

প্ৰেমত উলটিছে ভূমণ্ডল-৩

ত্ৰিলোক কুমাৰে যে সদায় গণ্ডগোল লগায়েই আছিল, এনে নহয়। পাঁচ নম্বৰবাৰত মোটামুটি লাইন ক্লিয়েৰ হৈ আহিছিল। জলেবী বাই-ৰ লগত কলেজ কেণ্টিনত এখন ৰাউণ্ড টেবুল কনফাৰেন্সো কৰিছিল। ৰাউণ্ড-টেবুল কনফাৰেন্স মোটা-মুটি সফলেই বুলিব লাগিব। যদিও জলেবী বায়ে চিধাই ‘য়েছ’ বুলি কোৱা নাছিল, তথাপি ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সৰ তাৰিখ থিৰাং হৈছিল। চব ঠিকেই গৈ আছিল। দুই নম্বৰ ৰাউণ্ড টেবুল কনফাৰেন্স সমাধা হ’লে কিজানি ত্ৰিলোক-কুমাৰ-২ আৰু জলেবী-বাই-২-ৰ ছবি ফেচবুকত আপলোড হোৱা দেখাও পালোহেঁতেন! কিন্তু…. সবাৰো ওপৰ..

হোষ্টেললৈ আহিছিল ত্ৰিলোক কুমাৰৰ প্ৰাণৰ বন্ধু আলোক কুমাৰ। আলোক কুমাৰে আকৌ ঘৰৰপৰা স্বৰ্গীয় হাঁহ এটাও লৈ আহিছিল, পাখি-ছাখি নোহোৱাকৈ! সেইটো সোনকালে খণ্ড-বিখণ্ড হৈ তেল আৰু আলুৰে সৈতে হিটাৰৰ ওপৰৰ কেৰাহিত উঠি দিছিল। গতিকে সেই ৰাতিৰ খানাটো অলপ জব্দই হ’ল।

পাছদিনা আছিল ৰাউণ্ড-টেবুল কনফাৰেন্স-দ্বিতীয়। ত্ৰিলোক কুমাৰ ফাক মাৰি ওলাই আহিছিল প্ৰেক্টিকেল ক্লাছৰপৰা। আহি চিধাই হোষ্টেলত সোমাই ৰাতিপুৱা খুৰোৱা ডাঢ়িখিনিক আকৌ খুৰাই ঠগিত দিয়া কল হেন হৈ ওলাল। ইয়াৰ পাছত কেমেষ্ট্ৰিৰ ক্লাছটোৰ পাছতেই… ত্ৰিলোক কুমাৰৰ জীৱনৰ সেই ঐতিহাসিক ক্ষণ সমাগত হ’ব।

অৰ্গেনিক কেমেষ্ট্ৰীৰ ক্লাছটোতে প্ৰথমে কেচেককৈ খামোচ মাৰি ধৰা পেটৰ বিষ এটাই পেটৰ অৰ্গেনিক কেমেষ্ট্ৰীত আহিব ধৰা এটা বিষ্ফোৰক বিক্ৰিয়াৰ আগজাননী দিছিল। অৱশ্যে ত্ৰিলোক কুমাৰে সিমান পাত্তাই নিদিলে। ক্লাছ আগবাঢ়িল লেহেম গতিৰে। ত্ৰিলোক কুমাৰৰ কাণত পাছে অধ্যাপকৰ লেক্‌চাৰ ফিল্টাৰ হৈ সাজন চিনেমাৰ ‘জীয়ে তো জীয়ে কৈছে…’ হৈ সোমাইছিল। পিছে অলপ পাছতে গানৰ লগতে ত্ৰিলোকৰ পেটত নাদিম-শ্ৰাৱনৰ ঢোলকীয়ে সংগত কৰিবলৈ আৰম্ভ কৰিলে। কোনোমতে ত্ৰিলোক কুমাৰ বহি ৰ’ল কাণ-নাক চব বন্ধ কৰি। কেনেবাকৈ ক্লাছটো শেষ হ’লেই… হোষ্টেললৈ গৈহে উশাহ ল’ম বুলি!

