মই প্ৰেম বুটলি ফুৰোঁ : অভিজ্ঞান ফুলকোঁৱৰ

এটা দ গাত আছে ইয়াত
মোক ফেনেকি ফেনেকি
য’ত পুতি থৈছোঁ
এটা মুকলি বাটৰ ফালে
ৰ লাগি চাই থকা এহাল অকলশৰীয়া চকুৰ লুণীয়াত
সিঁচি থৈছোঁ মোৰ নাম,
মোৰ এই দ গাত খান্দিবলৈ
যাৰ বুকুত নিজে নিজে গজি উঠিব এদিন
ভালপোৱাৰ ইউকেলিপ্টাছ।***
****মোৰ যান্ত্ৰণা বিলাসৰ
অপৰাধী বিষাদত এদিন মৰি আছিল
কাৰোবাৰ আশাৰ এশজনী কপৌ
আজি ঝৰ-ঝৰকৈ সৰি পৰা নিয়ৰৰ পথাৰত
ফুলি উঠিছে প্ৰত্যাশাৰ হাজাৰ হাজাৰ জোনাকী পৰুৱা।****
****কোনে জানো
কোন কেতিয়া ক’ত মৰাশ হ’ম
আজিয়েই যদি সামৰি নলওঁ বাটৰ মুকুতা
হাঁহি আৰু হৃদয়ৰ পোন ৰাষ্টা
কালিলৈ কোনে থ’ব সজাই কপাহৰ মোলায়ম দলিচা!!!****

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!