সম্পূৰ্ণ ৪০ মিনিট ৪৭ ছেকেণ্ড পাছত অধ্যাপক ক্লাছৰপৰা ওলাই গ’ল। চব মুখ যিমান পাৰে চেপি লৈ ত্ৰিলোক কুমাৰ কোবাকুবিকৈ ওলাই আহিল–কোনোমতে হোষ্টেল পালে ৰক্ষা!

কিন্তু ভগৱান আছে নহয়! টাইমিং আৰু কাক কয়! ক্লাছৰপৰা সাতত্ৰিছটা খোজ দিয়াৰ পাছতেই দেখে জলেবী বাই সিফালৰপৰা আহি আছে। মুখামুখি হ’ল। তাৰফালে চাই মিলিক্‌কৈ হাঁহি এটা মাৰি জলেবী বায়ে কিবা এটা ক’ব খুজিছিল। কিন্তু ত্ৰিলোকৰ পেটৰ ভিতৰত হাঁহটোৰ আত্মাই আৰ্তস্বৰে পেকপেকাবলৈ আৰম্ভ কৰিছে। সেয়ে সি অলপো নৰৈ কোনোমতে ক’লে, ‘মোৰ এতিয়া একদম সময় নাই।’ আৰু হোষ্টেল পালেগৈ।

মুখখন প্ৰায় লুটিওৱা কেৰাহি এটাৰ মান কৰি, চকু কেইটা টেলেকাই জলেবী বায়ে ইংলিছতে কিবা এটা গালি পাৰিলে।

 

প্ৰেমত উলটিছে ভূ-মণ্ডল -৪

ত্ৰিলোক কুমাৰে যে এখুজি-দুখুজিকৈ হ’লেও বাৰে বাৰে বেছি সফল হৈ আহিছিল, সেইটো কিজানি ৰাইজে বুজিছেই। এইখিনি তাৰ পছৰ কাহিনী। এইবাৰ দ্বিতীয় ঘূৰণীয়া মেজ-মেলো ঠিকে-ঠাকে হ’ল। হাঁহ খোৱাটো ত্ৰিলোকে বন্ধই কৰি দিলে। এইবাৰৰ জনী আকৌ বৰ সাংঘাতিক ৰোমাণ্টিক। কবিতা-চবিতাও লিখে বোলে (কথাটো ত্ৰিলোকে আগতে জনা নাছিল!) হিয়া-দিয়া-নিয়া’ৰ আবেদন পত্ৰ ‘আণ্ডাৰ প্ৰচেছিং’ কালত থকা সময়ৰ কথা। ত্ৰিলোক বাছেৰে ছোৱালীজনীক ঘৰৰ আগৰ ষ্টপেজটোত নমাই দি আহেগৈ। ইফালে ভৰ-বাৰিষাৰ বতৰ। সেইদিনা বাছ-ষ্টেণ্ডৰপৰা নমাৰ পিছতেই আহিল দোপাল-পিটা বৰষুণ। কবিৰাণীৰ লগত ছাতি আছিল। ত্ৰিলোকৰ নাছিল। কবিৰাণীয়ে লগে লগেই প্ৰস্তাৱ দিলে বৰষুণত তিতি তিতি ঘৰলৈ যাব। ত্ৰিলোকৰ যাবৰ মন নাই। ছাতিও নাই, তিতিব লাগিব। সিফালে কবিতাই বাৰুকৈয়ে উক দিলে, ‘ব’লাচোন ব’লা। বৰষুণত তিতিবলে ইমান ভাল লাগে।’ ত্ৰিলোক নাযায়। শেষত কবিতাই মোটা-মুটি টানি নিবলৈ ওলাল। ত্ৰিলোকৰ টিঙিচ্‌কৈ খং উঠি গৈছিলেই–কোনোমতে কণ্ট্ৰ’ল কৰি ক’লে–‘নাযাওঁ দিয়া। ভিজ্‌লি চৰ্দি লাগবো!’

ইয়াৰ পাছতো কিন্তু ত্ৰিলোকৰ প্ৰেম চলি আছিল। আপোনালোকে বিশ্বাস নকৰিলেও। কিন্তু সিফালে ঘণ্টাই ঘণ্টাই কবিতা ওলোৱা হ’ল। তাতোকৈ ডাঙৰ কথা–উত্তৰো দিব লাগে কবিতাৰে। প্ৰথমে লগৰ আধা-কবি কেইজনৰমানৰ সহযোগত কবিতাৰ কাৰবাৰো মোটা-মুটি ঠিকেই চলাই ৰাখিছিল। কিন্তু দিন বাগৰাৰ লগে লগে সহযোগীসকল বেপাৰী হ’ল। প্ৰতিটো কবিতাৰ নামতে চিগাৰেট, মদ খুৱাব লগীয়া হ’ল। মুঠতে প্ৰেম চলাই ৰখাটো টান হৈ পৰিল। এনেতে এদিন যাওক শংকৰদেৱ উদ্যানলৈ। দুয়ো কাষে-কাষে বহিছে। কবিৰাণীয়ে ভুণভুণাই কবিতা গাইছে। এনেতে তাই ক’লে, ‘ভাবাচোন, এই ব্ৰহ্মপুত্ৰখন। ধীৰ-স্থিৰ গতিৰে সাগৰক লগ ধৰিবলৈ চিৰন্তন বৈ আছে। কল্পনা কৰাচোন, এটা জোনাক নিশা…ব্ৰহ্মপুত্ৰৰ মাজত এখন ধুনীয়া নাও…নাৱৰীয়াই ভটিয়ালী ৰাগ টানিছে। চপক চপক-কৈ বঠাৰ মৌ-মিঠা শব্দই চাৰিওফালৰ নিস্তব্ধতাক মাজে মাজে বিদীৰ্ণ কৰিছে। ইফালে আকাশত পূৰ্ণিমাৰ ভৰা জোন। মুঠিয়ে মুঠিয়ে জোনাক ছটিয়াইছে। সেই জোনাক পানীৰ ঢৌত মিহলি হৈ গৈছে। এনে হেন এটা কবিতা কবিতা হেন ৰাতি নাওখনত তুমি অকলে। কিবা এটা যেন নাই.. কি নাই বাৰু?’

ত্ৰিলোকে ভাবিলে ‘কি নাই?’ এবাৰ ভাবিলে লাইফ-বোট নাই কিজানি। আকৌ প্ৰশ্ন আহিল–‘ভাবাচোন মই ইয়াত অকলে বহি আছোঁ। আৰু তুমি নদীৰ বুকুত সেই নাওখনত অকলে। কি বিচাৰিবা বাৰু?’
ত্ৰিলোকে বহুত সময় ভাবিলে। কবিৰাণীয়ে পাক-লগা ক্লু এটাও দিলে, ‘মনত পেলোৱাচোন, এনেকুৱা কিবা এটা..যাৰ অবিহনে তুমি তুমি নহয়, মই মই নহয়!!!’

ত্ৰিলোকে কি ক’ব ভাবি উলিয়ালে। কিন্তু কোৱাৰ আগতে এটা সতৰ্কবাণীও দি থ’লে। তুমি কি বিচাৰিবা, মই নাজানো। কিন্তু আৰু কি থাকিলে এই নৌকা-বিহাৰ (এই শব্দটো তিনি নম্বৰ কবিতাটোত ব্যৱহাৰ হৈছিল কাৰণে তাৰ মনত আছে) স্বৰ্গীয় কৰি তুলিবলৈ মই এটাই বস্তু বিচাৰিম।’

‘কি বাৰু?’ মাতটো লেনিয়াই, ত্ৰিলোক বাউসীত ধৰি কবিৰাণীয়ে আথে-বেথে সুধিলে।

‘ঠিক গেৰোৱাও ওপৰতে এটুকুৰা পুৰণা খৰ…’

কবিৰাণীয়ে ভুল শুনা বুলি ভাবিলে, ‘কি ক’লা?’

‘ভৰিৰ গেৰোৱাৰ ঠিক ওপৰতে এটুকুৰা পুৰণা খৰ, মানে ৰিং ৱৰ্ম; আৰু হাতত এসপ্তাহমানৰ নকটা নখ।’

(এইখিনি চেন্সৰ কৰি দিলো। জানিবৰ মন থাকিলে সেইদিনা শংকৰদেৱ উদ্যানত বহি থকা বাকী মানুহক সুধি ল’ব।)

প্ৰেমত উলটিছে ভূ-মণ্ডল -৫

আগৰ কাহিনীকেইটা শুনি শ্ৰীমতী ত্ৰিলোক কুমাৰে মিচিকিয়াই হাঁহি আছিল। কিন্তু শেষৰ এই পুৰণা খৰ-ৰ কাহিনীটো শুনি ৰ’ব নোৱাৰিলে। হো-হোৱাই হাঁহিবলৈ আৰম্ভ কৰি দিলে। বহুদিনৰ মূৰত লগ পাইছিলো ত্ৰিলোক কুমাৰক। সিয়েই মাতি নিছিল মোক সিহঁতৰ ঘৰলৈ। বিয়া-বাৰু পাতিলে। ল’ৰা-পোৱালী এটাও হ’ল। সি থুপুক-থাপাক খোজ দিব পৰা হৈছে। বৰ মৰম লগা। ত্ৰিলোকৰ লগত বহুদিনৰ মূৰত পুৰণি দিনৰ কথাবিলাক জমি উঠিছিল। পাছৰ ফালে ত্ৰিলোক কুমাৰৰ পত্নীও আহি যোগ দিছিল। আহি থাকোঁতেই সি কৈছিল। নিজৰ অফিছতে কাম কৰা ছোৱালীজনীক লাহে লাহে ভাল লাগিবলৈ ধৰিছিল। কাম-কাজো দুজনে লগে-ভাগেই কৰিব লাগে। তেনেকৈয়ে মনৰ বুজা-বুজি হ’ল। এদিন দুয়ো বিয়াও পাতি পেলালে। প্ৰথমতে লাজ-লাজকৈ আগবাঢ়িছিল যদিও ক’ব নোৱাৰাকৈয়ে এদিন দুটা মানুহ অভিন্ন প্ৰাণ হৈ পৰিল। এজনৰ টোপনি নাহিলে আনজনৰো টোপনি নহা হ’ল।

সন্ধিয়া হৈ আহিছিল। মই আহিবলৈ ওলালোঁ। ত্ৰিলোক, ঘৈণীয়েক আনকি ল’ৰাটোও ওলাই আহিল পদূলিমুখলৈ মোক বিদায় জনাবলৈ। কিছুদূৰ আহি এনেয়ে এবাৰ ঘুৰি চালো সিহঁতক। ল’ৰাটো মাকৰ বোকোচাত উঠিছে তাক কিজানি ঘৰৰ সন্মুখৰ বগৰীডালৰ বগৰী পাৰি দিব লাগে। কিন্তু সি ঢুকি পোৱা নাই। ত্ৰিলোকে বেঙা মেলি বগৰীৰ ডাল এটা টানি ল’ৰাটোৱে ঢুকি পোৱাকৈ ধৰি থাকিল। বগৰী ছিঙিবলৈ পাই সি খিলখিলাই হাঁহি উঠিল। মই আগবাঢ়িলোঁ। এনেয়ে আজিৰ দিনটো মনলৈ আহিল। ১৪ ফেব্ৰুৱাৰী। ভেলেণ্টাইনছ ডে। প্ৰেম কৰিবলৈ দিন লাগিব পাৰে, কিন্তু জীৱনৰ প্ৰেমৰ পথাৰত খোজ দি আগুৱাই গৈ থাকিবলৈ কিবা বিশেষ দিন লাগে জানো? দুজন মানুহৰ মাজৰ ভালপোৱা, বিশ্বাস আৰু সন্মানৰ সম্পৰ্কটো এটা বিশেষ দিনত গঢ়িব পাৰি জানো? নোৱাৰি, আমি নজনাকৈ প্ৰেমে আমাক হাতত ধৰি আগুৱাই লৈ যায়, এখন সুন্দৰ পৃথিৱীৰ সন্ধানত। সেই পৃথিৱীখনৰ দোকানত কিনিবলৈ ভেলেণ্টাইনছ ডে-ৰ কাৰ্ড থাকিব নে বাৰু?

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!